June 22, 2022

সত্যবান দূৰ হৈ নাযাবা

 


সত্যবান দূৰ হৈ নাযাবা
লেখকঃ মনালিছা শইকীয়া
প্রথম প্রকাশঃ অক্টোবৰ ২০১২, আখৰ প্রকাশ

 

লেখকৰ কেইবাখনো উপন্যাস মই আজিৰেপৰা প্রায় ৫-৬ বছৰ আগতেই পঢ়া । এইখনো । তেতিয়াই দুচকু সেমেকিছিল সত্যবানৰ বাবে । এতিয়াও সেই একেই অনুভৱ কৰিলো । লেখকৰ প্রতিখন কিতাপৰ প্রতিটো চৰিত্রই ইমান সঁচা আৰু জীয়া অনুভৱ কিয় হয় নাজানো । হয়তো এইবাবেই যে চৰিত্রবোৰ আমাৰ আশে-পাশে থকা একো একোটা জীয়া চৰিত্র আৰু লেখকে সকলোকে যেন তেনেই ওচৰৰপৰা পাইছে, যেন কথা পাতিছে সকলোৰে লগত, তেনেকৈয়ে বর্ণন কৰে ! লেখকে কৈছেও- “বাস্তৱৰ বুকুৰ পৰাই সকলোকে বুটলি লোৱা হৈছে । কিছুমান জীৱন্ত চৰিত্র ।” সকলোবোৰৰ মাজতে সহজ-সৰল, নিভাঁজ গাঁৱৰ ছবি এখনো লেখকৰ প্রায়বোৰ লেখাত দেখা পোৱা যায় । এবাৰ আৰম্ভ কৰাৰ পিছত শেষ নোহোৱালৈকে সামৰি থ’বলৈ মন নাযায় লেখকৰ কিতাপবোৰ । এই কিতাপখন যেন ক’ৰবাত খুব আপোন মোৰ, কথাবোৰ যেন লেখকে কোৱা নাই, এনে লাগে ‘সত্যবানে’ নিজেই কৈছে নিজৰ কাহিনী ! প্রথম প্রকাশৰ সময়ত কিতাপখনৰ বেটুপাত হয়তো বেলেগ আছিল (দেখিছিলো যদিও মনত নপৰে ।), দ্বিতীয় প্রকাশৰ (ডিচেম্বৰ, ২০১৬) সময়ত সলনি কৰা হৈছে, আৰু এই বেটুপাতখন মোৰ বেছি ভাললগা ।

লেখকে কিতাপখন উছর্গা কৰিছে- “সেইসকল যুৱক-যুৱতীৰ হাতত; যিয়ে দুখ-যন্ত্রণাৰ মাজেৰে আগবাঢ়ি গৈ জীৱনক ঐশ্বর্যশালী কৰি তুলিছে ।” যেতিয়াও কিতাপখন হাতত লওঁ, ভাব হয় প্রতিজন উঠি অহা যুৱক-যুৱতীয়েই ইয়াক পঢ়া উচিত ।  

‘সত্যবান’- অস্থিৰ এক চৰিত্র, কোনেও নুবুজে যাক, ঘৰতো অৱহেলিত যি অকর্মণ্য-মদাহী বুলি ! সত্যবানৰ বায়েকৰ ভাষাৰে- “জীৱনত সি একো পোৱা নাই । সৰুৰে পৰাই সি মৰম-ভালপোৱাৰ পৰা বঞ্চিত হৈ আহিছে । বিচৰাটো সি একো পোৱা নাই । কাৰণটো হ’ল তাৰ স্বভাৱ । সি কাৰো লগত নিমিলে । তাৰ চখ বেলেগ । জীয়াই থকাৰ ধৰণ বেলেগ । কোনেও এইবোৰ কথা নুবুজে । সিও বুজাই দিব নাজানে । সকলোৰে প্রতি তাৰ ইমান মৰম ! কোনেও বুজি নাপায় তাক ।”

“আমাৰ সমাজত সুৰাসক্তজনক সদায় হীন চকুৰে চোৱা হয় । তেওঁক জ্ঞান কৰা হয় অসভ্য আৰু অসৎ বুলি । নানাধৰণৰ শাস্তি তেওঁৰ বাবে সমাজে যেন মজুত কৰি থয় । কাৰোবাক সামাজিকভাৱে পৰিত্যাগ কৰে, কাৰোবাৰ লগ-সংগ কমি যায়, কাৰোবাৰ প্রতি থাকে শাৰিৰীক শাস্তি । ক’ৰবাত সুৰাৰ ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজৰ সীমাৰেখাডাল হেৰাই যায় । তেতিয়াই আৰম্ভ হয় বিশৃংখলতাৰ ।”... সত্যবানৰো হেৰাই যায় সেই সীমাৰেখা ! বিচাৰিলেও ওলাই আহিব নোৱাৰা হয় সেই বিশৃংখলতাৰপৰা । “কথাবোৰৰ আৰম্ভণিৰ কোনো নির্দিষ্ট দিন নাছিল । একেদিনাই আৰম্ভ হোৱা নাছিল একো কথা । উধানৰ পুৰণি চৰুকেইটা ক’লীয়া হৈ যোৱাৰ দৰে কথা । দিনৰ পাছত দিন, মাহৰ পাছত বছৰ- এনেকৈয়ে সত্যবান নামৰ আজিৰ অস্তিত্বটো গঢ় লৈছিল ।” 

...এই সকলোবোৰৰপৰা তাক উলিয়াই আনিবলৈ তাৰ হাতত ধৰিছেহি ‘পুৱতি’য়ে, তাই ইতিহাস অধ্যয়ন কৰা ছোৱালী, গৱেষণাৰ বিষয় লৈছে “প্রাচীন অসমৰ জনজাতি সমাজ” । তাই বটবৃক্ষৰ দৰে তাক ছাঁ দিছে, তাৰ অমল প্রেৰণা হৈ উঠিছে, যাৰ ওচৰলৈ সি তাৰ বিধ্বস্ত অস্তিত্বক কঢ়িয়াই লৈ যাব পাৰে । যাৰ ওচৰত সি কাকো ক’ব নোৱাৰা কথাবোৰ ভগাই ল’ব পাৰে- “মোৰ প্রব্লেমটো কি জানা । সঠিক বাট এটা নিজৰ বাবে মই বাছি উলিয়াব নোৱাৰিলোঁ । শাওনৰ এটুকুৰা ওন্দোলা মেঘৰ দৰে ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিছোঁ । এদিন খহি পৰিম বৰষুণ হৈ । এইখন পৃথিৱীত নিজৰ ধৰণে জীয়াই থাকিম বুলি ভবা কথাটোও আচলতে এক উপহাস... । মই নাজানো মই ক’ত সঁচা আৰু কিমানখিনি শুদ্ধ । বোধহয় তোমাৰ বাদে পৃথিৱীৰ কোনেও মোক বুজি নাপাব । হয়তো মোৰ মনৰ কথাবোৰো কোনেও নুবুজিব । মোৰ দৰে কত ল’ৰা আছে এইখন সমাজত, যি হেঁপাহেৰে ৰৈ আছে কাৰোবাৰ পৰা সামান্য প্রেম আৰু আশ্বাস পাবৰ বাবে । কত হৃদয়ে ছাগে হাহাকাৰ কৰে কণমান সাহচর্য আৰু ভালপোৱাৰ বাবে ।” ...সেয়া সত্যবান, শিশুৰ দৰে যাৰ অন্তৰ, মৰম আকলুৱা, তাৰ বন্ধুবোৰো কোনো অট’ৱালা-কোনো মাছ বেপাৰী- যি বুজি নাপায় তাৰ ছবি-আর্ট; বুজি পোৱাৰ ভিতৰত বন্ধু বুলিবলৈ কেৱল ৰণদীপ- যি কোম্পানীৰ প্রডাক্ট ছে’লাৰ । কৈশোৰ-যৌৱনৰ সন্ধিক্ষণৰ কোনো দেওলগা সময়ত সত্যবানে কৰি পেলোৱা এটা ভুলৰ বাবেই আঁতৰাই আনিছিল নিজক তথাকথিত ভদ্র মানুহৰপৰা; নামহীন যন্ত্রণা, অস্থিৰতা, নিঃসংগতাই তাক কাবু কৰি পেলাইছিল, মুকলি হৈ মানুহৰ আগত ওলাবলৈ সি সংকোচ কৰা হৈছিল... বায়েক-ভায়েকৰ তুলনাত বাপেকৰ সমুখত সি সদায় অৱহেলিত, উপেক্ষিত... মাকে মাত্র বুজে তাৰ দুচকুৰ হাহাকাৰ । সি ধুনীয়া ছবি আঁকে, ফটো তোলে... ৰং-তুলিকা, গীটাৰ তাৰ সংগী । পুৱতিৰ হাতত ধৰি সি উঠি আহিছে বিশৃংখল তাৰ এন্ধাৰ গাঁতটোৰপৰা… সি ছবি আঁকিছে ‘জলকুৱৰী’, ‘ফুটপাথৰ ঈশ্বৰ’, ‘অপেশ্বৰী সবাহ’কলা-বিথীকাত তাৰ ছবিৰ প্রদর্শনী হোৱাৰ কথা... ।

ৰণদীপ- এম বি এ পঢ়িছিল । ভবাৰ দৰে নহ’ল কথাবোৰ । গুৱাহাটীত আহি হ’লহি কম্পেনীৰ ছে’লমেন ! আৰু এদিন সি গাঁৱৰ ঘৰলৈ ঘূৰি আহি দেউতাকক কয়- “অর্থনৈতিক স্বাৱলম্বিতা আমাক লাগিবই । জাতিটোক স্বনির্ভৰশীল কৰিবলৈ আমি হাতে-কামে নিজৰ মানুহখিনিৰ বাবে কাম কৰিবই লাগিব ।” হাঁহ-কুকুৰা পালন, মাছৰ খেতি কৰাৰ, সাঁচি গছ ৰোৱাৰ পৰিকল্পনা তাৰ ।... শেষলৈ “কৃষক বিকাশ সমিতিৰ” হৈ আন্দোলন কৰি সি আত্মগোপন কৰিছে । সত্যবানক সি কয়- “যুদ্ধ সকলোৰে জন্মদাতা আৰু সকলোৰে ৰজা । কাৰোবাক ই দেৱতা কৰি তুলে । কাৰোবাক মানুহ কৰে । কাৰোবাক স্বাধীন কৰে আৰু কাৰোবাক দাস কৰে । সংঘর্ষতে সকলো বস্তুৰ উৎপত্তি হয় । য’ত সংগ্রাম নাই, তাত অৱক্ষয় ঘটে । সেয়ে আমি যুঁজিবলৈ প্রস্তুত ।”

কাকলি- এটা এন জি অৰ কর্মী । কেন্সাৰ ৰোগীসকলক অসমৰ বাহিৰত চিকিৎসা কৰোৱাত সহায় কৰে । ‘পেলিয়েটিভ কেয়াৰ’ৰো প্রশিক্ষণ লৈছে । ...পতি-পত্নীৰ সম্পর্কত কেৰুণ লাগিছে । তথাপিও তাই উভতি আহিব বিচাৰি ৰঞ্জনক কৈছে- “একো নাই এই জীৱনত । অহংকাৰ, অভিমানে জীৱনটোক যাপন কৰাত সহায় নকৰে । শেষ বুলিলেই মৃত্যুৰ সৈতে সকলো গুচি যায় । জীয়াই থকা দিনকেইটা আমি ভালদৰে থাকিব নোৱাৰোনে ?” ... ভবাৰ দৰে নহয় কথাবোৰ, ৰঞ্জনে তেতিয়ালৈ আন কাৰোবাক আদৰি লৈছে ।... কাকলিয়ে ভাবে “আনক জয় কৰাতকৈ নিজক জয় কৰাজনেই শ্রেষ্ঠ ।” সেই চেষ্টাতেই তাই ব্রতী । ৰঞ্জনকো তাই দোষ দিব নিবিচাৰে- “প্রত্যেকেই আচলতে নিজক সুখী কৰিবৰ বাবেই সকলো কৰি থাকে । ভোগ অথবা ত্যাগ, দুয়োটাতেই নিহিত থাকে সুখ ।” হাজাৰজনৰ ৰোগীৰ সেৱা কৰি তায়ো সুখী, এতিয়া তাই কোনোপধ্যেই জীৱনটোক কাৰো বাবে বঞ্চিত কৰিব নোখোজে ।

কাকলি উদাৰ মনৰ, তাই কয়- “আমি ঘিণ কৰা বস্তু এটাই কাৰোবাৰ বাবে প্রিয় খাদ্য হ’ব পাৰে । আমি নিজে নাখাওঁ বুলিয়েই আন কাৰোবাৰ খাদ্যাভাসক ঘিণ কৰিলে নহ’ব । এইবোৰ হ’ল মানসিক । কোনো জাতিৰ পৰম্পৰাক বা তেওঁলোকৰ আচাৰ, ৰীতি-নীতিক আমি ঘৃণাৰ চকুৰে চোৱা উচিত নহয় । আৰু এই ঘৃণা, বিদ্বেষ এইবোৰেই আচলতে আমাক পৃথক কৰি পেলালে । আমি সকলোকে সমানে চাব নোৱাৰা হ’লো ।”

সত্যবানে কয়- “কোনো বেয়া নহয়, সকলো মানুহেই ভাল । পৰিৱেশ আৰু পৰিস্থিতিয়ে এই সঁচা মানুহটোক ধৰি ৰাখিব নোৱাৰে । তাক ভালৰ পৰা আঁতৰাই আনে ।... দার্শনিক স্পিনোজাই কোৱাৰ দৰে ই এক মনৰ সংস্কাৰ । ভাল-বেয়া বুলি কোনো কথা নাথাকে । কাৰোবাৰ বাবে ‘ভাল’টো আন কাৰোবাৰ বাবে ‘বেয়া’ হ’ব পাৰে আৰু কাৰোবাৰ বাবে ‘বেয়া’টো আন কাৰোবাৰ বাবে ‘ভাল’ হ’ব পাৰে । এই বিশ্বব্রক্ষ্মাণ্ডখনক আমি আমাৰ কল্পনাৰেহে গঢ় দিছোঁ । তাক সুন্দৰ-অসুন্দৰ, ভাল-বেয়া নাম দিছোঁ । এই ভাল-বেয়াৰ ধাৰণাবোৰে মোক বৰ বিশেষ প্রভাৱিত নকৰে । তোমাৰ দৃষ্টি, স্বভাৱ আৰু কল্পনাই মোক যিদৰে গঢ় দিব, সেইদৰেই পাবা ।” ...আসঃ !  কোনে বুজে সত্যবানক !

পুৱতিয়ে নিজৰ ৰিছার্চৰ বাবে পঢ়ে । “প্রাচীন অসমৰ জনজাতি সমাজখনলৈ উভতি চাই আর্য-অনার্য বিচাৰ কৰি গৈ দেখে সকলোতে লুকাই আছে অনন্য কিছুমান চাতুর্য আৰু প্রহসন । অতীজৰে পৰা মানুহবোৰৰ মাজত শ্রেণী বিভাজন নোহোৱাকৈ একত্র হোৱাত যেন সভ্যতাই বাধা দি আহিছে ।” তাই সত্যবানক এনে এখন ছবি আকিবলৈ কয় য’ত নাথাকিব ধনী-দুখীয়া, উচ্চ-নীচৰ শ্রেণী বিভাজন, মানুহ কেৱল মানৱীয় প্রমূল্যবোধেৰে ‘মানুহ’ হিচাপে প্রতিভাত হ’ব ।

সত্যবানৰ বায়েক মাজনীয়ে পুৱতিক যেতিয়া কয়- “ভাবি চালে এই জীৱনটোততো একোৱেই নাই । বহলকৈ ভাবি চালেই আচলতে এই মুহূর্তবোৰত জীয়াই থকাটোৱেই সঁচা কথা । এই মহাবিশ্বত আমাৰ এই অস্তিত্ব কিমান ক্ষুদ্র । মাজে মাজে এই অর্থহীনতাৰ উপলব্ধিয়ে মোক হেঁচা মাৰি ধৰে । নিজৰ জীৱনটোৰ প্রতিও মোহ নোহোৱা হৈ যায় । (তথাপিও কিন্তু তাই ভাগৰি পৰিব নোখোজে ।)” পুৱতিয়ে কয়- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।”

আৰু অনেক চৰিত্র কিতাপখনত । সত্যবানৰ সাদৰী মাক- গায়ত্রী দেৱী, যি পুত্রৰ হাহাকাৰক বুজিও একো কৰিব নোৱাৰে প্রার্থনাৰ বাদে । সাদৰী, যীচুৰ দৰে কষ্ট কৰি নিজকে গঢ়িবলৈ আগ্রহী যুৱক-যুৱতী । মানুহৰ অত্যাচাৰৰ বলি হোৱা ৰহিলাৰ দৰে সাধাৰণ মানুহবোৰ, যাক সত্যবানে নিজৰ বায়েকৰ দৰে ভাবে । ৰাজু, অনিলৰ দৰে প্রতাৰণাৰ পাকত অকালতে হেৰাই যোৱা মানুহবোৰ । ছিদ্দিক, ৰমেশ, গকুলহঁতৰ দৰে চৰিত্রবোৰ যিবোৰে সত্যবানৰ অৱক্ষয়ত সহায় কৰাৰ দৰে !

কাকলিয়ে কোৱাৰ দৰে- “আচৰিত এই নিঃসংগতাবোধ । যাৰ বাবে সদায় ক’ৰবাত থাকি যায় অন্বেষণ ।” এনে কিবা অন্বেষণ কৰি কৰিয়েই সত্যবান হেৰাই পৰিছিল ক্রমাত । একেবাৰে হেৰাই যোৱাৰ আগতেই তাক পুৱতিয়ে হাতত ধৰি তুলি আনিছিল । ৰং-তুলিকা লৈ সি ব্যস্ত হৈ পৰিছিল তাৰ হ’বলগীয়া প্রদর্শণীৰ বাবে । তাৰ ছবিৰ প্রদর্শণীলৈ দুটামান দিন বাকী । সন্দেহ কৰি থকাৰ দৰে, সত্যবানৰ বায়েকৰ কেন্সাৰ নহয় বোলা খবৰটোৱে সকলোকে সুখী কৰিছে । প্রথমবাৰলৈ দেউতাকে সত্যবানক আকুলতাৰে মাতে, একেলগে বহি এটা পেগ খাবলৈ কয় । পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো হৈ উঠে সত্যবান । কান্দি দিয়ে সি ! দেউতাকৰ আগত স্বীকাৰ কৰে ভাল হ’ব খোজাৰ কথা, মানুহ হ’ব খোজাৰ কথা । দেউতাকেও কয় তাক লৈ যে তেওঁ সুখী ! ...“অমানুহৰ পৰা মানুহ হোৱাৰ এই প্রক্রিয়াত সি যেন নিশ্ছিন্ন হৈ গৈ এক নতুন জীৱন ল’ব ।” সি আজি অস্থিৰ নহয়... শৰতৰ নির্মল নদীৰ দৰে শান্ত । তেনেকুৱা এটা দিনতে সি ৰাতি ওলাই যাব লগা হয় ছিদ্দিকৰ বাবে, সি হস্পিটেলত এডমিট থকাৰ বাবে । ...সেই যে সুখী, শান্ত সত্যবান ওলাই গ’ল... সি আৰু উভতি নাহিল... গুচি গ’ল চিৰদিনলৈ ।

 

সত্যবান গুচি গ’ল । ‘ছালভাদোৰ ডালি’ৰ ‘Persistence of memory’; ভিন্সি, পিকাছো, ভেনগগৰ ছবিয়ে সন্মোহিত কৰি ৰখা, ৰং ভালপোৱা ল’ৰাটো হেৰাই থাকিল ! পুৱতিয়ে কলাবিথীকাত তাৰ ছবিৰ প্রদর্শনীখন নকৰাকৈ নাথাকিল । ডাঃ অমিতাভে উদ্বোধনী ভাষণত ক’লে যে সত্যবান আমাৰ সমাজৰ অনেক যুৱকৰ এক প্রতিনিধিহে । আমি যদিও চিঞৰিছো সত্যবান আমাৰপৰা দূৰ হৈ নাযাবা বুলি, কিন্তু তেওঁক আমি ৰাখি থ’ব জনা নাই । নিচেই কাষৰপৰা আমি সত্যবানহঁতৰ নিঃসংগতা, হতাশা উপলব্ধি কৰিছোনে ? ভোগবাদী সমাজ ব্যৱস্থাৰ আগত টিকি থাকিব পৰাকৈ সিহঁতক আমি সবল কৰি তুলিব পৰা নাই । সত্যবানহঁত ভাগি পৰিছে পিতৃ-মাতৃ, অগ্রজসকলৰ প্রতি খং-অভিমান লৈ । কাম কৰিছে কিন্তু সংঘাত, বাধা নেওচি আগুৱাবলৈ সাহসী হৈ উঠিব পৰা নাই । সত্যবানহঁতৰ দৰে প্রতিজনৰ প্রতি সমাজৰ প্রতিজন অভিভাৱকৰ দ্বায়িত্ব থকা উচিত ।

পুৱতিয়ে সত্যবানৰ প্রতি থকা আক্ষেপ-অভিমানৰ কথা কৈছে- কিয় সি পৰিপূর্ণ হৈ উঠাৰ সময়তে নিজক নিয়ন্ত্রণ কৰিব নোৱাৰিলে বুলি । তাই মানি লৈছে সেয়া তাৰ নির্ধাৰিত সময় আছিল । তাৰ ক’বলগীয়া কথাবোৰ, সপোনবোৰ, যন্ত্রণাবোৰ ছবি হৈ মানুহৰ মাজতে আছে আৰু সেয়া তাই নিশ্ছিন্ন হৈ যাবলৈ নিদিয়ে । তাইৰ কথাত সকলো উচুপি উঠিছে... মানুহৰ গুণগুণনিবোৰে যেন কৈ উঠিছে ‘সত্যবান দূৰ হৈ নাযাবা’...

সত্যবানে পুৱতিক সুধিছিল ‘সি কিয় ইমান অস্থিৰ’ বুলি । তাই কৈছিল- “সি সাংঘাটিক ক্রিয়েটিভ । সৃষ্টিশীল মানুহবোৰৰ এই অস্থিৰতা থাকে । সেয়ে আনে তোমাৰ পথ নির্দিষ্ট কৰি দিব নোৱাৰে । তুমি নিজেই নিজৰ পথ প্রদর্শক হ’ব লাগিব ।” ক’ৰবাত কিছুমান চৰিত্র ক’ব নোৱাৰাকৈ যেন নিজৰ ওচৰতে অনুভৱ কৰো । ক’ৰবাত যেন মিলি যায় কিছু কথা !

কিতাপখন সামৰি ভাবি থাকিলো সত্যবানৰ দৰে প্রতিজনে পাওক পুৱতিৰ দৰে কাৰোবাৰ মৰমৰ আঁচলৰ ছাঁ । সত্যবানৰ দৰে প্রতিভাবোৰ অকালতে হেৰাই নাযাওক । সমাজে, পৰিয়ালে বুজক সত্যবানহঁতৰ একাকীত্বক, হাহাকাৰৰ উমান লওক, কাষত এপলক বহক... হাঁহক... কথা পাতক... । বাগৰি পৰিলে তুলি ধৰক স্নেহৰ দুহাত আগুৱায় । নিঃসংগতা, অক্ষমতাক পাহৰিবলৈ সিহঁত যেন মদ-ভাঙৰ কাষ নাপায়গৈ । সত্যবানহঁত সাহসী হওক ।  

কিতাপখন পঢ়িলে আজিও মোৰ দুচকু সেমেকি আহে ! বেটুপাতখন চুই চালে যেন দেখা পাওঁ ৰঙা আৰু নীলাৰ এখন দুর্বোধ্য ছবি... যেন সত্যবানৰ দুচকু ভিজি আছে সেই ৰঙেৰে... ! মনলৈ ভাঁহি আহে ‘তাৰে জমিন পৰ’ৰ ‘দর্শিল’ৰ দৰে কোনোবা... বতাহত যেন ভাঁহি আহে জুবিনৰ গান- “ৰ’দ, ৰ’দ আজি কেনি পাওঁ...” 

পুৱতিৰ কথাষাৰকে আওৰাই থাকো- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।” সত্যবানহঁতেও যেন বুজি উঠে সেই কথা...

June 19, 2022

শংখনিনাদ

 


শংখনিনাদ
লেখক: মনালিছা শইকীয়া
প্রথম সংস্কৰণ: জুলাই, ২০১৫, বনলতা

 

 

লেখক মনালিছা শইকীয়াৰ এখন উপন্যাস পঢ়াৰ পিছতেই বাকীকেইখনো পঢ়িবলৈ আগ্রহী হৈ উঠিছিলোঁ । ফলশ্রুতিত ‘শংখনিনাদ’ ক্রয় কৰা হৈছিল ।

“আঁৰৰ অনুভৱত”ত লেখকে উল্লেখ কৰিছে- “নিষিদ্ধ উগ্রপন্থী সংগঠনক লৈ অসমীয়া সাহিত্যত কেইবাখনো উপন্যাস লিখা হৈছে । সেইদৰে অসমৰ সর্ববৃহৎ গণ আন্দোলনক লৈও যথেষ্ট লিখা-মেলা হৈছে । সেয়ে ‘শংখনিনাদ’ত তেনে ধৰণৰ হুবহু ছবি এখন দিবলৈ চেষ্টা কৰা নাই । সাম্প্রতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে কথাবোৰ জুকিয়াই চাবলৈ যত্ন কৰিছোঁ । আঁৰৰ কিছু কাৰক আৰু পিছৰ প্রজন্মৰ ওপৰত তাৰ প্রভাৱ । চৰিত্রসমূহ টোকোৰা চৰাইৰ বাহৰ খেৰ-কুটাবোৰৰ দৰে । অ’ৰ ত’ৰ পৰা বুটলি এঠাইত সংগঠিত কৰি সজা হৈছে বাহটো !” গতিকে পাঠকসকলে, যি অসম-আন্দোলন বিষয়ক অন্য কিতাপ-উপন্যাস পঢ়িছে, ইয়াত তেনে ধৰণৰ কাহিনী পঢ়িবলৈ নাপায় বুলি ধাৰণা কৰি ল’ব পাৰে ।

উপন্যাসৰ কাহিনী কৈছে প্রজ্ঞাই, যি পেছাত এগৰাকী সাংবাদিক আৰু লেখক । উপন্যাসখনত মুঠতে আঠটা অধ্যায় আছে । প্রতিটো অধ্যায়ৰ শিৰোণাম একোটা, যি কবিতাৰ পংক্তিৰ দৰে, ভাল লগা- “মোৰো আছিল এটি জোনাকী পৰুৱা, হাবিৰ মাজেৰে সেই বাটটো, মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল, পাহাৰৰ শিখৰত বেলি ফুলিছে, তেজৰ সিপাৰে জীয়া জোন, খহি পৰিব খোজে বেলিৰ মুখ, বতাহ বলিছে জুই জ্বলিছে, আৰু ঘৰমুৱা অঘৰী বাটৰ মাত।”

‘মোৰো আছিল এটি জোনাকী পৰুৱা’- প্রজ্ঞাই মাজে মাজে চতর্থ মহলাৰ অফিছৰপৰা মহানগৰীৰ ৰাজপথৰ ব্যস্ততাক উপভোগ কৰে । ১৯৮৩ ৰ অসম-আন্দোলনৰ সময়ত তাইৰ দেউতাকে আদর্শৰ মতবিৰোধ থকাৰ বাবেই তাত ভাগ লোৱা নাছিল, যাৰবাবে আন্দোলনৰ সমর্থনকাৰীৰপৰা অনেক কষ্ট ভুগিছিল, খুড়াক এজন চিৰদিনলৈ পংগু হৈছিল । সেই প্রজ্ঞাই বাতৰি কাকতত প্রকাশিত এটা বাতৰিৰ পম খেদি লগ কৰিছে প্রাক্তন উগ্রপন্থী প্রবীণ হাজৰিকাক, যি গ্রেপ্তাৰৰ পিছত খালী হাত আৰু সেউজীয়া স্বপ্ন লৈ উভতি আহি নিজ গাঁৱতে গঢ়ি তুলিছে এক পর্যটন খণ্ড । তেওঁৰ পৰা কিছু সত্য জানিবলৈ বিচাৰি পাতিছে তেওঁ এৰি অহা অৰণ্যৰ জীৱনৰ কথা, অনিমেষৰ কথা, নিৰীহ লোকক কৰা মিলিটেৰীৰ অত্যাচাৰৰ কথা, নিষ্ঠাৱান সতীর্থৰ মৃত্যুৰ কথা, গেৰিলা সংগ্রামৰ কথা, গণবিচ্ছিন্ন হোৱা বিপ্লৱৰ কথা, আৰু অনেক কথা... কবিতা লিখা অনিমেষৰ কথা, যি গাইছিল “জোনাকত এদিন এটা জোনাকী পৰুৱা নিঠৰুৱা হৈছিল” । সেনাৰ বর্বৰ অত্যাচাৰত জোনাকী পৰুৱাটো মৰি গৈছিল !

মাক-দেউতাকক হেৰুৱাৰ বাবে প্রবীণ হাজৰিকাক দায়ী কৰিছিল বায়েকে, সৰু ভায়েক আঁতৰি গৈছিল । প্রজ্ঞাই যেতিয়া তেওঁক সুধে যে ঘৰখন শেষ হোৱাৰ বাবে তেওঁ সঁচাকৈ দায়ীনে, তেওঁ ওলোটাই সুধে- “তেন্তে এটা জাতি, এখন সমাজ নিঃশেষ হোৱাৰ বাবে কোন দায়ী ?” তাই পুনৰাই সুধে- “আপোনালোকৰ সংগঠনলৈ নামি অহা অনিশ্চয়তা, স্থবিৰতা, আস্থাহীনতা, আত্মসমর্পণ এইবোৰৰ বাবে কোন দায়ী ?” ...এই প্রশ্নবোৰৰ উত্তৰবোৰ এতিয়া হয়তো সকলোৰে বাবে পৰিষ্কাৰ ! তথাপি, ধীৰাজে প্রজ্ঞাক ক্ষোভ আৰু বিৰক্তিৰে কোৱাৰ দৰেই সঁচা- “সততা, ন্যায় এইবোৰ কথা পেটত গামোচা বান্ধি থকা মানুহৰ ক্ষেত্রত নাখাটে” ...আপোচ কৰিবলৈ বাধ্য !

‘হাবিৰ মাজেৰে সেই বাটটো’- প্রজ্ঞাই উলিয়াই লৈছিল প্রবীণ হাজৰিকাই দি পঠিওৱা দেউতাক হৰেন হাজৰিকাৰ ডায়েৰী, কাগজ-পত্রবোৰ । সজীৱ হৈ উঠি আহিছিল চৰিত্রবোৰ- ব্যস্ত হৰেন হাজৰিকা- কুঁহিয়াৰ খেতি (দেৰগাঁৱৰ চেনিকল তেতিয়া চলি আছে), খেৰৰ মহল, ফিছাৰী, কাঠৰ কাৰবাৰ, চিকাৰ...; দেউতাকৰ নামত তেওঁ পাতিব বিচৰা স্কুলখন, পত্নী শশীপ্রভা, জীয়েক অমিয়া, দীন-বকুলীৰ প্রেম, দীনৰ বিশ্বাসঘাতকতা, ৰাতি ভঁৰালৰ ধান খাবলৈ অহা হাতীৰ জাক... ৰজনী, প্রবীণ, সৰু, নয়ন, বিষ্ণু, গোঁহাই, নিবেদিতা, অহল্যা, কেৰেলিয়ান, ৰামানুজ... এখন অৰণ্য... সকলোবোৰ ।

‘মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল’- দীনৰ পিছত হৰেন হাজৰিকাৰ কাম-কাজ চোৱাৰ দায়িত্ব পালে ৰজনীয়ে, কুঁহিয়াৰ খেতিত লাভ নথকা (প্রয়োজনো) হোৱাত চাহৰ খেতিত মন দিছে হাজৰিকাই, খাৱন-শোৱন বাদ দি দিন-ৰাতি একাকাৰ কৰি পতা পকী স্কুলখনৰ পৰা অমিয়াই ফার্ষ্ট ডিভিজনত মেট্রিক পাছ কৰিলে, শশীপ্রভাই বকুলীৰ সৈতে এৰী পুহিবলৈ লৈছে, প্রবীণ ক্লাছ নাইনত...।

সকলোবোৰৰ মাজত শশীপ্রভাৰ ওচৰত অপৰাধবোধত ভুগিও নিজক বাধা দিব নোৱাৰি হাজৰিকাই নিবেদিতাক সুধিছে- “কাকো কণমানো বঞ্চিত নকৰাকৈ মই যদি নিজক সুখী কৰিব খোজোঁ, সেয়া ভুল নেকি ?” নিবেদিতাৰ বাবে সংগীত বিদ্যালয়ো খুলি দিয়াত তেওঁ আগ্রহী । নাভাবো বুলিও শশীপ্রভাৰ মনলৈ অহা কথাবোৰৰ বাবে অপৰাধবোধত ভুগি গোসাঁইঘৰত বন্তি জ্বলাই, ফলি-পুথি নধৰা মূর্খ তিৰোতাৰ চিন্তা-ভাৱনাত অনেক দায়-দোষ থাকে বুলি মানি লৈ ঈশ্বৰৰ ওচৰত ক্ষমা খুজিছে ।

অমিয়া টাউনৰপৰা ঘৰলৈ আহিছে । মাকৰ খিংখিঙীয়া হৈ পৰা স্বভাৱৰ কাৰণ সুধে, মাকে কান্দি-কাটি স্বীকাৰ কৰে ডক্তৰণী বাইদেউৰ ঘৰলৈ সঘনে যাবলৈ লোৱা দেউতাকৰ কথা । অমিয়া যায় দেউতাকে বাগানৰ কাম কৰোৱাই থকা চাবলৈ, দেউতাকে কয় নিজৰ সপোনবোৰৰ কথা, তাই বুজে দেউতাকৰ কিহৰ অভাৱ হৈছে-কিয় মাকৰ হাহাকাৰ !

বকুলীক লৈ অমিয়া কেৰেলিয়ানৰ বাগান চাবলৈ গৈ আৱিষ্কাৰ কৰে তেওঁ গঢ়ি তোলা স্বর্গ সদৃশ বাগিচা । তেওঁ তাইক কয় টলষ্টয়, মোঁপাচা আদিৰ লেখা পঢ়িবলৈ । নিবেদিতাৰ ওচৰলৈও তাই যায় । তেওঁ স্বীকাৰ কৰে দেৱতাৰ দৰে অমিয়াৰ দেউতাকক আজীৱন পূজা কৰিব, মনত পাপ নথকা শিশুৰ দৰে সৰল মানুহজনক ভুল নুবুজিবলৈও অমিয়াক কয় । তাই মাকক আহি কয়হি যে তেওঁ ভবাৰ দৰে নহয় কথাবোৰ, মাকেও জীয়েকৰ কথাত আশ্বস্ত হয় । অমিয়া পুনৰ টাউনলৈ যোৱাৰ পিছতে আইতাকৰ মৃত্যু হয় ।

‘পাহাৰৰ শিখৰত বেলি ফুলিছে’- কলেজৰ বন্ধত অমিয়া ঘৰলৈ আহে, উপভোগ কৰে হাবিৰ সৌন্দর্য-ঐশ্বৰিক সৌন্দর্য । প্রবীণ ডাঙৰ হৈছ- ভাওনাত লক্ষ্মণৰ ভাও লোৱাৰ কথা বায়েকক কয়, আন্দোলনৰ কর্মী ককাকৰ কথা কয় । পুতেকৰ কথাই হৰেন হাজৰিকাৰ সোঁৱৰণিৰ এচোৱা পুনৰ সজীৱ কৰি তুলে ।

নৰেশ্বৰ গোঁহাইৰ কথাবোৰে হাজৰিকাৰ মনলৈ নিবেদিতাক লৈ আহে । পত্নী শশীপ্রভাক কয় যে পৃথিৱীৰ কোনো সুখেই তেওঁক সুখী কৰিব নোৱাৰে যদিহে তেওঁৰ পত্নী দুখী হয়; গতিকে তেওঁ গানৰ স্কুল নাপাতে । শশীপ্রভাই প্রথমবাৰলৈ অনুভৱ কৰে হৃদয়ৰ অচিনাকী কষ্ট-যন্ত্রণা !

অমিয়াৰ বন্ধু নয়ন আহে ঘৰলৈ । হৰেন হাজৰিকাৰপৰা শুনে তেওঁৰ চিকাৰ কৰাৰ অভিজ্ঞতাৰ কথা । ৰাতি দেখে ভঁৰালৰ ধান খাবলৈ অহা বনৰীয়া হাতীৰ জাক । অমিয়াৰ চকুৰপৰা দেউতাকৰ বিষণ্ণতা হাৰি নাযায়, তেই দেখে দেউতাকৰ অন্তৰাত্মাৰ হাহাকাৰ । ঘৰৰপৰা যোৱাৰ আগতে তাই পুনৰ দেউতাকৰ উজ্জ্বল হৈ উঠা মুখ দেখিছে, গানৰ স্কুল নাপাতো বুলিছিল যদিও স্কুলৰ কাম আৰম্ভ কৰিছে, প্রবীণেও শিকিব । কথাবোৰৰ উত্তৰ বিচাৰি তাই মাকৰ কাষ পাইছে । তেওঁ তাইক কয়- “নিবেদিতা নামৰ মানুহজনীৰ মাজত এনে কিছুমান কিবাকিবি আছে, যিখিনি মোৰ মাজত নাই । তেওঁৰ মনত নিবেদিতাৰ প্রতি কোনো পাপ নাই । মানুহজনীৰ কণ্ঠৰ অমিয়া ধাৰাই তেওঁক সুখী কৰে । দেউতাৰাক মই বিশ্বাস কৰোঁ, শ্রদ্ধা কৰোঁ । সেই মানুহজনে আন কিবা এটা পাই যদি সুখী হৈ থাকে, হাঁহি-স্ফূর্তি কৰি থাকে, গছপুলি এটাৰ দৰে ঠন ধৰি উঠে, তেওঁক কষ্ট দিলে মই অন্যায় কৰা নহ’ব জানো ?” কথাখিনি কৈ তেওঁ মাত্র বিচাৰিছে তেওঁৰ মনটোক যেন সকলোৱে বুজে, শ্রদ্ধা কৰে । এই সাদৰী মানুহগৰাকীৰ প্রতি শ্রদ্ধাত মোৰো যেন শিৰ নত হৈ পৰিল ! যদিওবা হাজৰিকাৰ মনত কোনো পাপবোধ নাছিল, ক’ৰবাত জানো তেওঁ সেই পুৰুষতান্ত্রিক সমাজৰ এজন স্বার্থপৰ পুৰুষৰ উদাহৰণ নহয় ? 

‘তেজৰ সিপাৰে জীয়া জোন’- নিবেদিতাই ভাবে বায়েকৰ কথা, ‘মানুহ কিয় হেৰাই যাব খোজে? কিহৰ আশাত জীয়াই থাকে মানুহ ?’, কিয় বায়েকে চিৰকুমাৰী হৈ ঘৰ-বাৰীলৈ পিঠি দিছে ? কাৰ বাবে ? বায়েকৰ চিঠি পায় তাই এদিন গুচি আহে ঘৰৰপৰা । এতিয়া তাই হৰেন হাজৰিকাই পাতি দিয়া স্কুলত গান শিকাব । তেওঁ তাইক কৈছিল- “হেৰাই যাওঁ বুলিলেই কোনো হেৰাই যাব নোৱাৰে । তুমি ছাই হৈ গ’লেও কাৰোবাৰ মণিকোঠাত আজিৰ দৰেই জিলিকি থাকিবা ।” হাজৰিকাই পতা গানৰ স্কুলতে তাইৰ বাবে থাকিব পৰাকৈও ব্যৱস্থা কৰি দিছে ।

অমিয়াৰ সৰুটো ভায়েক ডাঙৰ হৈছে । ডাক্তৰণী বাইদেউ-অহল্যাক ৰামানুজৰ স্মৃতিয়ে আমনি কৰিছে, ভনীয়েকক এৰিব নোৱাৰি থাকি গৈছে তাইৰ লগতে, ব্যস্ত মানুহৰ সেৱাত । পুনৰ আন্দোলন হোৱাৰ কথাই অহল্যাক ভীতিগ্রস্ত কৰিছে, প্রবীণো সেইফালে ঢাল খাইছে । অমিয়াক কেৰেলিয়ানে শুনাই দেওপাহাৰৰ কথা, ৰাংছালি নদীয়ে সেই নাম কিয় পালে, জৰাসন্ধৰ জন্মৰ কাহিনী; অমিয়াই কেৰেলিয়ানৰ ওচৰত স্বীকাৰ কৰিছে তেওঁৰ প্রতি থকা ভালপোৱাৰ কথা ।

আন্দোলনৰ বতাহ বলিছে, নয়ন আৰু প্রবীণ ওলাই আহিছে । নয়নৰ অমিয়াৰ সৈতে বিদেশীক লৈ তর্ক হৈছে । প্রবীণক সকলোৱে মানা কৰা স্বত্তেও সি আন্দোলন কৰিবলৈ প্রতিজ্ঞাবদ্ধ । গোঁহায়ে ফিছাৰি খোলাত আগ্রহ কৰিছে, হাজৰিকা গৈ ফিছাৰিৰ কথা পাতিছে । গোঁহায়ে আন্দোলনৰ কথা কৈছে, কৈছে নেহৰুৰ দিনৰপৰাই জ্বলি থকা জুইকুৰাৰ কথা ।

হাজৰিকাই পতা গানৰ স্কুলত জুই লাগে, জ্বলি ছাই হৈ যায় স্কুল । কোনেও জানিব নোৱাৰে সেয়া কাৰ কাম । অমিয়াৰ দুচকুৰ আগত যুদ্ধভূমিৰ ৰণুৱা ঘোঁৰাটো হৈ প্রবীণ । সি অমিয়াক কয়- “অবৈধভাৱে অনুপ্রৱেশ কৰা সকলো মানুহ মোৰ বাবে বিদেশী । মই বিদেশীক সহিব নোৱাৰোঁ । সেয়া নিজৰ দেশতেই হওক অথবা ঘৰতেই হওক !”

‘খহি পৰিব খোজে বেলিৰ মুখ’- অমিয়াৰ বিয়া ঠিক হয় বিষ্ণুৰ লগত । “আমি আত্মনিয়ন্ত্রণৰ অধিকাৰেৰে স্বাধীন হ’ব বিচাৰোঁ” বুলি নয়ন গুচি যায় সশস্ত্র সংগ্রামৰ বিপ্লৱী হৈ, কৈ যায় অমিয়াক তাৰবাবে নৰ’বলৈ । আন্দোলন চলে । অসম বন্ধ সফল কৰিবলৈ ভৃগু ফুকনে বিবৃতি দিয়ে । কলেজত নাম লগাই আন্দোলনত লাগিবলৈ বেছি সুবিধা পায় প্রবীণে; পিকেটিং, ধর্মঘট, গণ সমাবেশ সকলোতে সি সক্রিয় অংশ লয় । শুদ্ধ ভোটাৰ তালিকা অবিহনে নির্বাচন হ’ব নোৱাৰাৰ প্রতিবাদত কৰা আন্দোলনত, গুৱাহাটীত গুলীয়াগুলীত খর্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয় ।

হাজৰিকাই গোঁহাইক সুধে আন্দোলনৰ প্রয়োজনৰ কথা । গোঁহায়ে কয় ১২২৮ চনতে চাওলং চ্যুকাফাৰ অসমত প্রৱেশৰপৰা ইয়াণ্ডাবু সন্ধি, বৃটিছৰ শাসন, মনিৰাম দেৱানৰ ফাঁচি, ১৯৪৭ চনৰ ১৫ আগষ্টত অসম ভাৰতত অন্তর্ভুক্ত নোহোৱালৈকে । হাজৰিকাৰ খেলিমেলি লাগে- আচলতে বিদেশী নো কোনবোৰ মানুহ ! ১৯৮০ ৰ ১৮ জানুৱাৰীৰ দুলীয়াজানৰ পিকেটিঙতো পুলিচৰ গুলীত নিহত হয় চাৰিজনকৈ যুৱক । ইন্দিৰা গান্ধী, জেইল সিঙৰ সৈতে হোৱা আছুৰ আলোচনা বিফল হয় । হিন্দু-মুছলমান, বঙালী-অসমীয়াৰ মাজত সংঘাত আৰম্ভ হয় । বিশ্বাস আৰু আস্থাহীনতাই গ্রাস কৰে সময় ।

‘বতাহ বলিছে জুই জ্বলিছে’- ১৯৮৩ চন, ১৮ ফেব্রুৱাৰী । নেলীৰ বর্বৰ হত্যাকাণ্ড সংঘটিত হয় ! হাজাৰ হাজাৰ মানুহৰ হত্যাযজ্ঞ ! প্রবীণ তেতিয়া কটন কলেজৰ হোষ্টেলত, পঢ়া-শুনা আধৰুৱা । হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী হ’ল । চাৰিওফালে মুছলমান বিদ্বেষ । গোঁহাইৰ ঘৰত শিলগুটি দলিয়াই কোনোবাই ‘বদন’ বুলি । পংকাত সাতটাকৈ মানুহ গুলীয়াই মাৰে, গোলাঘাটত মৃত্যু শীতল নীৰৱতাই বিৰাজ কৰে । অসমৰ ইতিহাসৰ এক কলংকিত অধ্যায় । এইবোৰৰ মাজতে অমিয়াৰ পুত্র সন্তান জন্ম হয় ।

ইয়াৰ পিছত ইন্দিৰা গান্ধীৰ হত্যা, অসম চুক্তি স্বাক্ষৰিত হয় । ১৯৫১ ৰ পৰিৱর্তে মানি লোৱা হ’ল ১৯৭১ চন । আপোচ হৈ যায়- “ছাত্রনেতাসকল ৰাজনৈতিক নেতা হ’ল, সুবিধাবাদী মধ্যবিত্ত চৰিত্রৰ মুক্ত প্রকাশ !” প্রবীণৰ লাজ লাগে, সংকোচ হয়, অপৰাধবোধত ভুগে- আন্দোলন কৰি একো নাপালে । বকুলীয়ে তাক সুধিছিল “বিদেশীবোৰনো দেখিবলৈ কেনেকুৱা ?” উত্তৰ নাছিল তাৰ ওচৰত ।

শশীপ্রভাৰ চিন্তা হয় প্রবীণক লৈ । নিবেদিতাৰ সৈতে কাৰোৰে এতিয়া বেয়া ভাব নাই, শশীপ্রভাৰো । দুয়ো নাতিয়েকক চাবলৈ গুৱাহাটীলৈ যোৱাৰ কথা । শশীয়ে কয় নিবেদিতাক স্বীকৃতি দিয়াৰ কথা । নিবেদিতা মান্তি নহয়, তাই গানক লৈয়েই থাকিব, হাজৰিকা মানুহজন সম্পূর্ণ শশীপ্রভাৰ ।

এদিন প্রবীণ ঘৰৰপৰা নোহোৱা হয় । সংগঠনলৈ গুচি যায় । গুৱাহাটীৰপৰা আহি মাকে গম পায় পুতেক গুচি যোৱাৰ কথা । তেওঁ বিছনা লয় । অমিয়াই নিবেদিতাক কৈ যায় মাকৰ কাষত থাকিবলৈ । শশীপ্রভাৰ মৃত্যু হয় । নিবেদিতাই হাজৰিকাৰপৰা বিদায় অনুমতি লৈ গাঁৱৰ ঘৰলৈ উভতি যায় ।

‘ঘৰমুৱা অঘৰী বাটৰ মাত’- প্রবীণ হাজৰিকাই প্রজ্ঞাক দি পঠিওৱা ডায়েৰী, কাগজ-পত্রবোৰ তাইৰ লগতে আছিল । অমিয়াৰ সৈতেও তাই ঘনিষ্ঠ হৈ পৰিল । প্রবীণ হাজৰিকাই দিয়া ঠিকনা অনুসৰি দুয়ো ডাঃ ৰামানুজক বিচাৰি যায় । তাতে গৈ অমিয়াই দেখে ডাক্তৰণী মাহী-অহল্যাক ! তিনিবছৰ ধৰি তেওঁ ‘ডিমেনছিয়া ৰোগী’, ৰামানুজৰ জীৱন তেওঁৰ প্রতি উৎসর্গিত কাৰণ তাই তেওঁৰ আত্মা । নয়নৰ মৃত্যুৰ খবৰটো প্রবীণে অমিয়াক দিয়াৰ পৰত তাইৰ বুকুত উৰি ফুৰা পখিলাটো স্থবিৰ হৈছিল, সেই পখিলাটোকে জীৱন্ত ৰূপত তাই দেখিলে ৰামানুজৰ দুচকুত ।

নিবেদিতাকো লগ কৰে দুয়ো । নিবেদিতা এতিয়া ‘নিবেদিতা বেহেনজী’ । ব্রক্ষ্মকুমাৰী । নিবেদিতাই কয়- “পৃথিৱীত আমি সকলো ওভতাই পাওঁ । প্রেমৰ বিনিময়ত প্রেম । ঘৃণাৰ বিনিময়ত ঘৃণা ।” নিবেদিতা তেতিয়া ‘ঈশ্বৰীয় চেতনাত নিজক বিলীন কৰি দিয়া অন্য এক নাৰী’ ।

শেষত অমিয়াই প্রজ্ঞাক কয় কেৰেলিয়ানক এবাৰ দেখাৰ কথা । কিন্তু ক’ত ?

লেখিকাই এইছোৱা সময় উপন্যাসখনত ধৰি থৈছে খুব ধুনীয়াকৈ, সাৱলীলভাৱে । একে বহাতে পঢ়ি শেষ কৰিবলৈ মন যোৱা এখন কিতাপ । লেখিকা প্রেমিক মানুহ । লেখিকাৰ কথাবোৰ কবিতাৰ দৰে । ধুনীয়া । কোনোখিনিতে ‘স্কিপ’ কৰি পঢ়িব নোৱাৰি । সেয়ে চাগৈ তেখেতৰ নামটো মোৰ ভাললগা লেখকৰ তালিকাত সোমাইছে । তেখেতৰ প্রায় আটাইকেইখন উপন্যাস আৰু বহুতো গল্প ইতিমধ্যেই মোৰ পঢ়া হৈছে ।

অসম-আন্দোলনৰ বিষয়ে হয়তো বহুতো লেখা-কিতাপ ইতিমধ্যে ওলাইছে । পিছে এইখন মোৰ বাবে অলপ বেলেগ । প্রতিটো পটভূমি অধ্যয়ন কৰিবলৈ গ’লে হয়তো এনে অনেক চৰিত্র জীৱন্ত হৈ উঠিব যি এতিয়া সোঁৱৰণিৰ মৰিশালিত ! জাতিৰ নামত কিমান নয়নৰ মৃত্যু হ’ল তাৰ সঁচা হিচাপ জানো ৰখা হৈছিল ! পাহাৰবোৰৰ বুকুত চাগৈ সেইবোৰ সপোন আজিও পখিলা হৈ উৰে, বনৰীয়া ফুল হৈ ফুলে, অনিমেষৰ দৰে জোনাকীবোৰে কিজানি কবিতা গুণগুণাই উৰি ফুৰে... !

লেখিকালৈ ধন্যবাদ ।

June 5, 2022

অন্তৰতম

 


অন্তৰতম
লেখক: গীতালি বৰা
প্রথম প্রকাশ: ডিছেম্বৰ ২০২০, বনলতা

 

লেখক গীতালি বৰাৰ মই পঢ়া এইখন দ্বিতীয় উপন্যাস কিতাপখন লেখকে উছর্গিত কৰিছে- “বিশেষভাৱে সক্ষম শিশুৰ সেইসকল মাতৃৰ হাতত- যি নিয়তিৰ ক্রূৰতাক উপহাস কৰি প্রৱল আশাবাদেৰে নিজৰ লগতে সন্তানৰ পৃথিৱীখনো ধুনীয়া কৰি ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰিছে মাত্র এই কথাখিনি পঢ়িয়েই ডাঙৰ কলেৱৰৰ কিতাপ দেখিলে অলপ শংকিত হৈ আঁতৰি অহা মই (আজিকালিহে) ৪১২ পৃষ্ঠাৰ উপন্যাসখন ক্রয় কৰিছিলোঁ

কিতাপখন পঢ়ি গৈ থাকোঁতে কিবা এক অজান কাৰণত (সেয়া কেৱল উপন্যাসৰ চৰিত্রবোৰৰ বাবে নহয় বুলি জানো, কিন্তু সঠিক কাৰণটোক লৈ মই নিজেও সন্দিহান !) মাজে মাজে মোৰ চকুলো বৈ থাকিল ! কাহিনীবোৰত পাঠকসকলে প্রায়েই লেখকৰ নিজৰ জীৱনটোক দেখাৰ দৰে, কিতাপখন পঢ়ি ময়ো এপলক তেনেকৈয়ে ভাবিলোপিছে সেই কথাটো মোৰ নিজৰেই পছন্দৰ নহয় বাবে নিজৰ ভাৱনাক পুনৰাই ওভতাই লৈ সেয়া লেখকৰ নহয় ‘প্রিয়া’ৰ দৰে বহুগৰাকী মাতৃৰ কাহিনী, যাক লেখকে গঢ়ি-পিটি উলিয়াই আমাৰ দৰে পাঠকলৈ আগবঢ়াই দিছে বুলি নিজকে পতিয়ন নিয়ালো ।

উপন্যাসখন আৰম্ভ হৈছে মোৰো ভাল লগা এশাৰী কবিতাৰ পংক্তিৰে- “I shut my eyes and all the world drops dead, I lift my lids and all is born again._ Sylvia Plath”

কিতাপখন কেইবাটাও কাহিনীৰ কাহিনী, ক’ৰবাত একেডাল সূতাৰে বন্ধা । প্রিয়া-আদিত্য, গার্গী-তন্ময়, ৰীমা-সৈকত, অভিজ্ঞান, বিনীত... অনেকৰ কাহিনী । তাৰ মাজত কণমানিকেইটা- ঝুম্পা, নীলম, জ্যোতির্ময়... । মাকবোৰ সঁচাকৈ অনন্য ! সময়ত যিদৰে সাহসী, দুর্দান্ত হৈ উঠে সেয়া আন কোনোৱেও নোৱাৰে । বহু কাহিনীৰ মাজত এইয়া তেনে মাকবোৰৰ কাহিনী, তেওঁলোকৰ সংগ্রামৰ কাহিনী । “বুদ্ধজায়া” পঢ়ি লেখকৰ প্রতি কিবা এক ধাৰণা মনতে গঢ়ি লৈছিলো বাবেই নে কি নাজানো, “অন্তৰতম” পঢ়ি যেন পঢ়ুৱৈ হিচাপে আমাৰ অলপ অসন্তুষ্টি ৰৈ গ’ল !

 

যি কি নহওক, কিতাপখনৰ ভালেমান কথা মনৰ মাজত ঘুৰি ফুৰিল বহু সময়লৈকে । প্রিয়াই অনুভৱ কৰাৰ দৰে- “কেতিয়াবা কিছুমান কথা বিষ লগা কাঁড়ৰ দৰে চেতনাত সোমাই যায় । কাঁড়পাট টানি উলিয়াই অনাৰ পাছতো বিষখিনি সোঁৱৰণিত ৰ’ল ।” এৰা, কেতিয়াবা সেই সোঁৱৰণিক হাজাৰে চেষ্টা কৰিও নিজৰপৰা নিলগাই থ’ব নোৱাৰি ।

ভেন গঘৰ “Road with cypress and star” ছবিখনৰ কথা কৈ গার্গীয়ে কোৱা কথাখিনি মনতে লাগি ৰ’ল- “যেতিয়ালৈকে জীৱনৰ প্রতি এধানি আকুল হেঁপাহ জীয়াই থাকে, সকলো অসুখ আৰু যাতনাৰ পাছতো নিজকে ‘সুখী’ বুলি ক’বলৈ মানুহ বাধ্য ।” হাজাৰ যাতনায়ো সেয়ে মানুহক ভাঙিব নোৱাৰে । জীৱনক ভালপায় জীয়াই থাকে মানুহ, যেতিয়ালৈকে আকাংক্ষা জীয়াই থাকে । নহয়নে ?

গার্গীৰ এষাৰ কথা খুবেই সঁচা অনুভৱ হ’ল- “পূর্ণতা মানেইতো ক্রমাৎ ক্ষয় হোৱাৰ, লয় হোৱাৰ অৰম্ভণি ।” লগতে পাক খাই ঘূৰি ফুৰিল প্রিয়াৰ প্রশ্ন এটা- “জীৱন ডাঙৰ নে পূর্ণভাৱে জী থকাটো ডাঙৰ ?” নাজানো ইয়াৰ উত্তৰটো কি হ’ব ! বা কি হোৱাটো উচিত !

প্রিয়াই অভিজ্ঞানক কৈছিল- “ক্ষমা কৰিবলৈ একধৰণৰ মানসিক আৰু আধ্যাত্মিক উচ্চতা লাগে ।” হয় কিজানি ! নিজক ক্ষমা কৰিব নোৱাৰা মানুহে সকলোকে খুব সহজে ক্ষমা কৰি দিব পাৰে । মোৰ অনুভৱত, নিজক ক্ষমা কৰাটোহে সকলোতকৈ কঠিন । “বিশ্বাস বৰ ঠুনুকা । বৰ আলসুৱা । এবাৰ প্রতাৰিত হ’লে, দুবাৰ প্রতাৰিত হ’লে কিছুমান মানুহৰ ক্ষেত্রত অবিশ্বাস এক ধৰণৰ অভ্যাস হৈ উঠে আৰু এই অভ্যাসে আন একো সলনি নকৰিলেও নিজক লৈ, নিজৰ একান্ত আপোনজনক লৈ মানুহক প্রটেকটিভ কৰি তোলে ।” গার্গীৰ এই অনুভৱ খুবেই সঁচা । সন্তপর্ণে অবিশ্বাসে এনেকৈয়ে হয়তো মনৰ কোনো কোণত বহি লয় !

বিশ্বাসহীনতাৰেও মানুহে মানুহক ভাল পাব পাৰে বুলি কোৱা কথাষাৰ বহু দিনৰ পাছত পুনৰবাৰ উপলব্ধি কৰিলো । গার্গীয়ে কোৱাৰ দৰে- “মানুহৰ চকুৱে সদায় সঁচা কথা নকয় । মানুহৰ মাতো শুনোতাৰ মর্জিৰ ওপৰত নির্ভৰ কৰি কাণত ধ্বনিত হয় । মানুহৰ ভিজি উঠা চকুৰ আকুলতা, জীৱনভৰ একেই থাকিব বুলি ভাবি লোৱা আশ্রয় আৰু উপশমৰ এটা এটা স্পর্শৰো আয়ুস সীমিত । জীৱনত নিৰত্যয় সত্য বুলি একো কথা নাথাকে ।” ঠিক- “প্রেমৰ দৰে বিশ্বাসো এক বিভ্রম ।”

প্রিয়াই কোৱাৰ দৰেই- “নিজৰ দুখবোৰক লালন কৰোঁতে কৰোঁতে মানুহে পাহৰি যায় চৌপাশে মানুহে ভোগ কৰা যাতনাবোৰৰ কথা ।” যেতিয়া তাইৰ জীৱনলৈ অকণমানি ঝুম্পাৰ আগমন হ’ল, তেতিয়াই তাইৰ নিজৰ সকলো দুখ-যাতনা তুচ্ছ হৈ পৰিল । এনে সময়তে নিজক পাহৰি পেলায় মানুহে, নিজৰ সকলো গৌণ হৈ পৰে । কোনোবা পলত যেতিয়া নিজক বিচাৰিবলৈ লাগে তেতিয়াই শূন্যতাই, একাকীত্বই মানুহক জুৰুলা কৰে । ঠিকেই- “শূন্যতাৰ ভাৰ দুখতকৈ বেছি । বহু বেছি ।”

“আৱেগৰ ওপৰত শিলৰ চোলা পিন্ধি থকা মানুহবোৰৰ জীৱনলৈকো কেতিয়াবা এনে সময় আহে যেতিয়া চোলাটো খুলি থৈ পৰম অবিশ্বাসৰ মাজেৰেও বিশ্বাস ভৰা হাত এখন খামুচি ধৰিবলৈ মন যায় অলপ পৰৰ বাবে । বুকুত জমি থকা শিলবোৰ হুমুনিয়াহ বা চকুলো কৰি বিয়পাবলৈ কাৰোবাৰ এখন হাত খামুচি ধৰাৰ হেঁপাহ হয় । একাকীত্ব ভালপাওঁ বুলি কোৱাসকলেও কোনোবা মুহূর্তত হয়তো ভাৱে- এই একাকী পৃথিৱীখনৰ পৰা বিভ্রমৰ মাজেৰে হ’লেও কোনোবাই তেওঁক স্বপ্নময় পৃথিৱী এখনত ফুৰাই আনক । কেইটামান মুহূর্তৰ বাবে ।” গার্গীয়ে অনুভৱ কৰা এই কথাখিনিৰ বাবেই কি প্রিয়াও অভিজ্ঞানৰ ওচৰ পাইছিল ? বহুজনে কোৱাৰ দৰে যদি মানি লওঁ যে ‘Judgemental’ হ’ব নালাগে মানুহৰ অনুভৱবোৰক লৈ, তেন্তে গার্গীয়ে তন্ময়ক, সৈকতক বা প্রিয়াই আদিত্যক দোষী বুলি ভবাটো সঁচাকৈয়ে জানো যুক্তিসংগত ? যদি হয়, তেন্তে প্রিয়া আৰু গার্গীও জানো দোষী নহয়- আদিত্যৰ ওচৰত ? তন্ময় আৰু ৰীমাৰ ওচৰত ? সেয়ে নেকি শেষত দুয়ো নিজলৈকে উভতি আহিছে ?

সেয়া বাৰু পঢ়ুৱৈৰ নিজা নিজা অনুভৱৰ ওপৰত নির্ভৰ কৰিব । যি নহওক, ‘জীৱনমুখী’ সামৰণি খুব ভাল লাগিল । গার্গীয়ে সম্ভাৱনাৰ ছবি আঁকিছে । প্রিয়াই ভবাৰ দৰেই লিখিছে “বহু মানুহৰ জীৱনমুখী সংগ্রামৰ কথা ।” ভাগি পৰা বহুতকে কৈছে এটা সত্যৰ কথা যে “সকলো যাতনা আৰু শংকাৰ মাজতো জীৱন অনন্য । পৃথিৱী ধুনীয়া ।”

ঠিকেই, “বিপুল যাতনাই মানুহৰ আত্মাক উত্তৰিত কৰে ।” সেই উপলব্ধিক লৈয়ে দুয়ো ঘৰমুৱা হৈছে । জীৱনমুখী সংগ্রামখন যে শেষ হোৱা নাই... আৰু যুঁজিবলৈ আছে...

May 1, 2022

মৰে অসম জীয়ে কোন...

 


“মৰে অসম জীয়ে কোন...”
লেখক: ৰীতা চৌধুৰী
প্রথম প্রকাশ: জানুৱাৰী ২০২১, জ্যোতি প্রকাশন

 

“জন্মভূমিৰ প্রতি দায়বদ্ধ তৰুণৰ হাতত” উৎসর্গিত কিতাপখনৰ লেখক ৰীতা চৌধুৰী । পটভূমি ‘অসম আন্দোলন’ । কিতাপখন পঢ়ি উঠি ভাবি থাকিলো যে আমি কিমান কথাই যে নাজানো ! অন্য কিতাপো পঢ়িছো একে লেখকৰ । কিন্তু লেখকৰ দুই এটা সাধাৰণ কথাৰ বাদে তেখেতৰ বিষয়ে একোৱেই নাজানিছিলো দেখোন ! তাৰুণ্যৰ দিনবোৰৰ আৰম্ভণিতেই তেওঁ যি সংঘাতময় বিচিত্র জীৱন এটা অতিক্রমি আহিল কেৱল সমাজৰ প্রতি, জাতিৰ প্রতি থকা দায়বদ্ধতাৰ বাবে; সেয়া নজনাটো মোৰ দৰে মানুহৰ বাবে নিশ্চয়কৈ লাজৰ কথা । অৱশ্যে সকলোবোৰ কথা লেখকে আগতে উল্লেখ কৰা নাই বুলিও কৈছে

আৰম্ভণিতে তেখেতে উল্লেখ কৰিছে- “ইতিহাসৰ গতিপথ নির্মাণত ভূমিকা লোৱা- কিন্তু ইতিহাসেও মনত নৰখা সৰু সৰু কিছু কথা- কিছু অনন্য অভিজ্ঞতা- যিবোৰ নিজৰ লগত লৈ যাবলৈ সত নাযায়- ভাব হয় কৈ যাওঁ- সেইবোৰৰ পৰাই অলপমান- মাত্র কিছু কথা ক’ব খুজিছোঁ । সকলো কথা কোৱাটো সম্ভৱ নহয় । হাজাৰ অভিজ্ঞতাৰ পৰা যিখিনি তুলি ল’ব পাৰি আনক ক’বৰ বাবে- তাৰ পৰাই এমুঠি তুলি লৈছোঁ । হয়তো আন কেতিয়াবা, অন্য ক’ৰবাত ৰৈ যোৱা কথাবোৰ ক’ম । হয়তো বহুত কথা নিজৰ লগতে লৈ গুচি যাম । নীৰৱতাখিনি বুজিব পৰা, শব্দৰ মাজে মাজে উহ্য হৈ থকা শব্দবোৰ বিচাৰি পাব পৰা দৃষ্টি আৰু বোধিৰ অধিকাৰীসকলৰ বাবে সেই নোকোৱাখিনি । আৱিষ্কৃত হ’বও পাৰে- অনন্ত এন্ধাৰত নেদেখা হৈও থাকি যাব পাৰে ।”

এই কথাবোৰ তেওঁ নিলিখা হ’লে আমি হয়তো কেতিয়াও নাজানিলোহেঁতেন ‘ইতিহাসে মনত নৰখা’ সেই সৰু সৰু কথাবোৰ । নাৰাখে, ইতিহাসে মনত ৰাখিবলগীয়া বহু কথাই মনত নাৰাখে । সেয়ে নিজে নিজৰ কাহিনীবোৰ, অভিজ্ঞতাবোৰ নক’লে কাৰ সাধ্য আছে জনাৰ ! তেখেতে কৈছে- “কাইলৈ যি ইতিহাস হ’ব- সেয়াইতো আজি । আজিৰ তৰপবোৰ গোট খাই খায়েইতো গঢ় লৈ উঠে মানুহৰ ইতিহাস... আৰু, মানুহৰ ইতিহাস এক সামগ্রিক ধাৰণা । মানুহৰ ইতিহাস সংখ্যাহীন খণ্ডৰে বিভাজিত আৰু যুক্ত- নির্দিষ্ট কোনো সময়ৰ বৃত্তত আৱদ্ধ এক সামগ্রিক বাস্তৱতা । লিখিত ইতিহাসে, সংৰক্ষিত তথ্যৰ ভিত্তিত গঢ়ি তোলা ইতিহাসে নির্দিষ্ট এক কালখণ্ডৰ সকলোখিনি ধৰি ৰাখিব নোৱাৰে । কিছু ৰৈ যায় মানুহৰ স্মৃতিত । লোকসাহিত্যত । ছবিত । গানত । মৌখিক ইতিহাসত । অনেক কথাই হেৰাই যায় পৃথিৱীৰ পৰা গুচি যোৱা মানুহবোৰৰ সৈতে । লিপিবদ্ধ নোহোৱাকৈ ৰৈ যায় বহু অমূল্য তথ্য । অমূল্য সত্য । ময়ো কালৰ এটা খণ্ডত উপস্থিত থকা এজন দর্শক । ইতিহাসৰ অংশ । ইতিহাস হ’বলৈ যোৱা সময়ৰ মাজেদিয়েই মোৰ যাত্রাপথ । মোৰ স্মৃতিতো সঞ্চিত হৈ আছে এনে কিছু সত্য আৰু তথ্য, এনে কিছু ঘটনাৰ সাক্ষী মই- যিবোৰ লিপিবদ্ধ হোৱা নাই । সেয়েহে, যিবোৰ আজিৰ মাজেৰে মই পাৰ হৈ আহিছোঁ- যিবোৰ আজিৰ সাক্ষী মই- সেই আজিবোৰৰ কিছু কথা ধৰি ৰাখিবলৈকে এই লেখা । ইতিহাস হ’ব পৰাকৈ সেয়া কিমান গুৰুত্বপূর্ণ সেই কথা মই বিচাৰ কৰিবলৈ অক্ষম । বিচাৰ কৰিবও নিবিচাৰোঁমাত্র কৈ যাব খোজোঁ- ক’ব খোজা কিছু কথা ।”

সঁচাকৈ, তেওঁ যদি নিলিখিলেহেঁতেন এই কথাবোৰ, বহু কথাই জনাৰ উপায় নাথাকিলহেঁতেন আমাৰ । তেওঁৰ কথাৰে- “প্রকাশৰ বাবে কেতিয়াবা ভাষাৰ অভাৱ হয় আৰু কেতিয়াবা ইচ্ছাৰ । চৌপাশৰ বৃত্তও কেতিয়াবা প্রকাশৰ বাবে প্রতিকূল হৈ পৰে । লিখোঁ বুলিও লিখিব নোৱাৰি । কওঁ বুলিও কোৱা নহয় । ৰৈ যায় । অথবা সংগোপনে জন্ম হৈ সংগোপনেই গুচি যায় সংখ্যাহীন নিজস্ব মুহূর্তবোৰ । এটা কথা সত্য যে অচলায়তন কাল আৰু সীমাহীন ব্রক্ষ্মাণ্ডত বিন্দুৰ সমানো নহয় মানুহৰ অস্তিত্ব । কিন্তু প্রতিজন মানুহক কেন্দ্র কৰি গঢ় লৈ উঠে একোখন পৃথিৱী । হাজাৰ ঘটনা আৰু সংযোগে একক কৰি তোলে সেই পৃথিৱীক । প্রতিজন মানুহৰ জীৱনেই সেয়ে ক’ৰবাত একক । অনন্য ।” তেওঁৰ জীৱনো একক । ঊনৈশ বছৰ বয়সতে, নিজৰ জাতিটোৰ বাবে, হাতত এখন দা লৈ অকলশৰীয়া এজনী ছোৱালী... হাবিৰ মাজেৰে জানৰ পানী ভাঙি গৈ আছে... । ক’লৈ কিয় যাবলগা হৈছিল সেই কথাবোৰৰেই কথা এই কিতাপখনো ।

তেখেতে কৈছে পোন প্রথমবাৰৰ বাবে পোনে পোনে কথা কিছুমান ক’ব বিচাৰিছে, যিবোৰ আমি নাজানো, যিবোৰ আমি বুজি লোৱাটো প্রয়োজন- “নির্বাচন বন্ধ কৰিবলৈ আন্দোলনৰ নেতাসকলে দিয়া আহ্বানত কেনেকৈ শয়ে শয়ে আহুতি গৈছিল অসমৰ মানুহ ! স্কুল-কলেজ বন্ধ ৰখাৰ নির্দেশনা পালন কৰিবলৈ গৈ কেনেকৈ এজাক আন্দোলনকাৰী ল’ৰা-ছোৱালী সোমাই পৰিছিল ভয়ংকৰ সংঘর্ষত ! কেনেকৈ চিনি পাব পাৰি বিশুদ্ধ দেশপ্রেম আৰু ৰাজনৈতিক চাতুৰীৰ মাজৰ পার্থক্য ! কেনেকৈ চিনি পাব পাৰি সূতাৰে বান্ধি পুতলাৰ দৰে নচুৱাব খোজা হাতবোৰক !” তেওঁ কৈছে- কেনেকৈ ‘জয় বাংলা’ পাৰ হৈ ‘জয় আই অসম’এ অধিকাৰ কৰিছিল তেওঁৰ আৱেগক । কেনেকৈ ‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’ হৈ পৰিছিল তেওঁলোকৰ জাতীয় চেতনাৰ আধাৰ । কিয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পূর্ববংগৰ খেতিয়কৰ বাবে অসমৰ দুৱাৰ খুলি দিছিল । অসমীয়া নহৈয়ো কিয় ব্রিটিছ শংকিত হৈছিল প্রব্রজনৰ গতি দেখি, কিয় ১৯২০ চনত তেওঁলোকে লাইন প্রথাৰ প্রয়োগ কৰিছিল, প্রব্রজিত বঙালী মুছলমানৰ পৰা খিলঞ্জীয়াসকলক কিয় পৃথক কৰি ৰাখিব বিচাৰিছিল, কিয় ১৯৩৫ চনতেই ব্রিটিছ বিষয়া চি এছ মোলানে কৈছিল যে অহা ত্রিছ বছৰৰ ভিতৰত মাত্র শিৱসাগৰ জিলাতহে অসমীয়াৰ আধিপত্য থাকিব ।

তেওঁ প্রশ্ন কৰিছে যে- “স্বাধীনতা পোৱাৰ আগলৈ অসমীয়া নেতাসকলে প্রব্রজন ৰোধ কৰি খিলঞ্জীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ বাবে যুঁজ কৰিছিল কিন্তু স্বাধীনতাৰ পিছত সেই জাতীয়তাবাদী নেতাসকল কিয় নীৰৱ হৈ পৰিল ? যি বিষয় লৈ স্বাধীনতাৰ আগতেই সৰৱ আছিল তেওঁলোক, স্বাধীনতাৰ পিছত কাৰ স্বার্থৰ বাবে একেটা বিষয়ে গুৰুত্ব হেৰুৱালে । কেৱল পমুৱা মুছলমানৰ ভোটবেংক নে অন্য কিবা কাৰণো আছে ? স্বাধীনতাৰ পিছৰ পৰা কোনে ব্যৱহাৰ কৰি আছে সেই ভোটবেংক ? অসমৰ কিমান মানুহে মৌলানা ভাসানীৰ কথা জানে ? কিমানে জানে তেওঁ পমুৱা মুছলমানৰ পক্ষত কেনেকৈ ৰাজনীতি কৰিছিল ? অসমীয়াৰ স্বার্থৰ বিপৰীতে কাম কৰা এই মুছলিম লীগৰ নেতাসকলৰ কথা কিয় ক’তো আলোচনা নহয় ? অসমৰ বনভূমিক পমুৱাৰ আগ্রাসনৰ পৰা ৰক্ষা কৰাত নিকলছ ৰয়, ৰূপনাথ ব্রক্ষ্ম, ভীমবৰ দেউৰী, বীৰছিং দেউৰী আদি জনজাতীয় নেতাৰ ভূমিকা যথেষ্ট, যিবোৰ ভালদৰে চর্চ্চাই হোৱা নাই, কেৱল আমি গোপীনাথ বৰদলৈৰ নামহে লওঁ । অসম আন্দোলনৰ পিছত অসমীয়া মানুহে হিতেশ্বৰ শইকীয়াক ‘জাতিদ্রোহী’ বুলি চিহ্নিত কৰিছিল; কিন্তু তেখেতৰ মূল্যায়ণ হয়তো এতিয়াও সঠিককৈ হোৱা নাই । কাৰ ইচ্ছাত কিয় তেওঁ, তেওঁৰ চৰকাৰে উঠা-বহা কৰিবলগা হৈছিল ? মৌলানা ভাসানীয়ে ‘চল চল দৰং চল’ শ্লোগানেৰে কেনেকৈ দৰং জিলাৰ পতিত মাটি দখল কৰিবলৈ সাহস কৰিছিল ? মংগলদৈত নিশা পমুৱা মুছলমানে ‘কাণমে বিড়ি মুহমে পাণ, লড়কে লেংগে পাকিস্তান’ চিঞৰি চিঞৰি অসমীয়া গাঁওবোৰ লুটিবলৈ কেনেকৈ পাৰিছিল ? ছাদুল্লাই কিয় অসমক মুছলমান প্রদেশ কৰিব খুজিছিল !” ...অলেখ প্রশ্ন ! ৰাজনীতিৰ মেৰপেচ, ক্ষমতাৰ লালসা, চতুৰ ৰাজনীতিক, ষড়যন্ত্র !   

...পৰম বিশ্বস্ত মানুহে বিশ্বাসঘাতকতা কৰিছিল । এৰাতি হাতেসজা পিষ্টল লৈ ভৰ আন্দোলনৰ মাজতে লেখক ওলাই গৈছিল সশস্ত্র বিপ্লৱৰ অংশ হ’বলৈ । বিশ্বাসঘাতকতাৰ যন্ত্রণাই মনোবল দিছিল সকলো প্রত্যাহ্বান, সকলো প্রতিকূলতা পাৰ হৈ, ধুমুহাৰ সাগৰ সাঁতুৰি, জুইৰ পথাৰ পাৰ হৈ, বৰফাবৃত পর্বত শীর্ষত পতাকা পোতাৰ । য’ত তেওঁৰ মৃত্যু হোৱাৰ কথা আছিল তাত তেওঁৰ জন্ম হৈছিল, য’ত মৰহি যোৱাৰ কথা আছিল তাত উজ্জীৱিত হৈ উঠিছিল অশ্বাৰোহী সৈনিকৰ তেজস্বিতা । ‘সংকল্প শিখা’ কার্যসূচীত নিজৰ হাত কাটি তেজেৰে আন্দোলনকাৰীসকলৰ কপালত ফোঁট দিছিল ! আজিও সমালোচিত হয় সেয়া আৱেগসর্বস্বতা, মূর্খামি বুলি । কিন্তু তেওঁ সেই সময়ত দেশক ভালপোৱা মনটোক, আৱেগৰ বিশুদ্ধতাক পৰম মূল্যৱান সম্পদ হিচাবে সঞ্চয় কৰি ৰাখিছে ।

...এদিন আত্মগোপন কৰিব লগা হৈছিল তেওঁ । কোনো এদিন ‘চালেহা’ নাম লৈছিল । আৰু এদিন জে’ল খাটিছিল, তেওঁৰ লগতে তেওঁৰ দেউতাকেও... পাণবজাৰ থানা, ডিব্রুগড় সদৰ থানা...প্রিয় গোস্বামীৰ দৰে শত্রু হেন পুলিচ বিষয়া লগ পোৱাৰ দৰে জি এম শ্রীবাস্তৱৰ দৰে সভ্য বিষয়াও লগ পাইছিল । শ্রীবাস্তৱে তেওঁক সুধিছিল যে ইমান কষ্টেৰে আন্দোলন কৰি তেওঁলোকে কি পালে ? সেই প্রশ্নৰ উত্তৰ দিব নোৱাৰাত তেওঁ লেখকক কৈছিল- ‘আপোনালোকৰ কষ্ট অথলে গ’ল !’ এৰা, সঁচা নহয়জানো কথাষাৰ ? অসম আন্দোলনৰ ফলত কি পালে অসমীয়াই ? 

লেখকে কৈছে যে ডিব্রুগড় কাৰাগাৰত থকা সময়তে প্রখৰ হৈছিল তেওঁৰ চিন্তা আৰু পর্যবেক্ষণৰ শক্তি । অনেক বন্দী লগ পাইছিল- বীণা, জোনাকী বাই, দুখী বাই, লক্ষী, জয়মতীজে’লৰ ভিতৰতো দেখিছিল ৰাজনীতি, অনিয়ম, কয়েদীৰ বাবে অনা মাছ-গাখীৰ, কাপোৰ-কানি যায় জেইলাৰ ছুপাৰিনটেনডেণ্টৰ ঘৰলৈ, তেজপুৰৰ মানসিক ৰোগীবোৰে ঠাই পায়হি কাৰগাৰত ! তাতো তেওঁ যুঁজিছিল বন্দীসকলৰ প্রাপ্যৰ বাবে । তেওঁ স্বীকাৰ কৰিছে যে- “বিন্দু আৰু বৃত্তত মই বিন্দুৰ দৰে ক্ষুদ্র যদিও এটা কথা ক’ব লাগিব, আন্দোলনপূর্বৰ জীৱন আৰু আন্দোলনকালৰ জীৱনৰ অভিজ্ঞতাবোৰে মোক মহত্বৰ জীৱনৰ দিশলৈ আৰু এখোজ আগুৱাই নিছিল । সাধাৰণ জীৱনৰ মাজতো গঢ় লৈ উঠিব ধৰিছিল পোহৰেৰে গঢ়া এটা স্তম্ভ । মই পাৰ হৈ গৈছিলোঁ পৰিয়াল নামৰ সামাজিক বৃত্তৰ পৰিধি । কল্যাণৰ ধাৰণাই গঢ়া বৃহত্তৰ এখন পৃথিৱীৰ দুৱাৰমুখত মই থিয় হৈছিলোঁ । এয়া অহমিকা নহয় । উদযাপন কৰিব পৰা এক অন্য আনন্দ । অন্য পৰিতুষ্টি । অর্থপূর্ণ জীৱনৰ গৰাকী হোৱাৰ এয়া এক অনন্য প্রশান্তি ।”

লেখকে যেতিয়া ক্লাচ টেনত পঢ়া নিজৰ পুত্রক সুধিছিল যে মহাভাৰতৰ চৰিত্রবোৰ এতিয়াও আছেনে বুলি, পুত্রই উত্তৰ দিছিল- “বছৰ গুচি যায়, জেনেৰেচন গুচি যায়, দশক পাৰ হৈ যায়, কিন্তু পৃথিৱীখন একে থাকে । বিশ্বৰ সমাগ্রিক ব্যৱস্থা একে থাকে । পৃথিৱীখন দেখাত সলনি হয়, কিন্তু যি ছিষ্টেমটো চলি আহি আছে তাৰ পৰিৱর্তন নহয় । আগৰ দিনত যি আছিল সেইবোৰ একেই আছে । ডিফাৰেন্স এটাই- পৃথিৱীখন মডার্ণ আৰু ডেভেলপড হৈ গৈছে...” মিছা জানো কথাবোৰ ?

জে’লৰ ভিতৰত পোৱা বিচিত্র অভিজ্ঞতাৰে তেওঁৰ জীৱনৰ এখিনি সময় সমৃদ্ধ হৈছিল । তেওঁ কৈছে- “অসম আন্দোলন চলি আছিল । মোৰ দৰে আন্দোলনকাৰী হাজাৰজন আছিল । একেটা সময়তে চৌপাশৰ সমাজখনত তেতিয়াও ঘটি আছিল সদায় ঘটি থকা ঘটনাবোৰ । সমাজৰ নিয়ম সময়ৰ লগে লগে সলনি হয় । মনস্তৰৰ প্রাথমিক কথাবোৰ একে থাকে । সদায় একে থাকে । কিছুমান দেখা যায়, কিছুমান দেখা নাযায় । কিছুমান বিষয়ৰ ওপৰত অধিক পোহৰ পৰে । কিছুমানৰ ওপৰত নপৰে । সময়ৰ লগে লগে সম্পর্কৰ ৰূপ সলনি হয় । কিন্তু প্রকৃতিৰ পৰা লাভ কৰা বিচিত্র মানসিকতা একেই থাকে ।”

সেই কম বয়সতে তেওঁ পাইছিল পদে পদে প্রত্যাহ্বান, বিঘিনি, ষড়যন্ত্র, প্রতিবন্ধকতা । সকলো নেওচি তেওঁ যুঁজিছিল, থিয় হৈছিল সকলো বাধাৰ বিপৰীতে । জে’লৰ ভিতৰত থাকোঁতেই লেখকে লেখা প্রথম উপন্যাস ‘অবিৰত যাত্রা’ই সাহিত্য সভাৰ পুৰস্কাৰো পাইছিল । তেওঁ কৈছে, যি সময়ত তেওঁক গুৱাহাটী জে’ললৈ লৈ যোৱা হৈছিল সেই সময়ত হয়তো সর্বসাধাৰণৰ দৃষ্টিৰ আঁৰত কোনো বন্ধ কোঠাত চলি আছিল বিশ্বাসঘাটকতাৰ আখৰা । দেশৰ কাৰণে বলি গৈ আছিল ক্ষমতাৰ ৰাজনীতি বুজি নোপোৱা এজনৰ পিছত আনজন তেজাল ডেকাল’ৰা । তেওঁ সুধিছে, প্রতিজন অসমীয়াই যদি নিজক গঢ়ে তেন্তে অসমীয়া জাতি জানো বিকশিত আৰু সুৰক্ষিত হৈ নপৰিব ? বাহিৰৰ পৰা আহি কোনোবাই সকলোফালে তিষ্ঠি থকাৰ যোগ্য জাতি এটাৰ অস্তিত্ব সাময়িক ভাৱেহে সংকটত পেলাব পাৰে, পৰিচয়হীন কৰি পেলাব নোৱাৰে । শেষত তেওঁ কৈছে যে- অসম চুক্তিখন ভালদৰে চালেই কিছুমান অসহনীয় বাস্তৱ চকুত পৰে । ভিত্তি বছৰ আছিল ছয়ষষ্ঠি, এসত্তৰ নহয় । যদি অবৈধ বিদেশীক বহিষ্কাৰ কৰিব পৰা নাযায় তেন্তে কৰিব পৰা আৰু কি আছে ? অসমীয়াই কেৱল ৰাষ্ট্রীয়তাবাদৰ লগত কান্ধত কান্ধ মিলাই আগবাঢ়িলে নিজৰ সুৰক্ষা আৰু বিকাশৰ সম্ভাৱনীয়তাৰ নিশ্চয়তা পাবনে ? মাত্র আন্দোলনে জানো ৰক্ষা কৰিব অসমীয়াক ? জাতীয় আৱেগক ব্যৱহাৰ কৰি ক্ষমতাৰ খেলাত মত্ত হোৱা স্বার্থান্ধ আৰু চতুৰ নেতাৰ প্রৰোচনাত ব্যয় হ’বলৈ এৰি দিব পাৰি জানো নতুন প্রজন্মৰ মহার্ঘ জীৱন ?

পাৰিনে ? নিশ্চয় নোৱাৰি । তেন্তে অসম আন্দোলনৰ ফলত অসমীয়াই কি পালে ? অসমীয়াৰ ভেঁটি দুর্বল কৰিবলৈকে বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত আনিবলৈ এচামে সাৰ-পানী দিয়া নাছিল জানো ? পৃথক বড়োলেণ্ডৰ দাবী কিয় হ’বলৈ পালে ? যি সমস্যা সমাধান আৰু শংকা দূৰ কৰিবলৈ অসম আন্দোলন আৰম্ভ হৈছিল সেয়া আজিও জানো একে হৈ থকা নাই ? অসমৰ ৰাজনীতিত কিবা আশাব্যঞ্জক সলনি হৈছে বুলি ক’ব পাৰিনে ? আন্দোলনৰ নামত, জাতিপ্রেমৰ নামত অসমীয়াক আৱেগিকভাৱে প্রৰোচিত কৰা হোৱা নাছিল জানো ? যিমান গণহত্যা হ’ল সেয়া জানো শীতল মস্তিষ্কৰ পৰিকল্পিত আঁচনি নাছিল ? সকলোৰে আঁৰত কেৱল ক্ষমতাৰ লোভেই আছিল নে ?

যি কি নহওক, লেখকে সেই ঊনৈশ বছৰ বয়সতে নিজৰ জাতিৰ বাবে ঘৰৰ পৰা ওলাই গৈ, হাবিয়ে বননিয়ে অ’ত ত’ত ভোকে লঘোণে থাকি, আত্মগোপন কৰি, জে’ল খাতি হৰেক ৰকমৰ অভিজ্ঞতা বুটলিলে । জীৱনক দেখিলে । হত্যাৰ ভাবুকি পালে । নিজৰ ঘৰখন থানবান হ’ল যদিও সাহসেৰে যুঁজিলে তিষ্ঠি থকাৰ যুঁজ । তেওঁ যদি নিলিখিলে হয় আমি নাজানিলোহেঁতেন তেওঁ পাৰ কৰি অহা সংঘাটময় জীৱন এছোৱাৰ কথা । তেওঁ যিদৰে পদে পদে শত্রুৰ সন্মুখীন হৈছিল, একেদৰে আত্মীয়তাৰ ওমালো লাভ কৰিছিল অচিনাকী বহু শুভাকাংক্ষীৰ পৰা । তেনে কিছুমান লোকৰ কথা তেওঁ বর্ণন কৰিছে । কোনোৰ বিষয়ে বিশেষ নকৈ কৈছে যে- “ক’বলৈ গ’লে বহুত ক’ব লাগিব । হয়তো নোকোৱাকৈ থাকিলেই সেই সম্পর্কৰ সৌন্দর্য আৰু গৰিমা আৰু বেছি উজ্জ্বল হৈ থাকিব । নীৰৱতাৰ ভাষাও কেতিয়াবা বহুত শক্তিশালী হয় ।” খুব সঁচা কথা এষাৰ । বুজি পোৱা সকলে সেয়া নিশ্চয় বুজে ।

ঠিকেই কৈছে লেখকে । অপৰিণত আছিল সেই সময়ত তেওঁলোকৰ ভাবনাবোৰ । আত্মাহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল । আৱেগপ্রৱণ, দেশক ভালপোৱা, সৎ, তৰুণ এচামক বিপথে পৰিচালিত কৰা হৈছিলসেয়ে কোনোবা শ্বহীদ হৈছিল, কোনোবা জাতিপ্রেমৰ ব্যৱসায়ী আৰু কোনোবা হৈছিল ৰাজনীতিক । “অপৰিণত মনৰ ভাবনাবোৰৰ পৰিণত মনৰ ভাবনাবোৰৰ দৰেই গুৰুত্ব আছে । কাৰন কোনো সমাজ-বিপ্লৱ বা গণ সংগ্রাম অপৰিণত তৰুণৰ যোগদান অবিহনে সফল হোৱাটো সম্ভৱ নহয় ।” সেয়ে লেখকে লেখিছে পাৰ হৈ অহা জীৱনৰ কেকঁৰিবোৰৰ কথা, পথসন্ধিবোৰৰ কথা, ব্যক্তিগত আৰু সামূহিক অস্তিত্ব ৰক্ষাৰ সংগ্রামৰ সুদীর্ঘ পথৰ কথা । যিবোৰ কথা আমি জনাটো প্রয়োজন ।

March 21, 2022

The Universe In A Single Atom

 


“The Universe In A Single Atom”
লেখকঃ His Holiness The Dalai Lama (The convergence of science and spirituality)
প্রকাশকঃ Harmony Books, New York, 2005

 

কিতাপখন কিয় পঢ়িবলৈ মন গ’ল বুলিলে নিজৰ মনলৈ অহা কথাটো হ’ল ‘Universe’ ৰ সৈতে জড়িত কথাবোৰ এজন বুদ্ধিষ্ট ধর্মগুৰুৱে কেনে ধৰণেৰে ব্যাখ্যা কৰিছে সেয়া জানিবলৈ মন গৈছিল । যিহেতু ধর্ম আৰু বিজ্ঞানে একেবাটে বাট বুলিব নিবিচাৰে, তেনে সময়ত বুদ্ধধর্মৰ প্রতি সামান্য হ’লেও আকর্ষণ থকাৰ বহুকেইটা কাৰণৰ ভিতৰত ইয়ো এটা যে ই পোনছাটেই বিজ্ঞানক, অন্য ধর্মক অমান্য নকৰে; কেৱল নিজকে শুদ্ধ বুলি নাভাবি আনৰ কথাবোৰো চালি-জাৰি চাবলৈ কয় ।

 

দ্য দালাই লামাৰ “The Universe In A Single Atom” কিতাপখনত বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজৰ সম্পর্কক ব্যাখ্যা কৰিছে । কথাবোৰ পঢ়িলে অনুভৱ হয় যে প্রকৃতার্থত তেওঁ কিমান অমায়িক ব্যক্তি । প্রজ্ঞাৰ জ্যোতিৰে উজ্জ্বল ব্যক্তি সঁচাকৈ এনেকুৱাই হয় চাগৈ । তেনে ব্যক্তিৰ কথাবোৰ পঢ়িলে-শুনিলে নিজৰ ধূলিকণাসম অস্তিত্বৰ কথা ভাবি শিৰ নত হয় । অথচ কিমান যে স্পর্ধা তেনে বহু নগন্য অস্তিত্বৰ অধিকাৰীসকলৰ ! যি কি নহওক, কিতাপখনত সর্বমুঠ ৯টা অধ্যায় আছে-

1.   Reflection

2.  Encounter with science

3.  Emptiness, relativity, and quantum physics

4.  The big bang and the buddhist beginningless universe

5.  Evolution, karma, and the world of sentience

6.  The question of consciousness

7.  Toward a science of consciousness

8.  The spectrum of consciousness

9.  Ethics and the new genetics

Conclusion: Science, spirituality, and humanity

 

প্রস্তাৱনাত তেখেতে কৈছে যে তেওঁক কেতিয়াও বিজ্ঞানৰ শিক্ষা দিয়া নাছিল । বিজ্ঞান-বিষয়ক কথাবোৰ তেওঁ Newsweekৰ দৰে বিজ্ঞান আলোচনী পঢ়ি আৰু BBCত প্রচাৰিত ৰিপ’র্ট কিছুমান শুনিহে আহৰণ কৰিছিল আৰু পিছলৈ এষ্ট্রন’মিৰ কিতাপ পঢ়ি । তেওঁ কৈছে যে বৌদ্ধ ধর্মৰ কিছুমান তত্ত্বক যদি বিজ্ঞানে ভুল বুলি প্রমাণ কৰিছে তেন্তে সেইখিনি এৰি দি বিজ্ঞানৰ কথাবোৰ মানি ল’ব লাগে । যিহেতু তেওঁ হৃদয়েৰে এগৰাকী নেচনেলিষ্ট, বৈজ্ঞানিকৰ যিটো কথাই তেওঁক আটাইতকৈ বেছি প্রভাৱিত কৰে সেইটো হৈছে যে বৈজ্ঞানিকসকলে জ্ঞানৰ ভাগ-বতৰা কৰোতে দেশৰ সীমাৰ কথা নাভাবে । ইমান দিনে তেওঁ পৃথিৱীৰ বিভিন্ন বৈজ্ঞানিকৰ সৈতে ব্যক্তিগতভাৱে বহতো আলোচনাত ভাগ লৈছে আৰু তেওঁলোকে ব্যাখ্যা কৰা বৈজ্ঞানিক কথা, নতুন আৱিষ্কাৰ সমুহৰ অন্তৰালত নিহিত থিয়ৰি, মডেলসমূহ বুজিবলৈ চেষ্টা কৰিছে । কিন্তু তেওঁৰ বাবে কেৱল সঁচাক জানিবলৈ বিচৰা বিজ্ঞানৰ মানসিকতাটোৱেই গুৰুত্বপূর্ণ নহয়, তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ই মানুহৰ নৈতিকতা আৰু প্রমূল্যক কেনেকৈ প্রভাৱিত কৰিব । তেওঁ উল্লেখ কৰিছে যে এই কিতাপখনৰ যোগেদি বিজ্ঞান আৰু ধর্মক (প্রধানকৈ বৌদ্ধ ধর্ম, যিটো তেওঁ ভালকৈ জানে) একেলগ কৰিবলৈ বিচৰা নাই, পৰিৱর্তে আমাৰ চাৰিওফালৰ দেখা-নেদেখা পৃথিৱীখনক আৰু ভালকৈ জানিবলৈ এই দুয়োটা ভাগকে অধ্যয়ন কৰাৰ চেষ্টাহে মাথোঁ । তেওঁৰ মতে বিজ্ঞান আৰু আধ্যাত্মিকতা একে নহয় যদিও দুয়োৰে উদ্দেশ্য একেটাই- প্রকৃত সত্যক জানিব বিচৰাটো । There is much each may learn from the other, and together they may contribute to expanding the horizon of human knowledge and wisdom.

 

সঁচা কথা ক’বলৈ গ’লে কিতাপখন পঢ়োতে মোৰ ভালেমান সময় লাগিল । প্রথম কাৰণটো হ’ল- ইংৰাজী ভাষাটোত থকা দুর্বলতা, কিছুমান বাক্যৰ প্রকৃত অর্থটো বুজিবলৈ একেটা বাক্যকে কেইবাবাৰো পঢ়িব লগা হয় । দ্বিতীয় আৰু প্রধান কাৰণটো হ’ল- কথাবোৰ পঢ়ি প্রথমে ভাবো, তাৰপিছত বুজিবলৈ চেষ্টা কৰো আৰু বুজি পোৱাৰ শেষত পুনৰাই ভাবিবলৈ লাগি যাওঁ ! বুজি পোৱাৰ শেষ নহয় আচলতে, সেয়ে কথাবোৰৰ পিছে পিছে বৃত্ত এটাত ঘূৰি থাকোতে ওলাই আহিবলৈ বহু সময় লাগে । কিতাপখনৰ কথাবোৰৰ ব্যাখ্যা কৰিবলৈ মই অপাৰগ, কিন্তু ভাবি থাকিবলৈ মন যোৱা কথা দুটামান লিখি থওঁ ইয়াতে-

 

আমি ভাবো যে আমাৰ যি একক অস্তিত্ব সেয়া আমাক সৃষ্ট মানসিক আৰু শাৰীৰিক আধাৰসমূহৰ উর্দ্ধত এক স্বতন্ত্র সত্বা । কিন্তু বুদ্ধ ধর্মৰ theory of emptiness reveals that this is not only a fundamental error but also the basis for attachment, clinging, and the development of our numerous prejudices. The fundamental truth of “the way things really are” is described in the Buddhist writings as “emptiness,” or shunyata in Sanskrit. The world, according to the philosophy of emptiness is constituted by a web of dependently originating and interconnected realities, within which dependently originated causes give rise to dependently originated consequences according to dependently originating laws of causality. What we do and think in our own lives, then, becomes of extreme importance as it affects everything we’re connected to. PARADOX! সকলো মকৰাজাল ! কোনো বস্তুৱেই স্বতন্ত্র নহয় ।

 

বিগ-বেঙৰ ফলস্বৰূপে সৃষ্টি হোৱা ব্রক্ষ্মাণ্ডৰ কথা বৌদ্ধ ধর্মৰ কিছুমান মতবাদৰ সৈতে কেনেকৈ মিলে সেয়া ব্যাখ্যা কৰোতে তেখেতে কৈছে- ধাৰণা কৰা হয় যে বহু বহু বিলিয়ন বছৰৰ আগতে বিগ-বেং বোলা মহাজাগতিক এক বিস্ফোৰণৰ ফলত ব্রক্ষ্মাণ্ডৰ সৃষ্টি হৈছিল । বহু জ্যোতির্বিজ্ঞানীয়ে বিশ্বাস কৰে যে এই বিস্ফোৰণৰ কেইটামান ছেকেণ্ডৰ পিছতে তাপমাত্রা এনে এটা বিন্দুলৈ কমি গৈছিল যাৰ ফলশ্রুতিত কিছুমান বিক্রিয়া হৈ নিউক্লিয়াছৰ সৃষ্টি হয় যি পাতল অণু কিছুমানৰ সৃষ্টি কৰে আৰু তাৰপৰাই পিছলৈ মহাজগতৰ সকলো পদার্থৰ সৃষ্টি হ’ল । ১৯৬০ দশকত গোটেই বিশ্বব্রক্ষ্মাণ্ডতে অতি চুটি বেতাঁৰ তৰংগৰ উপস্থিতি ধৰা পৰিছিল যাক বেগ-বেঙৰ পৰিঘটনাসমূহৰ echo and/or afterglow বুলি ভবা হয় । আধুনিক জ্যোতির্বিজ্ঞানীৰ এচাম বিজ্ঞানীয়ে বিশ্বাস কৰে যে- the universe is expanding at a steady rate, with constant laws of physics applying all the time. আৰু অন্য চাম বিজ্ঞানীয়ে cosmic explosionৰ ফলত বিশ্বব্রক্ষ্মাণ্ডৰ সৃষ্টি প্রক্রিয়াক বিশ্বাস কৰে । চুটি বেতাঁৰ তৰংগৰ উপস্থিতিয়েও cosmic explosion অর্থাৎ বিগ-বেং থিয়ৰিকেই সঁচা বুলি প্রমাণ কৰে । বৌদ্ধ ধর্মৰ মতবাদেও ইয়াক সঁচা বুলি মনাৰ উদাহৰণ হিচাপে উল্লেখ থকাৰ কথা কৈছে- to defy the authority of empirical evidence is to disqualify oneself as someone worthy of critical engagement in a dialogue.

 

বৌদ্ধ ধর্মৰ পৰম্পৰাগত জ্যোতির্বিজ্ঞানৰ দুটা ভাগ ‘অভিধর্ম’ আৰু ‘কালাছক্র’ৰ কথা উল্লেখ কৰি তেওঁ কৈছে- দুয়ো ভাগেই দাবী কৰে যে এই ব্রক্ষ্মাণ্ডৰ দৰে আৰু অগণন ব্রক্ষ্মাণ্ড আছে । In principle, although there is no “beginning” or “end” to the universe as a whole, there is a definite temporal process of a beginning, middle, and end in relation to any individual world system. সেই গতিকে কোনো ব্রক্ষ্মাণ্ডৰ ধ্বংসৰ কাৰক, earth আৰু spaceৰ বাহিৰে পানী, জুই আৰু বতাহৰ দ্বাৰা হ’ব পাৰে । যি মৌলিক উপাদান পূর্বৰ ব্রক্ষ্মাণ্ডৰ ধ্বংসৰ কাৰণ হ’ব, সেই একেটাই নতুন ব্রক্ষ্মাণ্ড একোখনৰ সৃষ্টিৰ আধাৰো হ’ব । বুদ্ধিষ্ট ক’চম’লজিয়ে বিশ্বাস কৰে যে গংগা নদীৰ বালিকণাতকৈয়ো বেছি অগণন ব্রক্ষ্মাণ্ড আছে, যিবোৰ সৃষ্টি হোৱাৰ দৰেই এদিন ধ্বংসও হয় । গতিকে ক’ব পাৰি যে the universe has no absolute beginning. এনেবোৰ যুক্তি, মতবাদ আদিয়েই বিজ্ঞানৰ ক্ষেত্রখনত কিছুমান প্রশ্নৰ অৱতাৰণা কৰিছে- বিগ-বেং মাত্র এটাই পৰিঘটনা নে এনে বহু মহা-বিস্ফোৰণ হৈছিল ? ব্রক্ষ্মাণ্ড এই এখনেই নে বহুতো আছে, নে অসীম সংখ্যক আছে ? ব্রক্ষ্মাণ্ডৰ পৰিসৰ সসীম নে অসীম ? আমাৰ এই ব্রক্ষ্মাণ্ড অসীমলৈ বহল হৈ হৈ গৈ থাকিব, নে সৃষ্টিৰ দৰেই ধ্বংসমুখী হৈ ক্রমে কমি আহিব ? ‘কালাছক্র’ত বর্ণিত অনুসৰি space is not a total nothingness, but is medium of “empty particles” or “space particles”, which are thought of as extremely subtle “material” particles. This space element is the basis for the evolution and dissolution of the four elements (earth, water, fire, air), which are generated from it and absorbed back into it.

 

বুদ্ধিষ্ট জ্যোতির্বিজ্ঞানে ব্রক্ষ্মাণ্ড সৃষ্টিৰ প্রক্রিয়াক চাৰিটা ভাগত ভাগ কৰিছে- first there is a period of formation, then a period when the universe endures, then when it is destroyed, followed by a period of void before the formation of a new universe. During the fourth period, that of emptiness, the space particles subsist, and it is from these particles that all the matter within a new universe is formed. It is in these space particles that we find the fundamental cause of the entire physical world. মহাযানৰ ‘The flower Ornament Scripture’ৰ বর্ণিত অসীম সংখ্যক ব্রক্ষ্মাণ্ড আৰু মানৱ জাতিৰ সীমিত জ্ঞানৰ কথা উল্লেখ থকাৰ লগতে ‘The Incalculable’ ত বর্ণিত বৃহৎ সংখ্যাৰ কথা উল্লেখ কৰি কৈছে যে- It suggests that if “untold” worlds are reduced to atoms and each atom contains “untold” worlds, still the numbers of world system will not be exhausted.

এইখিনি পঢ়ি থাকোঁতে আগতে লিখা “দলঙৰ ঘৰ”ৰ “শাওণা”ৰ কথাকেইটামান মনলৈ আহিল, য’ত সি ফেদেলাক বুজাইছিল যে- “অপৰিমেয় ঘনত্বৰ আৰু অপৰিমেয় ক্ষুদ্র কণা এটাৰ ভিতৰতে সমস্ত ব্রক্ষ্মাণ্ডখন সোমাই আছিলপৃথিৱীখনক চাৰিওফালৰপৰা চেপি সৰু কৰি আনি এটা মার্বলৰ সমান কৰি পেলালে পৃথিৱীখনৰ সমস্তখিনি অতি ঘনকৈ মার্বলটোৰ সমান ঠাইত সোমাই পৰিব । ...মানুহৰ বুদ্ধি, বোধ আৰু কল্পনাৰে ব্রক্ষ্মাণ্ডখনৰ আয়োজনক বুজি পাব নোৱাৰি ।” সঁচাকৈ, কিমান এনে “untold worlds” আছে চাগৈ ! মানুহৰ কি সাধ্য তাক জনাৰ !

 

বিজ্ঞানৰ সৈতে বুদ্ধিষ্ট মতবাদৰ পার্থক্য থকাৰ কথা উনুকিয়াই এটা অধ্যায়ত তেখেতে উল্লেখ কৰিছে যে- For biology, consciousness is a secondary issue, since it is a characteristic of a subset of living organisms rather than of all of life. In Buddhism, since the definition of “living” refers to sentient beings, consciousness is the primary characteristic of “life”. In Buddhism, there is no recognition of the presence of something like the “soul” that is unique to humans. From the perspective of consciousness, the difference between humans and animals is a matter of degree and not of a kind.

একে অধ্যায়তে উল্লেখ থকা বৌদ্ধ ধর্মৰ আন এটা মতবাদৰ মতে- at the most fundamental level, no absolute division can be made between mind and matter. Matter in its subtlest form is prana, a vital energy which is inseparable from consciousness. Because of this indivisibility, there is a profoundly intimate correlation between the elements within our bodies and the natural elements in the outside world. In fact, according to Buddhist Vajrayana thought, there is an understanding that our bodies represent microscopic images of the greater, macroscopic world. উদাহৰণ হিচাপে তেওঁ কৈছে যে ১৫ শতিকাতে এজন তিব্বেতিয়ান চিন্তাবিদে নিজৰ ওপৰতে পৰীক্ষা কৰি প্রমাণ পাইছিল যে সূর্য গ্রহণ আদিৰ দৰে পৰিঘটনাত স্বাভাৱিক হৃদস্পন্দনৰ তাৰতম্য ঘটে । এই কথাখিনি পঢ়ি ভাবি থাকিলো যে প্রকৃতার্থত যাক জ্যোতির্বিজ্ঞান বা এষ্ট্র’ন’মি বোলা হয়, একেকোবে অগ্রাহ্য কৰিব নোৱাৰি ! আছে, থাকে, সকলোবোৰ কথাৰেই একো একোটা অন্তর্নিহিত কাৰণ থাকে !

 

মানৱ জাতিৰ বিৱর্তন সম্পর্কে অভিধর্ম ক’চম’লজিৰ progressive degenerationক যিদৰে তেওঁ গ্রহণযোগ্য বুলি নাভাবে, একেদৰে দাৰউইনৰ “survival of the fittest” থিয়’ৰিও কিছু পৰিমাণে আসোঁৱাহপূর্ণ বুলি কৈছে । ‘মজা লগা’ বুলি যে কয়, দাৰউইন থিয়’ৰিৰ ব্যাখ্যাখিনি পঢ়ি মোৰো ঠিক তেনে এক অনুভৱেই হ’ল । তেওঁ কৈছে যে- The theory of natural selection maintains that, of the random mutations that occur in the genes of a given species, those that promote the greatest chance of survival are most likely to succeed. From the Buddhist perspective, the idea of these mutations being purely random events is deeply unsatisfying for a theory that purports to explain the origin of life. Karl Popper য়েও এই থিয়’ৰিক অস্বীকাৰ কৰাৰ কথা উল্লেখ আছে । তাৰোপৰি দাৰউইনৰ থিয়’ৰিয়ে নির্জীৱ বস্তু আৰু জীৱিত বস্তুৰ মাজত, যেনে- উদ্ভিদ আৰু অনুভৱ কৰিব পৰা সংবেদনশীল জীৱৰ মাজত থকা গুণগত প্রভেদক পর্য্যাপ্তভাৱে দেখুৱাব নোৱাৰে । 

যদিহে দাৰউইনৰ “survival of the fittest”ক স্বীকাৰ কৰি লোৱা হয় তেন্তে চিম্পাঞ্জীৰ দৰে জীৱৰ মাজত খাদ্য ভগাই লোৱা অথবা মৌ-মাখি, Arabian babbler নামৰ এবিধ চৰায়ে যে নিজৰ জাকটোক শত্রুৰপৰা বচাবলৈকে আত্মত্যাগৰ দৰে কার্য্য কৰি পৰোপকাৰিতা দেখুৱাই তাক কি বুলি কোৱা যাব ? এনে পৰোপকাৰিতাৰ সন্দর্ভত পিছৰ সময়ত দাৰউইনৰ মতবাদৰ ব্যাখ্যা হৈছে যদিও তাৰ সৈতে তেওঁ সহমত নহয় বুলি কৈছে । দাৰউইনৰ বিৱর্তনৰ সূত্রই ব্যাখ্যা কৰিব নোৱাৰা এই কথাটোকেই তেওঁ সূত্রটোৰ প্রধান প্রতিবন্ধক বুলিছে । প্রাকৃতিক পৰিৱেশত যিদৰে বিভিন্ন জীৱৰ প্রজাতিৰ মাজত বা একেটা প্রজাতিৰ ভিতৰতে জীয়াই থাকিবৰ বাবে প্রতিযোগিতা কৰা দেখা যায়, একেদৰেই গভীৰ সহযোগিতাও দেখা যায় । ঠিক সেইদৰে জীৱ-জন্তু আৰু মানুহৰ মাজত আক্রমণাত্মক কার্য্য দেখাৰ দৰে পৰোপকাৰিতা আৰু সহানুভূতিৰ আচৰণো দেখা পোৱা যায় । 

তেওঁ কৈছে যে তেন্তে কিয় আধুনিক বিজ্ঞানে কেৱল প্রতিযোগিতাক হে জীৱৰ বিকাশৰ মৌলিক কার্য্যকৰী ভিত্তি আৰু আক্রমণাত্মক আচৰণক হে কিয় মৌলিক আচৰণ বুলি গ্রহণ কৰে ? জীৱৰ বিকাশৰ ক্ষেত্রত পৰোপকাৰিতা আৰু সহানভূতিৰ আচৰণক কিয় নাকচ কৰিলে ? তেওঁ বিশ্বাস কৰে যে যদিওবা বিজ্ঞানে সম্পূর্ণকৈ মানৱ প্রজাতিৰ অস্তিত্বৰ কথা ব্যাখ্যা কৰিব নোৱাৰে, তথাপিও জানিবলৈ সদায় চেষ্টা কৰি থাকিব যে মানৱ প্রজাতিৰ সৃষ্টি কেনেকৈ হ’ল, কেনেকৈ জীৱৰ মাজত ইমান বিচিত্রতাৰ সৃষ্টি হ’ল । লগতে তেওঁ ইয়াকো কৈছে যে আমি সমাজ হিচাপে নিজৰ বাবে, আমি বাস কৰা পৃথিৱীখনৰ বাবে, বিজ্ঞান-বিষয়ক জ্ঞানৰ ক্ষেত্রখনত নম্রতাৰে কিছু সীমাবদ্ধতা ৰখাটো উচিত । কাৰণ- “The idea of the ‘survival of the fittest’ has been misused to condone, and in some cases to justify, excesses of human greed and individualism and to ignore ethical models for relating to our fellow human beings in a more compassionate spirit. Science must act as its own corrective to popular misconceptions and misappropriations of ideas that could have disastrous implications for the world and humanity at large.” এইটো সঁচা নহয় জানো যে আজিৰ মানুহে কেৱল জিকিব বিচাৰে, আনক গচকি হ’লেও সকলোতকৈ আগত যাব খোজে, য’ত মানৱীয় প্রমূল্যবোৰো অর্থহীন হৈ পৰে ? তেখেতে কৈছে যে জীৱৰ উৎপত্তিৰ ব্যাখ্যা সমূহ দাৰউইনৰ সূত্র মতে প্রত্যয়জনক হওক বা নহওকেই লাগে, এজন বুদ্ধিষ্ট হিচাপে তেওঁ ভাবে যে এই সূত্রত এটা অতি গুৰুত্বপূর্ণ কথা বাদ পৰিল, সেয়া হ’ল সংবেদনশীলতাৰ উৎপত্তি- বোধশক্তি থকা জীৱৰ উৎপত্তি, যিয়ে দুখ-আনন্দ অনুভৱ কৰিব পাৰে । তেখেতৰ মতে যেতিয়ালৈকে বোধ-জ্ঞান-মনৰ (consciousness)প্রকৃতি আৰু উৎপত্তি সম্পর্কে নির্ভৰযোগ্য কোনো ব্যাখ্যা পোৱা নাযায় তেতিয়ালৈকে বিজ্ঞানে আগবঢ়োৱা জীৱ আৰু বিশ্বব্রক্ষ্মাণ্ডৰ উৎপত্তিৰ ব্যাখ্যাসমূহো সম্পূর্ণ নহয় ।

 

Consciousnessৰ বিষয়ে ক’বলৈ যাওঁতে তেওঁ American medical school-ত হৈ থকা মগজুৰ অপাৰেছ্যন প্রক্রিয়াটো চাবলৈ সুযোগ পোৱাৰ কথা কৈছে । তেখেতে তেতিয়া নিউৰ’ছায়েণ্টিষ্টসকলক সুধিছিল যে যিহেতু মগজুত ঘটা কিছুমান ৰাসায়নকি বিক্রিয়াৰ বাবে ‘perception,’ ‘sensation’ জাতীয় মনোগত অনু্ভূতিসমূহ সংঘটিত হয়, ইয়াৰ বিপৰীতমুখী প্রক্রিয়াক কল্পনা কৰিব পাৰিনে ? Can one postulate that pure thought itself could affect a change in the chemical processes of the brain? এইখিনি কথা পঢ়িয়েই চাগৈ এই প্রশ্নটোকে লৈ দুমাহ মান ভবা-চিন্তা কৰি থাকিলো !

“Mind and Life” শীর্ষক এক সন্মিলনত তেওঁ মানসিক বিশেষজ্ঞ Rechard Davidsonৰ বক্তৃতাৰ কথা সোঁৱৰি কৈছে যে মানুহৰ কিছুমান ঋণাত্মক অনুভূতি যেনে- ভয়, ঘৃণা আদি মগজুৰ amygdala নামৰ অংশটোৰ সৈতে জড়িত । কোনোৰ যদি সেই অংশটো নষ্ট হৈ যায় তেন্তে সেই অনু্ভূতিসমূহো নোহোৱা হৈ যায় । বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি কোনো ব্যক্তিৰ মগজুৰ সেই অংশৰ কার্যক্ষমতা নোহোৱা কৰি দিলে ব্যক্তিজনৰ ওপৰত তাৰ কোনো নষ্টকাৰী প্রভাৱ নপৰে বুলি উপস্থাপন কৰাৰ কথাও তেওঁ মনত থকাৰ কথা উল্লেখ কৰিছে । তেনেই সহজ কথা নহয় যদিও, যদিহে সেই সম্পূর্ণ অংশটোৱেই আঁতৰাই দিয়া হয় তেন্তে সেয়া বেচ্ কার্যক্ষম আধ্যাত্মিক ৰীতি হ’ব বুলি তেওঁ কোৱাৰ লগতে ইয়াকো কৈছে- কিন্তু মগজুৰ সেই অংশটো মানুহৰ ভয় আদিৰ দৰে অনুভূতিৰ সৈতেও জড়িত, তেনেস্থলত সম্পূর্ণ অংশটোকেই আঁতৰাই দিলে মানুহে বহু ক্ষেত্রত স্বাভাৱিক কার্যক্ষমতাও হেৰুৱাই পেলাব । ইয়াৰ যোগেদি তেওঁ ক’ব বিচাৰিছে যে যদিওবা বিজ্ঞানে মানুহৰ মগজুৰ সৈতে কিছুমান মানসিক অনুভূতিৰ সম্পর্কৰ কথা প্রমাণ কৰাত সফল হৈছে কিন্তু স্নায়ুবিজ্ঞানে ‘consciousness’ বিষয়ে এতিয়াও প্রকৃত ব্যাখ্যা আগবঢ়াবলৈ অপাৰগ । মাত্র ক’বহে পাৰে যে মগজুৰ অমুকটো অংশত অমুকটো প্রতিক্রিয়া দেখা যায় বা ব্যক্তি এগৰাকীয়ে অমুক ধৰণৰ অনুভূতি অনুভৱ কৰিব পাৰে । কিন্তু কিয় তেনে হয় তাৰ সঠিক উত্তৰ দিব নোৱাৰে । উদাহৰণ হিচাপে তেওঁ কৈছে যে নীলা ৰং দেখিলে ব্যক্তি এজনে কেনে অনুভৱ কৰে, স্নায়ুবিজ্ঞানৰ কোনো ব্যাখ্যাই তাৰ গুৰি নাপায়গৈ । এজন স্নায়ু-বিশেষজ্ঞই ক’ব পাৰিব পাৰে যে ব্যক্তি এজনে সপোন দেখি আছে, কিন্তু সেই সপোনৰ সাৰমর্ম কি সেয়া ক’ব পাৰিব জানো ? 

এইখিনিতে তেওঁ দুটা প্রশ্ন কৰিছে- How do we explain the emergence of consciousness? What marks the transition from non-sentient to sentient beings? তেখেতৰ অনুসৰি ‘consciousness’ সম্পর্কে বিজ্ঞান আৰু বুদ্ধধর্মৰ মাজত থকা পার্থক্যটো হ’ল- বিজ্ঞানৰ মতে the mind is no more than a function or emergent property of matter which is a metaphysical assumption. কিন্তু বুদ্ধিষ্ট মতবাদে এই ধাৰণাটোক স্বীকাৰ নকৰে; though consciousness and matter can and do contribute toward the origination of each other, one can never become a substantial cause of the other.                                                                         

মানুহৰ পুনৰ জনম আৰু consciousness, দুয়োটাৰ মাজৰ সম্ভাৱনীয় সংযোগৰ কথা ক’বলৈ যাওঁতে তেওঁ কৈছে যে জন্ম হৈয়েই শিশু এটিয়ে consciousness কেনেকৈ পায়; সেয়া নিশ্চয় পূর্ব জন্মৰ সৈতে জড়িত অভিজ্ঞতা ! লগতে ইয়াকো কৈছে যে- it is possible for Buddhism and modern science to engage in collaborative research in the understanding of consciousness while leaving aside the philosophical question of whether consciousness is ultimately physical.

মানৱ জাতিৰ অস্তিত্বৰ মূল যি ভিত্তি সেয়া হ’ল consciousness, বিজ্ঞানে যদিও যথেষ্ট অগ্রগতি কৰিছে, তথাপি মানুহৰ মগজুৰ সৈতে জড়িত বহু কথা আজিও উন্মোচন কৰিব পৰা হোৱাগৈ নাই । বিজ্ঞানে কয় যে- after adolescence the hardware of the human brain becomes relatively unchangeable. কিন্তু স্নায়ুবিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে প্রমাণ কৰিছে যে ৬০ বছৰ বয়সীয়া মানুহৰ ক্ষেত্রতো মগজুৰ সৈতে জড়িত কিছুমান কথাৰ সাল-সলনি কৰিব পাৰি । লগতে পৰীক্ষা-নিৰীক্ষাই প্রমাণ কৰিছে যে happiness is something we can cultivate deliberately through mental training that affects the brain. এনে ধাৰণা বুদ্ধধর্মত বহু আগৰেপৰা উল্লেখ থকা বুলি কৈছে, যে- if one changes the conditions of one’s state of mind; one can change the traits of one’s consciousness and the resulting attitudes and emotions. আচলতে আমি স্থায়ী বুলি ভবা কোনো বস্তুৱেই চিৰস্থায়ী নহয় । যিকোনো বস্তুৰ অস্তিত্ব বা উপস্থিতি যিয়েই হওক, তাৰ যদি কিবা কাৰণ একোটা আছে, তেন্তে সেয়া পৰিৱর্তনশীল হ’বই । কোনোৱে যদি সঠিক পথেৰে তেনে পৰিৱর্তনসমূহক লৈ যাব পাৰে তেন্তে কোনো ব্যক্তিৰ মানসিক চিন্তাধাৰাকো নির্দিষ্ট বাটেৰে লৈ যাবলৈ সক্ষম হ’ব । অর্থাৎ আমি consciousnessৰ ৰূপান্তৰ ঘটাব পাৰো ! “ধর্মকীর্তি”ৰ মতে শাৰিৰীক ক্ষমতাবোৰৰ তুলনাত মনৰ বৈশিষ্ট্যসমূহৰ বিকাশ হ’ব পৰা সম্ভাৱনীয়তা অপৰিসীম । বুদ্ধধর্মত অতীজৰেপৰা প্রচলিত কিছুমান ধাৰণাক গ্রহণ কৰি যদি বিজ্ঞানে একেলগে আগবাঢ়ে তেন্তে মানৱ জাতিৰ অস্তিত্বৰ মূল ভেঁটি যি ‘বোধ’ বা ‘চৈতন্য’ বা ‘consciousness’ তাক ভালকৈ বুজিবলৈ সক্ষম হ’ব আৰু সিয়ে মানৱ জাতিৰ অস্তিত্ব সম্পর্কে অনেক তথ্য আহৰণ কৰিব পৰা যাব বুলি তেখেতে উল্লেখ কৰিছে ।

একেবাৰে শেষৰটো অধ্যায়- ‘Ethics and the new Genetics’ত উল্লেখ কৰা বহুকেইটা কথা ময়ো প্রায়ে ভাবি থাকো । খাদ্য, চিকিৎসা আদি ক্ষেত্রত জেনেটিক ইঞ্জিনিয়াৰিঙে কি কি কৰিবলৈ সক্ষম হৈছে সেয়া প্রায় সকলোৰে জ্ঞাত । জিন ক্ল’নিঙৰ দৰে কথাবোৰ এতিয়া তেনেই সহজ যেন ! মানুহ এতিয়া অপাৰ ক্ষমতা আৰু জ্ঞানৰ অধিকাৰী ! তেওঁ কৈছে যে- at heart the issue is the relationship between our knowledge and power on the one hand and our responsibility on the other. The higher the level of knowledge and power, the greater must be our sense of moral responsibility. তেখেতে উল্লেখ কৰা প্রশ্ন এটা হ’ল- বর্তমান সময়ত বিজ্ঞানে ইমান অগ্রগতি কৰিছে যে বংশগতি ৰোগ কিছুমান চিনাক্ত কৰি তেনে ৰোগৰ বাবে দায়ী জিন্ বোৰকেই সাল-সলনি কৰি পেলাব পাৰি ! মাতৃৰ গর্ভত থাকোতেই ভ্রণ এটাৰ তেনে ৰোগৰ সম্ভাৱনীয়তা ধৰা পেলাব পাৰি । কথা হ’ল, তেনে এটি ভ্রূণক পূর্ণাংগ শিশু হ’বলৈ দিয়াৰ আগতে নষ্ট কৰি পেলোৱাটো কিমান সমীচীন ? বিজ্ঞানে ইমান ক্ষিপ্রতাৰে বিভিন্ন চিকিৎসাৰ দিশ উন্মোচন কৰিব পৰা হ’ল যিহেতু কিজানি সেই ভ্রূণটি পূর্ণাংগ ৰূপ পোৱালৈকে সি বহন কৰি ফুৰা ৰোগৰো চিকিৎসা সম্ভৱ হ’লহেঁতেন ! যদি সেই ৰোগ শিশুটিৰ বয়স ২০ বছৰ হোৱাৰ পিছত হে দেখা গ’লহেঁতেন, তেতিয়া ? আমি জেনেটিকেলি ইঞ্জিনিয়াৰ কৰা খাদ্য খাইছো, বিভিন্ন ঔষধ খাইছো, এনেকি দুই ভিন্ন প্রজাতিৰ উদ্ভিদৰ সংকৰ ঘটাই নতুন প্রজাতিৰ সৃষ্টি কৰা হৈছে । তেনে সংকৰ যদি মানুহৰ ক্ষেত্রত কৰা হয়, কি হ’বগৈ ? ভাল ভাল বুলি গ্রহণ কৰা খাদ্য-ঔষধৰ সুদূৰপ্রসাৰী প্রভাৱ কি হ’ব ? মানৱ জাতি হওক বা আমাৰ চৌপাশৰ পৰিৱেশ, বিপদাপন্ন নহ’ব নে ? বিজ্ঞানৰ নতুন নতুন সম্ভাৱনাক তেওঁ অস্বীকাৰ নকৰে, বৰঞ্চ তেওঁ কৈছে যে- we need to examine the questions from the perspective of a global ethics that is grounded in the recognition of fundamental human values that transcend religion and science.

 

শেষত তেওঁ উল্লেখ কৰিছে যে- how we view ourselves and the world around us cannot help but affect our attitudes and our relations with our fellow beings and the world we live in. This is in essence a question of ethics. In essence, science and spirituality, though differing in their approaches, share the same end, which is the betterment of humanity. In the first decade of the twenty-first century, science and spirituality have the potential to be closer than ever. May each of us, as a member of the human family, respond to the moral obligation to make this collaboration possible.

আমি, মানুহে, জানিলেও মানো নে এনে কথাবোৰ ? বিজ্ঞানে কেৱল বিজ্ঞান হৈ কাম কৰিব নোৱাৰে; মাজত আহে ব্যৱসায় আৰু পলিটিকচ্ । ধর্মই আচল ধর্ম পালন কৰিব নোৱাৰে; মাজত আহে অন্ধবিশ্বাসৰ সমদল, উচ্চ-নীচৰ ভেদভাৱ । কিমানে নো মানুহ হৈ মানুহৰ দৰে ভাৱে ? জ্ঞান আৰু ক্ষমতাৰ অপব্যৱহাৰেই সৰহ । লাভ হয় সমাজৰ বিশেষ এটা শ্রেণীৰ । মানুহৰ বাবে কাম কৰিব বিচৰা সকলোকো এচামে গচকি পুতি পেলায় ।

 

বেয়া যিদৰে আছে, ভালো আছে । ‘Hotstar’ত ‘HUMAN’ বুলি ছিৰিয়েল এখন আছে, চালে বহু সঁচা কথা জানিব পাৰি; একেদৰে বলিউডৰ এখন চিনেমা আছে “এক ডক্তৰ কি মৌত” বুলি, চাব পাৰে-

https://www.youtube.com/watch?v=MsOoA6B_CAs  

কথাবোৰ সঁচা ! ইউ টিউবত “History of the Universe” বুলি চেনেল এটা আছে, সেয়াও চাব পাৰি https://www.youtube.com/c/HistoryoftheUniverse 

সকলোখিনি কথা কিতাপখনৰ কিছুমান কথাৰ সৈতে মিলাই চাব পাৰি ।

 

যি কি নহওক, কিতাপখনৰ কথাবোৰ লিখি সামৰিব নোৱাৰি । পঢ়িলেহে বুজা যায় কথাবোৰ । বহু কথা বুজিবলৈও বাকী থাকি যায় । ৰহস্যৰ শেষ নাই । অন্ধবিশ্বাস বুলি যিদৰে বহু কথা অগ্রাহ্য কৰিব নোৱাৰি, আমি মানুহে এই ব্রক্ষ্মাণ্ডৰ সকলো ৰহস্য ভেদ কৰিব পাৰিম বুলি ভবাটোও হাস্যকৰ কথা ।