গল্পবোৰ
লেখকঃ প্রশান্ত কুমাৰ দাস
প্রথম প্রকাশঃ নৱেম্বৰ, ২০১৪
আঁক-বাক
গল্প মানেনো কি ভালকৈ বুজি পোৱাৰ আগৰেপৰা ভালেমান গল্প পঢ়িছো
এতিয়ালৈকে । এটা কথা ভাবি থাকো যে- ইমান গল্প আছে, গল্পকাৰ আছে, অথচ গল্পবোৰ একে নহয়
! কেতিয়াবা বিষয়বস্তু একে হ’লেও উপস্থাপন একেবাৰেই ভিন্ন, গতিকে দুয়োটা গল্পক একে বুলিবও
নোৱাৰি । আচলতে পৃথিৱীৰ প্রতিজন মানুহেই একো একোটা গল্প, আকৌ সেই একোটা গল্পৰ সৈতে
সাঙুৰ খাই থাকে অনেক গল্প । ঠিক যেন একোজন মানুহ একোজোপা গছ, সেই এজোপা গছৰেই কত ঠাল-ঠেঙুলি;
পাত এখিলা সৰিল- সিও এটা গল্প হ’ল; ফুল ফুলিল, ফলৰপৰা অনেক পুলি হ’ল, পুলিৰপৰা নতুন
নতুন গছ হ’ল, সেইবোৰ গছৰপৰা আৰু গছ হ’ল… আৰু এনেকৈয়ে গল্পৰ অৰণ্য একোখন সৃষ্টি হৈ হৈ
গৈ থাকে; নেদেখা শিপাৰ অকথিত গল্পবোৰতো বাৰু থাকিলেই ! গল্পকাৰে সেই গল্পবোৰ মনৰ চকুৰে
অনুভৱ কৰে, আমাৰ চিন্তাৰ পৰিধিৰ বাহিৰত তেওঁলোকে চৰিত্রবোৰক দেখে, যাৰবাবে আটোমটোকাৰিকৈ
চৰিত্রবোৰক আমাৰ দৰে পঢ়ুৱৈৰ বাবে আগবঢ়াই দিব পাৰে ।
বাৰু যি হওক, “গল্পবোৰ” প্রশান্ত কুমাৰ দাসৰ ১৩ টা গল্পৰ এখনি
সংকলন । সংকলনৰ প্রথমটো গল্প “বগ আৰু বকুল” । বগ নামৰ শান্ত-শিষ্ট বগলী এটা এখন ডাঠ
হাবিত তাৰ পোৱালি দুটাৰ সৈতে বাস কৰিছিল । এদিন পোৱালিকেইটালৈ মাছ আনিবলৈ বুলি যোৱা
মাকজনী কোনোদিন আৰু উভতি নাহিল । সেই তেতিয়াৰপৰা সি ৰং-ৰহইচ নকৰা হ’ল । এদিন পোৱালিকেইটাই
কেক্ খোৱাৰ জিদ ধৰিলত বগে উপায়হীন হৈ চহৰলৈ ধাপলি মেলে । সেই চহৰতে
বকুল নামৰ এটি ল’ৰা থাকে মাক-ভায়েকৰ সৈতে, বাপেক মদ-ভাং খাই পৰি থাকে । মাকে কাম
কৰে নন্দ বুঢ়াৰ ঘৰত, কিন্তু মাকৰ অসুখ বাবে কামলৈ যাব পৰা নাই । মাকৰ চিকিৎসা
কৰাবলৈকে বকুলে নন্দ বুঢ়াৰপৰা সেই মাহৰ টকাকেইটা খুজিছেগৈ, পিছে বুঢ়াই নিদিয়ে ।
বকুলৰ চকুপানী দেখি বুঢ়াই চর্ত দিলে যে সি যদি জীয়া বগলী এটা আনি দিয়ে তেন্তে মাকৰ
কামটোও থাকিব আৰু মাহটোৰ দৰমহাও দিব । বগলী বিচাৰি বকুল ওলাই গৈছে । গুলটিপাত লৈ
বকুল বগলী বিচাৰি ৰৈ থকাৰ পৰতে বগে পোৱালিকেইটাৰ বাবে কেক্ বিচাৰি প্রথমবাৰৰ বাবে
নদী পাৰ হৈ আহি চহৰৰ গছ এজোপাত পৰিছেহি । বকুলে লক্ষ্যস্থিৰ কৰি গুলটি মাৰিছে
বগলৈ, কাউৰীবোৰে হুলস্থূল কৰি উৰি গৈছে, বগেও চহৰৰ আও-ভাও নাপাই ভয়তে উৰা মাৰোঁতে লাইটৰ
তাঁৰত লাগি অচেতন হৈ পৰিছে । বকুলে আনন্দমনেৰে বগক লৈ ঘৰলৈ যাব সাজু হৈছে কাৰণ
বগলীটো নন্দ বুঢ়াক দিলেই মাকৰ চাকৰিটো বাচে আৰু দৰমহাটোও ওভোটাই পায় । কিন্তু
বকুলে বগলীটো ঘৰলৈ নিব নোৱাৰিলে । নদীপাৰৰ চিৰিতে বঢ়ি থকা মানুহ এজনে ধমকি দিয়াত
সি জীয়াই থকা বগলীটো উৰুৱাই দিলে । কিন্তু বগৰ গাত উৰিবলৈ শক্তি নাছিল, মাটিত সৰি
পৰিলত তাক শেন এটাই আহি থপিয়াই লৈ গ’ল... লগতে লৈ গ’ল বকুলৰ কোমল সপোন এটাও ! গল্পটো
পঢ়ি ভাবি থাকিলো কাৰ দুখখিনি অলপ হ’লেও বেছি ? বগ নামৰ বগলীটোৰ নে বকুলৰ ?
দ্বিতীয়টো গল্প “ভাল নোপোৱা?”- ভালপোৱাৰ গল্প
এটা এনেকুৱাও হ’ব পাৰে, অনুভৱ কৰিছিলো । কোনোবা সময়ত হয়তো মন গৈছিল শব্দেৰে
সজাবলৈ, যিটো কেতিয়াও হৈ উঠা নাছিল, সম্ভৱো নাছিল । মনৰ মাজতে ঘূৰি থকা গল্প এটা
পাহৰণি হ’বলৈ লওঁতেই এনেকৈ পঢ়িবলৈ পালে কাৰ নো আনন্দ নালাগিব ! গল্পৰ নায়কে নিজে
কৈছে নিজৰ গল্পটো । নায়কৰ নাম এটা দি লৈছো- ‘সি’ । সি উপাসনাক ভালপোৱা নাছিল,
উপাসনায়ো তাক ভাল পোৱা না্ছিল, দুয়ো মাত্র ভাও লৈ প্রেমৰ খেল এখন খেলিছিল । ‘সি’ৰ
ভাষাত- “ভালপোৱাৰ এই অভিনয় আমাৰ দুয়োৰে বাবে আছিল খেলৰ দৰে । এক অদ্ভুত ৰোমাঞ্চকৰ
খেল । কোনো হৰা-জিকাৰ কথা নাছিল ইয়াত । প্রয়োজন নাছিল ঠগ-প্রবঞ্চনাৰ আশ্রয় লোৱাৰো
। আমি মনে মনে, ইজনে সিজনক নজনোৱাকৈ ঠিক কৰি লৈছিলোঁ যে আমাৰ সম্পর্কটো হ’ব প্রেমৰ
দৰে ভাল লগা- কিন্তু প্রেম নহয় । মই তাইক চুমা খাব পাৰিম, কিন্তু ভাল পাওঁ বুলি
নক’ম । তাই মোক সকলো দিব; কিন্তু বিনিময়ত মোৰ পৰা কোনো প্রতিশ্রুতি বিচাৰিবলৈ
ইচ্ছা নকৰিব ।” সি ইয়াকো কৈছে যে উপাসনা সেইবুলি মামুলি ছোৱালী নহয়, তাইৰ পৰিয়াল
অভিজাত লগতে সংস্কৃতিৱানো । ইতিহাসত ফার্ষ্ট ক্লাচ লৈ তাই এম এ পঢ়ি আছে, হাজাৰজনী
ধুনীয়া ছোৱালীৰ মাজতো অনন্য উজ্বলতাৰে তাই উজ্বলি থাকে । ...আৰু এদিন উপাসনাই তাইৰ
বিয়াত যাবলৈ কৈ ‘সি’ৰপৰা বিদায় লৈছিল । ‘সি’ৰ মতে- “কোনো নির্দিষ্ট এটা ঘটনা অথবা
কোনো এগৰাকী ব্যক্তিক কেন্দ্র কৰি মানুহে ওৰেটোকাল আৱর্তিত হৈ থকাটো জীৱনৰ নিয়ম
নহয় । লাগিলে সেই ব্যক্তি বা ঘটনা আমাৰ যিমানেই প্রিয় আৰু উপভোগ্য নহওক কিয় !” হয়
চাগৈ ! নিজৰ নিজৰ বৃত্তত ঘূৰি থাকোঁতে এসময়ৰ প্রিয় ব্যক্তি/ঘটনা সকলোবোৰ পাহৰণিৰ
গর্ভত লীন যায় ! সময়ে আহৰি নিদিয়ে চাগৈ এপলক সোঁৱৰিবলৈকো ! হয় জানো ? সকলোৰে
ক্ষেত্রত ? তেনেকৈ ভাবিবলৈ দেখোন মনে নকয় ! অৱশ্যে মানুহে প্রতি মনটো ! ...আৰু
এদিন কোনো যোগাযোগ নথকা দহটা বছৰৰ পিছত সি উপাসনাক অপ্রত্যাশিতভাৱে অসমলৈ যাবলৈ ৰৈ
থাকোঁতে কোনো বিমানৰ লাউঞ্জত লগ পাইছে- তাইৰ ছয়-সাত বছৰীয়া ল’ৰা, শাহু আৰু স্বামীৰ
সৈতে । সি তাইক “সুখীনে তুমি” বুলি সুধি মনতে আশা কৰিছে তাই দুখী বুলি কওক !
কিন্তু তাইৰ “সুখী” উত্তৰত সি যেন আহত হৈছে । সি কনজাৰভেটিভ বুলি ভাবি থকা তাই
যেতিয়া ব্রাক্ষ্মণ নোহোৱা বাবেহে বর্তমানৰ স্বামীজনৰ সৈতে বিয়া হোৱা বুলি কৈছে, সি
অসহজ অনুভৱ কৰিছে । উপাসনাই যেতিয়া শেষবাৰ তাৰপৰা বিদায় লওঁতে “তাই কিয় কান্দিছিল”
তাৰ উত্তৰটো দিব খুজিছে তেতিয়া সি তাইক মানা কৰি কৈছে যে তাৰ কাৰণটো বিচাৰি সি
গোটেই জীৱনটো পাত কৰিব বিচাৰে ! ...গল্পৰ নায়ক তেতিয়াও অবিবাহিত !
...আৰু পাহৰণি হোৱা সুৰ একোটাই এদিন হঠাতে
এনেকৈ ধৰা দিয়ে অপ্রত্যাশিতভাৱে ! নহয়নে ? হয়তো তেতিয়াই অনুভৱ হয় নোকোৱা কথাবোৰ
খুলি কৈ দিলে নো কি ক্ষতি হ’লহেঁতেন ! নোকোৱাকৈ কিবা এটা হেৰুৱাতকৈ খুলি কৈ দি মনৰ
খু-দুৱনি মাৰি হেৰুৱালেও জীৱনলৈ আক্ষেপ নাথাকিলেহেঁতেন ! কিন্তু মানুহৰ মনো যে কি
অজীৱ ! আমি কেতিয়াবা আশা কৰো নোকোৱা কথাবোৰো আমাৰ সমুখৰ জনে বু্জক আৰু সমুখৰজনে
ভাৱে নোকোৱাকৈ বুজি ল’লে কিজানি ক’ৰবাত ভুলেই হয় ! ...কিজানি অসম্পূর্ণ ভালপোৱাৰ
কথাবোৰ এইবাবেই ধুনীয়া !
তৃতীয়টো গল্প “ভালপোৱা?”... পেনপেনীয়া নোহোৱা
প্রেমৰ গল্পবোৰ বিষাদসনা হ’লেও ভাল লগা হৈ উঠে । (অৱশ্যে পেনপেনীয়াৰ অর্থটো সকলোৰে
বাবে একে নহয় ।) “ভালপোৱা”ৰ গল্প সি আৰু তাইক লৈ, য’ত ভালপোৱাৰ বাহানাটো হ’ল- “তাই
পলায় আৰু সি তাইক অনুসৰণ কৰে ।” সি ককাকৰ সৈতে বনৰীয়া দৰৱ বিচাৰি হাবিলৈ আহে আৰু
তাই আহে শামুক বুটলিবলৈ মাকৰ সৈতে । এয়া বহুদিনৰ আগৰ কথা । বহু বছৰৰ পিছত এদিন
পুনৰ দুয়োটাই বাহানাটোক লগ পাই গৈছে ! দৌৰি দৌৰি শেষত দুয়োটা ভাগৰি ৰৈ গৈছে । তাই
ভালপোৱা কেনেকুৱা বুলি সোধাত সি কৈছে- ভালপোৱা এনেকুৱা, ভাগৰ পলুওৱাৰ নিচিনা...
ষ্ট্র’বেৰীবোৰৰ দৰে, জিভাত থ’লে পমি যায় । সি তাইক পুনৰ লগ পালে পলাবনে নাই সুধোতে
কৈছে যে সি ধৰিব নোৱাৰালৈকে তো তাই পলাবই লাগিব । সি সোধে পলুৱা আৰু ধৰা পৰাৰ
পার্থক্য আছে জানো ? তাই কয়- নাই । সি তাইক সুধে- “মোক ভাল নোপোৱা ?” তাই বিদায় লৈ
পুনৰ দৌৰাৰ আগতে মেপল পাত এখিলাত লেখি দিয়ে তাইৰ উত্তৰটো... আৰু তাই তাৰপৰা বিদায়
লয় । সি পাতখিলা নিথৰ নদীৰ বুকুলৈ এৰি দিয়ে যিখিলাত তাই আচলতে একোৱেই লিখা নাছিল ।
...সি সেই সৰুতে ভাবিছিল যেতিয়া সিহঁত ডাঙৰ হ’ব, তাক ককাকে সাজি দিয়া দোতাৰাটো
ছেৰজাৰ সুৰটোৰ সৈতে তাইক বজাই শুনাব । ডাঙৰ হৈয়ো সি ভাবিছিল কোনোবা এদিন নির্জন
দুপৰীয়া যেতিয়া তাইক পুনৰ লগ পাব, নিঃসংগতা আৰু তীব্র কৰি তুলিবলৈ সি অবিৰাম বজাব
ককাকে সাজি দিয়া দোতাৰাটো । কোনোবা নির্জন দুপৰীয়া বা বিদ্যুত-উজ্জ্বল ৰাতি
আত্মমগ্ন হৈ ফুটপাথেৰে খোজ কাঢ়োঁতেও সি ভাবিছিল এই জগতৰ ক’ৰবাত যেন বাজি আছে
ছেৰজাৰ অক্লান্ত সুৰ । ...আৰু সি ভাবি থকাৰ দৰেই তাৰ বুকুৰ শূন্যতাক ভৰাই বাজি থাকিল
ছেৰজাৰ সেই বিষণ্ণ সুৰ, যি সুৰ গল্পৰ শেষত পঢ়ুৱৈয়েও শুনিবলৈ পাব ।
(“ছেৰজা”- ইয়াৰ বিষয়ে নাজানিছিলো । ‘গুগল’ কৰি
গম পালো ই বড়ো জনগোষ্ঠীৰ এবিধ লোকবাদ্য । https://www.youtube.com/watch?v=lQtzlsECWOs)
চতুর্থটো গল্পৰ নাম “গল্প” । ইয়াতো যদি
পঢ়ুৱৈয়ে পূর্বৰ গল্পকেইটাৰ দৰে ভালপোৱাৰ থুনুকা-আলফুলীয়া অনুভৱ পাব বুলি আশা কৰে
তেন্তে সেয়া ভুল হ’ব । হলিউডৰ থ্রীলাৰ মুভী যিসকলে চাইছে, তেওঁলোকে বেচ্ আমোদ পাব
‘গল্প’ পঢ়ি । মই পিছে ভয়তে অলপ সময় মুখ মেলি অবাক হৈ থাকিলোঁ ! গাটো চেঁচা পৰি
যোৱা হেন পাই দুয়োহাতেৰে বিপৰীত হাতৰ বাহুকেইটা ভালেপৰ মোহাৰি থাকিলো গৰম হওক বুলি
। গল্পৰ গল্পটো কৈ দিয়াৰ পৰা বিৰত ৰাখিছো নিজক, ৰহস্য ইয়াতে উদঙাই দিলে পঢ়ুৱৈয়ে
কেতিয়াবা গল্পটো পঢ়িলে আচল ৰসকণ নাপায়েই কিজানি ! অৱশ্যে এটা কথা কৈ থ’ব পাৰো যে-
গল্পটোৰ পাক ওলোটা আৰু মানুহক বিশ্বাস কৰিব নোৱাৰি, সিহঁত মহা চয়তান ।
পঞ্চমটো গল্প “ডালশলিয়া, আমাৰ আশা আৰু আশংকা, এখন ব্যক্তিগত ৰচনা” । ইয়াক গল্প বুলি নপঢ়ি লেখকে
নাম দিয়াৰ দৰেই ‘এখন ব্যক্তিগত ৰচনা’ হিচাপে পঢ়ি বেছি ভাল লাগিল । ডালশলিয়াৰ দৰে
মানুহৰ স্বভাৱক লেখকে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে, যিটো মই কেতিয়াও ভাবিয়েই চোৱা
নাছিলো- “ডালশলিয়া মানুহৰ দৰেই সমাজ আৰু সংসাৰপ্রিয় । মাটিৰ তলত গাঁত খান্দি
খলপা-খলপে আটোমটোকাৰিকৈ সজা ঘৰবোৰ দেখিলেই বুজা যায় সিহঁত যিদৰে সম্পত্তিৰ প্রতি
লুভীয়া আৰু জেদী, তেনেদৰে জীৱনৰ প্রতি আতুৰ এক জীৱও । ঠিক মানুহৰ দৰে । সিহঁত
ইমানেই আতুৰ যে সিহঁতে বিচাৰে আত্মচেতনাৰ মাজত নিজৰ অস্তিত্ব আৰু অধিক তীব্রভাৱে
অনুভৱ কৰিবলৈ । সেয়ে সিহঁতে এফালৰ পৰা সকলো কুটি যাবলৈ বিচাৰে । কিয়নো কুটাৰ
মাজতেই আছে সিহঁতৰ অস্তিত্বৰ উপলব্ধি । সত্য এয়াই যে ডালশলিয়াই কুটিবলৈ ভাল পায় ।
আৰু ইমানেই ভাল পায় যে কুটাৰ মাজতে সিহঁতৰ জীৱন হৈ পৰে সমর্পিত । ...কুটি কুটি
যেতিয়া আমাৰ অস্তিত্বৰ সীমনাত আহি উপস্থিত হয়, তেতিয়াই কুটিবলৈ আৰম্ভ কৰে আমাৰ
চেতনাকো ।” উগাণ্ডাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ গণেশগুৰি, হিউমেন ক্লিনছিঙৰ পৰা
আৰম্ভ কৰি মিকি মাউছলৈকে, অখিল গগৈৰ পৰা ছাঈফ আলী খানলৈকে ডালশলিয়াৰ নো কি
যোগসূত্র ? এনে অনেক তথ্যৰে পূর্ণ লেখাটো পঢ়ি হয়তো পঢ়ুৱৈ অলপ বিব্রত হ’বও পাৰে,
মোৰ দৰে, বুজি পোৱাত খেলিমেলি হ’ব পাৰে । সেই ভাবিয়েই কিজানি লেখকে সামৰণিত
উপসংহাৰ/মূলভাৱ হিচাপে উল্লেখ কৰিয়েই দিছে- “আমি যদি সূর্যগ্রহণৰ সময়ত X-Ray
পেপাৰেৰে ইজনে সিজনক চাওঁ- দেখিবলৈ পাম কিদৰে আমাক ধাৰণ কৰিছে একো একোটা প্রকাণ্ড ডালশলিয়াই
। আৰু আমিও ধাৰণ কৰি আছো সেই ডালশলিয়াবোৰকে । আৰু শূন্যতাৰ ফালে আশা আৰু আশংকাৰে প্রসাৰিত
এণ্টেনাত বহি কিবা এটা কুটিবলৈ অধৈর্য্য হে পৰিছোঁ । কিয়নো কিবা কুটাইতো আমাৰ জীৱন
। ডালশলিয়াৰ দৰে ।” আসঃ ! নিজক আইনাত চাই যেন নিজলৈকে পুতৌ জন্মিছে । কি অসহায় ! এই
যেন অস্তিত্বৰ সীমাত আহি পাইছোহি য’ৰপৰা নিজৰ চেতনাকো কুটিবলৈ আৰম্ভ কৰিম !
লেখাটোৰ তথ্যসূত্রত উল্লেখ কৰা প্রখ্যাত সাঁথৰবিদ বোৰিছ কোডেমস্কিৰ
সাঁথৰটো লিখি থোৱাৰ লোভ সামৰিব নোৱাৰিলো- “কাকাতুৱা বোলা দ্বীপ এটাৰ পৰা অহা এজন মানুহে
কৈছে- কাকাতুৱা দ্বীপৰ সকলো মানুহেই মিছলীয়া । এতিয়া প্রশ্ন হ’ল,
কাকাতুৱা দ্বীপৰ এই মানুহজনৰ কথাষাৰ সঁচা নে মিছা ?”
আন এটা গল্প “হেৰাই যোৱা”, য’ত এহাল দম্পত্তি
ৰাজু আৰু নীতাই বিবাহ-বিচ্ছেদৰ বাবে আবেদন কৰি বিচাৰালায়লৈ গৈ এজনে আনজনক হেৰুৱাই
পেলাইছে মানুহৰ ভিৰত, যিদৰে এদিন ৰাজুৱে নীতাক হেৰুৱাইছিল কোনো এখন চহৰৰ গ’লিবোৰৰ
মাজত । সেই অচিনাকী চহৰত নীতাক হেৰুৱাৰ পৰা পুনৰ বিচাৰি পাইছিল, অচিনাকী কেইজনমান
যুৱকৰ সমুখত তাইক বিয়া কৰোৱাৰ জবান দিয়াৰ পিছত । সেই ৰাজুৱেই পুনৰবাৰ হেৰুৱা নীতাক
বিচাৰি নিজেও হেৰাইছে ভিৰৰ মাজত । গল্পটোত উল্লেখিত বাঁহী বাদকজনে ৰাজুক দিয়া দুটা
প্রশ্নৰ উত্তৰৰ কথা কেইটা হে ৰৈ ৰৈ মোৰ মনত বাজি থাকিল; এটা- “যিয়ে সুৰীয়াকৈ বাঁহী
বজায়, তেওঁ আনক মূর্খ সজায় । আৰু যিয়ে বেসুৰীয়াকৈ বজায়, তেওঁ মূর্খ সজায় নিজকে ।”
আৰু আনটো- বাঁহীবাদজনে বিচাৰালায়খনত বাঁহী বজায় “দুখী মানুহক সুখী কৰিবলৈ আৰু সুখী
মানুহক দুখী ।”
ইয়াৰ পিছৰটো, অর্থাৎ সপ্তমটো গল্প হ’ল “ঈশ্বৰ
আৰু মন্ত্রী” । এজন মন্ত্রী, জীৱনকাল চমু চাপি আহিছে বুলি জানিবৰে পৰা কৰি অহা
কর্মৰ গ্লানিয়ে বিছাৰ দৰে গালৈ বগোৱা যেন অনুভৱ কৰিছে । নিজৰ পাপৰ হিচাপ লৈ
আত্মগ্লানিত ভুগিছে । এই পৃথিৱী এৰি যোৱাৰ সময় সমাগত বুলি জানি, জীৱনলৈ মোহ জাগিছে
বেছি, যাৰবাবে প্রাচুর্যৰ সমস্তখিনি সমাজৰ দুখী মানুহৰ মাজত বিলাই দিবৰ বাবেও
থিৰাং কৰিছে, ঈশ্বৰৰ দয়া ভিক্ষা কৰি কৈছে লাগিলে দুখী মানুহৰ মাজৰ এজন হৈয়ে জীয়াই
থাকিব জীৱনৰ বাকীকেইটা দিন । আৰু মৃত্যুমুখী শৰীৰৰ মূল্য নাই বুলি হুইস্কিৰ পেগ
এটা খাব লওঁতেই ডাঃ খান্নাই জনাইছে আগৰ ৰিপ’র্টটো ভুল আছিল, মন্ত্রীৰ ৰিপ’র্ট
আচলতে নিগেটিভ্ ! ...আৰু কিছু ক্ষণ আগতে নিজৰ পাপৰ পাহাৰ দেখি আত্মগ্লানিত নাকচ
কৰা নেশ্যনেল কনষ্ট্রাকশ্যনৰ টুৱেণ্টি পার্চেণ্টৰ প্রপোজেলটো পাক্কা কৰিবলৈ ফোন
লগাইছে । আসঃ ...এই লোভৰ গম্বুজ... যেন ওখ হৈ হৈ গৈ থাকে লালসাৰ পাহাৰ... আজিৰ
সময়ৰ এখন জীয়া ছৱি !
সংকলনখনৰ আনকেইটা গল্প ক্রমে- ষ্ট’ৰিজ এবাউট দ্য গ্রেট টিপিকে,
অসুখ, জোনাকত, কাগজৰ পখিলা, পোহন আৰু মহাপৃথিৱীত অকলে ।
“মহাপৃথিৱীত অকলে” গল্পটো পঢ়ি অনুভৱ কৰিব
পাৰি কিদৰে গোটেই জীৱন সুখী-আৰামদায়ক-ভোগবিলাসী জীৱন এটা বিচাৰি আর্জি থাকোঁতে
মানুহে জীৱনৰ সৰু সৰু সুখবোৰ উপভোগ কৰিবলৈকে নাপায়, সঁচা অর্থত যিবোৰে আচলতেই
জীৱনক অর্থ দিয়ে । এৰি অহা, আওকাণ কৰা আমাৰ কাষৰ-পাজৰ মানুহবোৰৰ অবিহনে কেৱল
সুখ-সম্পত্তিৰ ওখ অট্টালিকাত থাকি মানুহে যেতিয়া অনুভৱ কৰে যে এই পৃথিৱীত তেওঁলোক
কিমান অকলশৰীয়া, সেই উপলব্ধিৰ সময়কণ কিমান যে কৰুণ !
“জোনাকত” গল্পটোৰ নায়কৰ কথা কিছুমান খুব ভাল
লাগিল । নায়কে ‘মেডাম’ক লৈ গৈ আছে কোনো এক নির্দিষ্ট স্থানলৈ । কিন্তু সেই স্থান
গৈ পোৱাৰ পিছত কি হ’ব ? জোনাকত হেৰাই যাব খোজা ‘মেডাম’ৰ আশা পূর্ণ হ’লনে ? মেডামে
নো কিয় সেই অচিনাকী ডেকাজনৰ সৈতে বাট বুলিব লগা হৈছিল ? গল্পটো খুব আশাবাদী । কিন্তু
শেষত ওলমি থকা ‘কিন্তু’ টোৱে মনটো সেমেকাই তুলে । গল্পটোৰ ভাললগা কথাকেইটামান-
“মেডামঃ যদি দিশ ভুল হৈ যায় ?
ডেকাঃ দিশ কেতিয়াও ভুল নহয়, মেডাম । দিশ দিশেই
। দিশ ভুল হ’লেও গৈ গৈ অৱশেষত আমি সেই ঠায়েই পাম, য’লৈ আমাৰ যাব লগা থাকে ।/
মানুহে যিটো জীৱন পায়, তাক কটাবলৈ দ্বিধা আৰু সংকোচ কৰাৰ কোনো যুক্তি নাই মেডাম ।/
সপোনবোৰৰ ভিতৰতে আৰু নতুন নতুন সপোন থাকে । মেডাম, সকলো সপোন একেই__ সেই একেটাই ।/
মই ক’তো একো এৰি থৈ অহা নাই । মই সকলো মোৰ মাজতে কঢ়িয়াই লৈ ফুৰিছোঁ । সকলোৰে মাজতে
মই আছোঁ । মই তাতেই আছোঁ- য’ত মই আছিলোঁ ।”
এৰা, যিখিনি আমি নিজৰ লগতেই, নিজৰ মাজতেই অহৰহ
কঢ়িয়াই লৈ ফুৰো, তাৰ অভাৱ জানো অনুভৱ কৰা যায় ! ওঁহো, নাযায় !
খুব ভাল লাগিল দুয়োজনৰে কথোপকথনখিনি, যি খুব
ধুনীয়া । গল্পৰ নায়ক বেচ্ আশাবাদী । গোটেই বাটচোৱা মেডামকো তেওঁ নিৰাশ হ’বলৈ দিয়া
নাই ।
গল্পকাৰৰ আটাইকেইটা গল্পই ভিন্নসুৰীয়া,
ভিন্নস্বাদৰ । দুই-এটা বুজি পাবলৈ মোৰ বাকী থাকিল । পুনৰাই পঢ়িব লাগিব । সংকলনখনৰ
শেষৰ বেটুপাতত উল্লেখ থকাৰ দৰে- “এইখন গল্পৰ জগতত চৰিত্রবোৰৰ চাল-চলন, কথা-বতৰা,
ভাবনা, বাসনা সকলো বেলেগ । এই গল্পবোৰৰ কোনো পৰিসীমা নাই, বহলকৈ বহিবলৈ ভাল পায় ।”
গল্পকাৰৰ চমৎকাৰিতা তাতেই । সেই চমৎকাৰিতাৰ বাবেই আটাইবোৰ গল্প নতুন যেন লাগিল যদিওবা
কিছু জটিলো । গল্প পঢ়াৰ আনন্দও তাতেই ।
No comments:
Post a Comment