January 26, 2022

তপন দাসৰ নির্বাচিত গল্প

 


তপন দাসৰ নির্বাচিত গল্প
লেখকঃ তপন দাস
প্রথম প্রকাশঃ ডিচেম্বৰ ২০২০, আঁক-বাক

 

এইযে মানুহজন- ‘তাৰকা শিল্পী তপন দাস’- অভিনয় চাইছো, আবৃত্তি শুনিছো, কিন্তু তেখেতৰ গল্প পঢ়া নাছিলো । অভিনয়ৰ কথা বাৰু প্রায় সকলোৱে জানেই । আবৃত্তি যিসকলে শুনিছে, তেওঁলোকেও জানে তেওঁৰ কণ্ঠই কিদৰে কবিতা একোটাক প্রাণ দিয়ে । আৰু গল্প ? তেখেতৰ গল্প কিমানে পঢ়িছে নাজানো ! ময়ো প্রথমবাৰলৈ পঢ়িছো । তেখেতক সকলোৱে চিনে, তথাপি জানিব খুজিলে তলৰ লিংকটোত চাব পাৰে-

https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%AA%E0%A6%A8_%E0%A6%A6%E0%A6%BE%E0%A6%B8

তপন দাসৰ নির্বাচিত গল্প” তেখেতৰ ১৪ টা গল্পৰ একত্রিত সংকলন । গল্পকাৰৰ একাষাৰত তেওঁ উল্লেখ কৰিছে- “মন গ’লে দায়িত্বশূন্য হৈ লেখা-মেলা কৰা অভ্যাস এটা আছিল ছাত্রাৱস্থাৰে পৰা । পৰিশীলিত চর্চা নাছিল কোনোকালে । লঘু ৰসৰ বিনোদনমূলক লেখা ।” পিছে গল্পকেইটা পঢ়ি তেখেতৰ এই ‘লঘু ৰসৰ বিনোদনমূলক লেখা’ কথাষাৰ মানি ল’ব নোৱাৰি ।

কিতাপখনৰ প্রথমটো গল্প ‘মেঘমল্লাৰ’ । গল্পৰ স্থান মাজুলী । শীতৰ বতৰত গল্পটো পঢ়াৰ বাবেই কিজানি কাতি মাহৰ দুপৰৰ গল্পটোতো ‘শীতকালত গৰম কাপোৰ লৈ, ধোমায়িত ক’ফি একাপত চুমুক দি দি গল্প পঢ়া’ৰ যি আমেজ, তেনেকুৱা এটা আমেজে মনত ক্রিয়া কৰি থাকিল নেকি নাজানো... এই যেন বৰষুণ এজাক... চিপচিপীয়া... । আকাশ, মেঘ ইত্যাদিক লৈ বহুজনে গল্প লিখিছে, ভালেমান নহ’লেও দুই-চাৰিটা পঢ়িছো । কিন্তু এই গল্পতে প্রথম পঢ়িলো- আকাশত গোট খোৱা ‘সীহ বৰণীয়া’ মেঘৰ কথা আৰু ধাননি এডৰাৰ ওপৰেৰে আগুৱাই অহা ‘প্রকাণ্ড ক’লা নোমাল বিছা’ৰ দৰে এছটা কলীয়া ডাৱৰৰ ছায়াৰ কথা । ভাবি থাকিলো- একেটা বস্তুকে প্রতিজন ব্যক্তিয়ে কিমান কি ৰূপত কল্পনা কৰিব পাৰে !

গল্পৰ নায়কে চার্কিট হাউছৰ বাৰাণ্ডাত বহি উপভোগ কৰিছে মাজুলীৰ সৌন্দর্য, অকলে । হঠাৎ আহিছে এজাক বৰষুণ । নায়কে প্রথমবাৰ এনে এজাক বৰষুণ দেখি তাৰ প্রেমত পৰিছে । সন্মুখৰ ঘাঁহনিডৰাত জমা হোৱা পানীৰ ডোঙাবোৰৰ ওপৰত পৰা বৰষুণৰ টোপালবোৰক নায়কে কৈছে- “চিলিক্ চিলিককৈ ৰূপালী ছিটিকনিবোৰে খেলা কৰি আছে স্কুলত নাম নিলিখা এজাক কণ কণ শিশুৰ দৰে” বুলি । নায়কে তেনেকৈ বৰষুণ উপভোগ কৰি থাকোতেই এন্ধাৰ হৈছে । তেনে সময়তে এছ ডি অ’ চাহাব, দত্তক বিচাৰি মানুহ এজন আহিছে । দত্ত নথকাত নায়কে মানুহজনক ৰ’বলৈ কৈছে যদিও তেখেতৰ সময়ৰ নাটনি বাবে ৰ’বলৈ নোৱাৰি নিজৰ ঠিকনাটো কাগজত লেখি নায়কৰ হাততে দি গৈছে দত্ত চাহাবক দিবলৈ ।

দত্ত আহিল, নায়কৰ সৈতে ব্রাণ্ডিৰ বটল লৈ বহিল, চকীদাৰ দেৱেনে মুর্গী মাংসৰ যোগান ধৰিলে দুয়োকে । দত্তই নায়কক দিনটো কি কৰিলে বুলি সোধাত বৰষুণৰ সৌন্দর্য উপভোগ কৰাৰ কথা ক’লে । বৰষুণ !! দত্ত, দেৱেন আনকি ঠেলাৱালা অনল কামালেও ক’লে যে সেইপিনে সেইদিনা বৰষুণ দিয়াই নাই ! জীয়াই আছে নে মৰিল ভাবি ভাবি নায়কে দিনটোৰ কথাবোৰ পুনৰবাৰ সোঁৱৰি সেই মানুহজনে দি যোৱা ঠিকনা লিখা কাগজখন বিচাৰি পেণ্টৰ জেপত উদ্ধাৰ কৰিছে । এইবাৰ নায়কৰ আচৰিত হোৱাৰ পাল ! সেয়া কাগজ নহয়, দুভাঁজ কৰা এখিলা পদুম পাত, যিখনত লাগি আছিল ‘অপক্ক ধান, বন্যপুষ্প আৰু নৈপৰীয়া কেঁচা মাটিৰ এটা মিশ্রিত গোন্ধ’ । ভাঁজ খুলি চোৱাত নায়কে দেখিলে- “পাতখিলাৰ বুকুত কাঠীৰ আঁচোৰেৰে সুন্দৰ আখৰত লিখা আছে, এটা শব্দ- ‘বৰষুণৱালা’ ।”

গল্পকাৰ নাটক কৰা মানুহ ! কেইবাটাও গল্প পঢ়ি এই কথাষাৰেই ভাবি থাকিলো মই ।

দ্বিতীয়টো গল্প ‘মাৰীচ’ । এখন থিয়েটাৰ । এখন নাটক ‘শকুন্তলা’ । পুষ্প, ৰূপা আৰু মাৰীচ তাৰেই অংশ । এবাৰ পঢ়ি অনুমান কৰিব নোৱাৰি কোনখিনি আচল নাটক, কোনখিনি নাটকৰ আখৰা, নে আটাইবোৰ এখন নাটকৰ একো একোটা দৃশ্য । মাৰীচ নহ’লে ‘শকুন্তলা’ নাটৰ প্রদর্শন নহয় । মাৰীচ বা কোন ! অৱশ্যে ক’ব পাৰি এয়া সঁচা থিয়েটাৰৰ সঁচা নাটকৰ সঁচা গল্প ।

তৃতীয় গল্প ‘ওথেলো’ । গল্পটোত গল্পকাৰক এজন বন্ধুৱে চার্লি চেপলিনৰ এটা গল্প শুনাইছে- “এজন মানুহ ফায়াৰিং স্কোৱাডৰ সন্মুখত থিয় হৈ আছে, যাৰ মৃত্যু আসন্ন, মুহূর্ততে গুলীয়ে থকা সৰকা কৰিব দেহ । এজন বিষয়াই সন্মুখৰ বন্দুকধাৰীসকলক নির্দেশ দিছে- বন্দুক উঠোৱা, নিচান লগোৱা, ট্রিগাৰত আঙুলি ৰাখা আৰু নাও ... । শেষৰটো শব্দ ‘ফায়াৰ’ কোৱাৰ আগতেই আন এজন বিষয়াই কাগজ জোকাৰি দেখুৱালে যে সেয়া মানুহজনৰ মৃত্যুদণ্ডৰ ৰেহাইৰ অর্ডাৰ । নির্দেশ সলনি কৰি বিষয়াজনে ক’লে- ...নাও ষ্টপ । কিন্তু লগে লগে বন্দুকধাৰীসকলৰ হাতত বন্দুক গৰজি উঠিল, থকা-সৰকা হৈ পৰিল বন্দীজনৰ দেহপিঞ্জৰ ।” বন্ধুজনে অভিনয়ৰ প্রসংগত উক্ত গল্পটো গল্পকাৰক শুনাইছে । ছন্দ । ৰীডম । সেই বন্দুকধাৰীসকলৰ নির্দেশনামা বন্ধা আছিল এক ৰীডমত । যাৰবাবে ‘নাও ফায়াৰ’ আৰু ‘নাও ষ্টপ’ৰ পার্থক্য সিহঁতৰ মগজুত নোসোমাল । তেনে এক ছন্দৰ চিকাৰ হ’ল গল্পকাৰৰ চিনাকী চৰিত্র- ৰবীন, যি অটো চলোৱাৰপৰা গৈ অভিনয় কৰিবলৈ লৈছিল । যি দিনত অটো চলাইছিল সাধাৰণ যাত্রীৰ বাবে আৰু ৰাতি শ নিছিল শ্মশানলৈ বুলি ! অটোখনৰ নাম দিছিল ‘ওথেলো’ । আৰু সেই সকলোবোৰ এৰি এদিন সি অভিনয়ৰ শিক্ষা লৈ অভিনয় কৰিছিল ‘হেলমেট’ নাটকত । পিছে তাৰ পিছতেই সি উভতি আহি পুনৰ অটোচালক হৈছিল । তাৰপিছত ?

গল্পটোত গল্পকাৰে বন্ধুৰ সৈতে পাতিছে অভিনয় বিষয়ক অনেক কথা- মেথড এক্টিং, বাস্তৱধর্মী অভিনয়ত আৱেগ স্মৃতিৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি অনেক কথা ।

ৰবীনে গল্পকাৰক সুধিছিল- অভিনেতা হ’বলৈ কি কি জ্ঞান লাগে ? গল্পকাৰৰ বন্ধু প্রিয়সিন্ধুৰ মতে “আচলতে কি নালাগে সেইটো নির্ণয় কৰি ল’লেহে কথাটো সুবিধাৰ হয় (এই কথাষাৰ সদায় মনত ৰৈ যাব!)। ...মনত ৰাখে যিয়ে জটিল সকলোবোৰ আৰু সকলো সহজ সাধাৰণ । মনত থাকে যাৰ-কেনে লাগে অৱহেলা বা প্রত্যাখান, কেনে লাগে হ’লে স্নেহত আকুল, খঙত বিতত অথবা কেনে লাগে হ’লে গর্বেৰে ভৰা মন । শৈশৱৰ যতবোৰ অনুভৱ, আৱেগ আৰু তাৰ প্রকাশ... ।” প্রিয়সিন্ধুৰ কাব্যিকতাৰ ৰস থকা এই কথাখিনি দীঘলীয়া । কবিতাৰ দৰেই পঢ়ি চালো কেইবাবাৰো, ভাল লাগিল । গল্পকাৰৰ সেয়া নিশ্চয় নিজৰ অভিজ্ঞতা । অভিনয়ৰ প্রতি আগ্রহী সকলৰ বাবে সেইখিনি দৰকাৰী কথা যেন অনুভৱ হ’ল । প্রিয়সিন্ধুৰ অন্য এষাৰ কথাও ভাল লাগিল- “আমি যিয়ে কথাৰে মনৰ ভাববোৰ প্রকাশ কৰোঁ, বোধহয় শ্রোতাজনতকৈ আৱশ্যকীয়ভাৱে কম গম পাওঁ যে আমি আচলতে কি প্রকাশ কৰিছোঁ ।” খুব সঁচা কথা এষাৰ । আমি কৈ থাকোতে গম নাপাও কি কি কৈ আছো, কিন্তু শুনাজনে বহু কথাই বুজি লয়, অনুমান কৰি ল’ব পাৰে আৰু আমি নাই কোৱা বুলি ভাবি থাকিও আচলতে ভালেমান কথা কৈ দিওঁ ।

আটাইকেইটা গল্পই যথেষ্ট দীঘল । একেবাৰে চুটি গল্পটো হ’ল তিনি পৃষ্ঠাৰ- ‘প্রাচীন ঠুম্ ৰি’ । কিয় নাজানো গল্পটো পঢ়ি থাকোতে যেন মনত বাজি থাকিল গল্পকাৰৰেই আবৃত্তি “...ভোকাতুৰ শিশুহঁতে ফালি পেলায় ফুটপাথত প্রেমৰ বৃহৎ কবিতা, বেশ্যাবোৰে ভেঙুচালি কৰে ক্লীব দেউতাকহঁতক, ভিক্ষাৰীবোৰে থুৱাই দিয়ে দেশৰ সংবিধানক...” । নাটকীয়, কাব্যিক, কৰুণতাৰ প্রলেপ সনা গল্প । অনুভৱ হ’ল যেন গল্পকাৰে আবৃত্তি কৰি আছে কোনো কবিতাৰ দৰেই এই চুটি গল্পটো ! চকুৰ আগত ভাঁহি থাকিল গল্পকাৰৰ কোনো অভিনয়ৰ কোনো এটা জীয়া চৰিত্রৰ মুখাবয়ব ! সমাপ্তিটো এনেকুৱা- ...ৰাজসিক মেজাজত চৌহদৰ ভিতৰলৈ সোমাই যায় তাইক লৈ যোৱা নিমজ ৰূপালী গাড়ী । নিশাৰ ভাগৰুৱা গোন্ধৰ মাজেৰে তাই এসময়ত উভতি আহে, ট্রেইন লাইনৰ কাষৰ টিনপাতৰ সৰু ঘৰ এটাৰ অভিমুখে । ক’ৰবাত গেছ চিলিণ্ডাৰ ফাটি হয়তো জুই লাগিছে, হট্টগোল । তাইক থৈ ক্রমে অদৃশ্য হ’বলৈ লোৱা ৰূপালী গাড়ীৰ ৰঙা বেকলাইটটো দেখি তাই ভাবিছে যে তাই নিজেও এখন গাড়ী, টিকটিকীয়া ৰঙা, জুই লাগিলে জুই নুমুৱাবলৈ যোৱা !

ইয়াৰ পিছৰ গল্পকেইটা ক্রমে- বদ্রীনাথ, প্রথম স্পর্শ, বনপথে, আৰু এটা বাতিল গল্পৰ মুদ্রণ । গল্পবোৰৰ কোনো এটা চৰিত্র যদি সঁচা, কোনো এটা গল্পকাৰে কল্পনাৰে গঢ়ি-পিতি লৈছে ।

প্রথম স্পর্শত টিকটিকে চিনেমা হোলৰ টিকট কাউণ্টাৰৰ হোলটোৰ ওপৰত ডকুমেন্টৰী বনুৱাৰ উদ্দেশ্যৰে বর্ণোৱা কথাখিনি একেবাৰেই জীয়া ছবি হৈ যেন চকুৰ আগত ধৰা দিলে... আমাৰ দিনৰ চিনেমাহোল, হাঃ হাঃ ! ...“ছয়-সাতখনমান হাত । টিকট কাউণ্টাৰৰ হোলটোৰে সোমাই আহিব । কম্পাৰেটিভলী ষ্ট্রং আৰ এগ্রেছিভ হাত এখন অলপ বেছি আগুৱাই আহিব । মুঠিটো খোল খাই যাব । তলুৱাত ঘামত ভিজা নোট । টকাটো ল’ব টিকট দিয়াজনে । আঙুলি লৰাই হাতখনে জনাই দিব কেইটা টিকট লাগে । হাতখন গণকক দেখুওৱাৰ দৰে ফুল অ’পেন হৈ ৰৈ থাকিব কিছুপৰ । তলুৱাত পৰা মাত্রকে জীয়া মাগুৰ ধৰাদি টিকট লৈ সুৰুৎকৈ বাহিৰ হৈ যাব । ইতিমধ্যে অন্য হাত এখন আগলৈ প্রচিড কৰিব । মেল খাব মুঠি । তলুৱাত পাঁচশ টকীয়া নোট । টিকট দিয়াজনে বিৰক্তিৰে সেইখন এৰি অন্য এখন হাতৰ মুঠিত টুকুৰিয়াই দিব ।...” ইয়াত নো এনে কি ইন্টাৰেষ্টিং কথা আছে বুলি জিঞ্জিৰিয়ে প্রশ্ন কৰাত টিকটিকে কৈছে- “হোলটোৰে সোমাই অহা হাতবোৰৰ গঠন, কালাৰ, এক্সপ্রেছিভনেছ, ছফটনেছ চাবি । চূণ লগা হাত, গ্রীজ লগা হাত । হাতৰ ৰেখা, আঙুলিবোৰ চাবি । কেইটা ৰিং, কি ষ্টোন, কেইটা কাঠ আচিনা, কি ঘড়ী, সেইধৰণে ফিংগাৰ মুভমেণ্ট, হাতৰ ইম্পেচেঞ্চ, চব বদলি যাব । ...লেডিজ কাউণ্টাৰটো আৰু বেছি কালাৰফুল । লিহিৰি, জেতুকা লগা, ভেৰাইটী নেইল পলিচ লগোৱা ।” টিকটিকৰ এই সুক্ষ্ম পর্যবেক্ষণক জিঞ্জিৰিৰ দৰেই ময়ো বেচ্ তাৰিফ কৰিছিলো মনতে । বাঃ ! চিনেমাহোলৰ টিকেট কাউণ্টাৰৰপৰা আৰম্ভ কৰি চিনেমাহোলৰ ভিতৰত ঘটা কিছু ঘটনা... এটা চমৎকাৰ গল্প !

‘বনপথে’ত গল্পকাৰে নিজৰ উদেশ্যহীন বাটৰ লগৰী হিচাপে মৰিয়মক কল্পনাৰে সাজি লৈছে । বাটত তেওঁ পৰস্পৰৰ শত্রু দুজন বুঢ়াৰ কথা কৈছে । দুয়োৰে দুই পুত্র । এজনৰ নক্ষত্র, আনজনৰ সূর্য । দুয়ো দুইপুত্রক তালিম দিছে কথাৰে ক’তো ঘাইল নহৈ, জব্দ কেনেকৈ কৰিব পাৰি । এদিন বাটেৰে গৈ থকা নক্ষত্রক সূর্যই সুধিলে ‘ক’লৈ যোৱা?’ উত্তৰ- ‘পদযুগলে য’লৈকে নিয়ে ।’ সূর্য ঘাইল । বৃদ্ধ বাপেকক আহি কোৱাত বাপেকে শিকালে পুনৰ একেটা প্রশ্নৰ উত্তৰ যেতিয়া নক্ষত্রই তেনেকৈ দিব তেতিয়া সুধিব যে ‘যদি পদযুগলেই নাথাকে?’ পিছদিনাও একেই প্রশ্ন । নক্ষত্রৰ উত্তৰ- ‘বতাহে যিফালে নিয়ে’ । সূর্য পুনৰবাৰ ঘাইল । পুনৰ বাপেকৰ শিকন, পিছৰবাৰ যেন সুধে ‘যদি বতাহ স্তব্ধ হৈ যায়?’ পিছদিনা আনন্দমনেৰে খাপ পিটি ৰৈ থকা সূর্যই নক্ষত্রক সুধিলে ‘ক’লৈ যোৱা?’ নক্ষত্রই খন্তেক ৰৈ দার্শনিকৰ দৰে উত্তৰ দিলে- ‘ফার্মাচীৰ পৰা মূৰৰ বিষৰ টেবলেট আনিবলৈ ।’ পাঠকে কি বুজিব বুজা টান । গল্পকাৰে সামৰণি মৰাৰ দৰে ক’ব পাৰি- ‘কোনো কাৰণ আৰু উদ্দেশ্য নোহোৱাকৈও মূল ৰাস্তাৰ পৰা ফাটি যোৱা অচিন-অজানা বনপথ এটাৰে এইদৰে বহুদূৰ গৈ থাকিব পাৰি ।’ ...মৰিয়মৰ দৰে আপুনিও কোনো কাল্পনিক চৰিত্র একোটাক নিজৰ লগৰীয়া কৰি ল’ব পাৰে তেনে কোনো উদ্দেশ্যহীন যাত্রাৰ !

‘এটা বাতিল গল্পৰ মুদ্রণ’ মোৰ বাবে জটিল গল্প ।

‘এটা ভূতৰ গল্প’টো সঁচাকৈয়ে ভূতৰ গল্প । কিন্তু কেৱল মাত্র এটা ভূতৰ নহয়, কেইবাটাও ভূত-ভূতুনীৰ গল্প । “সিহঁতে এখন বাতৰি কাকতো উলিয়াই- ‘দৈনিক ছায়াবাজী’ । ইংৰাজী এডিশ্যন এটাৰ কথাও ভাবিছে, এডিটৰৰ বাবে ভবা হৈছে আব্রাহম লিংকনৰ কথা । উদ্দেশ্য- অশৰীৰী সমাজখনত থকা অন্ধকাৰবোৰ নাশ কৰা, যেনে- নিজে গুলী কৰা, হাতৰ সিৰ কটা, গ্রেণেড... ধর্ষণ... ।” কি ভাবে, এয়া সঁচাকৈয়ে ভূতৰ গল্প নে ?

আন দুটা গল্প ‘গোগোপণ্টি লাক্রাতুৱা’ আৰু ‘দীঘলা বৰুৱাৰ দালান’ত গল্পকাৰে নিঃসংগতাই মানুহক কেনেকৈ কি কি কৰিবলৈ প্রৰোচিত কৰে সেয়া খুব ধুনীয়াকৈ (!) প্রকাশ কৰিছে ।

‘গোগোপণ্টি লাক্রাতুৱা’ৰ নায়ক নিলোৎপল । কবি, শিক্ষক । কলেজত যাক বন্ধুসকলে নাম দিছিল ‘শুভ, শুদ্ধতা আৰু শুভ্রতাৰ প্রতীক’ বুলি । যাৰ উপস্থিতিয়ে স্থবিৰ মুহূর্ত এটাক প্রাণচঞ্চল আৰু কবিতাময় কৰি পেলাইছিল । পিছে এতিয়া সম্পূর্ণ বিপৰীত । গল্পকাৰে লগ পাইছে শুকান কাঠ এটুকুৰাৰ দৰে । নিলোৎপলে কয়- ‘ভগৱান, ভূত আৰু ভালপোৱাৰ অস্তিত্ব তর্কশূন্যভাৱে প্রমাণ কৰিব নোৱাৰি এই পৃথিৱীত ।’ নিলোৎপলৰ অভাৱী পৃথিৱীৰপৰা বাগদত্তা গুচি গৈছে আন কোনো ধনী ব্যৱসায়ীৰ সৈতে । সেয়ে সি ভাবে- ‘নেচেছিটী ইজ দা মাদাৰ অব্ ষ্টেঞ্জ বেড্ ফেলোজ ।’ মাকে কৈছিল তাক- ‘কবিতা খাই পেট নভৰে কাৰো, যাবই ।’ গতিকে সি মাষ্টৰী বাদ দি বিচাৰি পালে গোগোপণ্টি লাক্রাতুৱাক । সি চালাক, বুদ্ধিমান আৰু সময়ৰ শৰ মাৰিব জানে । তাক সাৰথি কৰি নিলোৎপলে ঠিক কৰিলে তাৰ মন্ত্র- ‘পেটৰ বাবে বাচিম, হৃদয়ৰ বাবে নহয় ।’

নিলোৎপল আচলতে অকলশৰীয়া হৈ পৰিছিল । কাৰোৰে সৈতে মানসিক যোগাযোগ সম্ভৱ নহৈছিল । সি সৃষ্টি কৰি লৈছিল এটা অর্থহীন আৰু অস্তিত্বহীন শব্দবন্ধু ‘গোগোপণ্টি লাক্রাতুৱা’ । তাৰ ৰং-ৰূপ, আকাৰ একো নাজানে যদিও সেই শব্দবন্ধুৰ সৈতে তাৰ সুন্দৰ মানসিক যোগাযোগ ঘটে; সি চালাক, চতুৰ, ভাল আৰু বেয়াও । তাৰ সৈতে বেংক লুট কৰাৰ অভিযান, গাঞ্জাৰ ব্যৱসায়ত হাত মিলোৱা, চৰকাৰী কার্যালয়ত লাখ টকাৰ ছাপ্লাই কৰি ধন ঘটাৰ আখৰা কৰে সি । তাৰ সেই শব্দবন্ধুৰ কথা শেষত সি গল্পকাৰৰ ওচৰত স্বীকাৰ কৰিছে এনেকৈ । ‘গোগোপণ্টি লাক্রাতুৱা’ৰ দৰে খেল এটা দেখুৱাম বুলি কৈ গল্পকাৰৰ হাতত তাৰেই টিকট এটা গুজি দি সন্মুখৰ ভৰা নৈত জাপ দি নিলোৎপল চিৰদিনলৈ গুচি গৈছে । সি দি যোৱা টিকটটোত লিখা আছিল- ‘মোৰ মহাপ্রস্থানৰ বাবে যেন কাকো জগৰীয়া কৰা নহয় ।’ সি দি যোৱা বাতৰি কাকতৰ টোপোলাটো খুলি চোৱাত গল্পকাৰে পালে তেজে কৰাল বান্ধি থকা এখন ডেগাৰ আৰু সংক্ষেপে লিখা এটা বাতৰি- ‘প্রাক্তন প্রেমিকৰদ্বাৰা নৱবিবাহিতা গাভৰু হত্যা ।’

নিলোৎপলে সুধিছিল- ‘পূবৰ পৰা বেলিটো যে ওলাবলৈ ধৰিছে, নৈখন যে বৈ আছে, নাওখন যে গৈ আছে, মানুহবোৰে যে শ্বাস-প্রশ্বাস লৈ আছে এইটোক কি কয় জান ?’

গল্পকাৰে কৈছিল- ছিম্ফনী । নিলোৎপলৰ মতে সেয়া ‘গোগোপণ্টি লাক্রাতুৱা’ ।

গল্পকাৰে ভাবিছিল- ‘প্রতিটো ডাঙৰ সমস্যাৰ অভ্যন্তৰত এটা সৰু সমস্যাই অনবৰত তাৰ বেৰজাল ফালি ওলাই আহিবলৈ চেষ্টা কৰি থাকে ।’ কথাষাৰ ভালেপৰ ভাবি থাকিলো । কোনোবা সময়ত মানুহ বহু মানুহৰ মাজত থাকে যদিও বিশেষ কিছুমান মানুহৰ সৈতেহে মানসিক যোগাযোগ একোটা সম্ভৱ হৈ উঠে । তেনে কিছুমান মানুহৰ সৈতেহে মানুহে কিছুমান কথা ভগাই ল’ব পাৰে । তেনেকুৱা কিছুমান সময়ত যেতিয়া কোনোৱে সেই মানসিক যোগাযোগ একোটা নাপায়, নিজে নিজক চম্ভালি ল’ব পৰা সকলে নিজকে সামৰিব পাৰে কিন্তু কোনোৱে নোৱাৰে । নোৱাৰিলেই সৃষ্টি কৰি লয় একো একোটা ‘গোগোপণ্টি লাক্রাতুৱা’ৰ দৰে বন্ধু যি কেতিয়াবা লৈ যায় নাযাবলগীয়া বাটেৰে । নিলোৎপলে কোৱাৰ দৰে ‘সি ভালও’ । নিলোৎপলে চাগৈ ভাল বাটটো দেখালৈ বাট নাচালে !

সেইদৰেই ‘দীঘলা বৰুৱাৰ দালান’ত থকা বুঢ়াটো ! লগত কাম কৰা ল’ৰা ৰতন । মানুহে কয় ভূতীয়া ঘৰ বুলি । গল্পৰ নায়কে এদিন সেই বাংলাতে ওপৰ মহলৰ খিৰিকীত আৱিষ্কাৰ কৰে এগৰাকী সুন্দৰী । কিন্তু মানুহৰ মতে, বুঢ়াটোৰ মতে, আনকি ৰতনৰ মতেও তাত কোনো নাথাকে, থাকে কেৱল বুঢ়া আৰু ৰতন । নায়কে পিছে সেয়া বিশ্বাস নকৰে । সেই সুন্দৰীৰ কাষ চাপিবলৈকে লাহে লাহে বুঢ়াটোৰ সৈতে সৌহাদ্যপূর্ণ সম্পর্ক এটা গঢ়ি তুলে । চল-চাতুৰীৰে এদিন সেই সুন্দৰীৰ ৰহস্য ভেদ কৰিবলৈ গৈ নায়কে আৱিষ্কাৰ কৰে অন্য এক সত্য । বুঢ়া নিঃসংগ মানুহ । প্রবাসতো কোনো নাছিল, দেশতো কোনো আপোন নাই । সেই ঘৰটোও অভিশপ্ত, বিনা পইচাত ভাড়া দিলেও কোনো নাথাকে । দুখ-আনন্দ প্রকাশ কৰিবলৈ সেয়ে বুঢ়াৰ কোনো নাই । ডেকা বয়সত টি বি হৈছিল বাবে বন্ধুবোৰো আতৰি গ’ল, কোনেও ছোৱালীও বিয়া নিদিলে বুঢ়ালৈ । কিন্তু বুঢ়াৰ মন যায় কথা ক’বলৈ, আড্ডা দিবলৈ, ৰাস্তাৰে পাৰ হৈ যোৱা শিশুক আদৰ কৰিবলৈ । কিন্তু কোনো কাষ নাচাপে ঘৰটো অভিশপ্ত বাবেই । নায়কৰ সৈতে কথা পাতিবলৈ পালে সেয়ে বুঢ়াই এৰি নিদিছিল, অনুভব কৰিছিল আত্মীয়তা । কিন্তু নায়ক গৈছিল সুন্দৰীক পোৱাৰ আশাত হে । বুঢ়াই নিজৰ নিঃসংগতা দূৰ কৰিবলৈ উপায় বিচাৰি লৈছিল- সুন্দৰী গাভৰু ! তেতিয়া তো মানুহ আহিব । আহিছিলো । যিদৰে গল্পৰ নায়কো গৈছিল । বুঢ়াই নিজেই শাৰী পিন্ধি, মুখা লগাই, উইগ পিন্ধি সুন্দৰীৰ বেশেৰে ওপৰ মহলৰ খিৰিকীত, বাৰাণ্ডাত দেখা দিছিল মাজে মাজে । বুঢ়াই যেতিয়া সকলো স্বীকাৰ কৰি নায়কক সুধিছিল সি তেওঁক আপোন বুলি ভাবিব নোৱাৰেনে বুলি, নায়কে দেখিছিল ‘পৃথিৱীৰ সহস্র খিৰিকীমুখত আয়ত-অত্যুজ্জ্বল চকু আৰু গৌৰ মুখচন্দ্রমাৰে থিয় হোৱা সহস্রজনী গাভৰুতকৈ এই সেই নিসংগ-নির্জন আৰু স্বজনৰহিত বৃদ্ধৰ মুখখন অধিক আকর্ষণীয় হৈ উঠিছিল ।’

নিসংগতাই মানুহক এনেকৈয়ো পীড়া দিয়ে ! আপোন আত্মীয়তাৰ অকণমান উমাল সান্নিধ্য বিচাৰি মানুহ এনেকৈয়ো ব্যাকুল হৈ থাকে ! বুঢ়াৰ প্রতি সহানুভূতি নে পুতৌ নে অন্য কিবা অনুভৱ কৰিলো সেয়া যেন সঠিককৈ নিজেই বুজি নাপালো ! কি অদ্ভুত কাৰুণ্যতা !

আন এটা গল্প ‘ক্লেপ্’ । এটা ধেমালি যেন লগা বাজিৰ শেষত অমিতাভে বিয়াৰ দিনাই নিজৰ জীৱন শেষ কৰি দিছে । আচলতে কোন দায়ী অমিতাভৰ মৃত্যুৰ বাবে ? সেই চয়তান পোৱালিকেইটা যিকেইটাক বুদ্ধই পইচা দিছিল অমিতাভক জোকাবলৈ নে বুদ্ধ আৰু পুলপুলি নিজে দায়ী ? পানীভাৰী কুঁজা বংকু দায়ী নে অমিতাভৰ সৰুতে ভগা, অলপ বেঁকা সোঁহাতখন দায়ী ? নে দায়ী আছিল অমিতাভৰ হ’বলগীয়া পত্নী ?

শাৰিৰীক খুঁতবোৰক লৈ মানুহক জোকাই ৰং চোৱা কাৰবাৰটো মুঠেও ভাল নালাগে । আমি ভাবিবও নোৱাৰো সাধাৰণ যেন লগা কথা এটাই কাৰোবাক কিমান মানসিক শাস্তি দিব পাৰে, কিমান গভীৰলৈকে আঘাত সানিব পাৰে । ধেমালিতে হ’লেও ধেমালিও সীমা চেৰাই যোৱা বিধৰ হ’ব নালাগে । আমি কেতিয়াবা বিশেষ একো নভবাকৈ কিছুমান কথা কৈ দিওঁ, কিছুমান কাম কৰি দিওঁ... আমি সাধাৰণ যেন বুলি ভাবিলেও কেতিয়াবা সেইবোৰে কাৰোবাৰ এনে ক্ষতি কৰে যাক কেতিয়াও পূৰ কৰা সম্ভৱ হৈ নুঠে ।

গল্পটো পঢ়ি বেজাৰ লাগিল । গল্পত উল্লেখিত ‘মেটাডোৰ’ শব্দটো সৰুতে শুনা মনত পৰে । দেখিছিলোও চাগৈ । পিছে সেই গাড়ী দেখাত কেনে আছিল সোঁৱৰণিৰ সাকুতিৰেও ঢুকি নাপালোগৈ । আৰু এইযে ‘বংকু’ নামটো ! কিয় জানো মনলৈ আহি আছে কিবা গল্প এটা পঢ়িছিলো যেন এই ‘বংকু’ নামটো থকা ! ‘বংকু, দে বজাই বাঁহী’ নে কিবা আছিল । কাৰ গল্প, কেতিয়া পঢ়িছিলো, আচলতেই পঢ়িছিলো নে নাই ক’ব নোৱাৰিম ! স্মৃতিৰো যে কি খেল !

‘বাল্ব’ গল্পটো পঢ়ি চুটি ছায়’ফিক চিনেমা চোৱাৰ দৰে অনুভৱ হ’ল ক’ৰবাত (হ’ৰৰ বুলি ক’ব পৰা নহ’ব চাগৈ)। সঁচাকৈ যদি সেই বিশেষ বাল্বটোৰ দৰে বাল্ব থাকিলহেঁতেন ! বোৱাৰীয়েকৰ কথা মানি দস্তিদাৰে এটকা পঞ্চাছ পইচা দি বাল্ব এটা কিনি আনে, সচৰাচৰ দামতকৈ যথেষ্ট কম দাম । বাল্বটোৰ আকৃতিও বেলেগ, আপেল এটাৰ দৰে । বাল্বটোৰ পোহৰৰ ৰঙে বৰণ সলাই থকা বিশেষত্বক লৈয়েই দস্তিদাৰ সহিতে পুতেক-বোৱাৰীয়েকৰ গধূলিটো বেছ স্ফূর্তিৰে পাৰ হ’ল । ৰঙতে দস্তিদাৰে বাল্বটো কিনি অনা দোকানৰ মানুহজনৰো স্কেচ্ এখন আঁকি উলিয়াই ।

ৰাতি যেতিয়া দস্তিদাৰে পুৰণি ফটোৰ এলবামখন লুটিয়াই শৈশৱ, কৈশোৰ, যৌৱন, যুগ্ম জীৱনৰ সোঁৱৰণিত ঘূৰি ফুৰিল- বাল্বটোৰ পৰা বিকীর্ণ হ’ল এক আশ্বর্যময় স্বর্ণাভ দ্যুতি । যেতিয়া পত্নীৰ শেষ দিনটোৰ ছৱিখনত চকু পৰিলত চকুলো ব’বলৈ ল’লে, বাল্বটোৰপৰা বেঙুনীয়া পোহৰ চমকিলে । ...আৰু যেতিয়াই তৃতীয়টো ষ্ট্রোকত দস্তিদাৰৰ যাওঁ যাওঁ অৱস্থা হ’ল, বাল্বটো দুপকৈ নুমাই গ’ল । দস্তিদাৰে মৃত্যুৰ আগমুহূর্তত কৈ যোৱা অনুসৰিয়েই পুতেকে স্কেচখন লৈ দোকানৰ মানুহজনক বিচাৰি যায় । তাতে সেই মানুহজনৰ সলনি থাকে তেখেতৰ পুত্রদ্বয় যিয়ে জানিবলৈ দিয়ে যে স্কেচত থকা মানুহজনৰ ত্রিছতম মৃত্যবার্ষিকী উপলক্ষে কালি দোকান বন্ধ আছিল ।

এটা বাল্বৰ সৈতে মানুহৰ জীৱনটোৰ কি সাংঘাটিক তুলনা ! এটা বাল্বৰ সৈতে মানুহৰ মানসিক এক যোগাযোগ ! আগেয়ে এনে ধৰণৰ গল্প পঢ়া মোৰ মনত নপৰে । ভাবি থাকিলো- সঁচাকৈয়ে অদূৰ ভৱিষ্যতে যদি এনে কিবা এটা বাল্বৰ আৱিষ্কাৰ বিজ্ঞানে কৰি পেলাই !! মানুহৰ মনৰ অৱস্থাটো- সুখৰেই হওক বা দুখৰ, অথবা ভাবনা শূন্য... সেয়া আশে-পাশে থকাজনেও জানিব পাৰিলেহেঁতেন ! অৱশ্যে বাল্বটো জ্বলাবলৈ যদি বিজুলীৰ ব্যৱস্থা নাথাকে ? দিনৰ বেলিকা বাল্বটো জ্বলাই নাৰাখিলে কি হ’ব, তেতিয়া তো তাক একেবাৰে নুমাই যোৱা বুলিব নোৱাৰি ! হাঃ হাঃ । নিশ্চয় কিবা উপায় ওলাব তাৰো ।

বিশেষভাবে ভাল লাগিল শেষৰটো গল্প ‘হিৰো’ । গল্পৰ নায়ক পৰমা দেখাত চিনেমাৰ হিৰো দেৱনীলৰ দৰে । বহুতে সেয়ে পৰমাকে দেৱনীল বুলি ভাবি মাতে, চিনাকী হয়, অট’গ্রাফ বিচাৰে ।

পৰমা সাধাৰণ মেডিকেল ৰিপ্রেজেণ্টেটিভ, দেৱনীল তাৰকা অভিনেতা । পৰমাও দেখনিয়াৰ, চিনেমা কৰিবলৈও তাৰো মন যায় । কিছুদিন আগলৈকে দেৱনীল বুলি কৰা মানুহৰ ব্যৱহাৰে তাক হতবুদ্ধি কৰিছিল, মধুৰ তর্ক-বিতর্কৰ পিছতো আগ্রহীজনৰ সন্দেহ মাৰ যোৱাব নোৱাৰি কেতিয়াবা আত্মসমর্পণ কৰিছিল । পিছে আজিকালি সি দেৱনীল বুলি অট’গ্রাফ দি পুলক অনুভৱ কৰে ।

এদিন ঘটনাক্রমে পৰমাও এক ঘটনাৰ অংশ হৈ পৰে দেৱনীল হিচাপে । দেৱনীলৰ বন্ধু এজনে সেই ঘটনাৰ পিছত কোৱা কথা এষাৰে পৰমাক ভাবিবলৈ বাধ্য কৰোৱাই যে ‘সি মিছলীয়া নেকি ?’

সেই প্রশ্নৰ উত্তৰ বিচাৰি থাকোতেই এগৰাকী যুৱতী আহি পৰমাৰপৰা অটোগ্রাফ বিচাৰে । সি যুৱতী গৰাকীৰ সৰল, নিষ্পাপ হাঁহিৰ প্রত্যুত্তৰত অভিনয় কৰি হাঁহিব নোৱাৰিলে । নিজৰ কার্ডখন দেখুৱাই তাইক ক’লে যে সি দেৱনীল নহয়, পৰমাহে । সন্দেহ আতৰাবলৈ সি আনকি নিজৰ বেগত থকা ঔষধ-পত্রও দেখুৱাব খুজিলে । কিছু ক্ষণৰ পিছত কার্ডখন লৈ যুৱতীগৰাকীয়ে আগ্রহেৰে তাৰ কার্ডখনৰ ওলোটাফালেই অটোগ্রাফ দিবলৈ কয় । পৰমাই কয় যে সি সাধাৰণ মানুহ, হিৰো নহয় । যুৱতী গৰাকীয়ে কয় যে সেয়া তাই বুজিছে, কার্ডখনত তেওঁ দেৱনীলৰ নহয়, নিজৰ ছিগনেচাৰটো দিলেই হ’ব; যিহেতু নাম-ঠিকনা লিখা আছেই, কেতিয়াবা আমনি কৰিব ।

পৰমা ৰাজখোৱাৰ জীৱনৰ প্রথমটো অটোগ্রাফ লৈ সলাজ হাঁহি মাৰি ‘পাৰমিতা’ হেৰাই গ’ল ব্যস্ত ভিৰৰ মাজত । পৰমাই চাই ৰ’ল তাই যোৱা সুগন্ধি বাটৰ পিনে...

গল্পটোৰ ওজন আনকেইটা গল্পৰ তুলনাত হয়তো কম হ’ব, কিন্তু তথাপিও বিশেষভাৱে ভাল লগা কাৰণটো হ’ল- এইযে পৰমাই দেৱনীলৰ সলনি নিজৰ সত্বাটোক মানি ল’লে, নিজে যি সেয়া স্বীকাৰ কৰি ল’লে, সেইটো কথা । আৰু পাৰমিতা ! মৰম ওপজিল তাইৰ প্রতিও । মোৰ তেনেকুৱা মানুহক ভাল লাগে যি নিজক নিজৰ দৰেই স্বীকাৰ কৰি ল’ব পাৰে, কাৰোবাৰ আঁৰত অথবা আন কাৰোবাৰ ওপৰত ভেঁজা দি নিজৰ চিনাকী নাৰাখে । যদিওবা পৰমা দেখাত দেৱনীলৰ দৰেই প্রায় কিন্তু সি সঁচাকৈ দেৱনীল হ’ব নোৱাৰে কেতিয়াও । মই বিশ্বাস কৰো যে দুজন মানুহ হুবহু একেই কেতিয়াও হ’ব নোৱাৰে মানসিক ভাৱে । বহুজনে কোৱাৰ দৰে, বিশ্বাস কৰাৰ দৰে… ওঁহো, মানি ল’বলৈ মন নাযায় ‘দুটা শৰীৰ, এটাই আত্মা’ কথাষাৰো ! দুজন যঁজা মানুহৰো হয়তো চকুত নপৰা ধৰণৰ কিছু শাৰিৰীক পার্থক্য থাকে, থাকিব পাৰে । কিন্তু হুবহু একেই হ’বনে তেনে দুজন ব্যক্তিৰ চিন্তাধাৰা, মানসিক স্থিতি, ভাললগা-বেয়ালগা ? মই ভাবো প্রতিজন মানুহ ভিন্ন । কিছু কিছু মিল থাকে, মিলি থকাখিনি আমাৰ ভাল লাগে, মনে মিলা মানুহ সেয়া আমাৰ বাবে । কিন্তু সকলো মিল ? আমি আচলতে কেতিয়াবা হয় আমাৰ ভাল লগা মানুহৰদ্বাৰা প্রেৰিত হওঁ আৰু তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰো নতুবা আমি আমাৰ ভাল লগা মানুহক প্রৰোচিত কৰো আমাৰ ভাললগা ধৰণৰ হ’বলৈ ! হয়তো আমি কিছুদূৰলৈকে আমাৰ কোনো প্রিয় ব্যক্তিৰ দৰেই হৈ উঠিব পাৰিম বা পাৰো; তেওঁলোকৰ ব্যৱহাৰ, কথা-বার্তা, কাম-কাজৰ ধৰণ আদিও আয়ত্ত্ব কৰি ল’ব পাৰো । একেদৰেই কোনোবা আমাৰ ‘ফেন্’ হ’লে তেওঁলোকে নিজে আমি বিচৰাৰ দৰে বা আমাৰ দৰে হ’বলৈ চেষ্টা কৰিব, আমাৰ ভাললগাবোৰ কৰিব… সকলোবোৰ আমাৰ ভাললগা-বেয়ালগাবোৰৰ ওপৰতহে নির্ভৰশীল হৈ পৰিব । হয়, সেয়া আমি ‘সঁচা প্রেম’ৰ নিদর্শন বুলি মানিব পাৰো, বা সম্পর্কটো প্রেমৰ নহ’লে সেয়া (যিকোনো বিষয়ৰ) গুৰু-শিষ্যৰ স্নেহ-শ্রদ্ধা অথবা যিকোনো সম্পর্কৰ মাজৰ নিষ্পাপ, সৰল, নিঃস্বার্থ স্নেহ হ’ব পাৰে । কিন্তু কোনোবা সময়ত নিজক বিচাৰি হাবাথুৰি নাখাবনে তেনে লোকে বা আমি নিজে ? নিজৰ অস্তিত্বটো কি ? মই কোন ? মোৰ চিনাকী কি ? সকলোৰেপৰা আতৰত মই যেতিয়া অকলে থিয় হ’ম, মোৰ পৰিচয়টো কি হ’ব ? কেৱল এটা নাম ?

দুজন মানুহ কিছু কিছু একে হ’ব পাৰে বা কেতিয়াবা ভালেমান একে আৰু কেতিয়াবা বহু বেছি একেই হ’ব পাৰে বহুক্ষেত্রত, নিমিলাখিনি মনিব নোৱাৰাকৈ । কিন্তু ওঁহো… দুটা আত্মাই একে সময়তে একেটা কাৰণতে আনন্দত ওথলি নুঠিবও পাৰে, একে সময়তে একেজন ব্যক্তিকে সুঁৱৰি কাতৰ-বিহ্বল নহ’বও পাৰে… হুবহু একেই হ’ব নোৱাৰে দুজন ব্যক্তিৰ সকলো দর্শণ, সকলো সংস্কাৰ, সকলো চিন্তা, সকলো প্রয়োজন, সকলো পচন্দ-অপচন্দ… তেন্তে ?! গান্ধীয়ে কোৱা কথাবোৰ কৈ থাকিলেই কোনোবা গান্ধী হৈ যাবনে ?

ধেত ! কথাবোৰ ‘আউত অৱ দ্যা বক্স’ হৈ পৰিল ! কোনোবাই হয়তো ভাবিব পাগলৰ অযুক্তিকৰ যুক্তি বুলি । হাঃ হাঃ । মোৰটোৱেই শুদ্ধ বুলি কোৱা নাই বাৰু । পৰমা-পাৰমিতাই হে ভাবিবলৈ বাধ্য কৰালে । দুয়োটাকে মোৰ ভালও লাগিল । ভাবি চাবচোন এবাৰ । ভাবি চাব পাৰি এবাৰ, নহয়নে ? হয় হয়, মই ‘অমুক’ৰ ‘অমুক’ বা ‘অমুক’ মোৰ ‘অমুক’ হয় বুলি বুকু ফুলাই গর্বেৰে নিজৰ চিনাকী দিবলৈ সকলোৱে ভাল পায়, ময়ো পাওঁ । ভালৰ ভালখিনিক অনুসৰণ কৰাটোও নিশ্চয়কৈ ভাল কাম । কিন্তু ‘অমুক’ৰ অবিহনে যি যেনেকুৱা তেনেকৈয়ে সানন্দেৰে নিজক গ্রহণ কৰা; মই কাৰোবাৰ ক’পি নহয়, মই ময়েই বুলি ক’ব পৰা “মই”বোৰক মই ভালপাওঁ ।

যি নহওক, গল্পকেইটা পঢ়ি বহু কথাই ভাবি থাকিলো । নাটকীয়তা, কাব্যিকতা, হাস্যৰস আৰু কাৰুণ্যতাৰ ৰহন থকা গল্পকেইটা নিজৰ নিজৰ ধৰণেৰে বিশেষ । নিসংগতাক আতৰাবলৈ কাহিনীৰ চৰিত্রবোৰৰ বাবে অৱশ্যেই গল্পকাৰে সৃষ্টি কৰি দিছে আন কিছুমান কাল্পনিক চৰিত্রৰ… কেতিয়াবা বৰষুণৱালা, কেতিয়াবা গোগোপণ্টি লাক্রাটুৱা… ! প্রথম গল্পটো পঢ়িয়েই বুজিব পাৰি গল্পকাৰৰ কি সাংঘাটিক সূক্ষ্ম পর্যবেক্ষণ, খুটি-নাটি একো বাদ নপৰাকৈ সকলো কথাৰ কি সাৱলীল বর্ণন । ৱাহ ! কিজানি সেয়ে তেওঁ তমস্কাৰ অভিনেতা !

 

 


January 9, 2022

The Things You Can See Only When You Slow Down

 


The Things You Can See Only When You Slow Down
Auhor: Haemin Sunim
First published: 2012, Penguin Life

 

এইখনো এখন এবেগেতীয়া কিতাপ । অৱশ্যে এইখনৰ কলেৱৰটো অলপ শকত । উল্লেখ নকৰিলেও অনুমান কৰিব পৰা কথা যে- এইখনৰো ইতিমধ্যে ৩ মিলিয়ন কপী বিক্রী হৈছে । এই এবেগেতীয়া কিতাপবোৰৰ এটা ভাল কথা হ’ল- আমি মন গ’লেই ইহঁতক নিজৰ সৈতে লৈ ফুৰিব পাৰো, য’ত নেকি ভাল হ’লেও পকাবন্ধা অসমীয়া গধুৰ কিতাপ এখন লৈ ফুৰিবলৈ অসুবিধা । ‘পেপাৰ-বেক’ হ’লেও এই কিতাপবোৰ ইমান ধুনীয়াকৈ ছপা কৰোৱা হয়, কাগজৰ মানো ইমান বেছি ভাল যে আপোনা-আপুনি মৰম জাগে কিতাপবোৰলৈ, সেই হিচাপে কিছুমান অসমীয়া কিতাপৰ কাগজৰ মান বহু বেছি নিম্নমানৰ দিয়া দেখা যায় । অৱশ্যে বর্তমান ‘পেপাৰ-বেক’ ক’ভাৰৰ অসমীয়া কিতাপো যথেষ্ট ছপা হৈছে ।

বাৰু যি হওক, ‘The Things You Can See Only When You Slow Down কিতাপখন বহদিনৰ আগতে ইন্টাৰনেটত পঢ়িছিলোঁ । তেতিয়াপৰা কিতাপখন ক্রয় কৰাৰ কথা ভাবি আছিলো যদিও সেয়া হৈ উঠা নাছিল । অৱশেষত কোনোবা এটা জন্মদিনত নিজেই নিজক উপহাৰ দিছিলোঁ এই কিতাপখন । ভাল লগা কিতাপ কিছুমান মাজে মাজে সমুখত দেখি থাকিলে, মাজে মাজে চুই চালে, মন গ’লে কোনোবা দুখনমান পৃষ্ঠা লুটিয়াই ভাল লগা দুশাৰীমান পঢ়ি চালে কিবা এক আনন্দ লাগে মোৰ ! সেয়া মোবাইল বা কম্পিউটাৰত পঢ়া কিতাপ এখনৰ ক্ষেত্রত অনুভৱ নহয় ।

২৬৫ পৃষ্ঠাৰ কিতাপখনৰ লেখক Haemin Sunim এগৰাকী বৌদ্ধ ভিক্ষু । তেওঁৰ বিষয়ে সবিশেষ ইয়াত চাব পাৰে- https://en.wikipedia.org/wiki/Haemin_(sunim)

The Things You Can See Only When You Slow Down’- How to be Calm in a Busy World প্রথমে দক্ষিণ কুৰিয়াত প্রকাশ হৈছিল । আগকথাত লেখকে উল্লেখ কৰা অনুসৰি পূর্বৰ তেওঁৰ কলেজৰ শিক্ষক হিচাপে বা এজন বৌদ্ধ ভিক্ষু হিচাপে তেওঁ ছাত্র-ছাত্রীসকলক, বিভিন্ন লোকক জীৱন বিষয়ক বহু প্রশ্নৰ উত্তৰ দিবলগীয়া হৈছিল । পিছলৈ তেখেতে ই-মেইলত তেনে বহু প্রশ্নৰ উত্তৰ দিয়াৰ লগতে চ’চিয়েল মিডিয়া- ফে’চবুক, টুইটাৰ ইত্যাদিতো সেয়া কৰিবলৈ লয় । লাহে লাহে তেওঁৰ কথাবোৰ মানুহৰ মাজত বেচ্ জনপ্রিয় হৈ উঠে, তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যাও বহু বাঢ়ি যায় আৰু তেওঁ নাম পায়- ‘Healing Mentor’, যি নামেৰে তেওঁ দক্ষিণ কুৰিয়াত জনাজাত হৈ পৰে । তাৰ পিছতেই তেওঁৰ এই চুটি চুটি লেখা সমূহ কিতাপ আকাৰে প্রকাশ কৰিবলৈ প্রকাশক গোষ্ঠী কিছুমান আগবাঢ়ি আহে । পিছলৈ কিতাপখন চাইনীজ, জাপানীজ্, থাই, ফ্রেঞ্চ আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছে ।

জীৱনৰ বিভিন্ন দিশ সামৰি কিতাপখনত মুঠ ৮ টা অধ্যায় আছে- Rest, Mindfulness, Passion, Relationships, Love, Life, The Future, আৰু Spirituality. উপসংহাৰ হিচাপে লিখা হৈছে- Your original Face. তেওঁ নিজৰ জীৱনৰপৰা পোৱা কিছুমান হতাশা, কলেজৰ এজন নতুন প্রফেচ’ৰ হিচাপে সন্মুখীন হোৱা কিছুমান বিফলতাৰপৰা পোৱা অভিজ্ঞতাৰ ভিত্তিত লিখিছে মানুহে কিদৰে খং, হিংসা, কপটতা আদি ঋণাত্মক অনুভূতিৰ সৈতে শান্তভাৱে চিন্তাশীল হৈ সচেতনতাৰে মোকাবিলা কৰিব পাৰে । তেখেতে লিখিছে যে আজিৰ আধুনিক ব্যস্ত পৃথিৱীত অনাহকত খৰধৰ নকৰি লাহে ধীৰে খোজ পেলোৱাৰ মহত্ব কি, লিখিছে নিজৰ লগতে আনৰ প্রতিও কিদৰে সহানুভূতিশীল হৈ ভাল সম্পর্ক একোটা অব্যাহত ৰাখিব পাৰি । প্রতিটো অধ্যায় আৰম্ভ হৈছে একোটি চুটি ৰচনাৰে, তাৰ পিছত এলানি চুটি চুটি উপদেশৰ দৰে বার্তা; ইয়াৰ পিছতে পুনৰ এটি চুটি ৰচনা সদৃশ লেখা আৰু লেখাটিৰ পিছতে ধ্যানত বহি মন্ত্রৰ দৰে আওৰাব পৰা চুটি বার্তা । ধ্যান বা মেডিটেছ্যন কৰোঁতে মন মগজু শান্ত ৰাখিবলৈ, ধ্যানত একাত্ম হ’বলৈ যিদৰে মন্ত্র আওৰুৱা হয়; ঠিক তেনে অভিপ্রেতেৰে কিতাপখনৰ অধ্যায়বোৰৰ মাজে মাজে ৰঙীন ছবি কিছুমান দিয়া হৈছে যিবোৰে শান্তি শান্তি অনুভৱ এটা দিয়ে । ছবিবোৰৰ শান্ত-সমাহিত উপস্থিতিয়ে মন জুৰাই যায় । সেয়েহে কিতাপখন কেৱল পঢ়িলেই নহ’ব, পঢ়ি যাওঁতে অনুভৱো কৰি চাব লাগিব... কিতাপখনৰ লগতে নিজকো ।

লেখকে পঢ়ুৱৈসকলক উদ্দশ্যি পৰামর্শ দিছে যে তেওঁলোকে উপন্যাস পঢ়াৰ দৰে খৰধৰকৈ সম্পূর্ণ কিতাপখন পঢ়াৰ পৰিৱর্তে ধীৰে-সুস্থিৰে যেন প্রতিটো অধ্যায় পঢ়ে । পিছৰটো অধ্যায় পঢ়িবলৈ লোৱাৰ আগতে যেন পূর্বতে পঢ়া অধ্যায়টোৰ কথাবোৰ ভবা-চিন্তা কৰে, তেনেকৈ পঢ়িলেহে কিতাপৰ কথাবোৰৰ আচল গূঢ়ার্থবিলাক বুজিবলৈ সক্ষম হ’ব আৰু কিতাপখন পঢ়াৰ প্রকৃত আনন্দ উপভোগ কৰিব পাৰিব । অর্থাৎ- The Things You Can See Only When You Slow Down ! কিতাপৰ নামটোৱেই আচলতে বহুত কিবা কয় । কিতাপখন কেৱল চুই চালেই, এনেয়ে পাতবোৰ লুটিয়াই চালেই কিবা এক ভাল লগা অনুভৱ হয় । মাজে মাজে থকা সেই ৰঙীন ছবিবোৰতো চকু ছাট মৰা ৰঙৰ সমাহাৰ নাই, যি আছে সেয়া চালে চকু জুৰোৱা !

কিতাপখনৰ প্রথম অধ্যায় Rest-ত লেখকে নিজকে সোধা প্রশ্নটো হ’ল- “Is it the world that’s busy, or is it my mind?” আচলতে আমাৰ মনটোৱে য’ত মনোযোগ দিয়ে তাকেই আমি দেখো, তাকেই অনুভৱ কৰো । আমি মন নকৰা বস্তুবোৰ থাকিও অস্তিত্বহীন যেতিয়ালৈকে তাহাঁতক লৈ আমি মনোযোগী হৈ নুঠো । মোৰ এগৰাকী বান্ধৱী, যিয়ে ভাত খাবলৈ লওঁতে তাত কিবা নহয় কিবা পোক-পৰুৱা বা অন্য কিবা প্রায় সদায়েই পায়, আনে কিন্তু নাপায় । কথাটো আচলতে এইটো যে তাই ভাতকেইটা খোৱাতকৈ তাত কিবা পোক-পৰুৱা আছে নেকি সেইটোত বেছি মনোযোগ দিয়ে আৰু বিচাৰি বিচাৰি সেয়া উলিয়াই, লাগিলে তাই বেয়া পোৱা পাঁচফুৰণৰ এটাই মাত্র জিৰাগুটি নাথাকক কিয়, সেয়াও তাই বিচাৰি পায় আৰু তাত মনোযোগ দি থাকোতে খাবলৈ লোৱা ভাতকেইটা তৃপ্তিদায়ক হ’লেও তাই ভালকৈ খাব নোৱাৰে ! লেখকে তেখেতৰ বান্ধৱী এগৰাকী সৈতে হোৱা কথোপকথনৰ কথা কিছু উল্লেখ কৰিছে যে- “When we look at the outside world, we are looking at only a small part that interests us. The world we see is not the entire universe but a limited one that the mind cares about. However, to our mind, that small world is the entire universe. Our reality is not the infinitely stretching cosmos but the small part we choose to focus on. Reality exists because our mind exist. Without the mind, there would be no universe.” মানুহৰ মনটোৱেই সকলো ! আমি যদি আমাৰ মনটোক প্রয়োজনীয় কথাবোৰত মনোযোগী ৰাখো তেন্তে অপ্রয়োজনীয় কথাবোৰ নিজে নিজে বাদ পৰিব । এই ব্রক্ষ্মাণ্ডত ঘটি থকা প্রতিটো কথাকেই আমি যদি জানিবলৈ বিচাৰো তেন্তে সেই কথাবোৰৰ হেঁচাত আমি এদিন পাগল হ’ব লাগিব । আমি মনৰ চকুৰে দেখা পৃথিৱীখন সীমিত, মনটোক সেয়ে দৰকাৰী কথাবোৰত হে মনোযোগী হ’বলৈ ক’ব লাগে । যিকোনো কথাৰ/বস্তুৰ ভালখিনিত মনোযোগী হ’লে আমি ভালখিনি দেখিম আৰু বেয়াখিনিত মনোযোগী হ’লে বেয়াখিনিহে দেখিম । বৌদ্ধধর্মৰ জনপ্রিয় এষাৰ কথা লেখকে কৈছে যে বুদ্ধৰ দৃষ্টিত প্রতিজনেই বুদ্ধ আৰু এটা গাহৰিৰ দৃষ্টিত প্রতিজনেই গাহৰি হৈ ধৰা দিয়ে । গতিকে আমাৰ মনবোৰ যদি নেতিবাচক কথাৰে ভৰি থাকে তেন্তে আমি গোটেই পৃথিৱিখনকো তেনেকৈয়ে দেখিম আৰু আমাৰ মনবোৰ যদি হর্ষিত আৰু সহানুভূতিশীল হয় তেন্তে আমি আমাৰ চৌপাশৰ পৃথিৱীখনকো তেনেকৈয়ে দেখিম । সেয়েহে তেওঁ কৈছে যে যেতিয়া আমাক দুখ-হতাশা আদিয়ে বিহ্বল কৰি তুলে বা অতিমাত্রা ব্যস্ততাই হেঁচা মাৰি ধৰে তেতিয়া নিজকে অসহায় যেন অনুভৱ কৰিব নালাগে; কাৰণ যেতিয়া আমাৰ মনটোৱে জিৰণি লয়, আমাৰ পৃথিৱীখনেও লয় । সকলোবোৰ আমাৰ মনটোৰ ওপৰতেই নির্ভৰশীল ! মনটোকো সেয়ে জিৰণি দিব লাগে । এই অধ্যায়ৰ ভাল লগা মন্ত্র এটা- “What makes music beautiful is the distance between one note and another. What makes speech eloquent is the appropriate pause between words. From time to time we should take a breath and notice the silence between sounds.”

দ্বিতীয় অধ্যায় Mindfulness-ৰ আৰম্ভণিতে Befriend Your Emotions-ত লেখিছে যে আমি যদি মাছৰ টেংকি এটাত থকা বোকাবোৰ দুহাতেৰে তললৈ থেলি থাকো যাতে মাছকেইটা ভালকৈ দেখা পাওঁ, তেন্তে বোকাখিনি তললৈ যোৱাৰ সলনি ওপৰলৈ হে উঠি আহিব আৰু পানীবোৰো ঘোলা হৈ পৰিব, যাৰবাবে মাছকেইটা বেছিকৈ হে নেদেখা হ’ম । তাৰ সলনি যদি পানীখিনি নলৰোৱাকৈ স্থিৰ হৈ থাকিবলৈ দি আমি লক্ষ্য কৰি থাকো তেতিয়াই পানীখিনি পৰিষ্কাৰ হৈ পৰিব আৰু মাছকেইটাও ভালকৈ দেখা পাম । ঠিক একেদৰেই আমাৰ ঋণাত্মক চিন্তা-অনুভৱবোৰৰ ক্ষেত্রতো একেই কথা হয় । সেয়েহে নিজৰ খং-হিংসা-কপটতাৰ দৰে ঋণাত্মক অনুভৱবোৰকো জোৰ-জবৰদস্তি নাইকিয়া কৰিবলৈ বিচৰাৰ পৰিৱর্তে নীৰৱে লক্ষ্য কৰিব লাগে, তেতিয়া হে আমি সঠিক কথাটো বুজিব পাৰিম; যেতিয়াই সেয়া হ’ব তেতিয়াই সেই ঋণাত্মক অনুভৱখিনিও আকাশত দেখা খন্তেকীয়া ডাৱৰবোৰৰ দৰেই আঁতৰি যাব ।

কথাটো এনেকৈয়ো ভাবি চাব পাৰি নেকি যে খুব খং উঠি থকা মানুহ এজনক যদি আমি দাবী-ধমকি দি ঠাণ্ডা কৰিবলৈ যাওঁ তেন্তে তেওঁৰ বেছিকৈহে খং উঠিব । পৰিৱর্তে তেওঁক, তেওঁৰ আচৰণক যদি লক্ষ্য কৰো তেন্তে বুজিব পাৰিম যে তেওঁৰ নো কিয় খং উঠিছে আৰু তেতিয়াই তেওঁ খঙত কৰা আচৰণৰ বাবে আমাৰ নিজৰো খং উঠা বা দুখ লগা অনুভৱখিনি নোহোৱা হৈ তেওঁৰ প্রতি সহানুভূতি হে জাগিব । নহয় নে ?

এই অধ্যায়ৰ ভাল লগা মন্ত্রটো- “When the mind looks outward, it is swayed by the heavy winds of the world. But when the mind faces inward, we can find our center and rest in stillness.”

তৃতীয় অধ্যায় Passion–ত লেখিছে যে প্রত্যেক ব্যক্তিৰে নিজা কিছুমান ধ্যান-ধাৰণা, বিশ্বাস-অবিশ্বাস, মত-অভিমত থাকে । কেতিয়াবা দুজন ব্যক্তিৰ মাজত সেইখিনিৰ মিল নাথাকিবও পাৰে । আমি যদি আমাৰ সমুখৰ জনকো আমাৰখিনিহে শুদ্ধ বুলি ভাবিবলৈ বাধ্য কৰাব বিচাৰো তেন্তে সেয়া এক ৰকমৰ অহমিকাবোধ । সকলো সময়তে নিজকে শুদ্ধ বুলি ভবাটোৱে আমাৰ সমুখৰ জনৰ মনত আঘাট দিবও পাৰে । সেই সমুখৰ ব্যক্তিজনৰ ধ্যান-ধাৰণাখিনিকো উচিত সন্মান দিব জানিব লাগে, তেতিয়া হে দুজন ব্যক্তিৰ মাজত বন্ধুভাৱাপন্ন সম্পর্ক একোটা অটুত থাকিব; কাৰণ কেৱল শুদ্ধ হোৱাটোৱেই নহয়, সুখী হোৱাটোও জৰুৰী । এটা ভাল লগা মন্ত্র- “If someone looks perfect, then that is because you don’t know the person very well.”

চতুর্থ অধ্যায় Relationships-ত লেখিছে যে একুৰা জুইৰ খুব ওচৰত যদি আমি বহু সময়লৈকে বহি থাকো তেন্তে এটা সময়ত আমি তাৰ উত্তাপত জ্বলি যোৱাৰ সম্ভাৱনাও থাকে আৰু বহু দূৰৈতো যদি বহু তেন্তে তাৰ উত্তাপ একেবাৰেই নাপাম । ঠিক সেইদৰে মানুহৰ সম্পর্কবোৰৰ ক্ষেত্রতো একেই কথা খাটে । কোনো লোকৰ ব্যক্তি স্বাধীনতা আৰু তেওঁলোকৰ একান্তই ব্যক্তিগত কথাবোৰক সন্মান জনাই নির্দিষ্ট দূৰত্ব ৰাখি সমতা বজাই ৰাখিব পাৰিলেহে সম্পর্ক একোটা সুস্থ আৰু দীর্ঘদিনলৈ বর্তি থাকে । প্রতিজন ব্যক্তিয়ে ভিন ভিন পৰিৱেশৰ মাজেৰে পাৰ হৈ আহে; সেই হিচাপে মানুহৰ স্বভাৱ, আচাৰ-আচৰণ, ব্যক্তিত্ব, বিশ্বাস, ধ্যান-ধাৰণা আদিবোৰ গঢ় লয় । সেয়েহে নিজে বিচৰাৰ দৰেই সকলো হ’ব লাগিব বুলি গোঁৱাৰ স্বভাৱ নাৰাখি অমায়িক আৰু আনৰ প্রতি বিনয়ী হ’বলৈ শিকিব লাগে ।

কিতাপখনৰ বাকীকেইটা অধ্যায়তো এনেদৰেই জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত লেখকে পঢ়ুৱৈসকললৈ আগবঢ়াই দিছে জীৱনৰ পাঠ । আমি বহুতেই হয়তো জীৱনৰ বাটেৰে আগুৱাই যাওঁতে এই কথাবোৰ নিজেই উপলব্ধি কৰিছো । সেয়া নিজে বুজি হয়তো আপোনজনকো কেতিয়াবা কৈছো । কিন্তু সেই কথাবোৰেই কোনোবা সময়ত আমি পাহৰি যাওঁ । পাহৰিলেই আমি স্বার্থপৰৰ দৰে আচৰণ কৰো, খং-ঈর্ষা-হিংসা আদি অনুভৱে মনত ক্রিয়া কৰে আৰু আমি জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰাৰ পৰা নিজকে বঞ্চিত কৰো । তেনে সময়ত এই কথাবোৰ পুনৰবাৰ নিজকে সোঁৱৰাই দিবলৈকে এনে কিতাপবোৰৰ প্রয়োজন বুলি ভাবো ।

অৱশ্যে এইটো কথাও সঁচা যে ভাল বুলি জানিও সকলো কথা এজন মানুহে নিজৰ জীৱনত মানি চলিব নোৱাৰে । এই কিতাপখনৰ কথাবোৰো মাজে সময়ে মই পঢ়িয়েই থাকো, তথাপিও কিন্তু মোৰদ্বাৰা ইয়াত নকৰিবলৈ কোৱা কিছুমান কাম কেতিয়াবা নোহোৱাকৈ থকা নাই । কিতাপখনৰ আৰম্ভণিতে কোৱাৰ দৰে আমি যে নিজৰ ভুলটো ভুল বুলি চিনিব পাৰিছো সেই উপলব্ধিয়েই ভুলক শুধৰণি কৰাৰ প্রথম খোজ । হয়তো অনবৰতে আমি ভালবোৰ কৰিব, ভালবোৰ মানিব নোৱাৰিব পাৰো; কিন্তু অহৰহ চেষ্টা কৰি থাকিব লাগে যেতিয়ালৈকে সেয়া ভাল অভ্যাস একোটাৰ দৰে হৈ নুঠে । আমি সকলোৱে বুদ্ধ হ’ব নোৱাৰো; কিন্তু যিমানখিনিলৈকে পাৰি, প্রয়োজনীয় যেন লাগে সেয়া অনুসৰণ কৰিবলৈ চেষ্টা কৰিব লাগে । আমাৰ বেয়াখিনিও একেদিনাই নোহোৱা হৈ নাযায়, সেয়া প্রতি দিনে কৰা অলপ অলপ চেষ্টাৰদ্বাৰাহে সম্ভৱ ।

কিতাপখনৰ উপসংহাৰত লেখকে কোৱা কিছু কথা- Your Original Face: Only when we slow down can we finally see clearly our relationships, our thoughts, our pain. As we slow down, we are no longer tangled in them. We can step out and appreciate them for what they are. Wisdom is not something we have to strive to acquire. Rather, it arises naturally as we slow down and notice what is already there. As we notice more and more in the present moment, we come to a deeper realization that a silent observer is within us. In the primordial stillness, the silent observer witnesses everything inside and outside. Befriend the silent observer. Find out where it is, and what shape it has assumed. Do not try to imagine it as something you already know. Let all your thoughts and images merge back into silence and just sense the observer already there in silence. If you see the face of the silent observer, then you have found original face, from before you were born.”

কিতাপখন চালে অনুভৱ হোৱাৰ দৰে কিতাপখনত থকা ফটোৰ লেখকৰ মুখখনলৈ চালেও অনুভৱ কৰা যায় এক শান্ত-সমাহিত ব্যক্তিত্ব । ইন্টাৰনেটত উপলব্ধ কিতাপখন পঢ়াৰ পিছতো কি আকর্ষণত কিতাপখন ক্রয় কৰিলো, কিয় মাজে মাজে কিতাপখনৰ যিকোনো এটা পৃষ্ঠা মেলি পঢ়ি চাওঁ সেয়া ব্যাখ্যা কৰিবলৈ মই অপাৰগ । কিতাপখন লেখকে কোৱাৰ দৰে ধীৰে-সুস্থিৰে পঢ়া উচিত । ভাল লগা, বেয়া লগা সকলো এক স্বাভাৱিক প্রক্রিয়া, জোৰ-জবৰদস্তিত হোৱা যিকোনো কথাই বেছিদিনলৈ নাথাকে । দুয়োপাৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা বাট এটাৰে যদি আমি তীব্র বেগত পাৰ হৈ যাওঁ, সেই বাটৰ প্রকৃত সৌন্দর্য্য জানো উপভোগ কৰিবলৈ পাম ? নিশ্চয় নাপাওঁ । কিতাপখন এফালৰপৰা পঢ়ি যাব লাগিব বুলিও কথা নাই, মাজতে ধৰি যিকোনো এটা অধ্যায় পঢ়িব পাৰি । সাংঘাটিক ধৰণৰ কথাও নাই কিতাপখনত, সকলোবোৰ আমি নিজেই অনুভৱ কৰিব পৰা সৰু সৰু কথা । কিন্তু কেতিয়াবা নিজকে কোনো নির্জন দ্বীপৰ অকলশৰীয়া প্রাণী যেন লাগিলে, হতাশাই আৱৰি ধৰিলে নিজৰ বাবে নিজে থকাটোকে মনত পেলাই চাবলৈ পঢ়িব পৰা কিতাপ । জাৰৰ দিনত, জুই নুমাই যোৱাৰ পিছত গৰম ফুঁটছাইত কুঁচি-মুঁচি শুই কেতিয়াবা কুকুৰ-মেকুৰী একোটাই উম লৈ থকাৰ দৰে ময়ো মাজে মাজে এই কিতাপখনৰ উম লৈ থাকোঁ !

“Life is like jazz. Much of it is improvised; we can not control all the variables. We must live it with panache and flair, regardless of what it throws at us.” 

 

January 1, 2022

Who Will Cry When You Die

 


Who Will Cry When You Die
Author: Robin Sharma
First Jaico Impression: 2003
122nd Jaico Impression: 2020
Mumbai

 

হাতত লৈ ফুৰিব পৰা ২২৫ পৃষ্ঠাৰ, এবেগেত দৈর্ঘ্যৰ এখন সৰু কিতাপ । ইতিমধ্যে বিশ্বজুৰি ১৫ মিলিয়ন কিতাপ বিক্রী হৈছে । বেষ্ট্ ছেলাৰ !

আগতেও কৈছিলো যে ইংৰাজী ভাষাৰ প্রায়বোৰ কিতাপেই কেনেকৈ ‘বেষ্ট্ ছেলাৰ’ হয় সেয়া ভাবিলে আচৰিত হওঁ । এটা কাৰণ এইটোও হ’ব পাৰে যে ইংৰাজী ভাষাৰ কিতাপ এখন পৃথিৱীৰ প্রায় সকলো ঠাইৰ মানুহেই পঢ়িব পাৰে । যেনেকৈ ময়ো পঢ়িলো এই কিতাপখন । সেই হিচাপে অসমীয়া ভাষাৰ কিতাপ এখনৰ পঢ়ুৱৈ নো কিমান হ’ব ! অসমীয়া পঢ়িব জনা অসমীয়াই বা কিমান আছে ! সংখ্যাটো নিশ্চয় দুঃখলগাই হ’ব !

এনে দুই এখন কিতাপ পঢ়িছো, পঢ়িলেই মোৰ মনলৈ আহে ঠিক এনেকুৱা নহ’লেও এনে ধৰণৰ অসমীয়া ভাষাৰ কিতাপ এখন মই সপোনত দেখি থাকো প্রায়েই । টোপনিত দেখা সপোন নহয় পিছে ! যি নহওক সেই কিতাপৰ কথা বাৰু পিছলৈ থ’লোঁ ।

“Who will cry when you die”ৰ লেখক ৰবীন শর্মা- https://en.wikipedia.org/wiki/Robin_Sharma লেখকৰ অন্য এখন বেষ্ট্ ছেলাৰ “The Monk Who Sold His Ferrari”- এইখন বাৰু মই পঢ়া নাই; এই কিতাপখনৰপৰাই “Life Lessons” বুলি দ্বিতীয় কিতাপখন লেখা হৈছে বুলি বেটুপাতত আছে । বহুজনে হয়তো দুয়োখন কিতাপেই পঢ়িছে ।

কিতাপখনৰ নামটো পঢ়ি ময়ো ভাবি থাকিলো ভালেপৰ- এৰা হে মই যেতিয়া মৰিম, কোনে নো কান্দিব ? এই যে “Life Lessons”, এইবোৰ জীৱনেই তো শিকাই প্রত্যেকজন ব্যক্তিকে, তেন্তে অন্য এজন ব্যক্তিৰ জীৱনৰ শিক্ষাবোৰ আন এজন ব্যক্তিৰ বাবে কেনেকৈ আৰু কিয় প্রয়োজনীয় ? অন্য এজন ব্যক্তিৰ জীৱনৰ কথাৰে লিখা এনে এখন কিতাপ কিয় পঢ়িব লাগে ? দুজন ব্যক্তিৰ জীৱন একে হ’ব তো নোৱাৰে ! আগতে লিখিছিলো যে আমি আচলতে কোনবোৰ কিতাপ পঢ়িব লাগে সেয়া মোৰ বাবে স্পষ্ট নহয়, তেন্তে কোনে ক’ব আমি কেনেকুৱা কিতাপ পঢ়িব লাগে ? উত্তৰটো হয়তো এইটো-

কিতাপখনৰ “Build a Library of Heroic Books”ত লেখকে কৈছে যে- “While almost any reading will improve your mind, in a world where there is too much to do, you must be selective in the books you read. Spend much of your time reading what Thoreau called ‘The Heroic Books’ – those books that contain ‘the noblest recorded thoughts of a man.’ Let your mind drink deeply from the works of the great philosophers, such as Epictetus and Confucius. Study the poems of the wisest poets, such as Alfred Lord Tennyson, Emily Dickson and John Keats, and the novels of Leo Tolstoy, Hermann Hesse and the Brotes. Read the writings of Mahatma Gandhi, Albert Einstein and Mother Teresa. Connecting with such works for even a few minutes a day will keep you centered on what life is really about and will ultimately profoundly affect your character.”

এতিয়া কথা হ’ল উল্লেখিত শেষৰ নামকেইটা বাদ দি প্রথমৰ দার্শনিক, কবি সকলৰ ঠাইত আমি যদি অসমীয়া নামকেইটামান ল’বলৈ হয়, কোনকেইটা ল’ম ? নাম কেইটামান এনেকুৱা হ’ব নেকি- হোমেন বৰগোহাঞি, সৌৰভ চলিহা, মামনি ৰয়ছম গোস্বামী, ভবেন্দ্রনাথ শইকীয়া, হীৰেন ভট্টাচার্য… ইত্যাদি ইত্যাদি ! সেয়া কোনে নো ক’ব এতিয়া ?

সকলোৱে সকলো বস্তু খাই জিভাৰ জুতি নোপোৱাৰ দৰে, মানসিক পুষ্টিৰ বাবেও সকলোৱে সকলো খাদ্যতে সোৱাদ নাপায় । এইটো কথাও ঠিক যে সোৱাদ নলগা, খাই ভাল নোপোৱা কিছুমান খাদ্যও খোৱাটো প্রয়োজনীয়- স্বাস্থ্য ভালে ৰাখিবৰ বাবে, নিৰোগী শৰীৰ এটাৰ বাবে ।

“Who will cry when you die” এই কিতাপখনো মোৰ খুব ভাল লাগিছে তেনে নহয় । কিন্তু কিতাপখনত লেখকে তেওঁ পঢ়া অনেক কিতাপৰ, অনেক বৰেণ্য ব্যক্তিৰ কথা কিছুমান উদ্ধৃতি দিছে যিবোৰৰ বাবে এই লেখকৰ কিতাপখন ভাল লাগিল । সেই কথাখিনি মোৰ বাবে বেছি সোৱাদ লগা হৈছে, আৰু সেইখিনিৰ সোৱাদ এই কিতাপখন নপঢ়া হ’লে নাপালোহেঁতেন । এইখিনিতে কথা এটা মনলৈ আহিছে- কোনো গৱেষকে পৰীক্ষাগাৰত পৰীক্ষা-নিৰীক্ষাসমূহ কৰোঁতে বিভিন্ন অন্য ৰিছার্চ পেপাৰ পঢ়ে আৰু তাৰ প্রট’ক’ল কিছুমানৰ সহায় লয় । পিছৰ পর্যায়ত সেই পৰীক্ষাসমূহৰ ফলাফলবোৰ লৈ তেওঁলোকে যেতিয়া নিজৰ ৰিছার্চ পেপাৰ একোখন লিখে তেতিয়া প্রট’ক’লৰ ৰেফাৰেঞ্চ হিচাপে সেই পেপাৰখনৰ কথা উল্লেখ কৰিব লাগে, যিখনত পোন প্রথমবাৰ প্রট’ক’ল একোটা ব্যৱহাৰ কৰা হৈছিল । মানে সেয়া এটা বীজ, তাৰপৰা পুলি হ’ল, পুলি গছ হ’ল আৰু গছৰপৰা আৰু অনেক পুলি হৈ বহুতো গছ হ’ল; কিন্ত তেওঁলোকে সেই প্রথমৰ বীজটোৰ কথাহে উল্লেখ কৰিব লাগিব । এই কিতাপখন পঢ়ি মোৰ এতিয়া লেখকে উল্লেখ কৰা সেই বীজবোৰৰ কথাহে ভালকৈ জানিবলৈ মন গৈছে । তেনে কিছুমান বীজৰ কথা এনে ধৰণৰ-

‘Learn to Say No Gracefully’ত চীনৰ মনিষী ব্যক্তি Chuang-tzu য়ে কোৱা সাধু এটাৰ কথা উল্লেখ কৰিছে- ৰজাৰ বাবে তৰোৱাল তৈয়াৰ কৰা এজন ব্যক্তিক প্রশ্ন কৰা হ’ল যে ৯০ বছৰ বয়সতো এজন ব্যক্তিয়ে কেনেকৈ নিখুঁতভাৱে তৰোৱাল তৈয়াৰ কৰিব পাৰে ? সেয়া স্বভাৱগত দক্ষতা নে বিশেষ কিবা কিটিপ আছে ? তেতিয়া সেই মানুহজনে ক’লে- “It is concentration on the essentials. I took to forging swords when I was twenty-one years old. I did not care about anything else. If it was not a sword, I did not look at it or pay any attention to it. Forging swords became my passion and my purpose. I took all the energy that I did not give in other directions and put it in the direction of my art. This is the secret to my mastery.” যিটো সকলোতকৈ বেছি প্রয়োজনীয় সেইটোত মনোযোগ দিয়া, বাকীবোৰত নহয় । “area of excellence”ত মনোযোগী হ’বলৈ হ’লে “less-than-worthy”ক NO বুলি কোৱা দৰকাৰ ।

‘Model a Child’ত লেখকে নিজৰ পুত্রই শিকোৱা কথা এটা উল্লেখ কৰিছে যে এদিন ৰেষ্টুৰেণ্টত খাবলৈ গৈ কিবাকিবি অর্দাৰ দিওঁতে ব্রেডও দিয়া হৈছিল । আৰু ডাঙৰ মানুহবোৰে গোটেই চকল ব্রেড্ খোৱাৰ বিপৰীতে তেওঁৰ পুত্রই কেৱল মাজৰ কোমল অংশটো খাই বাকীখিনি এৰি দিছিল । তেওঁ চেমিনাৰ এখনত শুনা এষাৰ কথা কৈছে যে “Children come to us more highly evolved than adults to teach us lessons we need to learn.” আৰু সেয়ে আমি সেই ব্রেড্ চকলৰ শুকান অংশটোত মনোযোগী হৈ ইমান সময় খৰচ কৰো যে বাকী ভালখিনি হাতৰপৰা সৰকি যায় । পুত্রৰপৰা শিকা সেই কথাষাৰে লেখকক উপলব্ধি কৰোৱাইছে যে নিজৰ ভিতৰৰ শিশুটিৰ সৈতেও সময় পাৰ কৰিব লাগে, এটি শিশুৱে কৰাৰ দৰে যি ঠাইত আছে সেই সময়ত বাকী সকলোবোৰ আওকাণ কৰি সেই মূহুর্তক উপভোগ কৰিব লাগে । …আৰু এই কথাটো মোৰ খুবেই ভাল লগা । নিজৰ মাজৰ শিশুটিক কেতিয়াও মৰিবলৈ দিব নালাগে, ওমলিব লাগে তাৰ সৈতে যেতিয়াই মন যায় । লেখকে উল্লেখ কৰা ‘Leo Rosten’ৰ কথা- “You can understand and relate to most people better if you look at them – no matter how impressive they may be – as if they are children. For most of us never really grow up or mature all that much – we simply grow taller. Oh, to be sure, we laugh less and play less and wear uncomfortable disguises like adults, but beneath the costume is the child we always are, whose needs are simple, whose daily life is still best described by fairy tales.” কথাৰ মাজতে মনত পৰিল- …মোৰ এবছৰীয়া ভাগিনটোক মাকে যেতিয়া নিচুঁকনি গীত এটি গুণগুণাই শুৱাবলৈ চেষ্টা কৰে, মাকৰ কোলাত উঠি সিও সমানেই কিবা এটা গাই তাৰ ভাষাৰে, দুয়োখন হাতৰ আঙুলিবোৰ লৰাই থাকে । সি কি গায় বুজি নাপাওঁ, কিন্তু চৌপাশে যিয়েই বাজি নাথাকক সি মাকৰ সমানে সমানে গায়… টোপনি নহালৈকে । তাৰ চাগৈ মাকে গোৱা নিচুঁকনি গীতটি মনত ৰৈ গৈছে, চাগৈ সি মাককো শুৱাবলৈ তাকে গায়… নিজৰো টোপনিক মাতে… । প্রথমবাৰ মাক-পুতেকক তেনেকৈ দেখি আনন্দতে মোৰ চকুপানী বৈছিল !

‘See Your Troubles as Blessings’ৰ কথা লেখোতে লেখকে উদ্ধৃতি কৰা Rainer Maria Rilkeৰ কথাখিনি খুব ভাল লাগিল- “…have patience with everything that remains unsolved in your heart. Try to love the questions themselves, like locked rooms and like books written in a foreign language. Do not now look for the answers. They cannot now be given to you because you could not live them. It is a question of experiencing everything. At present, you need to live the question. Perhaps you will gradually, without even noticing it, find yourself experiencing the answer, some distant day.” আসঃ ! খুব ধুনীয়া নহয় নে ? আগতেও ক’ৰবাত পঢ়িছিলো, চাগৈ ক’ৰবাত উল্লেখো কৰিছোঁ- “Live for the questions; as answers, well they change.” অৱশ্যে প্রশ্নবোৰ শুদ্ধ হোৱাটোও দৰকাৰী ।

‘Don’t Finish Every Book You Start’ত লেখকে Francis Bacon য়ে কোৱা কথা এষাৰ উল্লেখ কৰিছে- “Some books are to be tasted, others to be swallowed, and some few to be chewed and digested: that is, some books are to be read only in parts, others to be read, but not curiously, and some few books to be read wholly, and with diligence and attention.” লেখকে কৈছে যে কোনো কিতাপৰ তিনিটা অধ্যায় পঢ়িও যদি মনঃপুত একো দৰকাৰী কথা পোৱা নাই তেন্তে সেই কিতাপ সম্পূর্ণকৈ পঢ়ি অববাত সময় খৰচ কৰাতকৈ অন্য কিবা ভাল কামত সেই সময় খৰচ কৰাটোহে যুগুত । এই কিতাপখন পিছে মই সম্পূর্ণকৈয়ে পঢ়িলোঁ ।

কিতাপখনত লেখকে উল্লেখ কৰা কিছুমান উদ্ধৃতি-

Tuesday with Morrie: An Old Man, A Young Man and Life’s Greatest Lesson- “Once you learn how to die, you learn how to live.”

Somerset Maugham- “It’s a funny thing about life; if you refuse to accept anything but the best, you very often get it.”

Roman philosopher Seneca- “So long as you live, keep learning how to live.”

Management guru Peter Drucker- “There is nothing so useless as doing efficiently that which should not be done at all.”

Hazrat Inayat Khan- “The words that enlighten the soul are more precious than jewels.”

Author’s father- “The Sanskrit character for funeral pyre is strikingly similar to the Sanskrit character for worry. One burns the dead while the other burns the living.”

Virginia Wolf- “The skeleton of habits alone upholds the human frame.”

Mahatma Gandhi- “When I admire the wonder of a sunset or the beauty of the moon, my soul expands in worship of the Creator.”

Ruskin- “The weakest among us has a gift, however seemingly trivial, which is peculiar to him and which worthily used will be a gift also to his race.”

Morrow Lindberg- “One can never pay in gratitude; one can only pay ‘in kind’ somewhere else in life.”

আচলতে কিতাপখন এনে বহুতো উদ্ধৃতিৰ চমু ব্যাখ্যা । লেখকে অনেক বৰেণ্য ব্যক্তিৰ কিতাপ পঢ়িছে, যিবোৰে তেওঁক প্রভাৱিত কৰিছে, শিকাইছে অনেক কথা আৰু তাকে তেওঁ আন বহুজনলৈ বুলি আগবঢ়াই দিছে । ভগাই লৈছে তেওঁ নিজৰ জীৱনে শিকোৱা পাঠ সমূহো ।

সকলো কিতাপ সকলোৱে ভাল নাপাবও পাৰে । সকলোৰে জীৱনবোৰ একে নহয় যিহেতু, সকলোবোৰ কথা সকলোৱে নিজৰ জীৱনত মানি চলিব নোৱাৰিবও পাৰে । লেখকে কোৱাৰ দৰে- the law of attraction says that we attract into our life that which we focus on.” গতিকে আমি কোনবোৰ কথাত মনোযোগ দিম সেয়া আমাৰ ওপৰত নির্ভৰশীল । কিতাপখনত সর্বমুঠ ১০১ টা পাঠ আছে; যেনে- Discover your calling, Honor your past, Talk to yourself, Learn to be silent, Connect with nature, Walk in the woods, Plant a tree, Love your work, Live fully so you can die happy ইত্যাদি । হয়তো তাৰে বহু কথা বহুজনে ইতিমধ্যেই নিজৰ জীৱনৰ পৰা শিকিছে, উপলব্ধি কৰিছে, মানিও চলিছে । কাৰণ জীৱনৰ কোনোবা সময়ত গৈ এইবোৰ কথা সকলোৱে উপলব্ধি কৰে । কিন্তু কেতিয়াবা আমি পাহৰি যাওঁ কথাবোৰ, পাহৰিলেই নকৰিবলগীয়া কাম কিছুমান পুনৰাই কৰি পেলোৱা হয় । সেয়ে কিছুমান কথা নিজকে মাজে মাজে সোঁৱৰাই থাকিব লাগে । এনে কিতাপ কিছুমান পঢ়িলে সেই কামটো হৈ থাকে । লেখকে পঢ়া আটাইবোৰ কিতাপ আমি হয়তো পঢ়িব নোৱাৰিম । কিন্তু তেওঁ যে সেই কিতাপবোৰৰ ভাল ভাল কথা কিছুমান একেলগ কৰি এনেকৈ পঢ়ুৱৈসকললৈ যুগুতাই দিলে, যাৰবাবে সেইবোৰ নপঢ়াকৈয়ে তাৰ পঠনৰ উপলব্ধি আমাৰ প্রাপ্তি হ’ল । লেখকলৈ ধন্যবাদ ।

‘Maintain Your Perspective’ত লেখকে কোৱা কাহিনীটোৰ কথা লিখি থ’বলৈ মন গ’ল । কাহিনীটো হ’ল- এদিন এজন অসুখীয়া মানুহক হস্পিটেলৰ এটা কোঠাত ৰখা হ’ল য’ত অন্য এজন ৰোগীও কোঠাটোৰ খিৰিকীৰ কাষৰ বিচনা এখনত আগৰেপৰাই আছিল । সময়ত যেতিয়া দুয়ো ভাল বন্ধু হৈ পৰে, খিৰিকীৰ কাষত থকাজনে আনজন ৰোগীক খিৰিকীৰে দেখা বাহিৰৰ পৃথিৱীখনৰ কথা বর্ণনা কৰি শুনায় । কেতিয়াবা তেওঁ পার্কত থকা গছবোৰৰ কথা কয়, বতাহত কিদৰে পাতবোৰ নাচি থাকে তাক বর্ণায় । কোনোবাদিনা তেওঁ হস্পিটেলৰ সমুখেৰে খোজকাঢ়ি পাৰ হৈ যোৱা মানুহবোৰৰ কথা কয় । সময় যোৱাৰ লগে লগে আনজন ৰোগীয়ে তেওঁ বর্ণোৱা কথাবোৰ খিৰিকীৰে চাব নোৱাৰা অপাৰগতাৰ বাবে হতাশাত ভুগি তেওঁক বেয়া পাই ঘৃণা কৰিবলৈ লয় । এনিশা সেই ৰোগীজন কাঁহি কাঁহি উশাহ ল’ব নোৱাৰা হয় কিন্তু আনজনে ইচ্ছা কৰিয়েই সহায়ৰ বাবে থকা বেলটো নবজালে । পিছদিনা পুৱা তেওঁক মৃত ঘোষণা কৰা হয় । লগে লগে অন্যজন ৰোগীয়ে নিজৰ বিচনাখন খিৰিকীৰ কাষলৈ নিবৰ বাবে নার্চক অনুৰোধ কৰে । যেতিয়া তেওঁ খিৰিকীৰে বাহিৰলৈ চালে, দেখিলে যে তাত কেৱল এখন ইটাৰ বেৰ হে খিৰিকীলৈ মুখ কৰি আছিল ! মৃত ৰোগীজনে কেৱল আনজন ৰোগীৰ মন ভালে ৰাখিবৰ বাবেই কল্পনা কৰিহে সেই দৃশ্যবোৰৰ বর্ণনা কৰিছিল, সেয়া আছিল তেওঁৰ নিঃস্বার্থ স্নেহৰ প্রকাশ ।

…এই কাহিনীটো পঢ়ি ভালেপৰ কিবাকিবি ভাবি থাকিলো । এনেকুৱা কথাবোৰ পঢ়িবলৈ পোৱাৰ বাবেই কিতাপখন ভাল পালো ।

কিতাপখনৰ শেষত George Bernard Shaw-ৰ কথা এষাৰ উল্লেখ আছে- “This is the true joy in life, being used for a purpose recognized by yourself as a mighty one, being a true force of Nature instead of a feverish little clod of ailments and grievances complaining that the world will not devote itself to making you happy.”

THE PURPOSE OF LIFE IS A LIFE OF PURPOSE.” পঢ়ি চাব পাৰে কিতাপখন; কথা কিছুমান নিজকে সোঁৱৰাই দিবলৈকে হ’লেও !