ছাংলট ফেনলা
লেখক: পৰাগ কুমাৰ দাস
প্রথম প্রকাশ: উদাংশ্রী প্রকাশন, জানুৱাৰী, ১৯৯৩
আলিবাট সংস্কৰণ: ডিচেম্বৰ ২০১৩
কিতাপখন
কেইবাখনো গ্রন্থমেলাত লওঁ লওঁ বুলিও
লোৱা নাছিলো, কিয় নাজানো ! কেতিয়াবা দূৰৈৰপৰা চাওঁ, কেতিয়াবা হাতত লওঁ, বেটুপাতখন চাওঁ… অকণ লিৰিক-বিদাৰি পুনৰ শাৰীপাতি থকা কিতাপবোৰৰ মাজতে থৈ দিওঁ । অনুমান
কৰিছিলো, এই ৰঙা বেটুপাতৰ কিতাপখনৰ ভিতৰৰ পৃষ্ঠাবোৰত
কেনেকুৱা ধৰণৰ কথা লিখা থাকিব ! অৱশেষত এদিন ক্রয় কৰি আনিলোঁ কোনো এখন
গ্রন্থমেলাৰপৰাই ।
লেখক পৰাগ কুমাৰ দাসৰ নতুনকৈ পৰিচয় দিয়াৰ নিশ্চয় প্রয়োজন নাই ! তথাপিও যদি এবাৰ পুনৰাই আওৰাব বিচাৰে, ইয়াতে চাব পাৰে-
এই
কিতাপখন পঢ়ি সৌৰভ কুমাৰ চলিহাই ‘পৰাগলৈ বিদায়’
নামৰ লেখাত লিখিছিল- “পৰাগ কুমাৰ দাসক
আমি অতদিনে জানিছিলো ক্ষুৰধাৰ কলমৰ আপোচবিহীন সাংবাদিক হিচাবে, আৰু এতিয়া জানিলো যে তেওঁ সুদক্ষ ঔপন্যাসিকো, কিন্তু
এইখন কিতাপৰপৰা কোমলমনা ডেকা-গাভৰুৰ ক্ষতি হ’ব, এটা ভুল পথ আৰু হিংসাৰ প্রৱণতাৰ পিনে স্বাধীনতাপ্রয়াসী যুৱশক্তি ঢাল খাব,
মই ইয়াৰ এটা বিৰূপ সমালোচনা বা গ্রন্থ-পৰিচিতি লিখিম (উপন্যাস
হিচাবে নহয়, তাৰ পাঠৰ ওপৰত), আৰু পৰাগে
সাগ্রহে তাকেই লিখি দিব কৈছিল ।” কিন্তু তেখেতে
সেয়া বিভিন্ন আহুকালৰ বাবে কৰিব নোৱাৰাৰ কথা কৈ লিখিছে যে- “সেইটো আছিল মোৰ বাবে (স্বাধীন অসমৰ স্বার্থত) এটা কর্তব্য, কিন্তু মোৰ কর্তব্য মই পালন নকৰিলো । এইখিনিৰপৰা যি কথা স্পষ্ট হৈ পৰে
সেইটো হ’ল মোৰ কর্তব্যস্খলনৰ অপৰাধ আৰু পৰাগৰ সততা, সৎসাহস আৰু (মোৰ মতে ভুল হ’লেও) নিজৰ বিশ্বাসত অটল
থাকি সেই মতে নিজৰ কর্তব্যকাম কৰি যোৱাৰ নির্ভীক দৃঢ়তা ।”
এই
কথাখিনি এইকাৰণেই লিখি থ’বলৈ মন গ’ল যে,
এইখিনি পঢ়িয়েই কিছু ধাৰণা কৰি ল’ব পাৰি ‘ছাংলট ফেনলা’ৰ বিষয়ে । জাতীয় বীৰ ৰাজেন শর্মাৰ
স্মৃতিত পৰাগ কুমাৰ দাসে লিখা উপন্যাস হ’ল ‘ছাংলট ফেনলা’ ।
“ফিল্ডৰ চাৰিওফালে দুপ্ দুপ্ কৈ দৌৰি থকা সেনানীবোৰক হৰেণে তাল মিলাই
সুধিছে, ফা ব’ ফেনলা ?
: আমি
কিহৰ সেনানী ?
ল’ৰাবোৰে ভৰিৰ খোজৰ সৈতে তাল মিলাই কৈছে, ছাংলট ফেনলা
।
: (আমি)
বিপ্লৱৰ সেনানী ।
হৰেণে
আকৌ সুধিছে, ফা ব’ ফেনলা ?
ল’ৰাবোৰে আকৌ কৈছে, মুংছোৱা ফেনলা ।
: (আমি)
জনগণৰ সেনানী ।
কাচিনত
ভিন্ন ভাষী মানুহৰ সমাহাৰ । কিন্তু চিংফৌ জানিলেই কাম চলি যায় । অসমৰ পৰা আহিয়েই
দিগন্তহঁতে এমাহৰ ভিতৰতে চিংফৌ শিকি লৈছিল ।”
‘ছাংলট ফেনলা’... বিপ্লৱৰ সেনানী... । উপন্যাসখন
পঢ়িবলৈ লৈয়েই চকুৰ আগত ভাঁহি উঠিছিল পাৰ হৈ যোৱা সময়ৰ ছবি এখন । যিদৰে উপন্যাস হ’লেও এইয়া সঁচা কাহিনী, সেই পাৰ হৈ যোৱা সময়ো সঁচা
আছিল !
হয়তো
প্রথম বা দ্বিতীয় শ্রেণীত পঢ়ি আছিলো । এদিন গধূলি জলফাইৰঙী পোছাক পিন্ধা মানুহ
এখিনি আহি ঘৰৰ আটাইকেইটা মানুহকে বাহিৰত থিয় কৰোৱাই সৰু মামাক সুধিছিল- “অমূল্য গগৈ দেখনে ম্যে কেইছা হ্যে ?” মামা খুব সম্ভৱ
সেই সময়ত হাইস্কুলৰ ছাত্র, হিন্দী জানে, তেওঁৰ জহতে ময়ো অলপ অলপ বুজি পোৱা হৈছিলো । মামাই ক’লে-
“আপকে জেইছা হি হ্যে ।” ওখ-পাখ,
স্বাস্থ্যবান, বগা মানুহজনে শব্দ কৰিয়েই
হাঁহিছিল ! সেয়াই আছিল আৰম্ভণি । তাৰপিছত মাজে মাজে আহিয়েই থকা হৈছিল জলফাইৰঙী
পোছাক পিন্ধা মানুহ ! মাজে মাজে অন্য কিছুমান মানুহো আহিছিল, বেছিভাগেই আছিল ডেকা মানুহ, কেতিয়াবা গাভৰু ছোৱালীও
আহিছিল, কেতিয়াবা ৰাতিটো থাকে, কেতিয়াবা
বহুদিনলৈ থাকিছিল । অভ্যাস হৈ গৈছিল । আলফা, আর্মি, কাচিন, ট্রেইনিং... শব্দবোৰ চিনাকী হৈ পৰিছিল !
গধূলি কুকুৰে ভুকিলেই মানুহবোৰ সচকিত হৈ পৰিছিল, লেম্প-চাকি
নুমুৱাই হয় বিচনাত পৰিছিল নতুবা জুই পুৱাই বহি থাকিছিল । লাহে লাহে বুজিছিলো আমাৰ
অঞ্চলৰ ‘অমূল্য গগৈ’ হ’ল নাম থকা আলফা ! লাহে লাহে সেই নামৰ পিছত অঞ্চলটোৰ আন কিছুমান নামো যোগ
হৈ হৈ গৈ আছিল । সেইবোৰ আছিল চিনাকী মানুহৰ চিনাকী নাম । পিছলৈ বহু অচিনাকী আহি
চিনাকী নাম হৈ ৰৈ গৈছিল মনত... মেঘালী, মামনি, সবিতা, নিজৰা... বহু নাম পাহৰণিও হ’ল...। সেইবোৰ আচল নাম নে নকল জনাৰ উপায় নাছিল, প্রয়োজনো
নাছিল । মেঘালীৰ ককায়েকক এদিন ৰাতি ঘৰতে, ঘৰৰ সকলোৰে সমুখতে
আর্মিয়ে গুলিয়াই মাৰিছিল, সেয়ে এদিন মেঘালীও ওলাই আহিছিল
উদিত সূৰুজৰ দিশে, সেয়া অৱশ্যেই সঁচা আছিল ! ...আৰু এদিন আমি
স্কুলৰ পঢ়া শেষ কৰি কলেজ পঢ়ালৈকে সময় বহু সলনি হৈছিল ।
উপন্যাসৰ
নায়ক দিগন্তহঁতক কাচিনলৈ ৰাওনা হওঁতে এগৰাকী বৃদ্ধই নেতা মাওৱে কোৱা কিছু কথা
কৈছে- “পিয়ানো বজাবলৈ শিকা । পিয়ানো
বজাবৰ বাবে দহটা আঙুলিয়েই চালনা কৰিব লাগিব । কেইটামান আঙুলিৰ সঞ্চালন কৰি,
বাকীবোৰ নিষ্ক্রিয়কৈ ৰাখিলে পিয়ানোৰ ছন্দ নাহিব । আকৌ, দহটা আঙুলিৰেই একেলগে চাপ দিলেও মধুৰ সুৰ সৃষ্টি নহয় । উত্তম সুৰ সৃষ্টিৰ
বাবে দহোটা আঙুলি ছন্দ আৰু পাৰস্পৰিক বুজাপৰা অনুসাৰে সঞ্চালন কৰিব লাগিব । পার্টি
কমিটিয়ে মূল কামখিনিৰ দায়িত্ব দৃঢ়ভাৱে পালন কৰাৰ লগতে চাৰিও দিশৰ বিভিন্ন ইউনিট
আৰু বিভাগৰ কার্যকাৰিতাৰ ওপৰতো চকু ৰাখিব লাগিব । মাত্র কেইটামান নির্দিষ্ট
সমস্যাৰ ওপৰত আমি দৃষ্টি দিলেই নহ’ব । য’তেই সমস্যা আছে, তাৰ ওপৰতেই আমি আঙুলিৰ চাপ দিবলৈ
শিকিব লাগিব । পিয়ানো কোনোবাই ভালদৰে বজায় আৰু আন কোনোবাই বেয়াকৈ বজায় । এওঁলোক
দুয়ো সৃষ্টি কৰা সুৰৰ মাজত যথেষ্ট পার্থক্য থাকে । আৰু সেইবাবেই, পার্টিৰ কমৰেডসকলে ভালদৰে পিয়ানো বজাবলৈ শিকিব লাগিব ।”
কথাখিনি
পঢ়ি এনেকুৱা ভাব হয় যে স্বাধীন অসমৰ সপোন দেখি ওলাই যোৱা সেই বিপ্লৱী সেনানীয়ে
পিয়ানো বজাবলৈ নিশিকিলে নেকি, যাৰবাবে উত্তম সুৰৰ
সৃষ্টিৰ পাতনিতে খেলিমেলি লাগিল ? দিগন্তৰ মাকৰ দৰেই অনেক
গৰাকী মাকে নিজৰ পুতেকক আশীর্বাদ দি স্বাধীন দেশৰ সপোনৰ পিছত ঘৰৰপৰা ওলাই যাবলৈ
সন্মতি দিছিল, তাকে লৈ গৌৰৱ কৰিছিল । তেনে কিমান মাকৰ বুকু
সুদা কৰি কিমানজন পুতেক কোনোদিন ঘৰলৈ ঘূৰি নাহিল তাৰ হিচাপ কোনে ৰাখিছে আজি !
তথাপিও কিন্তু সপোন পূৰ নহ’ল ! কিয় ? দিগন্তই
ভাবি চোৱাৰ দৰেই- এচাম ল’ৰাই ব্রক্ষ্মদেশৰ হাবি-জংঘলত,
দেশৰ নামত যুঁজিবলৈ, গছৰ পাত, সাপ-বেং খাই দিন নিয়াই থকাৰ দিনত এচামে নগৰীয়া আঢ্যৱন্ত ড্রইংৰূমত বহি
কাজু-আপেল খাই বিপ্লৱৰ নামত বিলাসিতা কৰিবলৈ লৈছিল । এচাম ডেকাই নাখাই-নবৈ,
বিনা চিকিৎসাৰে অচিন বেমাৰত, কেতিয়াবা সতীর্থৰ
জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱন উচর্গা কৰাৰ সময়ত এচামে মটৰ চাইকেল-মাৰুতি গাড়ীত
উঠি-ফুৰি বিপ্লৱ কৰিছিল । দিগন্তৰ দৰে পুৰণিচাম বিপ্লৱীৰ কথা আছিল- সংগঠন চলাবৰ
বাবে দৰকাৰী ধন সংগ্রামৰ প্রতি সহানুভূতি থকা শুভাকাংখীৰপৰা কুপন চিষ্টেমত সংগ্রহ
কৰা, বিপৰীতে নতুন এচামৰ যুক্তি আছিল তাতকৈ দুর্নীতিপৰায়ণ
ব্যৱসায়ী, চাকৰিয়ালৰপৰা বন্দুক দেখুৱাই একে বাৰতেই লাখ টকা
সংগ্রহ কৰা । দিগন্তই আশা কৰাৰ দৰে মানুহৰ মাজত সোমাই নীৰৱে কাম কৰাৰ সলনি সংগঠনৰ
নামত লাখ লাখ টকা সংগ্রহ কৰা হ’ল, এচাম
ল’ৰা নষ্ট হ’ল, সংগঠনৰ
বদনাম হ’ল । ...আৰু শেষত গোহাঁই চাৰে কোৱাৰ দৰে সংগঠন ‘গেলি’ থাকিল ! সংগঠন গণমুখী হোৱাৰ বিপৰীতে ৰাইজৰপৰা
লাহে লাহে বিচ্ছিন্ন হৈ থাকিল !
বহু
মানুহৰ সৰল শুভেচ্ছা, নিভাঁজ আশীর্বাদক এচামে প্রতাৰণা কৰিলে ।
পৱন, মৃগেন, শৰত, মুনীন, শান্তনু, বাবুল,
কৃষ্ণ আদিৰ দৰে অনেকৰ জীৱনৰ বলিদান অথলে গ’ল ।
দিগন্তই ইচমাইলক ঠিকেই বুজনি দিছিল- “আমি সকলোবোৰতো
এইখন সমাজ ব্যৱস্থাতেই প্রতিপালিত । গতিকে আৰম্ভণিতে এনেকুৱা কিছুমান দুর্বলতা
থাকিবই । কিন্তু সময়ত এনেকুৱা সুবিধাবাদী ভুৱা বিপ্লৱীবিলাক আপোনা-আপুনি আঁতৰি যাব
। আমাৰ ব্যর্থতাসমূহৰ পৰাই নতুন প্রজন্মই শিক্ষা ল’ব ।
বিপ্লৱ হৈছে এটা ধাৰাবাহিক প্রক্রিয়া । তোমাৰ-মোৰ লগতে বিপ্লৱো শেষ হৈ পৰিলে নহ’ব । ভিতৰৰ পৰাই আত্মসংশোধনৰ প্রক্রিয়াটো আৰম্ভ কৰিব লাগিব । নেতৃত্বৰ
সেইখিনি দূৰদর্শিতা আৰু সাহস থাকিব লাগিব ।”
সেয়া
সময়ত হৈ উঠিছিল জানো ? নহ’ল । সংগঠন গেলাৰ
ঘাই কাৰণটোৱেই আছিল নেকি নেতৃত্বৰ অৱক্ষয় ? বাঢ়ি যোৱা ভুৱা
বিপ্লৱীৰ সংখ্যা ? চকুৰ আগতেই দেখিছিলো চৰকাৰী টোপ গিলি
বহুতে একালৰ নিজৰেই সতীর্থক চৰকাৰী বাহিনীৰ হাতত ধৰাই দিছিল, হত্যা কৰোৱাইছিল !
দিগন্তই
এনেকি সংগঠনৰ শীর্ষ নেতৃত্বৰ গোহাঁই চাৰক মহাত্মা গান্ধীৰ দৰে অহিংসাৰে স্বাধীনতাৰ
যুঁজখন কৰিব নোৱাৰি নেকি বুলিও সুধিছিল । প্রত্যুত্তৰত তেওঁৰ কথাখিনিওতো সঠিক-
ইংৰাজবিলাকে গণতান্ত্রিক প্রমূল্যক শ্রদ্ধা কৰিছিল, যিটো এতিয়া দেখা নাযায় । তাৰোপৰি গান্ধীয়ে যদি আচলতেই ভাৰতবর্ষক স্বাধীন
কৰিব পাৰিলে তেন্তে আজিও ভাৰতৰ অর্থনীতি বিদেশী পুঁজিৰ হাতত কিয় ? তেখেতৰ দুখৰ কাৰণ তেওঁ ঠগ খালে, বহুতেই সৰলতাৰ সুযোগ
ল’লে, সেয়াও মিছা নাছিল- “অসমত আজি সংগঠনৰ সদস্যৰ কোনো সীমা-সংখ্যা নাই । অথচ, প্রয়োজনৰ সময়ত বিপদত মূৰ পাতি ল’বলৈ কিন্তু কোনোৱেই
নাই । আমি পৰিস্থিতিৰ অধ্যয়ন নকৰাকৈয়ে বৰ খৰখেদা কৰি পথাৰত নামিলো । এতিয়াহে
বুজিছো, স্থিতাৱস্থাৰ প্রলোভন আৰু চক্রান্তৰ পৰা সংগঠন এটাক
গা এৰাই ৰখাটো কিমান ডাঙৰ প্রত্যাহ্বান । সংগঠনটো হঠাতে ইমান ডাঙৰ হৈ পৰিল যে,
আমাৰ নিয়ন্ত্রণৰ বাহিৰ হৈ গ’ল । ভুল আচলতে
আমাৰেই । বিপ্লৱৰ পক্রিয়াটো খৰতকীয়া কৰিবলৈ গৈ যধে-মধে সদস্য ভর্তি আৰম্ভ কৰিলো,
ফলত সংগঠনৰ প্রতি কোনো দায়বদ্ধতা নথকা বহুতো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত লাভৰ আশাতে সংগঠনত সোমাল ।” ...আৰু সেই কথা যে মিছা নহয় সেয়া তেতিয়াৰ ৰাইজেও দেখিছিল, বুজিছিল আৰু লাহে লাহে সংগঠনৰ প্রতি সকলো উদাসীন হৈ পৰিছিল ।
অভিজ্ঞ
বিপ্লৱীৰ দিহা-পৰামর্শ বিচৰা দিগন্তক নিখিলদাই জেফাৰছনে কোৱা কথা দুটামান কৈছিল, যে- “প্রত্যেক প্রজন্মই হৈছে একো একোটা
স্বয়ংসম্পূর্ণ জাতিৰ নিচিনা । আৰু সেইবাবেই, এটা প্রজন্মই
নিজ ধ্যান-ধাৰণাৰে আন এটা প্রজন্মক প্রভাৱান্বিত কৰিব বিচৰাটো এটা জাতিয়ে আন এটাক
পৰাধীন কৰাৰ নিচিনাহে হয়গৈ । আমি মাথোন তোমালোকক আমাৰ দিনবিলাকৰ অভিজ্ঞতাৰ আভাষহে
দিব পাৰোঁ । সংগ্রামৰ পন্থা আৰু প্রকৃতি নিৰূপণৰ দায়িত্ব কিন্তু তোমালোকে নিজেই ল’ব লাগিব । আমাৰ ব্যর্থতাৰ কাৰণবিলাক সূক্ষ্মভাৱে চর্চা কৰিলে তোমালোকে
নিজেই ভৱিষ্যত দিক্ নির্দেশনাৰ সন্ধান পাব পাৰিবা ।” পিছে সেয়া হৈ উঠা দেখা নগ’ল । প্রলোভনৰ আগত
আদর্শ-নীতি সকলো জাহ গ’ল ।
কথা
প্রসংগত গোহাঁই চাৰে কোৱা এটা সমস্যা- অসমীয়াত ভাল আৰু বেয়া শব্দ দুটাৰ মাজত
মধ্যমীয়া অর্থসূচক অইন কোনো শব্দ নাই বাবে যিকোনো এটা প্রসংগত অৱস্থান লবলৈ হ’লে হয় ভাল বুলি অন্ধভাৱে সমর্থন কৰে নতুবা বেয়া বুলি কৈ গুৱালগালি পাৰে ।
তেওঁ স্বীকাৰ কৰিছে যে তেওঁলোকেও কথাবোৰ তেনেদৰেই সৰলীকৰণ কৰি ভাবিয়েই নাচালে যে
সংগঠনৰ সমালোচনা কৰা মানুহো শুভাকাঙ্খী হ’ব পাৰে আৰু যাক
শুভাকাঙ্খী বুলি আস্থাত লৈছিল তেওঁবিলাকে অন্ধভাৱে সমর্থন কৰি ভুলবোৰ আঙুলিয়াই
নিদিলে; তেনে কৰা হ’লে হয়তো সংগঠনে
আত্মবিশ্লেষণৰ সুবিধা পালেহেঁতেন । সংগঠন বাদ দিয়ক, নিজ
জীৱনৰ সৰু সৰু ভুল-দোষ-ত্রুটিবোৰ কোনোবাই আঙুলিয়াই দিলে আমিও নো ক’ত সহজে গ্রহণ কৰো ! তোষামোদ কৰি থাকিলে বন্ধু, ভুল
বুলি কিবা ক’লেই শত্রুজ্ঞান কৰে ।
আলফাৰ
জন্মৰ উদ্দেশ্য আছিল হেনো- পশ্চিমৰ মায়া-মোহ ত্যাগ কৰি পূৱ সীমান্তৰ দুৱাৰ মুকলি
কৰা কাৰণ বাণিজ্যিক দিশৰপৰা পূৱ সীমান্তৰ যোগাযোগ অধিক সুবিধাজনক । ষ্টীলৱেল ৰোডটো
পুনৰ মুকলি কৰি ল’ব পাৰিলে নতুন দিল্লীক বুঢ়া আঙুলি দেখুৱাই
আর্ন্তজাতিক পর্যায়লৈকে অসমৰ বাণিজ্যিক ক্ষেত্রখন স্বতন্ত্রভাৱে সম্প্রসাৰিত কৰা,
যিহেতু নতুন দিল্লীয়ে একচেটিয়া কর্তৃত্বৰে অসমৰ বাণিজ্যিক সম্ভাৱনাৰ
ওপৰত চর্ত আৰোপ কৰি গৈছে আৰু এদিন ভাৰতীয় ৰাষ্ট্রযন্ত্রই দেশখনক বহুজাতিকৰ হাতত
বন্ধকত থ’ব । গতিকে উদ্দেশ্য- অর্থনৈতিক মুক্তি আৰু
সাম্রাজ্যবাদী ভাৰতীয় ৰাষ্ট্রৰপৰা অসমক স্বতন্ত্র কৰা । আলফা কিমান সফল হৈছিল সেই
উদ্দেশ্যত ? সেই দিশে কিমান দূৰেই বা আগুৱাব পাৰিলে ?
অন্য এক
বিপ্লৱী মৃন্ময় তালুকদাৰে কোৱাৰ দৰে “দাবী-ধমকি
দি প্রাইভেট টিউচন বন্ধ কৰা বা মদৰ ব্যৱসায়িক ভাবুকিৰে দোকান বন্ধ কৰাটোৱেই নিশ্চয়
সাংস্কৃতিক বিপ্লৱৰ সূচনা হোৱা নুবুজায় । শাস্তিৰ ভাবুকিৰে জাপি দিয়া সংস্কাৰ
কেতিয়াও স্থায়ী হ’ব নোৱাৰে । সংগঠনে কিছুমান সামাজিক ব্যাধিৰ
চিনাক্তকৰণ ঠিকেই কৰিছে যদিও অস্ত্রশক্তিৰ ওপৰত সদায়ে সর্বাধিক গুৰত্ব আৰোপ কৰাৰ
বাবেই হয়তো সমাধানৰ পথ নিৰূপণত বিশেষ সফল হ’ব পৰা নাই ।” আমাৰ বয়সত সেই সময়ত আলফাই কৰা কাম বুলিলে এইখিনিহে দেখিছিলো, শুনিছিলো, বুজিছিলো... কোনোবা মদাহীক চাৰিআলিত কাণত
ধৰুৱাই আঠুকঢ়াই থোৱাৰ বাদে মানুহ মাৰিছিল, কাৰোবাক অপহৰণ
কৰিছিল... সিমানেই !
দিগন্তৰ
দৰে আদর্শৰ প্রতি আপোচ নকৰা বিপ্লৱীৰ সংখ্যা হয়তো তেনেই নগণ্য আছিল । তেনে বিপ্লৱীৰ
দৃষ্টিত লক্ষীপথাৰ আছিল সংগঠনৰ শেষ স্খলনৰ স্থান । দিগন্তই নিজে চাই আহিব গৈছিল
স্খলনৰ কাৰণবোৰ... যাতে নতুন দিশৰ পৰিকল্পনা কৰিব পৰা যায় ! নৃশংসভাৱে অপৰাধী
কিছুমানক পাশৱিক অত্যাচাৰেৰে হত্যা কৰাৰ কথাৰ আপত্তি কৰি দিগন্তই কৈছিল যে
কাৰাগাৰত অপৰাধীৰ আত্মসংশোধনৰ ব্যৱস্থাও থাকিব লাগে । সংগঠনৰ সামগ্রিক স্খলনৰ
বাবেই নৱ বা ৰাণাৰ দৰে সম্ভাৱনাপূর্ণ ল’ৰাবোৰ বিপ্লৱীৰ পৰা
হত্যাকাৰীৰ শাৰীলৈ নামি যোৱা বুলি আক্ষেপ কৰিছিল ।
অৱশেষত
এদিন দিগন্তও সেনাৰ হাতত আটক হৈছিল । বন্দী হৈ সহিব লাগিছিল সেনাৰ পাশৱিক অত্যাচাৰ
। সুদীর্ঘ সাত মাহ কাৰাগাৰত কটাই দিগন্তই অনুভৱ কৰিছিল যে ভাৰতীয় ৰাষ্ট্রৰ কাৰচাজি, কূট-কৌশল, ৰাজনৈতিক নেতাৰ চল-চাতুৰী, আলোচনাৰ নামত ভেকো-ভাওনা, আত্মসমর্পণকাৰীৰ সাত খুন
মাফ, বিবেকক বন্ধকত নাৰাখি নীতিত আঁকোৰগোজ হৈ থকাবোৰৰ হত্যা
ইত্যাদিৰ মাজেদিয়েই যেন লিপিবদ্ধ হ’ল সংগঠনৰ বৈপ্লৱিক উত্তৰণ
আৰু অনাকাংক্ষিত স্খলনৰ নিষ্ঠুৰ ইতিহাস ।
উপন্যাসত
উল্লেখিত কানৈ কলেজ, খলিহামাৰী, লক্ষীপথাৰ,
চৰাইপুং, নাহৰকটীয়া, দিনজান,
দুলীয়াজান, ডিগবৈ, ডুমডুমা,
বালিজান, ভাদৈ পাঁচআলি... এইবোৰতো অচিনাকী নাম
নহয় ! পঢ়ি শেষ কৰি অনুভৱ কৰিলো এইয়া উপন্যাসৰ দৰে সঁচা কাহিনী । আমাৰ বয়সৰ জোখাৰে
তেতিয়া কথাবোৰ বুজা নাছিলো যদিও কিবাকিবি অলপ বুজিছিলো । চকুৰ সমুখতে বহু ঘটনা
ঘটিছিল । ৰাইজৰ মৰম-আশীর্বাদ পায়ো এসময়ত কোনেও যেন চকুপাৰি দেখিব নোৱাৰা হৈছিল সেই
বিপ্লৱী সেনানীক ! কিমান চোকা মগজুৰ ডেকাৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনাৰে ভৰুণ জীৱন
একোটা অথলে গ’ল, দিগন্তৰ দেউতাকৰ দৰে
আৰু বহুজন দেউতাক ভাৰতীয় সেনাৰ বর্বৰতাৰ বাবে জীৱনলৈ ঘূণীয়া হ’ল, বীণা বাইদেউৰ দৰে অনেকে সতীত্ব হেৰুৱালে, বহুজনী অঞ্জু হয়তো আজীৱন কোনো দিগন্তৰ অপেক্ষাতেই ৰৈ থাকিল... । আমাৰ চকুৰ
আগত ৰাইজৰ আস্থাৰ, স্বাধীন অসমৰ সপোন দেখা ‘আলফা’ৰ উত্তৰণ হৈছিল মাথোঁ ‘ছালফা’লৈ ! এচামে সংগ্রাম এৰি আহি গাড়ী-মটৰ লৈছিল, দালান
বনাইছিল... আৰু লগত মাৰণাস্ত্র লৈ ফুৰাৰ অনুমতি পোৱা এচাম গুণ্ডাৰ সৃষ্টি হৈছিল ।
তাৰ বাদে আৰু কি হ’ল ?? তীক্ষ্ণ মেধাৰ
এখিনি অসমীয়া ডেকা-গাভৰু মৰি থাকিল, যিদৰে পৰাগ কুমাৰ দাস...
মানৱ সম্পদৰ অপচয় হোৱাৰ বাদে আৰু কি হ’ল ?
লেখকে
উপন্যাসৰ সামৰণি মাৰিছে “ছাংলট ফেনলাৰ প্রথম খণ্ড সমাপ্ত” বুলি । কাৰাগাৰৰপৰা মুক্ত হৈ দিগন্তই পৰিকল্পনা কৰিছিল সঁচা সতীর্থৰ সৈতে
স্বাধীনতাৰ সংগ্রাম জাৰি ৰাখিবলৈ । আশা কৰিছিল অসমবাসীৰ আচল স্বাধীনতা আদায় নোহোৱালৈকে
প্রতিটো প্রজন্মই চলাই থাকিব এই সংগ্রাম । দিগন্তৰ দৰে লেখকো আছিল আশাবাদী !
সৌৰভ
কুমাৰ চলিহাই ঠিকেই কৈছিল নির্ভীক সাংবাদিক হোৱাৰ উপৰিও পৰাগ কুমাৰ দাস এজন সুদক্ষ
ঔপন্যাসিক । উপন্যাসখন পঢ়ি সেয়াই অনুভৱ হয় । কিন্তু তেওঁ কোৱাৰ দৰে মানিবলৈও মন
নাযায় যে এইখন কিতাপে কোমলমনা ডেকা-গাভৰুক ভুল পথেৰে লৈ যাব । মোৰ অনুভৱ হ’ল প্রজন্মৰ পিছত প্রজন্ম চলাই থাকি লাভ নাই, সশস্ত্র
সংগ্রামে যে একো দিব নোৱাৰে সেয়াহে দেখোন প্রতিফলিত হোৱা যেন বোধ হ’ল । মানুহৰপৰা বিচ্ছিন্ন হৈ থাকি মানুহৰ বাবে সংগ্রাম কেনেকৈ কৰা যায় ?
মৃন্ময়ৰ দৰে চিন্তাশীল সতীর্থ থাকিলে হয়তো দিগন্তই আশা কৰাৰ দৰে,
অসমৰ ৰাইজে আশা কৰাৰ দৰে এদিন অসমীয়া একগোট হৈ স্বাধীন হ’লহেঁতেন । মোৰ ভাব হ’ল কিতাপখন পঢ়িলে আচলতে শুদ্ধ
ৰাস্তাটোহে দেখা পোৱা যায় যে স্বাধীনতা কেৱল কাচিনত ট্রেইনিং লৈ বা ঘন জংঘলত কেম্প
পাতি আনিবপৰা বস্তু নহয় ।
এতিয়াও
যে মাজে-সময়ে খবৰ-কাকতত খবৰ আহে অমুকৰ আলফালৈ গমন, তমুকৰ আলফালৈ গমন ! কিয় ? স্বাধীনতাৰ সপোন নে সাময়িক
আৱেগ ? নে সংস্থাপনহীনতা ? স্বাধীনতাৰ
বাবে সেয়া শুদ্ধ পথ নে ?
No comments:
Post a Comment