Sapiens: A Brief History of Humankind
By Yuval Noah Harari
ইতিহাস বা বুৰঞ্জী বিষয়টো
মই খুব এটা ভালপোৱা বিষয় নহয় । তথাপিও ৪৬৬ পৃষ্ঠাৰ
কিতাপখন পঢ়ি অনুভৱ হ’ল যে বুৰঞ্জীক যদি এনেদৰে উপস্থাপন কৰে তেন্তে সি নিশ্চয়কৈ আমনিদায়ক
হৈ নপৰে । আৰু এটা কথা যে যেতিয়াই ইংৰাজী ভাষাৰ কিতাপ একোখন পঢ়িবলৈ লওঁ
তেতিয়াই দেখো যে প্রায় প্রতিখন কিতাপেই দেখোন ‘Bestseller’ ! আমাৰ অসমীয়া ভাষাৰ কিতাপৰ ক্ষেত্রত কিয় তেনেকুৱা নহয় ? আমাৰ অসমীয়া
এজনে এনে একোখন কিতাপ কিয় নিলিখে ? তাৰ কাৰণটো হয়তো- আমি কিতাপ কমকৈ পঢ়ো বা একেবাৰেই নপঢ়ো ! আমাৰ বহুতৰে
প্রিয় উপন্যাস “অসীমত যাৰ হেৰাল সীমা” খনকে যদি
ইংৰাজী ভাষালৈ কোনোৱে তর্জমা কৰে তেন্তে সেয়া Bestseller হ’বনে ?
বাৰু যি হওক এইয়া পিছে গ্রন্থালোচনা
নহয় । অসমীয়া-ইংৰাজী দুয়োটা ভাষাতে এই কিতাপখনৰ অনেক ‘ৰিভিউ’ হয়তো পঢ়িবলৈ
পোৱা যাব । লেখকে কৈ যোৱা কথাবোৰৰ য’তে য’তে মই ৰৈ কিবা এটা ভাবিবলৈ
লৈছো তেনেকুৱা দুই এটা কথাহে লিখি থ’ব বিচাৰিছো । মানুহৰ বিৱর্তনৰ বিষয়ে কিতাপখনত উল্লেখিত কিছুমান তথ্যৰ সৈতে
হয়তো নৃতত্ত্ববিদ একোজন সম্পূর্ণ সহমত নহ’বও পাৰে, কিন্তু
আমাৰ দৰে সাধাৰণ মানুহে বুজিব পৰাকৈ কথাবোৰ লিখকে ধুনীয়াকৈ সহজ কথাৰে লিখাত সার্থক
হৈছে বুলিয়েই কম, যিবোৰ কথাই পঢ়ুৱৈক ভাবিবলৈ বাধ্য কৰাব পাৰিছে ।
আৰম্ভণিতে লেখকে উল্লেখ
কৰিছে যে প্রায় ১৪ বিলিয়ন বছৰৰ আগতে পদার্থ, শক্তি, সময় আৰু মহাকাশ ইত্যাদিৰ
অস্তিত্বৰ কথা আহিল যাক পদার্থ বিজ্ঞানত ‘বিগ বেং’ পৰিঘটনা বোলে । তাৰ প্রায় ৩ লাখ
বছৰৰ পিছত পদার্থ আৰু শক্তিৰ সন্মিলনত জটিল পৰমাণুৰ সৃষ্টি হ’ল আৰু কেইবাটাও পৰমাণু
লগ হৈ অণুৰ সৃষ্টি হ’ল আৰু ৪ বিলিয়ন বছৰৰ আগতে পৃথিৱী নামৰ গ্রহত কিছুমান অণু লগ
হৈ কিছু পৰিমাণে ডাঙৰ আৰু জটিল জীৱৰ সৃষ্টি কৰিলে । এনেকৈয়ে গৈ গৈ অৱশেষত আফ্রিকাৰ
কোনো এক ঠাইৰপৰা Neanderthalsৰ ক্রমবিকাশ হৈ Homo sapiensৰ সৃষ্টি হ’ল আৰু ক্রমবিকাশৰ এই
সময়ছোৱাই হ’লগৈ Homo
sapiensৰ ইতিহাস ।
মানৱ প্রজাতিৰ ইতিহাসৰ
কথা ক’বলৈ গৈ লেখকে কিতাপখনত তিনিটা বিপ্লৱৰ কথা উল্লেখ কৰিছে- চিন্তাশীল বিপ্লৱ, কৃষি
বিপ্লৱ আৰু বৈজ্ঞানিক বিপ্লৱ ।
লেখকে উল্লেখ কৰা অনুসৰি
২.৫ মিলিয়ন বছৰৰ আগতে পূৱ আফ্রিকাত Australopithecus নামৰ বান্দৰ জাতিৰপৰা
প্রথম মানুহৰ ক্রমবিকাশ আৰম্ভ হৈছিল । ইউৰোপৰ লগতে পশ্চিম এছিয়াত Neanderthals ৰূপত আৰু
পূৱ এছিয়াত Homo erectusৰ ৰূপত ক্রমবিকাশ হৈছিল । বিৱর্তন হৈ হৈ প্রায় এক লাখ বছৰৰ আগতেহে Homo sapiens য়ে খাদ্য-শৃংখল পিৰামিডৰ একেবাৰে
ওপৰত থাকিবলৈ সক্ষম হৈছিল আৰু যেতিয়াই জুইৰ আৱিষ্কাৰৰ লগতে ভাষাৰ যোগেদি ইহঁতে ভাৱ
প্রকাশ কৰিবলৈ জানিলে তেতিয়াৰপৰা তাৎপর্য্যহীন জন্তুৰপৰা বিকাশ হ’বলৈ লৈ আজিৰ মানৱ প্রজাতিৰ
সৃষ্টি হ’ল ।
কিতাপখন জটিল যদিও মোৰ ভাবি থাকিবলৈ মন যোৱা কথা দুটামান
হ’ল-
লেখকে উল্লেখ কৰিছে- “We did not domesticate wheat. It domesticated us. The
word ‘domesticate’ comes from the Latin ‘domus’,
which means ‘house’. Who’s the one
living in a house? Not the wheat. It’s the Sapiens.” ভাবি চালে তো সঠিক কথা এটা ! নহয়জানো ? আমি ভাবোঁ
সময়ৰ সৈতে মানুহ তীক্ষ্ণ বুদ্ধিসম্পন্ন হৈ হৈ গৈ আছে । অতীজতে বনৰীয়া জীৱক বশ কৰি নিজৰ অধীন কৰি মানুহে কৃষি বিপ্লৱ
আনিছিল ! যাৰ বাবে চিকাৰ কৰি কটোৱা কঠিন জীৱন নির্বাহ কৰা প্রথা লাহে
লাহে নোহোৱা হৈছিল । জীৱন সহজ হৈছিল ! আমি ভাবোঁ আমিয়েই সকলো কৰিছো, কিন্তু
সকলো আচলতে প্রকৃতিয়ে হে কৰি আছে ! কৃষি বিপ্লৱৰ ফলত খাদ্যৰ পৰিমাণ বাঢ়িছিল ঠিকেই কিন্তু সেই খাদ্য
বা ৰাহি হোৱা খাদ্যই মানুহক উন্নতমানৰ আহাৰ বা আৰাম দিয়া নাছিল, বৰঞ্চ ইয়াৰ
ফলশ্রুতিত জনসংখ্যা বাঢ়িছিল আৰু এক শ্রেণীৰ ‘ইলাইট্’ লোকৰ জন্ম হৈছিল । চিকাৰীজীৱী হৈ থাকোঁতে মানুহৰ জমা খাদ্য নাথাকিলেও কোনো সমস্যা
নাছিল যিহেতু ভিন ভিন খাদ্যৰ উৎসৰ ওপৰত তেওঁলোক নির্ভৰশীল আছিল । যেতিয়াৰপৰা মানুহে বিশেষ একোবিধ খাদ্যৰ ওপৰত নির্ভৰশীল হ’ল, তেতিয়াৰেপৰা
খাদ্যৰ অভাৱত মানুহ বেমাৰত পৰা হ’ল নতুবা মৃত্যুৰ মুখতো পৰিবলগা হ’ল ! …আমি ভাবি
আছো আমিহে প্রকৃতিক বশ কৰি আমাৰ অধীন কৰিছো, আচলতে পাকে-প্রকাৰে শেষত আমিহে
প্রকৃতিৰ ওচৰত হাৰ মানিছোঁ !
“We thought we were saving time; instead we
revved up the treadmill of life to ten times its former speed and made our days
more anxious and agitated.”
লেখকে কোৱাৰ দৰেই সঁচাকৈ, আগৰ দিনত
মানুহে খুব জৰুৰী কথা থাকিলে হে চিঠি লিখিছিল; তাকো বেছ
ভাবি-গুণি ক’বলগীয়া কথাকেইটা হে, মনলৈ যি
আহে তাকে নহয় ! চিঠি পোৱা জনেও লগে লগেই উত্তৰত কিবাকিবি নিলিখে, দৰকাৰী
কথাকেইটাহে লিখে । চিঠি এখন লিখি, তাক ডাকঘৰত দি আহি, সেইখন নির্দিষ্ট
ঠিকনাত গৈ পোৱাৰ পিছত তাৰ উত্তৰ পোৱালৈকে মাহ পর্য্যন্ত লাগে । এতিয়া আমি যিকোনো ঠাইত থকা কাৰোবালৈ মনলৈ অহা যিকোনো কথা মিনিটতে
লিখি পঠিয়াব পাৰো আৰু লগে লগে উত্তৰো পাব পাৰো ! আমাৰ সময়
বাছিল, কষ্ট কমিল ! অথচ আমাৰ সময় নাই, সকলো সোনকালে লাগে ! আমি অনবৰতে
উৎকণ্ঠিত আৰু উত্তেজিত হৈ থাকো ! অনবৰতে যেন উদ্বিগ্নতাত পাৰ হয় সময় !
ঠিকেই- আমি সহজ-আৰামদায়ক জীৱন এটা বিচাৰি ‘luxury
trap’ ত বন্দী হৈ পৰিলোঁ !
আৰু অনেক কথাই মনলৈ আহে
। তাৰে ভিতৰত এটা- আজিৰ প্রযুক্তিয়ে মানুহক ওচৰ চপাই আনিছে নে মাজৰ দূৰত্ব বঢ়াইছে
? ভাব হয় সকলো যেন ‘মেকানিকেলি কানেক্টেড্’ !
লেখকে উল্লেখ কৰা অন্য
এটা কথা- “Biology says- Sapiens have ‘evolved differently’, not ‘created equal’.
There were no creator. There is only a blind evolutionary process without any
purpose, leading to the birth of
individuals.” অৱশ্যে এনে কিছুমান কথাৰ
বাবে লেখকক কোনো কোনোৱে নাস্তিক বুলি অপবাদো দিছে ।
যি নহওক, “ভগৱানৰ ওচৰত সকলো
মানুহ সমান”- আমি তেনেকৈয়ে কওঁ ! তেন্তে কিহৰ ভিত্তিত মানুহৰ মাজত আমি ভাগ কৰো- উচ্চ, নীচৰ ? আকৌ, যদি ভগৱান
বুলি কোনো সৃষ্টিকর্তা নাই; আত্মা বুলি কোনো অস্তিত্ব নাই তেন্তে কি হিচাপত ‘সকলো মানুহ
সমান’ ?
লেখকে ব্যাখ্যা কৰা
অনুসৰি- জীৱবিজ্ঞানৰ মতে বিৱর্তন হৈছে ভিন্নতাৰ ওপৰত ভিত্তি কৰিহে, সাদৃশ্যৰ
ওপৰত নহয় । প্রতিজন মানুহৰেই জেনেটিক ক’ড ভিন ভিন আৰু প্রতিজনেই
চাৰিওফালৰ ভিন ভিন পাৰিপার্শ্বিক পৰিৱেশৰ সৈতে মুখামুখি হোৱাৰ বাবে প্রত্যেকেই ভিন
ভিন বৈশিষ্ট্যৰে বিকশিত হয় । সেই গতিকেই, যদিওবা
জীৱবিজ্ঞানৰ মতে সকলো মানুহ সমান নহয় তথাপিও আমি সকলো সমান বুলি মানি ল’লে সমাজ একোখনৰ সুস্থিৰতা
আৰু উন্নয়নত ই সহায় কৰে । আকৌ একে সময়তে নৈর্ব্যক্তিকভাৱে সঁচা নহ’লেও সমাজত
সুস্থিৰতা বজাই ৰাখিবলৈকে আমি সকলো মানুহ সমান নহয় বুলি মানুহৰ মাজত বিভাজন কৰি “কাল্পনিক
শৃংখল” একোটাকো মানি চলো ।
বাৰু যি হওক, ভগৱান বা
জীৱবিজ্ঞানক বাদ দি আমি যদি মানি লওঁ যে বিৱর্তনে মানুহৰ মাজত উচ্চ-নীচ,
মালিক-চাকৰ বুলি শ্রেণী বিভাজন কৰা নাই যদিও সেয়া প্রয়োজন কেৱল মাত্র এখন সুস্থিৰ
আৰু সমৃদ্ধিশালী সমাজ গঢ়াৰ স্বার্থত; তেন্তে সেই সুস্থিৰতা আজিৰ সমাজে কিমান দূৰ
প্রতিফলিত কৰিছে ?
“There are no such things
as rights in biology. There are only organs, abilities, and characteristics.
Birds fly not because they have a right to fly, but because they have wings.” হয় তো ! নহয়জানো ?
উটপখীৰ পাখিবোৰ বাৰু কিয়
নোহোৱা হৈ গ’ল ? কিয় মিউটেচ্যন ঘটিল ? তাক উৰিবলৈ
কোনে নো মানা কৰিছিল ? নে দৌৰি থাকোঁতে উৰিবলৈ পাহৰি গ’ল ? নে তাৰ
উৰিবলৈ এলাহ লগা হ’ল ? আমি যদি চেষ্টা কৰি থাকো উৰিবলৈ, আমাৰ জিনত
বাৰু কেতিয়াবা মিউটেচ্যন ঘটি পাখি গজিবনে ?
টকাৰ আৱিষ্কাৰৰ কথা কৈ
লেখকে উল্লেখ কৰিছে- “Money is more
open-minded than language, state laws, cultural codes, religious beliefs, and
social habits. Money is the only trust system created by humans that can bridge
almost any cultural gap, and that does not discriminate on the basis of
religion, gender, race, age or sexual orientation.”
সঁচা কথা এটা ! দেশে দেশে
হয়তো শত্রুতা আছে, কিন্তু সেই দেশৰ টকাৰ মাজত শত্রুতা নাই; মানুহ যাব
নোৱাৰিব, কিন্তু টকাৰ অবাধ বিচৰণ ! হিন্দুয়ে
ইছলামক নামানে, ইছলামে খ্রীষ্টানক নামানে; আমেৰিকাই
ৰাছিয়াক নামানে, চীনে ভাৰতক নামানে… দেশ-দেশ
বুলি, ধর্ম-ধর্ম বুলি যুদ্ধ কৰে; কিন্তু টকাক কোনেও অস্বীকাৰ নকৰে, সেয়া যি
ধর্মৰে নহওক বা যি দেশৰে নহওক ! কাকো বিশ্বাস নকৰাৰ পৰিৱর্তে আমি টকাক বিশ্বাস কৰো ! “We do not trust the stranger, or the next-door neighbor –
we trust the coin they hold. If they run out of coins, we run out of trust.”
প্রতিটো বস্তু/কথাৰ
যিদৰে ভাল-বেয়া দুয়োটা দিশ থাকে টকাৰো আছে । আমি টকাক যিমান বিশ্বাস কৰো, বিচাৰো-
তাৰবাবে মানৱীয় প্রমূল্য, মানুহৰ প্রতি থকা বিশ্বাস, আত্মীয়-সম্পর্ক ইত্যাদিকো
ক’ৰবাত বিক্রী কৰি দিয়াৰ, সেইবোৰৰ মূল্যক টকাৰ মূল্যৰ তুলনাত নগণ্য বুলি ভবাৰ
সম্ভাৱনা নথকা নহয় ! সেয়ে লেখকে কৈছে- “Hence the economic history of humankind is a delicate dance.” কাৰণ, যিদৰে মানুহে টকাৰ বাবেই অচিনাকী মানুহৰ সৈতেও সম্পর্ক গঢ়ে, একেদৰেই
ভীতিগ্রস্তও কিজানি টকাই মানৱীয় প্রমূল্য, আপোন সম্পর্ক
কিছুমানকো ঘূণীয়া কৰি পেলায় ! মানুহে যিদৰে টকাৰদ্বাৰা দুটা পক্ষৰ মাজৰ সাম্প্রদায়িক দূৰত্ব
নোহোৱা কৰিছে একেদৰেই টকাই সৃষ্টি কৰা বজাৰৰ দাসত্বৰপৰা সমাজ, সম্প্রদায়, পৰিৱেশ
একোটাক ৰক্ষা কৰিবলৈ নতুন সাম্প্রদায়িক বান্ধোনৰো সৃষ্টি কৰি লৈছে ।
কিতাপখনত উল্লেখ কৰা Industrial revolutionৰ কিছু কথা পঢ়ি এক অজান শোকে মনত ক্রিয়া কৰি থাকিল ভালেদিন ! লেখকে ইয়াক second agricultural revolution বুলি উল্লেখ কৰিছে কাৰণ “the result was an explosion in human productivity” আৰু এই বিপ্লৱে পোন প্রথম কৃষি ক্ষেত্রতেই প্রভাৱ পেলাইছিল ।
পঢ়ি দুখ লগা কথাখিনি হ’ল- ফার্মত
ৰখা জীৱ-জন্তুবোৰো যে বিষ-বেদনা, মানসিক পীড়া অনুভৱ কৰিব পৰা প্রাণী; সেয়া
পাহৰি গৈ মানুহে সিহঁতক মেছিনৰ দৰে গণ্য কৰিবলৈ ল’লে । “Pigs are among the most
intelligent and inquisitive of mammals, second perhaps only to the great apes.”
কিন্তু এই গাহৰিবোৰকে ঔদ্যোগিক ফার্ম বিলাকত সৰু সৰু বাকচৰ দৰে গৰালত ৰখা হয় য’ত
তাঁহাতে খাদ্যৰ বাবে ঘূৰি-ফুৰি খোজ কঢ়াটো দূৰৰ কথা, ইফালে-সিফালে লৰচৰ হ’বলৈকে
নোৱাৰে ! মাইকী গাহৰিবোৰক পোৱালি জন্ম দিয়াৰ পিছৰ চাৰিটা সপ্তাহ দিন-ৰাতি এনেকুৱা
সৰু গৰালবোৰতে ৰখা হয় । জন্ম হোৱা পোৱালিবোৰক নোদোকা কৰিবলৈ লৈ যোৱা হয় আৰু মাইকী
গাহৰিবোৰক পুনৰ পোৱালি জন্ম দিবৰ বাবে অন্য গাহৰিৰ সৈতে ৰখা হয় !
একেদৰে, গাই-গৰুবোৰকো
ফার্মত সৰু এটুকুৰা ঠাইতে বছৰ বছৰ ধৰি ৰখা হয় য’ত নিজৰ মল-মূত্রৰ ওপৰতে সিহঁতে পৰি
থাকিব লগা হয়; সিহঁতে খাদ্য, হ’ৰম’ন আৰু ঔষধ ইত্যাদি মেছিনৰ জৰিয়তে যিদৰে পায়
একেদৰে মেছিনেই কেইঘন্টামানৰ মূৰে মূৰে গাখীৰো খীৰায় ! সেইদৰে মুকলি ঠাইত খাদ্যৰ
বাবে অবাধ বিচৰণ কৰি ফুৰা, পাখি কোবাই দৌৰি ফুৰা কুকুৰাবোৰকো কণী পাৰিবলৈ এনেকুৱা
সৰু সৰু সঁজাত চাৰি-পাঁচজনীকৈ ভৰাই থয় যে সিহঁতে পাখিবোৰো লৰচৰ কৰিব নোৱাৰাৰ দৰে
হয় । (নিজকে তেনে অৱস্থাত কল্পনা কৰি চালে গা শিয়ৰি উঠে !)
এই ফার্মৰ জীৱ-জন্তুবোৰক
যিসকলে মেছিনৰ দৰে কোনো অনুভূতি নথকা, মানসিক-শাৰীৰিক পীড়া অনুভৱ কৰিব নোৱাৰা জীৱ বুলি
ভাবে, সেই একেখন বৈজ্ঞানিক ক্ষেত্রই আক’ পৰীক্ষা-নিৰীক্ষা কৰি প্রমাণ কৰিছে যে-
“...mammals and birds have
a complex sensory and emotional make-up. They not only feel physical pain, but
can also suffer from emotional distress.”
এই ঔদ্যোগিক বিপ্লৱৰ ফলত
খেতি-পথাৰৰ পৰা আহি সৰহ সংখ্যক মানুহে ভিন ভিন উদ্যোগৰ কামত জড়িত
হৈ পৰিল । ফলস্বৰূপে উৎপাদন বাঢ়িল আৰু নতুন নতুন হৰেক ৰকমৰ বস্তুৰ বজাৰ
একোখন গঢ় লৈ উঠিল । লেখকে কোৱাৰ দৰে- পূর্বতে ধনী-মানী, ৰজা-ইলাইট্ শ্রেণীৰ মানুহে বেহিচাপ
ধন খৰচ কৰি বিলাসিতা কৰিছিল আৰু সাধাৰণ শ্রেণীৰ মানুহে প্রতিটো টকাৰ মূল্য হিচাপ কৰি
চলিছিল, কিন্তু এতিয়া তাৰ ওলোটা ছৱি এখন হে দেখা যায় । ধনীক শ্রেণীয়ে নিজৰ সা-সম্পদ খুব সাৱধানেৰে
ৰাখে কিন্তু সাধাৰণ শ্রেণীৰ মানুহে অবাবত অপ্রয়োজনীয় বস্তু কিনিবলৈ গৈ জমা ধন শেষ কৰি
ধাৰত পোত গৈছে । সেই যে ঔদ্যোগিক বিপ্লৱ হ’ল, তাৰ ফলত
উভৈনদী হৈ পৰা বিভিন্ন বস্তুবোৰ কিনিব কোনে ? আৰু আমি
সাধাৰণ শ্রেণীৰ মানুহবোৰে সেই জালত ভৰি দি অপ্রয়োজনীয় বহু বস্তুৰ ‘গ্রাহক’ হৈ পৰিলো
! ঠিক- The
supreme commandment of the rich is ‘Invest!’ The supreme commandment of the
rest of us is ‘Buy!’ ধনীয়ে ‘বিক্রী’ কৰি ধনী
হৈ গৈ থাকিল আৰু দুখীয়াই ‘কিনি’ আৰু দুখীয়া হৈ গৈ থাকিল ! আৰু ইয়াৰ
ভাল উদাহৰণ হ’ল- যিকোনো উৎসৱ পার্বনতে আমি অপ্রয়োজনীয় বস্তু কিছুমান কিনিবলৈ
গৈ বজাৰত ভিৰ কৰো ! প্রতিটো উৎসৱকে যেন আমি ‘বস্তু কিনা’ উৎসৱ বুলিহে
পালন কৰা হ’লো !
শেষত লেখকে বৈজ্ঞানিক
বিপ্লৱৰ কথা উল্লেখ কৰি কৈছে- “Science
is unable to set its own priorities. It is also incapable of determining what
to do with its discoveries. Scientific research can flourish only in alliance
with some religion or ideology. The ideology justifies the costs of the
research. In exchange, the ideology influences the scientific agenda and
determines what to do with the discoveries.”
লেখকে কোৱাৰ দৰে- মানৱজাতি
এতিয়া প্রযুক্তিবিদ্যাৰ ওপৰত ইমান বেছি নির্ভৰশীল যে আমি বহুতেই ভাবো আমাৰ সকলো
সমস্যাৰ সমাধান বিজ্ঞান আৰু প্রযুক্তিয়ে দিব পাৰিব ! কিন্তু বিজ্ঞান কোনো আধাত্মিক
বা নৈতিক নীতিৰ ওপৰত প্রতিষ্ঠিত এটা স্বতন্ত্র উদ্যোগ নহয়, বিজ্ঞান ক্ষেত্রখনো
অর্থনৈতিক-ধর্মীয়-ৰাজনৈতিক লাভালাভ আৰু মতাদর্শৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে ।
আমি বিচাৰিলেও অর্থনৈতিক-ধর্মীয়-ৰাজনৈতিক গন্দিৰপৰা আঁতৰাই কেৱল ‘খাটি-বিজ্ঞান’ক গৱেষণাৰ
বাবে অর্থ যোগান ধৰাটো অসম্ভৱ । যিহেতু আমাৰ সম্পদসমূহ সীমিত গতিকে জানিব লাগিব যে আমাৰ
বাবে কি প্রয়োজনীয় আৰু কি কৰা উচিত । বিজ্ঞানে কেৱল ক’ব পাৰে- কি আছে, কেনেদৰে কাম
কৰে আৰু ভৱিষ্যতে কি থাকিবগৈ পাৰে, কিন্তু দাবী নকৰে যে ভৱিষ্যতে কি থকাটো উচিত;
সেই দাবী কেৱল ধর্মীয়-সম্প্রদায় ইত্যাদিৰ আদর্শবাদে হে কৰে !
লেখকে কৈছে কৃষি বিপ্লৱৰ
দৰেই আজিৰ বিকশিত আধুনিক অর্থনীতিও মানৱ জাতিৰ বাবে এক বৃহৎ প্রৱঞ্চনা বুলি
প্রমাণিত হ’বগৈ নেকি ? পুঁজিবাদক সমর্থন নকৰিলেও মানুহ তাৰ অবিহনে জীয়াই থাকিব
নোৱাৰে । সকলো এতিয়া পুঁজিপতিৰ দখলত । মানৱ জাতিৰ লগতে আধুনিক পৃথিৱীৰ অর্থনীতি
বিকশিত হৈ গৈ থাকিব যদিও বৃহৎ সংখ্যক মানুহে ভোকত দিন নিয়াব লগীয়া হ’ব পাৰে । অনির্দিষ্টকালীনভাৱে
যদি এনেকৈ অর্থনীতি বিকাশৰ নামত আমাৰ সম্পদসমূহৰ ব্যৱহাৰ হৈ থাকে, আৰু এদিন
পৃথিৱীৰ কেঁচা সামগ্রীসমূহ যেতিয়া শেষ হৈ যাব তেতিয়া মানৱজাতিয়ে কি কৰিব ?
বর্তমান বিজ্ঞান আৰু
প্রযুক্তিৰ ইমান বেছি বিকাশ হৈছে যে একোজন মানুহৰ সম্পূর্ণ জিনীয় পদার্থৰ নক্সা
তৈয়াৰ কৰিবলৈ দুটামান দিন হে লাগে, যাৰ ফলত ব্যক্তি বিশেষে বিভিন্ন ৰোগৰ চিকিৎসাও
সম্ভৱ হৈ উঠিছে । জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত এতিয়া বৈজ্ঞানিকে বিভিন্ন বেক্টেৰিয়া, উদ্ভিদ
আদিৰ লগতে অন্য জীৱৰো জিনীয় পদার্থৰ সাল-সলনি কৰিছে, বর্ণ-সংকৰ প্রজাতিৰ সৃষ্টি
কৰিছে আৰু পৃথিৱীৰপৰা বিলুপ্তি হোৱা মেমথ’ৰ জীৱাশ্মৰপৰা কর্ষণ
কৰা জিনীয় পদার্থক হাতীৰ জিনীয় পদার্থৰ সৈতে সংকৰ কৰি তাক হাতীৰ গর্ভাশয়ত স্থাপন কৰি
সেই মেমথ’ৰ জন্ম দিয়াবলৈ চেষ্টা কৰিছে । ইয়াৰো এঢাপ আগলৈ গৈ Neanderthal ৰ জিনীয়
পদার্থ আজিৰ মানুহৰ গর্ভাশয়ত স্থাপন কৰি Neanderthal শিশু জন্ম দিয়াই তাক আজিৰ
‘Homo sapiens’ৰ সৈতে তুলনা কৰি চাবলৈ পৰীক্ষা-নিৰীক্ষাৰ আৰম্ভ কৰিছে
য’ত দাৰউইনৰ
‘natural selection theory’ও অসাৰ
হৈ পৰিছে ! কিন্তু ইয়াৰ লগত জড়িত নৈতিকতা-সম্বন্ধীয় জটিল সমস্যা সমূহ
কেনেকৈ সমাধান কৰা যাব ? মানুহক নিৰোগী কৰি ৰাখি জীৱনকাল বৃদ্ধি কৰিবলৈ চেষ্টা
কৰোতে কৰোতে অতিমানৱৰ সৃষ্টি হ’বগৈ নেকি ? এনেবোৰ গৱেষণাই মানৱ প্রজাতিৰ ধ্বংস নকৰিলেও
ভৱিষ্যতে মানুহ যে আজিৰ মানুহ হৈ নাথাকিব সেয়া ঠিক । ইতিমধ্যেই প্রযুক্তিয়ে ‘চায়বর্গ’ সৃষ্টি কৰিছেই ! Human brain project ৰদ্বাৰা ইয়াকো আশা কৰা হৈছে যে একোটা কম্পিউটাৰৰ ভিতৰতে মানুহৰ
সম্পূর্ণ ব্রেইন একোটা কৃটিমভাৱে সৃষ্টি কৰি ল’ব পৰা যাব যি মানুহৰ
দৰেই আচৰণ কৰিব । লেখকে শংকা প্রকাশ কৰি কৈছে যে ফ্রেংকেনষ্টাইন্ কিংবদন্তি
অনুসৰি ভাবি চালে এইয়া সঠিক যেনেই লাগে যে মানৱজাতিক কোনো প্রাকৃতিক বা নিউক্লিয়েৰ
পৰিঘটনাই ধ্বংস নকৰিলেও দ্রুতগতিত বিকশিত হৈ থকা প্রযুক্তিয়েই কৰিব আৰু এদিন ভিন্ন
শাৰিৰীক অৱয়বৰ, আজিৰ মানুহৰ আৱেগ-অনুভূতি নথকা অন্য এক প্রজাতিৰ জীৱৰ সৃষ্টি হ’বগৈ
যাক আজিৰ মানুহে এলিয়েন বুলি আখ্যা দিলেহেঁতেন !
লেখকে ইয়াকো কৈছে যে “…some say that by 2050 a few humans will already be a-mortal.” কথা হ’ল সেয়া হ’লে কি হ’বগৈ ? মানৱ জাতি ধ্বংস হোৱাৰ ভয়তে আমি সকলো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা বন্ধ কৰি দিয়াটো উচিত নে ? যিহেতু Gilgamesh project ক (https://en.wikipedia.org/wiki/Gilgamesh) আমি ৰখাব নোৱাৰো গতিকে Dr. Frankenstein কো (https://en.wikipedia.org/wiki/Frankenstein) বাধা দিব নোৱাৰো । আমি মাত্র বিজ্ঞানে কোন দিশে চিন্তা কৰিব তাক হে প্রভাৱিত কৰিব পাৰিম । যিহেতু ভৱিষ্যতে মানুহে নিজৰ আকাংক্ষাবোৰকো ‘ইঞ্জিনিয়েৰ’ কৰি ল’ব পৰা হ’ব, গতিকে মানৱজাতি সম্পূর্ণ ধ্বংস হোৱাৰ আগতেই “আমি কি হ’বলৈ বিচাৰো”ৰ পৰিৱর্তে “আমি কি পাবলৈ বাঞ্ছা কৰো” বুলি নিজকে প্রশ্ন কৰা উচিত ।
পদার্থবিদসকলে আখ্যা
দিয়া অনুসৰি ‘বিগ বেং’ থিয়ৰি এনে এটা বিন্দু য’ত প্রকৃতিৰ কোনো নিয়মৰো অস্তিত্ব
নাই আৰু সময়ৰো অস্তিত্ব নাই; গতিকে এই থিয়ৰিৰ আগতে কোনো বস্তুৰ অস্তিত্ব আছিল বুলি
কোৱাটোও অর্থহীন । হয়তো আমি এতিয়া পুনৰ তেনে এক নতুন বিন্দুলৈ গতি কৰি আছো য’ত
সকলো বস্তু, যিয়ে আমাৰ পৃথিৱীখনক একোটা অর্থ দিছিল, সেই সকলোবোৰ অপ্রাসংগিক হৈ
পৰিব আৰু তাৰ সিপাৰে যি ঘটিব সেই সকলোবোৰো অর্থহীন হৈ পৰিব ।
‘জীৱনৰ অর্থ’ৰ কথা ক’বলৈ গৈ লেখকে উল্লেখ কৰি Nietzsche য়ে কোৱা
কথা এষাৰ কৈছে- “A meaningful life
can be extremely satisfying even in the midst of hardship, whereas a
meaningless life is a terrible ordeal no matter how comfortable it is.” ঠিক, আজিৰ মানুহে নাজানে কি পালে সুখী হ’ব, কিমান পালে
সুখী হ’ব ! ৭০ হাজাৰ বছৰ পূর্বে মানৱ প্রজাতি আছিল এক তাৎপর্য্যহীন জন্তু ! ক্রমবিকাশ
হৈ হৈ সেই মানৱে এতিয়া প্রকৃতিৰ নিয়মৰ বিপৰীতে গৈ নিজেই ধ্বংসও কৰিব পৰা হ’ল সৃষ্টিও কৰিব পৰা
হ’ল । মানুহে উন্নতিৰ জখলা
বগাই প্রযুক্তিৰ সহায়ত আধুনিক সাম্রাজ্য গঢ়িছে যদিও কাৰোৰে প্রতি দায়বদ্ধ নহয়, প্রতিজন
মানুহৰ উৎকর্ষ সাধন কৰিব পৰা নাই আৰু আন আন জীৱৰো ব্যাপক ক্ষতি সাধন কৰিছে । আজিৰ মানুহে মহাকাশজান প্রস্তুত কৰিছে কিন্তু তাৰে ক’লৈ যাব সেয়া নিশ্চিত
নহয়, বহু বেছি শক্তিশালী হৈ উঠিছে কিন্তু নাজানে সেই শক্তিৰে কি কৰিব ! মানুহে
নিজকে ভগৱান বুলি ভাবিবলৈ লৈ কেৱল নিজৰ বাবে এটা আৰামদায়ক জীৱন বিচাৰি, নিজৰ মনোৰঞ্জনৰ
বাবে চাৰিওফালৰ পৰিৱেশৰ লগতে আন আন জীৱকুলৰ অনিষ্ট সাধন কৰিছে । অথচ নিজৰ পোৱাখিনিক লৈ আজিৰ মানুহ সন্তুষ্ট নহয় ! মানুহৰ
আকাংক্ষাৰ সীমা নোহোৱা হৈছে । উদ্দেশ্য একো নাই, লক্ষ্য
একো নাই… মাত্র গৈ আছে ! লেখকে সামৰণিত কোৱাৰ দৰে-
“Is there anything more dangerous than dissatisfied and irresponsible gods who
don’t know what they want?”
…হয়তো এদিন এনেকৈয়ে মানৱ জাতিৰ ধ্বংস হ’ব আৰু যিদৰে এটা পৰমাণুৰপৰা
জীৱৰ সৃষ্টি প্রক্রিয়া আৰম্ভ হৈছিল, ঠিক সেইদৰেই সকলোবোৰ পুনৰ আৰম্ভ হ’ব ! আজিৰ মানৱৰ
আৱিষ্কাৰৰ পিঠিত উঠি অন্য গ্রহলৈ গৈ যি বসতি স্থাপন কৰিব সেয়া মানুহ নহয়, মানুহে
সৃষ্টি কৰা মানুহ সদৃশ এলিয়েন প্রজাতি হে হ’ব কিজানি ! আৰু এদিন
যেতিয়া সকলো আৰম্ভণিৰপৰা আৰম্ভ হ’ব, সেই নতুন ইতিহাসৰ কথা হয়তো মানুহৰেই সৃষ্ট এলিয়েনে লিখিব !
###
কিতাপখনৰ বিষয়ে অনেক
আলোচনা-সমালোচনা ইন্টাৰনেটত পঢ়িবলৈ পোৱা যায় । কিছু লোকে লেখকৰ কথাবোৰ সমর্থন
কৰিছে আৰু কিছু লোকে তেখেতে কিছুমান কথাৰ পক্ষপাতিত্ব কৰিছে বুলি তাৰ বিৰোধিতাও
কৰিছে । যি হওক, এই সকলোবোৰৰে ওপৰত মোৰ ভাল লগাখিনি হ’ল কিছুমান কথা সদায় দেখি
থকাৰ দৰে, সদায় ভবাৰ দৰে নেদেখি-নাভাবি অলপ লুটিয়াই চালে বহু প্রশ্নই মূৰ তুলি উঠে
যিয়ে আমাক কিছুমান কথা ভাবিবলৈ বাধ্য কৰায় । ...আৰু তেনে কথাবোৰ মোৰ ভাল লগা ! অৱশ্যে
ভৱিষ্যতৰ কথা বৰকৈ ভাবিবলৈ বহিলে শংকাত যিদৰে গা শিয়ৰি উঠে, একেদৰে কোনোবাখিনিত মন-মস্তিষ্কক
উদাসীনতাই আৱৰি ধৰে !
সময়ে সুবিধা দিলে পঢ়ি চাব পাৰে । পঢ়ি চালে মানৱ প্রজাতিৰ অতীত আৰু ভৱিষ্যতৰ বিষয়ে অলপ হ’লেও আভাস পোৱা যাব । প্রতিজন পঢ়ুৱৈকে ভাবি চাবলৈ বাধ্য কৰাবপৰা এখন কিতাপ ।
No comments:
Post a Comment