November 29, 2021

আন এখন মহাজগতৰ আংশিক বৃত্তান্ত

 


আন এখন মহাজগতৰ আংশিক বৃত্তান্ত
লেখক: সৌমিত্র যোগী
প্রথম প্রকাশ: নৱেম্বৰ, ২০১৬, আঁক-বাক


লেখক সৌমিত্র যোগীৰ ২৫ টা ব্যংগ লেখাৰ এখনি সংকলন “আন এখন মহাজগতৰ আংশিক বৃত্তান্ত” । গ্রন্থখনিত সন্নিৱিষ্ট লেখাসমূহ সাদিনৰ ‘ধেমালি নহয়’ আৰু নিয়মীয়া বার্তাৰ ‘পাদটীকা’ত পূর্বে ২০১৩ ৰপৰা ২০১৬ চনলৈকে প্রকাশিত ।

পূর্বতে লেখকৰ অন্য গ্রন্থৰ কথা লিখোতে উল্লেখ কৰিছিলো যে তেখেতে মুখবন্ধত যিকেইটা কথা লিখে সেয়া পঢ়িয়েই মন ভৰি যায়, লগতে কিতাপৰ ভিতৰছোৱাত কি আছে সেয়া পঢ়িবলৈ লোভ ওপজে !

এই সংকলনখনৰ ‘আৰম্ভণিতে’ লেখকে সপোনৰ কথা উল্লেখ কৰি কৈছে যে কার্ল গুস্তাভ য়ুঙৰ দৰে মনোবিজ্ঞানীয়ে আগবঢ়োৱা সপোনৰ ব্যাখ্যাবোৰ তেওঁ পঢ়া নাই, কাৰণ- “কিছুমান কথা জনাৰ পাছত ৰহস্যটো নাইকিয়া হৈ যায়, আৰু ৰহস্য নাথাকিলে মাদকতা হেৰাই যায়।” লেখকে নিজে দেখা সপোন এটাৰ কথা কোৱাৰ আগতে তেওঁ জনা অন্য এটা সপোনৰ কথা কৈছে- মানুহ এজনে সপোনত দেখিলে যে ধানৰ কঠীয়া থোৱা টোম এটাত একটোম হীৰা আছে । তেওঁ বহু সময় টোমটো দাঙিবলৈ চেষ্টা কৰিলে যদিও তাক লৰচৰ কৰিবকে নোৱাৰি শেষত সিদ্ধান্ত ল’লে যে গোটেই টোমটো নহ’লেও তাৰপৰা যিখিনি সম্ভৱ তাকে উলি্যাই নিব । উলিয়াবলৈ দুৱাৰ বিচাৰি থাকোঁতেই তেওঁ আমাৰ হাতৰ তর্জনী আঙুলিটোৰ দৰে চাবী এটা পালে । চাবীটোৰে তেওঁ টোমৰ তলাটো খুলিবলৈ বহু চেষ্টা কৰিও খুলিব নোৱাৰি সেয়া চোৰক ঠগিবলৈ কৰা মিছা-তলা বুজি পালে আৰু আন তলা বিচাৰি গোটেই টোমটো পিটিকি পিটিকি চাওঁতে এপাকত ঢিলা ঠাই এডোখৰ পাই তাতে তলাটো আছে বুলি জোৰকৈ টিপি দিলে । টোমটো খোল খাবলৈ লওঁতেই তেওঁ পেটত কষ্ট পাই সাৰ পাই গ’ল আৰু বুজি পালে যে তেওঁ খেপিয়াই থকা অলৰ-অচৰ হীৰাৰ টোমটো তেওঁৰ প্রকাণ্ড পেটটো, মিছা-তলাটো তেওঁৰ নিজৰে নাভিটো আৰু চাবীটো তেওঁৰ নিজৰে তর্জনী আঙুলিটো ।

তাৰপিছতে লেখকে নিজে দেখা সপোন এটাৰ কথা কৈছে- এদিন সপোনত তেওঁক ঋষি বিশ্বামিত্রই সাপৰ মণি এটা দি ক’লে যে তেওঁৰ বাহিৰ ফুৰিবলৈ লাগিছে গতিকে লেখকে যেন মণিটো নিজৰ লগত ৰাখে আৰু মন কৰে যেন সেইটো হাতত থকা অৱস্থাত যিকোনো বস্তু স্পর্শ নকৰে বা বেয়া ঠাইলৈ নাযায় কাৰণ মণিটোত চুৱা লাগিলে তাৰ সকলো গুণ নষ্ট হৈ যাব । সেইবুলি কৈ যোৱা ঋষিজন মাহৰ পিছতো উভতি নাহিলত লেখক চিন্তাত পৰিল কাৰণ মণিটো য’তে ত’তে থ’ব নোৱাৰি আৰু ঋষিবৰৰ যি খং, খঙতে কিবা অভিশাপ দি দিলে কি হ’ব ! তেনেতে এদিন ঋষিবৰে লেখকক ফোন কৰি ক’লে যে তেওঁ উভতি নোযোৱালৈকে যেন মণিটো লেখকে নিজৰ লগতে ৰাখে । তেওঁ বুজিছে যে সেইটো লগত ৰাখি লেখক ব’ৰ হৈছে, গতিকে ব’ৰদমটো নোহোৱা কৰিবলৈ মণিটো এবাৰ মূৰত লৈ চাবলৈ ক’লে আৰু লগতে সাৱধান কৰি দিলে যে বেছি সময় যেন মণিটো মূৰত নাৰাখে । লেখকেও ৰৈ থাকিব নোৱাৰি তাকে কৰিলত মহাদেৱৰ দৰে তৃতীয় চকু এটা তেওঁৰ কপালতো গজিল আৰু তেওঁ কোনেও নেদেখা কিছুমান অদ্ভুত নতুন নতুন কাণ্ড-কাৰখানা দেখিবলৈ পালে । অলপ সময় মণিটো মূৰত ৰাখি তেওঁ আঁতৰাই থয়, আকৌ দিয়ে; পুনৰ মূৰত দিয়ে, পুনৰ আঁতৰাই থয় । তেনে কৰি থাকোঁতেই এটা সময়ত তেওঁ সাৰ পায় । সাৰ পায় তেওঁ অনুভৱ কৰিলে যে কথাবোৰ আনৰ কাৰণে অলপ নতুন, অলপ কাল্পনিক, অলপ সপোন যেন লাগিব হয়; কিন্তু তেওঁ সঁচা কথাবোৰকে দেখিছে, ই তেওঁ নিজে দেখা এখন বেলেগ পৃথিৱী ।

গতিকে ‘আৰম্ভণিতে’ পঢ়িয়েই অনুমান কৰিব পাৰি লেখকে মহাদেৱৰ তৃতীয় চকুৰে সপোনত দেখা পৃথিৱীখনৰ কথা কেনেকুৱা হ’ব পাৰে । সেই পৃথিৱীখনৰ কথাবোৰ পঢ়িলে পাঠকে বুজিব যে সেয়া একেবাৰেই সঁচা । লেখকৰ ব্যংগ লেখা আগতে পঢ়া নাছিলো, পিছে এইয়া পঢ়ি অনুভৱ হৈছে এতিয়া পালেই যেন গো-গ্রাসে গিলি পেলাম ! লেখকৰ লেখাবোৰ পঢ়ি অনুভৱ হয় কোনোটো কথা নিজে অনুভৱ কৰিছো অথচ প্রকাশ কৰিবলৈ অপাৰগ, কোনোটোৱে নিজৰ ভুল উপলব্ধি কৰোৱাই, কোনোটোৱে ভাবিবলৈ বাধ্য কৰোৱাই যে কথাবোৰ হয় নে নহয় । তেখেতৰ লেখাবোৰ পঢ়িলে অনুভৱ কৰিব পাৰি তেওঁৰ জ্ঞান-অধয়্যনৰ পৰিসৰ, বুজিব পাৰি চৌপাশৰ পৰিৱেশটোকো কিমান নিখুট আৰু সূক্ষ্মভাৱে পঢ়িব পাৰে । সঁচাকৈয়ে মহাদেৱৰ তৃতীয় চকুৰ দৃষ্টিৰে তেওঁ কথাবোৰ দেখিছে । ব্যংগ ধনুৰে যি একোপাত সঁচা, তীক্ষ্ণ কাঁড় তেওঁ এৰিছে, সেয়া যে কেতিয়াও লক্ষ্যভ্রস্ত নহয় সেইটো ঠিক ।

প্রথমটো লেখা ‘আন এখন মহাজগতৰ আংশিক বৃত্তান্ত’ত লেখকে সূর্য নোহোৱা সৌৰজগত এখনৰ কথা কৈছে যিখন তেওঁ আৱিষ্কাৰ কৰিছেহে মাত্র, অধ্যয়ন কৰিবলৈ বাকী আছে । এইখন জগতৰ সূর্য নাই গতিকে সৌৰজগতো নাই আৰু সেয়ে তেওঁ ইয়াক মহাজগত বুলি কৈছে । যিহেতু ‘ধাৰণা বস্তুটো আপেক্ষিক আৰু আৰোপিত’ গতিকে বিশ্বব্রক্ষ্মাণ্ডৰ সমস্তকহে আমি মহাজগত বুলি ক’ব পাৰিম, বেলেগ কিবা এটাক নোৱাৰিম তেনেকুৱা কথা নাই । মহা মানে বিশাল বুলি নধৰি এনেকৈয়ো ক’ব পাৰি যে মহানসকলৰ জগতখনেই মহাজগত । মাত্র মাহীৰ গিৰীয়েক মহাৰ জগতখন বুলি নাভাবিলেই হ’ল । লেখকে আৱিষ্কাৰ কৰা মহাজগতত সূর্য নথকাৰ দৰে, নক্ষত্র নামৰ কোনো জিনিচো নাই, আছে মাত্র বিভিন্ন প্রকাৰৰ তৰা আৰু তাৰে কিছুমান তৰা ওচৰৰপৰা সৰু দেখি, আঁতৰৰপৰা ডাঙৰ যেন দেখি । এই তৰাবোৰ ৰাজনীতি, সংস্কৃতি, সাহিত্য, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্রৰ । এই মহাজগতত ইমানেই বেছি তৰাৰ পয়োভৰ যে ইয়াক মহাজগত নকৈ তাৰকাৰাজ্য বুলি ক’ব পাৰি আৰু ইয়াত সুর্য নাথাকিলেও জোন কিন্তু বহুজনী আছে । সেইদৰে পপীয়া তৰা, নেজাল তৰা, সপ্তর্ষিমণ্ডলো আছে; চন্দ্রগ্রহণ-সূর্যগ্রহণ হোৱাৰ দৰেই এই মহাজগততো গ্রহণ-বর্জনৰ ঘটনা-পৰিঘটনা ঘটে ।

লেখাটো প্রধানকৈ সাহিত্যৰ ক্ষেত্রখনত বাঢ়ি যোৱা (ছ’চিয়েল মিডিয়াৰ লেখা-মেলা কৰা ‘লেখক’ৰ সংখ্যাটোকে তেওঁ বুজাইছে) লেখকৰ সংখ্যাটোক লৈয়েই কথাখিনি লিখিছে । তেওঁ কৈছে যে নিলিখালৈকে এজন মানুহ পাঠক বা পঢ়ুৱৈ হৈ থাকে আৰু লিখিবলৈ আৰম্ভ কৰাৰ লগে লগেই লেখক হৈ পৰে আৰু লেটাৰ অৱস্থা পোৱা মাত্রকে যিদৰে পখিলাজনী নোহোৱা হৈ যায় লেখক হোৱা মাত্রকে পাঠকজনো নোহোৱা হৈ যায় । এই বিষয়টোত তেওঁ বহুকেইটা লেখা আগে-পিছেও লিখিছে । লেখকৰ সংখ্যা যিদৰে বাঢ়িছে সেই হিচাপে পাঠকৰ সংখ্যা নবঢ়াটো বা উচ্চমানৰ সাহিত্যৰ সৃষ্টি নোহোৱাটোৱে যে নিজৰ ভাষাটোৰ অনিষ্ট কৰিব আৰু লিখিবলৈ লোৱাৰ আগতে, লিখাৰ সমান্তৰালকৈ  যে অধ্যয়নৰো প্রয়োজন সেই কথাকে উপলব্ধি কৰোৱাব বিচাৰিছে ।

গ্রন্থখনিত সন্নিৱিষ্ট আন আন লেখাসমূহ হ’ল- ৰামৰাজ্য আৰু কুৰুক্ষেত্র, ভাষ্য পৰিৱর্তন, হীৰাখচিত ৰাজমুকুট, স্মৰাদেশ, ভালৰ কাৰণে, ক কা কা কি, নিজৰ বিষয়ে, অর্ধং ত্যজতি পণ্ডিতঃ, সাধু সভ্যতা, কাউৰী পৰাৰ পাছত, সকলো জীৱই সমালোচক, খর্গ শৃংখলা, পুৰুষসকলক মানুহে ইমান বেয়া পায় কিয়?, আধাডোখৰ আকাশ পুৰুষসকলৰ বাবে, দলঙৰ সিপাৰৰ হাঁহ পোৱালি, সর্বজান্তা সৰৱজান আৰু ক’লা মেকুৰী, জাত জাতি জাতি লাও, আমি সকলোৱে গান্ধীবাদী, দুকলহ পানীৰে গা নোধোৱে কোঁৱৰে, খেল-ধেমালি, আস- এই পীতবর্ণ সুগোল ধৰা, সাহিত্য বস্তুটোৱেই অলপ বেলেগ, সৃষ্টিৰ যন্ত্রণা আৰু ইনবক্সৰ প্রেতাত্মা, আৰু পূজা বুলি ।

‘সাধু সভ্যতা’ৰ আৰম্ভণিতে তেওঁ লিখিছে- “মোৰ মূৰৰ ভিতৰত এজোপা গছ আছে । কল্পনাত গজি উঠা । সেইজোপা গছৰে ওপৰত বাস কৰে প্রাচীন দৈত্য বেতালে আৰু তলত এজন সাধুৱে । গছজোপাৰ চৌপাশে আৰু কিছু মানুহৰ বসতি, তাৰে ভিতৰত মই, প্রখ্যাত ৰজা বিক্রমাদিত্য আৰু এজন মূর্খয়ে প্রধান বাসিন্দা ।” এই বিক্রম-বেতালক লগত লৈ লেখকে মাজে মাজে সাধুকথা কয় । এই লেখাত লেখকে কোৱাৰ দৰে সভ্যতা কি সকলোৱে বুজি পায়, কিন্তু ‘সাধু’ বহু অর্থবিশিষ্ট আৰু সেয়া তেওঁ স্পষ্টকৈ জনায়ো দিছে । লেখাটোৰ শেষত বিক্রমাদিত্যক লেখকে সুধিছে যে চৰকাৰে বছৰি গছপুলি ৰুৱে, ২০১২ চনত কেৱল যোৰহাট জিলাতে বিভিন্ন শিক্ষানুষ্ঠানত প্রায় তিনি লাখ গছপুলি ৰোৱা হৈছিল । ইয়াৰ পাছতো গছ নাই কিয় ? উত্তৰত বিক্রমাদিত্যই কৈছে যে- “পুলিবোৰ ৰোৱাৰ পাছত উদঙীয়া ছাগলীয়ে তাৰ নকৈ অহা পাতবোৰ খাই পেলায় । তাৰ পাছত পুলিবোৰ আৰু কোনোদিন গছ হ’ব নোৱাৰে ।”

‘সকলো জীৱই এজন সমালোচক’ পঢ়ি ময়ো কিছু সময় কনফিউজাই থাকিলো যে গোলাপ ফুলৰ গুটি থাকে নে নাথাকে ? কিন্তু সৰুতে (মানে স্কুলত পঢ়ি থাকোতে) নিজে কৰা ফুলনিখনত গোলাপ ফুলৰ পাহিবোৰ সৰি যোৱাৰ পিছত সেয়া গুটি হোৱা দেখা মনত পৰে, ডাল কলম কৰিও নতুন গোলাপ গছ ৰোৱা মনত পৰে । অলপ ভাবি নিজকে সৈমান নিয়ালো যে গোলাপ ফুলৰ গুটি থাকে, যদিওবা মই গুটিৰপৰা গছ হোৱা দেখা নাই বা নিজে গুটি ৰুই গছ গজাবলৈ চেষ্টা কৰি চোৱা নাই । আপুনি পিছে জানে নে নাজানে, গোলাপ ফুলৰ গুটি থাকে নে নাথাকে ?

মোৰ ব্যক্তিগত অনুভৱ যে লেখকে খুব মার্জিত ভাষাৰে কটাক্ষ কৰিব জানে, লাগিলে সেয়া কোনোবা ৰাজনৈতিক নেতা, শিক্ষাবিদ, বুদ্ধিজীৱী, লেখক-সমালোচক বা আমাৰ দৰে সাধাৰণ পাঠকেই হওক । ‘অর্ধং ত্যজতি পণ্ডিত’ লেখাত তেওঁ বুদ্ধিজীৱীসকলকে, বিশেষকৈ ইন্টাৰনেটে সৃষ্টি কৰা সকলৰ কথা উল্লেখ কৰি কৈছে যে কিছুমান ছোৱালীয়ে আধা কাপোৰ এৰাটো তেওঁ বুজে কিন্তু পণ্ডিত লোকে বাক্য আৰু প্রসংগ এৰাৰ কাৰণ তেওঁ নাজানে । শেষত তেওঁ সংস্কৃত শ্লোকটোৰ অর্থ- “পণ্ডিতে আধা এৰেই” অর্থটোক এনেকৈয়ো বুজাবি পাৰি বুলি কৈছে যে- “আধা-আধি জানিয়েই পণ্ডিত হ’ব পাৰি । আগতে পণ্ডিত বুলি কৈছিল, তেনে লোককে আজিকালি বুদ্ধিজীৱী বুলি কয় হেনো ।” একে লেখাতে তেওঁ উল্লেখ কৰিছে যে ফে’চবুকত কোনো এগৰাকী স্তম্ভ লেখকক অনুৰাগীসকলে অনুৰোধ কৰিলে জীৱনৰ অর্থ সন্দর্ভত লিখিবলৈ । লেখকে সেই লেখা লিখিলে আৰু জ্যাঁ-পল ছার্ত্রৰ এটা উদ্ধৃতি দি ক’লে যে- ভাগ্য ভাল, দশম-দ্বাদশ শ্রেণীৰ ল’ৰা-ছোৱালীয়ে পঢ়িব লগাকৈ পাঠ্যপুথিত ছার্ত্রৰ একো পাঠ নাই ।” এই লেখাৰ লেখকে কৈছে যে স্তম্ভ লেখকজনে উদ্ধৃত কৰা বাক্যটোৰ অর্থ হ’ল- “মানুহ এক ব্যৱহাৰ-অযোগ্য অনুৰাগ । আমি জীয়াই থকাৰ কোনো অর্থ নাই আৰু মৰাৰো ।” আচলতে ছার্ত্রৰ দৰে দার্শনিকে মানুহৰ গোটেই সত্ত্বাটোক স্বাধীন বুলি কৈছিল আৰু তাকে ক’বলৈ যাওঁতে তেওঁ আগে-পিছে কোনবোৰ প্রসংগ কেনেদৰে ব্যাখ্যা কৰিছে সেয়া নজনাকৈ তাক দ্বাদশ শ্রেণীৰ ল’ৰা-ছোৱালীৰ বাবে দুর্বোধ্য বুলি ৰায়দান কৰি আতংক সৃষ্টি কৰি দিয়াটো অনুচিত । তেনেদৰে কোনো উদ্ধৃতিৰ কেৱল এটা বাক্য পাঠ্যপুথিত দি বাকী প্রসংগ সংগতিবোৰ এৰি দিলে দেখোন মহাত্মা গান্ধী বা ঋষি অৰবিন্দৰ বাক্যয়ো ভয় খুৱাই মাৰিব বুলি লেখকে কৈছে ।

লেখকৰ আটাইবোৰ কথাই মোৰ ভাল লগা আৰু ইয়াত মই পঢ়া কিতাপৰ ভাল লগা কথাবোৰহে লিখি থ’ব বিচাৰিছো বুলি উল্লেখ কৰি থৈছো । গোটেই লেখাবোৰ ইয়াতে লিখি থ’বলৈও যিহেতু নোৱাৰি সেয়ে কোনো এটা মাত্র বাক্য পঢ়ি যাতে কোনোবা পাঠক ভীতিগ্রস্ত নহয় তাৰবাবে এই লেখাটো পঢ়ি ময়ো আনবোৰ লেখাৰ উদ্ধৃতি তুলি দিয়াৰপৰা নিজকে বিৰত ৰাখিছো । আগ্রহী পাঠকে নিশ্চয় সম্পূর্ণ কিতাপখন পঢ়িব ।  

এটা কথা সঁচা যে প্রতিটো লেখাতেই পাঠকে হাস্যৰস পোৱাৰ লগতে একো একোটা সত্য কথাও দেখা পাব । সেয়া হয়তো কাৰোবাৰ বাবে তিতা হ’ব পাৰে আৰু আন কাৰোবাৰ বাবে মিঠা । মিঠা পালে আনন্দ লাগিব আৰু তিতা পালে খং উঠিব । গ্রন্থখন পঢ়িলে পাঠকে গম পাব আত্মসন্মান নাথাকিলে কিয় ভাল, গম পাব লেখকে ফাঁচি বজাৰত কিয় প্লাজো বা কেটছ্যুট বিচাৰি ফুৰিছিল, কিয় আমেৰিকা-গ্রেট ব্রিটেইন-চীন আদি দেশে খেল খেলে আৰু ভাৰতৰ দৰে দেশে খেল-ধেমালিত অংশ লয়, কিয় পূজা বুলি লেখকে নিজৰ নোমাল ভৰি দুখন আনে বেয়া দেখিলেও মুকলিকৈ ৰখাৰ কথা ভাবিছে, কিয় নিজকে তেওঁ তিনি তৰপীয়া গান্ধীবাদী বুলি কৈছে, প্রেতাত্মা কিয় লেখক এজনৰ বাবে উপকাৰী উপাদান অথবা লেখকে হাঁহ কণীৰ কুহুমটোক কিয় ‘পীতবর্ণ সুগোল ধৰা’ বুলি কৈছে, কি প্রসংগত লেখকে কৈছে যে মানুহ এজন পায়খানাত বহি থকা সময়ত যদি ৮.২ প্রাবল্যৰ ভূমিকম্প আহি পৃথিৱীখন ৪ মিনিটমান কঁপাই থাকে তেন্তে বহি থকাজন ওলাই অহাটো বেছি জৰুৰী অথচ কৰি থকা কামটোও জৰুৰী আৰু গুৰুত্বপূর্ণ । এই আটাইবোৰ উৰহীৰ উৰ বিচাৰিবলৈ হ’লে গ্রন্থখন পঢ়িব লাগিব আৰু সেয়া পঢ়ি পাঠকে হাস্যৰস পাণ কৰিবলৈ পোৱাৰ লগতে লেখকে মহাদেৱৰ তৃতীয় চকুৰ দৃষ্টিৰে দেখা বেলেগ পৃথিৱীখনো যে দেখা পাব সেয়া ধুৰূপ ।

 

 

 

 

November 19, 2021

ছাংলট ফেনলা

 


ছাংলট ফেনলা
লেখক: পৰাগ কুমাৰ দাস
প্রথম প্রকাশ: উদাংশ্রী প্রকাশন
, জানুৱাৰী, ১৯৯৩
আলিবাট সংস্কৰণ:
 ডিচেম্বৰ ২০১৩

 

কিতাপখন কেইবাখনো গ্রন্থমেলাত লওঁ লওঁ বুলিও লোৱা নাছিলো, কিয় নাজানো ! কেতিয়াবা দূৰৈৰপৰা চাওঁ, কেতিয়াবা হাতত লওঁ, বেটুপাতখন চাওঁঅকণ লিৰিক-বিদাৰি পুনৰ শাৰীপাতি থকা কিতাপবোৰৰ মাজতে থৈ দিওঁ । অনুমান কৰিছিলো, এই ৰঙা বেটুপাতৰ কিতাপখনৰ ভিতৰৰ পৃষ্ঠাবোৰত কেনেকুৱা ধৰণৰ কথা লিখা থাকিব ! অৱশেষত এদিন ক্রয় কৰি আনিলোঁ কোনো এখন গ্রন্থমেলাৰপৰাই ।

লেখক পৰাগ কুমাৰ দাসৰ নতুনকৈ পৰিচয় দিয়াৰ নিশ্চয় প্রয়োজন নাই ! তথাপিও যদি এবাৰ পুনৰাই আওৰাব বিচাৰে, ইয়াতে চাব পাৰে-

https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97_%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0_%E0%A6%A6%E0%A6%BE%E0%A6%B8

এই কিতাপখন পঢ়ি সৌৰভ কুমাৰ চলিহাই পৰাগলৈ বিদায়নামৰ লেখাত লিখিছিল- পৰাগ কুমাৰ দাসক আমি অতদিনে জানিছিলো ক্ষুৰধাৰ কলমৰ আপোচবিহীন সাংবাদিক হিচাবে, আৰু এতিয়া জানিলো যে তেওঁ সুদক্ষ ঔপন্যাসিকো, কিন্তু এইখন কিতাপৰপৰা কোমলমনা ডেকা-গাভৰুৰ ক্ষতি হ, এটা ভুল পথ আৰু হিংসাৰ প্রৱণতাৰ পিনে স্বাধীনতাপ্রয়াসী যুৱশক্তি ঢাল খাব, মই ইয়াৰ এটা বিৰূপ সমালোচনা বা গ্রন্থ-পৰিচিতি লিখিম (উপন্যাস হিচাবে নহয়, তাৰ পাঠৰ ওপৰত), আৰু পৰাগে সাগ্রহে তাকেই লিখি দিব কৈছিল ।” কিন্তু তেখেতে সেয়া বিভিন্ন আহুকালৰ বাবে কৰিব নোৱাৰাৰ কথা কৈ লিখিছে যে- সেইটো আছিল মোৰ বাবে (স্বাধীন অসমৰ স্বার্থত) এটা কর্তব্য, কিন্তু মোৰ কর্তব্য মই পালন নকৰিলো । এইখিনিৰপৰা যি কথা স্পষ্ট হৈ পৰে সেইটো হল মোৰ কর্তব্যস্খলনৰ অপৰাধ আৰু পৰাগৰ সততা, সৎসাহস আৰু (মোৰ মতে ভুল হলেও) নিজৰ বিশ্বাসত অটল থাকি সেই মতে নিজৰ কর্তব্যকাম কৰি যোৱাৰ নির্ভীক দৃঢ়তা ।

এই কথাখিনি এইকাৰণেই লিখি থবলৈ মন গল যে, এইখিনি পঢ়িয়েই কিছু ধাৰণা কৰি লব পাৰি ছাংলট ফেনলাৰ বিষয়ে । জাতীয় বীৰ ৰাজেন শর্মাৰ স্মৃতিত পৰাগ কুমাৰ দাসে লিখা উপন্যাস হছাংলট ফেনলা

ফিল্ডৰ চাৰিওফালে দুপ্ দুপ্ কৈ দৌৰি থকা সেনানীবোৰক হৰেণে তাল মিলাই সুধিছে, ফা বফেনলা ?

: আমি কিহৰ সেনানী ?

ৰাবোৰে ভৰিৰ খোজৰ সৈতে তাল মিলাই কৈছে, ছাংলট ফেনলা ।

: (আমি) বিপ্লৱৰ সেনানী ।

হৰেণে আকৌ সুধিছে, ফা বফেনলা ?

ৰাবোৰে আকৌ কৈছে, মুংছোৱা ফেনলা ।

: (আমি) জনগণৰ সেনানী ।

কাচিনত ভিন্ন ভাষী মানুহৰ সমাহাৰ । কিন্তু চিংফৌ জানিলেই কাম চলি যায় । অসমৰ পৰা আহিয়েই দিগন্তহঁতে এমাহৰ ভিতৰতে চিংফৌ শিকি লৈছিল ।

ছাংলট ফেনলা’... বিপ্লৱৰ সেনানী... । উপন্যাসখন পঢ়িবলৈ লৈয়েই চকুৰ আগত ভাঁহি উঠিছিল পাৰ হৈ যোৱা সময়ৰ ছবি এখন । যিদৰে উপন্যাস হলেও এইয়া সঁচা কাহিনী, সেই পাৰ হৈ যোৱা সময়ো সঁচা আছিল !

হয়তো প্রথম বা দ্বিতীয় শ্রেণীত পঢ়ি আছিলো । এদিন গধূলি জলফাইৰঙী পোছাক পিন্ধা মানুহ এখিনি আহি ঘৰৰ আটাইকেইটা মানুহকে বাহিৰত থিয় কৰোৱাই সৰু মামাক সুধিছিল- অমূল্য গগৈ দেখনে ম্যে কেইছা হ্যে ?” মামা খুব সম্ভৱ সেই সময়ত হাইস্কুলৰ ছাত্র, হিন্দী জানে, তেওঁৰ জহতে ময়ো অলপ অলপ বুজি পোৱা হৈছিলো । মামাই কলে- আপকে জেইছা হি হ্যে ।ওখ-পাখ, স্বাস্থ্যবান, বগা মানুহজনে শব্দ কৰিয়েই হাঁহিছিল ! সেয়াই আছিল আৰম্ভণি । তাৰপিছত মাজে মাজে আহিয়েই থকা হৈছিল জলফাইৰঙী পোছাক পিন্ধা মানুহ ! মাজে মাজে অন্য কিছুমান মানুহো আহিছিল, বেছিভাগেই আছিল ডেকা মানুহ, কেতিয়াবা গাভৰু ছোৱালীও আহিছিল, কেতিয়াবা ৰাতিটো থাকে, কেতিয়াবা বহুদিনলৈ থাকিছিল । অভ্যাস হৈ গৈছিল । আলফা, আর্মি, কাচিন, ট্রেইনিং... শব্দবোৰ চিনাকী হৈ পৰিছিল ! গধূলি কুকুৰে ভুকিলেই মানুহবোৰ সচকিত হৈ পৰিছিল, লেম্প-চাকি নুমুৱাই হয় বিচনাত পৰিছিল নতুবা জুই পুৱাই বহি থাকিছিল । লাহে লাহে বুজিছিলো আমাৰ অঞ্চলৰ অমূল্য গগৈল নাম থকা আলফা ! লাহে লাহে সেই নামৰ পিছত অঞ্চলটোৰ আন কিছুমান নামো যোগ হৈ হৈ গৈ আছিল । সেইবোৰ আছিল চিনাকী মানুহৰ চিনাকী নাম । পিছলৈ বহু অচিনাকী আহি চিনাকী নাম হৈ ৰৈ গৈছিল মনত... মেঘালী, মামনি, সবিতা, নিজৰা... বহু নাম পাহৰণিও হল...। সেইবোৰ আচল নাম নে নকল জনাৰ উপায় নাছিল, প্রয়োজনো নাছিল । মেঘালীৰ ককায়েকক এদিন ৰাতি ঘৰতে, ঘৰৰ সকলোৰে সমুখতে আর্মিয়ে গুলিয়াই মাৰিছিল, সেয়ে এদিন মেঘালীও ওলাই আহিছিল উদিত সূৰুজৰ দিশে, সেয়া অৱশ্যেই সঁচা আছিল ! ...আৰু এদিন আমি স্কুলৰ পঢ়া শেষ কৰি কলেজ পঢ়ালৈকে সময় বহু সলনি হৈছিল ।

উপন্যাসৰ নায়ক দিগন্তহঁতক কাচিনলৈ ৰাওনা হওঁতে এগৰাকী বৃদ্ধই নেতা মাওৱে কোৱা কিছু কথা কৈছে- পিয়ানো বজাবলৈ শিকা । পিয়ানো বজাবৰ বাবে দহটা আঙুলিয়েই চালনা কৰিব লাগিব । কেইটামান আঙুলিৰ সঞ্চালন কৰি, বাকীবোৰ নিষ্ক্রিয়কৈ ৰাখিলে পিয়ানোৰ ছন্দ নাহিব । আকৌ, দহটা আঙুলিৰেই একেলগে চাপ দিলেও মধুৰ সুৰ সৃষ্টি নহয় । উত্তম সুৰ সৃষ্টিৰ বাবে দহোটা আঙুলি ছন্দ আৰু পাৰস্পৰিক বুজাপৰা অনুসাৰে সঞ্চালন কৰিব লাগিব । পার্টি কমিটিয়ে মূল কামখিনিৰ দায়িত্ব দৃঢ়ভাৱে পালন কৰাৰ লগতে চাৰিও দিশৰ বিভিন্ন ইউনিট আৰু বিভাগৰ কার্যকাৰিতাৰ ওপৰতো চকু ৰাখিব লাগিব । মাত্র কেইটামান নির্দিষ্ট সমস্যাৰ ওপৰত আমি দৃষ্টি দিলেই নহব । যতেই সমস্যা আছে, তাৰ ওপৰতেই আমি আঙুলিৰ চাপ দিবলৈ শিকিব লাগিব । পিয়ানো কোনোবাই ভালদৰে বজায় আৰু আন কোনোবাই বেয়াকৈ বজায় । এওঁলোক দুয়ো সৃষ্টি কৰা সুৰৰ মাজত যথেষ্ট পার্থক্য থাকে । আৰু সেইবাবেই, পার্টিৰ কমৰেডসকলে ভালদৰে পিয়ানো বজাবলৈ শিকিব লাগিব ।

কথাখিনি পঢ়ি এনেকুৱা ভাব হয় যে স্বাধীন অসমৰ সপোন দেখি ওলাই যোৱা সেই বিপ্লৱী সেনানীয়ে পিয়ানো বজাবলৈ নিশিকিলে নেকি, যাৰবাবে উত্তম সুৰৰ সৃষ্টিৰ পাতনিতে খেলিমেলি লাগিল ? দিগন্তৰ মাকৰ দৰেই অনেক গৰাকী মাকে নিজৰ পুতেকক আশীর্বাদ দি স্বাধীন দেশৰ সপোনৰ পিছত ঘৰৰপৰা ওলাই যাবলৈ সন্মতি দিছিল, তাকে লৈ গৌৰৱ কৰিছিল । তেনে কিমান মাকৰ বুকু সুদা কৰি কিমানজন পুতেক কোনোদিন ঘৰলৈ ঘূৰি নাহিল তাৰ হিচাপ কোনে ৰাখিছে আজি ! তথাপিও কিন্তু সপোন পূৰ নহল ! কিয় ? দিগন্তই ভাবি চোৱাৰ দৰেই- এচাম লৰাই ব্রক্ষ্মদেশৰ হাবি-জংঘলত, দেশৰ নামত যুঁজিবলৈ, গছৰ পাত, সাপ-বেং খাই দিন নিয়াই থকাৰ দিনত এচামে নগৰীয়া আঢ্যৱন্ত ড্রইংৰূমত বহি কাজু-আপেল খাই বিপ্লৱৰ নামত বিলাসিতা কৰিবলৈ লৈছিল । এচাম ডেকাই নাখাই-নবৈ, বিনা চিকিৎসাৰে অচিন বেমাৰত, কেতিয়াবা সতীর্থৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱন উচর্গা কৰাৰ সময়ত এচামে মটৰ চাইকেল-মাৰুতি গাড়ীত উঠি-ফুৰি বিপ্লৱ কৰিছিল । দিগন্তৰ দৰে পুৰণিচাম বিপ্লৱীৰ কথা আছিল- সংগঠন চলাবৰ বাবে দৰকাৰী ধন সংগ্রামৰ প্রতি সহানুভূতি থকা শুভাকাংখীৰপৰা কুপন চিষ্টেমত সংগ্রহ কৰা, বিপৰীতে নতুন এচামৰ যুক্তি আছিল তাতকৈ দুর্নীতিপৰায়ণ ব্যৱসায়ী, চাকৰিয়ালৰপৰা বন্দুক দেখুৱাই একে বাৰতেই লাখ টকা সংগ্রহ কৰা । দিগন্তই আশা কৰাৰ দৰে মানুহৰ মাজত সোমাই নীৰৱে কাম কৰাৰ সলনি সংগঠনৰ নামত লাখ লাখ টকা সংগ্রহ কৰা হ, এচাম লৰা নষ্ট হ, সংগঠনৰ বদনাম হল । ...আৰু শেষত গোহাঁই চাৰে কোৱাৰ দৰে সংগঠন গেলিথাকিল ! সংগঠন গণমুখী হোৱাৰ বিপৰীতে ৰাইজৰপৰা লাহে লাহে বিচ্ছিন্ন হৈ থাকিল !

বহু মানুহৰ সৰল শুভেচ্ছা, নিভাঁজ আশীর্বাদক এচামে প্রতাৰণা কৰিলে । পৱন, মৃগেন, শৰত, মুনীন, শান্তনু, বাবুল, কৃষ্ণ আদিৰ দৰে অনেকৰ জীৱনৰ বলিদান অথলে গল । দিগন্তই ইচমাইলক ঠিকেই বুজনি দিছিল- আমি সকলোবোৰতো এইখন সমাজ ব্যৱস্থাতেই প্রতিপালিত । গতিকে আৰম্ভণিতে এনেকুৱা কিছুমান দুর্বলতা থাকিবই । কিন্তু সময়ত এনেকুৱা সুবিধাবাদী ভুৱা বিপ্লৱীবিলাক আপোনা-আপুনি আঁতৰি যাব । আমাৰ ব্যর্থতাসমূহৰ পৰাই নতুন প্রজন্মই শিক্ষা লব । বিপ্লৱ হৈছে এটা ধাৰাবাহিক প্রক্রিয়া । তোমাৰ-মোৰ লগতে বিপ্লৱো শেষ হৈ পৰিলে নহব । ভিতৰৰ পৰাই আত্মসংশোধনৰ প্রক্রিয়াটো আৰম্ভ কৰিব লাগিব । নেতৃত্বৰ সেইখিনি দূৰদর্শিতা আৰু সাহস থাকিব লাগিব ।

সেয়া সময়ত হৈ উঠিছিল জানো ? নহল । সংগঠন গেলাৰ ঘাই কাৰণটোৱেই আছিল নেকি নেতৃত্বৰ অৱক্ষয় ? বাঢ়ি যোৱা ভুৱা বিপ্লৱীৰ সংখ্যা ? চকুৰ আগতেই দেখিছিলো চৰকাৰী টোপ গিলি বহুতে একালৰ নিজৰেই সতীর্থক চৰকাৰী বাহিনীৰ হাতত ধৰাই দিছিল, হত্যা কৰোৱাইছিল !

দিগন্তই এনেকি সংগঠনৰ শীর্ষ নেতৃত্বৰ গোহাঁই চাৰক মহাত্মা গান্ধীৰ দৰে অহিংসাৰে স্বাধীনতাৰ যুঁজখন কৰিব নোৱাৰি নেকি বুলিও সুধিছিল । প্রত্যুত্তৰত তেওঁৰ কথাখিনিওতো সঠিক- ইংৰাজবিলাকে গণতান্ত্রিক প্রমূল্যক শ্রদ্ধা কৰিছিল, যিটো এতিয়া দেখা নাযায় । তাৰোপৰি গান্ধীয়ে যদি আচলতেই ভাৰতবর্ষক স্বাধীন কৰিব পাৰিলে তেন্তে আজিও ভাৰতৰ অর্থনীতি বিদেশী পুঁজিৰ হাতত কিয় ? তেখেতৰ দুখৰ কাৰণ তেওঁ ঠগ খালে, বহুতেই সৰলতাৰ সুযোগ ললে, সেয়াও মিছা নাছিল- অসমত আজি সংগঠনৰ সদস্যৰ কোনো সীমা-সংখ্যা নাই । অথচ, প্রয়োজনৰ সময়ত বিপদত মূৰ পাতি লবলৈ কিন্তু কোনোৱেই নাই । আমি পৰিস্থিতিৰ অধ্যয়ন নকৰাকৈয়ে বৰ খৰখেদা কৰি পথাৰত নামিলো । এতিয়াহে বুজিছো, স্থিতাৱস্থাৰ প্রলোভন আৰু চক্রান্তৰ পৰা সংগঠন এটাক গা এৰাই ৰখাটো কিমান ডাঙৰ প্রত্যাহ্বান । সংগঠনটো হঠাতে ইমান ডাঙৰ হৈ পৰিল যে, আমাৰ নিয়ন্ত্রণৰ বাহিৰ হৈ গল । ভুল আচলতে আমাৰেই । বিপ্লৱৰ পক্রিয়াটো খৰতকীয়া কৰিবলৈ গৈ যধে-মধে সদস্য ভর্তি আৰম্ভ কৰিলো, ফলত সংগঠনৰ প্রতি কোনো দায়বদ্ধতা নথকা বহুতো লৰা-ছোৱালীয়ে ব্যক্তিগত লাভৰ আশাতে সংগঠনত সোমাল । ...আৰু সেই কথা যে মিছা নহয় সেয়া তেতিয়াৰ ৰাইজেও দেখিছিল, বুজিছিল আৰু লাহে লাহে সংগঠনৰ প্রতি সকলো উদাসীন হৈ পৰিছিল ।

অভিজ্ঞ বিপ্লৱীৰ দিহা-পৰামর্শ বিচৰা দিগন্তক নিখিলদাই জেফাৰছনে কোৱা কথা দুটামান কৈছিল, যে- প্রত্যেক প্রজন্মই হৈছে একো একোটা স্বয়ংসম্পূর্ণ জাতিৰ নিচিনা । আৰু সেইবাবেই, এটা প্রজন্মই নিজ ধ্যান-ধাৰণাৰে আন এটা প্রজন্মক প্রভাৱান্বিত কৰিব বিচৰাটো এটা জাতিয়ে আন এটাক পৰাধীন কৰাৰ নিচিনাহে হয়গৈ । আমি মাথোন তোমালোকক আমাৰ দিনবিলাকৰ অভিজ্ঞতাৰ আভাষহে দিব পাৰোঁ । সংগ্রামৰ পন্থা আৰু প্রকৃতি নিৰূপণৰ দায়িত্ব কিন্তু তোমালোকে নিজেই লব লাগিব । আমাৰ ব্যর্থতাৰ কাৰণবিলাক সূক্ষ্মভাৱে চর্চা কৰিলে তোমালোকে নিজেই ভৱিষ্যত দিক্ নির্দেশনাৰ সন্ধান পাব পাৰিবা । পিছে সেয়া হৈ উঠা দেখা নগল । প্রলোভনৰ আগত আদর্শ-নীতি সকলো জাহ গল ।

কথা প্রসংগত গোহাঁই চাৰে কোৱা এটা সমস্যা- অসমীয়াত ভাল আৰু বেয়া শব্দ দুটাৰ মাজত মধ্যমীয়া অর্থসূচক অইন কোনো শব্দ নাই বাবে যিকোনো এটা প্রসংগত অৱস্থান লবলৈ হলে হয় ভাল বুলি অন্ধভাৱে সমর্থন কৰে নতুবা বেয়া বুলি কৈ গুৱালগালি পাৰে । তেওঁ স্বীকাৰ কৰিছে যে তেওঁলোকেও কথাবোৰ তেনেদৰেই সৰলীকৰণ কৰি ভাবিয়েই নাচালে যে সংগঠনৰ সমালোচনা কৰা মানুহো শুভাকাঙ্খী হব পাৰে আৰু যাক শুভাকাঙ্খী বুলি আস্থাত লৈছিল তেওঁবিলাকে অন্ধভাৱে সমর্থন কৰি ভুলবোৰ আঙুলিয়াই নিদিলে; তেনে কৰা হলে হয়তো সংগঠনে আত্মবিশ্লেষণৰ সুবিধা পালেহেঁতেন । সংগঠন বাদ দিয়ক, নিজ জীৱনৰ সৰু সৰু ভুল-দোষ-ত্রুটিবোৰ কোনোবাই আঙুলিয়াই দিলে আমিও নো কত সহজে গ্রহণ কৰো ! তোষামোদ কৰি থাকিলে বন্ধু, ভুল বুলি কিবা কলেই শত্রুজ্ঞান কৰে ।

আলফাৰ জন্মৰ উদ্দেশ্য আছিল হেনো- পশ্চিমৰ মায়া-মোহ ত্যাগ কৰি পূৱ সীমান্তৰ দুৱাৰ মুকলি কৰা কাৰণ বাণিজ্যিক দিশৰপৰা পূৱ সীমান্তৰ যোগাযোগ অধিক সুবিধাজনক । ষ্টীলৱেল ৰোডটো পুনৰ মুকলি কৰি লব পাৰিলে নতুন দিল্লীক বুঢ়া আঙুলি দেখুৱাই আর্ন্তজাতিক পর্যায়লৈকে অসমৰ বাণিজ্যিক ক্ষেত্রখন স্বতন্ত্রভাৱে সম্প্রসাৰিত কৰা, যিহেতু নতুন দিল্লীয়ে একচেটিয়া কর্তৃত্বৰে অসমৰ বাণিজ্যিক সম্ভাৱনাৰ ওপৰত চর্ত আৰোপ কৰি গৈছে আৰু এদিন ভাৰতীয় ৰাষ্ট্রযন্ত্রই দেশখনক বহুজাতিকৰ হাতত বন্ধকত থব । গতিকে উদ্দেশ্য- অর্থনৈতিক মুক্তি আৰু সাম্রাজ্যবাদী ভাৰতীয় ৰাষ্ট্রৰপৰা অসমক স্বতন্ত্র কৰা । আলফা কিমান সফল হৈছিল সেই উদ্দেশ্যত ? সেই দিশে কিমান দূৰেই বা আগুৱাব পাৰিলে ?

অন্য এক বিপ্লৱী মৃন্ময় তালুকদাৰে কোৱাৰ দৰে দাবী-ধমকি দি প্রাইভেট টিউচন বন্ধ কৰা বা মদৰ ব্যৱসায়িক ভাবুকিৰে দোকান বন্ধ কৰাটোৱেই নিশ্চয় সাংস্কৃতিক বিপ্লৱৰ সূচনা হোৱা নুবুজায় । শাস্তিৰ ভাবুকিৰে জাপি দিয়া সংস্কাৰ কেতিয়াও স্থায়ী হব নোৱাৰে । সংগঠনে কিছুমান সামাজিক ব্যাধিৰ চিনাক্তকৰণ ঠিকেই কৰিছে যদিও অস্ত্রশক্তিৰ ওপৰত সদায়ে সর্বাধিক গুৰত্ব আৰোপ কৰাৰ বাবেই হয়তো সমাধানৰ পথ নিৰূপণত বিশেষ সফল হব পৰা নাই । আমাৰ বয়সত সেই সময়ত আলফাই কৰা কাম বুলিলে এইখিনিহে দেখিছিলো, শুনিছিলো, বুজিছিলো... কোনোবা মদাহীক চাৰিআলিত কাণত ধৰুৱাই আঠুকঢ়াই থোৱাৰ বাদে মানুহ মাৰিছিল, কাৰোবাক অপহৰণ কৰিছিল... সিমানেই !

দিগন্তৰ দৰে আদর্শৰ প্রতি আপোচ নকৰা বিপ্লৱীৰ সংখ্যা হয়তো তেনেই নগণ্য আছিল । তেনে বিপ্লৱীৰ দৃষ্টিত লক্ষীপথাৰ আছিল সংগঠনৰ শেষ স্খলনৰ স্থান । দিগন্তই নিজে চাই আহিব গৈছিল স্খলনৰ কাৰণবোৰ... যাতে নতুন দিশৰ পৰিকল্পনা কৰিব পৰা যায় ! নৃশংসভাৱে অপৰাধী কিছুমানক পাশৱিক অত্যাচাৰেৰে হত্যা কৰাৰ কথাৰ আপত্তি কৰি দিগন্তই কৈছিল যে কাৰাগাৰত অপৰাধীৰ আত্মসংশোধনৰ ব্যৱস্থাও থাকিব লাগে । সংগঠনৰ সামগ্রিক স্খলনৰ বাবেই নৱ বা ৰাণাৰ দৰে সম্ভাৱনাপূর্ণ লৰাবোৰ বিপ্লৱীৰ পৰা হত্যাকাৰীৰ শাৰীলৈ নামি যোৱা বুলি আক্ষেপ কৰিছিল ।

অৱশেষত এদিন দিগন্তও সেনাৰ হাতত আটক হৈছিল । বন্দী হৈ সহিব লাগিছিল সেনাৰ পাশৱিক অত্যাচাৰ । সুদীর্ঘ সাত মাহ কাৰাগাৰত কটাই দিগন্তই অনুভৱ কৰিছিল যে ভাৰতীয় ৰাষ্ট্রৰ কাৰচাজি, কূট-কৌশল, ৰাজনৈতিক নেতাৰ চল-চাতুৰী, আলোচনাৰ নামত ভেকো-ভাওনা, আত্মসমর্পণকাৰীৰ সাত খুন মাফ, বিবেকক বন্ধকত নাৰাখি নীতিত আঁকোৰগোজ হৈ থকাবোৰৰ হত্যা ইত্যাদিৰ মাজেদিয়েই যেন লিপিবদ্ধ হল সংগঠনৰ বৈপ্লৱিক উত্তৰণ আৰু অনাকাংক্ষিত স্খলনৰ নিষ্ঠুৰ ইতিহাস ।

উপন্যাসত উল্লেখিত কানৈ কলেজ, খলিহামাৰী, লক্ষীপথাৰ, চৰাইপুং, নাহৰকটীয়া, দিনজান, দুলীয়াজান, ডিগবৈ, ডুমডুমা, বালিজান, ভাদৈ পাঁচআলি... এইবোৰতো অচিনাকী নাম নহয় ! পঢ়ি শেষ কৰি অনুভৱ কৰিলো এইয়া উপন্যাসৰ দৰে সঁচা কাহিনী । আমাৰ বয়সৰ জোখাৰে তেতিয়া কথাবোৰ বুজা নাছিলো যদিও কিবাকিবি অলপ বুজিছিলো । চকুৰ সমুখতে বহু ঘটনা ঘটিছিল । ৰাইজৰ মৰম-আশীর্বাদ পায়ো এসময়ত কোনেও যেন চকুপাৰি দেখিব নোৱাৰা হৈছিল সেই বিপ্লৱী সেনানীক ! কিমান চোকা মগজুৰ ডেকাৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনাৰে ভৰুণ জীৱন একোটা অথলে গ, দিগন্তৰ দেউতাকৰ দৰে আৰু বহুজন দেউতাক ভাৰতীয় সেনাৰ বর্বৰতাৰ বাবে জীৱনলৈ ঘূণীয়া হ, বীণা বাইদেউৰ দৰে অনেকে সতীত্ব হেৰুৱালে, বহুজনী অঞ্জু হয়তো আজীৱন কোনো দিগন্তৰ অপেক্ষাতেই ৰৈ থাকিল... । আমাৰ চকুৰ আগত ৰাইজৰ আস্থাৰ, স্বাধীন অসমৰ সপোন দেখা আলফাৰ উত্তৰণ হৈছিল মাথোঁ ছালফালৈ ! এচামে সংগ্রাম এৰি আহি গাড়ী-মটৰ লৈছিল, দালান বনাইছিল... আৰু লগত মাৰণাস্ত্র লৈ ফুৰাৰ অনুমতি পোৱা এচাম গুণ্ডাৰ সৃষ্টি হৈছিল । তাৰ বাদে আৰু কি হ?? তীক্ষ্ণ মেধাৰ এখিনি অসমীয়া ডেকা-গাভৰু মৰি থাকিল, যিদৰে পৰাগ কুমাৰ দাস... মানৱ সম্পদৰ অপচয় হোৱাৰ বাদে আৰু কি হ?

লেখকে উপন্যাসৰ সামৰণি মাৰিছে ছাংলট ফেনলাৰ প্রথম খণ্ড সমাপ্তবুলি । কাৰাগাৰৰপৰা মুক্ত হৈ দিগন্তই পৰিকল্পনা কৰিছিল সঁচা সতীর্থৰ সৈতে স্বাধীনতাৰ সংগ্রাম জাৰি ৰাখিবলৈ । আশা কৰিছিল অসমবাসীৰ আচল স্বাধীনতা আদায় নোহোৱালৈকে প্রতিটো প্রজন্মই চলাই থাকিব এই সংগ্রাম । দিগন্তৰ দৰে লেখকো আছিল আশাবাদী !

সৌৰভ কুমাৰ চলিহাই ঠিকেই কৈছিল নির্ভীক সাংবাদিক হোৱাৰ উপৰিও পৰাগ কুমাৰ দাস এজন সুদক্ষ ঔপন্যাসিক । উপন্যাসখন পঢ়ি সেয়াই অনুভৱ হয় । কিন্তু তেওঁ কোৱাৰ দৰে মানিবলৈও মন নাযায় যে এইখন কিতাপে কোমলমনা ডেকা-গাভৰুক ভুল পথেৰে লৈ যাব । মোৰ অনুভৱ হল প্রজন্মৰ পিছত প্রজন্ম চলাই থাকি লাভ নাই, সশস্ত্র সংগ্রামে যে একো দিব নোৱাৰে সেয়াহে দেখোন প্রতিফলিত হোৱা যেন বোধ হল । মানুহৰপৰা বিচ্ছিন্ন হৈ থাকি মানুহৰ বাবে সংগ্রাম কেনেকৈ কৰা যায় ? মৃন্ময়ৰ দৰে চিন্তাশীল সতীর্থ থাকিলে হয়তো দিগন্তই আশা কৰাৰ দৰে, অসমৰ ৰাইজে আশা কৰাৰ দৰে এদিন অসমীয়া একগোট হৈ স্বাধীন হলহেঁতেন । মোৰ ভাব হল কিতাপখন পঢ়িলে আচলতে শুদ্ধ ৰাস্তাটোহে দেখা পোৱা যায় যে স্বাধীনতা কেৱল কাচিনত ট্রেইনিং লৈ বা ঘন জংঘলত কেম্প পাতি আনিবপৰা বস্তু নহয় ।

এতিয়াও যে মাজে-সময়ে খবৰ-কাকতত খবৰ আহে অমুকৰ আলফালৈ গমন, তমুকৰ আলফালৈ গমন ! কিয় ? স্বাধীনতাৰ সপোন নে সাময়িক আৱেগ ? নে সংস্থাপনহীনতা ? স্বাধীনতাৰ বাবে সেয়া শুদ্ধ পথ নে ?

 


ভাল খবৰ

 


ভাল
খবৰ (ৰচনা সংকলন)
লেখক: সৌৰভ কুমাৰ চলিহা
প্রথম প্রকাশ: ১৯৯৮
লয়ার্ছ বুক ষ্টল, গুৱাহাটী

 

“ভাল খবৰ” হ’ল সৌৰভ কুমাৰ চলিহাৰ সর্বমুঠ বাৰটা লেখাৰ এখনি সংকলন । আটাইকেইটি লেখা ১৯৯৬-১৯৯৮ চনলৈ বিভিন্ন আলোচনীত প্রকাশিত । কোনো কোনোটো লেখা গল্প বুলি ভাব হয় যদিও লেখকে স্পষ্টীকৰণ হিচাপে লিখিছে যে- “এই কিতাপখনৰ কোনোখন ৰচনাই গল্প নহয়, কিন্তু কেইখনমান ৰচনা আলোচনীত ভুলকৈ ‘গল্প’ বুলি ছপা হৈছে ।”

সংকলনখনৰ প্রথম লেখাটো হ’ল ‘ভাল খবৰ’ যিটো পহিলা জানুৱাৰী, ১৯৯৮ চনত ‘আমাৰ অসম’ত প্রকাশ হৈছিল । লেখাটিত তেওঁ ক’ৰবাত পঢ়িবলৈ পোৱা, আমেৰিকাৰ প্রাক্তন বিচাৰপতি আর্ল্ ৱেৰেনৰ উক্তি এটাৰ কথা উল্লেখ কৰিছে- “মই বাতৰি-কাকতৰ সদায় ক্রীড়া পৃষ্ঠাটো পঢ়ো । ক্রীড়া পৃষ্ঠাত পোৱা যায় মানুহৰ সফলতাৰ কৃতি । প্রথম পৃষ্ঠাটো মানুহৰ বিফলতাৰে ভৰা ।” লেখকে দুখ প্রকাশ কৰি কৈছে যে আমাৰ অসমৰ বাতৰি-কাকতৰ প্রথম পৃষ্ঠা আৰু ক্রীড়া পৃষ্ঠা একাকাৰ; প্রথম পৃষ্ঠা একেবাৰে বিষাক্ত পুতিগন্ধময় আৰু খেলৰ পৃষ্ঠাও বহুজাতিক বেপাৰীৰ বজাৰৰ দৰে; গতিকে ইয়াত ভাল খবৰ মৰীচিকাৰ দৰে । ‘গৰীয়সী’ৰ সম্পাদক চন্দ্রপ্রসাদ শইকীয়াই হেনো কৈছিল যে অসমীয়া বাতৰি-কাকতৰ পৃষ্ঠা এটা ফট’ষ্টেট কৰি বাহিৰৰ সভ্য দেশলৈ পঠিয়াই দিলে তেওঁলোকে অবাক হৈ বুজিব যে পৃথিৱীৰ এখন দেশ আছে য’ত কেৱল ‘খক’ আছে- নামৰ খক, টকাৰ খক, ক্ষমতাৰ খক যাৰবাবে সব কাম কৰিব পাৰি, তাৰ বাহিৰে কোনো নীতি-নিয়ম নাই, অনুশাসন নাই, মানৱ-সুলভ কথা নাই । এই ‘ভাল খবৰ’ লিখিবলৈ ভাল খবৰ বিচাৰি ফুৰোঁতে পোৱা, লেখকে সাঁচি থোৱা সাত বছৰীয়া পুৰণি বাতৰ-কাকতৰ টুকুৰা এটাৰ কথা লিখিছে, য’ত লিখা থকা ভাল খবৰটো হ’ল- “পিতৃৰ অপকর্মৰ বাবে পুত্রৰ আত্মহত্যা” ! যদিওবা বাতৰিটো শোকৰ, শুভ-বার্তা নহয় তথাপিও সেইদিনাৰ (২৫-১০-১৯৯০) সেই পৰিস্থিতিত সেইটোৱেই ‘ভাল খবৰ’ আছিল ।

‘ভাল খবৰ’ৰ অভাৱ আজিৰ বাতৰি-কাকতবোৰত একেই নহয় নে ? এই ২৩ বছৰে ইয়াৰ অভাৱ কমিবলৈ চাই বাঢ়িহে আছে । লগতে হাত-উজান দিছে অনেক নিউজ-চেনেলৰ ‘চিঞৰ-বাখৰ’ কৰি বাতৰি পৰিৱেশন কৰা প্রতিযোগিতাই । (এইখিনিতে, পূর্বতে লিখা সৌমিত্র যোগীৰ ‘মহৎ জাবৰ’ কিতাপখনৰ- ভাল কথাবোৰ আমি কিয় আওকাণ কৰো, বেয়া খবৰবোৰক কিয় বেছি গুৰুত্ব দিওঁ, সেই কথাটোও মনলৈ আহি আছে ।)

একে লেখাতে তেওঁ নীলছ বঃৰৰ কাহিনী এটা কৈ কাহিনীটোৰ নীতি-কথাটো উল্লেখ কৰিছে এই বুলি- “আমি কোনোমতে দুপাত বিজ্ঞান পঢ়া সবজান্তা পুঠি-খলিহনাই লোক-বিশ্বাসক অন্ধবিশ্বাস আৰু কুসংস্কাৰ বুলি উৰাই দিবলৈ ইতস্ততঃ নকৰো, কিন্তু ডাঙৰ বিজ্ঞানীয়ে- যিসকলে প্রকৃতি-ৰহস্যৰ অন্তঃস্থললৈ সোমাই গৈছে- বুজে যে আমাৰ ক্ষুদ্র মনৰ যুক্তিৰে সকলো ব্যাখ্যা কৰা নাযায়, সব কথাৰ ৰহস্য আমি হয়তো ভেদ কৰিব নোৱাৰিবও পাৰো ।” মোৰ মতে কথাটো একেবাৰেই সঁচা । সকলো বিশ্বাসৰ উৎপত্তিৰ আঁৰত একোটা নির্দিষ্ট কাৰণ থাকে, সেয়া আমি যুক্তিহীন বুলি ক’ব নোৱাৰো । কিছুমান সংস্কাৰ (সকলো নহয়) আমি নামানিলো বুলিয়েই সি অর্থহীন হৈ নাযায় । সকলো ৰহস্যৰ উঁহ বিচাৰি ফুৰাটোও খুব এটা উচিত যেন নালাগে । সি ভাল কৰাতকৈ অথন্তৰ ঘটোৱাৰ হে সম্ভাৱনা অধিক । আমাৰ দৰে সাধাৰণ মানুহে কিছুমান বিশ্বাসক কোনো সময়ত অস্বীকাৰেই কৰো লাগে, সেয়া স্বীকাৰ কৰাসকলৰ বাবে বিশ্বাস হৈয়েই থাকিবলৈ দিয়াটো যুগুত... কাৰণ সকলো কথা-বিশ্বাস-সংস্কাৰ যুক্তিৰ চালনিত চালিব নোৱাৰি ।

দ্বিতীয়টো লেখা ‘এখন নেদেখা ছবি’ত বোলছবি এখন নির্মাণ কৰিবলৈ যাওঁতে নির্মাতাসকলে ‘অইনৰ প্রতি বিবেচনা আৰু সহৃদয়তা’ ৰখাটো জৰুৰী বুলি উল্লেখ কৰি কৈছে যে দর্শকৰ মানসত আঘাট নকৰাৰ মানসিকতা থকা বোলছবিয়েহে দর্শকক ধৰি ৰাখিব পাৰে । তাৰ উদাহৰণস্বৰূপে তেওঁ কেইবাখনো বোলছবিৰ কথা কৈছে । এখন এলফ্রেড হিচককৰ হ’ৰৰ বোলছবি “ছাইক” । এই বোলছবিৰ বহুখিনি শ্বুটিং ৰঙীন ছবি হিচাপে কৰাৰ পিছতো হেনো পুনৰ তাক ক’লা-বগাত শ্বুটিং কৰি ৰিলিজ দিয়া হৈছিল কাৰণ বোলছবিখনৰ এটা দৃশ্যত ছোৱালী এজনীক হত্যা কৰাৰ সময়ত তেজৰ তীব্র ৰঙা ৰঙে তেওঁক বিচলিত কৰিছিল আৰু সেয়ে ঠিৰাং কৰিছিল যে তেনে দৃশ্য দর্শকক দেখুওৱাটো উচিত নহ’ব, যিয়ে নেকি মূল কাহিনীৰপৰা দর্শকৰ মনোযোগ বিচ্যুত কৰিব পাৰে । এইখিনি কথা উল্লেখ কৰি লেখকে কৈছে যে “অন্যান্য উৎকর্ষৰ লগতে দর্শকৰ প্রতি এইখিনি বিবেচনাৰ বাবেই কিজানি ‘ছাইক’ আজি এখন ‘ক্লাছিক’ বোলছবি ।” লেখকৰ এই কথাত মই এইকাৰণেই সহমত যে লেখাটো পঢ়া প্রায় এক সপ্তাহমানৰ আগতে ‘ছাইক’ বোলছবিখন চাবলৈ সুবিধা পাইছিলো (লেখাটো পঢ়ি পুনৰ এবাৰ চাইছিলো)। সেইদৰে অসমীয়া বোলছবি ‘অদাহ্য’ৰ পৰিচালক সান্ত্বনা বৰদলৈৰ এটি সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি লেখকে কৈছে যে অইনৰ প্রতি বিবেচনা আৰু সহৃদয়তা থকাৰ বাবেই অচিনা-অজানা ল’ৰা এজনৰ মেট্রিক পৰীক্ষাৰ কথা ভাবি অধিক খৰচ আৰু আহুকাল বোজা পাতি লৈও সমগ্র ফিল্ম-ইউনিটৰ স্থানান্তৰণ কৰাৰ সিদ্ধান্ত ল’ব পাৰিছিল । এনে সমূহীয়া সংবেদনশীলতা নিশ্চয়কৈ তেওঁলোকৰ কামতো প্রতিফলিত হয় আৰু ‘কিছুমান পুৰণিকলীয়া সামাজিক অন্যায়ৰ প্রতি দর্শকক সচেতন কৰা’ৰ প্রয়াসেৰে নির্মিত ‘অদাহ্য’ বোলছবিখনে সেয়ে ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সফল বোলছবি হিচাপে জিলিকি উঠিছিল । অর্থাৎ কোনো আতিশয্য, কৃত্রিমতা, পক্ষাঘাতী মনোবৃত্তি নৰখাকৈও এখন বোলছবিয়ে টকা ঘটিব পাৰে, দর্শকক বান্ধি ৰাখিব পাৰে, ‘ভাল’ বোলছবি হ’ব পাৰে যদিহে দর্শকৰ সংবেদনশীলতাৰ প্রতি গুৰুত্ব দিয়া হয় ।

আন এটা লেখা ‘পৰাগলৈ বিদায়’ পঢ়ি কিছু সময় ভাবুক হৈ পৰিছিলো ! পুৰণি কিতাপ কিছুমান ‘অনলাইন’ ক্রয় কৰিবলৈ সুবিধা পায় কেইবাখনো কিতাপ লৈছিলো । তাৰে এখন পৰাগ কুমাৰ দাসৰ ‘ছাংলট-ফেনলা’, পঢ়িলো কিছুদিন আগতে । টুকুৰা-টুকুৰ কথা কিছুমান ক’ৰবাত জোৰা লাগি লাগি গৈ থাকে । লেখাটো পঢ়ি বুজিলো যে দুয়োজন ব্যক্তিৰ মাজত ভালেমান কথাত মতানৈক্য আছিল যদিও পৰস্পৰৰ প্রতি মৰম-আস্থা-শ্রদ্ধাও সমানেই আছিল । সেই কাৰণে চলিহা দেৱক পৰাগ কুমাৰ দাসে তেতিয়াৰ ‘বুধবাৰ’ কাগজত নিয়মীয়াকৈ নিজৰ যি ইচ্ছা তাকে লিখিবলৈ পূর্ণ স্বাধীনতা দিছিল, যদিওবা চলিহাদেৱে সেই অনুৰোধ ৰাখিব পৰা নাছিল, যাৰবাবে নিজে দোষী বুলিও স্বীকাৰ কৰিছে । লেখাটোৰ শেষত কোৱা কথা- “নিয়ম মানে নিয়ম, আৰু আইন মানে আইন- যি জাতিৰ কোনো নিয়ম-শৃংখলা নাই, যি জাতিৰ মাজত আইনৰ প্রতি আনুগত্য নাই, কোনো অনুশাসন নাই, সেই জাতি স্বাধীন হ’ব নোৱাৰে, সেই জাতি অইনে দখল কৰি ল’বই । পৰাগ দাসলৈ আমি এই বুলিয়েই বিদায় দিওঁহঁক যে, তেওঁৰ সপোনৰ অসমক আমি পুনৰ ঘূৰাই আনিম বর্বৰতাৰপৰা সভ্যতালৈ ।” ...আৰু এতিয়াৰ অসমৰ ছবিখন কি ? কিয়েইবা সলনি হৈছে ! আইনে কি বিচাৰ কৰিছিল ? কি কৰিছে ? লেখকে কোৱাৰ দৰে সৰু সৰু অন্যায়-অনিয়মবোৰ চকু মুদি সহি যোৱাৰ ফলত ডাঙৰ ডাঙৰ অপৰাধ চকুৰ আগতে ঘটিলেও আমি মুখ ঘুৰাই লোৱাৰ অভ্যাস হৈ যাব কাৰণ ক’বলৈ মুখ খুলিলেই জীৱন অসহনীয় হৈ পৰিব, উদাহৰণ- পৰাগ কুমাৰ দাসৰ মৃত্যু ! ফলস্বৰূপে সম্পূর্ণ প্রশাসনিক, সামাজিক আৰু মানসিক নৈৰাজ্য । আজিও নো এই অৱস্থাৰ কি উন্নতি হৈছে ? একেবাৰে ঠিক কথা যে- আমি আজিও বালিত মূৰ গুজি, একো হোৱা নাই বুলি কৈ থকা ‘অসমীয়া’ৰ উটপখী ।

আটাইকেইটা লেখাৰ ভিতৰত মোৰ সবাটোকৈ ভাল লগা লেখাটো হ’ল ‘উপাদান’ । লেখাটো আৰম্ভণি হৈছে হঠাতে হোৱা বিয়া এখনৰ কথাৰে- ছোৱালীৰ ফাইনেল ইয়েৰৰ পৰীক্ষা, দৰা আমেৰিকাত থকা কম্পিউটাৰ ইঞ্জিনীয়াৰ, অসমলৈ আহোঁতেই বিয়াখন পাতি যাবলৈ ইচ্ছুক যিহেতু আৰু ডেৰ বছৰলৈ পুনৰ অসমলৈ আহিব নোৱাৰিব । লেখাটো আগুৱাইছে গল্পৰ বাবে প্লট বিচৰাৰপৰা বোলছবিৰ নায়ক বাছনি কৰালৈ । সামৰণিটো এনেকুৱা- “প্রথম দৃষ্টিত হয়তো ভাব এটা, আইডিয়া এটা, প্লট এটা, ধাৰণা হৈছে বেছ আকর্ষণীয়, বেছ সুন্দৰ উপাদান, হয়তো বহুদিন ধৰি মনত সেই ধাৰণা নিশ্চয় হৈ খেলি আছে, কিন্তু এদিন তাক বিকাশ কৰিবলৈ গৈ হয়তো বুজিব পাৰিছো, নহয়, আচলতে আইডিয়াটো তিমান সম্ভাৱনাপূর্ণ নহয়, তিমান কার্য্যকৰী নহয় ।” কেতিয়াবা নহয়নে এনেকুৱা ? হয় হয়, বহু সময়ত হয় । ...আৰু কেতিয়াবা ইয়াৰ ওলোটাটোও হয় !

সংকলনখনৰ আনকেইটা লেখা হ’ল- ফেন্ ক্লাব, উটপখী, এখন নেখেলা খেল, মে’নু, উমাচলপুৰৰ ডাকবাকচ, সম্পাদকলৈ চিঠি, সৃষ্টিৰ নেপথ্যৰ কথা আৰু সাহিত্যৰ লঘু-গুৰু (‘মেগৰ্’ ভাষণ) ।

পূর্বতে ‘চিন্তাৰ বেগ কিমান’ খনৰ কথা লিখোতে কৈছিলো যে লেখক স্পষ্টবাদী, বহু সময়ত আপোচ নকৰা বিধৰ যেন লাগে । তেওঁৰ প্রতিটো লেখাতেই সেয়া প্রতিফলিত হোৱা দেখা যায় । এই সংকলনখনৰ লেখাকেইটা পঢ়িও সেয়াই অনুভৱ কৰিলোঁ । পিছে এই লেখাকেইটাও তেওঁৰ ছদ্মনামৰ সলনি ‘সুৰেন্দ্র নাথ মেধি’ নামটোৰ সৈতেহে বেছি খাপ খালেহেঁতেন যেন মোৰ অনুভৱ হয় ।

‘উটপখী’ লেখাটোত লেখকে উটপক্ষীবাদৰ কথা উল্লেখ কৰি কৈছে যে অভিধানৰ মতে উটপক্ষীবাদ (Ostrichism) মানে হ’ল- ‘অপ্রিয় কথা উপেক্ষা কৰাৰ বা তেনে কথাৰ মুখামুখি নোহোৱাৰ অভ্যাস বা নীতি ।’ কিন্তু কি প্রসংগত সেয়া লেখকে কৈছে ? পঢ়ি চালে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে । সেইদৰে লেখকে ধাৰণা কৰাৰ দৰে ২১ শতিকাৰ দ্বিতীয় দশকমানত ‘অসম আন্দোলন’ বা অসমৰ সন্ত্রাস-যুগ আদিৰ পটভূমিত সঁচা আৰু সফল কথাসাহিত্য বা বোলছবি পঢ়ুৱৈ আৰু দর্শকে পাব নে/পাইছে নে ?

কিতাপখনৰ প্রথম প্রকাশৰ পিছত পুনৰ মুদ্রন হৈছিল ২০০০ চনত আৰু প্রথম কেচাবন্ধা প্রকাশ হৈছে ২০১৮ চনত । এনে কিছুমান লেখা পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ‘লয়ার্ছ’ৰ এই প্রচেষ্টা নিশ্চয়কৈ আদৰণীয় । লগতে পঢ়ুৱৈ হিচাপে আশা কৰো যে ৯৫ পৃষ্ঠাৰ কিতাপ এখনৰ মূল্য যদি ১২০ টকা ধার্য্য কৰা হয়, তেন্তে তাৰ কাগজৰ মান, বানান বিষয়ক কথাবোৰতো চকু দিয়াটো প্রয়োজনীয় ।


November 11, 2021

Sapiens: A Brief History of Humankind

Sapiens: A Brief History of Humankind
By Yuval Noah Harari

 

ইতিহাস বা বুৰঞ্জী বিষয়টো মই খুব এটা ভালপোৱা বিষয় নহয় তথাপিও ৪৬৬ পৃষ্ঠাৰ কিতাপখন পঢ়ি অনুভৱ হল যে বুৰঞ্জীক যদি এনেদৰে উপস্থাপন কৰে তেন্তে সি নিশ্চয়কৈ আমনিদায়ক হৈ নপৰে আৰু এটা কথা যে যেতিয়াই ইংৰাজী ভাষাৰ কিতাপ একোখন পঢ়িবলৈ লওঁ তেতিয়াই দেখো যে প্রায় প্রতিখন কিতাপেই দেখোন ‘Bestseller’ ! আমাৰ অসমীয়া ভাষাৰ কিতাপৰ ক্ষেত্রত কিয় তেনেকুৱা নহয় ? আমাৰ অসমীয়া এজনে এনে একোখন কিতাপ কিয় নিলিখে ? তাৰ কাৰণটো হয়তো- আমি কিতাপ কমকৈ পঢ়ো বা একেবাৰেই নপঢ়ো ! আমাৰ বহুতৰে প্রিয় উপন্যাসঅসীমত যাৰ হেৰাল সীমাখনকে যদি ইংৰাজী ভাষালৈ কোনোৱে তর্জমা কৰে তেন্তে সেয়া Bestseller বনে ?

বাৰু যি হওক এইয়া পিছে গ্রন্থালোচনা নহয় অসমীয়া-ইংৰাজী দুয়োটা ভাষাতে এই কিতাপখনৰ অনেক ৰিভিউহয়তো পঢ়িবলৈ পোৱা যাব লেখকে কৈ যোৱা কথাবোৰৰ যতে যতে মই ৰৈ কিবা এটা ভাবিবলৈ লৈছো তেনেকুৱা দুই এটা কথাহে লিখি থব বিচাৰিছো মানুহৰ বিৱর্তনৰ বিষয়ে কিতাপখনত উল্লেখিত কিছুমান তথ্যৰ সৈতে হয়তো নৃতত্ত্ববিদ একোজন সম্পূর্ণ সহমত নহবও পাৰে, কিন্তু আমাৰ দৰে সাধাৰণ মানুহে বুজিব পৰাকৈ কথাবোৰ লিখকে ধুনীয়াকৈ সহজ কথাৰে লিখাত সার্থক হৈছে বুলিয়েই কম, যিবোৰ কথাই পঢ়ুৱৈক ভাবিবলৈ বাধ্য কৰাব পাৰিছে

আৰম্ভণিতে লেখকে উল্লেখ কৰিছে যে প্রায় ১৪ বিলিয়ন বছৰৰ আগতে পদার্থ, শক্তি, সময় আৰু মহাকাশ ইত্যাদিৰ অস্তিত্বৰ কথা আহিল যাক পদার্থ বিজ্ঞানত ‘বিগ বেং’ পৰিঘটনা বোলে । তাৰ প্রায় ৩ লাখ বছৰৰ পিছত পদার্থ আৰু শক্তিৰ সন্মিলনত জটিল পৰমাণুৰ সৃষ্টি হ’ল আৰু কেইবাটাও পৰমাণু লগ হৈ অণুৰ সৃষ্টি হ’ল আৰু ৪ বিলিয়ন বছৰৰ আগতে পৃথিৱী নামৰ গ্রহত কিছুমান অণু লগ হৈ কিছু পৰিমাণে ডাঙৰ আৰু জটিল জীৱৰ সৃষ্টি কৰিলে । এনেকৈয়ে গৈ গৈ অৱশেষত আফ্রিকাৰ কোনো এক ঠাইৰপৰা Neanderthalsৰ ক্রমবিকাশ হৈ Homo sapiensৰ সৃষ্টি হল আৰু ক্রমবিকাশৰ এই সময়ছোৱাই হলগৈ Homo sapiensৰ ইতিহাস

মানৱ প্রজাতিৰ ইতিহাসৰ কথা ক’বলৈ গৈ লেখকে কিতাপখনত তিনিটা বিপ্লৱৰ কথা উল্লেখ কৰিছে- চিন্তাশীল বিপ্লৱ, কৃষি বিপ্লৱ আৰু বৈজ্ঞানিক বিপ্লৱ ।

লেখকে উল্লেখ কৰা অনুসৰি ২.৫ মিলিয়ন বছৰৰ আগতে পূৱ আফ্রিকাত Australopithecus নামৰ বান্দৰ জাতিৰপৰা প্রথম মানুহৰ ক্রমবিকাশ আৰম্ভ হৈছিল ইউৰোপৰ লগতে পশ্চিম এছিয়াত Neanderthals ৰূপত আৰু পূৱ এছিয়াত Homo erectusৰ ৰূপত ক্রমবিকাশ হৈছিল বিৱর্তন হৈ হৈ প্রায় এক লাখ বছৰৰ আগতেহে Homo sapiens য়ে খাদ্য-শৃংখল পিৰামিডৰ একেবাৰে ওপৰত থাকিবলৈ সক্ষম হৈছিল আৰু যেতিয়াই জুইৰ আৱিষ্কাৰৰ লগতে ভাষাৰ যোগেদি ইহঁতে ভাৱ প্রকাশ কৰিবলৈ জানিলে তেতিয়াৰপৰা তাৎপর্য্যহীন জন্তুৰপৰা বিকাশ হবলৈ লৈ আজিৰ মানৱ প্রজাতিৰ সৃষ্টি হ

কিতাপখন জটিল যদিও মোৰ ভাবি থাকিবলৈ মন যোৱা কথা দুটামান হ’ল-

লেখকে উল্লেখ কৰিছে- “We did not domesticate wheat. It domesticated us. The word ‘domesticate’ comes from the Latin ‘domus’, which means ‘house’. Who’s the one living in a house? Not the wheat. It’s the Sapiens.” ভাবি চালে তো সঠিক কথা এটা ! নহয়জানো ? আমি ভাবোঁ সময়ৰ সৈতে মানুহ তীক্ষ্ণ বুদ্ধিসম্পন্ন হৈ হৈ গৈ আছে অতীজতে বনৰীয়া জীৱক বশ কৰি নিজৰ অধীন কৰি মানুহে কৃষি বিপ্লৱ আনিছিল ! যাৰ বাবে চিকাৰ কৰি কটোৱা কঠিন জীৱন নির্বাহ কৰা প্রথা লাহে লাহে নোহোৱা হৈছিল জীৱন সহজ হৈছিল ! আমি ভাবোঁ আমিয়েই সকলো কৰিছো, কিন্তু সকলো আচলতে প্রকৃতিয়ে হে কৰি আছে ! কৃষি বিপ্লৱৰ ফলত খাদ্যৰ পৰিমাণ বাঢ়িছিল ঠিকেই কিন্তু সেই খাদ্য বা ৰাহি হোৱা খাদ্যই মানুহক উন্নতমানৰ আহাৰ বা আৰাম দিয়া নাছিল, বৰঞ্চ ইয়াৰ ফলশ্রুতিত জনসংখ্যা বাঢ়িছিল আৰু এক শ্রেণীৰ ‘ইলাইট্’ লোকৰ জন্ম হৈছিল চিকাৰীজীৱী হৈ থাকোঁতে মানুহৰ জমা খাদ্য নাথাকিলেও কোনো সমস্যা নাছিল যিহেতু ভিন ভিন খাদ্যৰ উৎসৰ ওপৰত তেওঁলোক নির্ভৰশীল আছিল যেতিয়াৰপৰা মানুহে বিশেষ একোবিধ খাদ্যৰ ওপৰত নির্ভৰশীল হ, তেতিয়াৰেপৰা খাদ্যৰ অভাৱত মানুহ বেমাৰত পৰা হল নতুবা মৃত্যুৰ মুখতো পৰিবলগা হ ! …আমি ভাবি আছো আমিহে প্রকৃতিক বশ কৰি আমাৰ অধীন কৰিছো, আচলতে পাকে-প্রকাৰে শেষত আমিহে প্রকৃতিৰ ওচৰত হাৰ মানিছোঁ !

 “We thought we were saving time; instead we revved up the treadmill of life to ten times its former speed and made our days more anxious and agitated.”

লেখকে কোৱাৰ দৰেই সঁচাকৈ, আগৰ দিনত মানুহে খুব জৰুৰী কথা থাকিলে হে চিঠি লিখিছিল; তাকো বেছ ভাবি-গুণি কবলগীয়া কথাকেইটা হে, মনলৈ যি আহে তাকে নহয় ! চিঠি পোৱা জনেও লগে লগেই উত্তৰত কিবাকিবি নিলিখে, দৰকাৰী কথাকেইটাহে লিখে চিঠি এখন লিখি, তাক ডাকঘৰত দি আহি, সেইখন নির্দিষ্ট ঠিকনাত গৈ পোৱাৰ পিছত তাৰ উত্তৰ পোৱালৈকে মাহ পর্য্যন্ত লাগে এতিয়া আমি যিকোনো ঠাইত থকা কাৰোবালৈ মনলৈ অহা যিকোনো কথা মিনিটতে লিখি পঠিয়াব পাৰো আৰু লগে লগে উত্তৰো পাব পাৰো ! আমাৰ সময় বাছিল, কষ্ট কমিল ! অথচ আমাৰ সময় নাই, সকলো সোনকালে লাগে ! আমি অনবৰতে উৎকণ্ঠিত আৰু উত্তেজিত হৈ থাকো ! অনবৰতে যেন উদ্বিগ্নতাত পাৰ হয় সময় !

ঠিকেই- আমি সহজ-আৰামদায়ক জীৱন এটা বিচাৰিluxury trap’ ত বন্দী হৈ পৰিলোঁ !

আৰু অনেক কথাই মনলৈ আহে । তাৰে ভিতৰত এটা- আজিৰ প্রযুক্তিয়ে মানুহক ওচৰ চপাই আনিছে নে মাজৰ দূৰত্ব বঢ়াইছে ? ভাব হয় সকলো যেন ‘মেকানিকেলি কানেক্টেড্’ !

 

লেখকে উল্লেখ কৰা অন্য এটা কথা- “Biology says- Sapiens have ‘evolved differently’, not ‘created equal’. There were no creator. There is only a blind evolutionary process without any purpose, leading to the birth of individuals.” অৱশ্যে এনে কিছুমান কথাৰ বাবে লেখকক কোনো কোনোৱে নাস্তিক বুলি অপবাদো দিছে

যি নহওক, “ভগৱানৰ ওচৰত সকলো মানুহ সমান”- আমি তেনেকৈয়ে কওঁ ! তেন্তে কিহৰ ভিত্তিত মানুহৰ মাজত আমি ভাগ কৰো- উচ্চ, নীচৰ ? আকৌ, যদি ভগৱান বুলি কোনো সৃষ্টিকর্তা নাই; আত্মা বুলি কোনো অস্তিত্ব নাই তেন্তে কি হিচাপতসকলো মানুহ সমান’ ?

লেখকে ব্যাখ্যা কৰা অনুসৰি- জীৱবিজ্ঞানৰ মতে বিৱর্তন হৈছে ভিন্নতাৰ ওপৰত ভিত্তি কৰিহে, সাদৃশ্যৰ ওপৰত নহয় প্রতিজন মানুহৰেই জেনেটিক কড ভিন ভিন আৰু প্রতিজনেই চাৰিওফালৰ ভিন ভিন পাৰিপার্শ্বিক পৰিৱেশৰ সৈতে মুখামুখি হোৱাৰ বাবে প্রত্যেকেই ভিন ভিন বৈশিষ্ট্যৰে বিকশিত হয় সেই গতিকেই, যদিওবা জীৱবিজ্ঞানৰ মতে সকলো মানুহ সমান নহয় তথাপিও আমি সকলো সমান বুলি মানি ললে সমাজ একোখনৰ সুস্থিৰতা আৰু উন্নয়নত ই সহায় কৰে আকৌ একে সময়তে নৈর্ব্যক্তিকভাৱে সঁচা নহ’লেও সমাজত সুস্থিৰতা বজাই ৰাখিবলৈকে আমি সকলো মানুহ সমান নহয় বুলি মানুহৰ মাজত বিভাজন কৰি “কাল্পনিক শৃংখল” একোটাকো মানি চলো ।

বাৰু যি হওক, ভগৱান বা জীৱবিজ্ঞানক বাদ দি আমি যদি মানি লওঁ যে বিৱর্তনে মানুহৰ মাজত উচ্চ-নীচ, মালিক-চাকৰ বুলি শ্রেণী বিভাজন কৰা নাই যদিও সেয়া প্রয়োজন কেৱল মাত্র এখন সুস্থিৰ আৰু সমৃদ্ধিশালী সমাজ গঢ়াৰ স্বার্থত; তেন্তে সেই সুস্থিৰতা আজিৰ সমাজে কিমান দূৰ প্রতিফলিত কৰিছে ?

“There are no such things as rights in biology. There are only organs, abilities, and characteristics. Birds fly not because they have a right to fly, but because they have wings.” হয় তো ! নহয়জানো ?

উটপখীৰ পাখিবোৰ বাৰু কিয় নোহোৱা হৈ গ ? কিয় মিউটেচ্যন ঘটিল ? তাক উৰিবলৈ কোনে নো মানা কৰিছিল ? নে দৌৰি থাকোঁতে উৰিবলৈ পাহৰি গ ? নে তাৰ উৰিবলৈ এলাহ লগা হ ? আমি যদি চেষ্টা কৰি থাকো উৰিবলৈ, আমাৰ জিনত বাৰু কেতিয়াবা মিউটেচ্যন ঘটি পাখি গজিবনে ?

 

টকাৰ আৱিষ্কাৰৰ কথা কৈ লেখকে উল্লেখ কৰিছে- “Money is more open-minded than language, state laws, cultural codes, religious beliefs, and social habits. Money is the only trust system created by humans that can bridge almost any cultural gap, and that does not discriminate on the basis of religion, gender, race, age or sexual orientation.”

সঁচা কথা এটা ! দেশে দেশে হয়তো শত্রুতা আছে, কিন্তু সেই দেশৰ টকাৰ মাজত শত্রুতা নাই; মানুহ যাব নোৱাৰিব, কিন্তু টকাৰ অবাধ বিচৰণ ! হিন্দুয়ে ইছলামক নামানে, ইছলামে খ্রীষ্টানক নামানে; আমেৰিকাই ৰাছিয়াক নামানে, চীনে ভাৰতক নামানেদেশ-দেশ বুলি, ধর্ম-ধর্ম বুলি যুদ্ধ কৰে; কিন্তু টকাক কোনেও  অস্বীকাৰ নকৰে, সেয়া যি ধর্মৰে নহওক বা যি দেশৰে নহওক ! কাকো বিশ্বাস নকৰাৰ পৰিৱর্তে আমি টকাক বিশ্বাস কৰো ! “We do not trust the stranger, or the next-door neighbor – we trust the coin they hold. If they run out of coins, we run out of trust.

প্রতিটো বস্তু/কথাৰ যিদৰে ভাল-বেয়া দুয়োটা দিশ থাকে টকাৰো আছে । আমি টকাক যিমান বিশ্বাস কৰো, বিচাৰো- তাৰবাবে মানৱীয় প্রমূল্য, মানুহৰ প্রতি থকা বিশ্বাস, আত্মীয়-সম্পর্ক ইত্যাদিকো ক’ৰবাত বিক্রী কৰি দিয়াৰ, সেইবোৰৰ মূল্যক টকাৰ মূল্যৰ তুলনাত নগণ্য বুলি ভবাৰ সম্ভাৱনা নথকা নহয় ! সেয়ে লেখকে কৈছে- “Hence the economic history of humankind is a delicate dance.” কাৰণ, যিদৰে মানুহে টকাৰ বাবেই অচিনাকী মানুহৰ সৈতেও সম্পর্ক গঢ়ে, একেদৰেই ভীতিগ্রস্তও কিজানি টকাই মানৱীয় প্রমূল্য, আপোন সম্পর্ক কিছুমানকো ঘূণীয়া কৰি পেলায় ! মানুহে যিদৰে টকাৰদ্বাৰা দুটা পক্ষৰ মাজৰ সাম্প্রদায়িক দূৰত্ব নোহোৱা কৰিছে একেদৰেই টকাই সৃষ্টি কৰা বজাৰৰ দাসত্বৰপৰা সমাজ, সম্প্রদায়, পৰিৱেশ একোটাক ৰক্ষা কৰিবলৈ নতুন সাম্প্রদায়িক বান্ধোনৰো সৃষ্টি কৰি লৈছে

কিতাপখনত উল্লেখ কৰা Industrial revolutionৰ কিছু কথা পঢ়ি এক অজান শোকে মনত ক্রিয়া কৰি থাকিল ভালেদিন ! লেখকে ইয়াক second agricultural revolution বুলি উল্লেখ কৰিছে কাৰণ “the result was an explosion in human productivity” আৰু এই বিপ্লৱে পোন প্রথম কৃষি ক্ষেত্রতেই প্রভাৱ পেলাইছিল

পঢ়ি দুখ লগা কথাখিনি হ- ফার্মত ৰখা জীৱ-জন্তুবোৰো যে বিষ-বেদনা, মানসিক পীড়া অনুভৱ কৰিব পৰা প্রাণী; সেয়া পাহৰি গৈ মানুহে সিহঁতক মেছিনৰ দৰে গণ্য কৰিবলৈ ল’লে । “Pigs are among the most intelligent and inquisitive of mammals, second perhaps only to the great apes.” কিন্তু এই গাহৰিবোৰকে ঔদ্যোগিক ফার্ম বিলাকত সৰু সৰু বাকচৰ দৰে গৰালত ৰখা হয় য’ত তাঁহাতে খাদ্যৰ বাবে ঘূৰি-ফুৰি খোজ কঢ়াটো দূৰৰ কথা, ইফালে-সিফালে লৰচৰ হ’বলৈকে নোৱাৰে ! মাইকী গাহৰিবোৰক পোৱালি জন্ম দিয়াৰ পিছৰ চাৰিটা সপ্তাহ দিন-ৰাতি এনেকুৱা সৰু গৰালবোৰতে ৰখা হয় । জন্ম হোৱা পোৱালিবোৰক নোদোকা কৰিবলৈ লৈ যোৱা হয় আৰু মাইকী গাহৰিবোৰক পুনৰ পোৱালি জন্ম দিবৰ বাবে অন্য গাহৰিৰ সৈতে ৰখা হয় !

একেদৰে, গাই-গৰুবোৰকো ফার্মত সৰু এটুকুৰা ঠাইতে বছৰ বছৰ ধৰি ৰখা হয় য’ত নিজৰ মল-মূত্রৰ ওপৰতে সিহঁতে পৰি থাকিব লগা হয়; সিহঁতে খাদ্য, হ’ৰম’ন আৰু ঔষধ ইত্যাদি মেছিনৰ জৰিয়তে যিদৰে পায় একেদৰে মেছিনেই কেইঘন্টামানৰ মূৰে মূৰে গাখীৰো খীৰায় ! সেইদৰে মুকলি ঠাইত খাদ্যৰ বাবে অবাধ বিচৰণ কৰি ফুৰা, পাখি কোবাই দৌৰি ফুৰা কুকুৰাবোৰকো কণী পাৰিবলৈ এনেকুৱা সৰু সৰু সঁজাত চাৰি-পাঁচজনীকৈ ভৰাই থয় যে সিহঁতে পাখিবোৰো লৰচৰ কৰিব নোৱাৰাৰ দৰে হয় । (নিজকে তেনে অৱস্থাত কল্পনা কৰি চালে গা শিয়ৰি উঠে !)

এই ফার্মৰ জীৱ-জন্তুবোৰক যিসকলে মেছিনৰ দৰে কোনো অনুভূতি নথকা, মানসিক-শাৰীৰিক পীড়া অনুভৱ কৰিব নোৱাৰা জীৱ বুলি ভাবে, সেই একেখন বৈজ্ঞানিক ক্ষেত্রই আক’ পৰীক্ষা-নিৰীক্ষা কৰি প্রমাণ কৰিছে যে- “...mammals and birds have a complex sensory and emotional make-up. They not only feel physical pain, but can also suffer from emotional distress.”  

এই ঔদ্যোগিক বিপ্লৱৰ ফলত খেতি-পথাৰৰ পৰা আহি সৰহ সংখ্যক মানুহে ভিন ভিন উদ্যোগৰ কামত জড়িত হৈ পৰিল ফলস্বৰূপে উৎপাদন বাঢ়িল আৰু নতুন নতুন হৰেক ৰকমৰ বস্তুৰ বজাৰ একোখন গঢ় লৈ উঠিল লেখকে কোৱাৰ দৰে- পূর্বতে ধনী-মানী, ৰজা-ইলাইট্ শ্রেণীৰ মানুহে বেহিচাপ ধন খৰচ কৰি বিলাসিতা কৰিছিল আৰু সাধাৰণ শ্রেণীৰ মানুহে প্রতিটো টকাৰ মূল্য হিচাপ কৰি চলিছিল, কিন্তু এতিয়া তাৰ ওলোটা ছৱি এখন হে দেখা যায় ধনীক শ্রেণীয়ে নিজৰ সা-সম্পদ খুব সাৱধানেৰে ৰাখে কিন্তু সাধাৰণ শ্রেণীৰ মানুহে অবাবত অপ্রয়োজনীয় বস্তু কিনিবলৈ গৈ জমা ধন শেষ কৰি ধাৰত পোত গৈছে সেই যে ঔদ্যোগিক বিপ্লৱ হ, তাৰ ফলত উভৈনদী হৈ পৰা বিভিন্ন বস্তুবোৰ কিনিব কোনে ? আৰু আমি সাধাৰণ শ্রেণীৰ মানুহবোৰে সেই জালত ভৰি দি অপ্রয়োজনীয় বহু বস্তুৰ গ্রাহকহৈ পৰিলো ! ঠিক- The supreme commandment of the rich is ‘Invest!’ The supreme commandment of the rest of us is ‘Buy!’ ধনীয়েবিক্রীকৰি ধনী হৈ গৈ থাকিল আৰু দুখীয়াইকিনিআৰু দুখীয়া হৈ গৈ থাকিল ! আৰু ইয়াৰ ভাল উদাহৰণ হ- যিকোনো উৎসৱ পার্বনতে আমি অপ্রয়োজনীয় বস্তু কিছুমান কিনিবলৈ গৈ বজাৰত ভিৰ কৰো ! প্রতিটো উৎসৱকে যেন আমিবস্তু কিনাউৎসৱ বুলিহে পালন কৰা হলো !

শেষত লেখকে বৈজ্ঞানিক বিপ্লৱৰ কথা উল্লেখ কৰি কৈছে- “Science is unable to set its own priorities. It is also incapable of determining what to do with its discoveries. Scientific research can flourish only in alliance with some religion or ideology. The ideology justifies the costs of the research. In exchange, the ideology influences the scientific agenda and determines what to do with the discoveries.”

লেখকে কোৱাৰ দৰে- মানৱজাতি এতিয়া প্রযুক্তিবিদ্যাৰ ওপৰত ইমান বেছি নির্ভৰশীল যে আমি বহুতেই ভাবো আমাৰ সকলো সমস্যাৰ সমাধান বিজ্ঞান আৰু প্রযুক্তিয়ে দিব পাৰিব ! কিন্তু বিজ্ঞান কোনো আধাত্মিক বা নৈতিক নীতিৰ ওপৰত প্রতিষ্ঠিত এটা স্বতন্ত্র উদ্যোগ নহয়, বিজ্ঞান ক্ষেত্রখনো অর্থনৈতিক-ধর্মীয়-ৰাজনৈতিক লাভালাভ আৰু মতাদর্শৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে । আমি বিচাৰিলেও অর্থনৈতিক-ধর্মীয়-ৰাজনৈতিক গন্দিৰপৰা আঁতৰাই কেৱল ‘খাটি-বিজ্ঞান’ক গৱেষণাৰ বাবে অর্থ যোগান ধৰাটো অসম্ভৱ যিহেতু আমাৰ সম্পদসমূহ সীমিত গতিকে জানিব লাগিব যে আমাৰ বাবে কি প্রয়োজনীয় আৰু কি কৰা উচিত । বিজ্ঞানে কেৱল ক’ব পাৰে- কি আছে, কেনেদৰে কাম কৰে আৰু ভৱিষ্যতে কি থাকিবগৈ পাৰে, কিন্তু দাবী নকৰে যে ভৱিষ্যতে কি থকাটো উচিত; সেই দাবী কেৱল ধর্মীয়-সম্প্রদায় ইত্যাদিৰ আদর্শবাদে হে কৰে !

লেখকে কৈছে কৃষি বিপ্লৱৰ দৰেই আজিৰ বিকশিত আধুনিক অর্থনীতিও মানৱ জাতিৰ বাবে এক বৃহৎ প্রৱঞ্চনা বুলি প্রমাণিত হ’বগৈ নেকি ? পুঁজিবাদক সমর্থন নকৰিলেও মানুহ তাৰ অবিহনে জীয়াই থাকিব নোৱাৰে । সকলো এতিয়া পুঁজিপতিৰ দখলত । মানৱ জাতিৰ লগতে আধুনিক পৃথিৱীৰ অর্থনীতি বিকশিত হৈ গৈ থাকিব যদিও বৃহৎ সংখ্যক মানুহে ভোকত দিন নিয়াব লগীয়া হ’ব পাৰে । অনির্দিষ্টকালীনভাৱে যদি এনেকৈ অর্থনীতি বিকাশৰ নামত আমাৰ সম্পদসমূহৰ ব্যৱহাৰ হৈ থাকে, আৰু এদিন পৃথিৱীৰ কেঁচা সামগ্রীসমূহ যেতিয়া শেষ হৈ যাব তেতিয়া মানৱজাতিয়ে কি কৰিব ?

বর্তমান বিজ্ঞান আৰু প্রযুক্তিৰ ইমান বেছি বিকাশ হৈছে যে একোজন মানুহৰ সম্পূর্ণ জিনীয় পদার্থৰ নক্সা তৈয়াৰ কৰিবলৈ দুটামান দিন হে লাগে, যাৰ ফলত ব্যক্তি বিশেষে বিভিন্ন ৰোগৰ চিকিৎসাও সম্ভৱ হৈ উঠিছে । জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত এতিয়া বৈজ্ঞানিকে বিভিন্ন বেক্টেৰিয়া, উদ্ভিদ আদিৰ লগতে অন্য জীৱৰো জিনীয় পদার্থৰ সাল-সলনি কৰিছে, বর্ণ-সংকৰ প্রজাতিৰ সৃষ্টি কৰিছে আৰু পৃথিৱীৰপৰা বিলুপ্তি হোৱা মেমথৰ জীৱাশ্মৰপৰা কর্ষণ কৰা জিনীয় পদার্থক হাতীৰ জিনীয় পদার্থৰ সৈতে সংকৰ কৰি তাক হাতীৰ গর্ভাশয়ত স্থাপন কৰি সেই মেমথৰ জন্ম দিয়াবলৈ চেষ্টা কৰিছে ইয়াৰো এঢাপ আগলৈ গৈ Neanderthal ৰ জিনীয় পদার্থ আজিৰ মানুহৰ গর্ভাশয়ত স্থাপন কৰি Neanderthal শিশু জন্ম দিয়াই তাক আজিৰ ‘Homo sapiens’ৰ সৈতে তুলনা কৰি চাবলৈ পৰীক্ষা-নিৰীক্ষাৰ আৰম্ভ কৰিছে যত দাৰউইনৰ ‘natural selection theory’ও অসাৰ হৈ পৰিছে ! কিন্তু ইয়াৰ লগত জড়িত নৈতিকতা-সম্বন্ধীয় জটিল সমস্যা সমূহ কেনেকৈ সমাধান কৰা যাব ? মানুহক নিৰোগী কৰি ৰাখি জীৱনকাল বৃদ্ধি কৰিবলৈ চেষ্টা কৰোতে কৰোতে অতিমানৱৰ সৃষ্টি হ’বগৈ নেকি ? এনেবোৰ গৱেষণাই মানৱ প্রজাতিৰ ধ্বংস নকৰিলেও ভৱিষ্যতে মানুহ যে আজিৰ মানুহ হৈ নাথাকিব সেয়া ঠিক ইতিমধ্যেই প্রযুক্তিয়ে ‘চায়বর্গ’ সৃষ্টি কৰিছেই ! Human brain project ৰদ্বাৰা ইয়াকো আশা কৰা হৈছে যে একোটা কম্পিউটাৰৰ ভিতৰতে মানুহৰ সম্পূর্ণ ব্রেইন একোটা কৃটিমভাৱে সৃষ্টি কৰি লব পৰা যাব যি মানুহৰ দৰেই আচৰণ কৰিব লেখকে শংকা প্রকাশ কৰি কৈছে যে ফ্রেংকেনষ্টাইন্ কিংবদন্তি অনুসৰি ভাবি চালে এইয়া সঠিক যেনেই লাগে যে মানৱজাতিক কোনো প্রাকৃতিক বা নিউক্লিয়েৰ পৰিঘটনাই ধ্বংস নকৰিলেও দ্রুতগতিত বিকশিত হৈ থকা প্রযুক্তিয়েই কৰিব আৰু এদিন ভিন্ন শাৰিৰীক অৱয়বৰ, আজিৰ মানুহৰ আৱেগ-অনুভূতি নথকা অন্য এক প্রজাতিৰ জীৱৰ সৃষ্টি হ’বগৈ যাক আজিৰ মানুহে এলিয়েন বুলি আখ্যা দিলেহেঁতেন !

লেখকে ইয়াকো কৈছে যে “…some say that by 2050 a few humans will already be a-mortal.” কথা হল সেয়া হলে কি হবগৈ ? মানৱ জাতি ধ্বংস হোৱাৰ ভয়তে আমি সকলো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা বন্ধ কৰি দিয়াটো উচিত নে ? যিহেতু Gilgamesh project  (https://en.wikipedia.org/wiki/Gilgameshআমি ৰখাব নোৱাৰো গতিকে Dr. Frankenstein কো (https://en.wikipedia.org/wiki/Frankenstein) বাধা দিব নোৱাৰো আমি মাত্র বিজ্ঞানে কোন দিশে চিন্তা কৰিব তাক হে প্রভাৱিত কৰিব পাৰিম যিহেতু ভৱিষ্যতে মানুহে নিজৰ আকাংক্ষাবোৰকোইঞ্জিনিয়েৰকৰি লব পৰা হ, গতিকে মানৱজাতি সম্পূর্ণ ধ্বংস হোৱাৰ আগতেইআমি কি হবলৈ বিচাৰোৰ পৰিৱর্তেআমি কি পাবলৈ বাঞ্ছা কৰোবুলি নিজকে প্রশ্ন কৰা উচিত

পদার্থবিদসকলে আখ্যা দিয়া অনুসৰি ‘বিগ বেং’ থিয়ৰি এনে এটা বিন্দু য’ত প্রকৃতিৰ কোনো নিয়মৰো অস্তিত্ব নাই আৰু সময়ৰো অস্তিত্ব নাই; গতিকে এই থিয়ৰিৰ আগতে কোনো বস্তুৰ অস্তিত্ব আছিল বুলি কোৱাটোও অর্থহীন । হয়তো আমি এতিয়া পুনৰ তেনে এক নতুন বিন্দুলৈ গতি কৰি আছো য’ত সকলো বস্তু, যিয়ে আমাৰ পৃথিৱীখনক একোটা অর্থ দিছিল, সেই সকলোবোৰ অপ্রাসংগিক হৈ পৰিব আৰু তাৰ সিপাৰে যি ঘটিব সেই সকলোবোৰো অর্থহীন হৈ পৰিব ।

জীৱনৰ অর্থৰ কথা কবলৈ গৈ লেখকে উল্লেখ কৰি Nietzsche য়ে কোৱা কথা এষাৰ কৈছে- “A meaningful life can be extremely satisfying even in the midst of hardship, whereas a meaningless life is a terrible ordeal no matter how comfortable it is.” ঠিক, আজিৰ মানুহে নাজানে কি পালে সুখী হ, কিমান পালে সুখী হ ! ৭০ হাজাৰ বছৰ পূর্বে মানৱ প্রজাতি আছিল এক তাৎপর্য্যহীন জন্তু ! ক্রমবিকাশ হৈ হৈ সেই মানৱে এতিয়া প্রকৃতিৰ নিয়মৰ বিপৰীতে গৈ নিজেই ধ্বংসও কৰিব পৰা হল সৃষ্টিও কৰিব পৰা হ মানুহে উন্নতিৰ জখলা বগাই প্রযুক্তিৰ সহায়ত আধুনিক সাম্রাজ্য গঢ়িছে যদিও কাৰোৰে প্রতি দায়বদ্ধ নহয়, প্রতিজন মানুহৰ উৎকর্ষ সাধন কৰিব পৰা নাই আৰু আন আন জীৱৰো ব্যাপক ক্ষতি সাধন কৰিছে আজিৰ মানুহে মহাকাশজান প্রস্তুত কৰিছে কিন্তু তাৰে কলৈ যাব সেয়া নিশ্চিত নহয়, বহু বেছি শক্তিশালী হৈ উঠিছে কিন্তু নাজানে সেই শক্তিৰে কি কৰিব ! মানুহে নিজকে ভগৱান বুলি ভাবিবলৈ লৈ কেৱল নিজৰ বাবে এটা আৰামদায়ক জীৱন বিচাৰি, নিজৰ মনোৰঞ্জনৰ বাবে চাৰিওফালৰ পৰিৱেশৰ লগতে আন আন জীৱকুলৰ অনিষ্ট সাধন কৰিছে অথচ নিজৰ পোৱাখিনিক লৈ আজিৰ মানুহ সন্তুষ্ট নহয় ! মানুহৰ আকাংক্ষাৰ সীমা নোহোৱা হৈছে উদ্দেশ্য একো নাই, লক্ষ্য একো নাইমাত্র গৈ আছে ! লেখকে সামৰণিত কোৱাৰ দৰে- “Is there anything more dangerous than dissatisfied and irresponsible gods who don’t know what they want?”

হয়তো এদিন এনেকৈয়ে মানৱ জাতিৰ ধ্বংস হব আৰু যিদৰে এটা পৰমাণুৰপৰা জীৱৰ সৃষ্টি প্রক্রিয়া আৰম্ভ হৈছিল, ঠিক সেইদৰেই সকলোবোৰ পুনৰ আৰম্ভ হ ! আজিৰ মানৱৰ আৱিষ্কাৰৰ পিঠিত উঠি অন্য গ্রহলৈ গৈ যি বসতি স্থাপন কৰিব সেয়া মানুহ নহয়, মানুহে সৃষ্টি কৰা মানুহ সদৃশ এলিয়েন প্রজাতি হে হব কিজানি ! আৰু এদিন যেতিয়া সকলো আৰম্ভণিৰপৰা আৰম্ভ হ, সেই নতুন ইতিহাসৰ কথা হয়তো মানুহৰেই সৃষ্ট এলিয়েনে লিখিব !

###

কিতাপখনৰ বিষয়ে অনেক আলোচনা-সমালোচনা ইন্টাৰনেটত পঢ়িবলৈ পোৱা যায় । কিছু লোকে লেখকৰ কথাবোৰ সমর্থন কৰিছে আৰু কিছু লোকে তেখেতে কিছুমান কথাৰ পক্ষপাতিত্ব কৰিছে বুলি তাৰ বিৰোধিতাও কৰিছে । যি হওক, এই সকলোবোৰৰে ওপৰত মোৰ ভাল লগাখিনি হ’ল কিছুমান কথা সদায় দেখি থকাৰ দৰে, সদায় ভবাৰ দৰে নেদেখি-নাভাবি অলপ লুটিয়াই চালে বহু প্রশ্নই মূৰ তুলি উঠে যিয়ে আমাক কিছুমান কথা ভাবিবলৈ বাধ্য কৰায় । ...আৰু তেনে কথাবোৰ মোৰ ভাল লগা ! অৱশ্যে ভৱিষ্যতৰ কথা বৰকৈ ভাবিবলৈ বহিলে শংকাত যিদৰে গা শিয়ৰি উঠে, একেদৰে কোনোবাখিনিত মন-মস্তিষ্কক উদাসীনতাই আৱৰি ধৰে !

সময়ে সুবিধা দিলে পঢ়ি চাব পাৰে । পঢ়ি চালে মানৱ প্রজাতিৰ অতীত আৰু ভৱিষ্যতৰ বিষয়ে অলপ হ’লেও আভাস পোৱা যাব । প্রতিজন পঢ়ুৱৈকে ভাবি চাবলৈ বাধ্য কৰাবপৰা এখন কিতাপ ।