“মৰে অসম জীয়ে কোন...”
লেখক: ৰীতা চৌধুৰী
প্রথম প্রকাশ: জানুৱাৰী ২০২১, জ্যোতি প্রকাশন
“জন্মভূমিৰ প্রতি দায়বদ্ধ তৰুণৰ হাতত” উৎসর্গিত কিতাপখনৰ
লেখক ৰীতা চৌধুৰী । পটভূমি ‘অসম আন্দোলন’ । কিতাপখন পঢ়ি উঠি ভাবি থাকিলো যে আমি
কিমান কথাই যে নাজানো ! অন্য কিতাপো পঢ়িছো একে লেখকৰ । কিন্তু লেখকৰ দুই এটা
সাধাৰণ কথাৰ বাদে তেখেতৰ বিষয়ে একোৱেই নাজানিছিলো দেখোন ! তাৰুণ্যৰ দিনবোৰৰ
আৰম্ভণিতেই তেওঁ যি সংঘাতময় বিচিত্র জীৱন এটা অতিক্রমি আহিল কেৱল সমাজৰ প্রতি, জাতিৰ
প্রতি থকা দায়বদ্ধতাৰ বাবে; সেয়া নজনাটো মোৰ দৰে মানুহৰ বাবে নিশ্চয়কৈ লাজৰ কথা ।
অৱশ্যে সকলোবোৰ কথা লেখকে আগতে উল্লেখ কৰা নাই বুলিও কৈছে ।
আৰম্ভণিতে তেখেতে উল্লেখ কৰিছে- “ইতিহাসৰ গতিপথ নির্মাণত
ভূমিকা লোৱা- কিন্তু ইতিহাসেও মনত নৰখা সৰু সৰু কিছু কথা- কিছু অনন্য অভিজ্ঞতা-
যিবোৰ নিজৰ লগত লৈ যাবলৈ সত নাযায়- ভাব হয় কৈ যাওঁ- সেইবোৰৰ পৰাই অলপমান- মাত্র
কিছু কথা ক’ব খুজিছোঁ । সকলো কথা কোৱাটো সম্ভৱ নহয় । হাজাৰ অভিজ্ঞতাৰ পৰা যিখিনি
তুলি ল’ব পাৰি আনক ক’বৰ বাবে- তাৰ পৰাই এমুঠি তুলি লৈছোঁ । হয়তো আন কেতিয়াবা, অন্য
ক’ৰবাত ৰৈ যোৱা কথাবোৰ ক’ম । হয়তো বহুত কথা নিজৰ লগতে লৈ গুচি যাম । নীৰৱতাখিনি
বুজিব পৰা, শব্দৰ মাজে মাজে উহ্য হৈ থকা শব্দবোৰ বিচাৰি পাব পৰা দৃষ্টি আৰু বোধিৰ
অধিকাৰীসকলৰ বাবে সেই নোকোৱাখিনি । আৱিষ্কৃত হ’বও পাৰে- অনন্ত এন্ধাৰত নেদেখা হৈও
থাকি যাব পাৰে ।”
এই কথাবোৰ তেওঁ নিলিখা হ’লে আমি হয়তো কেতিয়াও
নাজানিলোহেঁতেন ‘ইতিহাসে মনত নৰখা’ সেই সৰু সৰু কথাবোৰ । নাৰাখে, ইতিহাসে মনত
ৰাখিবলগীয়া বহু কথাই মনত নাৰাখে । সেয়ে নিজে নিজৰ কাহিনীবোৰ, অভিজ্ঞতাবোৰ নক’লে
কাৰ সাধ্য আছে জনাৰ ! তেখেতে কৈছে- “কাইলৈ যি ইতিহাস হ’ব- সেয়াইতো আজি । আজিৰ তৰপবোৰ গোট খাই খায়েইতো গঢ় লৈ উঠে মানুহৰ ইতিহাস...
আৰু, মানুহৰ ইতিহাস এক সামগ্রিক ধাৰণা । মানুহৰ ইতিহাস সংখ্যাহীন খণ্ডৰে বিভাজিত
আৰু যুক্ত- নির্দিষ্ট কোনো সময়ৰ বৃত্তত আৱদ্ধ এক সামগ্রিক বাস্তৱতা । লিখিত
ইতিহাসে, সংৰক্ষিত তথ্যৰ ভিত্তিত গঢ়ি তোলা ইতিহাসে নির্দিষ্ট এক কালখণ্ডৰ সকলোখিনি
ধৰি ৰাখিব নোৱাৰে । কিছু ৰৈ যায় মানুহৰ স্মৃতিত । লোকসাহিত্যত । ছবিত । গানত ।
মৌখিক ইতিহাসত । অনেক কথাই হেৰাই যায় পৃথিৱীৰ পৰা গুচি যোৱা মানুহবোৰৰ সৈতে ।
লিপিবদ্ধ নোহোৱাকৈ ৰৈ যায় বহু অমূল্য তথ্য । অমূল্য সত্য । ময়ো কালৰ এটা খণ্ডত
উপস্থিত থকা এজন দর্শক । ইতিহাসৰ অংশ । ইতিহাস হ’বলৈ যোৱা সময়ৰ মাজেদিয়েই মোৰ
যাত্রাপথ । মোৰ স্মৃতিতো সঞ্চিত হৈ আছে এনে কিছু সত্য আৰু তথ্য, এনে কিছু ঘটনাৰ
সাক্ষী মই- যিবোৰ লিপিবদ্ধ হোৱা নাই । সেয়েহে, যিবোৰ আজিৰ মাজেৰে মই পাৰ হৈ
আহিছোঁ- যিবোৰ আজিৰ সাক্ষী মই- সেই আজিবোৰৰ কিছু কথা ধৰি ৰাখিবলৈকে এই লেখা ।
ইতিহাস হ’ব পৰাকৈ সেয়া কিমান গুৰুত্বপূর্ণ সেই কথা মই বিচাৰ কৰিবলৈ অক্ষম । বিচাৰ
কৰিবও নিবিচাৰোঁ । মাত্র
কৈ যাব খোজোঁ- ক’ব খোজা কিছু কথা ।”
সঁচাকৈ, তেওঁ যদি
নিলিখিলেহেঁতেন এই কথাবোৰ, বহু কথাই জনাৰ উপায় নাথাকিলহেঁতেন আমাৰ । তেওঁৰ কথাৰে-
“প্রকাশৰ বাবে কেতিয়াবা ভাষাৰ অভাৱ হয় আৰু কেতিয়াবা ইচ্ছাৰ । চৌপাশৰ বৃত্তও
কেতিয়াবা প্রকাশৰ বাবে প্রতিকূল হৈ পৰে । লিখোঁ বুলিও লিখিব নোৱাৰি । কওঁ বুলিও
কোৱা নহয় । ৰৈ যায় । অথবা সংগোপনে জন্ম হৈ সংগোপনেই গুচি যায় সংখ্যাহীন নিজস্ব
মুহূর্তবোৰ । এটা কথা সত্য যে অচলায়তন কাল আৰু সীমাহীন ব্রক্ষ্মাণ্ডত বিন্দুৰ
সমানো নহয় মানুহৰ অস্তিত্ব । কিন্তু প্রতিজন মানুহক কেন্দ্র কৰি গঢ় লৈ উঠে একোখন
পৃথিৱী । হাজাৰ ঘটনা আৰু সংযোগে একক কৰি তোলে সেই পৃথিৱীক । প্রতিজন মানুহৰ জীৱনেই
সেয়ে ক’ৰবাত একক । অনন্য ।” তেওঁৰ জীৱনো একক । ঊনৈশ বছৰ বয়সতে, নিজৰ জাতিটোৰ বাবে,
হাতত এখন দা লৈ অকলশৰীয়া এজনী ছোৱালী... হাবিৰ মাজেৰে জানৰ পানী ভাঙি গৈ আছে... । ক’লৈ
কিয় যাবলগা হৈছিল সেই কথাবোৰৰেই কথা এই কিতাপখনো ।
তেখেতে কৈছে পোন
প্রথমবাৰৰ বাবে পোনে পোনে কথা কিছুমান ক’ব বিচাৰিছে, যিবোৰ আমি নাজানো, যিবোৰ আমি
বুজি লোৱাটো প্রয়োজন- “নির্বাচন বন্ধ কৰিবলৈ আন্দোলনৰ নেতাসকলে দিয়া আহ্বানত
কেনেকৈ শয়ে শয়ে আহুতি গৈছিল অসমৰ মানুহ ! স্কুল-কলেজ বন্ধ ৰখাৰ নির্দেশনা পালন
কৰিবলৈ গৈ কেনেকৈ এজাক আন্দোলনকাৰী ল’ৰা-ছোৱালী সোমাই পৰিছিল ভয়ংকৰ সংঘর্ষত !
কেনেকৈ চিনি পাব পাৰি বিশুদ্ধ দেশপ্রেম আৰু ৰাজনৈতিক চাতুৰীৰ মাজৰ পার্থক্য !
কেনেকৈ চিনি পাব পাৰি সূতাৰে বান্ধি পুতলাৰ দৰে নচুৱাব খোজা হাতবোৰক !” তেওঁ কৈছে-
কেনেকৈ ‘জয় বাংলা’ পাৰ হৈ ‘জয় আই অসম’এ অধিকাৰ কৰিছিল তেওঁৰ আৱেগক । কেনেকৈ ‘মৰে
অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’ হৈ পৰিছিল তেওঁলোকৰ জাতীয় চেতনাৰ আধাৰ । কিয় ইষ্ট
ইণ্ডিয়া কোম্পানীয়ে পূর্ববংগৰ খেতিয়কৰ বাবে অসমৰ দুৱাৰ খুলি দিছিল । অসমীয়া নহৈয়ো
কিয় ব্রিটিছ শংকিত হৈছিল প্রব্রজনৰ গতি দেখি, কিয় ১৯২০ চনত তেওঁলোকে লাইন প্রথাৰ
প্রয়োগ কৰিছিল, প্রব্রজিত বঙালী মুছলমানৰ পৰা খিলঞ্জীয়াসকলক কিয় পৃথক কৰি ৰাখিব
বিচাৰিছিল, কিয় ১৯৩৫ চনতেই ব্রিটিছ বিষয়া চি এছ মোলানে কৈছিল যে অহা ত্রিছ বছৰৰ
ভিতৰত মাত্র শিৱসাগৰ জিলাতহে অসমীয়াৰ আধিপত্য থাকিব ।
তেওঁ প্রশ্ন কৰিছে যে-
“স্বাধীনতা পোৱাৰ আগলৈ অসমীয়া নেতাসকলে প্রব্রজন ৰোধ কৰি খিলঞ্জীয়াৰ অস্তিত্বৰ
সুৰক্ষাৰ বাবে যুঁজ কৰিছিল কিন্তু স্বাধীনতাৰ পিছত সেই জাতীয়তাবাদী নেতাসকল কিয়
নীৰৱ হৈ পৰিল ? যি বিষয় লৈ স্বাধীনতাৰ আগতেই সৰৱ আছিল তেওঁলোক, স্বাধীনতাৰ পিছত কাৰ
স্বার্থৰ বাবে একেটা বিষয়ে গুৰুত্ব হেৰুৱালে । কেৱল পমুৱা মুছলমানৰ ভোটবেংক নে
অন্য কিবা কাৰণো আছে ? স্বাধীনতাৰ পিছৰ পৰা কোনে ব্যৱহাৰ কৰি আছে সেই ভোটবেংক ?
অসমৰ কিমান মানুহে মৌলানা ভাসানীৰ কথা জানে ? কিমানে জানে তেওঁ পমুৱা মুছলমানৰ
পক্ষত কেনেকৈ ৰাজনীতি কৰিছিল ? অসমীয়াৰ স্বার্থৰ বিপৰীতে কাম কৰা এই মুছলিম লীগৰ
নেতাসকলৰ কথা কিয় ক’তো আলোচনা নহয় ? অসমৰ বনভূমিক পমুৱাৰ আগ্রাসনৰ পৰা ৰক্ষা কৰাত
নিকলছ ৰয়, ৰূপনাথ ব্রক্ষ্ম, ভীমবৰ দেউৰী, বীৰছিং দেউৰী আদি জনজাতীয় নেতাৰ ভূমিকা
যথেষ্ট, যিবোৰ ভালদৰে চর্চ্চাই হোৱা নাই, কেৱল আমি গোপীনাথ বৰদলৈৰ নামহে লওঁ । অসম
আন্দোলনৰ পিছত অসমীয়া মানুহে হিতেশ্বৰ শইকীয়াক ‘জাতিদ্রোহী’ বুলি চিহ্নিত কৰিছিল;
কিন্তু তেখেতৰ মূল্যায়ণ হয়তো এতিয়াও সঠিককৈ হোৱা নাই । কাৰ ইচ্ছাত কিয় তেওঁ, তেওঁৰ
চৰকাৰে উঠা-বহা কৰিবলগা হৈছিল ? মৌলানা ভাসানীয়ে ‘চল চল দৰং চল’ শ্লোগানেৰে কেনেকৈ
দৰং জিলাৰ পতিত মাটি দখল কৰিবলৈ সাহস কৰিছিল ? মংগলদৈত নিশা পমুৱা মুছলমানে ‘কাণমে
বিড়ি মুহমে পাণ, লড়কে লেংগে পাকিস্তান’ চিঞৰি চিঞৰি অসমীয়া গাঁওবোৰ লুটিবলৈ কেনেকৈ
পাৰিছিল ? ছাদুল্লাই কিয় অসমক মুছলমান প্রদেশ কৰিব খুজিছিল !” ...অলেখ প্রশ্ন !
ৰাজনীতিৰ মেৰপেচ, ক্ষমতাৰ লালসা, চতুৰ ৰাজনীতিক, ষড়যন্ত্র !
...পৰম বিশ্বস্ত মানুহে
বিশ্বাসঘাতকতা কৰিছিল । এৰাতি হাতেসজা পিষ্টল লৈ ভৰ আন্দোলনৰ মাজতে লেখক ওলাই
গৈছিল সশস্ত্র বিপ্লৱৰ অংশ হ’বলৈ । বিশ্বাসঘাতকতাৰ যন্ত্রণাই মনোবল দিছিল সকলো
প্রত্যাহ্বান, সকলো প্রতিকূলতা পাৰ হৈ, ধুমুহাৰ সাগৰ সাঁতুৰি, জুইৰ পথাৰ পাৰ হৈ,
বৰফাবৃত পর্বত শীর্ষত পতাকা পোতাৰ । য’ত তেওঁৰ মৃত্যু হোৱাৰ কথা আছিল তাত তেওঁৰ
জন্ম হৈছিল, য’ত মৰহি যোৱাৰ কথা আছিল তাত উজ্জীৱিত হৈ উঠিছিল অশ্বাৰোহী সৈনিকৰ
তেজস্বিতা । ‘সংকল্প শিখা’ কার্যসূচীত নিজৰ হাত কাটি তেজেৰে আন্দোলনকাৰীসকলৰ কপালত
ফোঁট দিছিল ! আজিও সমালোচিত হয় সেয়া আৱেগসর্বস্বতা, মূর্খামি বুলি । কিন্তু তেওঁ
সেই সময়ত দেশক ভালপোৱা মনটোক, আৱেগৰ বিশুদ্ধতাক পৰম মূল্যৱান সম্পদ হিচাবে সঞ্চয়
কৰি ৰাখিছে ।
...এদিন আত্মগোপন কৰিব
লগা হৈছিল তেওঁ । কোনো এদিন ‘চালেহা’ নাম লৈছিল । আৰু এদিন জে’ল খাটিছিল, তেওঁৰ
লগতে তেওঁৰ দেউতাকেও... পাণবজাৰ থানা, ডিব্রুগড় সদৰ থানা...। প্রিয় গোস্বামীৰ দৰে শত্রু হেন পুলিচ
বিষয়া লগ পোৱাৰ দৰে জি এম শ্রীবাস্তৱৰ দৰে সভ্য বিষয়াও লগ পাইছিল । শ্রীবাস্তৱে
তেওঁক সুধিছিল যে ইমান কষ্টেৰে আন্দোলন কৰি তেওঁলোকে কি পালে ? সেই প্রশ্নৰ উত্তৰ
দিব নোৱাৰাত তেওঁ লেখকক কৈছিল- ‘আপোনালোকৰ কষ্ট অথলে গ’ল !’ এৰা, সঁচা নহয়জানো
কথাষাৰ ? অসম আন্দোলনৰ ফলত কি পালে অসমীয়াই ?
লেখকে কৈছে যে ডিব্রুগড়
কাৰাগাৰত থকা সময়তে প্রখৰ হৈছিল তেওঁৰ চিন্তা আৰু পর্যবেক্ষণৰ শক্তি । অনেক বন্দী
লগ পাইছিল- বীণা, জোনাকী বাই, দুখী বাই, লক্ষী, জয়মতী । জে’লৰ ভিতৰতো দেখিছিল
ৰাজনীতি, অনিয়ম, কয়েদীৰ বাবে অনা মাছ-গাখীৰ, কাপোৰ-কানি যায় জেইলাৰ
ছুপাৰিনটেনডেণ্টৰ ঘৰলৈ, তেজপুৰৰ মানসিক ৰোগীবোৰে ঠাই পায়হি কাৰগাৰত ! তাতো তেওঁ
যুঁজিছিল বন্দীসকলৰ প্রাপ্যৰ বাবে । তেওঁ স্বীকাৰ কৰিছে যে- “বিন্দু আৰু বৃত্তত মই
বিন্দুৰ দৰে ক্ষুদ্র যদিও এটা কথা ক’ব লাগিব, আন্দোলনপূর্বৰ জীৱন আৰু আন্দোলনকালৰ
জীৱনৰ অভিজ্ঞতাবোৰে মোক মহত্বৰ জীৱনৰ দিশলৈ আৰু এখোজ আগুৱাই নিছিল । সাধাৰণ জীৱনৰ
মাজতো গঢ় লৈ উঠিব ধৰিছিল পোহৰেৰে গঢ়া এটা স্তম্ভ । মই পাৰ হৈ গৈছিলোঁ পৰিয়াল নামৰ
সামাজিক বৃত্তৰ পৰিধি । কল্যাণৰ ধাৰণাই গঢ়া বৃহত্তৰ এখন পৃথিৱীৰ দুৱাৰমুখত মই থিয়
হৈছিলোঁ । এয়া অহমিকা নহয় । উদযাপন কৰিব পৰা এক অন্য আনন্দ । অন্য পৰিতুষ্টি ।
অর্থপূর্ণ জীৱনৰ গৰাকী হোৱাৰ এয়া এক অনন্য প্রশান্তি ।”
লেখকে যেতিয়া ক্লাচ টেনত
পঢ়া নিজৰ পুত্রক সুধিছিল যে মহাভাৰতৰ চৰিত্রবোৰ এতিয়াও আছেনে বুলি, পুত্রই উত্তৰ
দিছিল- “বছৰ গুচি যায়, জেনেৰেচন গুচি যায়, দশক পাৰ হৈ যায়, কিন্তু পৃথিৱীখন একে
থাকে । বিশ্বৰ সমাগ্রিক ব্যৱস্থা একে থাকে । পৃথিৱীখন দেখাত সলনি হয়, কিন্তু যি
ছিষ্টেমটো চলি আহি আছে তাৰ পৰিৱর্তন নহয় । আগৰ দিনত যি আছিল সেইবোৰ একেই আছে ।
ডিফাৰেন্স এটাই- পৃথিৱীখন মডার্ণ আৰু ডেভেলপড হৈ গৈছে...” মিছা জানো কথাবোৰ ?
জে’লৰ ভিতৰত পোৱা
বিচিত্র অভিজ্ঞতাৰে তেওঁৰ জীৱনৰ এখিনি সময় সমৃদ্ধ হৈছিল । তেওঁ কৈছে- “অসম আন্দোলন
চলি আছিল । মোৰ দৰে আন্দোলনকাৰী হাজাৰজন আছিল । একেটা সময়তে চৌপাশৰ সমাজখনত
তেতিয়াও ঘটি আছিল সদায় ঘটি থকা ঘটনাবোৰ । সমাজৰ নিয়ম সময়ৰ লগে লগে সলনি হয় ।
মনস্তৰৰ প্রাথমিক কথাবোৰ একে থাকে । সদায় একে থাকে । কিছুমান দেখা যায়, কিছুমান
দেখা নাযায় । কিছুমান বিষয়ৰ ওপৰত অধিক পোহৰ পৰে । কিছুমানৰ ওপৰত নপৰে । সময়ৰ লগে
লগে সম্পর্কৰ ৰূপ সলনি হয় । কিন্তু প্রকৃতিৰ পৰা লাভ কৰা বিচিত্র মানসিকতা একেই
থাকে ।”
সেই কম বয়সতে তেওঁ
পাইছিল পদে পদে প্রত্যাহ্বান, বিঘিনি, ষড়যন্ত্র, প্রতিবন্ধকতা । সকলো নেওচি তেওঁ
যুঁজিছিল, থিয় হৈছিল সকলো বাধাৰ বিপৰীতে । জে’লৰ ভিতৰত থাকোঁতেই লেখকে লেখা প্রথম
উপন্যাস ‘অবিৰত যাত্রা’ই সাহিত্য সভাৰ পুৰস্কাৰো পাইছিল । তেওঁ কৈছে, যি সময়ত
তেওঁক গুৱাহাটী জে’ললৈ লৈ যোৱা হৈছিল সেই সময়ত হয়তো সর্বসাধাৰণৰ দৃষ্টিৰ আঁৰত কোনো
বন্ধ কোঠাত চলি আছিল বিশ্বাসঘাটকতাৰ আখৰা । দেশৰ কাৰণে বলি গৈ আছিল ক্ষমতাৰ
ৰাজনীতি বুজি নোপোৱা এজনৰ পিছত আনজন তেজাল ডেকাল’ৰা । তেওঁ সুধিছে, প্রতিজন
অসমীয়াই যদি নিজক গঢ়ে তেন্তে অসমীয়া জাতি জানো বিকশিত আৰু সুৰক্ষিত হৈ নপৰিব ?
বাহিৰৰ পৰা আহি কোনোবাই সকলোফালে তিষ্ঠি থকাৰ যোগ্য জাতি এটাৰ অস্তিত্ব সাময়িক
ভাৱেহে সংকটত পেলাব পাৰে, পৰিচয়হীন কৰি পেলাব নোৱাৰে । শেষত তেওঁ কৈছে যে- অসম
চুক্তিখন ভালদৰে চালেই কিছুমান অসহনীয় বাস্তৱ চকুত পৰে । ভিত্তি বছৰ আছিল ছয়ষষ্ঠি,
এসত্তৰ নহয় । যদি অবৈধ বিদেশীক বহিষ্কাৰ কৰিব পৰা নাযায় তেন্তে কৰিব পৰা আৰু কি
আছে ? অসমীয়াই কেৱল ৰাষ্ট্রীয়তাবাদৰ লগত কান্ধত কান্ধ মিলাই আগবাঢ়িলে নিজৰ সুৰক্ষা
আৰু বিকাশৰ সম্ভাৱনীয়তাৰ নিশ্চয়তা পাবনে ? মাত্র আন্দোলনে জানো ৰক্ষা কৰিব অসমীয়াক
? জাতীয় আৱেগক ব্যৱহাৰ কৰি ক্ষমতাৰ খেলাত মত্ত হোৱা স্বার্থান্ধ আৰু চতুৰ নেতাৰ
প্রৰোচনাত ব্যয় হ’বলৈ এৰি দিব পাৰি জানো নতুন প্রজন্মৰ মহার্ঘ জীৱন ?
পাৰিনে ? নিশ্চয় নোৱাৰি
। তেন্তে অসম আন্দোলনৰ ফলত অসমীয়াই কি পালে ? অসমীয়াৰ ভেঁটি দুর্বল কৰিবলৈকে
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত আনিবলৈ এচামে সাৰ-পানী দিয়া নাছিল জানো ? পৃথক
বড়োলেণ্ডৰ দাবী কিয় হ’বলৈ পালে ? যি সমস্যা সমাধান আৰু শংকা দূৰ কৰিবলৈ অসম
আন্দোলন আৰম্ভ হৈছিল সেয়া আজিও জানো একে হৈ থকা নাই ? অসমৰ ৰাজনীতিত কিবা
আশাব্যঞ্জক সলনি হৈছে বুলি ক’ব পাৰিনে ? আন্দোলনৰ নামত, জাতিপ্রেমৰ নামত অসমীয়াক
আৱেগিকভাৱে প্রৰোচিত কৰা হোৱা নাছিল জানো ? যিমান গণহত্যা হ’ল সেয়া জানো শীতল
মস্তিষ্কৰ পৰিকল্পিত আঁচনি নাছিল ? সকলোৰে আঁৰত কেৱল ক্ষমতাৰ লোভেই আছিল নে ?
যি কি নহওক, লেখকে সেই
ঊনৈশ বছৰ বয়সতে নিজৰ জাতিৰ বাবে ঘৰৰ পৰা ওলাই গৈ, হাবিয়ে বননিয়ে অ’ত ত’ত ভোকে
লঘোণে থাকি, আত্মগোপন কৰি, জে’ল খাতি হৰেক ৰকমৰ অভিজ্ঞতা বুটলিলে । জীৱনক দেখিলে ।
হত্যাৰ ভাবুকি পালে । নিজৰ ঘৰখন থানবান হ’ল যদিও সাহসেৰে যুঁজিলে তিষ্ঠি থকাৰ যুঁজ
। তেওঁ যদি নিলিখিলে হয় আমি নাজানিলোহেঁতেন তেওঁ পাৰ কৰি অহা সংঘাটময় জীৱন এছোৱাৰ
কথা । তেওঁ যিদৰে পদে পদে শত্রুৰ সন্মুখীন হৈছিল, একেদৰে আত্মীয়তাৰ ওমালো লাভ
কৰিছিল অচিনাকী বহু শুভাকাংক্ষীৰ পৰা । তেনে কিছুমান লোকৰ কথা তেওঁ বর্ণন কৰিছে ।
কোনোৰ বিষয়ে বিশেষ নকৈ কৈছে যে- “ক’বলৈ গ’লে বহুত ক’ব লাগিব । হয়তো নোকোৱাকৈ
থাকিলেই সেই সম্পর্কৰ সৌন্দর্য আৰু গৰিমা আৰু বেছি উজ্জ্বল হৈ থাকিব । নীৰৱতাৰ
ভাষাও কেতিয়াবা বহুত শক্তিশালী হয় ।” খুব সঁচা কথা এষাৰ । বুজি পোৱা সকলে সেয়া
নিশ্চয় বুজে ।
ঠিকেই কৈছে লেখকে ।
অপৰিণত আছিল সেই সময়ত তেওঁলোকৰ ভাবনাবোৰ । আত্মাহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল । আৱেগপ্রৱণ,
দেশক ভালপোৱা, সৎ, তৰুণ এচামক বিপথে পৰিচালিত কৰা হৈছিল । সেয়ে কোনোবা শ্বহীদ
হৈছিল, কোনোবা জাতিপ্রেমৰ ব্যৱসায়ী আৰু কোনোবা হৈছিল ৰাজনীতিক । “অপৰিণত মনৰ
ভাবনাবোৰৰ পৰিণত মনৰ ভাবনাবোৰৰ দৰেই গুৰুত্ব আছে । কাৰন কোনো সমাজ-বিপ্লৱ বা গণ
সংগ্রাম অপৰিণত তৰুণৰ যোগদান অবিহনে সফল হোৱাটো সম্ভৱ নহয় ।” সেয়ে লেখকে লেখিছে
পাৰ হৈ অহা জীৱনৰ কেকঁৰিবোৰৰ কথা, পথসন্ধিবোৰৰ কথা, ব্যক্তিগত আৰু সামূহিক অস্তিত্ব
ৰক্ষাৰ সংগ্রামৰ সুদীর্ঘ পথৰ কথা । যিবোৰ কথা আমি জনাটো প্রয়োজন ।