June 22, 2022

সত্যবান দূৰ হৈ নাযাবা

 


সত্যবান দূৰ হৈ নাযাবা
লেখকঃ মনালিছা শইকীয়া
প্রথম প্রকাশঃ অক্টোবৰ ২০১২, আখৰ প্রকাশ

 

লেখকৰ কেইবাখনো উপন্যাস মই আজিৰেপৰা প্রায় ৫-৬ বছৰ আগতেই পঢ়া । এইখনো । তেতিয়াই দুচকু সেমেকিছিল সত্যবানৰ বাবে । এতিয়াও সেই একেই অনুভৱ কৰিলো । লেখকৰ প্রতিখন কিতাপৰ প্রতিটো চৰিত্রই ইমান সঁচা আৰু জীয়া অনুভৱ কিয় হয় নাজানো । হয়তো এইবাবেই যে চৰিত্রবোৰ আমাৰ আশে-পাশে থকা একো একোটা জীয়া চৰিত্র আৰু লেখকে সকলোকে যেন তেনেই ওচৰৰপৰা পাইছে, যেন কথা পাতিছে সকলোৰে লগত, তেনেকৈয়ে বর্ণন কৰে ! লেখকে কৈছেও- “বাস্তৱৰ বুকুৰ পৰাই সকলোকে বুটলি লোৱা হৈছে । কিছুমান জীৱন্ত চৰিত্র ।” সকলোবোৰৰ মাজতে সহজ-সৰল, নিভাঁজ গাঁৱৰ ছবি এখনো লেখকৰ প্রায়বোৰ লেখাত দেখা পোৱা যায় । এবাৰ আৰম্ভ কৰাৰ পিছত শেষ নোহোৱালৈকে সামৰি থ’বলৈ মন নাযায় লেখকৰ কিতাপবোৰ । এই কিতাপখন যেন ক’ৰবাত খুব আপোন মোৰ, কথাবোৰ যেন লেখকে কোৱা নাই, এনে লাগে ‘সত্যবানে’ নিজেই কৈছে নিজৰ কাহিনী ! প্রথম প্রকাশৰ সময়ত কিতাপখনৰ বেটুপাত হয়তো বেলেগ আছিল (দেখিছিলো যদিও মনত নপৰে ।), দ্বিতীয় প্রকাশৰ (ডিচেম্বৰ, ২০১৬) সময়ত সলনি কৰা হৈছে, আৰু এই বেটুপাতখন মোৰ বেছি ভাললগা ।

লেখকে কিতাপখন উছর্গা কৰিছে- “সেইসকল যুৱক-যুৱতীৰ হাতত; যিয়ে দুখ-যন্ত্রণাৰ মাজেৰে আগবাঢ়ি গৈ জীৱনক ঐশ্বর্যশালী কৰি তুলিছে ।” যেতিয়াও কিতাপখন হাতত লওঁ, ভাব হয় প্রতিজন উঠি অহা যুৱক-যুৱতীয়েই ইয়াক পঢ়া উচিত ।  

‘সত্যবান’- অস্থিৰ এক চৰিত্র, কোনেও নুবুজে যাক, ঘৰতো অৱহেলিত যি অকর্মণ্য-মদাহী বুলি ! সত্যবানৰ বায়েকৰ ভাষাৰে- “জীৱনত সি একো পোৱা নাই । সৰুৰে পৰাই সি মৰম-ভালপোৱাৰ পৰা বঞ্চিত হৈ আহিছে । বিচৰাটো সি একো পোৱা নাই । কাৰণটো হ’ল তাৰ স্বভাৱ । সি কাৰো লগত নিমিলে । তাৰ চখ বেলেগ । জীয়াই থকাৰ ধৰণ বেলেগ । কোনেও এইবোৰ কথা নুবুজে । সিও বুজাই দিব নাজানে । সকলোৰে প্রতি তাৰ ইমান মৰম ! কোনেও বুজি নাপায় তাক ।”

“আমাৰ সমাজত সুৰাসক্তজনক সদায় হীন চকুৰে চোৱা হয় । তেওঁক জ্ঞান কৰা হয় অসভ্য আৰু অসৎ বুলি । নানাধৰণৰ শাস্তি তেওঁৰ বাবে সমাজে যেন মজুত কৰি থয় । কাৰোবাক সামাজিকভাৱে পৰিত্যাগ কৰে, কাৰোবাৰ লগ-সংগ কমি যায়, কাৰোবাৰ প্রতি থাকে শাৰিৰীক শাস্তি । ক’ৰবাত সুৰাৰ ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজৰ সীমাৰেখাডাল হেৰাই যায় । তেতিয়াই আৰম্ভ হয় বিশৃংখলতাৰ ।”... সত্যবানৰো হেৰাই যায় সেই সীমাৰেখা ! বিচাৰিলেও ওলাই আহিব নোৱাৰা হয় সেই বিশৃংখলতাৰপৰা । “কথাবোৰৰ আৰম্ভণিৰ কোনো নির্দিষ্ট দিন নাছিল । একেদিনাই আৰম্ভ হোৱা নাছিল একো কথা । উধানৰ পুৰণি চৰুকেইটা ক’লীয়া হৈ যোৱাৰ দৰে কথা । দিনৰ পাছত দিন, মাহৰ পাছত বছৰ- এনেকৈয়ে সত্যবান নামৰ আজিৰ অস্তিত্বটো গঢ় লৈছিল ।” 

...এই সকলোবোৰৰপৰা তাক উলিয়াই আনিবলৈ তাৰ হাতত ধৰিছেহি ‘পুৱতি’য়ে, তাই ইতিহাস অধ্যয়ন কৰা ছোৱালী, গৱেষণাৰ বিষয় লৈছে “প্রাচীন অসমৰ জনজাতি সমাজ” । তাই বটবৃক্ষৰ দৰে তাক ছাঁ দিছে, তাৰ অমল প্রেৰণা হৈ উঠিছে, যাৰ ওচৰলৈ সি তাৰ বিধ্বস্ত অস্তিত্বক কঢ়িয়াই লৈ যাব পাৰে । যাৰ ওচৰত সি কাকো ক’ব নোৱাৰা কথাবোৰ ভগাই ল’ব পাৰে- “মোৰ প্রব্লেমটো কি জানা । সঠিক বাট এটা নিজৰ বাবে মই বাছি উলিয়াব নোৱাৰিলোঁ । শাওনৰ এটুকুৰা ওন্দোলা মেঘৰ দৰে ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিছোঁ । এদিন খহি পৰিম বৰষুণ হৈ । এইখন পৃথিৱীত নিজৰ ধৰণে জীয়াই থাকিম বুলি ভবা কথাটোও আচলতে এক উপহাস... । মই নাজানো মই ক’ত সঁচা আৰু কিমানখিনি শুদ্ধ । বোধহয় তোমাৰ বাদে পৃথিৱীৰ কোনেও মোক বুজি নাপাব । হয়তো মোৰ মনৰ কথাবোৰো কোনেও নুবুজিব । মোৰ দৰে কত ল’ৰা আছে এইখন সমাজত, যি হেঁপাহেৰে ৰৈ আছে কাৰোবাৰ পৰা সামান্য প্রেম আৰু আশ্বাস পাবৰ বাবে । কত হৃদয়ে ছাগে হাহাকাৰ কৰে কণমান সাহচর্য আৰু ভালপোৱাৰ বাবে ।” ...সেয়া সত্যবান, শিশুৰ দৰে যাৰ অন্তৰ, মৰম আকলুৱা, তাৰ বন্ধুবোৰো কোনো অট’ৱালা-কোনো মাছ বেপাৰী- যি বুজি নাপায় তাৰ ছবি-আর্ট; বুজি পোৱাৰ ভিতৰত বন্ধু বুলিবলৈ কেৱল ৰণদীপ- যি কোম্পানীৰ প্রডাক্ট ছে’লাৰ । কৈশোৰ-যৌৱনৰ সন্ধিক্ষণৰ কোনো দেওলগা সময়ত সত্যবানে কৰি পেলোৱা এটা ভুলৰ বাবেই আঁতৰাই আনিছিল নিজক তথাকথিত ভদ্র মানুহৰপৰা; নামহীন যন্ত্রণা, অস্থিৰতা, নিঃসংগতাই তাক কাবু কৰি পেলাইছিল, মুকলি হৈ মানুহৰ আগত ওলাবলৈ সি সংকোচ কৰা হৈছিল... বায়েক-ভায়েকৰ তুলনাত বাপেকৰ সমুখত সি সদায় অৱহেলিত, উপেক্ষিত... মাকে মাত্র বুজে তাৰ দুচকুৰ হাহাকাৰ । সি ধুনীয়া ছবি আঁকে, ফটো তোলে... ৰং-তুলিকা, গীটাৰ তাৰ সংগী । পুৱতিৰ হাতত ধৰি সি উঠি আহিছে বিশৃংখল তাৰ এন্ধাৰ গাঁতটোৰপৰা… সি ছবি আঁকিছে ‘জলকুৱৰী’, ‘ফুটপাথৰ ঈশ্বৰ’, ‘অপেশ্বৰী সবাহ’কলা-বিথীকাত তাৰ ছবিৰ প্রদর্শনী হোৱাৰ কথা... ।

ৰণদীপ- এম বি এ পঢ়িছিল । ভবাৰ দৰে নহ’ল কথাবোৰ । গুৱাহাটীত আহি হ’লহি কম্পেনীৰ ছে’লমেন ! আৰু এদিন সি গাঁৱৰ ঘৰলৈ ঘূৰি আহি দেউতাকক কয়- “অর্থনৈতিক স্বাৱলম্বিতা আমাক লাগিবই । জাতিটোক স্বনির্ভৰশীল কৰিবলৈ আমি হাতে-কামে নিজৰ মানুহখিনিৰ বাবে কাম কৰিবই লাগিব ।” হাঁহ-কুকুৰা পালন, মাছৰ খেতি কৰাৰ, সাঁচি গছ ৰোৱাৰ পৰিকল্পনা তাৰ ।... শেষলৈ “কৃষক বিকাশ সমিতিৰ” হৈ আন্দোলন কৰি সি আত্মগোপন কৰিছে । সত্যবানক সি কয়- “যুদ্ধ সকলোৰে জন্মদাতা আৰু সকলোৰে ৰজা । কাৰোবাক ই দেৱতা কৰি তুলে । কাৰোবাক মানুহ কৰে । কাৰোবাক স্বাধীন কৰে আৰু কাৰোবাক দাস কৰে । সংঘর্ষতে সকলো বস্তুৰ উৎপত্তি হয় । য’ত সংগ্রাম নাই, তাত অৱক্ষয় ঘটে । সেয়ে আমি যুঁজিবলৈ প্রস্তুত ।”

কাকলি- এটা এন জি অৰ কর্মী । কেন্সাৰ ৰোগীসকলক অসমৰ বাহিৰত চিকিৎসা কৰোৱাত সহায় কৰে । ‘পেলিয়েটিভ কেয়াৰ’ৰো প্রশিক্ষণ লৈছে । ...পতি-পত্নীৰ সম্পর্কত কেৰুণ লাগিছে । তথাপিও তাই উভতি আহিব বিচাৰি ৰঞ্জনক কৈছে- “একো নাই এই জীৱনত । অহংকাৰ, অভিমানে জীৱনটোক যাপন কৰাত সহায় নকৰে । শেষ বুলিলেই মৃত্যুৰ সৈতে সকলো গুচি যায় । জীয়াই থকা দিনকেইটা আমি ভালদৰে থাকিব নোৱাৰোনে ?” ... ভবাৰ দৰে নহয় কথাবোৰ, ৰঞ্জনে তেতিয়ালৈ আন কাৰোবাক আদৰি লৈছে ।... কাকলিয়ে ভাবে “আনক জয় কৰাতকৈ নিজক জয় কৰাজনেই শ্রেষ্ঠ ।” সেই চেষ্টাতেই তাই ব্রতী । ৰঞ্জনকো তাই দোষ দিব নিবিচাৰে- “প্রত্যেকেই আচলতে নিজক সুখী কৰিবৰ বাবেই সকলো কৰি থাকে । ভোগ অথবা ত্যাগ, দুয়োটাতেই নিহিত থাকে সুখ ।” হাজাৰজনৰ ৰোগীৰ সেৱা কৰি তায়ো সুখী, এতিয়া তাই কোনোপধ্যেই জীৱনটোক কাৰো বাবে বঞ্চিত কৰিব নোখোজে ।

কাকলি উদাৰ মনৰ, তাই কয়- “আমি ঘিণ কৰা বস্তু এটাই কাৰোবাৰ বাবে প্রিয় খাদ্য হ’ব পাৰে । আমি নিজে নাখাওঁ বুলিয়েই আন কাৰোবাৰ খাদ্যাভাসক ঘিণ কৰিলে নহ’ব । এইবোৰ হ’ল মানসিক । কোনো জাতিৰ পৰম্পৰাক বা তেওঁলোকৰ আচাৰ, ৰীতি-নীতিক আমি ঘৃণাৰ চকুৰে চোৱা উচিত নহয় । আৰু এই ঘৃণা, বিদ্বেষ এইবোৰেই আচলতে আমাক পৃথক কৰি পেলালে । আমি সকলোকে সমানে চাব নোৱাৰা হ’লো ।”

সত্যবানে কয়- “কোনো বেয়া নহয়, সকলো মানুহেই ভাল । পৰিৱেশ আৰু পৰিস্থিতিয়ে এই সঁচা মানুহটোক ধৰি ৰাখিব নোৱাৰে । তাক ভালৰ পৰা আঁতৰাই আনে ।... দার্শনিক স্পিনোজাই কোৱাৰ দৰে ই এক মনৰ সংস্কাৰ । ভাল-বেয়া বুলি কোনো কথা নাথাকে । কাৰোবাৰ বাবে ‘ভাল’টো আন কাৰোবাৰ বাবে ‘বেয়া’ হ’ব পাৰে আৰু কাৰোবাৰ বাবে ‘বেয়া’টো আন কাৰোবাৰ বাবে ‘ভাল’ হ’ব পাৰে । এই বিশ্বব্রক্ষ্মাণ্ডখনক আমি আমাৰ কল্পনাৰেহে গঢ় দিছোঁ । তাক সুন্দৰ-অসুন্দৰ, ভাল-বেয়া নাম দিছোঁ । এই ভাল-বেয়াৰ ধাৰণাবোৰে মোক বৰ বিশেষ প্রভাৱিত নকৰে । তোমাৰ দৃষ্টি, স্বভাৱ আৰু কল্পনাই মোক যিদৰে গঢ় দিব, সেইদৰেই পাবা ।” ...আসঃ !  কোনে বুজে সত্যবানক !

পুৱতিয়ে নিজৰ ৰিছার্চৰ বাবে পঢ়ে । “প্রাচীন অসমৰ জনজাতি সমাজখনলৈ উভতি চাই আর্য-অনার্য বিচাৰ কৰি গৈ দেখে সকলোতে লুকাই আছে অনন্য কিছুমান চাতুর্য আৰু প্রহসন । অতীজৰে পৰা মানুহবোৰৰ মাজত শ্রেণী বিভাজন নোহোৱাকৈ একত্র হোৱাত যেন সভ্যতাই বাধা দি আহিছে ।” তাই সত্যবানক এনে এখন ছবি আকিবলৈ কয় য’ত নাথাকিব ধনী-দুখীয়া, উচ্চ-নীচৰ শ্রেণী বিভাজন, মানুহ কেৱল মানৱীয় প্রমূল্যবোধেৰে ‘মানুহ’ হিচাপে প্রতিভাত হ’ব ।

সত্যবানৰ বায়েক মাজনীয়ে পুৱতিক যেতিয়া কয়- “ভাবি চালে এই জীৱনটোততো একোৱেই নাই । বহলকৈ ভাবি চালেই আচলতে এই মুহূর্তবোৰত জীয়াই থকাটোৱেই সঁচা কথা । এই মহাবিশ্বত আমাৰ এই অস্তিত্ব কিমান ক্ষুদ্র । মাজে মাজে এই অর্থহীনতাৰ উপলব্ধিয়ে মোক হেঁচা মাৰি ধৰে । নিজৰ জীৱনটোৰ প্রতিও মোহ নোহোৱা হৈ যায় । (তথাপিও কিন্তু তাই ভাগৰি পৰিব নোখোজে ।)” পুৱতিয়ে কয়- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।”

আৰু অনেক চৰিত্র কিতাপখনত । সত্যবানৰ সাদৰী মাক- গায়ত্রী দেৱী, যি পুত্রৰ হাহাকাৰক বুজিও একো কৰিব নোৱাৰে প্রার্থনাৰ বাদে । সাদৰী, যীচুৰ দৰে কষ্ট কৰি নিজকে গঢ়িবলৈ আগ্রহী যুৱক-যুৱতী । মানুহৰ অত্যাচাৰৰ বলি হোৱা ৰহিলাৰ দৰে সাধাৰণ মানুহবোৰ, যাক সত্যবানে নিজৰ বায়েকৰ দৰে ভাবে । ৰাজু, অনিলৰ দৰে প্রতাৰণাৰ পাকত অকালতে হেৰাই যোৱা মানুহবোৰ । ছিদ্দিক, ৰমেশ, গকুলহঁতৰ দৰে চৰিত্রবোৰ যিবোৰে সত্যবানৰ অৱক্ষয়ত সহায় কৰাৰ দৰে !

কাকলিয়ে কোৱাৰ দৰে- “আচৰিত এই নিঃসংগতাবোধ । যাৰ বাবে সদায় ক’ৰবাত থাকি যায় অন্বেষণ ।” এনে কিবা অন্বেষণ কৰি কৰিয়েই সত্যবান হেৰাই পৰিছিল ক্রমাত । একেবাৰে হেৰাই যোৱাৰ আগতেই তাক পুৱতিয়ে হাতত ধৰি তুলি আনিছিল । ৰং-তুলিকা লৈ সি ব্যস্ত হৈ পৰিছিল তাৰ হ’বলগীয়া প্রদর্শণীৰ বাবে । তাৰ ছবিৰ প্রদর্শণীলৈ দুটামান দিন বাকী । সন্দেহ কৰি থকাৰ দৰে, সত্যবানৰ বায়েকৰ কেন্সাৰ নহয় বোলা খবৰটোৱে সকলোকে সুখী কৰিছে । প্রথমবাৰলৈ দেউতাকে সত্যবানক আকুলতাৰে মাতে, একেলগে বহি এটা পেগ খাবলৈ কয় । পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো হৈ উঠে সত্যবান । কান্দি দিয়ে সি ! দেউতাকৰ আগত স্বীকাৰ কৰে ভাল হ’ব খোজাৰ কথা, মানুহ হ’ব খোজাৰ কথা । দেউতাকেও কয় তাক লৈ যে তেওঁ সুখী ! ...“অমানুহৰ পৰা মানুহ হোৱাৰ এই প্রক্রিয়াত সি যেন নিশ্ছিন্ন হৈ গৈ এক নতুন জীৱন ল’ব ।” সি আজি অস্থিৰ নহয়... শৰতৰ নির্মল নদীৰ দৰে শান্ত । তেনেকুৱা এটা দিনতে সি ৰাতি ওলাই যাব লগা হয় ছিদ্দিকৰ বাবে, সি হস্পিটেলত এডমিট থকাৰ বাবে । ...সেই যে সুখী, শান্ত সত্যবান ওলাই গ’ল... সি আৰু উভতি নাহিল... গুচি গ’ল চিৰদিনলৈ ।

 

সত্যবান গুচি গ’ল । ‘ছালভাদোৰ ডালি’ৰ ‘Persistence of memory’; ভিন্সি, পিকাছো, ভেনগগৰ ছবিয়ে সন্মোহিত কৰি ৰখা, ৰং ভালপোৱা ল’ৰাটো হেৰাই থাকিল ! পুৱতিয়ে কলাবিথীকাত তাৰ ছবিৰ প্রদর্শনীখন নকৰাকৈ নাথাকিল । ডাঃ অমিতাভে উদ্বোধনী ভাষণত ক’লে যে সত্যবান আমাৰ সমাজৰ অনেক যুৱকৰ এক প্রতিনিধিহে । আমি যদিও চিঞৰিছো সত্যবান আমাৰপৰা দূৰ হৈ নাযাবা বুলি, কিন্তু তেওঁক আমি ৰাখি থ’ব জনা নাই । নিচেই কাষৰপৰা আমি সত্যবানহঁতৰ নিঃসংগতা, হতাশা উপলব্ধি কৰিছোনে ? ভোগবাদী সমাজ ব্যৱস্থাৰ আগত টিকি থাকিব পৰাকৈ সিহঁতক আমি সবল কৰি তুলিব পৰা নাই । সত্যবানহঁত ভাগি পৰিছে পিতৃ-মাতৃ, অগ্রজসকলৰ প্রতি খং-অভিমান লৈ । কাম কৰিছে কিন্তু সংঘাত, বাধা নেওচি আগুৱাবলৈ সাহসী হৈ উঠিব পৰা নাই । সত্যবানহঁতৰ দৰে প্রতিজনৰ প্রতি সমাজৰ প্রতিজন অভিভাৱকৰ দ্বায়িত্ব থকা উচিত ।

পুৱতিয়ে সত্যবানৰ প্রতি থকা আক্ষেপ-অভিমানৰ কথা কৈছে- কিয় সি পৰিপূর্ণ হৈ উঠাৰ সময়তে নিজক নিয়ন্ত্রণ কৰিব নোৱাৰিলে বুলি । তাই মানি লৈছে সেয়া তাৰ নির্ধাৰিত সময় আছিল । তাৰ ক’বলগীয়া কথাবোৰ, সপোনবোৰ, যন্ত্রণাবোৰ ছবি হৈ মানুহৰ মাজতে আছে আৰু সেয়া তাই নিশ্ছিন্ন হৈ যাবলৈ নিদিয়ে । তাইৰ কথাত সকলো উচুপি উঠিছে... মানুহৰ গুণগুণনিবোৰে যেন কৈ উঠিছে ‘সত্যবান দূৰ হৈ নাযাবা’...

সত্যবানে পুৱতিক সুধিছিল ‘সি কিয় ইমান অস্থিৰ’ বুলি । তাই কৈছিল- “সি সাংঘাটিক ক্রিয়েটিভ । সৃষ্টিশীল মানুহবোৰৰ এই অস্থিৰতা থাকে । সেয়ে আনে তোমাৰ পথ নির্দিষ্ট কৰি দিব নোৱাৰে । তুমি নিজেই নিজৰ পথ প্রদর্শক হ’ব লাগিব ।” ক’ৰবাত কিছুমান চৰিত্র ক’ব নোৱাৰাকৈ যেন নিজৰ ওচৰতে অনুভৱ কৰো । ক’ৰবাত যেন মিলি যায় কিছু কথা !

কিতাপখন সামৰি ভাবি থাকিলো সত্যবানৰ দৰে প্রতিজনে পাওক পুৱতিৰ দৰে কাৰোবাৰ মৰমৰ আঁচলৰ ছাঁ । সত্যবানৰ দৰে প্রতিভাবোৰ অকালতে হেৰাই নাযাওক । সমাজে, পৰিয়ালে বুজক সত্যবানহঁতৰ একাকীত্বক, হাহাকাৰৰ উমান লওক, কাষত এপলক বহক... হাঁহক... কথা পাতক... । বাগৰি পৰিলে তুলি ধৰক স্নেহৰ দুহাত আগুৱায় । নিঃসংগতা, অক্ষমতাক পাহৰিবলৈ সিহঁত যেন মদ-ভাঙৰ কাষ নাপায়গৈ । সত্যবানহঁত সাহসী হওক ।  

কিতাপখন পঢ়িলে আজিও মোৰ দুচকু সেমেকি আহে ! বেটুপাতখন চুই চালে যেন দেখা পাওঁ ৰঙা আৰু নীলাৰ এখন দুর্বোধ্য ছবি... যেন সত্যবানৰ দুচকু ভিজি আছে সেই ৰঙেৰে... ! মনলৈ ভাঁহি আহে ‘তাৰে জমিন পৰ’ৰ ‘দর্শিল’ৰ দৰে কোনোবা... বতাহত যেন ভাঁহি আহে জুবিনৰ গান- “ৰ’দ, ৰ’দ আজি কেনি পাওঁ...” 

পুৱতিৰ কথাষাৰকে আওৰাই থাকো- “জীৱনৰ অর্থহীনতাক অর্থপূর্ণ আমিয়েই কৰিব লাগিব ।” সত্যবানহঁতেও যেন বুজি উঠে সেই কথা...

June 19, 2022

শংখনিনাদ

 


শংখনিনাদ
লেখক: মনালিছা শইকীয়া
প্রথম সংস্কৰণ: জুলাই, ২০১৫, বনলতা

 

 

লেখক মনালিছা শইকীয়াৰ এখন উপন্যাস পঢ়াৰ পিছতেই বাকীকেইখনো পঢ়িবলৈ আগ্রহী হৈ উঠিছিলোঁ । ফলশ্রুতিত ‘শংখনিনাদ’ ক্রয় কৰা হৈছিল ।

“আঁৰৰ অনুভৱত”ত লেখকে উল্লেখ কৰিছে- “নিষিদ্ধ উগ্রপন্থী সংগঠনক লৈ অসমীয়া সাহিত্যত কেইবাখনো উপন্যাস লিখা হৈছে । সেইদৰে অসমৰ সর্ববৃহৎ গণ আন্দোলনক লৈও যথেষ্ট লিখা-মেলা হৈছে । সেয়ে ‘শংখনিনাদ’ত তেনে ধৰণৰ হুবহু ছবি এখন দিবলৈ চেষ্টা কৰা নাই । সাম্প্রতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে কথাবোৰ জুকিয়াই চাবলৈ যত্ন কৰিছোঁ । আঁৰৰ কিছু কাৰক আৰু পিছৰ প্রজন্মৰ ওপৰত তাৰ প্রভাৱ । চৰিত্রসমূহ টোকোৰা চৰাইৰ বাহৰ খেৰ-কুটাবোৰৰ দৰে । অ’ৰ ত’ৰ পৰা বুটলি এঠাইত সংগঠিত কৰি সজা হৈছে বাহটো !” গতিকে পাঠকসকলে, যি অসম-আন্দোলন বিষয়ক অন্য কিতাপ-উপন্যাস পঢ়িছে, ইয়াত তেনে ধৰণৰ কাহিনী পঢ়িবলৈ নাপায় বুলি ধাৰণা কৰি ল’ব পাৰে ।

উপন্যাসৰ কাহিনী কৈছে প্রজ্ঞাই, যি পেছাত এগৰাকী সাংবাদিক আৰু লেখক । উপন্যাসখনত মুঠতে আঠটা অধ্যায় আছে । প্রতিটো অধ্যায়ৰ শিৰোণাম একোটা, যি কবিতাৰ পংক্তিৰ দৰে, ভাল লগা- “মোৰো আছিল এটি জোনাকী পৰুৱা, হাবিৰ মাজেৰে সেই বাটটো, মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল, পাহাৰৰ শিখৰত বেলি ফুলিছে, তেজৰ সিপাৰে জীয়া জোন, খহি পৰিব খোজে বেলিৰ মুখ, বতাহ বলিছে জুই জ্বলিছে, আৰু ঘৰমুৱা অঘৰী বাটৰ মাত।”

‘মোৰো আছিল এটি জোনাকী পৰুৱা’- প্রজ্ঞাই মাজে মাজে চতর্থ মহলাৰ অফিছৰপৰা মহানগৰীৰ ৰাজপথৰ ব্যস্ততাক উপভোগ কৰে । ১৯৮৩ ৰ অসম-আন্দোলনৰ সময়ত তাইৰ দেউতাকে আদর্শৰ মতবিৰোধ থকাৰ বাবেই তাত ভাগ লোৱা নাছিল, যাৰবাবে আন্দোলনৰ সমর্থনকাৰীৰপৰা অনেক কষ্ট ভুগিছিল, খুড়াক এজন চিৰদিনলৈ পংগু হৈছিল । সেই প্রজ্ঞাই বাতৰি কাকতত প্রকাশিত এটা বাতৰিৰ পম খেদি লগ কৰিছে প্রাক্তন উগ্রপন্থী প্রবীণ হাজৰিকাক, যি গ্রেপ্তাৰৰ পিছত খালী হাত আৰু সেউজীয়া স্বপ্ন লৈ উভতি আহি নিজ গাঁৱতে গঢ়ি তুলিছে এক পর্যটন খণ্ড । তেওঁৰ পৰা কিছু সত্য জানিবলৈ বিচাৰি পাতিছে তেওঁ এৰি অহা অৰণ্যৰ জীৱনৰ কথা, অনিমেষৰ কথা, নিৰীহ লোকক কৰা মিলিটেৰীৰ অত্যাচাৰৰ কথা, নিষ্ঠাৱান সতীর্থৰ মৃত্যুৰ কথা, গেৰিলা সংগ্রামৰ কথা, গণবিচ্ছিন্ন হোৱা বিপ্লৱৰ কথা, আৰু অনেক কথা... কবিতা লিখা অনিমেষৰ কথা, যি গাইছিল “জোনাকত এদিন এটা জোনাকী পৰুৱা নিঠৰুৱা হৈছিল” । সেনাৰ বর্বৰ অত্যাচাৰত জোনাকী পৰুৱাটো মৰি গৈছিল !

মাক-দেউতাকক হেৰুৱাৰ বাবে প্রবীণ হাজৰিকাক দায়ী কৰিছিল বায়েকে, সৰু ভায়েক আঁতৰি গৈছিল । প্রজ্ঞাই যেতিয়া তেওঁক সুধে যে ঘৰখন শেষ হোৱাৰ বাবে তেওঁ সঁচাকৈ দায়ীনে, তেওঁ ওলোটাই সুধে- “তেন্তে এটা জাতি, এখন সমাজ নিঃশেষ হোৱাৰ বাবে কোন দায়ী ?” তাই পুনৰাই সুধে- “আপোনালোকৰ সংগঠনলৈ নামি অহা অনিশ্চয়তা, স্থবিৰতা, আস্থাহীনতা, আত্মসমর্পণ এইবোৰৰ বাবে কোন দায়ী ?” ...এই প্রশ্নবোৰৰ উত্তৰবোৰ এতিয়া হয়তো সকলোৰে বাবে পৰিষ্কাৰ ! তথাপি, ধীৰাজে প্রজ্ঞাক ক্ষোভ আৰু বিৰক্তিৰে কোৱাৰ দৰেই সঁচা- “সততা, ন্যায় এইবোৰ কথা পেটত গামোচা বান্ধি থকা মানুহৰ ক্ষেত্রত নাখাটে” ...আপোচ কৰিবলৈ বাধ্য !

‘হাবিৰ মাজেৰে সেই বাটটো’- প্রজ্ঞাই উলিয়াই লৈছিল প্রবীণ হাজৰিকাই দি পঠিওৱা দেউতাক হৰেন হাজৰিকাৰ ডায়েৰী, কাগজ-পত্রবোৰ । সজীৱ হৈ উঠি আহিছিল চৰিত্রবোৰ- ব্যস্ত হৰেন হাজৰিকা- কুঁহিয়াৰ খেতি (দেৰগাঁৱৰ চেনিকল তেতিয়া চলি আছে), খেৰৰ মহল, ফিছাৰী, কাঠৰ কাৰবাৰ, চিকাৰ...; দেউতাকৰ নামত তেওঁ পাতিব বিচৰা স্কুলখন, পত্নী শশীপ্রভা, জীয়েক অমিয়া, দীন-বকুলীৰ প্রেম, দীনৰ বিশ্বাসঘাতকতা, ৰাতি ভঁৰালৰ ধান খাবলৈ অহা হাতীৰ জাক... ৰজনী, প্রবীণ, সৰু, নয়ন, বিষ্ণু, গোঁহাই, নিবেদিতা, অহল্যা, কেৰেলিয়ান, ৰামানুজ... এখন অৰণ্য... সকলোবোৰ ।

‘মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল’- দীনৰ পিছত হৰেন হাজৰিকাৰ কাম-কাজ চোৱাৰ দায়িত্ব পালে ৰজনীয়ে, কুঁহিয়াৰ খেতিত লাভ নথকা (প্রয়োজনো) হোৱাত চাহৰ খেতিত মন দিছে হাজৰিকাই, খাৱন-শোৱন বাদ দি দিন-ৰাতি একাকাৰ কৰি পতা পকী স্কুলখনৰ পৰা অমিয়াই ফার্ষ্ট ডিভিজনত মেট্রিক পাছ কৰিলে, শশীপ্রভাই বকুলীৰ সৈতে এৰী পুহিবলৈ লৈছে, প্রবীণ ক্লাছ নাইনত...।

সকলোবোৰৰ মাজত শশীপ্রভাৰ ওচৰত অপৰাধবোধত ভুগিও নিজক বাধা দিব নোৱাৰি হাজৰিকাই নিবেদিতাক সুধিছে- “কাকো কণমানো বঞ্চিত নকৰাকৈ মই যদি নিজক সুখী কৰিব খোজোঁ, সেয়া ভুল নেকি ?” নিবেদিতাৰ বাবে সংগীত বিদ্যালয়ো খুলি দিয়াত তেওঁ আগ্রহী । নাভাবো বুলিও শশীপ্রভাৰ মনলৈ অহা কথাবোৰৰ বাবে অপৰাধবোধত ভুগি গোসাঁইঘৰত বন্তি জ্বলাই, ফলি-পুথি নধৰা মূর্খ তিৰোতাৰ চিন্তা-ভাৱনাত অনেক দায়-দোষ থাকে বুলি মানি লৈ ঈশ্বৰৰ ওচৰত ক্ষমা খুজিছে ।

অমিয়া টাউনৰপৰা ঘৰলৈ আহিছে । মাকৰ খিংখিঙীয়া হৈ পৰা স্বভাৱৰ কাৰণ সুধে, মাকে কান্দি-কাটি স্বীকাৰ কৰে ডক্তৰণী বাইদেউৰ ঘৰলৈ সঘনে যাবলৈ লোৱা দেউতাকৰ কথা । অমিয়া যায় দেউতাকে বাগানৰ কাম কৰোৱাই থকা চাবলৈ, দেউতাকে কয় নিজৰ সপোনবোৰৰ কথা, তাই বুজে দেউতাকৰ কিহৰ অভাৱ হৈছে-কিয় মাকৰ হাহাকাৰ !

বকুলীক লৈ অমিয়া কেৰেলিয়ানৰ বাগান চাবলৈ গৈ আৱিষ্কাৰ কৰে তেওঁ গঢ়ি তোলা স্বর্গ সদৃশ বাগিচা । তেওঁ তাইক কয় টলষ্টয়, মোঁপাচা আদিৰ লেখা পঢ়িবলৈ । নিবেদিতাৰ ওচৰলৈও তাই যায় । তেওঁ স্বীকাৰ কৰে দেৱতাৰ দৰে অমিয়াৰ দেউতাকক আজীৱন পূজা কৰিব, মনত পাপ নথকা শিশুৰ দৰে সৰল মানুহজনক ভুল নুবুজিবলৈও অমিয়াক কয় । তাই মাকক আহি কয়হি যে তেওঁ ভবাৰ দৰে নহয় কথাবোৰ, মাকেও জীয়েকৰ কথাত আশ্বস্ত হয় । অমিয়া পুনৰ টাউনলৈ যোৱাৰ পিছতে আইতাকৰ মৃত্যু হয় ।

‘পাহাৰৰ শিখৰত বেলি ফুলিছে’- কলেজৰ বন্ধত অমিয়া ঘৰলৈ আহে, উপভোগ কৰে হাবিৰ সৌন্দর্য-ঐশ্বৰিক সৌন্দর্য । প্রবীণ ডাঙৰ হৈছ- ভাওনাত লক্ষ্মণৰ ভাও লোৱাৰ কথা বায়েকক কয়, আন্দোলনৰ কর্মী ককাকৰ কথা কয় । পুতেকৰ কথাই হৰেন হাজৰিকাৰ সোঁৱৰণিৰ এচোৱা পুনৰ সজীৱ কৰি তুলে ।

নৰেশ্বৰ গোঁহাইৰ কথাবোৰে হাজৰিকাৰ মনলৈ নিবেদিতাক লৈ আহে । পত্নী শশীপ্রভাক কয় যে পৃথিৱীৰ কোনো সুখেই তেওঁক সুখী কৰিব নোৱাৰে যদিহে তেওঁৰ পত্নী দুখী হয়; গতিকে তেওঁ গানৰ স্কুল নাপাতে । শশীপ্রভাই প্রথমবাৰলৈ অনুভৱ কৰে হৃদয়ৰ অচিনাকী কষ্ট-যন্ত্রণা !

অমিয়াৰ বন্ধু নয়ন আহে ঘৰলৈ । হৰেন হাজৰিকাৰপৰা শুনে তেওঁৰ চিকাৰ কৰাৰ অভিজ্ঞতাৰ কথা । ৰাতি দেখে ভঁৰালৰ ধান খাবলৈ অহা বনৰীয়া হাতীৰ জাক । অমিয়াৰ চকুৰপৰা দেউতাকৰ বিষণ্ণতা হাৰি নাযায়, তেই দেখে দেউতাকৰ অন্তৰাত্মাৰ হাহাকাৰ । ঘৰৰপৰা যোৱাৰ আগতে তাই পুনৰ দেউতাকৰ উজ্জ্বল হৈ উঠা মুখ দেখিছে, গানৰ স্কুল নাপাতো বুলিছিল যদিও স্কুলৰ কাম আৰম্ভ কৰিছে, প্রবীণেও শিকিব । কথাবোৰৰ উত্তৰ বিচাৰি তাই মাকৰ কাষ পাইছে । তেওঁ তাইক কয়- “নিবেদিতা নামৰ মানুহজনীৰ মাজত এনে কিছুমান কিবাকিবি আছে, যিখিনি মোৰ মাজত নাই । তেওঁৰ মনত নিবেদিতাৰ প্রতি কোনো পাপ নাই । মানুহজনীৰ কণ্ঠৰ অমিয়া ধাৰাই তেওঁক সুখী কৰে । দেউতাৰাক মই বিশ্বাস কৰোঁ, শ্রদ্ধা কৰোঁ । সেই মানুহজনে আন কিবা এটা পাই যদি সুখী হৈ থাকে, হাঁহি-স্ফূর্তি কৰি থাকে, গছপুলি এটাৰ দৰে ঠন ধৰি উঠে, তেওঁক কষ্ট দিলে মই অন্যায় কৰা নহ’ব জানো ?” কথাখিনি কৈ তেওঁ মাত্র বিচাৰিছে তেওঁৰ মনটোক যেন সকলোৱে বুজে, শ্রদ্ধা কৰে । এই সাদৰী মানুহগৰাকীৰ প্রতি শ্রদ্ধাত মোৰো যেন শিৰ নত হৈ পৰিল ! যদিওবা হাজৰিকাৰ মনত কোনো পাপবোধ নাছিল, ক’ৰবাত জানো তেওঁ সেই পুৰুষতান্ত্রিক সমাজৰ এজন স্বার্থপৰ পুৰুষৰ উদাহৰণ নহয় ? 

‘তেজৰ সিপাৰে জীয়া জোন’- নিবেদিতাই ভাবে বায়েকৰ কথা, ‘মানুহ কিয় হেৰাই যাব খোজে? কিহৰ আশাত জীয়াই থাকে মানুহ ?’, কিয় বায়েকে চিৰকুমাৰী হৈ ঘৰ-বাৰীলৈ পিঠি দিছে ? কাৰ বাবে ? বায়েকৰ চিঠি পায় তাই এদিন গুচি আহে ঘৰৰপৰা । এতিয়া তাই হৰেন হাজৰিকাই পাতি দিয়া স্কুলত গান শিকাব । তেওঁ তাইক কৈছিল- “হেৰাই যাওঁ বুলিলেই কোনো হেৰাই যাব নোৱাৰে । তুমি ছাই হৈ গ’লেও কাৰোবাৰ মণিকোঠাত আজিৰ দৰেই জিলিকি থাকিবা ।” হাজৰিকাই পতা গানৰ স্কুলতে তাইৰ বাবে থাকিব পৰাকৈও ব্যৱস্থা কৰি দিছে ।

অমিয়াৰ সৰুটো ভায়েক ডাঙৰ হৈছে । ডাক্তৰণী বাইদেউ-অহল্যাক ৰামানুজৰ স্মৃতিয়ে আমনি কৰিছে, ভনীয়েকক এৰিব নোৱাৰি থাকি গৈছে তাইৰ লগতে, ব্যস্ত মানুহৰ সেৱাত । পুনৰ আন্দোলন হোৱাৰ কথাই অহল্যাক ভীতিগ্রস্ত কৰিছে, প্রবীণো সেইফালে ঢাল খাইছে । অমিয়াক কেৰেলিয়ানে শুনাই দেওপাহাৰৰ কথা, ৰাংছালি নদীয়ে সেই নাম কিয় পালে, জৰাসন্ধৰ জন্মৰ কাহিনী; অমিয়াই কেৰেলিয়ানৰ ওচৰত স্বীকাৰ কৰিছে তেওঁৰ প্রতি থকা ভালপোৱাৰ কথা ।

আন্দোলনৰ বতাহ বলিছে, নয়ন আৰু প্রবীণ ওলাই আহিছে । নয়নৰ অমিয়াৰ সৈতে বিদেশীক লৈ তর্ক হৈছে । প্রবীণক সকলোৱে মানা কৰা স্বত্তেও সি আন্দোলন কৰিবলৈ প্রতিজ্ঞাবদ্ধ । গোঁহায়ে ফিছাৰি খোলাত আগ্রহ কৰিছে, হাজৰিকা গৈ ফিছাৰিৰ কথা পাতিছে । গোঁহায়ে আন্দোলনৰ কথা কৈছে, কৈছে নেহৰুৰ দিনৰপৰাই জ্বলি থকা জুইকুৰাৰ কথা ।

হাজৰিকাই পতা গানৰ স্কুলত জুই লাগে, জ্বলি ছাই হৈ যায় স্কুল । কোনেও জানিব নোৱাৰে সেয়া কাৰ কাম । অমিয়াৰ দুচকুৰ আগত যুদ্ধভূমিৰ ৰণুৱা ঘোঁৰাটো হৈ প্রবীণ । সি অমিয়াক কয়- “অবৈধভাৱে অনুপ্রৱেশ কৰা সকলো মানুহ মোৰ বাবে বিদেশী । মই বিদেশীক সহিব নোৱাৰোঁ । সেয়া নিজৰ দেশতেই হওক অথবা ঘৰতেই হওক !”

‘খহি পৰিব খোজে বেলিৰ মুখ’- অমিয়াৰ বিয়া ঠিক হয় বিষ্ণুৰ লগত । “আমি আত্মনিয়ন্ত্রণৰ অধিকাৰেৰে স্বাধীন হ’ব বিচাৰোঁ” বুলি নয়ন গুচি যায় সশস্ত্র সংগ্রামৰ বিপ্লৱী হৈ, কৈ যায় অমিয়াক তাৰবাবে নৰ’বলৈ । আন্দোলন চলে । অসম বন্ধ সফল কৰিবলৈ ভৃগু ফুকনে বিবৃতি দিয়ে । কলেজত নাম লগাই আন্দোলনত লাগিবলৈ বেছি সুবিধা পায় প্রবীণে; পিকেটিং, ধর্মঘট, গণ সমাবেশ সকলোতে সি সক্রিয় অংশ লয় । শুদ্ধ ভোটাৰ তালিকা অবিহনে নির্বাচন হ’ব নোৱাৰাৰ প্রতিবাদত কৰা আন্দোলনত, গুৱাহাটীত গুলীয়াগুলীত খর্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয় ।

হাজৰিকাই গোঁহাইক সুধে আন্দোলনৰ প্রয়োজনৰ কথা । গোঁহায়ে কয় ১২২৮ চনতে চাওলং চ্যুকাফাৰ অসমত প্রৱেশৰপৰা ইয়াণ্ডাবু সন্ধি, বৃটিছৰ শাসন, মনিৰাম দেৱানৰ ফাঁচি, ১৯৪৭ চনৰ ১৫ আগষ্টত অসম ভাৰতত অন্তর্ভুক্ত নোহোৱালৈকে । হাজৰিকাৰ খেলিমেলি লাগে- আচলতে বিদেশী নো কোনবোৰ মানুহ ! ১৯৮০ ৰ ১৮ জানুৱাৰীৰ দুলীয়াজানৰ পিকেটিঙতো পুলিচৰ গুলীত নিহত হয় চাৰিজনকৈ যুৱক । ইন্দিৰা গান্ধী, জেইল সিঙৰ সৈতে হোৱা আছুৰ আলোচনা বিফল হয় । হিন্দু-মুছলমান, বঙালী-অসমীয়াৰ মাজত সংঘাত আৰম্ভ হয় । বিশ্বাস আৰু আস্থাহীনতাই গ্রাস কৰে সময় ।

‘বতাহ বলিছে জুই জ্বলিছে’- ১৯৮৩ চন, ১৮ ফেব্রুৱাৰী । নেলীৰ বর্বৰ হত্যাকাণ্ড সংঘটিত হয় ! হাজাৰ হাজাৰ মানুহৰ হত্যাযজ্ঞ ! প্রবীণ তেতিয়া কটন কলেজৰ হোষ্টেলত, পঢ়া-শুনা আধৰুৱা । হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী হ’ল । চাৰিওফালে মুছলমান বিদ্বেষ । গোঁহাইৰ ঘৰত শিলগুটি দলিয়াই কোনোবাই ‘বদন’ বুলি । পংকাত সাতটাকৈ মানুহ গুলীয়াই মাৰে, গোলাঘাটত মৃত্যু শীতল নীৰৱতাই বিৰাজ কৰে । অসমৰ ইতিহাসৰ এক কলংকিত অধ্যায় । এইবোৰৰ মাজতে অমিয়াৰ পুত্র সন্তান জন্ম হয় ।

ইয়াৰ পিছত ইন্দিৰা গান্ধীৰ হত্যা, অসম চুক্তি স্বাক্ষৰিত হয় । ১৯৫১ ৰ পৰিৱর্তে মানি লোৱা হ’ল ১৯৭১ চন । আপোচ হৈ যায়- “ছাত্রনেতাসকল ৰাজনৈতিক নেতা হ’ল, সুবিধাবাদী মধ্যবিত্ত চৰিত্রৰ মুক্ত প্রকাশ !” প্রবীণৰ লাজ লাগে, সংকোচ হয়, অপৰাধবোধত ভুগে- আন্দোলন কৰি একো নাপালে । বকুলীয়ে তাক সুধিছিল “বিদেশীবোৰনো দেখিবলৈ কেনেকুৱা ?” উত্তৰ নাছিল তাৰ ওচৰত ।

শশীপ্রভাৰ চিন্তা হয় প্রবীণক লৈ । নিবেদিতাৰ সৈতে কাৰোৰে এতিয়া বেয়া ভাব নাই, শশীপ্রভাৰো । দুয়ো নাতিয়েকক চাবলৈ গুৱাহাটীলৈ যোৱাৰ কথা । শশীয়ে কয় নিবেদিতাক স্বীকৃতি দিয়াৰ কথা । নিবেদিতা মান্তি নহয়, তাই গানক লৈয়েই থাকিব, হাজৰিকা মানুহজন সম্পূর্ণ শশীপ্রভাৰ ।

এদিন প্রবীণ ঘৰৰপৰা নোহোৱা হয় । সংগঠনলৈ গুচি যায় । গুৱাহাটীৰপৰা আহি মাকে গম পায় পুতেক গুচি যোৱাৰ কথা । তেওঁ বিছনা লয় । অমিয়াই নিবেদিতাক কৈ যায় মাকৰ কাষত থাকিবলৈ । শশীপ্রভাৰ মৃত্যু হয় । নিবেদিতাই হাজৰিকাৰপৰা বিদায় অনুমতি লৈ গাঁৱৰ ঘৰলৈ উভতি যায় ।

‘ঘৰমুৱা অঘৰী বাটৰ মাত’- প্রবীণ হাজৰিকাই প্রজ্ঞাক দি পঠিওৱা ডায়েৰী, কাগজ-পত্রবোৰ তাইৰ লগতে আছিল । অমিয়াৰ সৈতেও তাই ঘনিষ্ঠ হৈ পৰিল । প্রবীণ হাজৰিকাই দিয়া ঠিকনা অনুসৰি দুয়ো ডাঃ ৰামানুজক বিচাৰি যায় । তাতে গৈ অমিয়াই দেখে ডাক্তৰণী মাহী-অহল্যাক ! তিনিবছৰ ধৰি তেওঁ ‘ডিমেনছিয়া ৰোগী’, ৰামানুজৰ জীৱন তেওঁৰ প্রতি উৎসর্গিত কাৰণ তাই তেওঁৰ আত্মা । নয়নৰ মৃত্যুৰ খবৰটো প্রবীণে অমিয়াক দিয়াৰ পৰত তাইৰ বুকুত উৰি ফুৰা পখিলাটো স্থবিৰ হৈছিল, সেই পখিলাটোকে জীৱন্ত ৰূপত তাই দেখিলে ৰামানুজৰ দুচকুত ।

নিবেদিতাকো লগ কৰে দুয়ো । নিবেদিতা এতিয়া ‘নিবেদিতা বেহেনজী’ । ব্রক্ষ্মকুমাৰী । নিবেদিতাই কয়- “পৃথিৱীত আমি সকলো ওভতাই পাওঁ । প্রেমৰ বিনিময়ত প্রেম । ঘৃণাৰ বিনিময়ত ঘৃণা ।” নিবেদিতা তেতিয়া ‘ঈশ্বৰীয় চেতনাত নিজক বিলীন কৰি দিয়া অন্য এক নাৰী’ ।

শেষত অমিয়াই প্রজ্ঞাক কয় কেৰেলিয়ানক এবাৰ দেখাৰ কথা । কিন্তু ক’ত ?

লেখিকাই এইছোৱা সময় উপন্যাসখনত ধৰি থৈছে খুব ধুনীয়াকৈ, সাৱলীলভাৱে । একে বহাতে পঢ়ি শেষ কৰিবলৈ মন যোৱা এখন কিতাপ । লেখিকা প্রেমিক মানুহ । লেখিকাৰ কথাবোৰ কবিতাৰ দৰে । ধুনীয়া । কোনোখিনিতে ‘স্কিপ’ কৰি পঢ়িব নোৱাৰি । সেয়ে চাগৈ তেখেতৰ নামটো মোৰ ভাললগা লেখকৰ তালিকাত সোমাইছে । তেখেতৰ প্রায় আটাইকেইখন উপন্যাস আৰু বহুতো গল্প ইতিমধ্যেই মোৰ পঢ়া হৈছে ।

অসম-আন্দোলনৰ বিষয়ে হয়তো বহুতো লেখা-কিতাপ ইতিমধ্যে ওলাইছে । পিছে এইখন মোৰ বাবে অলপ বেলেগ । প্রতিটো পটভূমি অধ্যয়ন কৰিবলৈ গ’লে হয়তো এনে অনেক চৰিত্র জীৱন্ত হৈ উঠিব যি এতিয়া সোঁৱৰণিৰ মৰিশালিত ! জাতিৰ নামত কিমান নয়নৰ মৃত্যু হ’ল তাৰ সঁচা হিচাপ জানো ৰখা হৈছিল ! পাহাৰবোৰৰ বুকুত চাগৈ সেইবোৰ সপোন আজিও পখিলা হৈ উৰে, বনৰীয়া ফুল হৈ ফুলে, অনিমেষৰ দৰে জোনাকীবোৰে কিজানি কবিতা গুণগুণাই উৰি ফুৰে... !

লেখিকালৈ ধন্যবাদ ।

June 5, 2022

অন্তৰতম

 


অন্তৰতম
লেখক: গীতালি বৰা
প্রথম প্রকাশ: ডিছেম্বৰ ২০২০, বনলতা

 

লেখক গীতালি বৰাৰ মই পঢ়া এইখন দ্বিতীয় উপন্যাস কিতাপখন লেখকে উছর্গিত কৰিছে- “বিশেষভাৱে সক্ষম শিশুৰ সেইসকল মাতৃৰ হাতত- যি নিয়তিৰ ক্রূৰতাক উপহাস কৰি প্রৱল আশাবাদেৰে নিজৰ লগতে সন্তানৰ পৃথিৱীখনো ধুনীয়া কৰি ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰিছে মাত্র এই কথাখিনি পঢ়িয়েই ডাঙৰ কলেৱৰৰ কিতাপ দেখিলে অলপ শংকিত হৈ আঁতৰি অহা মই (আজিকালিহে) ৪১২ পৃষ্ঠাৰ উপন্যাসখন ক্রয় কৰিছিলোঁ

কিতাপখন পঢ়ি গৈ থাকোঁতে কিবা এক অজান কাৰণত (সেয়া কেৱল উপন্যাসৰ চৰিত্রবোৰৰ বাবে নহয় বুলি জানো, কিন্তু সঠিক কাৰণটোক লৈ মই নিজেও সন্দিহান !) মাজে মাজে মোৰ চকুলো বৈ থাকিল ! কাহিনীবোৰত পাঠকসকলে প্রায়েই লেখকৰ নিজৰ জীৱনটোক দেখাৰ দৰে, কিতাপখন পঢ়ি ময়ো এপলক তেনেকৈয়ে ভাবিলোপিছে সেই কথাটো মোৰ নিজৰেই পছন্দৰ নহয় বাবে নিজৰ ভাৱনাক পুনৰাই ওভতাই লৈ সেয়া লেখকৰ নহয় ‘প্রিয়া’ৰ দৰে বহুগৰাকী মাতৃৰ কাহিনী, যাক লেখকে গঢ়ি-পিটি উলিয়াই আমাৰ দৰে পাঠকলৈ আগবঢ়াই দিছে বুলি নিজকে পতিয়ন নিয়ালো ।

উপন্যাসখন আৰম্ভ হৈছে মোৰো ভাল লগা এশাৰী কবিতাৰ পংক্তিৰে- “I shut my eyes and all the world drops dead, I lift my lids and all is born again._ Sylvia Plath”

কিতাপখন কেইবাটাও কাহিনীৰ কাহিনী, ক’ৰবাত একেডাল সূতাৰে বন্ধা । প্রিয়া-আদিত্য, গার্গী-তন্ময়, ৰীমা-সৈকত, অভিজ্ঞান, বিনীত... অনেকৰ কাহিনী । তাৰ মাজত কণমানিকেইটা- ঝুম্পা, নীলম, জ্যোতির্ময়... । মাকবোৰ সঁচাকৈ অনন্য ! সময়ত যিদৰে সাহসী, দুর্দান্ত হৈ উঠে সেয়া আন কোনোৱেও নোৱাৰে । বহু কাহিনীৰ মাজত এইয়া তেনে মাকবোৰৰ কাহিনী, তেওঁলোকৰ সংগ্রামৰ কাহিনী । “বুদ্ধজায়া” পঢ়ি লেখকৰ প্রতি কিবা এক ধাৰণা মনতে গঢ়ি লৈছিলো বাবেই নে কি নাজানো, “অন্তৰতম” পঢ়ি যেন পঢ়ুৱৈ হিচাপে আমাৰ অলপ অসন্তুষ্টি ৰৈ গ’ল !

 

যি কি নহওক, কিতাপখনৰ ভালেমান কথা মনৰ মাজত ঘুৰি ফুৰিল বহু সময়লৈকে । প্রিয়াই অনুভৱ কৰাৰ দৰে- “কেতিয়াবা কিছুমান কথা বিষ লগা কাঁড়ৰ দৰে চেতনাত সোমাই যায় । কাঁড়পাট টানি উলিয়াই অনাৰ পাছতো বিষখিনি সোঁৱৰণিত ৰ’ল ।” এৰা, কেতিয়াবা সেই সোঁৱৰণিক হাজাৰে চেষ্টা কৰিও নিজৰপৰা নিলগাই থ’ব নোৱাৰি ।

ভেন গঘৰ “Road with cypress and star” ছবিখনৰ কথা কৈ গার্গীয়ে কোৱা কথাখিনি মনতে লাগি ৰ’ল- “যেতিয়ালৈকে জীৱনৰ প্রতি এধানি আকুল হেঁপাহ জীয়াই থাকে, সকলো অসুখ আৰু যাতনাৰ পাছতো নিজকে ‘সুখী’ বুলি ক’বলৈ মানুহ বাধ্য ।” হাজাৰ যাতনায়ো সেয়ে মানুহক ভাঙিব নোৱাৰে । জীৱনক ভালপায় জীয়াই থাকে মানুহ, যেতিয়ালৈকে আকাংক্ষা জীয়াই থাকে । নহয়নে ?

গার্গীৰ এষাৰ কথা খুবেই সঁচা অনুভৱ হ’ল- “পূর্ণতা মানেইতো ক্রমাৎ ক্ষয় হোৱাৰ, লয় হোৱাৰ অৰম্ভণি ।” লগতে পাক খাই ঘূৰি ফুৰিল প্রিয়াৰ প্রশ্ন এটা- “জীৱন ডাঙৰ নে পূর্ণভাৱে জী থকাটো ডাঙৰ ?” নাজানো ইয়াৰ উত্তৰটো কি হ’ব ! বা কি হোৱাটো উচিত !

প্রিয়াই অভিজ্ঞানক কৈছিল- “ক্ষমা কৰিবলৈ একধৰণৰ মানসিক আৰু আধ্যাত্মিক উচ্চতা লাগে ।” হয় কিজানি ! নিজক ক্ষমা কৰিব নোৱাৰা মানুহে সকলোকে খুব সহজে ক্ষমা কৰি দিব পাৰে । মোৰ অনুভৱত, নিজক ক্ষমা কৰাটোহে সকলোতকৈ কঠিন । “বিশ্বাস বৰ ঠুনুকা । বৰ আলসুৱা । এবাৰ প্রতাৰিত হ’লে, দুবাৰ প্রতাৰিত হ’লে কিছুমান মানুহৰ ক্ষেত্রত অবিশ্বাস এক ধৰণৰ অভ্যাস হৈ উঠে আৰু এই অভ্যাসে আন একো সলনি নকৰিলেও নিজক লৈ, নিজৰ একান্ত আপোনজনক লৈ মানুহক প্রটেকটিভ কৰি তোলে ।” গার্গীৰ এই অনুভৱ খুবেই সঁচা । সন্তপর্ণে অবিশ্বাসে এনেকৈয়ে হয়তো মনৰ কোনো কোণত বহি লয় !

বিশ্বাসহীনতাৰেও মানুহে মানুহক ভাল পাব পাৰে বুলি কোৱা কথাষাৰ বহু দিনৰ পাছত পুনৰবাৰ উপলব্ধি কৰিলো । গার্গীয়ে কোৱাৰ দৰে- “মানুহৰ চকুৱে সদায় সঁচা কথা নকয় । মানুহৰ মাতো শুনোতাৰ মর্জিৰ ওপৰত নির্ভৰ কৰি কাণত ধ্বনিত হয় । মানুহৰ ভিজি উঠা চকুৰ আকুলতা, জীৱনভৰ একেই থাকিব বুলি ভাবি লোৱা আশ্রয় আৰু উপশমৰ এটা এটা স্পর্শৰো আয়ুস সীমিত । জীৱনত নিৰত্যয় সত্য বুলি একো কথা নাথাকে ।” ঠিক- “প্রেমৰ দৰে বিশ্বাসো এক বিভ্রম ।”

প্রিয়াই কোৱাৰ দৰেই- “নিজৰ দুখবোৰক লালন কৰোঁতে কৰোঁতে মানুহে পাহৰি যায় চৌপাশে মানুহে ভোগ কৰা যাতনাবোৰৰ কথা ।” যেতিয়া তাইৰ জীৱনলৈ অকণমানি ঝুম্পাৰ আগমন হ’ল, তেতিয়াই তাইৰ নিজৰ সকলো দুখ-যাতনা তুচ্ছ হৈ পৰিল । এনে সময়তে নিজক পাহৰি পেলায় মানুহে, নিজৰ সকলো গৌণ হৈ পৰে । কোনোবা পলত যেতিয়া নিজক বিচাৰিবলৈ লাগে তেতিয়াই শূন্যতাই, একাকীত্বই মানুহক জুৰুলা কৰে । ঠিকেই- “শূন্যতাৰ ভাৰ দুখতকৈ বেছি । বহু বেছি ।”

“আৱেগৰ ওপৰত শিলৰ চোলা পিন্ধি থকা মানুহবোৰৰ জীৱনলৈকো কেতিয়াবা এনে সময় আহে যেতিয়া চোলাটো খুলি থৈ পৰম অবিশ্বাসৰ মাজেৰেও বিশ্বাস ভৰা হাত এখন খামুচি ধৰিবলৈ মন যায় অলপ পৰৰ বাবে । বুকুত জমি থকা শিলবোৰ হুমুনিয়াহ বা চকুলো কৰি বিয়পাবলৈ কাৰোবাৰ এখন হাত খামুচি ধৰাৰ হেঁপাহ হয় । একাকীত্ব ভালপাওঁ বুলি কোৱাসকলেও কোনোবা মুহূর্তত হয়তো ভাৱে- এই একাকী পৃথিৱীখনৰ পৰা বিভ্রমৰ মাজেৰে হ’লেও কোনোবাই তেওঁক স্বপ্নময় পৃথিৱী এখনত ফুৰাই আনক । কেইটামান মুহূর্তৰ বাবে ।” গার্গীয়ে অনুভৱ কৰা এই কথাখিনিৰ বাবেই কি প্রিয়াও অভিজ্ঞানৰ ওচৰ পাইছিল ? বহুজনে কোৱাৰ দৰে যদি মানি লওঁ যে ‘Judgemental’ হ’ব নালাগে মানুহৰ অনুভৱবোৰক লৈ, তেন্তে গার্গীয়ে তন্ময়ক, সৈকতক বা প্রিয়াই আদিত্যক দোষী বুলি ভবাটো সঁচাকৈয়ে জানো যুক্তিসংগত ? যদি হয়, তেন্তে প্রিয়া আৰু গার্গীও জানো দোষী নহয়- আদিত্যৰ ওচৰত ? তন্ময় আৰু ৰীমাৰ ওচৰত ? সেয়ে নেকি শেষত দুয়ো নিজলৈকে উভতি আহিছে ?

সেয়া বাৰু পঢ়ুৱৈৰ নিজা নিজা অনুভৱৰ ওপৰত নির্ভৰ কৰিব । যি নহওক, ‘জীৱনমুখী’ সামৰণি খুব ভাল লাগিল । গার্গীয়ে সম্ভাৱনাৰ ছবি আঁকিছে । প্রিয়াই ভবাৰ দৰেই লিখিছে “বহু মানুহৰ জীৱনমুখী সংগ্রামৰ কথা ।” ভাগি পৰা বহুতকে কৈছে এটা সত্যৰ কথা যে “সকলো যাতনা আৰু শংকাৰ মাজতো জীৱন অনন্য । পৃথিৱী ধুনীয়া ।”

ঠিকেই, “বিপুল যাতনাই মানুহৰ আত্মাক উত্তৰিত কৰে ।” সেই উপলব্ধিক লৈয়ে দুয়ো ঘৰমুৱা হৈছে । জীৱনমুখী সংগ্রামখন যে শেষ হোৱা নাই... আৰু যুঁজিবলৈ আছে...