শংখনিনাদ
লেখক: মনালিছা শইকীয়া
প্রথম সংস্কৰণ: জুলাই, ২০১৫, বনলতা
লেখক মনালিছা শইকীয়াৰ এখন উপন্যাস পঢ়াৰ পিছতেই
বাকীকেইখনো পঢ়িবলৈ আগ্রহী হৈ উঠিছিলোঁ । ফলশ্রুতিত ‘শংখনিনাদ’ ক্রয় কৰা হৈছিল ।
“আঁৰৰ অনুভৱত”ত লেখকে উল্লেখ কৰিছে- “নিষিদ্ধ
উগ্রপন্থী সংগঠনক লৈ অসমীয়া সাহিত্যত কেইবাখনো উপন্যাস লিখা হৈছে । সেইদৰে অসমৰ
সর্ববৃহৎ গণ আন্দোলনক লৈও যথেষ্ট লিখা-মেলা হৈছে । সেয়ে ‘শংখনিনাদ’ত তেনে ধৰণৰ
হুবহু ছবি এখন দিবলৈ চেষ্টা কৰা নাই । সাম্প্রতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে
কথাবোৰ জুকিয়াই চাবলৈ যত্ন কৰিছোঁ । আঁৰৰ কিছু কাৰক আৰু পিছৰ প্রজন্মৰ ওপৰত তাৰ
প্রভাৱ । চৰিত্রসমূহ টোকোৰা চৰাইৰ বাহৰ খেৰ-কুটাবোৰৰ দৰে । অ’ৰ ত’ৰ পৰা বুটলি
এঠাইত সংগঠিত কৰি সজা হৈছে বাহটো !” গতিকে পাঠকসকলে, যি অসম-আন্দোলন বিষয়ক অন্য
কিতাপ-উপন্যাস পঢ়িছে, ইয়াত তেনে ধৰণৰ কাহিনী পঢ়িবলৈ নাপায় বুলি ধাৰণা কৰি ল’ব পাৰে
।
উপন্যাসৰ কাহিনী কৈছে প্রজ্ঞাই, যি পেছাত
এগৰাকী সাংবাদিক আৰু লেখক । উপন্যাসখনত মুঠতে আঠটা অধ্যায় আছে । প্রতিটো অধ্যায়ৰ
শিৰোণাম একোটা, যি কবিতাৰ পংক্তিৰ দৰে, ভাল লগা- “মোৰো আছিল এটি জোনাকী পৰুৱা,
হাবিৰ মাজেৰে সেই বাটটো, মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল, পাহাৰৰ শিখৰত বেলি
ফুলিছে, তেজৰ সিপাৰে জীয়া জোন, খহি পৰিব খোজে বেলিৰ মুখ, বতাহ বলিছে জুই জ্বলিছে, আৰু
ঘৰমুৱা অঘৰী বাটৰ মাত।”
‘মোৰো আছিল এটি জোনাকী পৰুৱা’- প্রজ্ঞাই মাজে
মাজে চতর্থ মহলাৰ অফিছৰপৰা মহানগৰীৰ ৰাজপথৰ ব্যস্ততাক উপভোগ কৰে । ১৯৮৩ ৰ
অসম-আন্দোলনৰ সময়ত তাইৰ দেউতাকে আদর্শৰ মতবিৰোধ থকাৰ বাবেই তাত ভাগ লোৱা নাছিল,
যাৰবাবে আন্দোলনৰ সমর্থনকাৰীৰপৰা অনেক কষ্ট ভুগিছিল, খুড়াক এজন চিৰদিনলৈ পংগু
হৈছিল । সেই প্রজ্ঞাই বাতৰি কাকতত প্রকাশিত এটা বাতৰিৰ পম খেদি লগ কৰিছে প্রাক্তন
উগ্রপন্থী প্রবীণ হাজৰিকাক, যি গ্রেপ্তাৰৰ পিছত খালী হাত আৰু সেউজীয়া স্বপ্ন লৈ
উভতি আহি নিজ গাঁৱতে গঢ়ি তুলিছে এক পর্যটন খণ্ড । তেওঁৰ পৰা কিছু সত্য জানিবলৈ
বিচাৰি পাতিছে তেওঁ এৰি অহা অৰণ্যৰ জীৱনৰ কথা, অনিমেষৰ কথা, নিৰীহ লোকক কৰা
মিলিটেৰীৰ অত্যাচাৰৰ কথা, নিষ্ঠাৱান সতীর্থৰ মৃত্যুৰ কথা, গেৰিলা সংগ্রামৰ কথা,
গণবিচ্ছিন্ন হোৱা বিপ্লৱৰ কথা, আৰু অনেক কথা... কবিতা লিখা অনিমেষৰ কথা, যি গাইছিল
“জোনাকত এদিন এটা জোনাকী পৰুৱা নিঠৰুৱা হৈছিল” । সেনাৰ বর্বৰ অত্যাচাৰত জোনাকী
পৰুৱাটো মৰি গৈছিল !
মাক-দেউতাকক হেৰুৱাৰ বাবে প্রবীণ হাজৰিকাক
দায়ী কৰিছিল বায়েকে, সৰু ভায়েক আঁতৰি গৈছিল । প্রজ্ঞাই যেতিয়া তেওঁক সুধে যে ঘৰখন
শেষ হোৱাৰ বাবে তেওঁ সঁচাকৈ দায়ীনে, তেওঁ ওলোটাই সুধে- “তেন্তে এটা জাতি, এখন সমাজ
নিঃশেষ হোৱাৰ বাবে কোন দায়ী ?” তাই পুনৰাই সুধে- “আপোনালোকৰ সংগঠনলৈ নামি অহা
অনিশ্চয়তা, স্থবিৰতা, আস্থাহীনতা, আত্মসমর্পণ এইবোৰৰ বাবে কোন দায়ী ?” ...এই প্রশ্নবোৰৰ
উত্তৰবোৰ এতিয়া হয়তো সকলোৰে বাবে পৰিষ্কাৰ ! তথাপি, ধীৰাজে প্রজ্ঞাক ক্ষোভ আৰু
বিৰক্তিৰে কোৱাৰ দৰেই সঁচা- “সততা, ন্যায় এইবোৰ কথা পেটত গামোচা বান্ধি থকা মানুহৰ
ক্ষেত্রত নাখাটে” ...আপোচ কৰিবলৈ বাধ্য !
‘হাবিৰ মাজেৰে সেই বাটটো’- প্রজ্ঞাই উলিয়াই লৈছিল
প্রবীণ হাজৰিকাই দি পঠিওৱা দেউতাক হৰেন হাজৰিকাৰ ডায়েৰী, কাগজ-পত্রবোৰ । সজীৱ হৈ
উঠি আহিছিল চৰিত্রবোৰ- ব্যস্ত হৰেন হাজৰিকা- কুঁহিয়াৰ খেতি (দেৰগাঁৱৰ চেনিকল
তেতিয়া চলি আছে), খেৰৰ মহল, ফিছাৰী, কাঠৰ কাৰবাৰ, চিকাৰ...; দেউতাকৰ নামত তেওঁ
পাতিব বিচৰা স্কুলখন, পত্নী শশীপ্রভা, জীয়েক অমিয়া, দীন-বকুলীৰ প্রেম, দীনৰ বিশ্বাসঘাতকতা,
ৰাতি ভঁৰালৰ ধান খাবলৈ অহা হাতীৰ জাক... ৰজনী, প্রবীণ, সৰু, নয়ন, বিষ্ণু, গোঁহাই,
নিবেদিতা, অহল্যা, কেৰেলিয়ান, ৰামানুজ... এখন অৰণ্য... সকলোবোৰ ।
‘মেঘৰ খোপাত কোনে গুঁজি দিলে অত ফুল’- দীনৰ
পিছত হৰেন হাজৰিকাৰ কাম-কাজ চোৱাৰ দায়িত্ব পালে ৰজনীয়ে, কুঁহিয়াৰ খেতিত লাভ নথকা
(প্রয়োজনো) হোৱাত চাহৰ খেতিত মন দিছে হাজৰিকাই, খাৱন-শোৱন বাদ দি দিন-ৰাতি একাকাৰ
কৰি পতা পকী স্কুলখনৰ পৰা অমিয়াই ফার্ষ্ট ডিভিজনত মেট্রিক পাছ কৰিলে, শশীপ্রভাই
বকুলীৰ সৈতে এৰী পুহিবলৈ লৈছে, প্রবীণ ক্লাছ নাইনত...।
সকলোবোৰৰ মাজত শশীপ্রভাৰ ওচৰত অপৰাধবোধত ভুগিও
নিজক বাধা দিব নোৱাৰি হাজৰিকাই নিবেদিতাক সুধিছে- “কাকো কণমানো বঞ্চিত নকৰাকৈ মই
যদি নিজক সুখী কৰিব খোজোঁ, সেয়া ভুল নেকি ?” নিবেদিতাৰ বাবে সংগীত বিদ্যালয়ো খুলি
দিয়াত তেওঁ আগ্রহী । নাভাবো বুলিও শশীপ্রভাৰ মনলৈ অহা কথাবোৰৰ বাবে অপৰাধবোধত ভুগি
গোসাঁইঘৰত বন্তি জ্বলাই, ফলি-পুথি নধৰা মূর্খ তিৰোতাৰ চিন্তা-ভাৱনাত অনেক দায়-দোষ
থাকে বুলি মানি লৈ ঈশ্বৰৰ ওচৰত ক্ষমা খুজিছে ।
অমিয়া টাউনৰপৰা ঘৰলৈ আহিছে । মাকৰ খিংখিঙীয়া
হৈ পৰা স্বভাৱৰ কাৰণ সুধে, মাকে কান্দি-কাটি স্বীকাৰ কৰে ডক্তৰণী বাইদেউৰ ঘৰলৈ
সঘনে যাবলৈ লোৱা দেউতাকৰ কথা । অমিয়া যায় দেউতাকে বাগানৰ কাম কৰোৱাই থকা চাবলৈ,
দেউতাকে কয় নিজৰ সপোনবোৰৰ কথা, তাই বুজে দেউতাকৰ কিহৰ অভাৱ হৈছে-কিয় মাকৰ হাহাকাৰ
!
বকুলীক লৈ অমিয়া কেৰেলিয়ানৰ বাগান চাবলৈ গৈ
আৱিষ্কাৰ কৰে তেওঁ গঢ়ি তোলা স্বর্গ সদৃশ বাগিচা । তেওঁ তাইক কয় টলষ্টয়, মোঁপাচা
আদিৰ লেখা পঢ়িবলৈ । নিবেদিতাৰ ওচৰলৈও তাই যায় । তেওঁ স্বীকাৰ কৰে দেৱতাৰ দৰে
অমিয়াৰ দেউতাকক আজীৱন পূজা কৰিব, মনত পাপ নথকা শিশুৰ দৰে সৰল মানুহজনক ভুল
নুবুজিবলৈও অমিয়াক কয় । তাই মাকক আহি কয়হি যে তেওঁ ভবাৰ দৰে নহয় কথাবোৰ, মাকেও
জীয়েকৰ কথাত আশ্বস্ত হয় । অমিয়া পুনৰ টাউনলৈ যোৱাৰ পিছতে আইতাকৰ মৃত্যু হয় ।
‘পাহাৰৰ শিখৰত বেলি ফুলিছে’- কলেজৰ বন্ধত
অমিয়া ঘৰলৈ আহে, উপভোগ কৰে হাবিৰ সৌন্দর্য-ঐশ্বৰিক সৌন্দর্য । প্রবীণ ডাঙৰ হৈছ-
ভাওনাত লক্ষ্মণৰ ভাও লোৱাৰ কথা বায়েকক কয়, আন্দোলনৰ কর্মী ককাকৰ কথা কয় । পুতেকৰ
কথাই হৰেন হাজৰিকাৰ সোঁৱৰণিৰ এচোৱা পুনৰ সজীৱ কৰি তুলে ।
নৰেশ্বৰ গোঁহাইৰ কথাবোৰে হাজৰিকাৰ মনলৈ
নিবেদিতাক লৈ আহে । পত্নী শশীপ্রভাক কয় যে পৃথিৱীৰ কোনো সুখেই তেওঁক সুখী কৰিব
নোৱাৰে যদিহে তেওঁৰ পত্নী দুখী হয়; গতিকে তেওঁ গানৰ স্কুল নাপাতে । শশীপ্রভাই
প্রথমবাৰলৈ অনুভৱ কৰে হৃদয়ৰ অচিনাকী কষ্ট-যন্ত্রণা !
অমিয়াৰ বন্ধু নয়ন আহে ঘৰলৈ । হৰেন হাজৰিকাৰপৰা
শুনে তেওঁৰ চিকাৰ কৰাৰ অভিজ্ঞতাৰ কথা । ৰাতি দেখে ভঁৰালৰ ধান খাবলৈ অহা বনৰীয়া
হাতীৰ জাক । অমিয়াৰ চকুৰপৰা দেউতাকৰ বিষণ্ণতা হাৰি নাযায়, তেই দেখে দেউতাকৰ
অন্তৰাত্মাৰ হাহাকাৰ । ঘৰৰপৰা যোৱাৰ আগতে তাই পুনৰ দেউতাকৰ উজ্জ্বল হৈ উঠা মুখ
দেখিছে, গানৰ স্কুল নাপাতো বুলিছিল যদিও স্কুলৰ কাম আৰম্ভ কৰিছে, প্রবীণেও শিকিব ।
কথাবোৰৰ উত্তৰ বিচাৰি তাই মাকৰ কাষ পাইছে । তেওঁ তাইক কয়- “নিবেদিতা নামৰ
মানুহজনীৰ মাজত এনে কিছুমান কিবাকিবি আছে, যিখিনি মোৰ মাজত নাই । তেওঁৰ মনত
নিবেদিতাৰ প্রতি কোনো পাপ নাই । মানুহজনীৰ কণ্ঠৰ অমিয়া ধাৰাই তেওঁক সুখী কৰে ।
দেউতাৰাক মই বিশ্বাস কৰোঁ, শ্রদ্ধা কৰোঁ । সেই মানুহজনে আন কিবা এটা পাই যদি সুখী
হৈ থাকে, হাঁহি-স্ফূর্তি কৰি থাকে, গছপুলি এটাৰ দৰে ঠন ধৰি উঠে, তেওঁক কষ্ট দিলে
মই অন্যায় কৰা নহ’ব জানো ?” কথাখিনি কৈ তেওঁ মাত্র বিচাৰিছে তেওঁৰ মনটোক যেন
সকলোৱে বুজে, শ্রদ্ধা কৰে । এই সাদৰী মানুহগৰাকীৰ প্রতি শ্রদ্ধাত মোৰো যেন শিৰ নত
হৈ পৰিল ! যদিওবা হাজৰিকাৰ মনত কোনো পাপবোধ নাছিল, ক’ৰবাত জানো তেওঁ সেই পুৰুষতান্ত্রিক
সমাজৰ এজন স্বার্থপৰ পুৰুষৰ উদাহৰণ নহয় ?
‘তেজৰ সিপাৰে জীয়া জোন’- নিবেদিতাই ভাবে
বায়েকৰ কথা, ‘মানুহ কিয় হেৰাই যাব খোজে? কিহৰ আশাত জীয়াই থাকে মানুহ ?’, কিয়
বায়েকে চিৰকুমাৰী হৈ ঘৰ-বাৰীলৈ পিঠি দিছে ? কাৰ বাবে ? বায়েকৰ চিঠি পায় তাই এদিন
গুচি আহে ঘৰৰপৰা । এতিয়া তাই হৰেন হাজৰিকাই পাতি দিয়া স্কুলত গান শিকাব । তেওঁ
তাইক কৈছিল- “হেৰাই যাওঁ বুলিলেই কোনো হেৰাই যাব নোৱাৰে । তুমি ছাই হৈ গ’লেও
কাৰোবাৰ মণিকোঠাত আজিৰ দৰেই জিলিকি থাকিবা ।” হাজৰিকাই পতা গানৰ স্কুলতে তাইৰ বাবে
থাকিব পৰাকৈও ব্যৱস্থা কৰি দিছে ।
অমিয়াৰ সৰুটো ভায়েক ডাঙৰ হৈছে । ডাক্তৰণী
বাইদেউ-অহল্যাক ৰামানুজৰ স্মৃতিয়ে আমনি কৰিছে, ভনীয়েকক এৰিব নোৱাৰি থাকি গৈছে তাইৰ
লগতে, ব্যস্ত মানুহৰ সেৱাত । পুনৰ আন্দোলন হোৱাৰ কথাই অহল্যাক ভীতিগ্রস্ত কৰিছে,
প্রবীণো সেইফালে ঢাল খাইছে । অমিয়াক কেৰেলিয়ানে শুনাই দেওপাহাৰৰ কথা, ৰাংছালি
নদীয়ে সেই নাম কিয় পালে, জৰাসন্ধৰ জন্মৰ কাহিনী; অমিয়াই কেৰেলিয়ানৰ ওচৰত স্বীকাৰ
কৰিছে তেওঁৰ প্রতি থকা ভালপোৱাৰ কথা ।
আন্দোলনৰ বতাহ বলিছে, নয়ন আৰু প্রবীণ ওলাই
আহিছে । নয়নৰ অমিয়াৰ সৈতে বিদেশীক লৈ তর্ক হৈছে । প্রবীণক সকলোৱে মানা কৰা
স্বত্তেও সি আন্দোলন কৰিবলৈ প্রতিজ্ঞাবদ্ধ । গোঁহায়ে ফিছাৰি খোলাত আগ্রহ কৰিছে,
হাজৰিকা গৈ ফিছাৰিৰ কথা পাতিছে । গোঁহায়ে আন্দোলনৰ কথা কৈছে, কৈছে নেহৰুৰ দিনৰপৰাই
জ্বলি থকা জুইকুৰাৰ কথা ।
হাজৰিকাই পতা গানৰ স্কুলত জুই লাগে, জ্বলি ছাই
হৈ যায় স্কুল । কোনেও জানিব নোৱাৰে সেয়া কাৰ কাম । অমিয়াৰ দুচকুৰ আগত যুদ্ধভূমিৰ
ৰণুৱা ঘোঁৰাটো হৈ প্রবীণ । সি অমিয়াক কয়- “অবৈধভাৱে অনুপ্রৱেশ কৰা সকলো মানুহ মোৰ
বাবে বিদেশী । মই বিদেশীক সহিব নোৱাৰোঁ । সেয়া নিজৰ দেশতেই হওক অথবা ঘৰতেই হওক !”
‘খহি পৰিব খোজে বেলিৰ মুখ’- অমিয়াৰ বিয়া ঠিক
হয় বিষ্ণুৰ লগত । “আমি আত্মনিয়ন্ত্রণৰ অধিকাৰেৰে স্বাধীন হ’ব বিচাৰোঁ” বুলি নয়ন
গুচি যায় সশস্ত্র সংগ্রামৰ বিপ্লৱী হৈ, কৈ যায় অমিয়াক তাৰবাবে নৰ’বলৈ । আন্দোলন
চলে । অসম বন্ধ সফল কৰিবলৈ ভৃগু ফুকনে বিবৃতি দিয়ে । কলেজত নাম লগাই আন্দোলনত
লাগিবলৈ বেছি সুবিধা পায় প্রবীণে; পিকেটিং, ধর্মঘট, গণ সমাবেশ সকলোতে সি সক্রিয়
অংশ লয় । শুদ্ধ ভোটাৰ তালিকা অবিহনে নির্বাচন হ’ব নোৱাৰাৰ প্রতিবাদত কৰা আন্দোলনত,
গুৱাহাটীত গুলীয়াগুলীত খর্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয় ।
হাজৰিকাই গোঁহাইক সুধে আন্দোলনৰ প্রয়োজনৰ কথা
। গোঁহায়ে কয় ১২২৮ চনতে চাওলং চ্যুকাফাৰ অসমত প্রৱেশৰপৰা ইয়াণ্ডাবু সন্ধি, বৃটিছৰ
শাসন, মনিৰাম দেৱানৰ ফাঁচি, ১৯৪৭ চনৰ ১৫ আগষ্টত অসম ভাৰতত অন্তর্ভুক্ত নোহোৱালৈকে
। হাজৰিকাৰ খেলিমেলি লাগে- আচলতে বিদেশী নো কোনবোৰ মানুহ ! ১৯৮০ ৰ ১৮ জানুৱাৰীৰ
দুলীয়াজানৰ পিকেটিঙতো পুলিচৰ গুলীত নিহত হয় চাৰিজনকৈ যুৱক । ইন্দিৰা গান্ধী, জেইল
সিঙৰ সৈতে হোৱা আছুৰ আলোচনা বিফল হয় । হিন্দু-মুছলমান, বঙালী-অসমীয়াৰ মাজত সংঘাত
আৰম্ভ হয় । বিশ্বাস আৰু আস্থাহীনতাই গ্রাস কৰে সময় ।
‘বতাহ বলিছে জুই জ্বলিছে’- ১৯৮৩ চন, ১৮ ফেব্রুৱাৰী
। নেলীৰ বর্বৰ হত্যাকাণ্ড সংঘটিত হয় ! হাজাৰ হাজাৰ মানুহৰ হত্যাযজ্ঞ ! প্রবীণ
তেতিয়া কটন কলেজৰ হোষ্টেলত, পঢ়া-শুনা আধৰুৱা । হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী হ’ল ।
চাৰিওফালে মুছলমান বিদ্বেষ । গোঁহাইৰ ঘৰত শিলগুটি দলিয়াই কোনোবাই ‘বদন’ বুলি ।
পংকাত সাতটাকৈ মানুহ গুলীয়াই মাৰে, গোলাঘাটত মৃত্যু শীতল নীৰৱতাই বিৰাজ কৰে । অসমৰ
ইতিহাসৰ এক কলংকিত অধ্যায় । এইবোৰৰ মাজতে অমিয়াৰ পুত্র সন্তান জন্ম হয় ।
ইয়াৰ পিছত ইন্দিৰা গান্ধীৰ হত্যা, অসম চুক্তি
স্বাক্ষৰিত হয় । ১৯৫১ ৰ পৰিৱর্তে মানি লোৱা হ’ল ১৯৭১ চন । আপোচ হৈ যায়- “ছাত্রনেতাসকল
ৰাজনৈতিক নেতা হ’ল, সুবিধাবাদী মধ্যবিত্ত চৰিত্রৰ মুক্ত প্রকাশ !” প্রবীণৰ লাজ
লাগে, সংকোচ হয়, অপৰাধবোধত ভুগে- আন্দোলন কৰি একো নাপালে । বকুলীয়ে তাক সুধিছিল “বিদেশীবোৰনো
দেখিবলৈ কেনেকুৱা ?” উত্তৰ নাছিল তাৰ ওচৰত ।
শশীপ্রভাৰ চিন্তা হয় প্রবীণক লৈ । নিবেদিতাৰ
সৈতে কাৰোৰে এতিয়া বেয়া ভাব নাই, শশীপ্রভাৰো । দুয়ো নাতিয়েকক চাবলৈ গুৱাহাটীলৈ
যোৱাৰ কথা । শশীয়ে কয় নিবেদিতাক স্বীকৃতি দিয়াৰ কথা । নিবেদিতা মান্তি নহয়, তাই
গানক লৈয়েই থাকিব, হাজৰিকা মানুহজন সম্পূর্ণ শশীপ্রভাৰ ।
এদিন প্রবীণ ঘৰৰপৰা নোহোৱা হয় । সংগঠনলৈ গুচি
যায় । গুৱাহাটীৰপৰা আহি মাকে গম পায় পুতেক গুচি যোৱাৰ কথা । তেওঁ বিছনা লয় ।
অমিয়াই নিবেদিতাক কৈ যায় মাকৰ কাষত থাকিবলৈ । শশীপ্রভাৰ মৃত্যু হয় । নিবেদিতাই
হাজৰিকাৰপৰা বিদায় অনুমতি লৈ গাঁৱৰ ঘৰলৈ উভতি যায় ।
‘ঘৰমুৱা অঘৰী বাটৰ মাত’- প্রবীণ হাজৰিকাই
প্রজ্ঞাক দি পঠিওৱা ডায়েৰী, কাগজ-পত্রবোৰ তাইৰ লগতে আছিল । অমিয়াৰ সৈতেও তাই
ঘনিষ্ঠ হৈ পৰিল । প্রবীণ হাজৰিকাই দিয়া ঠিকনা অনুসৰি দুয়ো ডাঃ ৰামানুজক বিচাৰি যায়
। তাতে গৈ অমিয়াই দেখে ডাক্তৰণী মাহী-অহল্যাক ! তিনিবছৰ ধৰি তেওঁ ‘ডিমেনছিয়া ৰোগী’,
ৰামানুজৰ জীৱন তেওঁৰ প্রতি উৎসর্গিত কাৰণ তাই তেওঁৰ আত্মা । নয়নৰ মৃত্যুৰ খবৰটো
প্রবীণে অমিয়াক দিয়াৰ পৰত তাইৰ বুকুত উৰি ফুৰা পখিলাটো স্থবিৰ হৈছিল, সেই
পখিলাটোকে জীৱন্ত ৰূপত তাই দেখিলে ৰামানুজৰ দুচকুত ।
নিবেদিতাকো লগ কৰে দুয়ো । নিবেদিতা এতিয়া ‘নিবেদিতা
বেহেনজী’ । ব্রক্ষ্মকুমাৰী । নিবেদিতাই কয়- “পৃথিৱীত আমি সকলো ওভতাই পাওঁ । প্রেমৰ
বিনিময়ত প্রেম । ঘৃণাৰ বিনিময়ত ঘৃণা ।” নিবেদিতা তেতিয়া ‘ঈশ্বৰীয় চেতনাত নিজক
বিলীন কৰি দিয়া অন্য এক নাৰী’ ।
শেষত অমিয়াই প্রজ্ঞাক কয় কেৰেলিয়ানক এবাৰ
দেখাৰ কথা । কিন্তু ক’ত ?
লেখিকাই এইছোৱা সময় উপন্যাসখনত ধৰি থৈছে খুব ধুনীয়াকৈ,
সাৱলীলভাৱে । একে বহাতে পঢ়ি শেষ কৰিবলৈ মন যোৱা এখন কিতাপ । লেখিকা প্রেমিক মানুহ
। লেখিকাৰ কথাবোৰ কবিতাৰ দৰে । ধুনীয়া । কোনোখিনিতে ‘স্কিপ’ কৰি পঢ়িব নোৱাৰি ।
সেয়ে চাগৈ তেখেতৰ নামটো মোৰ ভাললগা লেখকৰ তালিকাত সোমাইছে । তেখেতৰ প্রায়
আটাইকেইখন উপন্যাস আৰু বহুতো গল্প ইতিমধ্যেই মোৰ পঢ়া হৈছে ।
অসম-আন্দোলনৰ বিষয়ে হয়তো বহুতো লেখা-কিতাপ ইতিমধ্যে
ওলাইছে । পিছে এইখন মোৰ বাবে অলপ বেলেগ । প্রতিটো পটভূমি অধ্যয়ন কৰিবলৈ গ’লে হয়তো
এনে অনেক চৰিত্র জীৱন্ত হৈ উঠিব যি এতিয়া সোঁৱৰণিৰ মৰিশালিত ! জাতিৰ নামত কিমান
নয়নৰ মৃত্যু হ’ল তাৰ সঁচা হিচাপ জানো ৰখা হৈছিল ! পাহাৰবোৰৰ বুকুত চাগৈ সেইবোৰ
সপোন আজিও পখিলা হৈ উৰে, বনৰীয়া ফুল হৈ ফুলে, অনিমেষৰ দৰে জোনাকীবোৰে কিজানি কবিতা
গুণগুণাই উৰি ফুৰে... !
লেখিকালৈ ধন্যবাদ ।
No comments:
Post a Comment