December 5, 2021

বীক্ষণ …বতাহ সলনিৰ কথকতা


বীক্ষণবতাহ সলনিৰ কথকতা
লেখকঃ প্রাঞ্জল দলৈ
প্রথম প্রকাশঃ নৱেম্বৰ, ২০১৭
পাঞ্চজন্য প্রিণ্টিং এণ্ড পাব্লিচিং

 

প্রাঞ্জল দলৈৰ ১৬ টা গল্পৰ এখনি সংকলন “বীক্ষণ …বতাহ সলনিৰ কথকতা” । অন্য গল্প সংকলনবোৰৰপৰা এইখন অলপ পৃথক যেন লাগিল । প্রতিটো গল্পৰ আৰম্ভণিতে একোখন “দুৱাৰমুখ” আছে (দুটাত নাই, ‘আমি বান্দৰেই আছিলো’ টো লেখকে গল্প নহয় বুলি উল্লেখ কৰিছে)। সেই হিচাপে ১৬ টা গল্পৰ ১৪ খন দুৱাৰমুখ, যাক লেখকে “অধ্যায়” বুলি কৈছে । গল্পবোৰৰ ভিতৰত প্রৱেশ কৰিবলৈ পাঠকে এই দুৱাৰেদি যাব লাগিল । নগ’লেও গল্পৰ ভিতৰখনলৈ যাব পাৰি । কিন্তু দুৱাৰেদি গল্পৰ ভিতৰলৈ গ’লে বুজিব পাৰি যে গল্পটোৰ ভিতৰখন কিয় এনেকুৱাকৈ তৈয়াৰ কৰা হ’ল । লেখকৰ প্রথম গল্প “বীক্ষণ”ৰ দুৱাৰমুখত লিখাৰ দৰে- “গল্পক তুলনা কৰা হয় এক বন্ধ অন্ধকাৰ ঘৰৰ লগত । দুৱাৰ খোলাৰ লগে লগে এই ঘৰ আলোকিত হ’বলৈ আৰম্ভ কৰে । আস্তে আস্তে উন্মোচিত হয় ইয়াৰ ভিতৰৰ সকলো দৃশ্যপট, চৰিত্র আৰু ৰহস্যৰ ।”

লেখকে কিতাপখন উছর্গা কৰিছে এইবুলি- “অন্যায় দেখি প্রতিবাদ কৰাসকলৰ বাবে, প্রেমত পৰি দুখক সুখ বুলি ভবাসকলৰ বাবে, ভুল ৰাজনীতিৰ চিকাৰ হোৱাসকলৰ বাবে, জীৱন যুদ্ধই দিয়া কান্দোনক হাঁহি বুলি ভবাসকলৰ বাবে… আৰু তোমালৈ, আপোনালৈ… (সি মোৰ অনুপ্রেৰণা)।”

বহুদিনৰ আগতে কোনোবা বাতৰিকাকতৰ বসন্ত সম্ভাৰত এই গল্পকাৰৰ গল্প এটা পঢ়িছিলোঁ । গল্পটো কি আছিল, কেনেকুৱা আছিল অলপমানো মনত নাই । কিন্তু সেই গল্পটো পঢ়ি ভাল পাইছিলোঁ, তেখেতৰ আৰু গল্প পঢ়িবলৈ মন গৈছিল । পিছে ইমানদিনে সেয়া যোগাৰ কৰিব পৰা নাছিলো । সিদিনা গ্রন্থমেলাত ‘বর্ণ’ বিপনীত সোমাই এই কিতাপখনত চকু পৰাত ক্রয় কৰা হ’ল ।

আগকথাত লেখকে কৈছে- “মই নিজকে লিখক বুলি নাভাবো । মই কিন্তু লেখা-মেলা কৰো—অর্থহীনতাৰ মাজত অর্থৰ সন্ধান কৰিবলৈ । এই কিতাপখন কিবাকিবি ভুলত সৃষ্টি হ’ল । এই ভুল আদর্শৰ, ৰাজনীতিৰ, প্রেমৰ, সমাজৰ, দর্শনৰ । এই ভুল চিন্তাৰ, কাজিয়াৰ । হয়, এই ভুল প্রতিবাদৰ ।”

এই ভুলৰ হাতত ধৰিয়েই কওঁ যে কিতাপখনত অসংখ্য বানান ভুল আছে যাৰ মাজত ভুল নিজেও ‘ভূল’ হৈ আছে বহু ঠাইত । নহ’বলগীয়া ভুলবোৰ হ’লে অর্থ বুজোঁতেও ভুল হোৱাৰ অৱকাশ থাকে । প্রকাশকে এই কথাটো মন কৰিবলগীয়া বুলি ভাবোঁ । দুই-এটা ভুল ছপাশালৰ ভূতৰ বাবে হোৱা বুলি মানিব পাৰি কিন্তু ভুলৰ সংখ্যা বেছি হ’লে সেই যুক্তি মানি ল’ব পৰা নাযায় । ১৪৪ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ১৫০ টকা । প্রকাশক, বিতৰক, লেখক যিয়েই নহওক ক’ৰবাত যিহেতু টকাৰ অংক এটা থাকেই, থাকিবই লাগিব; তেন্তে আমাৰ দৰে পাঠকৰ টকাকেইটাৰ মূল্যটোৰ কথাও ভবাটো দৰকাৰী নহয়নে ? এনে অসংখ্য ভুল বানানৰ কিতাপ এখন কিনি আনি তাৰ আচল সোৱাদটো লোৱাৰপৰা কিঞ্চিৎ হ’লেও বঞ্চিত হোৱা যায় । ইমানদিনৰ পিছত বিচাৰি থকা কিতাপ এখন পোৱাৰ আনন্দখিনি ম্লান হৈ পৰিল কিছু । পুনৰবাৰ একে প্রকাশকৰ কিতাপ মোৰ দৰে পাঠকে কিয় কিনিব ? 

যি হওক, কিতাপখনৰ প্রথম গল্পটো হ’ল “বীক্ষণ” য’ত লেখকে গল্পৰ নায়ক ‘বিভৱ’ৰ জৰিয়তে এক সত্যৰ উত্তৰ বিচাৰিছে যে মানুহে অন্ধবিশ্বাসক কিয় আঁকোৱালি লয়, বৈজ্ঞানিক মানসিকতা থাকিও কোন শ্রেণীৰ মানুহে বাধ্য হৈ অন্ধবিশ্বাসৰ ওপৰতে ভৰসা কৰিব লগা হয় ? এফালে বিভৱে নিজৰে গাঁৱত ‘অন্ধবিশ্বাস বিৰোধী’ দিৱসত বৈজ্ঞানিক মানসিকতাৰ বিষয়ে ভাষণ দিবলৈ কথা বিচাৰি ফুৰিছে আৰু আনফালে আর্থিক দৈন্যতাৰ বাবে মাকে নিজৰ অসুখৰ অপাৰেচনৰ বাবে যাবলৈ ওলাইছে কোনো বেজৰ ওচৰলৈ ! এইখিনিতে বিভৱৰ বৈজ্ঞানিক মানসিকতাই হাৰ মানিছে নেকি ? কাৰণ চিকিৎসা বিজ্ঞানৰ বিপুল অগ্রগতিৰ পাছতো তাৰ উপকাৰ লাভ কৰিব পৰাকৈ বিভৱৰ দৰে মানুহ বিশেষ শ্রেণীৰ নহয় । বিভৱৰ সমুখত তেন্তে অন্ধবিশ্বাসক আঁকোৱালি লোৱাৰ বাদে অন্য উপায় কিয় নাই ?

দ্বিতীয়টো গল্প ‘মৌলবাদ’ৰ দুৱাৰমুখত লিখা ছার্বাক দর্শনক মোৰো মানিবলৈ মন যায় । গল্পৰ ভিতৰত থকা কথাবোৰো- “যিবোৰ দেশত ধর্ম এক, তাত সৃষ্টি হয় মৌলবাদ আৰু ভাৰতৰ নিচিনা বিভিন্ন ধর্ম থকা দেশত হৈ থাকে সাম্প্রদায়িকতা ।” …আৰু সেয়ে চাগৈ আমাৰ ওচৰত এতিয়া মৌলবাদৰ সমদল ।

অতনু ভট্টাচার্যৰ ‘অপ্রাপ্তি’ কবিতাটো পঢ়ি তৃতীয়টো গল্প ‘অপ্রাপ্তি’ লিখিবলৈ প্রয়াস কৰা বুলি লেখকে কৈছে । গল্পৰ নায়িকাই কোৱা এষাৰ কথা- “কেতিয়াবা জীৱনৰ কিছুমান আবেগময় মুহূর্তক নীৰৱতাৰে বেষ্টিত আৰু আবৃত্ত কৰি ৰখাটো ভাল । তেতিয়া প্রকৃত কথাটো কোনোদিন জনা নাযায় । কিছুমান কথা নজনাকৈ থাকিও ভাল লাগে ।” কিয় কৈছিল তাই ? অলপমান কৈ দিওঁ বাৰু ! গল্পৰ নায়ক-নায়িকা দুয়োৰে দুয়োৰ প্রতি ভালপোৱা আছে, সেয়া দুয়োৰে জ্ঞাত কিন্তু প্রকাশ কৰা হোৱা নাই এজনৰো । তাই কাকো দুখো দিব নিবিচাৰে । সৰুতে দেউতাকক হেৰুৱাই, ভায়েক-ভনীয়েক-বেমাৰী মাকৰ দায়িত্ব লৈ জীৱনৰ বহু বস্তু তাই ত্যাগ কৰিবলৈ শিকিছে, দিল্লীত গৈ পি. এইচ. ডি. কৰাৰ সপোনকো ত্যাগিছে । আৰু এনেকুৱা সময়ত কাৰোবাক কথা দি কথা ৰাখিব নোৱাৰিলে তাই নিজক ক্ষমা কৰিব নোৱাৰিব কাৰণ নায়কৰ পূর্ব প্রেমিকাৰ দৰে তাই স্বার্থপৰ হ’ব নোৱাৰে । সেয়ে তাই নায়কক আজীৱন তাইৰ বন্ধু হৈ থাকিব বুলি কৈছে । ভালপোৱাৰ প্রস্তাৱো কোনোজনে দিয়া নাই, তাক অস্বীকাৰো কোনোজনে কৰা নাই ! নায়কে কৈছে- “প্রাপ্তিয়েই জীৱনৰ শেষ কথা নহয় ।” শেষত লেখকৰ ভাষাৰে “দুয়ো মানুহৰ যাত্রাত চামিল হ’ল । এয়াই অপ্রাপ্তি—যাৰ এয়া নাই, তেওঁৰ বাবে সুখো এক প্রকাৰৰ দুখ !”

কেৱল প্রেম-ভালপোৱা বুলিয়েই নহয়, জীৱনত বহু কিছু সম্পর্ক থাকে । কেতিয়াবা তেনে কোনো আপোনজনৰপৰা হয়তো আঁতৰি থাকিব লগা হয়, অথচ তাৰ কাৰণবোৰকো প্রকাশ্যে ক’ব পৰা নাযায় । অর্থাৎ প্রকৃত কথাটো কোনোদিন জনাব পৰা নাযায় । সেয়া গল্পৰ নায়িকাই কোৱাৰ দৰে সদায়েই যে ভাল লগা হ’ব তেনে নহয় । কেতিয়াবা সেয়া ভীষণ কষ্টকৰ ! আজীৱন দুখ নিদিবলৈকে কেতিয়াবা সামান্য দুখ দিব লগা হয় জানি-বুজি । যাৰ এই দুখ নাই তেওঁ হয়তো সুখীকাৰোবাৰ সুখৰ বাবে যি এই দুখ ল’ব লগা হৈছে কিজানি সেই দুখো এক ৰকমৰ সুখেই ! নাজানো !

আন এটা গল্প “প্লাৱিত স্বপ্ন, প্লাৱিত বিশ্বাস”ৰ দুৱাৰমুখত লেখা আছে বিশ্বাস কি ? বিশ্বাস কাক কৰিব লাগে ? কাৰোবাক বা কিহবাক বিশ্বাস নকৰিলে জীৱনত সফল হ’ব নোৱাৰাৰ সময়ত আজিৰ যুৱ প্রজন্মই কাক বিশ্বাস কৰিব ? কাৰণ বেছিভাগ মানুহেই স্বার্থপৰ আৰু প্রায়বোৰ কথাৰ মাজত থাকে চৰম চালাকি । দুৱাৰমুখত কাবেৰীৰ কথা- “ভৱিষ্যতৰ বহু সময়লৈকে বিশ্বাসযোগ্য হৈ থকাটো সহজ কথা নহয় । খুব কম সংখ্যক মানুহৰ প্রতি বিশ্বাস ওপজে, কিন্তু এবাৰ বিশ্বাস ভাঙিলে সেই বিশ্বাস কেতিয়াও পূর্বৰ দৰে ঠন ধৰি নুঠে; যেনেদৰে আধা ভঙা ঘৰ এটাক পুনঃ মেৰামতি কৰিলেও দাগ থাকি যায় । সেই কাৰণে গঢ়ি উঠা বিশ্বাস ভঙাটো ভুল আৰু কাৰোবাৰ আগত বিশ্বাসযোগ্যতাৰ অভিনয় কৰি থকাটো সাংঘাটিক অপৰাধ । আচলতে বিশ্বাসযোগ্য হৈ থাকিব পৰাটোহে মূল কথা হোৱা উচিত ।” 

আনহাতে, আটলাণ্টাই কয়- “তোমাৰ এই কথাখিনি তেতিয়ালৈকে শুদ্ধ, যেতিয়ালৈকে ইয়াত স্বার্থপৰতা আৰু অহংকাৰ ভাৱ নাথাকে । অৱশ্যে লাহে লাহে এনে এটি চৰম মুহূর্ত আহে (কিতাপত ‘আহে’ৰ ঠাইত ‘আনে’ লেখা আছে । কোনটো শুদ্ধ সেয়া ভাবি থাকিলো ! এনেকৈ বহু ঠাইত ভাবি থাকিবলগীয়া হৈছে !) যেতিয়া চেনেহৰ আকর্ষণ অতি তীব্র হৈ উঠে আৰু তেতিয়া চৰম আত্মত্যাগ অত্যন্ত স্বাভাৱিক হৈ পৰে । কিন্তু সেই ত্যাগ যদি স্বাভাৱিক নহয়, তেনেহ’লে সেয়া নকৰাই উচিত আৰু তেনে ত্যাগ কৰিলেও তেওঁক দোষে নুচুৱে ।” পাঠকক গল্পৰ ভিতৰলৈ লৈ যোৱাৰ আগতে লেখকে বিজ্ঞজনলৈ প্রশ্ন এটা এৰিছে যে “যুৱপ্রজন্মই বহু অগ্রজক সন্মান নকৰাৰ কাৰণটো হ’ল তেওঁলোক অবিশ্বাসী আৰু অবিশ্বাসী মানুহক আদর্শ হিচাপে ল’ব নোৱাৰি । তেন্তে যুৱপ্রজন্মই ‘বিশ্বাস’ হেৰুৱাইছে নেকি ?” সেয়া ময়ো নাজানো । কিন্তু চেনেহৰ আকর্ষণ তীব্র হ’লে কেতিয়াবা আত্মত্যাগ কৰিব লগা সময় যে আহে সেয়া বুজি পাওঁ, আধা ভঙা ঘৰ এটা মেৰামতি কৰিলেও যে তাৰ দাগ ৰৈ যায় সেয়া বুজি পাওঁ !

এইখন দুৱাৰমুখেদি যাবলগা গল্পটোৱেই কিতাপখনৰ আটাইতকৈ দীঘল গল্পটো । গল্পৰ নায়িকা হর্ষিতা । তাইৰ প্রথম প্রেম, যি একপক্ষীয়া আছিল এদিন হঠাতে তাৰ সমাপ্তি ঘটিল । সেই মানসিক-আৱেগিক সম্পর্কৰ সমাপ্তিৰ পিছত তাই নতুনকৈ আন এজনৰ প্রেম নিবেদন গ্রহণ কৰিছে অথচ জীৱনৰ কিবা এক গোপন ভেকুৱামৰ বাবেই তাই কোনোদিন লগ নোপোৱা এজন লেখকৰ সৈতে কৰে কাল্পনিক প্রেম, যিটো কথা তাইৰ প্রেমিকে সুধিলত তাই অস্বীকাৰ কৰিছে । সেই লেখকজনৰে প্রৱন্ধ এটা পঢ়ি তাই হয়তো বুজিছে যে তেখেতে কিজানি তাইৰ এগৰাকী বান্ধৱীক ভালপায় যাৰ সন্তান ধাৰণ কৰাৰ ক্ষমতা নাই ! কোনো সময়ত হর্ষিতাই উপলব্ধি কৰিছে যে তাইৰ বাবে বর্তমানৰ প্রেমিকজন যেন যোগ্য নহয় অথচ তাই তাক প্রতাৰণা কৰাৰ কথাও ভাবিব নোৱাৰে । কিন্তু সেই হর্ষিতাই প্রতাৰিত হৈছে, অপমানিত হৈছে । ...সপোনত তাইক আকাশখনে কৈছে- “সুখতো তোমাৰ বাবে যি, দুখতো একে । দৈন্যত যেনেকুৱা, প্রাচুর্যতো তেনেকুৱাই । মোৰ মাজলৈ সোমাই আহা ।” সাৰ পাই তাই আকাশলৈ চাইছে, তৰাভৰা আকাশে তাইক সাহস দিছে; হর্ষিতাই থিৰাং কৰিছে তাই হ’ব অসততা, ভণ্ডামি, ঠগ-প্রৱঞ্চকৰ বিৰুদ্ধে এটি প্রতিবাদী সত্তা; নিজৰ গাঁও সৎপুৰক কাৰোৰে গোলাম হ’ব নিদিয়ে, পোহৰ তাইৰ কাঁইটীয়া গাত পৰি প্রতিফলিত হ’ব লাগিব অন্ধকাৰ গুহালৈ ।

আন এটা গল্প “সৎপুৰ, নহয় দূৰ...” পঢ়ি জানিব পাৰিলোঁ যে সংস্কৃতি শব্দটো অসমীয়া ভাষাত কুৰি শতিকাৰ আগভাগলৈকে ব্যৱহাৰ হৈছিল নে নাই সন্দেহ আছে । ইংৰাজী ‘culture’ৰ সমার্থক শব্দ হ’ল ‘কৃষ্টি’ । এই শব্দৰ প্রয়োগ বিষ্ণুৰাভাই সঘনে কৰিছিল আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে লিখা কিতাপখনৰো নাম থৈছিল “অসমীয়া কৃষ্টিৰ চমু আভাস” । ‘culture’ৰ প্রতিশব্দ সংস্কৃতি শব্দটো পোনতে ব্যৱহাৰ হৈছিল গুজৰাটী ভাষাত, ৰবীন্দ্রনাথ ঠাকুৰে বাংলা ভাষাত ইয়াক জনপ্রিয় কৰে আৰু বাংলাৰপৰা ই অসমীয়া ভাষাত সোমাল । সংস্কৃতি শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল- যি পৰিশোধন কৰে, সংস্কাৰ কৰে ।

গল্পটোৰ নায়িকা ঋতবীণাৰ অনুসৰি গোলকীকৰণৰ ভয়াবহতাই দেশীয়, অঞ্চলগত আৰু গোষ্ঠীগত বৈশিষ্ট্যৰ অৱসান ঘটায় বিশ্বৰপৰা বৈচিত্র্যৰ বিলুপ্তি সাধন হে কৰে । সেই ভয়াবহতাৰ কথা বুজাবলৈ তাই এটা কুমাৰণী পোকৰ উদাহৰণ দিছে- এই ক্ষুদ্র প্রাণীটোৱে পৰুৱা জাতীয় প্রাণীক চিকাৰ কৰি আনি তাৰ দেহত এক বিশেষ বিষক্রিয়া কৰাই তাক অর্ধমৃত অৱস্থাত ৰাখে । মাইকী কুমাৰণীজনীয়ে সেই প্রাণীৰ দেহত কণী পাৰে আৰু তাৰ দেহৰ ভিতৰতে সেই কণীৰপৰা পলুৰ জন্ম হয় । সেই পলুবিলাকে শেষলৈকে পৰুৱাটোক জীয়াই ৰাখি তাক এফালৰপৰা খায় আহে আৰু একেবাৰে শেষত হৃৎপিণ্ড আৰু মগজুটো খায় । ঋতবীণাৰ দুখ যে তাইৰ সৎপুৰ গাঁওখনকো গোলকীকৰণে সেই পোকটোৰ দৰেই খাই আহিছে; যৌথ পৰিয়ালবোৰ ভাঙি যোৱাত মানুহবোৰ আত্মকেন্দ্রিক হ’ল, বস্তুবাদী চেতনা গাঢ় হৈছে, বিদেশী পণ্য সংস্কৃতিয়ে জৰাজীর্ণ কৰিছে লোক-সংস্কৃতিও, পুজিবাদী বজাৰে থলুৱা জাতি-জনজাতিৰ সংস্কৃতিৰ বিকাশ ৰুদ্ধ কৰিছে । তাইৰ আক্ষেপক সহাৰি জনাই বন্ধু সহিষ্ণুৱে কৈছে যে পুজিবাদী দেশৰ সংস্কৃতিয়ে আমাৰ জাতীয় সংস্কৃতিক ধ্বংস নকৰিবলৈ হ’লে আমি বিশ্ব-সংস্কৃতিৰ থলুৱাকৰণ কৰিব লাগিব, আৰু ইয়াৰ শ্রেষ্ঠ নির্দেশক হ’ল শ্রীমন্ত শংকৰদেৱ । থলুৱাকৰণ কৰি বাহিৰা সংস্কৃতিৰ ভালখিনিক আঁকোৱালি লোৱাত কোনেও নিশ্চয় আপত্তি নকৰিব । ঋতবীণাৰ ঘৰত উপস্থিত হৈ গুৱাহাটীৰ বন্ধু সহিষ্ণুৱে যেতিয়া বিশ্বায়নে অনা ডাইনিং টেবুলৰ পৰিৱর্তে পীৰাত বহি ভাত খোৱাৰ কথা কৈছে, তেতিয়া তাই উচুপিছে ! কাৰণ কোনেও নবহা পীৰাকেইখন ভোগালী বিহুৰ ভোজ খাওঁতে ফালি খৰি কৰা হ’ল ! শেষত লেখকে মহাত্মা গান্ধীৰ এষাৰ কথা উল্লেখ কৰিছে- “মই মোৰ কোঠালিৰ খিৰিকীবোৰ খুলি থ’ম, কিন্তু বাহিৰৰ বতাহ আহি মোক মোৰ মাটিৰ খোপনিৰপৰা উৰুৱাই নিবলৈ নিদিওঁ ।” ...পিছে আজি আমি আমাৰ খোপনি ৰাখিব পাৰিছোনে ? ওহোঁ, খোপনি এতিয়া লৰক-ফৰক । কুমাৰণী পোকে হয়তো এতিয়া আমাৰ হৃৎপিণ্ড আৰু মগজুটো খাবলৈহে বাকী !

আন এটা গল্প ‘ভার্জিন উত্তাপ’ক গল্প বুলি ক’ব পাৰি নে নাই সেই কথাটো ভাবি আমি সামান্য পাঠক হিচাপে দোধোৰ মোধোৰত থাকিলোঁ ! বিভিন্ন সময়ত বহু বিজ্ঞজনে গল্পৰ সংজ্ঞা দিছে হয়তো । তেনে কোনো সংজ্ঞাৰ ভিতৰত এই গল্পটো সাঙুৰিব পৰা যাব নে নাই মই নাজানো । দুৱাৰমুখৰ কথাবোৰ পঢ়ি থাকোতে কেতিয়াবা প্রৱন্ধৰ দৰে লাগিছে বা সেয়াও অন্য এটা গল্পৰ দৰে লাগিছে নতুবা কোনো এটা গল্প প্রৱন্ধৰ দৰে লাগিছে । হয়তো লেখকৰ পৰীক্ষামূলক কচৰৎ হ’বও পাৰে, নাজানো । হয়তো সেয়ে লেখকে কিতাপৰ নাম দিছে- ...বতাহ সলনিৰ কথকতা, সেয়াও নাজানো । ‘মই নাজানো’ৰ হাতত ধৰি লেখকৰ আন এটা গল্পৰ দুৱাৰমুখ ‘লেবেজানৰ আত্মকথা’ত উল্লেখ কৰাৰ দৰে ভাবি চাওঁ- “মানুহে জনা প্রথমটো কথাই হ’ল— ‘মই নাজানো’ । মানুহৰ সকলো কর্ম আৰু কৃতিত্বৰ উৎস হ’ল ‘মই নাজানো’ । ‘মই নাজানো’ ভাৱনাৰপৰাই চিন্তাৰ আৰম্ভ হয় বা সমাপ্তি হয়, এই লক্ষ্যৰ সর্বশেষ হ’ল জ্ঞান বা অজ্ঞানতাৰ প্রাপ্তি বা বিচ্যুতি বা চূড়ান্ত অভিজ্ঞতা ।” ...ময়ো চিন্তা কৰি চাইছো নিজৰ অজ্ঞানতাৰ ।

‘আমি, সিহঁত আৰু তাই’ত উল্লেখিত নেপোলিয়নৰ উক্তিও তো মিছা নহয়- “ধর্মই ধনী শ্রেণীৰ ৰক্ষা কৱচ, ধর্ম নাথাকিলে দুখীয়াই ধনীক কেতিয়াবাই হত্যা কৰিলেহেঁতেন ।” গল্পৰ ‘তাই’ৰ মুখখন বেকা, দেখিবলৈ কুৎসিত । কিন্তু তাইৰ যিখন আইনা আছে, তাত তাইক সুন্দৰী ৰমণী হেন দেখা যায় । কিয় ? তাই নো কোন ? আইনাখনেই বা কি ?

আটাইকেইটা গল্পৰ ভিতৰত ‘অস্তিত্ব’, ‘উৰণীয়া যান’, ‘আমি বান্দৰেই আছিলো’, ‘চানডুবিৰ কথকতা’ৰ দৰে গল্পকেইটা মোৰ ভাল লাগিল । বিশেষভাৱে ভাল লাগিল শেষৰটো গল্প ‘প্রাইজ’ । গল্পটোৰ দুৱাৰমুখত ঠিকেই কৈছে লেখকে- কোনো দেশ বা কোনো সময়তে ‘প্রাইজ’ প্রকৃত লেখক আৰু শিল্পীৰ প্রেৰণা হোৱা নাই । সৃষ্টিৰ প্রেৰণা হ’ল কৌতূহল । টকাৰ বাবে লেখা-মেলা প্রায় অর্থহীন কথা । অসমৰ দৰে পটভূমিত লেখক-লেখিকাই প্রাপ্য নাপায় । গল্পটোত লেখকে কৈছে যে “এতিয়া প্রাইজ পোৱাটো হৈছে ডায়েটিঙৰ নিচিনা- য’ত আপুনি জয়ী হয় তেতিয়া, যেতিয়া হেৰুৱাই পেলায় ।” গতিকে গল্পৰ নায়কৰ কথা হ’ল “সময়ৰ মোহনাত ভাল কর্মৰে নতুন ৰূপত জাগি উঠাটো দৰকাৰ হৈ পৰিছে, নতুন সময়ত নতুন দৃষ্টিৰে নিজক বিশ্লেষণ কৰাৰ প্রয়োজন আহিছে । এনেকুৱা সন্ধিক্ষণত ভাল কিবা এটা কৰিবলৈ বলিয়া হ’ব লাগিব, আৰু আন্ধাৰ ফালি আগুৱাই যোৱাৰ তাড়নাৰে বলিয়া হোৱাজনে আন্ধাৰ বাটত লুকাই থকা সাপলৈ ভয় কৰিলে নচলিব ।”

আনকেইটা গল্প হ’ল- আমাৰ ছায়া নাই, সমীকৰণৰ প্রেম চৌহদ, এন্ধাৰত গলি যোৱা সপোন, আৰু স্বেচ্ছামৃত্যু । লেখকৰ গল্পবোৰত জটিলতা আছে, সেয়া স্বীকাৰ কৰো । ক’ৰবাত কিছুমান কথা বুজি পাবলৈ মোৰ দৰে পাঠক অপাৰগ । অৱশ্যে এটা কথা ঠিক যে লেখকে কথা পাতিছে প্রতিটো গল্পতে, সেয়া সম্পূর্ণকৈ নুবুজিলেও ভাল লগা, চিন্তা কৰিবলগীয়া ‘কথকতা’ । যুক্তিৰ কথকতাক উপলব্ধি কৰি ভাবিছিলো লেখক হয়তো দর্শনৰ মানুহ (যিহেতু লেখক পৰিচিতি নাই কিতাপখনত) । পিছে শেষৰটো গল্প ‘প্রাইজ’ৰ দুৱাৰমুখত উল্লেখ কৰা আছে যে “অসমত লেখা-মেলাৰ পৰা পোৱা মাননীৰে যদি জীৱন-নির্বাহ কৰিব পাৰিলেহেঁতেন, তেন্তে মই কৰি থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা, অসমৰ কার্যালয়ৰ চাকৰিটোৰপৰা কেতিয়াবাই পদত্যাগ কৰিলোহেঁতেন ।”

বুজি পাবলৈ বাকী থাকিল কিছু, অলপ কিছু বুজিলো; বুজি পোৱাখিনি সম্পূর্ণকৈ বুজিলো নে ভুলকৈ বুজিলো নাজানো । সেয়া ভাবি পুনৰ লেখকৰ কথাবোৰকে ভাবিছো- “সম্পূর্ণকে যদি বুজা নাই, তেন্তে ভুলকৈ বুজিছো নেকি ? আকৌ ভুলকৈ বুজি পোৱাটো কেনেকুৱা ধৰণৰ বুজি পোৱা ? সম্পূর্ণকৈ নুবুজিলে অলপ বুজাৰ অর্থই বা ক’ত ?”

সেয়া বুজিবলৈ কিতাপখন পঢ়ি চাব পাৰি নিশ্চয় ! পঢ়ি উঠি মোৰ দৰে ভবা-চিন্তা কৰি ভালপোৱা মানুহে একো কাম নাথাকিলে তাকে কৰিব পাৰে ।


No comments:

Post a Comment