Who
Will Cry When You Die
Author:
Robin Sharma
First
Jaico Impression: 2003
122nd
Jaico Impression: 2020
Mumbai
হাতত লৈ ফুৰিব পৰা ২২৫ পৃষ্ঠাৰ, এবেগেত
দৈর্ঘ্যৰ এখন সৰু কিতাপ । ইতিমধ্যে বিশ্বজুৰি ১৫ মিলিয়ন কিতাপ বিক্রী হৈছে । বেষ্ট্
ছেলাৰ !
আগতেও কৈছিলো যে ইংৰাজী ভাষাৰ প্রায়বোৰ
কিতাপেই কেনেকৈ ‘বেষ্ট্ ছেলাৰ’ হয় সেয়া ভাবিলে আচৰিত হওঁ । এটা কাৰণ এইটোও হ’ব পাৰে
যে ইংৰাজী ভাষাৰ কিতাপ এখন পৃথিৱীৰ প্রায় সকলো ঠাইৰ মানুহেই পঢ়িব পাৰে । যেনেকৈ ময়ো
পঢ়িলো এই কিতাপখন । সেই হিচাপে অসমীয়া ভাষাৰ কিতাপ এখনৰ পঢ়ুৱৈ নো কিমান হ’ব ! অসমীয়া
পঢ়িব জনা অসমীয়াই বা কিমান আছে ! সংখ্যাটো নিশ্চয় দুঃখলগাই হ’ব !
এনে দুই এখন কিতাপ পঢ়িছো, পঢ়িলেই মোৰ
মনলৈ আহে ঠিক এনেকুৱা নহ’লেও এনে ধৰণৰ অসমীয়া ভাষাৰ কিতাপ এখন মই সপোনত দেখি থাকো প্রায়েই
। টোপনিত দেখা সপোন নহয় পিছে ! যি নহওক সেই কিতাপৰ কথা বাৰু পিছলৈ থ’লোঁ ।
“Who will cry when you die”ৰ লেখক ৰবীন
শর্মা- https://en.wikipedia.org/wiki/Robin_Sharma লেখকৰ অন্য এখন বেষ্ট্ ছেলাৰ “The Monk Who Sold His Ferrari”- এইখন বাৰু মই
পঢ়া নাই; এই কিতাপখনৰপৰাই “Life Lessons” বুলি দ্বিতীয় কিতাপখন লেখা হৈছে বুলি বেটুপাতত
আছে । বহুজনে হয়তো দুয়োখন কিতাপেই পঢ়িছে ।
কিতাপখনৰ নামটো পঢ়ি ময়ো ভাবি থাকিলো ভালেপৰ-
এৰা হে মই যেতিয়া মৰিম, কোনে নো কান্দিব ? এই যে “Life Lessons”, এইবোৰ জীৱনেই তো শিকাই
প্রত্যেকজন ব্যক্তিকে, তেন্তে অন্য এজন ব্যক্তিৰ জীৱনৰ শিক্ষাবোৰ আন এজন ব্যক্তিৰ বাবে
কেনেকৈ আৰু কিয় প্রয়োজনীয় ? অন্য এজন ব্যক্তিৰ জীৱনৰ কথাৰে লিখা এনে এখন কিতাপ কিয়
পঢ়িব লাগে ? দুজন ব্যক্তিৰ জীৱন একে হ’ব তো নোৱাৰে ! আগতে লিখিছিলো যে আমি আচলতে কোনবোৰ
কিতাপ পঢ়িব লাগে সেয়া মোৰ বাবে স্পষ্ট নহয়, তেন্তে কোনে ক’ব আমি কেনেকুৱা কিতাপ পঢ়িব
লাগে ? উত্তৰটো হয়তো এইটো-
কিতাপখনৰ “Build a Library of Heroic
Books”ত লেখকে কৈছে যে- “While almost any reading will improve your mind, in a
world where there is too much to do, you must be selective in the books you
read. Spend much of your time reading what Thoreau called ‘The Heroic Books’ –
those books that contain ‘the noblest recorded thoughts of a man.’ Let your
mind drink deeply from the works of the great philosophers, such as Epictetus
and Confucius. Study the poems of the wisest poets, such as Alfred Lord
Tennyson, Emily Dickson and John Keats, and the novels of Leo Tolstoy, Hermann
Hesse and the Brotes. Read the writings of Mahatma Gandhi, Albert Einstein and
Mother Teresa. Connecting with such works for even a few minutes a day will
keep you centered on what life is really about and will ultimately profoundly
affect your character.”
এতিয়া কথা হ’ল উল্লেখিত শেষৰ নামকেইটা
বাদ দি প্রথমৰ দার্শনিক, কবি সকলৰ ঠাইত আমি যদি অসমীয়া নামকেইটামান ল’বলৈ হয়, কোনকেইটা
ল’ম ? নাম কেইটামান এনেকুৱা হ’ব নেকি- হোমেন বৰগোহাঞি, সৌৰভ চলিহা, মামনি ৰয়ছম গোস্বামী,
ভবেন্দ্রনাথ শইকীয়া, হীৰেন ভট্টাচার্য… ইত্যাদি ইত্যাদি ! সেয়া কোনে নো ক’ব এতিয়া
?
সকলোৱে সকলো বস্তু খাই জিভাৰ জুতি নোপোৱাৰ
দৰে, মানসিক পুষ্টিৰ বাবেও সকলোৱে সকলো খাদ্যতে সোৱাদ নাপায় । এইটো কথাও ঠিক যে সোৱাদ
নলগা, খাই ভাল নোপোৱা কিছুমান খাদ্যও খোৱাটো প্রয়োজনীয়- স্বাস্থ্য ভালে ৰাখিবৰ বাবে,
নিৰোগী শৰীৰ এটাৰ বাবে ।
“Who will cry when you die” এই কিতাপখনো
মোৰ খুব ভাল লাগিছে তেনে নহয় । কিন্তু কিতাপখনত লেখকে তেওঁ পঢ়া অনেক কিতাপৰ, অনেক বৰেণ্য
ব্যক্তিৰ কথা কিছুমান উদ্ধৃতি দিছে যিবোৰৰ বাবে এই লেখকৰ কিতাপখন ভাল লাগিল । সেই কথাখিনি
মোৰ বাবে বেছি সোৱাদ লগা হৈছে, আৰু সেইখিনিৰ সোৱাদ এই কিতাপখন নপঢ়া হ’লে নাপালোহেঁতেন
। এইখিনিতে কথা এটা মনলৈ আহিছে- কোনো গৱেষকে পৰীক্ষাগাৰত পৰীক্ষা-নিৰীক্ষাসমূহ কৰোঁতে
বিভিন্ন অন্য ৰিছার্চ পেপাৰ পঢ়ে আৰু তাৰ প্রট’ক’ল কিছুমানৰ সহায় লয় । পিছৰ পর্যায়ত
সেই পৰীক্ষাসমূহৰ ফলাফলবোৰ লৈ তেওঁলোকে যেতিয়া নিজৰ ৰিছার্চ পেপাৰ একোখন লিখে তেতিয়া
প্রট’ক’লৰ ৰেফাৰেঞ্চ হিচাপে সেই পেপাৰখনৰ কথা উল্লেখ কৰিব লাগে, যিখনত পোন প্রথমবাৰ
প্রট’ক’ল একোটা ব্যৱহাৰ কৰা হৈছিল । মানে সেয়া এটা বীজ, তাৰপৰা পুলি হ’ল, পুলি গছ হ’ল
আৰু গছৰপৰা আৰু অনেক পুলি হৈ বহুতো গছ হ’ল; কিন্ত তেওঁলোকে সেই প্রথমৰ বীজটোৰ কথাহে
উল্লেখ কৰিব লাগিব । এই কিতাপখন পঢ়ি মোৰ এতিয়া লেখকে উল্লেখ কৰা সেই বীজবোৰৰ কথাহে
ভালকৈ জানিবলৈ মন গৈছে । তেনে কিছুমান বীজৰ কথা এনে ধৰণৰ-
‘Learn to Say No Gracefully’ত চীনৰ মনিষী
ব্যক্তি Chuang-tzu য়ে কোৱা সাধু এটাৰ কথা উল্লেখ কৰিছে- ৰজাৰ বাবে তৰোৱাল তৈয়াৰ কৰা
এজন ব্যক্তিক প্রশ্ন কৰা হ’ল যে ৯০ বছৰ বয়সতো এজন ব্যক্তিয়ে কেনেকৈ নিখুঁতভাৱে তৰোৱাল
তৈয়াৰ কৰিব পাৰে ? সেয়া স্বভাৱগত দক্ষতা নে বিশেষ কিবা কিটিপ আছে ? তেতিয়া সেই মানুহজনে
ক’লে- “It is concentration on the essentials. I took to forging swords when I
was twenty-one years old. I did not care about anything else. If it was not a sword,
I did not look at it or pay any attention to it. Forging swords became my
passion and my purpose. I took all the energy that I did not give in other
directions and put it in the direction of my art. This is the secret to my
mastery.” যিটো সকলোতকৈ বেছি প্রয়োজনীয় সেইটোত মনোযোগ দিয়া, বাকীবোৰত নহয় । “area
of excellence”ত মনোযোগী হ’বলৈ হ’লে “less-than-worthy”ক NO বুলি কোৱা দৰকাৰ ।
‘Model a Child’ত লেখকে নিজৰ পুত্রই শিকোৱা
কথা এটা উল্লেখ কৰিছে যে এদিন ৰেষ্টুৰেণ্টত খাবলৈ গৈ কিবাকিবি অর্দাৰ দিওঁতে ব্রেডও
দিয়া হৈছিল । আৰু ডাঙৰ মানুহবোৰে গোটেই চকল ব্রেড্ খোৱাৰ বিপৰীতে তেওঁৰ পুত্রই কেৱল
মাজৰ কোমল অংশটো খাই বাকীখিনি এৰি দিছিল । তেওঁ চেমিনাৰ এখনত শুনা এষাৰ কথা কৈছে যে
“Children come to us more highly evolved than adults to teach us lessons we
need to learn.” আৰু সেয়ে আমি সেই ব্রেড্ চকলৰ শুকান অংশটোত মনোযোগী হৈ ইমান সময় খৰচ
কৰো যে বাকী ভালখিনি হাতৰপৰা সৰকি যায় । পুত্রৰপৰা শিকা সেই কথাষাৰে লেখকক উপলব্ধি
কৰোৱাইছে যে নিজৰ ভিতৰৰ শিশুটিৰ সৈতেও সময় পাৰ কৰিব লাগে, এটি শিশুৱে কৰাৰ দৰে যি ঠাইত
আছে সেই সময়ত বাকী সকলোবোৰ আওকাণ কৰি সেই মূহুর্তক উপভোগ কৰিব লাগে । …আৰু এই কথাটো
মোৰ খুবেই ভাল লগা । নিজৰ মাজৰ শিশুটিক কেতিয়াও মৰিবলৈ দিব নালাগে, ওমলিব লাগে তাৰ
সৈতে যেতিয়াই মন যায় । লেখকে উল্লেখ কৰা ‘Leo Rosten’ৰ কথা- “You can understand
and relate to most people better if you look at them – no matter how impressive
they may be – as if they are children. For most of us never really grow up or
mature all that much – we simply grow taller. Oh, to be sure, we laugh less and
play less and wear uncomfortable disguises like adults, but beneath the costume
is the child we always are, whose needs are simple, whose daily life is still
best described by fairy tales.” কথাৰ মাজতে মনত পৰিল- …মোৰ এবছৰীয়া ভাগিনটোক মাকে
যেতিয়া নিচুঁকনি গীত এটি গুণগুণাই শুৱাবলৈ চেষ্টা কৰে, মাকৰ কোলাত উঠি সিও সমানেই কিবা
এটা গাই তাৰ ভাষাৰে, দুয়োখন হাতৰ আঙুলিবোৰ লৰাই থাকে । সি কি গায় বুজি নাপাওঁ, কিন্তু
চৌপাশে যিয়েই বাজি নাথাকক সি মাকৰ সমানে সমানে গায়… টোপনি নহালৈকে । তাৰ চাগৈ মাকে
গোৱা নিচুঁকনি গীতটি মনত ৰৈ গৈছে, চাগৈ সি মাককো শুৱাবলৈ তাকে গায়… নিজৰো টোপনিক মাতে…
। প্রথমবাৰ মাক-পুতেকক তেনেকৈ দেখি আনন্দতে মোৰ চকুপানী বৈছিল !
‘See Your Troubles as Blessings’ৰ কথা
লেখোতে লেখকে উদ্ধৃতি কৰা Rainer Maria Rilkeৰ কথাখিনি খুব ভাল লাগিল- “…have
patience with everything that remains unsolved in your heart. Try to love the
questions themselves, like locked rooms and like books written in a foreign
language. Do not now look for the answers. They cannot now be given to you
because you could not live them. It is a question of experiencing everything.
At present, you need to live the question. Perhaps you will gradually, without
even noticing it, find yourself experiencing the answer, some distant day.” আসঃ
! খুব ধুনীয়া নহয় নে ? আগতেও ক’ৰবাত পঢ়িছিলো, চাগৈ ক’ৰবাত উল্লেখো কৰিছোঁ- “Live
for the questions; as answers, well they change.” অৱশ্যে প্রশ্নবোৰ শুদ্ধ হোৱাটোও
দৰকাৰী ।
‘Don’t Finish Every Book You Start’ত
লেখকে Francis Bacon য়ে কোৱা কথা এষাৰ উল্লেখ কৰিছে- “Some books are to be
tasted, others to be swallowed, and some few to be chewed and digested: that
is, some books are to be read only in parts, others to be read, but not
curiously, and some few books to be read wholly, and with diligence and
attention.” লেখকে কৈছে যে কোনো কিতাপৰ তিনিটা অধ্যায় পঢ়িও যদি মনঃপুত একো দৰকাৰী কথা
পোৱা নাই তেন্তে সেই কিতাপ সম্পূর্ণকৈ পঢ়ি অববাত সময় খৰচ কৰাতকৈ অন্য কিবা ভাল কামত
সেই সময় খৰচ কৰাটোহে যুগুত । এই কিতাপখন পিছে মই সম্পূর্ণকৈয়ে পঢ়িলোঁ ।
কিতাপখনত লেখকে উল্লেখ
কৰা কিছুমান উদ্ধৃতি-
Tuesday with Morrie: An Old Man, A
Young Man and Life’s Greatest Lesson- “Once you learn how to die, you learn how
to live.”
Somerset Maugham- “It’s a funny
thing about life; if you refuse to accept anything but the best, you very often
get it.”
Roman philosopher Seneca- “So long
as you live, keep learning how to live.”
Management guru Peter Drucker-
“There is nothing so useless as doing efficiently that which should not be done
at all.”
Hazrat Inayat Khan- “The words that
enlighten the soul are more precious than jewels.”
Author’s father- “The Sanskrit
character for funeral pyre is strikingly similar to the Sanskrit character for
worry. One burns the dead while the other burns the living.”
Virginia Wolf- “The skeleton of
habits alone upholds the human frame.”
Mahatma Gandhi- “When I admire the
wonder of a sunset or the beauty of the moon, my soul expands in worship of the
Creator.”
Ruskin- “The weakest among us has a
gift, however seemingly trivial, which is peculiar to him and which worthily
used will be a gift also to his race.”
Morrow Lindberg- “One can never pay
in gratitude; one can only pay ‘in kind’ somewhere else in life.”
আচলতে কিতাপখন এনে বহুতো
উদ্ধৃতিৰ চমু ব্যাখ্যা । লেখকে অনেক বৰেণ্য ব্যক্তিৰ কিতাপ পঢ়িছে, যিবোৰে তেওঁক
প্রভাৱিত কৰিছে, শিকাইছে অনেক কথা আৰু তাকে তেওঁ আন বহুজনলৈ বুলি আগবঢ়াই দিছে । ভগাই
লৈছে তেওঁ নিজৰ জীৱনে শিকোৱা পাঠ সমূহো ।
সকলো কিতাপ সকলোৱে ভাল
নাপাবও পাৰে । সকলোৰে জীৱনবোৰ একে নহয় যিহেতু, সকলোবোৰ কথা সকলোৱে নিজৰ জীৱনত মানি
চলিব নোৱাৰিবও পাৰে । লেখকে কোৱাৰ দৰে- “the
law of attraction says that we attract into our life that which we focus on.” গতিকে
আমি কোনবোৰ কথাত মনোযোগ দিম সেয়া আমাৰ ওপৰত নির্ভৰশীল । কিতাপখনত
সর্বমুঠ ১০১ টা পাঠ আছে; যেনে- Discover your calling, Honor your past, Talk to
yourself, Learn to be silent, Connect with nature, Walk in the woods, Plant a
tree, Love your work, Live fully so you can die happy ইত্যাদি । হয়তো তাৰে বহু
কথা বহুজনে ইতিমধ্যেই নিজৰ জীৱনৰ পৰা শিকিছে, উপলব্ধি কৰিছে, মানিও চলিছে । কাৰণ
জীৱনৰ কোনোবা সময়ত গৈ এইবোৰ কথা সকলোৱে উপলব্ধি কৰে । কিন্তু কেতিয়াবা আমি পাহৰি
যাওঁ কথাবোৰ, পাহৰিলেই নকৰিবলগীয়া কাম কিছুমান পুনৰাই কৰি পেলোৱা হয় । সেয়ে কিছুমান
কথা নিজকে মাজে মাজে সোঁৱৰাই থাকিব লাগে । এনে কিতাপ কিছুমান পঢ়িলে সেই কামটো হৈ
থাকে । লেখকে পঢ়া আটাইবোৰ কিতাপ আমি হয়তো পঢ়িব নোৱাৰিম । কিন্তু তেওঁ যে সেই
কিতাপবোৰৰ ভাল ভাল কথা কিছুমান একেলগ কৰি এনেকৈ পঢ়ুৱৈসকললৈ যুগুতাই দিলে, যাৰবাবে
সেইবোৰ নপঢ়াকৈয়ে তাৰ পঠনৰ উপলব্ধি আমাৰ প্রাপ্তি হ’ল । লেখকলৈ ধন্যবাদ ।
‘Maintain Your Perspective’ত লেখকে কোৱা
কাহিনীটোৰ কথা লিখি থ’বলৈ মন গ’ল । কাহিনীটো হ’ল- এদিন এজন অসুখীয়া মানুহক হস্পিটেলৰ
এটা কোঠাত ৰখা হ’ল য’ত অন্য এজন ৰোগীও কোঠাটোৰ খিৰিকীৰ কাষৰ বিচনা এখনত আগৰেপৰাই আছিল
। সময়ত যেতিয়া দুয়ো ভাল বন্ধু হৈ পৰে, খিৰিকীৰ কাষত থকাজনে আনজন ৰোগীক খিৰিকীৰে দেখা
বাহিৰৰ পৃথিৱীখনৰ কথা বর্ণনা কৰি শুনায় । কেতিয়াবা তেওঁ পার্কত থকা গছবোৰৰ কথা কয়,
বতাহত কিদৰে পাতবোৰ নাচি থাকে তাক বর্ণায় । কোনোবাদিনা তেওঁ হস্পিটেলৰ সমুখেৰে খোজকাঢ়ি
পাৰ হৈ যোৱা মানুহবোৰৰ কথা কয় । সময় যোৱাৰ লগে লগে আনজন ৰোগীয়ে তেওঁ বর্ণোৱা কথাবোৰ
খিৰিকীৰে চাব নোৱাৰা অপাৰগতাৰ বাবে হতাশাত ভুগি তেওঁক বেয়া পাই ঘৃণা কৰিবলৈ লয় । এনিশা
সেই ৰোগীজন কাঁহি কাঁহি উশাহ ল’ব নোৱাৰা হয় কিন্তু আনজনে ইচ্ছা কৰিয়েই সহায়ৰ বাবে থকা
বেলটো নবজালে । পিছদিনা পুৱা তেওঁক মৃত ঘোষণা কৰা হয় । লগে লগে অন্যজন ৰোগীয়ে নিজৰ
বিচনাখন খিৰিকীৰ কাষলৈ নিবৰ বাবে নার্চক অনুৰোধ কৰে । যেতিয়া তেওঁ খিৰিকীৰে বাহিৰলৈ
চালে, দেখিলে যে তাত কেৱল এখন ইটাৰ বেৰ হে খিৰিকীলৈ মুখ কৰি আছিল ! মৃত ৰোগীজনে কেৱল
আনজন ৰোগীৰ মন ভালে ৰাখিবৰ বাবেই কল্পনা কৰিহে সেই দৃশ্যবোৰৰ বর্ণনা কৰিছিল, সেয়া আছিল
তেওঁৰ নিঃস্বার্থ স্নেহৰ প্রকাশ ।
…এই কাহিনীটো পঢ়ি ভালেপৰ কিবাকিবি ভাবি
থাকিলো । এনেকুৱা কথাবোৰ পঢ়িবলৈ পোৱাৰ বাবেই কিতাপখন ভাল পালো ।
কিতাপখনৰ শেষত George
Bernard Shaw-ৰ কথা এষাৰ উল্লেখ আছে- “This is the true joy in life, being used
for a purpose recognized by yourself as a mighty one, being a true force of
Nature instead of a feverish little clod of ailments and grievances complaining
that the world will not devote itself to making you happy.”
“THE PURPOSE OF LIFE IS A LIFE OF PURPOSE.” পঢ়ি চাব পাৰে কিতাপখন; কথা কিছুমান নিজকে সোঁৱৰাই দিবলৈকে হ’লেও !
No comments:
Post a Comment