অন্তৰতম
লেখক: গীতালি বৰা
প্রথম প্রকাশ: ডিছেম্বৰ ২০২০, বনলতা
লেখক গীতালি বৰাৰ মই পঢ়া এইখন দ্বিতীয় উপন্যাস । কিতাপখন লেখকে উছর্গিত
কৰিছে- “বিশেষভাৱে
সক্ষম শিশুৰ সেইসকল মাতৃৰ হাতত- যি নিয়তিৰ ক্রূৰতাক উপহাস কৰি
প্রৱল আশাবাদেৰে নিজৰ লগতে সন্তানৰ পৃথিৱীখনো ধুনীয়া কৰি ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰিছে
।” মাত্র এই কথাখিনি পঢ়িয়েই ডাঙৰ কলেৱৰৰ কিতাপ
দেখিলে অলপ শংকিত হৈ আঁতৰি অহা মই (আজিকালিহে) ৪১২ পৃষ্ঠাৰ উপন্যাসখন
ক্রয় কৰিছিলোঁ ।
কিতাপখন পঢ়ি গৈ থাকোঁতে কিবা এক অজান কাৰণত (সেয়া কেৱল
উপন্যাসৰ চৰিত্রবোৰৰ বাবে নহয় বুলি জানো, কিন্তু সঠিক কাৰণটোক লৈ মই নিজেও
সন্দিহান !) মাজে মাজে মোৰ চকুলো বৈ থাকিল ! কাহিনীবোৰত পাঠকসকলে প্রায়েই লেখকৰ
নিজৰ জীৱনটোক দেখাৰ দৰে, কিতাপখন পঢ়ি ময়ো এপলক তেনেকৈয়ে ভাবিলো । পিছে সেই কথাটো মোৰ
নিজৰেই পছন্দৰ নহয় বাবে নিজৰ ভাৱনাক পুনৰাই ওভতাই লৈ সেয়া লেখকৰ নহয় ‘প্রিয়া’ৰ দৰে
বহুগৰাকী মাতৃৰ কাহিনী, যাক লেখকে গঢ়ি-পিটি উলিয়াই আমাৰ দৰে পাঠকলৈ আগবঢ়াই দিছে
বুলি নিজকে পতিয়ন নিয়ালো ।
উপন্যাসখন আৰম্ভ হৈছে মোৰো ভাল লগা এশাৰী কবিতাৰ পংক্তিৰে-
“I shut my eyes and all the world drops dead, I lift my lids and all is born
again._ Sylvia Plath”
কিতাপখন কেইবাটাও কাহিনীৰ কাহিনী, ক’ৰবাত একেডাল সূতাৰে বন্ধা
। প্রিয়া-আদিত্য, গার্গী-তন্ময়, ৰীমা-সৈকত, অভিজ্ঞান, বিনীত...
অনেকৰ কাহিনী । তাৰ মাজত কণমানিকেইটা- ঝুম্পা, নীলম, জ্যোতির্ময়... । মাকবোৰ
সঁচাকৈ অনন্য ! সময়ত যিদৰে সাহসী, দুর্দান্ত হৈ উঠে সেয়া আন কোনোৱেও নোৱাৰে । বহু
কাহিনীৰ মাজত এইয়া তেনে মাকবোৰৰ কাহিনী, তেওঁলোকৰ সংগ্রামৰ কাহিনী । “বুদ্ধজায়া”
পঢ়ি লেখকৰ প্রতি কিবা এক ধাৰণা মনতে গঢ়ি লৈছিলো বাবেই নে কি নাজানো, “অন্তৰতম” পঢ়ি
যেন পঢ়ুৱৈ হিচাপে আমাৰ অলপ অসন্তুষ্টি ৰৈ গ’ল !
যি কি নহওক, কিতাপখনৰ ভালেমান কথা মনৰ মাজত ঘুৰি ফুৰিল বহু
সময়লৈকে । প্রিয়াই অনুভৱ কৰাৰ দৰে- “কেতিয়াবা কিছুমান কথা বিষ লগা কাঁড়ৰ দৰে
চেতনাত সোমাই যায় । কাঁড়পাট টানি উলিয়াই অনাৰ পাছতো বিষখিনি সোঁৱৰণিত ৰ’ল ।” এৰা,
কেতিয়াবা সেই সোঁৱৰণিক হাজাৰে চেষ্টা কৰিও নিজৰপৰা নিলগাই থ’ব নোৱাৰি ।
ভেন গঘৰ “Road with cypress and star” ছবিখনৰ কথা কৈ
গার্গীয়ে কোৱা কথাখিনি মনতে লাগি ৰ’ল- “যেতিয়ালৈকে জীৱনৰ প্রতি এধানি আকুল হেঁপাহ
জীয়াই থাকে, সকলো অসুখ আৰু যাতনাৰ পাছতো নিজকে ‘সুখী’ বুলি ক’বলৈ মানুহ বাধ্য ।”
হাজাৰ যাতনায়ো সেয়ে মানুহক ভাঙিব নোৱাৰে । জীৱনক ভালপায় জীয়াই থাকে মানুহ,
যেতিয়ালৈকে আকাংক্ষা জীয়াই থাকে । নহয়নে ?
গার্গীৰ এষাৰ কথা খুবেই সঁচা অনুভৱ হ’ল-
“পূর্ণতা মানেইতো ক্রমাৎ ক্ষয় হোৱাৰ, লয় হোৱাৰ অৰম্ভণি ।” লগতে পাক
খাই ঘূৰি ফুৰিল প্রিয়াৰ প্রশ্ন এটা- “জীৱন ডাঙৰ নে পূর্ণভাৱে জী থকাটো ডাঙৰ ?” নাজানো
ইয়াৰ উত্তৰটো কি হ’ব ! বা কি হোৱাটো উচিত !
প্রিয়াই অভিজ্ঞানক কৈছিল- “ক্ষমা কৰিবলৈ একধৰণৰ মানসিক আৰু আধ্যাত্মিক
উচ্চতা লাগে ।” হয় কিজানি ! নিজক ক্ষমা কৰিব নোৱাৰা মানুহে সকলোকে
খুব সহজে ক্ষমা কৰি দিব পাৰে । মোৰ অনুভৱত, নিজক ক্ষমা কৰাটোহে সকলোতকৈ কঠিন । “বিশ্বাস বৰ ঠুনুকা । বৰ আলসুৱা । এবাৰ প্রতাৰিত হ’লে, দুবাৰ প্রতাৰিত
হ’লে কিছুমান মানুহৰ ক্ষেত্রত অবিশ্বাস এক ধৰণৰ অভ্যাস হৈ উঠে আৰু এই অভ্যাসে আন
একো সলনি নকৰিলেও নিজক লৈ, নিজৰ একান্ত আপোনজনক লৈ মানুহক প্রটেকটিভ কৰি তোলে ।” গার্গীৰ
এই অনুভৱ খুবেই সঁচা । সন্তপর্ণে অবিশ্বাসে এনেকৈয়ে হয়তো মনৰ কোনো কোণত বহি লয় !
বিশ্বাসহীনতাৰেও মানুহে মানুহক ভাল পাব পাৰে বুলি কোৱা কথাষাৰ
বহু দিনৰ পাছত পুনৰবাৰ উপলব্ধি কৰিলো । গার্গীয়ে কোৱাৰ দৰে- “মানুহৰ চকুৱে সদায় সঁচা
কথা নকয় । মানুহৰ মাতো শুনোতাৰ মর্জিৰ ওপৰত নির্ভৰ কৰি কাণত ধ্বনিত হয় । মানুহৰ ভিজি
উঠা চকুৰ আকুলতা, জীৱনভৰ একেই থাকিব বুলি ভাবি লোৱা আশ্রয় আৰু
উপশমৰ এটা এটা স্পর্শৰো আয়ুস সীমিত । জীৱনত নিৰত্যয় সত্য বুলি একো কথা নাথাকে ।” ঠিক- “প্রেমৰ দৰে বিশ্বাসো এক বিভ্রম ।”
প্রিয়াই কোৱাৰ দৰেই- “নিজৰ দুখবোৰক লালন কৰোঁতে কৰোঁতে মানুহে
পাহৰি যায় চৌপাশে মানুহে ভোগ কৰা যাতনাবোৰৰ কথা ।” যেতিয়া তাইৰ জীৱনলৈ অকণমানি ঝুম্পাৰ
আগমন হ’ল, তেতিয়াই তাইৰ নিজৰ সকলো দুখ-যাতনা তুচ্ছ হৈ পৰিল । এনে সময়তে
নিজক পাহৰি পেলায় মানুহে, নিজৰ সকলো গৌণ হৈ পৰে । কোনোবা পলত যেতিয়া নিজক
বিচাৰিবলৈ লাগে তেতিয়াই শূন্যতাই, একাকীত্বই মানুহক জুৰুলা কৰে । ঠিকেই- “শূন্যতাৰ
ভাৰ দুখতকৈ বেছি । বহু বেছি ।”
“আৱেগৰ ওপৰত শিলৰ চোলা পিন্ধি থকা মানুহবোৰৰ জীৱনলৈকো কেতিয়াবা
এনে সময় আহে যেতিয়া চোলাটো খুলি থৈ পৰম অবিশ্বাসৰ মাজেৰেও বিশ্বাস ভৰা হাত এখন খামুচি
ধৰিবলৈ মন যায় অলপ পৰৰ বাবে । বুকুত জমি থকা শিলবোৰ হুমুনিয়াহ বা চকুলো কৰি বিয়পাবলৈ
কাৰোবাৰ এখন হাত খামুচি ধৰাৰ হেঁপাহ হয় । একাকীত্ব ভালপাওঁ বুলি কোৱাসকলেও কোনোবা মুহূর্তত
হয়তো ভাৱে- এই একাকী পৃথিৱীখনৰ পৰা বিভ্রমৰ মাজেৰে হ’লেও কোনোবাই তেওঁক স্বপ্নময় পৃথিৱী
এখনত ফুৰাই আনক । কেইটামান মুহূর্তৰ বাবে ।” গার্গীয়ে অনুভৱ কৰা এই কথাখিনিৰ বাবেই
কি প্রিয়াও অভিজ্ঞানৰ ওচৰ পাইছিল ? বহুজনে কোৱাৰ দৰে যদি মানি লওঁ যে ‘Judgemental’
হ’ব নালাগে মানুহৰ অনুভৱবোৰক লৈ, তেন্তে গার্গীয়ে তন্ময়ক, সৈকতক বা
প্রিয়াই আদিত্যক দোষী বুলি ভবাটো সঁচাকৈয়ে জানো যুক্তিসংগত ? যদি হয়, তেন্তে প্রিয়া
আৰু গার্গীও জানো দোষী নহয়- আদিত্যৰ ওচৰত ? তন্ময় আৰু ৰীমাৰ ওচৰত ? সেয়ে
নেকি শেষত দুয়ো নিজলৈকে উভতি আহিছে ?
সেয়া বাৰু পঢ়ুৱৈৰ নিজা নিজা অনুভৱৰ ওপৰত নির্ভৰ কৰিব । যি
নহওক, ‘জীৱনমুখী’ সামৰণি খুব ভাল লাগিল । গার্গীয়ে সম্ভাৱনাৰ ছবি আঁকিছে । প্রিয়াই
ভবাৰ দৰেই লিখিছে “বহু মানুহৰ জীৱনমুখী সংগ্রামৰ কথা ।” ভাগি পৰা বহুতকে কৈছে এটা
সত্যৰ কথা যে “সকলো যাতনা আৰু শংকাৰ মাজতো জীৱন অনন্য । পৃথিৱী ধুনীয়া ।”
ঠিকেই, “বিপুল যাতনাই মানুহৰ আত্মাক উত্তৰিত কৰে ।” সেই
উপলব্ধিক লৈয়ে দুয়ো ঘৰমুৱা হৈছে । জীৱনমুখী সংগ্রামখন যে শেষ হোৱা নাই... আৰু
যুঁজিবলৈ আছে...
No comments:
Post a Comment