December 30, 2021

এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা

 


এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা
মূল ইংৰাজীৰ পৰা অনুবাদঃ খামমুন ফুকন
প্রথম প্রকাশঃ জানুৱাৰী, ২০২১
পূর্বায়ণ প্রকাশন

 

আৰুণি কাশ্যপৰ ইংৰাজী উপন্যাস “The House with a Thousand Stories”ৰ অসমীয়া অনুবাদ “এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা” । অনুবাদক খামমুন ফুকনৰ লেখা এটা প্রান্তিকত পঢ়িছিলো, তেখেতৰ নামটো তেনেকৈ চিনাকী । সেই নামটো দেখিয়েই কিতাপখন পঢ়ি চোৱাৰ মন হৈছিল যদিও প্রথমবাৰতে কিতাপখন ক্রয় কৰা নহ’ল । দ্বিতীয়বাৰত কিতাপৰ নামটোৰ সৈতে বেটুপাতখন অলপ ভাল লগা হৈ দুচকুত পৰিছিল । কিছুমান শব্দৰ প্রতি দুর্বলতা থকাৰ দৰে “জোনাকী পৰুৱাৰ” প্রতিও আছে ! শেষত, দুয়োটা কাৰণ মিলি কিতাপখন মোৰ ঘৰ পোৱালেহি ।

লেখকৰ দুআষাৰত আৰুণি কাশ্যপে লেখিছে- “এই কিতাপখন কেতিয়াবাই অসমীয়াত প্রকাশ হ’ব লাগিছিল । কিন্তু প্রত্যেকখন কিতাপ লিখাৰ সময়ত মই নিজকে কওঁ- প্রত্যেক কিতাপৰে একোখন অদৃশ্য সোঁৱৰণী আছে; আছে চক্র । আৰু মানুহৰ জীৱনত যদি দূৰৈৰ শনি আৰু মঙল গ্রহই কিবা প্রভাৱ বিস্তাৰ কৰে, কিতাপৰ সোঁৱৰণীত থকা গ্রহকেইটায়ো বিধি-পথালি দিয়ে বা বাট সুগম কৰে । সেয়ে বিভিন্ন কাৰণত অসমীয়াত কিতাপখন ওলোৱা নাছিল । … গ্রহ-নক্ষত্রবোৰে ঠিকেই কৰি থৈছিল যে খামমুনে মোৰ কিতাপখন অনুবাদ কৰিব । সেয়ে আন সকলো কল্পনা অথলে গৈছিল । এতিয়া কিতাপখন পঢ়ি এনে লাগিছে যেন কিতাপখন অসমীয়াতে কোনোবাই লিখিছিল । 

…আমাৰ মা-পিতা, খুৰা-খুৰীহঁতে জানে, বন্দুকৰ ৰাজত্বৰ আগৰ, সত্তৰ আৰু ষাঠিৰ অসমখন কেনেকুৱা আছিল । আমাৰ প্রজন্মটোৱে কোনোদিন গম নাপালে সেই সুন্দৰ সত্য ।… মই এনেকুৱা এখন কিতাপ পঢ়িবলৈ বৰ ইচ্ছা কৰিছিলোঁ । যিহেতু নাছিল, সেয়ে হয়তো, টনি মৰিছনৰ দ্বাৰা প্রেৰিত হৈ, নিজেই লিখি পেলালোঁ সেই বৰকৈ পঢ়িবলৈ মন যোৱা কিতাপখনঃ যিখন কিতাপত আশী আৰু নব্বৈৰ দশকত অসমত ডাঙৰ হোৱা প্রজন্মটোৰ জীৱনৰ কিছু কথা প্রতিফলিত হ’ব আৰু নব্বৈৰ দশকত জন্ম লোৱাসকলে পঢ়ি বুজি পাব আমাৰ কাহিনী । এয়াই কিতাপৰ আঁৰৰ কথা । যি দেখিছিলোঁ, শুনিছিলোঁ, সেয়াই লিখিছিলোঁ ।”

অনুবাদকৰ একাষাৰ- “অসমৰ গুপ্তহত্যা বা কেন্দ্রীয়-প্রান্তীয় দ্বি-অংগীকতাৰ বিষয়বস্তুৰে ইংৰাজী ভাষাত ৰচিত সাহিত্যসমূহৰ ভিতৰত আৰুণি কাশ্যপৰ “The House with a Thousand Stories” এখন লেখত ল’বলগীয়া উপন্যাস । কাহিনীৰ পটভূমি হিচাপে দাগ কৰি লোৱা অসমৰ এক ভিতৰুৱা অঞ্চল, য’ত এতিয়াও বিশ্বাস-অবিশ্বাসৰ গইনাৰে প্রচলিত হৈ আছে ক’লাযাদুৰ পকনীয়া । বয়ঃসন্ধিৰ শেহতীয়া সময়ত উপলব্ধি কৰা এখন সমাজৰ প্রতিচ্ছবিৰে উপন্যাসখনৰ কাহিনীকাৰে কয় সেইখন সমাজৰ কথা, য’ত প্রতিফলিত হয় অসমৰ এক অতি স্পর্শকাতৰ অধ্যায়; য’ত সূচিত হয় পৰিৱর্তনৰ এক জোৱাৰ । গাঁৱৰ এক সৰল কাহিনীৰে এখন সুস্থ অথচ খণ্ডিত হ’ব খোজা ঘৰ, সমাজৰ কথা উদঙাই দিছে উপন্যাসখনত; য’ত অহল্যা জেঠাই হৈ পৰিছে পৰিৱর্তনৰ এখন দুৱাৰ । এৰি দিয়া আৰু ধৰি ৰখাৰ মাজত ছপা হৈ ৰোৱা অহল্যা জেঠাই কেৱল আধুনিকতাৰ হেঙাৰ নহয়, তেওঁ হৈ পৰিছে ঘৰখনৰ পৰম্পৰাৰ এক চিনাকী ।”

উপন্যাসখনৰ অসমীয়া নামটো খুব ধুনীয়াকৈ খাপ খাই পৰিছে । কিতাপখন পঢ়ি সামৰি সেয়া অনুভৱ হ’ল । আৰু এই সময়, এই কাহিনীবোৰ আমাৰো যেন চিনাকী... কিতাপখন পঢ়ি অতীতৰ এছোৱা সময় আমিও সোঁৱৰি চাবলৈ সুবিধা পালোঁ । 

পাবলো । ১৭ বছৰীয়া । গুৱাহাটীৰপৰা আহিছে অসমৰ ভিতৰুৱা মায়ঙৰ হাতীমূৰা গাঁৱত পেহীয়েকৰ বিয়া খাবলৈ, সেয়া ২০০২ চনৰ কথা । পাবলো ১৯৯৮ চনতো সেই গাঁৱলৈ আহিছিল, বৰদেউতাকৰ শ্রাদ্ধত । এই পাবলোৰ মুখেৰেই বর্ণিত হৈছে কাহিনী ।

এটা এল পেটার্ণৰ ঘৰ, য’ত সোতৰখন খিৰিকী আছে, অনেক কোঠা আছে, সেই ঘৰটোতেই এজাক জোনাকী পৰুৱা, য’ত কাহিনীবোৰ আগবাঢ়িছে, শেষ হৈছে, পুনৰ আৰম্ভ হৈছে ।

সেইখন ঘৰৰে মইনা পেহীৰ বিয়া, বিয়াৰ আগত যি ফেনাইল খাই দিছে ভয়তে । অনিলদাই বাতৰিটো লৈ আহিছিল- দৰাৰ ভায়েক আলফাৰ সদস্য । খাকী পোছাক পিন্ধা আর্মীলৈ আন যুৱতীৰ দৰে মইনা পেহীৰো ভয় । ফেনাইল খাই তাই নমৰে, বিয়া হৈও যায়; কইনা থ’বলৈ যোৱা অনিমা বৰমাই কিন্তু পিছদিনা ঘৰলৈ মইনা পেহীৰ শ টো লৈ আহে ! মইনা পেহী কিয় মৰিল তাৰ কাৰণ কোনেও নাজানিলে । কিয় মৰিল মইনা পেহী ?

মৃদুলৰ বন্ধু বৃকোদৰৰ ভনীয়েক মামণি, যাৰ মুখখন কথা ক’ব পালে বন্ধই নহয়, অনবৰতে দাঁত উলিয়াই হাঁহি থকা সেই মামণিয়ে আজিকালি মনে মনে থাকে, আর্মী দেখিলেই ভয়তে মুতি দিয়ে ! মামণি কিয় এনেকুৱা হ’ল ?

মৃদুল, অনিমা বৰমাৰ ল’ৰা; যাৰ দেউতাক বলেন বৰতাৰ শ্রাদ্ধতো আহিছিল পাবলো ১৯৯৮ চনত । মৃদুল পাবলোৰ সমনীয়াৰ দৰেই । সেই মৃদুলেই মইনা পেহীৰ বিয়াৰ ৰাতি প্রেমিকাৰ সৈতে পলাই যাবলৈ ঘৰৰপৰা ওলাই গৈছে; কাৰণ প্রেমিকা নেপালী, যাক ঘৰখনে কেতিয়াও গ্রহণ নকৰে । পিছে সি ঘৰৰপৰা ওলাই গৈয়ো পিছদিনা পুৱাতে উভতি আহিছে । কিয় ?

সেইখন ঘৰৰে সৰু পুত্র প্রশান্তদা, যি ঘৰৰপৰা আঁতৰি থাকে । কাৰণ প্রশান্তদাই বিয়া কৰাব বিচৰা ডিভ’র্চি অনুলুপাক অহল্যা পেহীৰ দৰে নীতি-নিয়ম মানি থকা ঘৰখনৰ কোনেও বোৱাৰী হিচাপে গ্রহণ কৰিব নোৱাৰে । ঘৰখনৰ বিপৰীতে গৈয়ো প্রশান্তদাই নো কিয় অনুলুপাৰ দৰে অশুৱনি-দঁতীয়া-কলী ডিভ’র্চি এজনীক বিয়া কৰাব বিচাৰে ?

ঘৰখনৰ নিয়ম-নীতি, পৰম্পৰা সকলো সামৰি, কোনেও তর্ক কৰিবলৈ সাহস নকৰাকৈ গাঁৱখনৰে ওখ মানুহজনীয়েই হ’ল অহল্যা জেঠাই । যি নিয়মৰ বিপৰীতে কোনো কামেই হ’বলৈ নিদিয়ে । কথাই কথাই তর্ক কৰা, খঙালী অহল্যা জেঠাই অবিবাহিত ।

অকণি পেহী নিঃসন্তান । মানুহে ‘কাঠবাজী’ বুলি মনে মনে হাঁহে । ডাঙৰ ককায়েকৰ পুতেক মৃদুলকে তেওঁ নিজৰ ল’ৰাৰ দৰে ভাবে । সেয়ে পেহীয়েকে তাক গালি পাৰিলেও মাক অণিমা বৰমাই অস্বীকাৰ নকৰে । অহল্যা জেঠাইৰ কথা অকণি পেহীয়ে বুজে । মইনা পেহীৰ বিয়াৰ ৰভা খুটা পুতিবলৈ গাঁত খান্দি থাকোঁতে পোৱা সোণৰ আঙুঠি এটাই কিয় খঙালী অহল্যা জেঠাইক কোঠাৰ ভিতৰত বন্দী কৰাই থ’ব পাৰিছে সেয়া ভনীয়েকে বুজে । মনতে ভাবে “সুমথিৰা বেলিয়ে কেতিয়াকৈ জাকৰুৱা এন্ধাৰ ওফৰাই ৰ’দালি আনিব ।” আইতাই জেঠাইক কৈছে- “একেবোৰ কথাই ঘূৰি পকি থাকে । কিবা জানো সলনি হ’ল, যোৱা হাজাৰ হাজাৰ বছৰত ? মানুহ বুজিছ ! আমাৰ মনবোৰ একে থাকিল । আমি সবেই একে ভাবোঁ । সাধুবোৰৰ নিচিনা । মাত্র ভাওৰীয়াবোৰ সলনি হৈছে অহল্যা- কিন্তু ইচ্ছা-অনিচ্ছা একেই থাকিল ।” হেৰাই পোৱা সোণৰ আঙঠি এটাৰ সৈতে অহল্যা জেঠাইৰ কি সম্পর্ক ? মাকে কিয় সেয়া নিয়ম কৰি গৰাকীক ওভতাই দিব কৈছে ?

এই সকলোবোৰ পাবলোৱে দেখিছিল সেই মইনা পেহীৰ বিয়াত । বিয়াৰ আগদিনাই অনিলদাই দৰাঘৰৰ বাতৰিটো আনি ঘৰত এৰি দিছিল, যিয়ে বিয়াঘৰত ভয়-উৎকণ্ঠাৰ বাহিৰে একো বিয়পাব পৰা নাছিল । অনিলদাই তিলকে তালটো কৰি কথা কয় । পাবলোৰ দৃষ্টিত অনিলদা এজন ভাল গল্পকাৰ হ’ব নোৱাৰিব কাৰণ তেওঁ কাহিনীৰ মাজৰ সত্যটো ধৰিব নোৱাৰে । তেওঁৰ কাহিনীয়ে কেতিয়াও মানুহৰ মনত সুখ আনিব নোৱাৰিছিল, সকলোতে নিৰাশাৰ ছাঁ । “কিন্তু সত্যটো হৈছেঃ জীৱন নিৰৱধি । কাহিনীৰ এদিন শেষ হ’বই । যদিও নহয়, নোহোৱাটোও ভাল কাহিনীৰ এটা চাৰিত্রিক বৈশিষ্ট্য ।” মইনা পেহীৰ বয়স হৈছে । আবিয়ৈ হৈ যাতে ঘৰতে নাথাকে সেয়ে ৪৫ বছৰীয়া বুঢ়া এটালৈ বিয়া দিছে । সিফালে মইনা পেহীৰ মাক, মৃদুলৰ আইতাকৰ এই যাওঁ এই যাওঁ অৱস্থা । ডাক্তৰ মাতি আনি মকৰধ্বজ খোৱাইহে কোনোমতে ৰাখিছে, যাতে বিয়াখন সুকলমে হৈ যায় একো অপায়-অমংগল নোহোৱাকে । ঘৰৰপৰা আঁতৰি থকা সৰু পুতেক প্রশান্ত ঘৰলৈ অহাৰ বাবে তেওঁ যেনিবা সুস্থ হৈ উঠে । সেই মৰিব বুলি ভবা আইতা মইনা পেহীৰ বিয়াৰ পিছতো ভালেমান দিন জীয়াই থাকিল ।

সেই এল পেটার্ণৰ ঘৰখনৰ কাহিনীবোৰ শেষ হৈয়ো যেন শেষ নহ’ল । মৃদুলৰ দেউতাক মদাহী আছিল, অন্য নাৰীৰ সৈতেও সম্পর্ক আছিল... সেই কথাবোৰে মৃদুলক লাজ দিছিল নেকি ? সপোনৰ পিছত দৌৰিবলৈ গৈ মৃদুল কিয়বা উভতি আহিছিল । মইনা পেহীৰ ‘অপঘাট মৃত্যু’ৰ কাৰণ জনা নগ’ল । প্রশান্তদাই অনুলুপাক ঘৰখনৰ বোৱাৰী কৰি আনিলেনে ? অহল্যা জেঠায়ে হেৰাই পোৱা সোণৰ আঙুঠিটো গৰাকীক ওভতাই দিব পাৰিলে নে ?

কথাবোৰ মৌ-মাখিৰ দৰে ভুণভুণাই ঘৰখনত, মানুহৰ মাজত ঘূৰি ফুৰিছিল । পাবলোৱে কোৱাৰ দৰে- “আচলতে সত্যটো হৈছে কিছুমান কথা নোকোৱাকৈয়ে থাকি যায় । এনেকৈয়ে জীৱন, জীৱনৰ পিছত জীৱন ।”

হাতীমূৰা মায়ঙৰ এখন ভিতৰুৱা গাঁও । গাঁৱৰ মানুহবোৰে এটা দশকৰ আগলৈকে আলফাৰ সৈতে কাৰোবাৰ সম্পর্ক থাকিলে সেয়া বুকু ফুলাই জহ কৰি কৈছিল আৰু এতিয়া সেইবোৰেই কাল । আলফাৰ সৈতে কিবা সম্পর্ক থকাৰ সন্দেহতে গাঁৱৰ হীৰেনক, দুই পুত্র, পত্নী আৰু মাক সবাকে গুলিয়াই মাৰিছিল, আনকি বনকৰা বাইজনীকো । মামণিৰ দৰে আৰু কিমান জনী গাভৰুৰ দেহা চোৱা হ’ল কোনেও নাজানিলে । এইয়া কেৱল উপন্যাসৰ কাহিনীয়েই নহয়, সেই সময়ৰ সন্ত্রাসজর্জৰ অসমৰ দুখ আৰু বেদনাৰ জীয়া কাহিনী, দলিল । কোনো নদীৰে মানুহৰ কটা হাত-মূৰ উটি অহাটো মিছা নহয় । এনে কিমান কাহিনী কিমান গাঁৱৰ মাটিত মিলি গ’ল চাগৈ নীৰৱে, সকলোৰে অলক্ষিতে...!

পাবলোৰ কথাবোৰ তো মিছা নাছিল- “আলফা আৰু ছালফাবোৰৰ মাজত কাজিয়া লাগি থাকিলে সকলোতকৈ বেছি এই চৰকাৰখনৰে লাভ হ’ব । সিহঁতেই আৰম্ভ কৰিছে এই গুপ্তহত্যা । সিহঁতৰ মাজত যুঁজ-বাগৰৰ ফিৰিঙতি ঢলা মানুহবোৰ সেইবোৰেই । ব্রিটিছ আৰু আমাৰ চৰকাৰৰ মাজত এতিয়া একো প্রভেদ নাই । যিখন চৰকাৰ দিল্লীৰ হাতৰ পুতলা । সিহঁতৰ নীতি হৈছে শাসন আৰু বিভাজন ।” সেই সময়ত এই কথাই সঁছা আছিল ! আমাৰ দৰে প্রজন্মৰ, যি অলপ হ’লেও সেই সময়ক ওচৰৰপৰা দেখিছিল সকলোৱে স্বীকাৰ কৰিব এই কথা ।

আৰু পাবলো ? তাৰ কাহিনী নাছিল নেকি ? নে সি কেৱল কাহিনীকাৰ হে হ’বলৈ আহিছিল ? আছিল, পাবলোৰো কাহিনী এটা আৰম্ভ হৈছিল সেই বিয়া ঘৰতে । নাম আছিল অনামিকা, মুনবাৰ নন্দা, বিয়া খাবলৈ আহিছিল । মইনা পেহীৰ বিয়াৰ আগতেই অনামিকাক ঘৰলৈ পঠিয়াই দিয়া হৈছিল । বিয়াৰ পিছত পাবলোও নিজৰ ঘৰলৈ ওভতি গ’ল, তাৰপিছত দিল্লী । সি পাহৰিছিল অনামিকাক, কাৰণ সিহঁতৰ মাজত প্রেম নাছিল ! যি আছিল, সেয়া ‘আমাৰ কাহিনী ইয়াতেই সমাপ্ত’ বুলি অনামিকাই পাবলোক বিয়াঘৰতে কৈছিল । ...আৰু সেই শেষ হোৱা কাহিনীটোক পুনৰাই জীয়াই তুলিছিল মৃদুলে । পাবলোহঁতৰ ঘৰলৈ গৈ এদিন মৃদুলে তাক কৈছিল সেই বিয়াৰ ছমাহৰ পিছতে অনামিকা মৰিল, গর্ভত থকা সন্তানটো নষ্ট কৰোৱাইছিল... ককায়েকে পেটত গুৰিয়াইছিল ! ...আৰু সেই পাহৰি পেলোৱা কাহিনীটোৱেই এতিয়া ওৰেটো জীৱন পাবলোৰ মনত দৌৰি থাকিব ।

“আন্ধাৰত জিলিকি উঠা জোনাকী পৰুৱাবোৰ তাই হাতৰ মুঠিত ধৰি ভাল পাইছিল । তাই সপোনৰ দৰে । আঙুলিৰ ফাঁকেৰে জিলিকি উঠা জোনাকী পৰুৱাৰ সেউজীয়া পোহৰৰ দৰে । জোনাকী পৰুৱাবোৰ বোলে মানুহৰ আত্মা, অতৃপ্ত আশাৰ, সময়তকৈ আগতে মৃত্যু হোৱা মানুহৰ আত্মা ।

তাই গুচি গৈছিল । সপোন এটাৰ দৰে ।

আমি এৰি অহা ধূলিময় খোজৰ চিনত তাই আমাৰ কাহিনী লিখিছিল । সকলো সুখ আৰু সকলো দুখ সামৰি । দেখাত ভৰিৰ খোজৰ দৰে এটা কাহিনী । পাঁচোটা আঙুলিৰ । পাঁচটা বিভিন্ন দিশেৰে আগবঢ়া এটা সৰল কাহিনী । তাই ইমান সুখী আছিল ।

‘আমাৰ কাহিনী ইয়াতেই শেষ’- খোজৰ চিন থৈ যোৱাৰ আগতে তাই কৈছিল । শুকান সৰাপাত গচকি তাই গুচি গৈছিল ।

আচলতে এয়া পাঁচটা কাহিনীৰ পাতনিহে ।”

...আৰু এনেকৈয়ে পাঁচটা কাহিনীৰ পাতনিত এই কাহিনীটো শেষ হৈছে । কৰুণ, বিষাদসনা ! নহয়নে ? জোনাকী পৰুৱাবোৰ দেখিলে আগতে মনত আনন্দ লাগিছিল । এতিয়া হয়তো কোনোবা পাকত বেজাৰ লাগিব । অনামিকাৰ দৰে আধৰুৱা সপোন একোটাৰ কথা ভাবি । ...পঢ়াৰ আগতে কিতাপখনৰ নামটো যিমান ভাল লাগিছিল, পঢ়ি উঠি তাতোকৈ অলপ বেছি ভাল লাগিল । বিষাদসনা থাকিলেও ভাল লাগিল “এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা” । ...এই যেন এজাক জোনাকী পৰুৱা উৰি ফুৰিছে চৌপাশে... আধৰুৱা কাহিনী একোটাহঁত হৈ !

 

# লেখক আৰুণি কাশ্যপৰ বিষয়ে ইয়াতে চাব পাৰে- https://www.arunikashyap.com/


December 29, 2021

বুঢ়ী আইৰ সাধু

 


বুঢ়ী আইৰ সাধু
লক্ষ্মীনাথ বেজবৰুৱা
সপ্তদশ প্রকাশঃ ২০১৩, বনলতা

 

বুঢ়ী আইৰ সাধুৱেই হওক বা জুহালত বহি ককা-আইতাৰ মুখত শুনা সাধুৱেই হওক, আজিৰ প্রজন্মৰ শিশুসকল যে সেইবোৰ শুনাৰ পৰা বঞ্চিত সেয়া মিছা কথা নহয় । জাৰৰ দিনত জুহালত বহি ভেবা-চেকা লাগি মুখ মেলি আমি শুনিছিলো অনেক সাধু, কেতিয়াবা আইতাৰ মুখেৰে আৰু সৰহকৈ দদৌৰ (দেউতাৰ দেউতা) মুখেৰে; আইতাই যেনিবা কাষতে বহি চাপৰিৰপৰা অনা নতুন আলুগুটিৰ কেইটামান ফুটছাইত পুতি থয় । কাঠখৰিৰ অঙঠাবোৰ ৰঙা হৈ থাকে, পূৰা আলুৰ সোৱাদৰ লগতে জুইৰ উম আৰু সাধুৰ সোৱাদত আমাৰ মুখবোৰ উজ্জ্বল হৈ থাকিছিল । সেইবোৰ তেওঁলোকে নো কাৰপৰা কেনেকৈ শুনিছিল নাজানো । পকা চুলি কাঢ়ি দিয়াৰ নামত আমি সাধু কথাৰ ঘোচ খাইছিলো কোনো জহকালৰ দুপৰীয়াবোৰত- ধান একোটা লৈ আমি পকা চুলি কাঢ়িছিলো আৰু দদৌৱে তামোল চোবাই চোবাই টেটোন তামুলীৰ সাধুত পাগ উঠাইছিল ।

এই কিতাপখনে সেই শৈশৱৰ দিনবোৰ পুনৰাই জীপাল কৰি তুলিলে । কিতাপখনত সর্বমুঠ ত্রিশটা সাধু আছে । প্রায় আটাইখিনি আমি শৈশৱতে সেই আইতা-দদৌৰ মুখতে শুনা । মাত্র তিনিটা হে শুনা মনত নপৰে, সেইকেইটা হ’ল- কাঞ্চনী, জৰদগৱ ৰজাৰ উপাখ্যান আৰু পানেশৈ । ‘লট্ কন’ নামৰ সাধুটো আমি ‘টেটুন তামুলীৰ সাধু’ বুলি শুনিছিলোঁ । আমাৰ সময়ৰ সকলোৰে পৰিচিত সাধুবোৰ- বান্দৰ আৰু শিয়াল, ঔ কুৱৰী, কুকুৰীকণা, তুলা আৰু তেজা, চম্পাৱতী ইত্যাদিবোৰ কিতাপখনত সন্নিৱিষ্ট আছে । কল খাই বাকলি দিয়া বান্দৰটো অথবা মৌ-বিচনী ৰখি থকা শিয়ালটোৰ কথাই আমাৰ দৰে মানুহৰ শৈশৱবোৰ চহকী কৰি ৰাখিছিল । পুনৰ সাধুখিনি পঢ়ি উপলব্ধি কৰিলো যে কোনো কোনো সাধুৰ কোনো অংশ মনৰপৰা দেখোন মচ খাই গ’ল ! ক’ৰবাত কোনোবাখিনিত ৰৈ যেন দুচকু সেমেকি উঠিল । সাধুবোৰ পাহৰিছো, সোঁৱৰাই দিবলৈ আইতাবোৰো নোহোৱা হৈ থাকিল, গাত এড়ী কাপোৰ মেৰিয়াই জুহালত বহি থকা ককাবোৰো দেখোন হেৰাই থাকিল ক’ৰবাত !

যি নহওক, সাধুবোৰৰ কথা নিলিখো, কিন্তু সাধুকথাৰ বিষয়ে গ্রন্থকাৰে পাতনিত লিখা কথাখিনি ইয়াতে তুলি থ’বলৈ মন কৰিছো- কেতিয়াবা নিজেই সোঁৱৰিব পাৰিম নতুবা এইখিনি পঢ়িলে আনেও দুই-এটা কথা জানিব পাৰিব । কথাখিনি গ্রন্থকাৰে ১৯১১ খৃষ্টাব্দ, ১৮৩৩ শকৰ কাতি মাহত লেখিছিল ।

পাতনি- “প্রত্যেক জাতিৰ আৰু প্রত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folk-lore) আছে । ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্রকাশ আৰু আত্মচৰিত, পুৰণি সাধু-কথাবোৰো সেইদৰে জাতীয়-জীৱনৰ পুৰণি কালৰপৰা আত্মপ্রকাশ আৰু আত্ম-জীৱনচৰিত । কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰ চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথা বিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্রেণীৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায় । সেইদৰে মানুহৰ জাতীয়-জীৱনত অলিখিতি পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে ‘ফাইল’লজি’ (Philology) অর্থাৎ ভাষাতত্ত্ব আৰু মাইথ’লজি (Mythology) অর্থাৎ পুৰাণত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অর্থাৎ সাধুকথা তত্ত্বও তেনেকুৱা লাগতিয়াল ।

সুপ্রসিদ্ধ ভাষাতত্ত্ববিদ জার্মান পণ্ডিত বপ্ (Bopp) আদিৰদ্বাৰাই আৱিষ্কৃত এই মত, অর্থাৎ টিউটন (Tuton), কেল্ট (Celt), হিন্দু আদি আর্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এছিয়াৰ একে ঠাইতে থকা পৰিয়ালৰ একেজোপা গছৰে ডাল,- সাধুকথাবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া কৰিলে ।

কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নুবুজি সকলোৱে সেইবোৰ ল’ৰালি আৰু অকামিলা বুলি ভাবি আছিল । কিন্তু প্রথমতে জার্মানীত সাধুকথাৰ প্রকৃত মূল্য নির্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্রণালীত আলোচিত হয় । ১৭৭৮-৭৯ খৃষ্টাব্দত ছপা হোৱা হার্ডাৰৰ (Herder) প্রসিদ্ধ ‘Collection of Popular Songs’ –অত এই চেষ্টাৰ প্রথম উন্মেষ হয় । কিন্তু ১৮১১-ৰপৰা ১৮৩৫ খৃষ্টাব্দৰ ভিতৰত বিখ্যাত পণ্ডিত গ্রীমৰ (Grimm-ৰ দুই ভায়েক) পৰিশ্রমে এই চেষ্টাৰ ফল ধৰায় । জার্মানীৰ গাঁৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা কৰি উলিওৱা হয় । বাস্তৱিকতে ক’বলৈ গ’লে জার্মান পণ্ডিতসকলৰ পৰিশ্রমেহে পোনতে সভ্য জগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যৱান ।

সাধুকথা দুবিধ আছে । এবিধ, মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিতঃ- পঞ্চতন্ত্র, হিতোপদেশ আৰু লা ফাণ্টেনৰ (La Fonteon) সাধুবোৰ । আনবিধ মানুহৰ কল্পনাশক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল’ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল’ৰাৰ মনত । কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্যজাতিৰ পুৰণি ইতিহাসৰ অমৃতৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে ।

গ্রন্থকাৰে কৈছে যে পাঠকসকলে কিতাপত দিয়া সাধুবোৰৰ কোনো কোনোটো ভাৰতবর্ষৰ আন দেশৰ সাধুৰ সৈতেও, ঘাইকৈ বঙ্গদেশৰ সৈতে মিল পাব । সেই গতিকে সেয়া বিদেশী সাধুৰ ছাঁ লৈ ৰচনা কৰা বুলি যদি ভাবে তেন্তে ভুল হ’ব বুলিও তেওঁ উল্লেখ কৰিছে । আমিও কিছুমান সাধু (কিতাপখন পঢ়াৰ আগতে) অ’ত-ত’ত কেতিয়াবা শুনি বা দেখি ভাবিছিলো যে ‘অৰিজিনেল’ সাধুটো কোনটো ? ক’ৰপৰা নো আচলতে ই আহিল ? কোনটো আচল, কোনটো নকল ?

এই সন্দর্ভত কিতাপখনত উল্লেখ কৰা কাৰণকেইটা হ’ল-

১) সাধুবোৰ ইমান পুৰণি যে অতীজৰ আর্যবংশীয় মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয় । কালক্রমত আর্যবিলাক ফাটি য়ুৰোপ আৰু এছিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্র অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে । কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা নাই আৰু ঘটিব নোৱাৰেও । সেইদেখি ইণ্ডো-য়ুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্রচলিত অনেক সাধুৰ বাহিৰেও আকৃতি অনেক বিষয়ত বেলেগ হ’লেও তলৰ ভেটি একে । সেই কাৰণতে পঞ্চতন্ত্র আৰু হিতোপদেশৰ সাধুবোৰ পঢ়োঁতাই লা ফাণ্টেনৰ সাধুবোৰ পঢ়োঁতে আচহুৱা নাপায়; ভাৰতবর্ষৰ ল’ৰা নিচুকুৱা ধাইমাকে ল’ৰা নিচুকুৱাওঁতে যিবোৰ সাধু কয়, প্রায় তেনেকুৱা সাধুকে জার্মান, নৰ’ৱে আৰু ফ্রান্সৰ ধাইমাকৰ মুখত শুনিবলৈ পোৱা যায়, -বিভিন্নতাৰ ভিতৰত মাথোঁ তাৰ সাজপাৰ, বৰণ আৰু মাত-কথা ।  

২) এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ নগৈ নাথাকে আৰু যাওঁতে বাটত মোট সলনি নহৈ নাথাকে । প্রবাসত দীর্ঘকাল বাস কৰা বাবে শেষত সেইবোৰ পৰ-বাসেই আপোন-বাস হয় আৰু গঢ়-পিত লৰি পৰে । কিন্তু এই শ্রেণীৰ সাধুৰ লেখ সৰহ নহ’ব । ওচৰ-চুবুৰীয়া দেশৰ পৰাও সাধুৱে অহা-যোৱা কৰিবলৈ সুচল পায় । সেইদেখিহে আমি অসমীয়া সাধু বঙ্গদেশত ঘাইকৈ পূর্ববঙ্গত অনেক পাওঁ । আৰু পাহৰিব নলগীয়া এটা কথা যে পূর্ববঙ্গ আৰু উত্তৰবঙ্গৰ এডোখৰ পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰত থকা বাবে আমাৰ বহুত কামৰূপীয় অর্থাৎ অসমীয়া সাধু বঙালী হ’ল । এই কথা ভালকৈ মন কৰিলে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে আজিকালি যিবিলাক বঙালী গ্রন্থকাৰে সাধু বা ‘ৰূপ-কথা’ৰ কিতাপ লেখি ছপাইছে, তেওঁলোকৰ ভিতৰত যি কেইজন পূর্ববঙ্গদেশীয়, তেওঁলোকৰ কিতাপত অসমীয়া সাধুকথাৰ জঁকা আৰু ছাঁ সৰহ, পশ্চিমবঙ্গদেশীয় কেইজনৰ কিতাপত সিমান নহয় । উদাহৰণস্বৰূপে- পূর্ববঙ্গদেশীয় গ্রন্থকর্তাৰ ‘টুনটুনিৰ বই’ আৰু পশ্চিমবঙ্গদেশীয় গ্রন্থকর্তাৰ ‘ঠাকুৰমাৰ ঝুলি’ ।

ইয়াৰোপৰি গ্রন্থকাৰে উল্লেখ কৰিছে যে সাধুকথাৰ মিল ঘটে আকস্মিকভাৱেও, কাৰণ- “মানুহ সকলো ঠাইতে মানুহ, আৰু ভাবিবৰ প্রণালীও পৃথিৱীৰ সকলো ঠাইতে অনেক বিষয়ত একে । সেইদেখি আনকি জুলুৰ কি হাণ্টেৰ কোনো কোনো সাধুৰে সৈতেও আর্যজাতিৰ মানুহৰ কোনো কোনো সাধুৰ মিল ওলায় ।”

গ্রন্থকাৰে ইয়াকো উল্লেখ কৰিছে যে “অসমীয়াই সাধুৰ মোল পুৰণি কালৰপৰা বুজে আৰু চিৰকাল সাধুক সমাদৰ কৰি আহিছে যি কথা ‘সাধুকথা’ শব্দটোতেই নিহিত আছে । সাধুকথা মানে সজকথা বা সন্ত-সাধুৰ উপদেশ বাক্য বুলি আদিৰপৰাই অসমীয়াই ভাবি আহিছে আৰু ইয়েই স্পষ্ট কৰে যে এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণিকালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ ল’ৰা-ছোৱালীক সজ উপদেশ আৰু নীতি-শিক্ষা দিছিল, যাৰবাবে ইয়াৰ নাম সাধুকথা দিছিল । এনে উপকথা বা গল্পক কোনো দেশৰ কোনো জাতিয়ে ‘সাধুকথা’ এই ওখ নাম দিয়া নাই । য়ুৰোপীয় Folktales বঙালীয়ে ইয়াক ‘ৰূপ-কথা’, ‘আষাঢ়ে গল্প’ বোলে, অসমীয়াৰ দৰে সাধুকথা নোবোলে । ভাষা আৰু Folktales জাতিৰ হাড়-মগজু । ভাষাক অসমীয়াই বোলে মাতৃ আৰু Folktalesক সাধুকথা; তথাপি অসমীয়া আৰু বঙলাভাষা হেনো একে ।”

এইটো একেবাৰে সঁচা কথা যে সাধুবোৰ কোৱাৰ শেষত সাধুটোৰপৰা কি কথাটো নো শিকা গ’ল সেয়া আইতা-দদৌহঁতে বুজাই দিছিল । জুহালখন নোহোৱা হ’ল, আইতা-ককাৰ সৈতে নাতি-পুতিৰো আগৰ দৰে আঠা নোহোৱা হ’ল । সাধু শুনি টোপনি যাবলৈ আজিৰ শিশুৰো আহৰি নোহোৱা হ’ল ! সময়ে এতিয়া প্রযুক্তিৰ জোৰত বহু কথাই সলনি কৰি পেলালে ।

মই ভাবোঁ- এনে সাধুবোৰ শিশুক শুনাব লাগে, শুনাবলৈ হ’লে পিতৃ-মাতৃসকলেও জানিব লাগিল, সাধু শুনি শৈশৱ পাৰ নকৰা পিতৃ-মাতৃয়ে সাধু শুনাবলৈ হ’লে এনে কিতাপৰ যোগাৰ কৰিবও লাগিল ! আজিৰ ব্যস্ত সময়ত হয়তো সম্ভৱ নহ’ব এনে কথাবোৰ । তথাপিও… …

“বুঢ়ী আইৰ সাধু” পঢ়িবলৈ মন কৰা সকলে এই লিংকটোত গৈ সাধুবোৰ পঢ়িব পাৰিব-  

https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%81%E0%A6%A2%E0%A6%BC%E0%A7%80_%E0%A6%86%E0%A6%87%E0%A7%B0_%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81 
“অসমীয়া ৱিকিপিডিয়াৰ” এই প্রচেষ্টা সঁচাকৈ শলাগিবলগীয়া ।

ইউ-টিউবত বিচাৰিলে পোৱা যায় অনেক সাধু, অসমীয়া ভাষাতো । কিন্তু অসমীয়া শব্দকেইটাতে বাৰেপাচি ভুল থাকে, শুনিবলৈ একেবাৰে শুৱলা নহয়, তাৰপৰা শিকিলেও শিশু এটিয়ে ভুল কথা কিছুমান শিকাৰ সম্ভাৱনা হে দেখা পাওঁ । সেয়া চাগৈ চেনেলৰ ‘ভিউচ্’ বঢ়াই কিবা অকন লাভালাভৰ অংক কৰাৰ মানসেৰে কৰা কাম । কোনো আগ্রহী ব্যক্তিয়ে অলপমান আটোমটোকাৰিকৈ ‘সাধুকথা’বোৰ ইউ-টিউবতে হ’লেও দিব পাৰিলে সজ কাম এটা হ’লহেঁতেন । স্কুলীয়া ল’ৰা-ছোৱালীয়ে ইংৰাজী ভাষাৰ ‘ৰাস্কিন বণ্ড’ৰ কিতাপ ‘ৰেপিড্-ৰীডাৰ’ হিচাপে পঢ়াৰ দৰে আমাৰ ‘বুঢ়ী আইৰ সাধু’ বা অন্য সাধুকথাৰ কথা কিয় পঢ়িব নোৱাৰে ?


(সাধুবোৰ পঢ়ি আমি কেইটামান নতুন শব্দ জানিব পাৰিলোঁ । সেইকেইটা হ’ল-

নিৰামহীয়াঃ নিৰামিষ

উৰুক-মৰুকঃ উখল-মাখল

পাউৰীঃ মাছ ধৰা কিবা সজুলি (আমি নিচিনো)

কুলাধমঃ অতি অধম

ডহডহীয়াঃ জনাজাত

বেচৰ/বেচতঃ এটা বস্তুৰ সলনি আন এটা বস্তু লোৱা

টিকৌ টিপৌঃ নিচেই সৰু

ফাইদাং মৰাঃ পলাই যোৱা/ বেগাই দৌৰি যোৱা

গজলীয়াঃ চফল

হেচটেপঃ হাৰ মনা/ হস্তক্ষেপ

মেমেধুঃ ধনীয়াপাত (এই শব্দ আমি সৰুকালত শুনিছিলো । ‘মানধনীয়া’ক আমি মেমেধু বুলিছিলোঁ ।

অৱশ্যে শব্দকেইটাৰ অর্থ আমি বুজাৰ ধৰণেহে লিখি থৈছো । অর্থ সেয়া নহ’বও পাৰে । সাধুবোৰ পঢ়িলে সেয়া বুজি পাব নতুবা জনাসকলে সেয়া শুধৰাই দিব/ল’ব । কিছুমান শব্দ হয়তো অসমৰ ঠাই বিশেষেও প্রচলিত হ'ব পাৰে ।)

 

 


December 14, 2021

গল্পবোৰ

 


গল্পবোৰ
লেখকঃ প্রশান্ত কুমাৰ দাস
প্রথম প্রকাশঃ নৱেম্বৰ, ২০১৪
আঁক-বাক

 

গল্প মানেনো কি ভালকৈ বুজি পোৱাৰ আগৰেপৰা ভালেমান গল্প পঢ়িছো এতিয়ালৈকে । এটা কথা ভাবি থাকো যে- ইমান গল্প আছে, গল্পকাৰ আছে, অথচ গল্পবোৰ একে নহয় ! কেতিয়াবা বিষয়বস্তু একে হ’লেও উপস্থাপন একেবাৰেই ভিন্ন, গতিকে দুয়োটা গল্পক একে বুলিবও নোৱাৰি । আচলতে পৃথিৱীৰ প্রতিজন মানুহেই একো একোটা গল্প, আকৌ সেই একোটা গল্পৰ সৈতে সাঙুৰ খাই থাকে অনেক গল্প । ঠিক যেন একোজন মানুহ একোজোপা গছ, সেই এজোপা গছৰেই কত ঠাল-ঠেঙুলি; পাত এখিলা সৰিল- সিও এটা গল্প হ’ল; ফুল ফুলিল, ফলৰপৰা অনেক পুলি হ’ল, পুলিৰপৰা নতুন নতুন গছ হ’ল, সেইবোৰ গছৰপৰা আৰু গছ হ’ল… আৰু এনেকৈয়ে গল্পৰ অৰণ্য একোখন সৃষ্টি হৈ হৈ গৈ থাকে; নেদেখা শিপাৰ অকথিত গল্পবোৰতো বাৰু থাকিলেই ! গল্পকাৰে সেই গল্পবোৰ মনৰ চকুৰে অনুভৱ কৰে, আমাৰ চিন্তাৰ পৰিধিৰ বাহিৰত তেওঁলোকে চৰিত্রবোৰক দেখে, যাৰবাবে আটোমটোকাৰিকৈ চৰিত্রবোৰক আমাৰ দৰে পঢ়ুৱৈৰ বাবে আগবঢ়াই দিব পাৰে ।

বাৰু যি হওক, “গল্পবোৰ” প্রশান্ত কুমাৰ দাসৰ ১৩ টা গল্পৰ এখনি সংকলন । সংকলনৰ প্রথমটো গল্প “বগ আৰু বকুল” । বগ নামৰ শান্ত-শিষ্ট বগলী এটা এখন ডাঠ হাবিত তাৰ পোৱালি দুটাৰ সৈতে বাস কৰিছিল । এদিন পোৱালিকেইটালৈ মাছ আনিবলৈ বুলি যোৱা মাকজনী কোনোদিন আৰু উভতি নাহিল । সেই তেতিয়াৰপৰা সি ৰং-ৰহইচ নকৰা হ’ল । এদিন পোৱালিকেইটাই কেক্ খোৱাৰ জিদ ধৰিলত বগে উপায়হীন হৈ চহৰলৈ ধাপলি মেলে । সেই চহৰতে বকুল নামৰ এটি ল’ৰা থাকে মাক-ভায়েকৰ সৈতে, বাপেক মদ-ভাং খাই পৰি থাকে । মাকে কাম কৰে নন্দ বুঢ়াৰ ঘৰত, কিন্তু মাকৰ অসুখ বাবে কামলৈ যাব পৰা নাই । মাকৰ চিকিৎসা কৰাবলৈকে বকুলে নন্দ বুঢ়াৰপৰা সেই মাহৰ টকাকেইটা খুজিছেগৈ, পিছে বুঢ়াই নিদিয়ে । বকুলৰ চকুপানী দেখি বুঢ়াই চর্ত দিলে যে সি যদি জীয়া বগলী এটা আনি দিয়ে তেন্তে মাকৰ কামটোও থাকিব আৰু মাহটোৰ দৰমহাও দিব । বগলী বিচাৰি বকুল ওলাই গৈছে । গুলটিপাত লৈ বকুল বগলী বিচাৰি ৰৈ থকাৰ পৰতে বগে পোৱালিকেইটাৰ বাবে কেক্ বিচাৰি প্রথমবাৰৰ বাবে নদী পাৰ হৈ আহি চহৰৰ গছ এজোপাত পৰিছেহি । বকুলে লক্ষ্যস্থিৰ কৰি গুলটি মাৰিছে বগলৈ, কাউৰীবোৰে হুলস্থূল কৰি উৰি গৈছে, বগেও চহৰৰ আও-ভাও নাপাই ভয়তে উৰা মাৰোঁতে লাইটৰ তাঁৰত লাগি অচেতন হৈ পৰিছে । বকুলে আনন্দমনেৰে বগক লৈ ঘৰলৈ যাব সাজু হৈছে কাৰণ বগলীটো নন্দ বুঢ়াক দিলেই মাকৰ চাকৰিটো বাচে আৰু দৰমহাটোও ওভোটাই পায় । কিন্তু বকুলে বগলীটো ঘৰলৈ নিব নোৱাৰিলে । নদীপাৰৰ চিৰিতে বঢ়ি থকা মানুহ এজনে ধমকি দিয়াত সি জীয়াই থকা বগলীটো উৰুৱাই দিলে । কিন্তু বগৰ গাত উৰিবলৈ শক্তি নাছিল, মাটিত সৰি পৰিলত তাক শেন এটাই আহি থপিয়াই লৈ গ’ল... লগতে লৈ গ’ল বকুলৰ কোমল সপোন এটাও ! গল্পটো পঢ়ি ভাবি থাকিলো কাৰ দুখখিনি অলপ হ’লেও বেছি ? বগ নামৰ বগলীটোৰ নে বকুলৰ ?

দ্বিতীয়টো গল্প “ভাল নোপোৱা?”- ভালপোৱাৰ গল্প এটা এনেকুৱাও হ’ব পাৰে, অনুভৱ কৰিছিলো । কোনোবা সময়ত হয়তো মন গৈছিল শব্দেৰে সজাবলৈ, যিটো কেতিয়াও হৈ উঠা নাছিল, সম্ভৱো নাছিল । মনৰ মাজতে ঘূৰি থকা গল্প এটা পাহৰণি হ’বলৈ লওঁতেই এনেকৈ পঢ়িবলৈ পালে কাৰ নো আনন্দ নালাগিব ! গল্পৰ নায়কে নিজে কৈছে নিজৰ গল্পটো । নায়কৰ নাম এটা দি লৈছো- ‘সি’ । সি উপাসনাক ভালপোৱা নাছিল, উপাসনায়ো তাক ভাল পোৱা না্ছিল, দুয়ো মাত্র ভাও লৈ প্রেমৰ খেল এখন খেলিছিল । ‘সি’ৰ ভাষাত- “ভালপোৱাৰ এই অভিনয় আমাৰ দুয়োৰে বাবে আছিল খেলৰ দৰে । এক অদ্ভুত ৰোমাঞ্চকৰ খেল । কোনো হৰা-জিকাৰ কথা নাছিল ইয়াত । প্রয়োজন নাছিল ঠগ-প্রবঞ্চনাৰ আশ্রয় লোৱাৰো । আমি মনে মনে, ইজনে সিজনক নজনোৱাকৈ ঠিক কৰি লৈছিলোঁ যে আমাৰ সম্পর্কটো হ’ব প্রেমৰ দৰে ভাল লগা- কিন্তু প্রেম নহয় । মই তাইক চুমা খাব পাৰিম, কিন্তু ভাল পাওঁ বুলি নক’ম । তাই মোক সকলো দিব; কিন্তু বিনিময়ত মোৰ পৰা কোনো প্রতিশ্রুতি বিচাৰিবলৈ ইচ্ছা নকৰিব ।” সি ইয়াকো কৈছে যে উপাসনা সেইবুলি মামুলি ছোৱালী নহয়, তাইৰ পৰিয়াল অভিজাত লগতে সংস্কৃতিৱানো । ইতিহাসত ফার্ষ্ট ক্লাচ লৈ তাই এম এ পঢ়ি আছে, হাজাৰজনী ধুনীয়া ছোৱালীৰ মাজতো অনন্য উজ্বলতাৰে তাই উজ্বলি থাকে । ...আৰু এদিন উপাসনাই তাইৰ বিয়াত যাবলৈ কৈ ‘সি’ৰপৰা বিদায় লৈছিল । ‘সি’ৰ মতে- “কোনো নির্দিষ্ট এটা ঘটনা অথবা কোনো এগৰাকী ব্যক্তিক কেন্দ্র কৰি মানুহে ওৰেটোকাল আৱর্তিত হৈ থকাটো জীৱনৰ নিয়ম নহয় । লাগিলে সেই ব্যক্তি বা ঘটনা আমাৰ যিমানেই প্রিয় আৰু উপভোগ্য নহওক কিয় !” হয় চাগৈ ! নিজৰ নিজৰ বৃত্তত ঘূৰি থাকোঁতে এসময়ৰ প্রিয় ব্যক্তি/ঘটনা সকলোবোৰ পাহৰণিৰ গর্ভত লীন যায় ! সময়ে আহৰি নিদিয়ে চাগৈ এপলক সোঁৱৰিবলৈকো ! হয় জানো ? সকলোৰে ক্ষেত্রত ? তেনেকৈ ভাবিবলৈ দেখোন মনে নকয় ! অৱশ্যে মানুহে প্রতি মনটো ! ...আৰু এদিন কোনো যোগাযোগ নথকা দহটা বছৰৰ পিছত সি উপাসনাক অপ্রত্যাশিতভাৱে অসমলৈ যাবলৈ ৰৈ থাকোঁতে কোনো বিমানৰ লাউঞ্জত লগ পাইছে- তাইৰ ছয়-সাত বছৰীয়া ল’ৰা, শাহু আৰু স্বামীৰ সৈতে । সি তাইক “সুখীনে তুমি” বুলি সুধি মনতে আশা কৰিছে তাই দুখী বুলি কওক ! কিন্তু তাইৰ “সুখী” উত্তৰত সি যেন আহত হৈছে । সি কনজাৰভেটিভ বুলি ভাবি থকা তাই যেতিয়া ব্রাক্ষ্মণ নোহোৱা বাবেহে বর্তমানৰ স্বামীজনৰ সৈতে বিয়া হোৱা বুলি কৈছে, সি অসহজ অনুভৱ কৰিছে । উপাসনাই যেতিয়া শেষবাৰ তাৰপৰা বিদায় লওঁতে “তাই কিয় কান্দিছিল” তাৰ উত্তৰটো দিব খুজিছে তেতিয়া সি তাইক মানা কৰি কৈছে যে তাৰ কাৰণটো বিচাৰি সি গোটেই জীৱনটো পাত কৰিব বিচাৰে ! ...গল্পৰ নায়ক তেতিয়াও অবিবাহিত !

...আৰু পাহৰণি হোৱা সুৰ একোটাই এদিন হঠাতে এনেকৈ ধৰা দিয়ে অপ্রত্যাশিতভাৱে ! নহয়নে ? হয়তো তেতিয়াই অনুভৱ হয় নোকোৱা কথাবোৰ খুলি কৈ দিলে নো কি ক্ষতি হ’লহেঁতেন ! নোকোৱাকৈ কিবা এটা হেৰুৱাতকৈ খুলি কৈ দি মনৰ খু-দুৱনি মাৰি হেৰুৱালেও জীৱনলৈ আক্ষেপ নাথাকিলেহেঁতেন ! কিন্তু মানুহৰ মনো যে কি অজীৱ ! আমি কেতিয়াবা আশা কৰো নোকোৱা কথাবোৰো আমাৰ সমুখৰ জনে বু্জক আৰু সমুখৰজনে ভাৱে নোকোৱাকৈ বুজি ল’লে কিজানি ক’ৰবাত ভুলেই হয় ! ...কিজানি অসম্পূর্ণ ভালপোৱাৰ কথাবোৰ এইবাবেই ধুনীয়া !

তৃতীয়টো গল্প “ভালপোৱা?”... পেনপেনীয়া নোহোৱা প্রেমৰ গল্পবোৰ বিষাদসনা হ’লেও ভাল লগা হৈ উঠে । (অৱশ্যে পেনপেনীয়াৰ অর্থটো সকলোৰে বাবে একে নহয় ।) “ভালপোৱা”ৰ গল্প সি আৰু তাইক লৈ, য’ত ভালপোৱাৰ বাহানাটো হ’ল- “তাই পলায় আৰু সি তাইক অনুসৰণ কৰে ।” সি ককাকৰ সৈতে বনৰীয়া দৰৱ বিচাৰি হাবিলৈ আহে আৰু তাই আহে শামুক বুটলিবলৈ মাকৰ সৈতে । এয়া বহুদিনৰ আগৰ কথা । বহু বছৰৰ পিছত এদিন পুনৰ দুয়োটাই বাহানাটোক লগ পাই গৈছে ! দৌৰি দৌৰি শেষত দুয়োটা ভাগৰি ৰৈ গৈছে । তাই ভালপোৱা কেনেকুৱা বুলি সোধাত সি কৈছে- ভালপোৱা এনেকুৱা, ভাগৰ পলুওৱাৰ নিচিনা... ষ্ট্র’বেৰীবোৰৰ দৰে, জিভাত থ’লে পমি যায় । সি তাইক পুনৰ লগ পালে পলাবনে নাই সুধোতে কৈছে যে সি ধৰিব নোৱাৰালৈকে তো তাই পলাবই লাগিব । সি সোধে পলুৱা আৰু ধৰা পৰাৰ পার্থক্য আছে জানো ? তাই কয়- নাই । সি তাইক সুধে- “মোক ভাল নোপোৱা ?” তাই বিদায় লৈ পুনৰ দৌৰাৰ আগতে মেপল পাত এখিলাত লেখি দিয়ে তাইৰ উত্তৰটো... আৰু তাই তাৰপৰা বিদায় লয় । সি পাতখিলা নিথৰ নদীৰ বুকুলৈ এৰি দিয়ে যিখিলাত তাই আচলতে একোৱেই লিখা নাছিল । ...সি সেই সৰুতে ভাবিছিল যেতিয়া সিহঁত ডাঙৰ হ’ব, তাক ককাকে সাজি দিয়া দোতাৰাটো ছেৰজাৰ সুৰটোৰ সৈতে তাইক বজাই শুনাব । ডাঙৰ হৈয়ো সি ভাবিছিল কোনোবা এদিন নির্জন দুপৰীয়া যেতিয়া তাইক পুনৰ লগ পাব, নিঃসংগতা আৰু তীব্র কৰি তুলিবলৈ সি অবিৰাম বজাব ককাকে সাজি দিয়া দোতাৰাটো । কোনোবা নির্জন দুপৰীয়া বা বিদ্যুত-উজ্জ্বল ৰাতি আত্মমগ্ন হৈ ফুটপাথেৰে খোজ কাঢ়োঁতেও সি ভাবিছিল এই জগতৰ ক’ৰবাত যেন বাজি আছে ছেৰজাৰ অক্লান্ত সুৰ । ...আৰু সি ভাবি থকাৰ দৰেই তাৰ বুকুৰ শূন্যতাক ভৰাই বাজি থাকিল ছেৰজাৰ সেই বিষণ্ণ সুৰ, যি সুৰ গল্পৰ শেষত পঢ়ুৱৈয়েও শুনিবলৈ পাব ।

(“ছেৰজা”- ইয়াৰ বিষয়ে নাজানিছিলো । ‘গুগল’ কৰি গম পালো ই বড়ো জনগোষ্ঠীৰ এবিধ লোকবাদ্য । https://www.youtube.com/watch?v=lQtzlsECWOs)

চতুর্থটো গল্পৰ নাম “গল্প” । ইয়াতো যদি পঢ়ুৱৈয়ে পূর্বৰ গল্পকেইটাৰ দৰে ভালপোৱাৰ থুনুকা-আলফুলীয়া অনুভৱ পাব বুলি আশা কৰে তেন্তে সেয়া ভুল হ’ব । হলিউডৰ থ্রীলাৰ মুভী যিসকলে চাইছে, তেওঁলোকে বেচ্ আমোদ পাব ‘গল্প’ পঢ়ি । মই পিছে ভয়তে অলপ সময় মুখ মেলি অবাক হৈ থাকিলোঁ ! গাটো চেঁচা পৰি যোৱা হেন পাই দুয়োহাতেৰে বিপৰীত হাতৰ বাহুকেইটা ভালেপৰ মোহাৰি থাকিলো গৰম হওক বুলি । গল্পৰ গল্পটো কৈ দিয়াৰ পৰা বিৰত ৰাখিছো নিজক, ৰহস্য ইয়াতে উদঙাই দিলে পঢ়ুৱৈয়ে কেতিয়াবা গল্পটো পঢ়িলে আচল ৰসকণ নাপায়েই কিজানি ! অৱশ্যে এটা কথা কৈ থ’ব পাৰো যে- গল্পটোৰ পাক ওলোটা আৰু মানুহক বিশ্বাস কৰিব নোৱাৰি, সিহঁত মহা চয়তান ।

পঞ্চমটো গল্প “ডালশলিয়া, আমাৰ আশা আৰু আশংকা, এখন ব্যক্তিগত ৰচনা” । ইয়াক গল্প বুলি নপঢ়ি লেখকে নাম দিয়াৰ দৰেই ‘এখন ব্যক্তিগত ৰচনা’ হিচাপে পঢ়ি বেছি ভাল লাগিল । ডালশলিয়াৰ দৰে মানুহৰ স্বভাৱক লেখকে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে, যিটো মই কেতিয়াও ভাবিয়েই চোৱা নাছিলো- “ডালশলিয়া মানুহৰ দৰেই সমাজ আৰু সংসাৰপ্রিয় । মাটিৰ তলত গাঁত খান্দি খলপা-খলপে আটোমটোকাৰিকৈ সজা ঘৰবোৰ দেখিলেই বুজা যায় সিহঁত যিদৰে সম্পত্তিৰ প্রতি লুভীয়া আৰু জেদী, তেনেদৰে জীৱনৰ প্রতি আতুৰ এক জীৱও । ঠিক মানুহৰ দৰে । সিহঁত ইমানেই আতুৰ যে সিহঁতে বিচাৰে আত্মচেতনাৰ মাজত নিজৰ অস্তিত্ব আৰু অধিক তীব্রভাৱে অনুভৱ কৰিবলৈ । সেয়ে সিহঁতে এফালৰ পৰা সকলো কুটি যাবলৈ বিচাৰে । কিয়নো কুটাৰ মাজতেই আছে সিহঁতৰ অস্তিত্বৰ উপলব্ধি । সত্য এয়াই যে ডালশলিয়াই কুটিবলৈ ভাল পায় । আৰু ইমানেই ভাল পায় যে কুটাৰ মাজতে সিহঁতৰ জীৱন হৈ পৰে সমর্পিত । ...কুটি কুটি যেতিয়া আমাৰ অস্তিত্বৰ সীমনাত আহি উপস্থিত হয়, তেতিয়াই কুটিবলৈ আৰম্ভ কৰে আমাৰ চেতনাকো ।” উগাণ্ডাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ গণেশগুৰি, হিউমেন ক্লিনছিঙৰ পৰা আৰম্ভ কৰি মিকি মাউছলৈকে, অখিল গগৈৰ পৰা ছাঈফ আলী খানলৈকে ডালশলিয়াৰ নো কি যোগসূত্র ? এনে অনেক তথ্যৰে পূর্ণ লেখাটো পঢ়ি হয়তো পঢ়ুৱৈ অলপ বিব্রত হ’বও পাৰে, মোৰ দৰে, বুজি পোৱাত খেলিমেলি হ’ব পাৰে । সেই ভাবিয়েই কিজানি লেখকে সামৰণিত উপসংহাৰ/মূলভাৱ হিচাপে উল্লেখ কৰিয়েই দিছে- “আমি যদি সূর্যগ্রহণৰ সময়ত X-Ray পেপাৰেৰে ইজনে সিজনক চাওঁ- দেখিবলৈ পাম কিদৰে আমাক ধাৰণ কৰিছে একো একোটা প্রকাণ্ড ডালশলিয়াই । আৰু আমিও ধাৰণ কৰি আছো সেই ডালশলিয়াবোৰকে । আৰু শূন্যতাৰ ফালে আশা আৰু আশংকাৰে প্রসাৰিত এণ্টেনাত বহি কিবা এটা কুটিবলৈ অধৈর্য্য হে পৰিছোঁ । কিয়নো কিবা কুটাইতো আমাৰ জীৱন । ডালশলিয়াৰ দৰে ।” আসঃ ! নিজক আইনাত চাই যেন নিজলৈকে পুতৌ জন্মিছে । কি অসহায় ! এই যেন অস্তিত্বৰ সীমাত আহি পাইছোহি য’ৰপৰা নিজৰ চেতনাকো কুটিবলৈ আৰম্ভ কৰিম !

লেখাটোৰ তথ্যসূত্রত উল্লেখ কৰা প্রখ্যাত সাঁথৰবিদ বোৰিছ কোডেমস্কিৰ সাঁথৰটো লিখি থোৱাৰ লোভ সামৰিব নোৱাৰিলো- “কাকাতুৱা বোলা দ্বীপ এটাৰ পৰা অহা এজন মানুহে কৈছে- কাকাতুৱা দ্বীপৰ সকলো মানুহেই মিছলীয়া । এতিয়া প্রশ্ন হ’ল, কাকাতুৱা দ্বীপৰ এই মানুহজনৰ কথাষাৰ সঁচা নে মিছা ?”

আন এটা গল্প “হেৰাই যোৱা”, য’ত এহাল দম্পত্তি ৰাজু আৰু নীতাই বিবাহ-বিচ্ছেদৰ বাবে আবেদন কৰি বিচাৰালায়লৈ গৈ এজনে আনজনক হেৰুৱাই পেলাইছে মানুহৰ ভিৰত, যিদৰে এদিন ৰাজুৱে নীতাক হেৰুৱাইছিল কোনো এখন চহৰৰ গ’লিবোৰৰ মাজত । সেই অচিনাকী চহৰত নীতাক হেৰুৱাৰ পৰা পুনৰ বিচাৰি পাইছিল, অচিনাকী কেইজনমান যুৱকৰ সমুখত তাইক বিয়া কৰোৱাৰ জবান দিয়াৰ পিছত । সেই ৰাজুৱেই পুনৰবাৰ হেৰুৱা নীতাক বিচাৰি নিজেও হেৰাইছে ভিৰৰ মাজত । গল্পটোত উল্লেখিত বাঁহী বাদকজনে ৰাজুক দিয়া দুটা প্রশ্নৰ উত্তৰৰ কথা কেইটা হে ৰৈ ৰৈ মোৰ মনত বাজি থাকিল; এটা- “যিয়ে সুৰীয়াকৈ বাঁহী বজায়, তেওঁ আনক মূর্খ সজায় । আৰু যিয়ে বেসুৰীয়াকৈ বজায়, তেওঁ মূর্খ সজায় নিজকে ।” আৰু আনটো- বাঁহীবাদজনে বিচাৰালায়খনত বাঁহী বজায় “দুখী মানুহক সুখী কৰিবলৈ আৰু সুখী মানুহক দুখী ।”

ইয়াৰ পিছৰটো, অর্থাৎ সপ্তমটো গল্প হ’ল “ঈশ্বৰ আৰু মন্ত্রী” । এজন মন্ত্রী, জীৱনকাল চমু চাপি আহিছে বুলি জানিবৰে পৰা কৰি অহা কর্মৰ গ্লানিয়ে বিছাৰ দৰে গালৈ বগোৱা যেন অনুভৱ কৰিছে । নিজৰ পাপৰ হিচাপ লৈ আত্মগ্লানিত ভুগিছে । এই পৃথিৱী এৰি যোৱাৰ সময় সমাগত বুলি জানি, জীৱনলৈ মোহ জাগিছে বেছি, যাৰবাবে প্রাচুর্যৰ সমস্তখিনি সমাজৰ দুখী মানুহৰ মাজত বিলাই দিবৰ বাবেও থিৰাং কৰিছে, ঈশ্বৰৰ দয়া ভিক্ষা কৰি কৈছে লাগিলে দুখী মানুহৰ মাজৰ এজন হৈয়ে জীয়াই থাকিব জীৱনৰ বাকীকেইটা দিন । আৰু মৃত্যুমুখী শৰীৰৰ মূল্য নাই বুলি হুইস্কিৰ পেগ এটা খাব লওঁতেই ডাঃ খান্নাই জনাইছে আগৰ ৰিপ’র্টটো ভুল আছিল, মন্ত্রীৰ ৰিপ’র্ট আচলতে নিগেটিভ্ ! ...আৰু কিছু ক্ষণ আগতে নিজৰ পাপৰ পাহাৰ দেখি আত্মগ্লানিত নাকচ কৰা নেশ্যনেল কনষ্ট্রাকশ্যনৰ টুৱেণ্টি পার্চেণ্টৰ প্রপোজেলটো পাক্কা কৰিবলৈ ফোন লগাইছে । আসঃ ...এই লোভৰ গম্বুজ... যেন ওখ হৈ হৈ গৈ থাকে লালসাৰ পাহাৰ... আজিৰ সময়ৰ এখন জীয়া ছৱি !

সংকলনখনৰ আনকেইটা গল্প ক্রমে- ষ্ট’ৰিজ এবাউট দ্য গ্রেট টিপিকে, অসুখ, জোনাকত, কাগজৰ পখিলা, পোহন আৰু মহাপৃথিৱীত অকলে ।

“মহাপৃথিৱীত অকলে” গল্পটো পঢ়ি অনুভৱ কৰিব পাৰি কিদৰে গোটেই জীৱন সুখী-আৰামদায়ক-ভোগবিলাসী জীৱন এটা বিচাৰি আর্জি থাকোঁতে মানুহে জীৱনৰ সৰু সৰু সুখবোৰ উপভোগ কৰিবলৈকে নাপায়, সঁচা অর্থত যিবোৰে আচলতেই জীৱনক অর্থ দিয়ে । এৰি অহা, আওকাণ কৰা আমাৰ কাষৰ-পাজৰ মানুহবোৰৰ অবিহনে কেৱল সুখ-সম্পত্তিৰ ওখ অট্টালিকাত থাকি মানুহে যেতিয়া অনুভৱ কৰে যে এই পৃথিৱীত তেওঁলোক কিমান অকলশৰীয়া, সেই উপলব্ধিৰ সময়কণ কিমান যে কৰুণ !

“জোনাকত” গল্পটোৰ নায়কৰ কথা কিছুমান খুব ভাল লাগিল । নায়কে ‘মেডাম’ক লৈ গৈ আছে কোনো এক নির্দিষ্ট স্থানলৈ । কিন্তু সেই স্থান গৈ পোৱাৰ পিছত কি হ’ব ? জোনাকত হেৰাই যাব খোজা ‘মেডাম’ৰ আশা পূর্ণ হ’লনে ? মেডামে নো কিয় সেই অচিনাকী ডেকাজনৰ সৈতে বাট বুলিব লগা হৈছিল ? গল্পটো খুব আশাবাদী । কিন্তু শেষত ওলমি থকা ‘কিন্তু’ টোৱে মনটো সেমেকাই তুলে । গল্পটোৰ ভাললগা কথাকেইটামান-

“মেডামঃ যদি দিশ ভুল হৈ যায় ?

ডেকাঃ দিশ কেতিয়াও ভুল নহয়, মেডাম । দিশ দিশেই । দিশ ভুল হ’লেও গৈ গৈ অৱশেষত আমি সেই ঠায়েই পাম, য’লৈ আমাৰ যাব লগা থাকে ।/ মানুহে যিটো জীৱন পায়, তাক কটাবলৈ দ্বিধা আৰু সংকোচ কৰাৰ কোনো যুক্তি নাই মেডাম ।/ সপোনবোৰৰ ভিতৰতে আৰু নতুন নতুন সপোন থাকে । মেডাম, সকলো সপোন একেই__ সেই একেটাই ।/ মই ক’তো একো এৰি থৈ অহা নাই । মই সকলো মোৰ মাজতে কঢ়িয়াই লৈ ফুৰিছোঁ । সকলোৰে মাজতে মই আছোঁ । মই তাতেই আছোঁ- য’ত মই আছিলোঁ ।”

এৰা, যিখিনি আমি নিজৰ লগতেই, নিজৰ মাজতেই অহৰহ কঢ়িয়াই লৈ ফুৰো, তাৰ অভাৱ জানো অনুভৱ কৰা যায় ! ওঁহো, নাযায় !

খুব ভাল লাগিল দুয়োজনৰে কথোপকথনখিনি, যি খুব ধুনীয়া । গল্পৰ নায়ক বেচ্ আশাবাদী । গোটেই বাটচোৱা মেডামকো তেওঁ নিৰাশ হ’বলৈ দিয়া নাই ।

গল্পকাৰৰ আটাইকেইটা গল্পই ভিন্নসুৰীয়া, ভিন্নস্বাদৰ । দুই-এটা বুজি পাবলৈ মোৰ বাকী থাকিল । পুনৰাই পঢ়িব লাগিব । সংকলনখনৰ শেষৰ বেটুপাতত উল্লেখ থকাৰ দৰে- “এইখন গল্পৰ জগতত চৰিত্রবোৰৰ চাল-চলন, কথা-বতৰা, ভাবনা, বাসনা সকলো বেলেগ । এই গল্পবোৰৰ কোনো পৰিসীমা নাই, বহলকৈ বহিবলৈ ভাল পায় ।” গল্পকাৰৰ চমৎকাৰিতা তাতেই । সেই চমৎকাৰিতাৰ বাবেই আটাইবোৰ গল্প নতুন যেন লাগিল যদিওবা কিছু জটিলো । গল্প পঢ়াৰ আনন্দও তাতেই । 

December 9, 2021

ঐ ৰাধা

 


ৰাধা
লেখকঃ অশোক কুমাৰ নাথ
প্রথম সংস্কৰণঃ অক্টোবৰ, ২০১৪
আলিবাট

 

কোনোবা এখন কিতাপ মানুহে কেতিয়া পঢ়ে ? আমি কেনেকুৱা কিতাপ পঢ়িব লাগে ? সকলোৰে বাবে হয়তো প্রশ্নকেইটাৰ উত্তৰ ভিন ভিন হ, যিহেতু সকলোৰে ৰুচি ভিন ভিন প্রথম বাহিৰা কিতাপ বুলিলে আমি পঢ়িছিলোঁটিংকল তাৰ পিছে পিছে আহিল মৌচাক, নতুন আৱিষ্কাৰ, অকণিৰ অগ্রদূত ইত্যাদি যিবোৰ মোক যোগান ধৰিছিল দেউতাই তাৰ পিছত স্কুলৰ বিভিন্ন প্রতিযোগিতাত প্রাইজ হিচাপে লাভ কৰা কিতাপবোৰ আছিল মই পঢ়া বাহিৰা কিতাপ যাৰ ভিতৰত বিশেষ এখন হল আর্নেষ্ট হেমিংৱে “To whom the bell rings”ৰ অসমীয়া অনুবাদদেৱ দুন্দুভি বাজে কাৰ বাবে স্কুলৰ পঢ়া শেষ হোৱাত জীৱ-পদার্থ-ৰসায়ন মিলি মগজু কাবু কৰি ৰাখিল ৫ টা বছৰ, বিজ্ঞানৰ নামত তেতিয়া কেইজনমান গল্পকাৰৰ গল্পৰ মোহতবিস্ময়আলোচনীখন পঢ়া হৈছিল মাজে মাজে ভার্ছিটিৰ হোষ্টেলৰ লাইব্রেৰীটোৱে প্রথম কিতাপৰ মোহটো অলপ বেছি হোৱাত উদগণি দিলে সেয়াই আৰম্ভণি পকেট খৰচৰপৰা দুই-এটকা ৰাহি হলে কেতিয়াবা কিতাপ একোখন ক্রয় কৰিব পৰা হলোঁ আৰু তাৰ দুটামান বছৰৰ পাছৰপৰা কিতাপৰ বাবে দুটকামান আচুতীয়াকৈ সাচি ৰাখিব পৰা হলোঁ গ্রন্থমেলালৈ বাট চাওঁ, কেতিয়াবাবনলতাত এপাক সোমাই আহোঁ নতুবা প্রযুক্তিয়ে দিয়াঅনলাইন বজাৰখনত বিচাৰি চাওঁ

কিতাপ পঢ়ো, সেইবুলিবুক ৱর্মবাকিতাবী কীৰাবাকিতাপৰ পোকনহয় আমি কেনেকুৱা কিতাপ পঢ়িব লাগে তাৰ উত্তৰটো ময়ো নাজানো । পিছে মই কেনেকুৱা কিতাপ পঢ়ো- কোনো লেখকৰ কিবা লেখা পঢ়ি ভাল পালে পুনৰ একে লেখকৰ লেখা, ক’ৰবাত কোনো কিতাপৰ বিষয়ে চর্চা হ’লে (সকলো নহয়, কিছুমান), জীৱনৰ কথা থকা কিতাপ (‘জীৱন’ শব্দটোৰ প্রতিয়েই মোৰ অলপ দুর্বলতা !), নিজৰ ভাল লগা বিজ্ঞান বিষয়ক কথা থাকিলে, কোনোবাই যদি কয় ‘অমুক’ কিতাপখন পঢ়িবা, কিছুমান কিতাপ দেখিলেই কিবা এটা আকর্ষণ জাগে পঢ়িবলৈ, বৰ বেছিকৈ চর্চিত নোহোৱা কোনো লেখকৰ (কেতিয়াবা) নতুন কিতাপ ছপা হ’লে, জানিবলৈ ইচ্ছা থকা কিছুমান কথা থাকিলে... ইত্যাদি ইত্যাদি ।

সৌমিত্র যোগীৰ ‘মহৎ জাবৰ’ পঢ়ি নিজৰ ওচৰতে লাজ পোৱাৰ কথা লিখিছিলো । মহৎ জাবৰ পঢ়াৰ পিছৰেপৰা “অৰূপ কুমাৰ নাথ”ৰ “সাউদৰ পুতেক আৰু অন্যান্য” পঢ়িবলৈ বিচাৰি ফুৰিও নাপালো । সেয়া বিচাৰি ফুৰোতেই গ্রন্থমেলাৰ “আঁক-বাক”ৰ বিপনীত দেখিলো অশোক কুমাৰ নাথৰ “ঐ ৰাধা” । আৰু বিচাৰি ফুৰা বস্তু পোৱাৰ আনন্দতে মোৰ অলপ খেলিমেলি লাগিল ! পিছে খেলিমেলিৰ উৰ বিচাৰি পাওঁ মানে “ঐ ৰাধা” আহি মোৰ অন্যান্য কিতাপৰ মাজত নিজৰ ঠাই উলিয়াই বহিলেই ।

“ঐ ৰাধা” অশোক কুমাৰ নাথৰ ১৫ টি গল্পৰ সংকলন । অক্টোবৰ, ২০১৪ ৰ পিছত দ্বিতীয় সংস্কৰণ প্রকাশ পাইছে নৱেম্বৰ, ২০১৮ ত । মই ক্রয় কৰা কিতাপখনৰ বেটুপাত সামান্য ফটা, কাগজবোৰেও সামান্য হালধীয়া বৰণ লৈছেগৈ । বুজিব পাৰি যে কোনোবা ডাঙৰ ডাঙৰ কিতাপৰ হেঁচাত চাগৈ চেপেটা লাগি পৰি আছিল । (পিছত অন্য এখন বিপনীত দেখিছিলো নতুন বেটুপাতৰ সৈতে । নতুন সংস্কৰণ চাগৈ, চোৱা নহ’ল । কিতাপখন পঢ়ি উঠি, নতুন সংস্কৰণ ওলাইছে বুলি ভাবি থাকি কিন্তু খুব ভাল লাগি থাকিল মনটো ।)

সংকলনৰ প্রথম গল্পটো “বুঢ়া কেঁচুৱা” । নায়ক পেছাত ইঞ্জিনিয়াৰ, মাক-দেউতাকৰ একমাত্র ল’ৰা । ঘৰত বিয়া পাতিবলৈ কৈ থকাৰে পৰা নায়কে ৰাস্তাই-ঘাটে লগ পোৱা প্রতিগৰাকী ছোৱালীকে ধুনীয়া দেখিছে এদিন সপোনত দেখিছে ডাক্তৰে নায়কক কৈছে “কংগ্রেচুলেশ্যন ! আপুনি প্রে’গনেণ্ট্; আপুনি মাক হ’বলৈ ওলাইছে ।” ভয়তে চিঞৰ-বাখৰ আৰু শেষত লাজ লাজকৈ হ’লেও মাক-দেউতাকৰ লগত শুবলৈ গৈছে, মাকক সাৱটি শুই থাকোতে পাইছে মাকৰ চাদৰৰ চিৰ-চিনাকী গোন্ধটো; সেয়া হেৰুৱাৰ আশংকাত, মাকৰ মমতাৰপৰা বঞ্চিত হোৱাৰ ভয়ত মাকৰ হাতখনকে জোৰকৈ সাৱটি লৈছে, মাক-দেউতাকৰ মাজত শুই থকা সুখী নায়কে মনতে ভাবিছে “মই ডাঙৰ হ’লেহে বিয়া কৰাম ।”

এইটো একেবাৰে সঁচা কথা যে বিয়াৰ পিছত মাক-পুতেকৰ সম্পর্কটো সম্পূর্ণ আগৰ দৰে হৈ নাথাকে । সামান্য হ’লেও কিবা এটা ব্যৱধান আহি পৰে । সুখৰ মাজতো নিশ্চয় মাতৃগৰাকী ক’ৰবাত এচিকুট হ’লেও দুখী হয় । সেয়া মাতৃৰ অবিহনে অন্য কোনোৱে অনুভৱ কৰিব নোৱাৰিব কেতিয়াও ! হয়তো গল্পৰ নায়কৰ দৰেই এনে বুঢ়া-কেঁচুৱাও বহুজন আছে !

যি নহওক “বুঢ়া কেঁচুৱা” পঢ়ি ময়ো বুঢ়া কেঁচুৱা হৈ উচুপি থাকিলো অলপ সময় । লেখকৰ সার্থকতাও নিশ্চয় তাতেই ।

দ্বিতীয়টো গল্প “পাইলট”ৰ নায়কৰ সপোন আছিল পাইলট হোৱাৰ । জীৱনে সেয়া নিদিলেও এখন শব্দহীন জাহাজৰ তেওঁ এজন পাইলট আৰু দুয়ো সপোন দেখিছে নিজৰ সন্তানক পাইলট কৰাৰ ।

তৃতীয় গল্প “তেজীমলা”ত নায়কে আই চি ইউ ৰ বাহিৰত তেজীমলাৰ বাবে বাট চাই ফেঁকুৰি আছে অথচ তেজীমলাৰ তেওঁ কোন হয়, সেই প্রশ্নৰ সঠিক উত্তৰ এটা তেতিয়াও তেওঁৰ ওচৰত নাই ।

“কান্দুৰী”ৰ নায়কে পত্নীৰ কথাই কথাই কান্দি থকা স্বভাৱক সৰু ছোৱালীৰ কাৰবাৰ বুলি ভাবে । নায়কে কোৱা পুৰুষৰ গোপনীয় কথা এটা- “এজন পুৰুষ যিমানেই জয়ী নহওক কিয়, জিকি জিকি শেষত তেওঁ হাৰি যায় পত্নীৰ ওচৰত ।” শেষত কিন্তু সেই কান্দুৰী পত্নীৰ মানুহজনেই কান্দিছে ! কিয় ?

“আছে নেকি ? ভগা টিনা-লোহা-প্লাষ্টিক”ত নায়ক অৰূপে নিজৰেই পত্নী ম’নাক দ্বিতীয় বিবাহ কৰাইছে, ম’নাই অৰূপৰ ভৰি চুই ক্ষমা কৰি দিবলৈ কৈছে আৰু অৰূপে কান্দিছে । ম’নাৰ মৃদু ধমক খাই অৰূপে ভাবিছে- “সেই মুহূর্তবোৰেই বেবেৰিবাং যেতিয়া মানুহে সেই বিশেষ মুহূর্তবোৰত থিয় হৈ সিদ্ধান্ত ল’ব নোৱাৰে যে তেওঁ আচলতে হাঁহিব লাগে নে কান্দিব লাগে ।” কিন্তু এই বেবেৰিবাং মুহূর্তটোৰ সৃষ্টি কিয় আৰু কেনেকৈ হ’ল ? কিয় এই বলিয়ালি ?

“জেলেপি”ত পত্নী প্রতিভাই গিৰীয়েকক ডায়েবটিচ থকাৰ বাবে জেলেপি খাবলৈ মানা কৰিছে নাখাওঁ বুলি প্রতিজ্ঞা কৰি থোৱাৰ পিছতো খোৱাৰ বাবে প্রতিভাই অভিমান কৰিছে আৰু গিৰীয়েকে পত্নীক বুজাইছে যে- জ্ঞানী মানুহে প্রতিজ্ঞা, বৰ, অভিশাপ এইবোৰৰপৰা দূৰত থাকে । এইবোৰৰ বাবেই শ্রীকৃষ্ণ ব্যাধৰ শৰত মৰিল, অভিমন্যু আৰু কর্ণক আমি হেৰুৱালো, কুৰুক্ষেত্র সমৰৰ বাবেও কিজানি ভীষ্মৰ প্রতিজ্ঞাবোৰেই দায়ী । লগতে জেমি টেইলৰৰ উক্তিও দিছে যে- “যিজনে নিজৰ মত কেতিয়াও সলনি কৰিবলৈ নিবিচাৰে, তেওঁৰ মনটো বন্ধ পিতনিৰ দৰে, য’ত কেৱল সাপৰহে বংশবৃদ্ধি হয় ।” এখন জেলেপি খাবৰ বাবেই অ’তবোৰ যুক্তি । কিন্তু শেষত প্রতিভাৰ চকুত চকুপানী দেখি ৰাতি এক বাজি কুৰি মিনিটত গভীৰভাৱে উপলব্ধি কৰিছে যে অলপ আগতে খোৱা জেলেপিখনেই তেওঁৰ জীৱনৰ শেষৰখন জেলেপি !

“অভিলাষ”ত ভদ্রেশ্বৰৰ দাঁত এটা সৰাৰ বাবেই পত্নী ৰূপালীয়ে কান্দিছে । আৰু মাকৰ প্রতিটোপাল চকুপানীৰ আঁৰত ৰাজুৱে বিচাৰি পাইছে দেউতাকৰ প্রতি মাকৰ প্রেম-ভালপোৱাৰ প্রমাণ । ৰাজুৱে আত্মচৈতন্যৰ উপলব্ধিৰে টোকাবহীত লিখিছে- “কি সুন্দৰ এই চকুপানী ! এই পৃথিৱীত প্রতিটোপাল চকুপানীৰ আঁৰত লুকাই থাকে একোটাহঁত সত্য, যি সত্যৰ গাত আঁউজি এই পৃথিৱীখন আজিও পৃথিৱী হৈ আছে ।” মাকৰ চকুপানীৰ কথা ভাবি ৰাজুৰ চকুতো চকুপানী বিৰিঙিছে, ডাঙৰ হোৱাৰ পিছত সেয়া তাৰ প্রথম চকুপানী । সেই উপলব্ধিৰ শেষত ৰাজুৱে নিজৰ টোকাবহীত লিখি ৰখা ভেৰলেইনৰ উক্তি এটাৰ তৃতীয় শাৰীটো কলমেৰে কাটি পেলাইছে- “ঈশ্বৰত মোৰ বিশ্বাস নাই । চিন্তাক মই ঘিণ কৰোঁ আৰু পৰিহাৰ কৰি চলোঁ । আৰু প্রেম_ সেই প্রাচীন অসত্য কাহিনী, তাৰ কথা নোকোৱাই বেছি ভাল ।”

“ভাগৰ”ত বিপিনে নিজৰ ‘ভাগৰ’খিনি পত্নী অনিমাই গম নোপোৱাকৈ বুকুৰ ভিতৰতে লুকুৱাই ৰাখে- “যিদৰে প্রত্যেক মানুহেই নিজৰ নিজৰ ভাগৰবোৰ নিজৰ ভিতৰতে ক’ৰবাত লুকুৱাই ৰাখে আনে গম নোপোৱাকৈ । নিজৰ এই ভাগৰখিনিৰ কথা নিজৰ বাহিৰে আনে কি বুজিব ?” এনেকুৱা সময়ত আকাশলৈ চাই বিপিনে অনুভৱ কৰে মানুহ নামৰ প্রাণীবিধ কিমান অকলশৰীয়া ! ...এদিন হঠাতে অনিমা হেৰাই গৈছে, বিপিনে কান্দিছে । অকলশৰীয়া বিপিনে ভাবিছে- “অর্থহীন জীৱন ! গৈ গৈ তুমি ভাগৰি পৰিবা, কিন্তু একো নেদেখা, একো নোপোৱা । এই যে তুমি গৈ আছা, গৈ থাকোঁতেও তুমি হেৰুৱাবা তোমাৰ অতি আপোনজনক, প্রিয়জনক । আৰু সেই হেৰুৱা প্রিয়জনক বিচাৰি বিচাৰি এদিন তুমি নিজেই হেৰাই যাবা । একো নাই, শূন্য !” ...সেই শূন্যতাই হেঁচা মাৰি ধৰাত বিপিনে হুকহুকাই কান্দিছে ।

“মহাকর্ষণ”ত নাতিয়েক বাপুকণে ককাক নৰেশ্বৰক বুজাইছে মাধ্যাকর্ষণৰ কথা । পোনতে নৰেশ্বৰে আমনি পাইছিল যদিও পিছত সেয়া বুজি পাই পৃথিৱীৰ কেন্দ্রৰ ওপৰত ভীষণ খং কৰিছে । কাৰণ পৃথিৱীৰ কেন্দ্রই টানি থকাৰ বাবেই গাঁৱৰ বলেন গছৰপৰা পৰি মৰিল আৰু তাহানিতে ঘৈণীয়েক জেতুকীক মৰমতে খোৱা চুমাবোৰকো নিশ্চয় পৃথিৱীয়ে নিজৰ কেন্দ্রলৈ টানি আছিল । ...আৰু এদিন পুহেশ্বৰী ঘৰলৈ অহাত নৰেশ্বৰ ভয়তে বাটলৈ ওলাই পলাইছে, কাৰণ নৰেশ্বৰে নতুনকৈ বাপুকণৰপৰা জানিছে যে মহাকর্ষণ শক্তি বোলাটোৰ বাবে বিশ্বব্রক্ষ্মাণ্ডৰ সকলো বস্তুৱেই পৰস্পৰে পৰস্পৰক আকর্ষণ কৰে । এই গল্পত পাঠকে পাব অন্য এক ৰস, আমোদ... যি বেচ্ সোৱাদলগা

শেষৰটো গল্প “আলহী” । নব্বৈ বছৰীয়া মানুহ এজনে নিজৰ আত্মজীৱনী লিখি আছে । ১০০ ভাগৰ ৯০ ভাগ ইতিমধ্যে লিখা হ’ল । পত্নী ৰূপমাৰ সৈতে ৩০ বছৰীয়া বিচ্ছেদৰ জীৱন পাৰ কৰি তেওঁ অনুভৱ কৰিছে আপোন শব্দটো বৰ যন্ত্রণাদায়ক । বৃত্তৰ কেন্দ্রৰ দৰেই আজি তেওঁ অকলশৰীয়া । সেই মানুহজনকে নিবলৈ আহি মৃত্যুৱে তেওঁক ২৪ ঘণ্টাৰ সময় দিছে আত্মজীৱনীখন লিখি শেষ কৰিবলৈ । মৃত্যুৱে তেওঁক শেষবাৰৰ বাবে ৰূপমাক লগ কৰাৰ বাবে সময় দিব বুলি কোৱাত, আনন্দত তীব্র বেগেৰে কলম চলাইছে আত্মজীৱনী লিখি শেষ কৰিবলৈ । আনন্দৰ আতিশয্যত মৃত্যুক টোপনি আহিছে যদি তেওঁৰ বিছনাখনতে শুই ল’ব পাৰিব বুলিও কৈছে ।

প্রতিটো গল্পতে আছে চকুপানী । কিন্তু সেয়া দুখৰ নহয় । ক’ৰবাত দুখ আছে যদিও সেয়া দুজন ব্যক্তিৰ পৰস্পৰৰ প্রতি থকা মৰম-ভালপোৱাৰ স্বাক্ষৰ মাথোঁ । লেখকে সকলোতে সুন্দৰৰ সন্ধান কৰিছে, সুন্দৰতাকেই দেখিছে । সৰু সৰু মান-অভিমানৰ কথাবোৰে কাৰোবাক কন্দুৱাইছে, খং তুলিছে কিন্তু অৱশেষত সেয়াও ভালপোৱাৰেই প্রকাশ হৈ উঠিছে । গল্পৰ কাহিনীবোৰ নতুন নহয়, সাংঘাটিক কিবাও নহয় কিন্তু সেয়া আমাৰ সকলোৰে চিনাকী, আমাৰ আদৰৰ মানুহবোৰক লৈয়েই... সেয়ে প্রতিটো গল্পই আপোন যেন লাগে লেখক সংবেদনশীল মানুহ ! বুজে দ্রাৰিদ্যতা, অসহায়তা, মানুহৰ প্রতি ৰাখে সহমর্মিতা । পাইলট, তেজীমলা আদি গল্প তাৰেই উদাহৰণ । “ঘৰ”ত প্রকাশ পাইছে এখন পৰিপূর্ণ ঘৰত কেৱল মানুহেই যে নাথাকে; ঘৰ এখনৰ প্রতি, ঘৰৰ প্রতিটো প্রাণীৰ কেনে এক মায়া থাকে ।

“নলীয়া কটাৰী” গল্পটো বিশেষভাৱে ভাল লাগিল । এফালে খর্গেশ্বৰৰ মৃত পত্নী নন্দিতাৰ একমাত্র নলীয়া কটাৰীখনৰ প্রতি মৰম, আনফালে সেইখন হেৰুৱাৰ অজুহাতত কাৰোবাৰ পুৰস্কাৰৰ প্রতি লোভ । নলীয়া কটাৰীয়ে নো কি পুৰস্কাৰ দিব পাৰে ? জানিবলৈ মন নাযায় নে ?

“ৰাধা” গল্পৰ ৰাধানো কোন জানিবলৈ উৎসুকতা জগা নাই নে ? ৰাধা কিন্তু কোনো মানৱী অথবা দেৱী নহয় । তেন্তে কোন হয় ? জানিবলৈ কিতাপখন পঢ়িব পাৰে । হয়তো কোনো এটা গল্প আপোনাৰ নিজৰো হ’ব পাৰে বা আপোনাৰ সমুখতে থকাও হ’ব পাৰে । এটা গল্প পঢ়ি কোনোৱেই যে বাকীকেইটা নপঢ়াকৈ থাকিব নোৱাৰে সেয়া নিশ্চিত ।

মোৰ অনুভৱ হ’ল লেখক নিজেও অলপ অলপ কান্দুৰা বিধৰ । হাঃ হাঃ ... ! অৱশ্যে মোৰ মনত খু-দুৱনি এটা, প্রশ্নবোধক এটা থাকিল- লেখকৰ সহধর্মিনী “চিনাকী”ত কোৱা ঢেকীয়াজুলিৰ প্রিয়া নে “জলা মিকচাৰ”ত কোৱা তেজপুৰৰ পখী ? কোনোবা এগৰাকী নিশ্চয় হয় । নে নহয় ?

এনে গল্পকাৰৰ গল্পৰ কথা কিয়বা আলোচনা নহয় নাজানো । হয়তোবা আমাৰ দৰে পঢ়ুৱৈয়ে সেয়া মন নকৰো । ভাবিছিলো ভুল কৰিলো । কিন্তু নহয় । ভুল হয় যদিও সেয়া ধুনীয়া ভুল । ভুলতে হ’লেও কিতাপখন ক্রয় কৰি আনি পঢ়াৰ বাবে নিজকে ধন্যবাদ এটা দি থলোঁ খেলিমেলিতে কৰি পেলোৱা ভুলটোৰ বাবে !

সংকলনখনৰ দ্বিতীয় সংস্কৰণ- নৱেম্বৰ, ২০১৮ ত উল্লেখ থকা অনুসৰি লেখক বর্তমান গুৱাহাটী দূৰদর্শন কেন্দ্রত এগৰাকী অনুষ্ঠান পৰিৱেশক হিচাপে কর্মৰত । তেখেতৰ স্বৰচিত কবিতাৰ এলবাম- “চিঠি উৰি যায় তৰাৰ দেশলৈ”, প্রকাশিত ৰস-ৰচনা আৰু গল্প সংকলনখন হ’ল “পলুৱাই নিলেহে পুৰুষ বুলি ভাবিব মই” ।