সত্যবান দূৰ
হৈ নাযাবা
লেখকঃ মনালিছা
শইকীয়া
প্রথম প্রকাশঃ
অক্টোবৰ ২০১২, আখৰ প্রকাশ
লেখকৰ কেইবাখনো
উপন্যাস মই আজিৰেপৰা প্রায় ৫-৬ বছৰ আগতেই পঢ়া । এইখনো । তেতিয়াই দুচকু সেমেকিছিল
সত্যবানৰ বাবে । এতিয়াও সেই একেই অনুভৱ কৰিলো । লেখকৰ প্রতিখন কিতাপৰ প্রতিটো
চৰিত্রই ইমান সঁচা আৰু জীয়া অনুভৱ কিয় হয় নাজানো । হয়তো এইবাবেই যে চৰিত্রবোৰ আমাৰ
আশে-পাশে থকা একো একোটা জীয়া চৰিত্র আৰু লেখকে সকলোকে যেন তেনেই ওচৰৰপৰা পাইছে,
যেন কথা পাতিছে সকলোৰে লগত, তেনেকৈয়ে বর্ণন কৰে ! লেখকে কৈছেও- “বাস্তৱৰ বুকুৰ পৰাই
সকলোকে বুটলি লোৱা হৈছে । কিছুমান জীৱন্ত চৰিত্র ।” সকলোবোৰৰ মাজতে সহজ-সৰল,
নিভাঁজ গাঁৱৰ ছবি এখনো লেখকৰ প্রায়বোৰ লেখাত দেখা পোৱা যায় । এবাৰ আৰম্ভ কৰাৰ পিছত
শেষ নোহোৱালৈকে সামৰি থ’বলৈ মন নাযায় লেখকৰ কিতাপবোৰ । এই কিতাপখন যেন ক’ৰবাত খুব
আপোন মোৰ, কথাবোৰ যেন লেখকে কোৱা নাই, এনে লাগে ‘সত্যবানে’ নিজেই কৈছে নিজৰ কাহিনী
! প্রথম প্রকাশৰ সময়ত কিতাপখনৰ বেটুপাত হয়তো বেলেগ আছিল (দেখিছিলো যদিও মনত নপৰে
।), দ্বিতীয় প্রকাশৰ (ডিচেম্বৰ, ২০১৬) সময়ত সলনি কৰা হৈছে, আৰু এই বেটুপাতখন মোৰ
বেছি ভাললগা ।
লেখকে
কিতাপখন উছর্গা কৰিছে- “সেইসকল যুৱক-যুৱতীৰ হাতত; যিয়ে দুখ-যন্ত্রণাৰ মাজেৰে
আগবাঢ়ি গৈ জীৱনক ঐশ্বর্যশালী কৰি তুলিছে ।” যেতিয়াও কিতাপখন হাতত লওঁ, ভাব হয় প্রতিজন
উঠি অহা যুৱক-যুৱতীয়েই ইয়াক পঢ়া উচিত ।
‘সত্যবান’-
অস্থিৰ এক চৰিত্র, কোনেও নুবুজে যাক, ঘৰতো অৱহেলিত যি অকর্মণ্য-মদাহী বুলি ! সত্যবানৰ
বায়েকৰ ভাষাৰে- “জীৱনত সি একো পোৱা নাই । সৰুৰে পৰাই সি মৰম-ভালপোৱাৰ পৰা বঞ্চিত
হৈ আহিছে । বিচৰাটো সি একো পোৱা নাই । কাৰণটো হ’ল তাৰ স্বভাৱ । সি কাৰো লগত নিমিলে
। তাৰ চখ বেলেগ । জীয়াই থকাৰ ধৰণ বেলেগ । কোনেও এইবোৰ কথা নুবুজে । সিও বুজাই দিব
নাজানে । সকলোৰে প্রতি তাৰ ইমান মৰম ! কোনেও বুজি নাপায় তাক ।”
“আমাৰ সমাজত সুৰাসক্তজনক সদায় হীন চকুৰে চোৱা হয় । তেওঁক জ্ঞান কৰা হয় অসভ্য আৰু অসৎ বুলি । নানাধৰণৰ শাস্তি তেওঁৰ বাবে সমাজে যেন মজুত কৰি থয় । কাৰোবাক সামাজিকভাৱে পৰিত্যাগ কৰে, কাৰোবাৰ লগ-সংগ কমি যায়, কাৰোবাৰ প্রতি থাকে শাৰিৰীক শাস্তি । ক’ৰবাত সুৰাৰ ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজৰ সীমাৰেখাডাল হেৰাই যায় । তেতিয়াই আৰম্ভ হয় বিশৃংখলতাৰ ।”... সত্যবানৰো হেৰাই যায় সেই সীমাৰেখা ! বিচাৰিলেও ওলাই আহিব নোৱাৰা হয় সেই বিশৃংখলতাৰপৰা । “কথাবোৰৰ আৰম্ভণিৰ কোনো নির্দিষ্ট দিন নাছিল । একেদিনাই আৰম্ভ হোৱা নাছিল একো কথা । উধানৰ পুৰণি চৰুকেইটা ক’লীয়া হৈ যোৱাৰ দৰে কথা । দিনৰ পাছত দিন, মাহৰ পাছত বছৰ- এনেকৈয়ে সত্যবান নামৰ আজিৰ অস্তিত্বটো গঢ় লৈছিল ।”
...এই সকলোবোৰৰপৰা তাক উলিয়াই আনিবলৈ তাৰ হাতত ধৰিছেহি ‘পুৱতি’য়ে, তাই
ইতিহাস অধ্যয়ন কৰা ছোৱালী, গৱেষণাৰ বিষয় লৈছে “প্রাচীন অসমৰ জনজাতি সমাজ” । তাই
বটবৃক্ষৰ দৰে তাক ছাঁ দিছে, তাৰ অমল প্রেৰণা হৈ উঠিছে, যাৰ ওচৰলৈ সি তাৰ বিধ্বস্ত
অস্তিত্বক কঢ়িয়াই লৈ যাব পাৰে । যাৰ ওচৰত সি কাকো ক’ব নোৱাৰা কথাবোৰ ভগাই ল’ব
পাৰে- “মোৰ প্রব্লেমটো কি জানা । সঠিক বাট এটা নিজৰ বাবে মই বাছি উলিয়াব নোৱাৰিলোঁ
। শাওনৰ এটুকুৰা ওন্দোলা মেঘৰ দৰে ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিছোঁ । এদিন খহি
পৰিম বৰষুণ হৈ । এইখন পৃথিৱীত নিজৰ ধৰণে জীয়াই থাকিম বুলি ভবা কথাটোও আচলতে এক
উপহাস... । মই নাজানো মই ক’ত সঁচা আৰু কিমানখিনি শুদ্ধ । বোধহয় তোমাৰ বাদে পৃথিৱীৰ
কোনেও মোক বুজি নাপাব । হয়তো মোৰ মনৰ কথাবোৰো কোনেও নুবুজিব । মোৰ দৰে কত ল’ৰা আছে
এইখন সমাজত, যি হেঁপাহেৰে ৰৈ আছে কাৰোবাৰ পৰা সামান্য প্রেম আৰু আশ্বাস পাবৰ বাবে
। কত হৃদয়ে ছাগে হাহাকাৰ কৰে কণমান সাহচর্য আৰু ভালপোৱাৰ বাবে ।” ...সেয়া সত্যবান,
শিশুৰ দৰে যাৰ অন্তৰ, মৰম আকলুৱা, তাৰ বন্ধুবোৰো কোনো অট’ৱালা-কোনো মাছ বেপাৰী- যি বুজি নাপায় তাৰ ছবি-আর্ট; বুজি পোৱাৰ ভিতৰত
বন্ধু বুলিবলৈ কেৱল ৰণদীপ- যি কোম্পানীৰ প্রডাক্ট ছে’লাৰ । কৈশোৰ-যৌৱনৰ
সন্ধিক্ষণৰ কোনো দেওলগা সময়ত সত্যবানে কৰি পেলোৱা এটা ভুলৰ বাবেই আঁতৰাই আনিছিল
নিজক তথাকথিত ভদ্র মানুহৰপৰা; নামহীন যন্ত্রণা, অস্থিৰতা, নিঃসংগতাই তাক কাবু কৰি
পেলাইছিল, মুকলি হৈ মানুহৰ আগত ওলাবলৈ সি সংকোচ কৰা হৈছিল... বায়েক-ভায়েকৰ তুলনাত
বাপেকৰ সমুখত সি সদায় অৱহেলিত, উপেক্ষিত... মাকে মাত্র বুজে তাৰ দুচকুৰ হাহাকাৰ ।
সি ধুনীয়া ছবি আঁকে, ফটো তোলে... ৰং-তুলিকা, গীটাৰ তাৰ সংগী । পুৱতিৰ হাতত ধৰি সি
উঠি আহিছে বিশৃংখল তাৰ এন্ধাৰ গাঁতটোৰপৰা… সি ছবি আঁকিছে ‘জলকুৱৰী’, ‘ফুটপাথৰ ঈশ্বৰ’, ‘অপেশ্বৰী সবাহ’… কলা-বিথীকাত তাৰ ছবিৰ প্রদর্শনী হোৱাৰ কথা... ।
ৰণদীপ- এম বি এ পঢ়িছিল । ভবাৰ দৰে নহ’ল কথাবোৰ । গুৱাহাটীত আহি হ’লহি কম্পেনীৰ
ছে’লমেন ! আৰু এদিন সি গাঁৱৰ ঘৰলৈ ঘূৰি আহি দেউতাকক কয়- “অর্থনৈতিক স্বাৱলম্বিতা
আমাক লাগিবই । জাতিটোক স্বনির্ভৰশীল কৰিবলৈ আমি হাতে-কামে নিজৰ মানুহখিনিৰ বাবে
কাম কৰিবই লাগিব ।” হাঁহ-কুকুৰা পালন, মাছৰ খেতি কৰাৰ, সাঁচি গছ ৰোৱাৰ পৰিকল্পনা
তাৰ ।... শেষলৈ “কৃষক বিকাশ সমিতিৰ” হৈ আন্দোলন কৰি সি আত্মগোপন কৰিছে । সত্যবানক
সি কয়- “যুদ্ধ সকলোৰে জন্মদাতা আৰু সকলোৰে ৰজা । কাৰোবাক ই দেৱতা কৰি তুলে ।
কাৰোবাক মানুহ কৰে । কাৰোবাক স্বাধীন কৰে আৰু কাৰোবাক দাস কৰে । সংঘর্ষতে সকলো
বস্তুৰ উৎপত্তি হয় । য’ত সংগ্রাম নাই, তাত অৱক্ষয় ঘটে । সেয়ে আমি যুঁজিবলৈ
প্রস্তুত ।”
কাকলি- এটা
এন জি অৰ কর্মী । কেন্সাৰ ৰোগীসকলক অসমৰ বাহিৰত চিকিৎসা কৰোৱাত সহায় কৰে । ‘পেলিয়েটিভ
কেয়াৰ’ৰো প্রশিক্ষণ লৈছে । ...পতি-পত্নীৰ সম্পর্কত কেৰুণ লাগিছে । তথাপিও তাই উভতি
আহিব বিচাৰি ৰঞ্জনক কৈছে- “একো নাই এই জীৱনত । অহংকাৰ, অভিমানে জীৱনটোক যাপন কৰাত
সহায় নকৰে । শেষ বুলিলেই মৃত্যুৰ সৈতে সকলো গুচি যায় । জীয়াই থকা দিনকেইটা আমি ভালদৰে
থাকিব নোৱাৰোনে ?” ... ভবাৰ দৰে নহয় কথাবোৰ, ৰঞ্জনে তেতিয়ালৈ আন কাৰোবাক আদৰি লৈছে
।... কাকলিয়ে ভাবে “আনক জয় কৰাতকৈ নিজক জয় কৰাজনেই শ্রেষ্ঠ ।” সেই চেষ্টাতেই তাই
ব্রতী । ৰঞ্জনকো তাই দোষ দিব নিবিচাৰে- “প্রত্যেকেই আচলতে নিজক সুখী কৰিবৰ বাবেই
সকলো কৰি থাকে । ভোগ অথবা ত্যাগ, দুয়োটাতেই নিহিত থাকে সুখ ।” হাজাৰজনৰ ৰোগীৰ সেৱা
কৰি তায়ো সুখী, এতিয়া তাই কোনোপধ্যেই জীৱনটোক কাৰো বাবে বঞ্চিত কৰিব নোখোজে ।
কাকলি
উদাৰ মনৰ, তাই কয়- “আমি ঘিণ কৰা বস্তু এটাই কাৰোবাৰ বাবে প্রিয় খাদ্য হ’ব পাৰে ।
আমি নিজে নাখাওঁ বুলিয়েই আন কাৰোবাৰ খাদ্যাভাসক ঘিণ কৰিলে নহ’ব । এইবোৰ হ’ল মানসিক
। কোনো জাতিৰ পৰম্পৰাক বা তেওঁলোকৰ আচাৰ, ৰীতি-নীতিক আমি ঘৃণাৰ চকুৰে চোৱা উচিত
নহয় । আৰু এই ঘৃণা, বিদ্বেষ এইবোৰেই আচলতে আমাক পৃথক কৰি পেলালে । আমি সকলোকে
সমানে চাব নোৱাৰা হ’লো ।”
সত্যবানে
কয়- “কোনো বেয়া নহয়, সকলো মানুহেই ভাল । পৰিৱেশ আৰু পৰিস্থিতিয়ে এই সঁচা মানুহটোক
ধৰি ৰাখিব নোৱাৰে । তাক ভালৰ পৰা আঁতৰাই আনে ।... দার্শনিক স্পিনোজাই কোৱাৰ দৰে ই
এক মনৰ সংস্কাৰ । ভাল-বেয়া বুলি কোনো কথা নাথাকে । কাৰোবাৰ বাবে ‘ভাল’টো আন
কাৰোবাৰ বাবে ‘বেয়া’ হ’ব পাৰে আৰু কাৰোবাৰ বাবে ‘বেয়া’টো আন কাৰোবাৰ বাবে ‘ভাল’ হ’ব
পাৰে । এই বিশ্বব্রক্ষ্মাণ্ডখনক আমি আমাৰ কল্পনাৰেহে গঢ় দিছোঁ । তাক সুন্দৰ-অসুন্দৰ,
ভাল-বেয়া নাম দিছোঁ । এই ভাল-বেয়াৰ ধাৰণাবোৰে মোক বৰ বিশেষ প্রভাৱিত নকৰে । তোমাৰ
দৃষ্টি, স্বভাৱ আৰু কল্পনাই মোক যিদৰে গঢ় দিব, সেইদৰেই পাবা ।” ...আসঃ ! কোনে বুজে সত্যবানক !
পুৱতিয়ে
নিজৰ ৰিছার্চৰ বাবে পঢ়ে । “প্রাচীন অসমৰ জনজাতি সমাজখনলৈ উভতি চাই আর্য-অনার্য
বিচাৰ কৰি গৈ দেখে সকলোতে লুকাই আছে অনন্য কিছুমান চাতুর্য আৰু প্রহসন । অতীজৰে
পৰা মানুহবোৰৰ মাজত শ্রেণী বিভাজন নোহোৱাকৈ একত্র হোৱাত যেন সভ্যতাই বাধা দি আহিছে
।” তাই সত্যবানক এনে এখন ছবি আকিবলৈ কয় য’ত নাথাকিব ধনী-দুখীয়া, উচ্চ-নীচৰ শ্রেণী
বিভাজন, মানুহ কেৱল মানৱীয় প্রমূল্যবোধেৰে ‘মানুহ’ হিচাপে প্রতিভাত হ’ব ।
সত্যবানৰ
বায়েক মাজনীয়ে পুৱতিক যেতিয়া কয়- “ভাবি চালে এই জীৱনটোততো একোৱেই নাই । বহলকৈ ভাবি
চালেই আচলতে এই মুহূর্তবোৰত জীয়াই থকাটোৱেই সঁচা কথা । এই মহাবিশ্বত আমাৰ এই
অস্তিত্ব কিমান ক্ষুদ্র । মাজে মাজে এই অর্থহীনতাৰ উপলব্ধিয়ে মোক হেঁচা মাৰি ধৰে ।
নিজৰ জীৱনটোৰ প্রতিও মোহ নোহোৱা হৈ যায় । (তথাপিও কিন্তু তাই ভাগৰি পৰিব নোখোজে ।)”
পুৱতিয়ে কয়- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।”
আৰু অনেক
চৰিত্র কিতাপখনত । সত্যবানৰ সাদৰী মাক- গায়ত্রী দেৱী, যি পুত্রৰ হাহাকাৰক বুজিও
একো কৰিব নোৱাৰে প্রার্থনাৰ বাদে । সাদৰী, যীচুৰ দৰে কষ্ট কৰি নিজকে গঢ়িবলৈ আগ্রহী
যুৱক-যুৱতী । মানুহৰ অত্যাচাৰৰ বলি হোৱা ৰহিলাৰ দৰে সাধাৰণ মানুহবোৰ, যাক সত্যবানে
নিজৰ বায়েকৰ দৰে ভাবে । ৰাজু, অনিলৰ দৰে প্রতাৰণাৰ পাকত অকালতে হেৰাই যোৱা
মানুহবোৰ । ছিদ্দিক, ৰমেশ, গকুলহঁতৰ দৰে চৰিত্রবোৰ যিবোৰে সত্যবানৰ অৱক্ষয়ত সহায়
কৰাৰ দৰে !
কাকলিয়ে
কোৱাৰ দৰে- “আচৰিত এই নিঃসংগতাবোধ । যাৰ বাবে সদায় ক’ৰবাত থাকি যায় অন্বেষণ ।” এনে
কিবা অন্বেষণ কৰি কৰিয়েই সত্যবান হেৰাই পৰিছিল ক্রমাত । একেবাৰে হেৰাই যোৱাৰ আগতেই
তাক পুৱতিয়ে হাতত ধৰি তুলি আনিছিল । ৰং-তুলিকা লৈ সি ব্যস্ত হৈ পৰিছিল তাৰ
হ’বলগীয়া প্রদর্শণীৰ বাবে । তাৰ ছবিৰ প্রদর্শণীলৈ দুটামান দিন বাকী । সন্দেহ কৰি
থকাৰ দৰে, সত্যবানৰ বায়েকৰ কেন্সাৰ নহয় বোলা খবৰটোৱে সকলোকে সুখী কৰিছে ।
প্রথমবাৰলৈ দেউতাকে সত্যবানক আকুলতাৰে মাতে, একেলগে বহি এটা পেগ খাবলৈ কয় ।
পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো হৈ উঠে সত্যবান । কান্দি দিয়ে সি ! দেউতাকৰ আগত
স্বীকাৰ কৰে ভাল হ’ব খোজাৰ কথা, মানুহ হ’ব খোজাৰ কথা । দেউতাকেও কয় তাক লৈ যে তেওঁ
সুখী ! ...“অমানুহৰ পৰা মানুহ হোৱাৰ এই প্রক্রিয়াত সি যেন নিশ্ছিন্ন হৈ গৈ এক নতুন
জীৱন ল’ব ।” সি আজি অস্থিৰ নহয়... শৰতৰ নির্মল নদীৰ দৰে শান্ত । তেনেকুৱা এটা
দিনতে সি ৰাতি ওলাই যাব লগা হয় ছিদ্দিকৰ বাবে, সি হস্পিটেলত এডমিট থকাৰ বাবে । ...সেই
যে সুখী, শান্ত সত্যবান ওলাই গ’ল... সি আৰু উভতি নাহিল... গুচি গ’ল চিৰদিনলৈ ।
সত্যবান
গুচি গ’ল । ‘ছালভাদোৰ ডালি’ৰ ‘Persistence of memory’; ভিন্সি, পিকাছো, ভেনগগৰ ছবিয়ে সন্মোহিত কৰি ৰখা,
ৰং ভালপোৱা ল’ৰাটো হেৰাই থাকিল ! পুৱতিয়ে কলাবিথীকাত তাৰ ছবিৰ
প্রদর্শনীখন নকৰাকৈ নাথাকিল । ডাঃ অমিতাভে উদ্বোধনী ভাষণত ক’লে যে সত্যবান আমাৰ
সমাজৰ অনেক যুৱকৰ এক প্রতিনিধিহে । আমি যদিও চিঞৰিছো সত্যবান আমাৰপৰা দূৰ হৈ
নাযাবা বুলি, কিন্তু তেওঁক আমি ৰাখি থ’ব জনা নাই । নিচেই কাষৰপৰা আমি সত্যবানহঁতৰ
নিঃসংগতা, হতাশা উপলব্ধি কৰিছোনে ? ভোগবাদী সমাজ ব্যৱস্থাৰ আগত টিকি থাকিব পৰাকৈ
সিহঁতক আমি সবল কৰি তুলিব পৰা নাই । সত্যবানহঁত ভাগি পৰিছে পিতৃ-মাতৃ, অগ্রজসকলৰ
প্রতি খং-অভিমান লৈ । কাম কৰিছে কিন্তু সংঘাত, বাধা নেওচি আগুৱাবলৈ সাহসী হৈ উঠিব
পৰা নাই । সত্যবানহঁতৰ দৰে প্রতিজনৰ প্রতি সমাজৰ প্রতিজন অভিভাৱকৰ দ্বায়িত্ব থকা
উচিত ।
পুৱতিয়ে
সত্যবানৰ প্রতি থকা আক্ষেপ-অভিমানৰ কথা কৈছে- কিয় সি পৰিপূর্ণ হৈ উঠাৰ সময়তে নিজক
নিয়ন্ত্রণ কৰিব নোৱাৰিলে বুলি । তাই মানি লৈছে সেয়া তাৰ নির্ধাৰিত সময় আছিল । তাৰ
ক’বলগীয়া কথাবোৰ, সপোনবোৰ, যন্ত্রণাবোৰ ছবি হৈ মানুহৰ মাজতে আছে আৰু সেয়া তাই
নিশ্ছিন্ন হৈ যাবলৈ নিদিয়ে । তাইৰ কথাত সকলো উচুপি উঠিছে... মানুহৰ গুণগুণনিবোৰে
যেন কৈ উঠিছে ‘সত্যবান দূৰ হৈ নাযাবা’...
সত্যবানে
পুৱতিক সুধিছিল ‘সি কিয় ইমান অস্থিৰ’ বুলি । তাই কৈছিল- “সি সাংঘাটিক ক্রিয়েটিভ ।
সৃষ্টিশীল মানুহবোৰৰ এই অস্থিৰতা থাকে । সেয়ে আনে তোমাৰ পথ নির্দিষ্ট কৰি দিব
নোৱাৰে । তুমি নিজেই নিজৰ পথ প্রদর্শক হ’ব লাগিব ।” ক’ৰবাত কিছুমান চৰিত্র ক’ব
নোৱাৰাকৈ যেন নিজৰ ওচৰতে অনুভৱ কৰো । ক’ৰবাত যেন মিলি যায় কিছু কথা !
কিতাপখন
সামৰি ভাবি থাকিলো সত্যবানৰ দৰে প্রতিজনে পাওক পুৱতিৰ দৰে কাৰোবাৰ মৰমৰ আঁচলৰ ছাঁ
। সত্যবানৰ দৰে প্রতিভাবোৰ অকালতে হেৰাই নাযাওক । সমাজে, পৰিয়ালে বুজক সত্যবানহঁতৰ
একাকীত্বক, হাহাকাৰৰ উমান লওক, কাষত এপলক বহক... হাঁহক... কথা পাতক... । বাগৰি
পৰিলে তুলি ধৰক স্নেহৰ দুহাত আগুৱায় । নিঃসংগতা, অক্ষমতাক পাহৰিবলৈ সিহঁত যেন
মদ-ভাঙৰ কাষ নাপায়গৈ । সত্যবানহঁত সাহসী হওক ।
কিতাপখন
পঢ়িলে আজিও মোৰ দুচকু সেমেকি আহে ! বেটুপাতখন চুই চালে যেন দেখা পাওঁ ৰঙা আৰু
নীলাৰ এখন দুর্বোধ্য ছবি... যেন সত্যবানৰ দুচকু ভিজি আছে সেই ৰঙেৰে... ! মনলৈ
ভাঁহি আহে ‘তাৰে জমিন পৰ’ৰ ‘দর্শিল’ৰ দৰে কোনোবা... বতাহত যেন ভাঁহি আহে জুবিনৰ
গান- “ৰ’দ, ৰ’দ আজি কেনি পাওঁ...”
পুৱতিৰ
কথাষাৰকে আওৰাই থাকো- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।”
সত্যবানহঁতেও যেন বুজি উঠে সেই কথা...
No comments:
Post a Comment