January 26, 2022

তপন দাসৰ নির্বাচিত গল্প

 


তপন দাসৰ নির্বাচিত গল্প
লেখকঃ তপন দাস
প্রথম প্রকাশঃ ডিচেম্বৰ ২০২০, আঁক-বাক

 

এইযে মানুহজন- ‘তাৰকা শিল্পী তপন দাস’- অভিনয় চাইছো, আবৃত্তি শুনিছো, কিন্তু তেখেতৰ গল্প পঢ়া নাছিলো । অভিনয়ৰ কথা বাৰু প্রায় সকলোৱে জানেই । আবৃত্তি যিসকলে শুনিছে, তেওঁলোকেও জানে তেওঁৰ কণ্ঠই কিদৰে কবিতা একোটাক প্রাণ দিয়ে । আৰু গল্প ? তেখেতৰ গল্প কিমানে পঢ়িছে নাজানো ! ময়ো প্রথমবাৰলৈ পঢ়িছো । তেখেতক সকলোৱে চিনে, তথাপি জানিব খুজিলে তলৰ লিংকটোত চাব পাৰে-

https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%AA%E0%A6%A8_%E0%A6%A6%E0%A6%BE%E0%A6%B8

তপন দাসৰ নির্বাচিত গল্প” তেখেতৰ ১৪ টা গল্পৰ একত্রিত সংকলন । গল্পকাৰৰ একাষাৰত তেওঁ উল্লেখ কৰিছে- “মন গ’লে দায়িত্বশূন্য হৈ লেখা-মেলা কৰা অভ্যাস এটা আছিল ছাত্রাৱস্থাৰে পৰা । পৰিশীলিত চর্চা নাছিল কোনোকালে । লঘু ৰসৰ বিনোদনমূলক লেখা ।” পিছে গল্পকেইটা পঢ়ি তেখেতৰ এই ‘লঘু ৰসৰ বিনোদনমূলক লেখা’ কথাষাৰ মানি ল’ব নোৱাৰি ।

কিতাপখনৰ প্রথমটো গল্প ‘মেঘমল্লাৰ’ । গল্পৰ স্থান মাজুলী । শীতৰ বতৰত গল্পটো পঢ়াৰ বাবেই কিজানি কাতি মাহৰ দুপৰৰ গল্পটোতো ‘শীতকালত গৰম কাপোৰ লৈ, ধোমায়িত ক’ফি একাপত চুমুক দি দি গল্প পঢ়া’ৰ যি আমেজ, তেনেকুৱা এটা আমেজে মনত ক্রিয়া কৰি থাকিল নেকি নাজানো... এই যেন বৰষুণ এজাক... চিপচিপীয়া... । আকাশ, মেঘ ইত্যাদিক লৈ বহুজনে গল্প লিখিছে, ভালেমান নহ’লেও দুই-চাৰিটা পঢ়িছো । কিন্তু এই গল্পতে প্রথম পঢ়িলো- আকাশত গোট খোৱা ‘সীহ বৰণীয়া’ মেঘৰ কথা আৰু ধাননি এডৰাৰ ওপৰেৰে আগুৱাই অহা ‘প্রকাণ্ড ক’লা নোমাল বিছা’ৰ দৰে এছটা কলীয়া ডাৱৰৰ ছায়াৰ কথা । ভাবি থাকিলো- একেটা বস্তুকে প্রতিজন ব্যক্তিয়ে কিমান কি ৰূপত কল্পনা কৰিব পাৰে !

গল্পৰ নায়কে চার্কিট হাউছৰ বাৰাণ্ডাত বহি উপভোগ কৰিছে মাজুলীৰ সৌন্দর্য, অকলে । হঠাৎ আহিছে এজাক বৰষুণ । নায়কে প্রথমবাৰ এনে এজাক বৰষুণ দেখি তাৰ প্রেমত পৰিছে । সন্মুখৰ ঘাঁহনিডৰাত জমা হোৱা পানীৰ ডোঙাবোৰৰ ওপৰত পৰা বৰষুণৰ টোপালবোৰক নায়কে কৈছে- “চিলিক্ চিলিককৈ ৰূপালী ছিটিকনিবোৰে খেলা কৰি আছে স্কুলত নাম নিলিখা এজাক কণ কণ শিশুৰ দৰে” বুলি । নায়কে তেনেকৈ বৰষুণ উপভোগ কৰি থাকোতেই এন্ধাৰ হৈছে । তেনে সময়তে এছ ডি অ’ চাহাব, দত্তক বিচাৰি মানুহ এজন আহিছে । দত্ত নথকাত নায়কে মানুহজনক ৰ’বলৈ কৈছে যদিও তেখেতৰ সময়ৰ নাটনি বাবে ৰ’বলৈ নোৱাৰি নিজৰ ঠিকনাটো কাগজত লেখি নায়কৰ হাততে দি গৈছে দত্ত চাহাবক দিবলৈ ।

দত্ত আহিল, নায়কৰ সৈতে ব্রাণ্ডিৰ বটল লৈ বহিল, চকীদাৰ দেৱেনে মুর্গী মাংসৰ যোগান ধৰিলে দুয়োকে । দত্তই নায়কক দিনটো কি কৰিলে বুলি সোধাত বৰষুণৰ সৌন্দর্য উপভোগ কৰাৰ কথা ক’লে । বৰষুণ !! দত্ত, দেৱেন আনকি ঠেলাৱালা অনল কামালেও ক’লে যে সেইপিনে সেইদিনা বৰষুণ দিয়াই নাই ! জীয়াই আছে নে মৰিল ভাবি ভাবি নায়কে দিনটোৰ কথাবোৰ পুনৰবাৰ সোঁৱৰি সেই মানুহজনে দি যোৱা ঠিকনা লিখা কাগজখন বিচাৰি পেণ্টৰ জেপত উদ্ধাৰ কৰিছে । এইবাৰ নায়কৰ আচৰিত হোৱাৰ পাল ! সেয়া কাগজ নহয়, দুভাঁজ কৰা এখিলা পদুম পাত, যিখনত লাগি আছিল ‘অপক্ক ধান, বন্যপুষ্প আৰু নৈপৰীয়া কেঁচা মাটিৰ এটা মিশ্রিত গোন্ধ’ । ভাঁজ খুলি চোৱাত নায়কে দেখিলে- “পাতখিলাৰ বুকুত কাঠীৰ আঁচোৰেৰে সুন্দৰ আখৰত লিখা আছে, এটা শব্দ- ‘বৰষুণৱালা’ ।”

গল্পকাৰ নাটক কৰা মানুহ ! কেইবাটাও গল্প পঢ়ি এই কথাষাৰেই ভাবি থাকিলো মই ।

দ্বিতীয়টো গল্প ‘মাৰীচ’ । এখন থিয়েটাৰ । এখন নাটক ‘শকুন্তলা’ । পুষ্প, ৰূপা আৰু মাৰীচ তাৰেই অংশ । এবাৰ পঢ়ি অনুমান কৰিব নোৱাৰি কোনখিনি আচল নাটক, কোনখিনি নাটকৰ আখৰা, নে আটাইবোৰ এখন নাটকৰ একো একোটা দৃশ্য । মাৰীচ নহ’লে ‘শকুন্তলা’ নাটৰ প্রদর্শন নহয় । মাৰীচ বা কোন ! অৱশ্যে ক’ব পাৰি এয়া সঁচা থিয়েটাৰৰ সঁচা নাটকৰ সঁচা গল্প ।

তৃতীয় গল্প ‘ওথেলো’ । গল্পটোত গল্পকাৰক এজন বন্ধুৱে চার্লি চেপলিনৰ এটা গল্প শুনাইছে- “এজন মানুহ ফায়াৰিং স্কোৱাডৰ সন্মুখত থিয় হৈ আছে, যাৰ মৃত্যু আসন্ন, মুহূর্ততে গুলীয়ে থকা সৰকা কৰিব দেহ । এজন বিষয়াই সন্মুখৰ বন্দুকধাৰীসকলক নির্দেশ দিছে- বন্দুক উঠোৱা, নিচান লগোৱা, ট্রিগাৰত আঙুলি ৰাখা আৰু নাও ... । শেষৰটো শব্দ ‘ফায়াৰ’ কোৱাৰ আগতেই আন এজন বিষয়াই কাগজ জোকাৰি দেখুৱালে যে সেয়া মানুহজনৰ মৃত্যুদণ্ডৰ ৰেহাইৰ অর্ডাৰ । নির্দেশ সলনি কৰি বিষয়াজনে ক’লে- ...নাও ষ্টপ । কিন্তু লগে লগে বন্দুকধাৰীসকলৰ হাতত বন্দুক গৰজি উঠিল, থকা-সৰকা হৈ পৰিল বন্দীজনৰ দেহপিঞ্জৰ ।” বন্ধুজনে অভিনয়ৰ প্রসংগত উক্ত গল্পটো গল্পকাৰক শুনাইছে । ছন্দ । ৰীডম । সেই বন্দুকধাৰীসকলৰ নির্দেশনামা বন্ধা আছিল এক ৰীডমত । যাৰবাবে ‘নাও ফায়াৰ’ আৰু ‘নাও ষ্টপ’ৰ পার্থক্য সিহঁতৰ মগজুত নোসোমাল । তেনে এক ছন্দৰ চিকাৰ হ’ল গল্পকাৰৰ চিনাকী চৰিত্র- ৰবীন, যি অটো চলোৱাৰপৰা গৈ অভিনয় কৰিবলৈ লৈছিল । যি দিনত অটো চলাইছিল সাধাৰণ যাত্রীৰ বাবে আৰু ৰাতি শ নিছিল শ্মশানলৈ বুলি ! অটোখনৰ নাম দিছিল ‘ওথেলো’ । আৰু সেই সকলোবোৰ এৰি এদিন সি অভিনয়ৰ শিক্ষা লৈ অভিনয় কৰিছিল ‘হেলমেট’ নাটকত । পিছে তাৰ পিছতেই সি উভতি আহি পুনৰ অটোচালক হৈছিল । তাৰপিছত ?

গল্পটোত গল্পকাৰে বন্ধুৰ সৈতে পাতিছে অভিনয় বিষয়ক অনেক কথা- মেথড এক্টিং, বাস্তৱধর্মী অভিনয়ত আৱেগ স্মৃতিৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি অনেক কথা ।

ৰবীনে গল্পকাৰক সুধিছিল- অভিনেতা হ’বলৈ কি কি জ্ঞান লাগে ? গল্পকাৰৰ বন্ধু প্রিয়সিন্ধুৰ মতে “আচলতে কি নালাগে সেইটো নির্ণয় কৰি ল’লেহে কথাটো সুবিধাৰ হয় (এই কথাষাৰ সদায় মনত ৰৈ যাব!)। ...মনত ৰাখে যিয়ে জটিল সকলোবোৰ আৰু সকলো সহজ সাধাৰণ । মনত থাকে যাৰ-কেনে লাগে অৱহেলা বা প্রত্যাখান, কেনে লাগে হ’লে স্নেহত আকুল, খঙত বিতত অথবা কেনে লাগে হ’লে গর্বেৰে ভৰা মন । শৈশৱৰ যতবোৰ অনুভৱ, আৱেগ আৰু তাৰ প্রকাশ... ।” প্রিয়সিন্ধুৰ কাব্যিকতাৰ ৰস থকা এই কথাখিনি দীঘলীয়া । কবিতাৰ দৰেই পঢ়ি চালো কেইবাবাৰো, ভাল লাগিল । গল্পকাৰৰ সেয়া নিশ্চয় নিজৰ অভিজ্ঞতা । অভিনয়ৰ প্রতি আগ্রহী সকলৰ বাবে সেইখিনি দৰকাৰী কথা যেন অনুভৱ হ’ল । প্রিয়সিন্ধুৰ অন্য এষাৰ কথাও ভাল লাগিল- “আমি যিয়ে কথাৰে মনৰ ভাববোৰ প্রকাশ কৰোঁ, বোধহয় শ্রোতাজনতকৈ আৱশ্যকীয়ভাৱে কম গম পাওঁ যে আমি আচলতে কি প্রকাশ কৰিছোঁ ।” খুব সঁচা কথা এষাৰ । আমি কৈ থাকোতে গম নাপাও কি কি কৈ আছো, কিন্তু শুনাজনে বহু কথাই বুজি লয়, অনুমান কৰি ল’ব পাৰে আৰু আমি নাই কোৱা বুলি ভাবি থাকিও আচলতে ভালেমান কথা কৈ দিওঁ ।

আটাইকেইটা গল্পই যথেষ্ট দীঘল । একেবাৰে চুটি গল্পটো হ’ল তিনি পৃষ্ঠাৰ- ‘প্রাচীন ঠুম্ ৰি’ । কিয় নাজানো গল্পটো পঢ়ি থাকোতে যেন মনত বাজি থাকিল গল্পকাৰৰেই আবৃত্তি “...ভোকাতুৰ শিশুহঁতে ফালি পেলায় ফুটপাথত প্রেমৰ বৃহৎ কবিতা, বেশ্যাবোৰে ভেঙুচালি কৰে ক্লীব দেউতাকহঁতক, ভিক্ষাৰীবোৰে থুৱাই দিয়ে দেশৰ সংবিধানক...” । নাটকীয়, কাব্যিক, কৰুণতাৰ প্রলেপ সনা গল্প । অনুভৱ হ’ল যেন গল্পকাৰে আবৃত্তি কৰি আছে কোনো কবিতাৰ দৰেই এই চুটি গল্পটো ! চকুৰ আগত ভাঁহি থাকিল গল্পকাৰৰ কোনো অভিনয়ৰ কোনো এটা জীয়া চৰিত্রৰ মুখাবয়ব ! সমাপ্তিটো এনেকুৱা- ...ৰাজসিক মেজাজত চৌহদৰ ভিতৰলৈ সোমাই যায় তাইক লৈ যোৱা নিমজ ৰূপালী গাড়ী । নিশাৰ ভাগৰুৱা গোন্ধৰ মাজেৰে তাই এসময়ত উভতি আহে, ট্রেইন লাইনৰ কাষৰ টিনপাতৰ সৰু ঘৰ এটাৰ অভিমুখে । ক’ৰবাত গেছ চিলিণ্ডাৰ ফাটি হয়তো জুই লাগিছে, হট্টগোল । তাইক থৈ ক্রমে অদৃশ্য হ’বলৈ লোৱা ৰূপালী গাড়ীৰ ৰঙা বেকলাইটটো দেখি তাই ভাবিছে যে তাই নিজেও এখন গাড়ী, টিকটিকীয়া ৰঙা, জুই লাগিলে জুই নুমুৱাবলৈ যোৱা !

ইয়াৰ পিছৰ গল্পকেইটা ক্রমে- বদ্রীনাথ, প্রথম স্পর্শ, বনপথে, আৰু এটা বাতিল গল্পৰ মুদ্রণ । গল্পবোৰৰ কোনো এটা চৰিত্র যদি সঁচা, কোনো এটা গল্পকাৰে কল্পনাৰে গঢ়ি-পিতি লৈছে ।

প্রথম স্পর্শত টিকটিকে চিনেমা হোলৰ টিকট কাউণ্টাৰৰ হোলটোৰ ওপৰত ডকুমেন্টৰী বনুৱাৰ উদ্দেশ্যৰে বর্ণোৱা কথাখিনি একেবাৰেই জীয়া ছবি হৈ যেন চকুৰ আগত ধৰা দিলে... আমাৰ দিনৰ চিনেমাহোল, হাঃ হাঃ ! ...“ছয়-সাতখনমান হাত । টিকট কাউণ্টাৰৰ হোলটোৰে সোমাই আহিব । কম্পাৰেটিভলী ষ্ট্রং আৰ এগ্রেছিভ হাত এখন অলপ বেছি আগুৱাই আহিব । মুঠিটো খোল খাই যাব । তলুৱাত ঘামত ভিজা নোট । টকাটো ল’ব টিকট দিয়াজনে । আঙুলি লৰাই হাতখনে জনাই দিব কেইটা টিকট লাগে । হাতখন গণকক দেখুওৱাৰ দৰে ফুল অ’পেন হৈ ৰৈ থাকিব কিছুপৰ । তলুৱাত পৰা মাত্রকে জীয়া মাগুৰ ধৰাদি টিকট লৈ সুৰুৎকৈ বাহিৰ হৈ যাব । ইতিমধ্যে অন্য হাত এখন আগলৈ প্রচিড কৰিব । মেল খাব মুঠি । তলুৱাত পাঁচশ টকীয়া নোট । টিকট দিয়াজনে বিৰক্তিৰে সেইখন এৰি অন্য এখন হাতৰ মুঠিত টুকুৰিয়াই দিব ।...” ইয়াত নো এনে কি ইন্টাৰেষ্টিং কথা আছে বুলি জিঞ্জিৰিয়ে প্রশ্ন কৰাত টিকটিকে কৈছে- “হোলটোৰে সোমাই অহা হাতবোৰৰ গঠন, কালাৰ, এক্সপ্রেছিভনেছ, ছফটনেছ চাবি । চূণ লগা হাত, গ্রীজ লগা হাত । হাতৰ ৰেখা, আঙুলিবোৰ চাবি । কেইটা ৰিং, কি ষ্টোন, কেইটা কাঠ আচিনা, কি ঘড়ী, সেইধৰণে ফিংগাৰ মুভমেণ্ট, হাতৰ ইম্পেচেঞ্চ, চব বদলি যাব । ...লেডিজ কাউণ্টাৰটো আৰু বেছি কালাৰফুল । লিহিৰি, জেতুকা লগা, ভেৰাইটী নেইল পলিচ লগোৱা ।” টিকটিকৰ এই সুক্ষ্ম পর্যবেক্ষণক জিঞ্জিৰিৰ দৰেই ময়ো বেচ্ তাৰিফ কৰিছিলো মনতে । বাঃ ! চিনেমাহোলৰ টিকেট কাউণ্টাৰৰপৰা আৰম্ভ কৰি চিনেমাহোলৰ ভিতৰত ঘটা কিছু ঘটনা... এটা চমৎকাৰ গল্প !

‘বনপথে’ত গল্পকাৰে নিজৰ উদেশ্যহীন বাটৰ লগৰী হিচাপে মৰিয়মক কল্পনাৰে সাজি লৈছে । বাটত তেওঁ পৰস্পৰৰ শত্রু দুজন বুঢ়াৰ কথা কৈছে । দুয়োৰে দুই পুত্র । এজনৰ নক্ষত্র, আনজনৰ সূর্য । দুয়ো দুইপুত্রক তালিম দিছে কথাৰে ক’তো ঘাইল নহৈ, জব্দ কেনেকৈ কৰিব পাৰি । এদিন বাটেৰে গৈ থকা নক্ষত্রক সূর্যই সুধিলে ‘ক’লৈ যোৱা?’ উত্তৰ- ‘পদযুগলে য’লৈকে নিয়ে ।’ সূর্য ঘাইল । বৃদ্ধ বাপেকক আহি কোৱাত বাপেকে শিকালে পুনৰ একেটা প্রশ্নৰ উত্তৰ যেতিয়া নক্ষত্রই তেনেকৈ দিব তেতিয়া সুধিব যে ‘যদি পদযুগলেই নাথাকে?’ পিছদিনাও একেই প্রশ্ন । নক্ষত্রৰ উত্তৰ- ‘বতাহে যিফালে নিয়ে’ । সূর্য পুনৰবাৰ ঘাইল । পুনৰ বাপেকৰ শিকন, পিছৰবাৰ যেন সুধে ‘যদি বতাহ স্তব্ধ হৈ যায়?’ পিছদিনা আনন্দমনেৰে খাপ পিটি ৰৈ থকা সূর্যই নক্ষত্রক সুধিলে ‘ক’লৈ যোৱা?’ নক্ষত্রই খন্তেক ৰৈ দার্শনিকৰ দৰে উত্তৰ দিলে- ‘ফার্মাচীৰ পৰা মূৰৰ বিষৰ টেবলেট আনিবলৈ ।’ পাঠকে কি বুজিব বুজা টান । গল্পকাৰে সামৰণি মৰাৰ দৰে ক’ব পাৰি- ‘কোনো কাৰণ আৰু উদ্দেশ্য নোহোৱাকৈও মূল ৰাস্তাৰ পৰা ফাটি যোৱা অচিন-অজানা বনপথ এটাৰে এইদৰে বহুদূৰ গৈ থাকিব পাৰি ।’ ...মৰিয়মৰ দৰে আপুনিও কোনো কাল্পনিক চৰিত্র একোটাক নিজৰ লগৰীয়া কৰি ল’ব পাৰে তেনে কোনো উদ্দেশ্যহীন যাত্রাৰ !

‘এটা বাতিল গল্পৰ মুদ্রণ’ মোৰ বাবে জটিল গল্প ।

‘এটা ভূতৰ গল্প’টো সঁচাকৈয়ে ভূতৰ গল্প । কিন্তু কেৱল মাত্র এটা ভূতৰ নহয়, কেইবাটাও ভূত-ভূতুনীৰ গল্প । “সিহঁতে এখন বাতৰি কাকতো উলিয়াই- ‘দৈনিক ছায়াবাজী’ । ইংৰাজী এডিশ্যন এটাৰ কথাও ভাবিছে, এডিটৰৰ বাবে ভবা হৈছে আব্রাহম লিংকনৰ কথা । উদ্দেশ্য- অশৰীৰী সমাজখনত থকা অন্ধকাৰবোৰ নাশ কৰা, যেনে- নিজে গুলী কৰা, হাতৰ সিৰ কটা, গ্রেণেড... ধর্ষণ... ।” কি ভাবে, এয়া সঁচাকৈয়ে ভূতৰ গল্প নে ?

আন দুটা গল্প ‘গোগোপণ্টি লাক্রাতুৱা’ আৰু ‘দীঘলা বৰুৱাৰ দালান’ত গল্পকাৰে নিঃসংগতাই মানুহক কেনেকৈ কি কি কৰিবলৈ প্রৰোচিত কৰে সেয়া খুব ধুনীয়াকৈ (!) প্রকাশ কৰিছে ।

‘গোগোপণ্টি লাক্রাতুৱা’ৰ নায়ক নিলোৎপল । কবি, শিক্ষক । কলেজত যাক বন্ধুসকলে নাম দিছিল ‘শুভ, শুদ্ধতা আৰু শুভ্রতাৰ প্রতীক’ বুলি । যাৰ উপস্থিতিয়ে স্থবিৰ মুহূর্ত এটাক প্রাণচঞ্চল আৰু কবিতাময় কৰি পেলাইছিল । পিছে এতিয়া সম্পূর্ণ বিপৰীত । গল্পকাৰে লগ পাইছে শুকান কাঠ এটুকুৰাৰ দৰে । নিলোৎপলে কয়- ‘ভগৱান, ভূত আৰু ভালপোৱাৰ অস্তিত্ব তর্কশূন্যভাৱে প্রমাণ কৰিব নোৱাৰি এই পৃথিৱীত ।’ নিলোৎপলৰ অভাৱী পৃথিৱীৰপৰা বাগদত্তা গুচি গৈছে আন কোনো ধনী ব্যৱসায়ীৰ সৈতে । সেয়ে সি ভাবে- ‘নেচেছিটী ইজ দা মাদাৰ অব্ ষ্টেঞ্জ বেড্ ফেলোজ ।’ মাকে কৈছিল তাক- ‘কবিতা খাই পেট নভৰে কাৰো, যাবই ।’ গতিকে সি মাষ্টৰী বাদ দি বিচাৰি পালে গোগোপণ্টি লাক্রাতুৱাক । সি চালাক, বুদ্ধিমান আৰু সময়ৰ শৰ মাৰিব জানে । তাক সাৰথি কৰি নিলোৎপলে ঠিক কৰিলে তাৰ মন্ত্র- ‘পেটৰ বাবে বাচিম, হৃদয়ৰ বাবে নহয় ।’

নিলোৎপল আচলতে অকলশৰীয়া হৈ পৰিছিল । কাৰোৰে সৈতে মানসিক যোগাযোগ সম্ভৱ নহৈছিল । সি সৃষ্টি কৰি লৈছিল এটা অর্থহীন আৰু অস্তিত্বহীন শব্দবন্ধু ‘গোগোপণ্টি লাক্রাতুৱা’ । তাৰ ৰং-ৰূপ, আকাৰ একো নাজানে যদিও সেই শব্দবন্ধুৰ সৈতে তাৰ সুন্দৰ মানসিক যোগাযোগ ঘটে; সি চালাক, চতুৰ, ভাল আৰু বেয়াও । তাৰ সৈতে বেংক লুট কৰাৰ অভিযান, গাঞ্জাৰ ব্যৱসায়ত হাত মিলোৱা, চৰকাৰী কার্যালয়ত লাখ টকাৰ ছাপ্লাই কৰি ধন ঘটাৰ আখৰা কৰে সি । তাৰ সেই শব্দবন্ধুৰ কথা শেষত সি গল্পকাৰৰ ওচৰত স্বীকাৰ কৰিছে এনেকৈ । ‘গোগোপণ্টি লাক্রাতুৱা’ৰ দৰে খেল এটা দেখুৱাম বুলি কৈ গল্পকাৰৰ হাতত তাৰেই টিকট এটা গুজি দি সন্মুখৰ ভৰা নৈত জাপ দি নিলোৎপল চিৰদিনলৈ গুচি গৈছে । সি দি যোৱা টিকটটোত লিখা আছিল- ‘মোৰ মহাপ্রস্থানৰ বাবে যেন কাকো জগৰীয়া কৰা নহয় ।’ সি দি যোৱা বাতৰি কাকতৰ টোপোলাটো খুলি চোৱাত গল্পকাৰে পালে তেজে কৰাল বান্ধি থকা এখন ডেগাৰ আৰু সংক্ষেপে লিখা এটা বাতৰি- ‘প্রাক্তন প্রেমিকৰদ্বাৰা নৱবিবাহিতা গাভৰু হত্যা ।’

নিলোৎপলে সুধিছিল- ‘পূবৰ পৰা বেলিটো যে ওলাবলৈ ধৰিছে, নৈখন যে বৈ আছে, নাওখন যে গৈ আছে, মানুহবোৰে যে শ্বাস-প্রশ্বাস লৈ আছে এইটোক কি কয় জান ?’

গল্পকাৰে কৈছিল- ছিম্ফনী । নিলোৎপলৰ মতে সেয়া ‘গোগোপণ্টি লাক্রাতুৱা’ ।

গল্পকাৰে ভাবিছিল- ‘প্রতিটো ডাঙৰ সমস্যাৰ অভ্যন্তৰত এটা সৰু সমস্যাই অনবৰত তাৰ বেৰজাল ফালি ওলাই আহিবলৈ চেষ্টা কৰি থাকে ।’ কথাষাৰ ভালেপৰ ভাবি থাকিলো । কোনোবা সময়ত মানুহ বহু মানুহৰ মাজত থাকে যদিও বিশেষ কিছুমান মানুহৰ সৈতেহে মানসিক যোগাযোগ একোটা সম্ভৱ হৈ উঠে । তেনে কিছুমান মানুহৰ সৈতেহে মানুহে কিছুমান কথা ভগাই ল’ব পাৰে । তেনেকুৱা কিছুমান সময়ত যেতিয়া কোনোৱে সেই মানসিক যোগাযোগ একোটা নাপায়, নিজে নিজক চম্ভালি ল’ব পৰা সকলে নিজকে সামৰিব পাৰে কিন্তু কোনোৱে নোৱাৰে । নোৱাৰিলেই সৃষ্টি কৰি লয় একো একোটা ‘গোগোপণ্টি লাক্রাতুৱা’ৰ দৰে বন্ধু যি কেতিয়াবা লৈ যায় নাযাবলগীয়া বাটেৰে । নিলোৎপলে কোৱাৰ দৰে ‘সি ভালও’ । নিলোৎপলে চাগৈ ভাল বাটটো দেখালৈ বাট নাচালে !

সেইদৰেই ‘দীঘলা বৰুৱাৰ দালান’ত থকা বুঢ়াটো ! লগত কাম কৰা ল’ৰা ৰতন । মানুহে কয় ভূতীয়া ঘৰ বুলি । গল্পৰ নায়কে এদিন সেই বাংলাতে ওপৰ মহলৰ খিৰিকীত আৱিষ্কাৰ কৰে এগৰাকী সুন্দৰী । কিন্তু মানুহৰ মতে, বুঢ়াটোৰ মতে, আনকি ৰতনৰ মতেও তাত কোনো নাথাকে, থাকে কেৱল বুঢ়া আৰু ৰতন । নায়কে পিছে সেয়া বিশ্বাস নকৰে । সেই সুন্দৰীৰ কাষ চাপিবলৈকে লাহে লাহে বুঢ়াটোৰ সৈতে সৌহাদ্যপূর্ণ সম্পর্ক এটা গঢ়ি তুলে । চল-চাতুৰীৰে এদিন সেই সুন্দৰীৰ ৰহস্য ভেদ কৰিবলৈ গৈ নায়কে আৱিষ্কাৰ কৰে অন্য এক সত্য । বুঢ়া নিঃসংগ মানুহ । প্রবাসতো কোনো নাছিল, দেশতো কোনো আপোন নাই । সেই ঘৰটোও অভিশপ্ত, বিনা পইচাত ভাড়া দিলেও কোনো নাথাকে । দুখ-আনন্দ প্রকাশ কৰিবলৈ সেয়ে বুঢ়াৰ কোনো নাই । ডেকা বয়সত টি বি হৈছিল বাবে বন্ধুবোৰো আতৰি গ’ল, কোনেও ছোৱালীও বিয়া নিদিলে বুঢ়ালৈ । কিন্তু বুঢ়াৰ মন যায় কথা ক’বলৈ, আড্ডা দিবলৈ, ৰাস্তাৰে পাৰ হৈ যোৱা শিশুক আদৰ কৰিবলৈ । কিন্তু কোনো কাষ নাচাপে ঘৰটো অভিশপ্ত বাবেই । নায়কৰ সৈতে কথা পাতিবলৈ পালে সেয়ে বুঢ়াই এৰি নিদিছিল, অনুভব কৰিছিল আত্মীয়তা । কিন্তু নায়ক গৈছিল সুন্দৰীক পোৱাৰ আশাত হে । বুঢ়াই নিজৰ নিঃসংগতা দূৰ কৰিবলৈ উপায় বিচাৰি লৈছিল- সুন্দৰী গাভৰু ! তেতিয়া তো মানুহ আহিব । আহিছিলো । যিদৰে গল্পৰ নায়কো গৈছিল । বুঢ়াই নিজেই শাৰী পিন্ধি, মুখা লগাই, উইগ পিন্ধি সুন্দৰীৰ বেশেৰে ওপৰ মহলৰ খিৰিকীত, বাৰাণ্ডাত দেখা দিছিল মাজে মাজে । বুঢ়াই যেতিয়া সকলো স্বীকাৰ কৰি নায়কক সুধিছিল সি তেওঁক আপোন বুলি ভাবিব নোৱাৰেনে বুলি, নায়কে দেখিছিল ‘পৃথিৱীৰ সহস্র খিৰিকীমুখত আয়ত-অত্যুজ্জ্বল চকু আৰু গৌৰ মুখচন্দ্রমাৰে থিয় হোৱা সহস্রজনী গাভৰুতকৈ এই সেই নিসংগ-নির্জন আৰু স্বজনৰহিত বৃদ্ধৰ মুখখন অধিক আকর্ষণীয় হৈ উঠিছিল ।’

নিসংগতাই মানুহক এনেকৈয়ো পীড়া দিয়ে ! আপোন আত্মীয়তাৰ অকণমান উমাল সান্নিধ্য বিচাৰি মানুহ এনেকৈয়ো ব্যাকুল হৈ থাকে ! বুঢ়াৰ প্রতি সহানুভূতি নে পুতৌ নে অন্য কিবা অনুভৱ কৰিলো সেয়া যেন সঠিককৈ নিজেই বুজি নাপালো ! কি অদ্ভুত কাৰুণ্যতা !

আন এটা গল্প ‘ক্লেপ্’ । এটা ধেমালি যেন লগা বাজিৰ শেষত অমিতাভে বিয়াৰ দিনাই নিজৰ জীৱন শেষ কৰি দিছে । আচলতে কোন দায়ী অমিতাভৰ মৃত্যুৰ বাবে ? সেই চয়তান পোৱালিকেইটা যিকেইটাক বুদ্ধই পইচা দিছিল অমিতাভক জোকাবলৈ নে বুদ্ধ আৰু পুলপুলি নিজে দায়ী ? পানীভাৰী কুঁজা বংকু দায়ী নে অমিতাভৰ সৰুতে ভগা, অলপ বেঁকা সোঁহাতখন দায়ী ? নে দায়ী আছিল অমিতাভৰ হ’বলগীয়া পত্নী ?

শাৰিৰীক খুঁতবোৰক লৈ মানুহক জোকাই ৰং চোৱা কাৰবাৰটো মুঠেও ভাল নালাগে । আমি ভাবিবও নোৱাৰো সাধাৰণ যেন লগা কথা এটাই কাৰোবাক কিমান মানসিক শাস্তি দিব পাৰে, কিমান গভীৰলৈকে আঘাত সানিব পাৰে । ধেমালিতে হ’লেও ধেমালিও সীমা চেৰাই যোৱা বিধৰ হ’ব নালাগে । আমি কেতিয়াবা বিশেষ একো নভবাকৈ কিছুমান কথা কৈ দিওঁ, কিছুমান কাম কৰি দিওঁ... আমি সাধাৰণ যেন বুলি ভাবিলেও কেতিয়াবা সেইবোৰে কাৰোবাৰ এনে ক্ষতি কৰে যাক কেতিয়াও পূৰ কৰা সম্ভৱ হৈ নুঠে ।

গল্পটো পঢ়ি বেজাৰ লাগিল । গল্পত উল্লেখিত ‘মেটাডোৰ’ শব্দটো সৰুতে শুনা মনত পৰে । দেখিছিলোও চাগৈ । পিছে সেই গাড়ী দেখাত কেনে আছিল সোঁৱৰণিৰ সাকুতিৰেও ঢুকি নাপালোগৈ । আৰু এইযে ‘বংকু’ নামটো ! কিয় জানো মনলৈ আহি আছে কিবা গল্প এটা পঢ়িছিলো যেন এই ‘বংকু’ নামটো থকা ! ‘বংকু, দে বজাই বাঁহী’ নে কিবা আছিল । কাৰ গল্প, কেতিয়া পঢ়িছিলো, আচলতেই পঢ়িছিলো নে নাই ক’ব নোৱাৰিম ! স্মৃতিৰো যে কি খেল !

‘বাল্ব’ গল্পটো পঢ়ি চুটি ছায়’ফিক চিনেমা চোৱাৰ দৰে অনুভৱ হ’ল ক’ৰবাত (হ’ৰৰ বুলি ক’ব পৰা নহ’ব চাগৈ)। সঁচাকৈ যদি সেই বিশেষ বাল্বটোৰ দৰে বাল্ব থাকিলহেঁতেন ! বোৱাৰীয়েকৰ কথা মানি দস্তিদাৰে এটকা পঞ্চাছ পইচা দি বাল্ব এটা কিনি আনে, সচৰাচৰ দামতকৈ যথেষ্ট কম দাম । বাল্বটোৰ আকৃতিও বেলেগ, আপেল এটাৰ দৰে । বাল্বটোৰ পোহৰৰ ৰঙে বৰণ সলাই থকা বিশেষত্বক লৈয়েই দস্তিদাৰ সহিতে পুতেক-বোৱাৰীয়েকৰ গধূলিটো বেছ স্ফূর্তিৰে পাৰ হ’ল । ৰঙতে দস্তিদাৰে বাল্বটো কিনি অনা দোকানৰ মানুহজনৰো স্কেচ্ এখন আঁকি উলিয়াই ।

ৰাতি যেতিয়া দস্তিদাৰে পুৰণি ফটোৰ এলবামখন লুটিয়াই শৈশৱ, কৈশোৰ, যৌৱন, যুগ্ম জীৱনৰ সোঁৱৰণিত ঘূৰি ফুৰিল- বাল্বটোৰ পৰা বিকীর্ণ হ’ল এক আশ্বর্যময় স্বর্ণাভ দ্যুতি । যেতিয়া পত্নীৰ শেষ দিনটোৰ ছৱিখনত চকু পৰিলত চকুলো ব’বলৈ ল’লে, বাল্বটোৰপৰা বেঙুনীয়া পোহৰ চমকিলে । ...আৰু যেতিয়াই তৃতীয়টো ষ্ট্রোকত দস্তিদাৰৰ যাওঁ যাওঁ অৱস্থা হ’ল, বাল্বটো দুপকৈ নুমাই গ’ল । দস্তিদাৰে মৃত্যুৰ আগমুহূর্তত কৈ যোৱা অনুসৰিয়েই পুতেকে স্কেচখন লৈ দোকানৰ মানুহজনক বিচাৰি যায় । তাতে সেই মানুহজনৰ সলনি থাকে তেখেতৰ পুত্রদ্বয় যিয়ে জানিবলৈ দিয়ে যে স্কেচত থকা মানুহজনৰ ত্রিছতম মৃত্যবার্ষিকী উপলক্ষে কালি দোকান বন্ধ আছিল ।

এটা বাল্বৰ সৈতে মানুহৰ জীৱনটোৰ কি সাংঘাটিক তুলনা ! এটা বাল্বৰ সৈতে মানুহৰ মানসিক এক যোগাযোগ ! আগেয়ে এনে ধৰণৰ গল্প পঢ়া মোৰ মনত নপৰে । ভাবি থাকিলো- সঁচাকৈয়ে অদূৰ ভৱিষ্যতে যদি এনে কিবা এটা বাল্বৰ আৱিষ্কাৰ বিজ্ঞানে কৰি পেলাই !! মানুহৰ মনৰ অৱস্থাটো- সুখৰেই হওক বা দুখৰ, অথবা ভাবনা শূন্য... সেয়া আশে-পাশে থকাজনেও জানিব পাৰিলেহেঁতেন ! অৱশ্যে বাল্বটো জ্বলাবলৈ যদি বিজুলীৰ ব্যৱস্থা নাথাকে ? দিনৰ বেলিকা বাল্বটো জ্বলাই নাৰাখিলে কি হ’ব, তেতিয়া তো তাক একেবাৰে নুমাই যোৱা বুলিব নোৱাৰি ! হাঃ হাঃ । নিশ্চয় কিবা উপায় ওলাব তাৰো ।

বিশেষভাবে ভাল লাগিল শেষৰটো গল্প ‘হিৰো’ । গল্পৰ নায়ক পৰমা দেখাত চিনেমাৰ হিৰো দেৱনীলৰ দৰে । বহুতে সেয়ে পৰমাকে দেৱনীল বুলি ভাবি মাতে, চিনাকী হয়, অট’গ্রাফ বিচাৰে ।

পৰমা সাধাৰণ মেডিকেল ৰিপ্রেজেণ্টেটিভ, দেৱনীল তাৰকা অভিনেতা । পৰমাও দেখনিয়াৰ, চিনেমা কৰিবলৈও তাৰো মন যায় । কিছুদিন আগলৈকে দেৱনীল বুলি কৰা মানুহৰ ব্যৱহাৰে তাক হতবুদ্ধি কৰিছিল, মধুৰ তর্ক-বিতর্কৰ পিছতো আগ্রহীজনৰ সন্দেহ মাৰ যোৱাব নোৱাৰি কেতিয়াবা আত্মসমর্পণ কৰিছিল । পিছে আজিকালি সি দেৱনীল বুলি অট’গ্রাফ দি পুলক অনুভৱ কৰে ।

এদিন ঘটনাক্রমে পৰমাও এক ঘটনাৰ অংশ হৈ পৰে দেৱনীল হিচাপে । দেৱনীলৰ বন্ধু এজনে সেই ঘটনাৰ পিছত কোৱা কথা এষাৰে পৰমাক ভাবিবলৈ বাধ্য কৰোৱাই যে ‘সি মিছলীয়া নেকি ?’

সেই প্রশ্নৰ উত্তৰ বিচাৰি থাকোতেই এগৰাকী যুৱতী আহি পৰমাৰপৰা অটোগ্রাফ বিচাৰে । সি যুৱতী গৰাকীৰ সৰল, নিষ্পাপ হাঁহিৰ প্রত্যুত্তৰত অভিনয় কৰি হাঁহিব নোৱাৰিলে । নিজৰ কার্ডখন দেখুৱাই তাইক ক’লে যে সি দেৱনীল নহয়, পৰমাহে । সন্দেহ আতৰাবলৈ সি আনকি নিজৰ বেগত থকা ঔষধ-পত্রও দেখুৱাব খুজিলে । কিছু ক্ষণৰ পিছত কার্ডখন লৈ যুৱতীগৰাকীয়ে আগ্রহেৰে তাৰ কার্ডখনৰ ওলোটাফালেই অটোগ্রাফ দিবলৈ কয় । পৰমাই কয় যে সি সাধাৰণ মানুহ, হিৰো নহয় । যুৱতী গৰাকীয়ে কয় যে সেয়া তাই বুজিছে, কার্ডখনত তেওঁ দেৱনীলৰ নহয়, নিজৰ ছিগনেচাৰটো দিলেই হ’ব; যিহেতু নাম-ঠিকনা লিখা আছেই, কেতিয়াবা আমনি কৰিব ।

পৰমা ৰাজখোৱাৰ জীৱনৰ প্রথমটো অটোগ্রাফ লৈ সলাজ হাঁহি মাৰি ‘পাৰমিতা’ হেৰাই গ’ল ব্যস্ত ভিৰৰ মাজত । পৰমাই চাই ৰ’ল তাই যোৱা সুগন্ধি বাটৰ পিনে...

গল্পটোৰ ওজন আনকেইটা গল্পৰ তুলনাত হয়তো কম হ’ব, কিন্তু তথাপিও বিশেষভাৱে ভাল লগা কাৰণটো হ’ল- এইযে পৰমাই দেৱনীলৰ সলনি নিজৰ সত্বাটোক মানি ল’লে, নিজে যি সেয়া স্বীকাৰ কৰি ল’লে, সেইটো কথা । আৰু পাৰমিতা ! মৰম ওপজিল তাইৰ প্রতিও । মোৰ তেনেকুৱা মানুহক ভাল লাগে যি নিজক নিজৰ দৰেই স্বীকাৰ কৰি ল’ব পাৰে, কাৰোবাৰ আঁৰত অথবা আন কাৰোবাৰ ওপৰত ভেঁজা দি নিজৰ চিনাকী নাৰাখে । যদিওবা পৰমা দেখাত দেৱনীলৰ দৰেই প্রায় কিন্তু সি সঁচাকৈ দেৱনীল হ’ব নোৱাৰে কেতিয়াও । মই বিশ্বাস কৰো যে দুজন মানুহ হুবহু একেই কেতিয়াও হ’ব নোৱাৰে মানসিক ভাৱে । বহুজনে কোৱাৰ দৰে, বিশ্বাস কৰাৰ দৰে… ওঁহো, মানি ল’বলৈ মন নাযায় ‘দুটা শৰীৰ, এটাই আত্মা’ কথাষাৰো ! দুজন যঁজা মানুহৰো হয়তো চকুত নপৰা ধৰণৰ কিছু শাৰিৰীক পার্থক্য থাকে, থাকিব পাৰে । কিন্তু হুবহু একেই হ’বনে তেনে দুজন ব্যক্তিৰ চিন্তাধাৰা, মানসিক স্থিতি, ভাললগা-বেয়ালগা ? মই ভাবো প্রতিজন মানুহ ভিন্ন । কিছু কিছু মিল থাকে, মিলি থকাখিনি আমাৰ ভাল লাগে, মনে মিলা মানুহ সেয়া আমাৰ বাবে । কিন্তু সকলো মিল ? আমি আচলতে কেতিয়াবা হয় আমাৰ ভাল লগা মানুহৰদ্বাৰা প্রেৰিত হওঁ আৰু তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰো নতুবা আমি আমাৰ ভাল লগা মানুহক প্রৰোচিত কৰো আমাৰ ভাললগা ধৰণৰ হ’বলৈ ! হয়তো আমি কিছুদূৰলৈকে আমাৰ কোনো প্রিয় ব্যক্তিৰ দৰেই হৈ উঠিব পাৰিম বা পাৰো; তেওঁলোকৰ ব্যৱহাৰ, কথা-বার্তা, কাম-কাজৰ ধৰণ আদিও আয়ত্ত্ব কৰি ল’ব পাৰো । একেদৰেই কোনোবা আমাৰ ‘ফেন্’ হ’লে তেওঁলোকে নিজে আমি বিচৰাৰ দৰে বা আমাৰ দৰে হ’বলৈ চেষ্টা কৰিব, আমাৰ ভাললগাবোৰ কৰিব… সকলোবোৰ আমাৰ ভাললগা-বেয়ালগাবোৰৰ ওপৰতহে নির্ভৰশীল হৈ পৰিব । হয়, সেয়া আমি ‘সঁচা প্রেম’ৰ নিদর্শন বুলি মানিব পাৰো, বা সম্পর্কটো প্রেমৰ নহ’লে সেয়া (যিকোনো বিষয়ৰ) গুৰু-শিষ্যৰ স্নেহ-শ্রদ্ধা অথবা যিকোনো সম্পর্কৰ মাজৰ নিষ্পাপ, সৰল, নিঃস্বার্থ স্নেহ হ’ব পাৰে । কিন্তু কোনোবা সময়ত নিজক বিচাৰি হাবাথুৰি নাখাবনে তেনে লোকে বা আমি নিজে ? নিজৰ অস্তিত্বটো কি ? মই কোন ? মোৰ চিনাকী কি ? সকলোৰেপৰা আতৰত মই যেতিয়া অকলে থিয় হ’ম, মোৰ পৰিচয়টো কি হ’ব ? কেৱল এটা নাম ?

দুজন মানুহ কিছু কিছু একে হ’ব পাৰে বা কেতিয়াবা ভালেমান একে আৰু কেতিয়াবা বহু বেছি একেই হ’ব পাৰে বহুক্ষেত্রত, নিমিলাখিনি মনিব নোৱাৰাকৈ । কিন্তু ওঁহো… দুটা আত্মাই একে সময়তে একেটা কাৰণতে আনন্দত ওথলি নুঠিবও পাৰে, একে সময়তে একেজন ব্যক্তিকে সুঁৱৰি কাতৰ-বিহ্বল নহ’বও পাৰে… হুবহু একেই হ’ব নোৱাৰে দুজন ব্যক্তিৰ সকলো দর্শণ, সকলো সংস্কাৰ, সকলো চিন্তা, সকলো প্রয়োজন, সকলো পচন্দ-অপচন্দ… তেন্তে ?! গান্ধীয়ে কোৱা কথাবোৰ কৈ থাকিলেই কোনোবা গান্ধী হৈ যাবনে ?

ধেত ! কথাবোৰ ‘আউত অৱ দ্যা বক্স’ হৈ পৰিল ! কোনোবাই হয়তো ভাবিব পাগলৰ অযুক্তিকৰ যুক্তি বুলি । হাঃ হাঃ । মোৰটোৱেই শুদ্ধ বুলি কোৱা নাই বাৰু । পৰমা-পাৰমিতাই হে ভাবিবলৈ বাধ্য কৰালে । দুয়োটাকে মোৰ ভালও লাগিল । ভাবি চাবচোন এবাৰ । ভাবি চাব পাৰি এবাৰ, নহয়নে ? হয় হয়, মই ‘অমুক’ৰ ‘অমুক’ বা ‘অমুক’ মোৰ ‘অমুক’ হয় বুলি বুকু ফুলাই গর্বেৰে নিজৰ চিনাকী দিবলৈ সকলোৱে ভাল পায়, ময়ো পাওঁ । ভালৰ ভালখিনিক অনুসৰণ কৰাটোও নিশ্চয়কৈ ভাল কাম । কিন্তু ‘অমুক’ৰ অবিহনে যি যেনেকুৱা তেনেকৈয়ে সানন্দেৰে নিজক গ্রহণ কৰা; মই কাৰোবাৰ ক’পি নহয়, মই ময়েই বুলি ক’ব পৰা “মই”বোৰক মই ভালপাওঁ ।

যি নহওক, গল্পকেইটা পঢ়ি বহু কথাই ভাবি থাকিলো । নাটকীয়তা, কাব্যিকতা, হাস্যৰস আৰু কাৰুণ্যতাৰ ৰহন থকা গল্পকেইটা নিজৰ নিজৰ ধৰণেৰে বিশেষ । নিসংগতাক আতৰাবলৈ কাহিনীৰ চৰিত্রবোৰৰ বাবে অৱশ্যেই গল্পকাৰে সৃষ্টি কৰি দিছে আন কিছুমান কাল্পনিক চৰিত্রৰ… কেতিয়াবা বৰষুণৱালা, কেতিয়াবা গোগোপণ্টি লাক্রাটুৱা… ! প্রথম গল্পটো পঢ়িয়েই বুজিব পাৰি গল্পকাৰৰ কি সাংঘাটিক সূক্ষ্ম পর্যবেক্ষণ, খুটি-নাটি একো বাদ নপৰাকৈ সকলো কথাৰ কি সাৱলীল বর্ণন । ৱাহ ! কিজানি সেয়ে তেওঁ তমস্কাৰ অভিনেতা !

 

 


No comments:

Post a Comment