October 29, 2021

চিন্তাৰ বেগ কিমান


চিন্তাৰ বেগ কিমান
লেখক: সুৰেন্দ্র নাথ মেধি
প্রথম প্রকাশ: ডিচেম্বৰ১৯৯৩
লয়ার্ছ বুকষ্টলপাণবজাৰগুৱাহাটী

 

চিন্তাৰ বেগ কিমান” বিজ্ঞান-বিষয়ক ১১ টা প্রৱন্ধৰ এখনি সংকলন । আটাইকেইটা প্রৱন্ধ ১৯৮০ চনৰপৰা ১৯৯৩ চনলৈকে ‘বিজ্ঞান জেউতিৰ দৰে আলোচনীত প্রকাশিত আৰু ‘আকাশবাণীত কথিকা হিচাপে প্রচাৰিত । লেখকআজিৰ আমাৰ প্রজন্মৰ বহুতৰ বাবে হয়তো অচিনাকী । ময়ো বিশেষ নাজানিছিলো । (সেয়া অৱশ্যেই গৌৰৱৰ কথা নহয় বাৰুনিশ্চয়কৈ লজ্জিত অনুভৱ কৰিছোঁ ।) মাত্র জানিছিলো যে স্বভাৱতেই তেওঁ প্রচাৰবিমুখএগৰাকী জনপ্রিয় গল্পকাৰযিগৰাকীৰ ছদ্ম নাম হ “সৌৰভ কুমাৰ চলিহা”  বহুদিনৰ আগতে কৰবাত কোনোবাৰ কিবা লেখাত পঢ়া যেন মনত পৰে তেওঁ ফটো উঠিবলৈ বেয়া পোৱাৰ কথা (নিজৰ চেহেৰা ভাল নহয় বুলি) । বহু পলমকৈ হলেও তেওঁৰ দুই-চাৰিটা লেখা পঢ়ি অনুভৱ কৰিছো যে তেখেত স্বভাৱতেই তোষামোদৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰাআনলৈ কেৰেপ নকৰা স্পষ্টবাদী মানুহ আছিল । ৱিকিপিডিয়াৰ দয়াত তেখেতৰ বিষয়ে যেনিবা কিছু জানিব পাৰিলোঁ । আগ্রহীসকলে সেয়া এই লিংকটোত গৈ পঢ়ি চাব পাৰে- 

https://as.m.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8C%E0%A7%B0%E0%A6%AD_%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0_%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%B9%E0%A6%BE  

 

যি হওকসংকলনখনিৰ প্রথমটো প্রৱন্ধ “পাতনিৰ পৰিৱর্তেত তেওঁ কেলকুলেটৰ আৰু কম্পিউটাৰৰ কথা উল্লেখ কৰি এজন পৰীক্ষার্থীয়ে সন্মুখীন হোৱা পৰিস্থিতিৰ উদাহৰণ দি কৈছে যে- “আধুনিক উদ্ভাৱনবোৰ প্রয়োজনীয়কিন্তু অপৰিহার্য্য হব নোৱাৰেহোৱা উচিত নহয়বিকল্পবোৰ সম্পূর্ণ বর্জন কৰা কেতিয়াও উচিত নহয়যাতে কিবা এটাৰ অলপ হেৰফেৰ বা কিবা এটাৰ অলপ অভাৱ ঘটিলেই আমাৰ জগতখন অলৰ-অচৰ হৈ নপৰে ।” তেখেতৰ এই একে প্রৱন্ধটি আচলতে ১৯৮৫ চনতে ‘বিজ্ঞান জেউতি “আমাৰ বিজ্ঞানঃ অন্ধঅনুকৰণ আৰু অপচয়” নামেৰে প্রকাশ হৈছিল ।

একে প্রৱন্ধতে তেওঁ উল্লেখ কৰিছে যে আমাৰ কেৱল প্রাকৃতিক পৰিৱেশ প্রদূষণেই সমস্যা নহয়সামাজিক প্রদুষণেও শিক্ষা আৰু গৱেষণাৰ জগতখনৰ ক্ষতি সাধন কৰিছে । যাৰ ফলস্বৰূপে আগতে এজন ৰমন বা সত্যেন বসুৱে নিজৰ মৌলিক ধাৰণাক অনুসৰণ কৰি কাম কৰি যাব পাৰিছিলএতিয়াৰ কোনো এজন খোৰানা বা চন্দ্রশেখৰে সেইদৰে কাম কৰিবলৈ ললে খিয়লা-খিয়লিবাধা-হেঙাৰৰ প্রকোপত সেয়া সম্ভৱ নহব । চৰকাৰে টকা ঢালিববিজ্ঞানেও কিবাকিবি কৰি থাকিব কিন্তু সেয়া মৌলিক নহৈমাত্র হব পশ্চিমীয়া প্রয়াসবোৰৰ পুনৰাবৃত্তি । যদিওবা কেতিয়াবা দুই-এক মৌলিক বা স্বাধীন চিন্তাৰ বীজ প্রকাশো পায়তেন্তে সেয়া বিৰল ব্যতিক্রম হব বুলি লেখকে কৈছেআৰু আমাৰ পশ্চিমক অনুসৰণ কৰা স্বভাৱৰ বাবেই কৌটি-কৌটি জনসংখ্যাৰ দেশ হয়ো আজিও কোনো পাঠ্য-পুথিতে ‘বৰুৱাৰ প্রক্রিয়া’ বা ‘মুখার্জী থিয়ৰেম্’ বা ‘মেননৰ সংশোধন’ বা ‘খান্নাৰ নিয়ম’ বুলি একো দেখা পোৱা নাযায় বুলিও কৈছে । লেখকে আমাৰ পশ্চিমীয়া বস্তুৰ অন্ধঅনুকৰণৰ কথা উল্লেখ কৰি কৈছে যে কিছুমান বস্তু ব্যৱসায়ীয়ে সৃষ্টি কৰা এটা কৃত্রিম চাহিদা যিবোৰ বিকল হোৱাৰ পিছত হৈ পৰে একোটা বিৰাট অপব্যয় কাৰণ আমি খোজ কাঢ়িবলৈ শিকাৰ আগতে অইনক দেখি দৌৰিবলৈ চেষ্টা কৰোঁ- বস্তুবোৰ আমি দেখাক দেখি ব্যৱহাৰ কৰো কিন্তু সেয়া বিকল হৈ পৰিলে তেনে যন্ত্রক চালু কৰিবলৈ নাজানো অথবা মেৰামতি কৰিবলৈ ধনো নাথাকেব্যৱস্থাও নাথাকে ।

এই লেখাৰ প্রায় ২৮ বছৰৰ পিছতোঅন্ততঃ নিজে দেখি থকা ৰাজনীতিশিক্ষাব্যৱস্থা বা বিজ্ঞান ক্ষেত্রখনৰ ওপৰত ভেঁজা দি কম যে লেখাটো আজিও একেদৰেই প্রাসংগিক । লেখকে উল্লেখ কৰাটো মিছা নহয় যে- আজি ভাৰত চৰকাৰৰ আঁচনি মতে স্কুলে স্কুলে হয়তো ৬০/৭০ হাজাৰটকীয়া কম্পিউটাৰ আছে কিন্তু ৬০ টকীয়া একোখন বেঞ্চি অথবা ৫০/৭০ টকীয়া খোৱা-পানীৰ ব্যৱস্থা নথকা স্কুলো আজিও আছেএকেদৰেই মৌলিক চিন্তাৰে বিজ্ঞানৰ ক্ষেত্রখনত স্বাধীনচিতীয়াভাৱে কোনেও কাম কৰিবলৈ হয়তো সক্ষম হোৱাগৈ নাই ।

চিন্তাৰ বেগ কিমান” লেখাটোত তেওঁ কৈছে যে- কল্পনা এটা বস্তুচিন্তা আন এটা বস্তু । মানুহৰ স্নায়ুতন্ত্রৰ কোনো স্নায়ুৰ মাজেৰে যোৱা শব্দ তৰংগই কিদৰে সংকেত একোটা মগজুলৈ কঢ়িয়াই নিয়ে আৰু তাৰ প্রতিক্রিয়াস্বৰূপে মগজুৱে কেনেকৈ শৰীৰৰ আন আন অংগক কাম কৰোৱাইসেই কথাবোৰ বহলাই ব্যাখ্যা কৰিছে । শেষত তেওঁ উল্লেখ কৰিছে যে- আমাৰ কল্পনাৰ বেগ কিমান আমি কব নোৱাৰোঁকিন্তু বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাই হিচাপ কৰি উলিয়াইছে যে আমাৰ চিন্তাৰ দ্রুততম বেগ হল চেকেণ্ডত ২২৫ মাইল । ভাবি চালে আচৰিত নহয় নে ? কোনোবাই এনে কথাবোৰ ভাবি চাইনে নাই নাজানোমই কিন্তু কল্পনা আৰু চিন্তাএকেই বুলিহে ভাবি আছিলোঁ !

গ্যডেলৰ সূত্র” লেখাটোত গণিতজ্ঞ গ্যডেলৰ অনির্ণেয়বাদৰ সূত্রই প্রমাণ কৰি দেখুওৱা কথা এটা উল্লেখ কৰি লিখিছে– “কৌটি কৌটি টকা মূল্যৰ কম্পিউটাৰে কোনো দিনেই সকলো গাণিতিক প্রশ্নৰ উত্তৰ দিব নোৱাৰিব- যদি পাৰেমানুহৰ বুদ্ধি আৰু উদ্ভাৱনশীলতাইহে পাৰিব ।” লগতে তেওঁ ইয়াকো উল্লেখ কৰিছে যে আন আন গণিতজ্ঞৰ দৰে ‘গ্যডেল’ এটা সুবিদিত নাম নহয়তেওঁৰ সুক্ষ্ম আৰু পৰিমার্জিত সূত্রৰ তাৎপর্য্যৰ উপলব্ধি যেন আজিও বিজ্ঞানে উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই ।

হাইচেনবার্গৰ প্রসংগ” লেখাটোত নবেল বঁটা বিজয়ী পদার্থবিদ হাইচেনবার্গৰ অনিশ্চয়তা সূত্রৰ কথা খুব সহজ ভাষাৰে ব্যাখ্যা কৰিছে । এই সূত্রৰ মতে “কোনো বস্তু থিৰেৰে থাকিব নোৱাৰেৰৈ থাকিব নোৱাৰে”  এই সূত্র নুবুজাকৈ কোৱাণ্টাম তত্ত্বৰ ছাত্রও আগুৱাব নোৱাৰে । এই সূত্রৰ সতে একমত নোহোৱা বিজ্ঞানী আইনষ্টাইনে হেনো তাক ব্যর্থ কৰিবলৈ নানান আহিলাও ভাবি উলিয়াইছিল কিন্তু সেইবোৰৰো ভুলবোৰ নীলছ বঃৰে প্রমাণ কৰি দেখুৱাইছিল ।

একেদৰে “চিৰন্তন প্রৱাহ”, “জৰা-ব্যাধি-মৃত্যু”, “মহাকর্ষণ মিছা নেকি?”, “ভৱিষ্যায়ণ”, “অদৃশ্য হোৱাৰ উপায়”, “আৰাও আৰু আমি” আৰু “বিজ্ঞান কল্প ছবি আৰু অসম” লেখাকেইটাৰে লেখকে বিজ্ঞানৰ কিছুমান কথা আমাৰ নিত্য জীৱনৰ ঘটনা-পৰিঘটনাৰ সৈতে তুলনা কৰি আমি মন নকৰা বা তেনেই সাধাৰণ যেন বুলি ভবা কথাবোৰৰ সহজ-সৰল বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে ।

অৱশ্যে কিতাপখন সেই ১৯৯৩ চনতে প্রথম প্রকাশ হোৱাৰ পিছত ২০০৩ আৰু ২০১২ চনত ক্রমে দ্বিতীয় আৰু তৃতীয় প্রকাশ হৈছিল । গতিকে অনুমান কৰিব পাৰি ইয়াৰ পঢ়ুৱৈৰ সংখ্যা কিমান হব পাৰে । হয়তো আজিৰ হাতৰ মুঠিতে থকা প্রযুক্তিও ইয়াৰ এটা কাৰণবুটাম টিপিলেই যিহেতু সকলো তথ্যই পোৱা যায় ! তথাপিও মোৰ বোধেৰে বিজ্ঞানৰ সৰু সৰু কথা কিছুমানঘটনা-পৰিঘটনা কিছুমানৰ কাৰণসমূহ জানিবলৈ আগ্রহী সকলে কিতাপখন পঢ়িব পাৰেবিশেষকৈ পদার্থবিজ্ঞানৰ প্রতি আগ্রহী ছাত্র-ছাত্রীসকলে । মই নিজেই ভাবি চোৱা নাছিলো যে ‘মহাকর্ষণ’ আৰু ‘মধ্যাকর্ষণ’ দুয়োটা বেলেগ । সূর্যই নো পৃথিৱীক কিয় আকর্ষণ কৰে সেই কথা জানে নে ? “শৃংখলা কষ্টলব্ধবিশৃংখলা স্বয়ংক্রিয়” কথাষাৰৰ লগত বিশ্বৰ ‘এনট্রপিৰ বা অতীত-ভৱিষ্যতৰ কি সম্পর্ক ? তেওঁ লিখিছে যে- “মানৱজাতি অদূৰ ভৱিষ্যতে অপৰিৱর্তনীয়ভাৱেসম্পূণর্ভাৱে যাতে অসুস্থমনা হৈ নাযায় তাৰবাবে আমি যিমান পাৰোঁ ডেচিবেল নমাব লাগে ।” কিন্তু কিয় ? আমি যে কওঁ খুব জোৰেৰে ঘূৰি থকা ফেনৰ পাংখা কেইখনৰ মাজেৰেও আমি বস্তু দেখা পাওঁ । সেয়া সম্পূর্ণ শুদ্ধ নে ? তাৰ সৈতে মানুহ অদৃশ্য হব পৰানোৱাৰাৰ মাজত কি সম্পর্ক ? কোনো যোগী যে অকস্মাৎ অদৃশ্য হৈ যায় তাৰ সৈতে বিজ্ঞান জড়িত নে দর্শণৰ তত্ত্ব নিহিত আছে ?

দেখাত কথাবোৰ তেনেই সাধাৰণমন কৰিবলগীয়া বুলিও আমি নাভাবো । কিন্তু তাৰ কাৰণবোৰ জানিলে ভাৱ হয়- অহ্.. কথাবোৰ এনেকুৱা হে নেকি ! নজনা কথা কিছুমানৰ সৰল ব্যাখ্যা পঢ়িবলৈ পালে আৰু তাকে বুজি লৈ নিজে ভাবি থাকিবলৈ সুবিধা পালে বেচ্ আনন্দ পাওঁ । অনুসন্ধিৎসু পাঠকে নিশ্চয়কৈ পঢ়িব পৰা এখন কিতাপ ।