“১৯৬২” সাংবাদিক মৃণাল তালুকদাৰৰদ্বাৰা
লিখিত এখন বুৰঞ্জীমূলক-ভ্রমণমূলক কিতাপ । য’ত বর্ণিত হৈছে অৰুণাচল প্রদেশৰ সীমাত হোৱা
চীন-ভাৰতৰ সেই ঐতিহাসিক যুদ্ধৰ কথা; যি যুদ্ধত মৃত ভাৰতীয় সৈন্যৰ সংখ্যা আছিল ১,৩৮৩,
নিখোঁজৰ সংখ্যা ১,৬৯৬ আৰু যুদ্ধবন্দীৰ সংখ্যা আছিল ৩,৯৬৮; …আৰু সেই নিখোঁজ সৈনিকসকলৰ
কিবা খবৰ পোৱাৰ আশাত আজিও ৰৈ আছে তেওঁলোকৰ পৰিয়াল !
লেখক মৃণাল তালুকদাৰক নিশ্চয় প্রায় সকলোৱে চিনি পায় । যদি জানিব বিচাৰে, চাব পাৰে-
…১৯ নৱেম্বৰ, ১৯৬২, নিশা ৮ বজাত ৰেডিঅ’ত বাতৰিত
শুনা গৈছিল- অসমক বিদায় দি ভাৰতৰ প্রধানমন্ত্রী নেহৰুৱে কোৱা-
“My heart goes out for the
people of Assam.”
“২০ নৱেম্বৰ, ১৯৬২, তেজপুৰ ।
সময় তেতিয়া সন্ধিয়া ৭.৫৫ বাজিছে । তেজপুৰ তেতিয়া জনশূন্য । চাৰিওফালে মৰিশালীৰ নিস্তব্ধতা । মিঠাপুখুৰীৰ পাৰেৰে সোঁফালে কেঁকুৰিটোৰে নীৰৱতা ফালি জীপখন উঠি গৈছিল । চার্কিট হাউছ পোৱাৰ লগে লগেই বাওঁফালে ঘূৰি দিছিল জীপখন ।”
এনেকৈয়ে আৰম্ভ হৈছে এখন
যুদ্ধৰ বর্ণনা । চীন-ভাৰতৰ
যুদ্ধ । আমি
সৰুৰেপৰা শুনি থকা এখন যুদ্ধৰ কথা ।
“২১ নৱেম্বৰ, ১৯৬২ । তেজপুৰ । পুৱা তেতিয়া ৭ মান বাজিছে । উপায়ুক্ত ৰাণা কে ডি সিং নিশিনাথ
চাংকাকতীৰ কোঠালৈ সোমাই আহিছিল ।... দুখন জীপত জাঁপ মাৰি উঠি সকলো ওলাই গৈছিল । তেজপুৰ জনশূন্য । দুজনমান মাথোঁ পগলা ৰাস্তাত । দুই-এজন মনপা অবাক হৈ ঘূৰি ফুৰিছে । শালনীবাৰী বিমানকোঠা পৰিত্যক্ত ।... নিশিনাথ চাংকাকতীয়ে এনেয়ে ঘূৰাই
দিলে ট্রেনজিষ্টৰটোৰ ডায়েলখন । খেৰখেৰীয়া মাতেৰে লাগি গৈছিল – ৰেডিঅ’ অষ্ট্রেলিয়া । সকলোকে আচৰিত কৰি ভাহি আহিছিল সেই
অবিশ্বাস্য খবৰটো – China has declared unilateral ceasefire…”
এনেকৈয়ে বিশ্বক স্তম্ভিত
কৰি, তেজপুৰ দখল কৰিবৰ ক্ষমতা থকাৰ পিছতো চীনা সৈন্য
উভতি যোৱাৰ কথাৰে যুদ্ধৰ কাহিনী সামৰিছে লেখকে ।
ইউ-টিউবত বিচাৰি ফুৰোঁতে এই যুদ্ধ বিষয়ক লিংক এটা পালোঁ । সমুজ্জ্বল কাশ্যপৰ পৰিচালনাত ওলোৱা “তেজপুৰ ১৯৬২” নামৰ ডকুমেন্ট’ৰি । সম্পূর্ণকৈ চোৱাৰ বাবে বিচাৰিও নাপালো অৱশ্যে । চোৱাৰ হেঁপাহ এটা থাকিল- https://www.youtube.com/watch?v=QoqiUqIbCPM
এইবোৰৰ কথা চর্চা-প্রচাৰ হৈছিল নে নাই
নাজানো । আমি শুনা নাছিলো দেখোন !
যি কি নহওক, কিন্তু কিয়
উভতি গ’ল চীন ? আমি যোৱা ৫০ বছৰে যি চীনা
আগ্রাসনৰ কথা শুনি আহিছোঁ, সেয়া কিমান সঁচা ? চীনা যুদ্ধ বুলিলে আমি ইমানদিনে যিবোৰ কথা শুনি আহিছোঁ, সেইখিনিৰ কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি কিমান জানো ? চীনা যুদ্ধৰ বিষয়ে জানিবলৈ বিচাৰিলে সঁচা অর্থত পোৱা কথা মাত্র তিনিটা
(লেখকৰ মতে) – ১) তেজপুৰ
এৰি সকলো পলাইছিল । ২) পগলা ফাটেকৰ দুৱাৰ খুলি দিছিল । ৩) বেংকৰ টকাবোৰ
জ্বলাই দিয়া হৈছিল আৰু মুদ্রাবোৰ পদুম পুখুৰীত পেলাই দিয়া হৈছিল ।
১৯৫০ চনৰ ভূঁইকঁপ আৰু চীনা
যুদ্ধ, যোৱা শতিকাৰ যি দুটা মূল ঘটনাই আমাৰ ৰাজ্যখনৰ
ভূগোল আৰু বুৰঞ্জীক বদলাই দিলে সেই ঘটনাৰ বিষয়ে কিবা জানিবলৈ বিচাৰিলে অসমীয়া সাহিত্যত
কেৱল এটা “ডাঙৰ শূন্য” পোৱাটো আমাৰ জাতিটোৰ
কাৰণে পৰিতাপৰ বিষয় আৰু ৫০ বছৰীয়া এক দুর্ভাগ্য বুলি আগকথাত লেখকে উল্লেখ কৰিছে ।
আৰু সেই “ডাঙৰ শূন্য” টোক সংখ্যা
কৰিবলৈকে চীনা যুদ্ধৰ জান-নাজান অ’ত-ত’ত সিঁচৰিত হৈ থকা কথাবোৰ সামৰি ২০১৩ চনত প্রথম প্রকাশ পোৱা এখন ৰোমাঞ্চকৰ যাত্রাৰ কিতাপ হ’ল
পেছাদাৰী সাংবাদিক মৃণাল তালুকদাৰৰ “১৯৬২” । চীন-ভাৰতৰ যুদ্ধ চীনৰ আক্রমণৰ বাবে
হৈছিল নে ? যদি হয় তেন্তে বমডিলা পাৰ হৈ আহিও চীনৰ সৈন্য কিয় ঘূৰি গৈছিল ? যুদ্ধৰ
আচল কাৰণ কি আছিল ? কিহৰ কাৰণে আচলতে যুদ্ধখন হৈছিল ? এই প্রশ্নবোৰৰ উত্তৰৰ
অন্বেষণৰ ফচলেই হ’ল “১৯৬২” । বনলতা প্রকাশনে ইয়াৰ
প্রথম সংস্কৰণ প্রকাশ কৰিছে নৱেম্বৰ, ২০১৭ ত ।
মোৰ দৰে ভূগোল, বুৰঞ্জী বেয়া পোৱা মানুহে কিতাপখন পঢ়িবলৈ লৈ
শেষ নকৰালৈকে জপাই থ’বলৈ মন নকৰাটো নিশ্চয়কৈ লেখকৰ সাৱলীল বর্ণনাৰ
মোহিনী শক্তি ! লগতে আৰু এটা কথা ক’ব বিচাৰিম, সেয়া হ’ল- মই
নিজে ২০১৭ ৰ অক্টোবৰ মাহৰ শেষৰফালে ডিব্রুগড়ৰপৰা চৌখামৰ সোণালী পেগোডা হৈ পৰশুৰামকুণ্ড-হায়ুলিয়াং-হাৱাই-ৱালঙৰ
মাজেৰে কিবিথোলৈ বুলি গৈছিলোঁ । উদ্দেশ্য আছিল কাহোলৈকে যোৱাৰ । সেই বাটত দলঙৰ মেৰামতি কৰি থকাৰ বাবে
আমি কিবিথোৰপৰাই উভতি আহিব লগা হ’ল । আৰু তাৰ পিছতেই ডিচেম্বৰ, ২০১৭ ত ডিব্রুগড়ত হোৱা
গ্রন্থমেলাৰপৰা কিতাপখন কিনিছিলোঁ । তেতিয়ালৈকে মাত্র ইয়াকেই জানিছিলোঁ যে কিতাপখনত কেৱল
চীন-ভাৰতৰ যুদ্ধৰ কথা আছে, মই নিজে গৈ দেখি অহা বাট এছোৱাৰ কথাও যে তাত থাকিব সেয়া
মই ভবাই নাছিলোঁ !
যেতিয়া কিতাপখন পঢ়িবলৈ
আৰম্ভ কৰিছিলোঁ, অনুভৱ কৰিছিলোঁ এক বুজাব নোৱাৰা উত্তেজনা... শিহৰণ ! আসঃ ! এই
বাটেৰেই তো আমিও গৈছিলোঁ ! ভাৱ হৈছিল আগতেই যদি পঢ়িলো হয় কথাবোৰ ! হয় । ঠিকেই তো লিখিছে । আমি ভাটৌৰ দৰে কৈ আছো ষ্টীলৱেল পথৰ
কথা, যি পথেৰে চীনলৈ দূৰত্ব প্রায় ১,৮০০ কিল’মিটাৰ । অথচ আমি যি পথেৰে গৈছিলো সেই পথৰ কথা
দেখোন কোৱা নাযায়, যি পথেৰে তিনিচুকীয়াৰপৰা চীনলৈ দূৰত্ব মাথোঁ ৪০০ কিল’মিটাৰমান । যি পথৰ সন্ধান বৃটিছে কৰিছিল । শদিয়াৰপৰা মিছিমি হৈ ৰিমা পাইছিলগৈ । অসম আৰু চীনক লগ লগোৱাৰ চেষ্টা কৰা
এই পথ বন্ধ হৈ গৈছিল বিশ্বযুদ্ধ আৰু স্বাধীনতাৰ বাবে । ঠিক । আমি দেখোন ভাৰতৰ শেষৰখন গাঁৱত খোজ
পেলাই আহিব পাৰিলোঁ তেনেই কম সময়ৰ ভিতৰত ! অথচ ১৯৪৭ চনৰেপৰা এই পূৱৰ দুৱাৰ বন্ধ
কৰি দিল্লীয়ে মাথোঁ পশ্চিমৰ দুৱাৰ খোলাত মন দিলে আৰু অৰুণাচল দিল্লীৰ বাবে হৈ পৰিল
পৃথিৱীৰ শেষ প্রান্ত । লেখকৰ কথাৰে
“স্বাধীনতা আৰু পাঁচ-দহ বছৰমান পিছুৱাই গ’লেই চাগৈ অৰুণাচলৰপৰা চীনলৈ এই চমু
ৰাস্তা সাজি উলিওৱা হ’লহেঁতেন, হয়তো তিনিচুকীয়া-ৰিমা হাইৱে’ই হৈ গ’লহেঁতেন !”
যিমানেই কিতাপখনৰ পাত
লুটিয়াই গ’লো সিমানেই ৰোমাঞ্চিত অনুভৱ কৰিলোঁ ! কথাবোৰ নজনাকৈয়ে গৈ অহা ৰাস্তাবোৰৰ
কথা ঘূৰি আহি পঢ়িবলৈ পাই কেনে অনুভৱ হৈছিল সেয়া বুজাব নোৱাৰি ! পৰশুৰামকুণ্ডৰপৰা
আগলৈ ৰাস্তাবোৰ মোৰ বাবে নতুন আছিল । অৰুণাচলৰ আন আন ঠাইৰ (মই যোৱা) পাহাৰবোৰতকৈ যেন এইফালৰ
পাহাৰবোৰ ওখ আছিল ! গাড়ীৰপৰা যেতিয়া উভতি চাইছিলো, এনে লাগিছিল ওখ ওখ পাহাৰবোৰ যেন
আমাৰ পিছে পিছে আহি আছে ! হাৱাইত এৰাতি কটাই ৱালঙৰ ৰানৱে, ৱালং চ’কি পাৰ হৈ আমি আগুৱাই
গৈছিলোঁ । বাটত
থকা জোপোহাৰ সেউজীয়া গছ-বনবোৰৰ মাজত মিলি থকা সীমান্ত ৰখীয়া বীৰ জোৱানসকলক আমি
ধৰিবই পৰা নাছিলো ! দূৰৈত পাহাৰৰ বুকু ফালি সেউজীয়াৰ মাজেৰে বৈ আহিছিল শুভ্র জুৰিৰ
জলাধাৰ... আৰু লোহিতৰ পাৰে পাৰে আমি গৈ আছিলোঁ ! কোনোবা এজনে দূৰলৈ আঙুলিয়াই
চিঞৰিছিল “সেয়া, চীনৰ পাহাৰত বৰফ পৰিছে !” ইমান ওচৰতে চীন ! আমিও যিমান দূৰলৈ পাৰি
ডিঙি মেলি মেলি চাই দেখিছিলো ৰ’দৰ পোহৰত জিলিকি থকা চীনৰ বৰফাবৃত পাহাৰৰ শুভ্র
চূড়া ! শেষত ‘দিছু’ৰপৰা ওলোমা দলেঙেৰে গৈ আমি ভাৰতৰ শেষৰখন গাঁৱতো ভৰি দি আহিলোঁ !
আচৰিত হৈছিলো ইমান ওচৰতে
দেখোন চীন ! হয়, ঠিকেই – “আমি নকওঁ এই সহজ পথৰ কথা । হয়তো নাজানো । জনোৱা নহয় যে মাথোঁ ৪০০ কিল’মিটাৰ
সুন্দৰ পথ পাৰ হ’লেই চীনদেশ পাব পাৰোঁ । নকওঁ যে হিমালয়, কাৰাকোৰামৰপৰা নামডফালৈকে সবাতোকৈ চাপৰ, কম
পর্বতীয়া ঠাই হৈয়ে লোহিত নদীৰ কাষেৰে চীনলৈ পথ আছে । হয়তো আমি মনত পেলাব নিবিচাৰোঁ, কাৰণ
এই পথেৰেই চীনে ভাৰতক আক্রমণ কৰি এশিকনি দিছিল । টাৱাং আৰু ৱালঙেই আছিল ১৯৬২ চনৰ
ভাৰত-চীন যুদ্ধৰ মূল যুদ্ধক্ষেত্র । হাজাৰোধিক জোৱানৰ মৃত্যু হৈছিল । হাজাৰ হাজাৰজনৰ বুকু শুদা হৈছিল । সেয়াই চাগৈ কাৰণ !”
এইখিনি মই নিজে দেখি অহা
ঠাইখিনিৰ কথা ! সম্পূর্ণ কিতাপখনৰ কথাবোৰ সংক্ষেপতে কৈ থ’ব নোৱাৰি । যি পঢ়িছে তেওঁ বুজিব । যি পঢ়া নাই, তেওঁলোকে পঢ়ক । নিজৰ বাবে । আমি আমাৰ কথাবোৰ জানিব লাগে । সঁচা কথাবোৰ জানিব লাগে, জানিবলৈ
বিচৰা কাৰোবাক ক’বলৈকে জানিব লাগে । ভুলবোৰো জানিব লাগে । আমি হয়তো বহুতে এতিয়াও নাজানো ‘নামকা ছু’ ক’ত, কি হৈছিল
ইয়াত ! আমি নাজানো কেনেকৈ এজন অদূৰদর্শী প্রধানমন্ত্রী, অহংকাৰী প্রতিৰক্ষা
মন্ত্রী, অদক্ষ জেনেৰেলৰ কাৰণেই এই ঠাইতে ভাৰতীয় সেনাৰ ৪ টাকৈ বিগ্রেড ধ্বংস হৈ
গৈছিল চীনৰ হাতত ! কাৰ ভুলৰ বাবে সেয়া হৈছিল ? কঁকালত ৰছীৰে বান্ধি তেজপুৰৰ ৰাজপথত
চোঁচৰাই লৈ যোৱা কলাগুৰু বিষ্ণুৰাভাক কিয় কমিউনিষ্ট, দেশদ্রোহী বুলি কোৱা হৈছিল ? সকলো
কিয় মনে মনে আছিল ? আমি কিমানে জানো বিগ্রেডিয়াৰ ডালভীৰ কথা, আজিৰ মেপত নথকা ৰিমা নামৰ
চহৰৰ কথা যি ঠাই ১৯৫০ চনৰ বৰভূঁইকপৰ অভিকেন্দ্র আছিল ? আমি জানোনে যে চাহ গছৰ
জ্ঞান ল’বলৈ কলম্বোৰপৰা শদিয়ালৈ অহা হেনৰী কট্টামে ব্রক্ষ্মপুত্রৰে আগুৱাই পৰশুৰাম
কুণ্ডলৈ নদীৰে যাওঁতে যি বর্ণনা দিছিল তাৰ সামঞ্জস্য আছে ‘অসীমত যাৰ হেৰাল সীমাৰ’
কালজয়ী বর্ণনাৰ সৈতে ! আমি নাজানো বুৰঞ্জীয়ে পাহৰি যোৱা ড০ ননী বৰদলৈৰ কথা
! নাজানো ছেক্সন কমাণ্ডাৰ বাহাদুৰ সিং অথবা চুবেদাৰ
কেবল সিঙৰ কথা ! আমি কিমানে জানো টাৱাং-বমডিলা-ভালুকপুং-ৰঙাপাৰা-ওদালগুৰি-কালিম্পং-তিব্বতৰ মাজত
সোমাই থকা চি আই এ-দালাই লামা-অপাৰেছন লাছা-মাও-পিকিঙৰ কথা ? আমি কি জানো ?
“১৯৬২” কেৱল চীন-ভাৰতৰ যুদ্ধৰ বর্ণনাই নহয়; ই এক দুঃসাহসিক ভ্রমণ কাহিনী, ভূগোলৰ খনন, বুৰঞ্জীৰ পাতত নথকা অনেক সত্যৰ অন্বেষণৰ কাহিনীও । কোনে জানে, বুমলাৰ
কেইবাফুটীয়া বৰফৰ তলতেই চাগৈ আজিও পৰি আছে যুদ্ধত নিখোঁজ হোৱা ১,৬৯৬ জন ভাৰতীয়
সৈনিকৰ অৱশেষ !
অৰুণাচলৰ প্রাকৃতিক সৌন্দর্যই
সকলোকে আকর্ষণ কৰে । ময়ো সুবিধা পালেই যাওঁ সেউজীয়া পাহাৰৰ একা-বেঁকা ৰাস্তাৰ মোহত । টাৱাং-ব’মডিলাৰ
ফালে যোৱা নাই, নাজানো সেই ঠাইৰ বিষয়ে । কিন্তু যিফালে গৈ আহিলোঁ, আনকো ক’ম এবাৰ চাই আহিবলৈ । কিতাপখন এবাৰ পঢ়ক, জানক সঁচা কথাবোৰ আৰু এবাৰ নিজে চাই আহক সেই পথ, যি পথেৰে
চীনলৈ যোৱাৰ কথা কোৱা নহয় ! মই নিজেও ৰৈ আছো পুনৰ এবাৰ
সেই পথেৰে গৈ কথাবোৰ নতুনকৈ এবাৰ অনুভৱ কৰিবলৈ । যদি কেতিয়াবা যোৱা হয় এই কিতাপখনো
নিশ্চয় মোৰ লগৰীয়া হ’ব ।
No comments:
Post a Comment