বুঢ়ী আইৰ সাধু
লক্ষ্মীনাথ বেজবৰুৱা
সপ্তদশ প্রকাশঃ ২০১৩, বনলতা
বুঢ়ী আইৰ সাধুৱেই হওক বা
জুহালত বহি ককা-আইতাৰ মুখত শুনা সাধুৱেই হওক, আজিৰ প্রজন্মৰ শিশুসকল যে সেইবোৰ
শুনাৰ পৰা বঞ্চিত সেয়া মিছা কথা নহয় । জাৰৰ দিনত জুহালত বহি ভেবা-চেকা লাগি মুখ
মেলি আমি শুনিছিলো অনেক সাধু, কেতিয়াবা আইতাৰ মুখেৰে আৰু সৰহকৈ দদৌৰ (দেউতাৰ দেউতা)
মুখেৰে; আইতাই যেনিবা কাষতে বহি চাপৰিৰপৰা অনা নতুন আলুগুটিৰ কেইটামান ফুটছাইত
পুতি থয় । কাঠখৰিৰ অঙঠাবোৰ ৰঙা হৈ থাকে, পূৰা আলুৰ সোৱাদৰ লগতে জুইৰ উম আৰু সাধুৰ
সোৱাদত আমাৰ মুখবোৰ উজ্জ্বল হৈ থাকিছিল । সেইবোৰ তেওঁলোকে নো কাৰপৰা কেনেকৈ
শুনিছিল নাজানো । পকা চুলি কাঢ়ি দিয়াৰ নামত আমি সাধু কথাৰ ঘোচ খাইছিলো কোনো জহকালৰ
দুপৰীয়াবোৰত- ধান একোটা লৈ আমি পকা চুলি কাঢ়িছিলো আৰু দদৌৱে তামোল চোবাই চোবাই
টেটোন তামুলীৰ সাধুত পাগ উঠাইছিল ।
এই কিতাপখনে সেই শৈশৱৰ দিনবোৰ পুনৰাই জীপাল কৰি
তুলিলে । কিতাপখনত সর্বমুঠ ত্রিশটা সাধু আছে । প্রায় আটাইখিনি আমি শৈশৱতে সেই
আইতা-দদৌৰ মুখতে শুনা । মাত্র তিনিটা হে শুনা মনত নপৰে, সেইকেইটা হ’ল- কাঞ্চনী,
জৰদগৱ ৰজাৰ উপাখ্যান আৰু পানেশৈ । ‘লট্ কন’ নামৰ সাধুটো আমি ‘টেটুন তামুলীৰ সাধু’
বুলি শুনিছিলোঁ । আমাৰ সময়ৰ সকলোৰে পৰিচিত সাধুবোৰ- বান্দৰ আৰু শিয়াল, ঔ কুৱৰী,
কুকুৰীকণা, তুলা আৰু তেজা, চম্পাৱতী ইত্যাদিবোৰ কিতাপখনত সন্নিৱিষ্ট আছে । কল খাই
বাকলি দিয়া বান্দৰটো অথবা মৌ-বিচনী ৰখি থকা শিয়ালটোৰ কথাই আমাৰ দৰে মানুহৰ শৈশৱবোৰ
চহকী কৰি ৰাখিছিল । পুনৰ সাধুখিনি পঢ়ি উপলব্ধি কৰিলো যে কোনো কোনো সাধুৰ কোনো অংশ
মনৰপৰা দেখোন মচ খাই গ’ল ! ক’ৰবাত কোনোবাখিনিত ৰৈ যেন দুচকু সেমেকি উঠিল । সাধুবোৰ
পাহৰিছো, সোঁৱৰাই দিবলৈ আইতাবোৰো নোহোৱা হৈ থাকিল, গাত এড়ী কাপোৰ মেৰিয়াই জুহালত
বহি থকা ককাবোৰো দেখোন হেৰাই থাকিল ক’ৰবাত !
যি নহওক, সাধুবোৰৰ কথা নিলিখো, কিন্তু সাধুকথাৰ
বিষয়ে গ্রন্থকাৰে পাতনিত লিখা কথাখিনি ইয়াতে তুলি থ’বলৈ মন কৰিছো- কেতিয়াবা নিজেই
সোঁৱৰিব পাৰিম নতুবা এইখিনি পঢ়িলে আনেও দুই-এটা কথা জানিব পাৰিব । কথাখিনি
গ্রন্থকাৰে ১৯১১ খৃষ্টাব্দ, ১৮৩৩ শকৰ কাতি মাহত লেখিছিল ।
পাতনি- “প্রত্যেক জাতিৰ আৰু প্রত্যেক দেশৰ
সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folk-lore) আছে । ভাষা যেনেকৈ কোনো এটা জাতিৰ
জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্রকাশ আৰু আত্মচৰিত, পুৰণি সাধু-কথাবোৰো সেইদৰে
জাতীয়-জীৱনৰ পুৰণি কালৰপৰা আত্মপ্রকাশ আৰু আত্ম-জীৱনচৰিত । কোনো এটা জাতিৰ ভিতৰুৱা
শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰ চৰণৰ ছাপ যেনেকৈ সেই
জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথা বিলাকতো সেইদৰে
সেই জাতিৰ ভিতৰুৱা সকলো শ্রেণীৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা
আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায় । সেইদৰে মানুহৰ জাতীয়-জীৱনত অলিখিতি পুৰণি বুৰঞ্জী
জানিবৰ নিমিত্তে ‘ফাইল’লজি’ (Philology) অর্থাৎ ভাষাতত্ত্ব আৰু মাইথ’লজি
(Mythology) অর্থাৎ পুৰাণত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অর্থাৎ
সাধুকথা তত্ত্বও তেনেকুৱা লাগতিয়াল ।
সুপ্রসিদ্ধ ভাষাতত্ত্ববিদ জার্মান পণ্ডিত বপ্
(Bopp) আদিৰদ্বাৰাই আৱিষ্কৃত এই মত, অর্থাৎ টিউটন (Tuton), কেল্ট (Celt), হিন্দু
আদি আর্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এছিয়াৰ একে
ঠাইতে থকা পৰিয়ালৰ একেজোপা গছৰে ডাল,- সাধুকথাবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া
কৰিলে ।
কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নুবুজি
সকলোৱে সেইবোৰ ল’ৰালি আৰু অকামিলা বুলি ভাবি আছিল । কিন্তু প্রথমতে জার্মানীত
সাধুকথাৰ প্রকৃত মূল্য নির্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্রণালীত আলোচিত হয়
। ১৭৭৮-৭৯ খৃষ্টাব্দত ছপা হোৱা হার্ডাৰৰ (Herder) প্রসিদ্ধ ‘Collection of Popular
Songs’ –অত এই চেষ্টাৰ প্রথম উন্মেষ হয় । কিন্তু ১৮১১-ৰপৰা ১৮৩৫ খৃষ্টাব্দৰ ভিতৰত
বিখ্যাত পণ্ডিত গ্রীমৰ (Grimm-ৰ দুই ভায়েক) পৰিশ্রমে এই চেষ্টাৰ ফল ধৰায় ।
জার্মানীৰ গাঁৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা
কৰি উলিওৱা হয় । বাস্তৱিকতে ক’বলৈ গ’লে জার্মান পণ্ডিতসকলৰ পৰিশ্রমেহে পোনতে সভ্য
জগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত
এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যৱান ।
সাধুকথা দুবিধ আছে । এবিধ, মানুহক ঘাইকৈ
নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিতঃ- পঞ্চতন্ত্র, হিতোপদেশ আৰু লা ফাণ্টেনৰ (La
Fonteon) সাধুবোৰ । আনবিধ মানুহৰ কল্পনাশক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি
দি ল’ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল’ৰাৰ মনত । কিন্তু গুৰিতে
সাধুবোৰ যি উদ্দেশ্যৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্যজাতিৰ পুৰণি ইতিহাসৰ
অমৃতৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে ।”
গ্রন্থকাৰে কৈছে যে
পাঠকসকলে কিতাপত দিয়া সাধুবোৰৰ কোনো কোনোটো ভাৰতবর্ষৰ আন দেশৰ সাধুৰ সৈতেও, ঘাইকৈ
বঙ্গদেশৰ সৈতে মিল পাব । সেই গতিকে সেয়া বিদেশী সাধুৰ ছাঁ লৈ ৰচনা কৰা বুলি যদি
ভাবে তেন্তে ভুল হ’ব বুলিও তেওঁ উল্লেখ কৰিছে । আমিও কিছুমান সাধু (কিতাপখন পঢ়াৰ
আগতে) অ’ত-ত’ত কেতিয়াবা শুনি বা দেখি ভাবিছিলো যে ‘অৰিজিনেল’ সাধুটো কোনটো ?
ক’ৰপৰা নো আচলতে ই আহিল ? কোনটো আচল, কোনটো নকল ?
এই সন্দর্ভত কিতাপখনত
উল্লেখ কৰা কাৰণকেইটা হ’ল-
১) সাধুবোৰ ইমান পুৰণি যে অতীজৰ আর্যবংশীয়
মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয় । কালক্রমত আর্যবিলাক ফাটি য়ুৰোপ আৰু
এছিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্র অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি
হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে । কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা
নাই আৰু ঘটিব নোৱাৰেও । সেইদেখি ইণ্ডো-য়ুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্রচলিত
অনেক সাধুৰ বাহিৰেও আকৃতি অনেক বিষয়ত বেলেগ হ’লেও তলৰ ভেটি একে । সেই কাৰণতে
পঞ্চতন্ত্র আৰু হিতোপদেশৰ সাধুবোৰ পঢ়োঁতাই লা ফাণ্টেনৰ সাধুবোৰ পঢ়োঁতে আচহুৱা
নাপায়; ভাৰতবর্ষৰ ল’ৰা নিচুকুৱা ধাইমাকে ল’ৰা নিচুকুৱাওঁতে যিবোৰ সাধু কয়, প্রায়
তেনেকুৱা সাধুকে জার্মান, নৰ’ৱে আৰু ফ্রান্সৰ ধাইমাকৰ মুখত শুনিবলৈ পোৱা যায়,
-বিভিন্নতাৰ ভিতৰত মাথোঁ তাৰ সাজপাৰ, বৰণ আৰু মাত-কথা ।
২) এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ
নগৈ নাথাকে আৰু যাওঁতে বাটত মোট সলনি নহৈ নাথাকে । প্রবাসত দীর্ঘকাল বাস কৰা বাবে
শেষত সেইবোৰ পৰ-বাসেই আপোন-বাস হয় আৰু গঢ়-পিত লৰি পৰে । কিন্তু এই শ্রেণীৰ সাধুৰ
লেখ সৰহ নহ’ব । ওচৰ-চুবুৰীয়া দেশৰ পৰাও সাধুৱে অহা-যোৱা কৰিবলৈ সুচল পায় ।
সেইদেখিহে আমি অসমীয়া সাধু বঙ্গদেশত ঘাইকৈ পূর্ববঙ্গত অনেক পাওঁ । আৰু পাহৰিব
নলগীয়া এটা কথা যে পূর্ববঙ্গ আৰু উত্তৰবঙ্গৰ এডোখৰ পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰত থকা
বাবে আমাৰ বহুত কামৰূপীয় অর্থাৎ অসমীয়া সাধু বঙালী হ’ল । এই কথা ভালকৈ মন কৰিলে
ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে আজিকালি যিবিলাক বঙালী গ্রন্থকাৰে সাধু বা ‘ৰূপ-কথা’ৰ
কিতাপ লেখি ছপাইছে, তেওঁলোকৰ ভিতৰত যি কেইজন পূর্ববঙ্গদেশীয়, তেওঁলোকৰ কিতাপত
অসমীয়া সাধুকথাৰ জঁকা আৰু ছাঁ সৰহ, পশ্চিমবঙ্গদেশীয় কেইজনৰ কিতাপত সিমান নহয় ।
উদাহৰণস্বৰূপে- পূর্ববঙ্গদেশীয় গ্রন্থকর্তাৰ ‘টুনটুনিৰ বই’ আৰু পশ্চিমবঙ্গদেশীয়
গ্রন্থকর্তাৰ ‘ঠাকুৰমাৰ ঝুলি’ ।
ইয়াৰোপৰি গ্রন্থকাৰে উল্লেখ কৰিছে যে সাধুকথাৰ মিল
ঘটে আকস্মিকভাৱেও, কাৰণ- “মানুহ সকলো ঠাইতে মানুহ, আৰু ভাবিবৰ প্রণালীও
পৃথিৱীৰ সকলো ঠাইতে অনেক বিষয়ত একে । সেইদেখি আনকি জুলুৰ কি হাণ্টেৰ কোনো কোনো
সাধুৰে সৈতেও আর্যজাতিৰ মানুহৰ কোনো কোনো সাধুৰ মিল ওলায় ।”
গ্রন্থকাৰে ইয়াকো উল্লেখ
কৰিছে যে “অসমীয়াই সাধুৰ মোল পুৰণি কালৰপৰা বুজে আৰু চিৰকাল সাধুক সমাদৰ
কৰি আহিছে যি কথা ‘সাধুকথা’ শব্দটোতেই নিহিত আছে । সাধুকথা মানে সজকথা বা
সন্ত-সাধুৰ উপদেশ বাক্য বুলি আদিৰপৰাই অসমীয়াই ভাবি আহিছে আৰু ইয়েই স্পষ্ট কৰে যে
এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণিকালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ
ল’ৰা-ছোৱালীক সজ উপদেশ আৰু নীতি-শিক্ষা দিছিল, যাৰবাবে ইয়াৰ নাম সাধুকথা দিছিল ।
এনে উপকথা বা গল্পক কোনো দেশৰ কোনো জাতিয়ে ‘সাধুকথা’ এই ওখ নাম দিয়া নাই । য়ুৰোপীয়
Folktales বঙালীয়ে ইয়াক ‘ৰূপ-কথা’, ‘আষাঢ়ে গল্প’ বোলে, অসমীয়াৰ দৰে সাধুকথা নোবোলে
। ভাষা আৰু Folktales জাতিৰ হাড়-মগজু । ভাষাক অসমীয়াই বোলে মাতৃ আৰু Folktalesক
সাধুকথা; তথাপি অসমীয়া আৰু বঙলাভাষা হেনো একে ।”
এইটো একেবাৰে সঁচা কথা যে
সাধুবোৰ কোৱাৰ শেষত সাধুটোৰপৰা কি কথাটো নো শিকা গ’ল সেয়া আইতা-দদৌহঁতে বুজাই
দিছিল । জুহালখন নোহোৱা হ’ল, আইতা-ককাৰ সৈতে নাতি-পুতিৰো আগৰ দৰে আঠা নোহোৱা হ’ল ।
সাধু শুনি টোপনি যাবলৈ আজিৰ শিশুৰো আহৰি নোহোৱা হ’ল ! সময়ে এতিয়া প্রযুক্তিৰ জোৰত
বহু কথাই সলনি কৰি পেলালে ।
মই ভাবোঁ- এনে সাধুবোৰ
শিশুক শুনাব লাগে, শুনাবলৈ হ’লে পিতৃ-মাতৃসকলেও জানিব লাগিল, সাধু শুনি শৈশৱ পাৰ
নকৰা পিতৃ-মাতৃয়ে সাধু শুনাবলৈ হ’লে এনে কিতাপৰ যোগাৰ কৰিবও লাগিল ! আজিৰ ব্যস্ত
সময়ত হয়তো সম্ভৱ নহ’ব এনে কথাবোৰ । তথাপিও… …
“বুঢ়ী আইৰ সাধু” পঢ়িবলৈ মন কৰা সকলে এই লিংকটোত গৈ সাধুবোৰ পঢ়িব পাৰিব-
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%81%E0%A6%A2%E0%A6%BC%E0%A7%80_%E0%A6%86%E0%A6%87%E0%A7%B0_%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81
“অসমীয়া ৱিকিপিডিয়াৰ” এই প্রচেষ্টা সঁচাকৈ শলাগিবলগীয়া ।
ইউ-টিউবত বিচাৰিলে পোৱা
যায় অনেক সাধু, অসমীয়া ভাষাতো । কিন্তু অসমীয়া শব্দকেইটাতে বাৰেপাচি ভুল থাকে,
শুনিবলৈ একেবাৰে শুৱলা নহয়, তাৰপৰা শিকিলেও শিশু এটিয়ে ভুল কথা কিছুমান শিকাৰ
সম্ভাৱনা হে দেখা পাওঁ । সেয়া চাগৈ চেনেলৰ ‘ভিউচ্’ বঢ়াই কিবা অকন লাভালাভৰ অংক
কৰাৰ মানসেৰে কৰা কাম । কোনো আগ্রহী ব্যক্তিয়ে অলপমান আটোমটোকাৰিকৈ ‘সাধুকথা’বোৰ
ইউ-টিউবতে হ’লেও দিব পাৰিলে সজ কাম এটা হ’লহেঁতেন । স্কুলীয়া ল’ৰা-ছোৱালীয়ে ইংৰাজী
ভাষাৰ ‘ৰাস্কিন বণ্ড’ৰ কিতাপ ‘ৰেপিড্-ৰীডাৰ’ হিচাপে পঢ়াৰ দৰে আমাৰ ‘বুঢ়ী আইৰ সাধু’
বা অন্য সাধুকথাৰ কথা কিয় পঢ়িব নোৱাৰে ?
(সাধুবোৰ পঢ়ি আমি
কেইটামান নতুন শব্দ জানিব পাৰিলোঁ । সেইকেইটা হ’ল-
নিৰামহীয়াঃ নিৰামিষ
উৰুক-মৰুকঃ উখল-মাখল
পাউৰীঃ মাছ ধৰা কিবা সজুলি
(আমি নিচিনো)
কুলাধমঃ অতি অধম
ডহডহীয়াঃ জনাজাত
বেচৰ/বেচতঃ এটা বস্তুৰ সলনি আন
এটা বস্তু লোৱা
টিকৌ টিপৌঃ নিচেই সৰু
ফাইদাং মৰাঃ পলাই যোৱা/ বেগাই
দৌৰি যোৱা
গজলীয়াঃ চফল
হেচটেপঃ হাৰ মনা/ হস্তক্ষেপ
মেমেধুঃ ধনীয়াপাত (এই শব্দ
আমি সৰুকালত শুনিছিলো । ‘মানধনীয়া’ক আমি মেমেধু বুলিছিলোঁ ।
অৱশ্যে শব্দকেইটাৰ অর্থ
আমি বুজাৰ ধৰণেহে লিখি থৈছো । অর্থ সেয়া নহ’বও পাৰে । সাধুবোৰ পঢ়িলে সেয়া বুজি পাব
নতুবা জনাসকলে সেয়া শুধৰাই দিব/ল’ব । কিছুমান শব্দ হয়তো অসমৰ ঠাই বিশেষেও
প্রচলিত হ'ব পাৰে ।)
No comments:
Post a Comment