এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা
মূল ইংৰাজীৰ পৰা অনুবাদঃ খামমুন ফুকন
প্রথম প্রকাশঃ জানুৱাৰী, ২০২১
পূর্বায়ণ প্রকাশন
আৰুণি
কাশ্যপৰ ইংৰাজী উপন্যাস “The House with a Thousand Stories”ৰ অসমীয়া অনুবাদ “এখন ঘৰ আৰু
এজাক জোনাকী পৰুৱা” । অনুবাদক খামমুন ফুকনৰ লেখা এটা প্রান্তিকত পঢ়িছিলো, তেখেতৰ
নামটো তেনেকৈ চিনাকী । সেই নামটো দেখিয়েই কিতাপখন পঢ়ি চোৱাৰ মন হৈছিল যদিও
প্রথমবাৰতে কিতাপখন ক্রয় কৰা নহ’ল । দ্বিতীয়বাৰত কিতাপৰ নামটোৰ সৈতে বেটুপাতখন অলপ
ভাল লগা হৈ দুচকুত পৰিছিল । কিছুমান শব্দৰ প্রতি দুর্বলতা থকাৰ দৰে “জোনাকী
পৰুৱাৰ” প্রতিও আছে ! শেষত, দুয়োটা কাৰণ মিলি কিতাপখন মোৰ ঘৰ পোৱালেহি ।
লেখকৰ দুআষাৰত আৰুণি
কাশ্যপে লেখিছে- “এই কিতাপখন কেতিয়াবাই অসমীয়াত প্রকাশ হ’ব লাগিছিল ।
কিন্তু প্রত্যেকখন কিতাপ লিখাৰ সময়ত মই নিজকে কওঁ- প্রত্যেক কিতাপৰে একোখন অদৃশ্য
সোঁৱৰণী আছে; আছে চক্র । আৰু মানুহৰ জীৱনত যদি দূৰৈৰ শনি আৰু মঙল গ্রহই কিবা
প্রভাৱ বিস্তাৰ কৰে, কিতাপৰ সোঁৱৰণীত থকা গ্রহকেইটায়ো বিধি-পথালি দিয়ে বা বাট সুগম
কৰে । সেয়ে বিভিন্ন কাৰণত অসমীয়াত কিতাপখন ওলোৱা নাছিল । … গ্রহ-নক্ষত্রবোৰে ঠিকেই
কৰি থৈছিল যে খামমুনে মোৰ কিতাপখন অনুবাদ কৰিব । সেয়ে আন সকলো কল্পনা অথলে গৈছিল ।
এতিয়া কিতাপখন পঢ়ি এনে লাগিছে যেন কিতাপখন অসমীয়াতে কোনোবাই লিখিছিল ।
…আমাৰ মা-পিতা,
খুৰা-খুৰীহঁতে জানে, বন্দুকৰ ৰাজত্বৰ আগৰ, সত্তৰ আৰু ষাঠিৰ অসমখন কেনেকুৱা আছিল ।
আমাৰ প্রজন্মটোৱে কোনোদিন গম নাপালে সেই সুন্দৰ সত্য ।… মই এনেকুৱা এখন কিতাপ
পঢ়িবলৈ বৰ ইচ্ছা কৰিছিলোঁ । যিহেতু নাছিল, সেয়ে হয়তো, টনি মৰিছনৰ দ্বাৰা প্রেৰিত
হৈ, নিজেই লিখি পেলালোঁ সেই বৰকৈ পঢ়িবলৈ মন যোৱা কিতাপখনঃ যিখন কিতাপত আশী আৰু
নব্বৈৰ দশকত অসমত ডাঙৰ হোৱা প্রজন্মটোৰ জীৱনৰ কিছু কথা প্রতিফলিত হ’ব আৰু নব্বৈৰ
দশকত জন্ম লোৱাসকলে পঢ়ি বুজি পাব আমাৰ কাহিনী । এয়াই কিতাপৰ আঁৰৰ কথা । যি
দেখিছিলোঁ, শুনিছিলোঁ, সেয়াই লিখিছিলোঁ ।”
অনুবাদকৰ একাষাৰ- “অসমৰ
গুপ্তহত্যা বা কেন্দ্রীয়-প্রান্তীয় দ্বি-অংগীকতাৰ বিষয়বস্তুৰে ইংৰাজী ভাষাত ৰচিত
সাহিত্যসমূহৰ ভিতৰত আৰুণি কাশ্যপৰ “The House with a Thousand Stories” এখন লেখত
ল’বলগীয়া উপন্যাস । কাহিনীৰ পটভূমি হিচাপে দাগ কৰি লোৱা অসমৰ এক ভিতৰুৱা অঞ্চল,
য’ত এতিয়াও বিশ্বাস-অবিশ্বাসৰ গইনাৰে প্রচলিত হৈ আছে ক’লাযাদুৰ পকনীয়া । বয়ঃসন্ধিৰ
শেহতীয়া সময়ত উপলব্ধি কৰা এখন সমাজৰ প্রতিচ্ছবিৰে উপন্যাসখনৰ কাহিনীকাৰে কয় সেইখন
সমাজৰ কথা, য’ত প্রতিফলিত হয় অসমৰ এক অতি স্পর্শকাতৰ অধ্যায়; য’ত সূচিত হয়
পৰিৱর্তনৰ এক জোৱাৰ । গাঁৱৰ এক সৰল কাহিনীৰে এখন সুস্থ অথচ খণ্ডিত হ’ব খোজা ঘৰ,
সমাজৰ কথা উদঙাই দিছে উপন্যাসখনত; য’ত অহল্যা জেঠাই হৈ পৰিছে পৰিৱর্তনৰ এখন দুৱাৰ
। এৰি দিয়া আৰু ধৰি ৰখাৰ মাজত ছপা হৈ ৰোৱা অহল্যা জেঠাই কেৱল আধুনিকতাৰ হেঙাৰ নহয়,
তেওঁ হৈ পৰিছে ঘৰখনৰ পৰম্পৰাৰ এক চিনাকী ।”
উপন্যাসখনৰ অসমীয়া নামটো
খুব ধুনীয়াকৈ খাপ খাই পৰিছে । কিতাপখন পঢ়ি সামৰি সেয়া অনুভৱ হ’ল । আৰু এই সময়, এই
কাহিনীবোৰ আমাৰো যেন চিনাকী... কিতাপখন পঢ়ি অতীতৰ এছোৱা সময় আমিও সোঁৱৰি চাবলৈ
সুবিধা পালোঁ ।
পাবলো । ১৭ বছৰীয়া ।
গুৱাহাটীৰপৰা আহিছে অসমৰ ভিতৰুৱা মায়ঙৰ হাতীমূৰা গাঁৱত পেহীয়েকৰ বিয়া খাবলৈ, সেয়া
২০০২ চনৰ কথা । পাবলো ১৯৯৮ চনতো সেই গাঁৱলৈ আহিছিল, বৰদেউতাকৰ শ্রাদ্ধত । এই
পাবলোৰ মুখেৰেই বর্ণিত হৈছে কাহিনী ।
এটা
এল পেটার্ণৰ ঘৰ, য’ত সোতৰখন খিৰিকী আছে, অনেক কোঠা আছে, সেই ঘৰটোতেই এজাক জোনাকী
পৰুৱা, য’ত কাহিনীবোৰ আগবাঢ়িছে, শেষ হৈছে, পুনৰ আৰম্ভ হৈছে ।
সেইখন
ঘৰৰে মইনা পেহীৰ বিয়া, বিয়াৰ আগত যি ফেনাইল খাই দিছে ভয়তে । অনিলদাই বাতৰিটো লৈ
আহিছিল- দৰাৰ ভায়েক আলফাৰ সদস্য । খাকী পোছাক পিন্ধা আর্মীলৈ আন যুৱতীৰ দৰে মইনা
পেহীৰো ভয় । ফেনাইল খাই তাই নমৰে, বিয়া হৈও যায়; কইনা থ’বলৈ যোৱা অনিমা বৰমাই
কিন্তু পিছদিনা ঘৰলৈ মইনা পেহীৰ শ টো লৈ আহে ! মইনা পেহী কিয় মৰিল তাৰ কাৰণ কোনেও
নাজানিলে । কিয় মৰিল মইনা পেহী ?
মৃদুলৰ
বন্ধু বৃকোদৰৰ ভনীয়েক মামণি, যাৰ মুখখন কথা ক’ব পালে বন্ধই নহয়, অনবৰতে দাঁত
উলিয়াই হাঁহি থকা সেই মামণিয়ে আজিকালি মনে মনে থাকে, আর্মী দেখিলেই ভয়তে মুতি দিয়ে
! মামণি কিয় এনেকুৱা হ’ল ?
মৃদুল,
অনিমা বৰমাৰ ল’ৰা; যাৰ দেউতাক বলেন বৰতাৰ শ্রাদ্ধতো আহিছিল পাবলো ১৯৯৮ চনত । মৃদুল
পাবলোৰ সমনীয়াৰ দৰেই । সেই মৃদুলেই মইনা পেহীৰ বিয়াৰ ৰাতি প্রেমিকাৰ সৈতে পলাই
যাবলৈ ঘৰৰপৰা ওলাই গৈছে; কাৰণ প্রেমিকা নেপালী, যাক ঘৰখনে কেতিয়াও গ্রহণ নকৰে । পিছে
সি ঘৰৰপৰা ওলাই গৈয়ো পিছদিনা পুৱাতে উভতি আহিছে । কিয় ?
সেইখন
ঘৰৰে সৰু পুত্র প্রশান্তদা, যি ঘৰৰপৰা আঁতৰি থাকে । কাৰণ প্রশান্তদাই বিয়া কৰাব
বিচৰা ডিভ’র্চি অনুলুপাক অহল্যা পেহীৰ দৰে নীতি-নিয়ম মানি থকা ঘৰখনৰ কোনেও বোৱাৰী
হিচাপে গ্রহণ কৰিব নোৱাৰে । ঘৰখনৰ বিপৰীতে গৈয়ো প্রশান্তদাই নো কিয় অনুলুপাৰ দৰে
অশুৱনি-দঁতীয়া-কলী ডিভ’র্চি এজনীক বিয়া কৰাব বিচাৰে ?
ঘৰখনৰ
নিয়ম-নীতি, পৰম্পৰা সকলো সামৰি, কোনেও তর্ক কৰিবলৈ সাহস নকৰাকৈ গাঁৱখনৰে ওখ
মানুহজনীয়েই হ’ল অহল্যা জেঠাই । যি নিয়মৰ বিপৰীতে কোনো কামেই হ’বলৈ নিদিয়ে । কথাই
কথাই তর্ক কৰা, খঙালী অহল্যা জেঠাই অবিবাহিত ।
অকণি
পেহী নিঃসন্তান । মানুহে ‘কাঠবাজী’ বুলি মনে মনে হাঁহে । ডাঙৰ ককায়েকৰ পুতেক
মৃদুলকে তেওঁ নিজৰ ল’ৰাৰ দৰে ভাবে । সেয়ে পেহীয়েকে তাক গালি পাৰিলেও মাক অণিমা
বৰমাই অস্বীকাৰ নকৰে । অহল্যা জেঠাইৰ কথা অকণি পেহীয়ে বুজে । মইনা পেহীৰ বিয়াৰ ৰভা
খুটা পুতিবলৈ গাঁত খান্দি থাকোঁতে পোৱা সোণৰ আঙুঠি এটাই কিয় খঙালী অহল্যা জেঠাইক
কোঠাৰ ভিতৰত বন্দী কৰাই থ’ব পাৰিছে সেয়া ভনীয়েকে বুজে । মনতে ভাবে “সুমথিৰা
বেলিয়ে কেতিয়াকৈ জাকৰুৱা এন্ধাৰ ওফৰাই ৰ’দালি আনিব ।” আইতাই জেঠাইক
কৈছে- “একেবোৰ কথাই ঘূৰি পকি থাকে । কিবা জানো সলনি হ’ল, যোৱা হাজাৰ হাজাৰ
বছৰত ? মানুহ বুজিছ ! আমাৰ মনবোৰ একে থাকিল । আমি সবেই একে ভাবোঁ । সাধুবোৰৰ
নিচিনা । মাত্র ভাওৰীয়াবোৰ সলনি হৈছে অহল্যা- কিন্তু ইচ্ছা-অনিচ্ছা একেই থাকিল ।” হেৰাই
পোৱা সোণৰ আঙঠি এটাৰ সৈতে অহল্যা জেঠাইৰ কি সম্পর্ক ? মাকে কিয় সেয়া নিয়ম কৰি
গৰাকীক ওভতাই দিব কৈছে ?
এই
সকলোবোৰ পাবলোৱে দেখিছিল সেই মইনা পেহীৰ বিয়াত । বিয়াৰ আগদিনাই অনিলদাই দৰাঘৰৰ
বাতৰিটো আনি ঘৰত এৰি দিছিল, যিয়ে বিয়াঘৰত ভয়-উৎকণ্ঠাৰ বাহিৰে একো বিয়পাব পৰা নাছিল
। অনিলদাই তিলকে তালটো কৰি কথা কয় । পাবলোৰ দৃষ্টিত অনিলদা এজন ভাল গল্পকাৰ হ’ব
নোৱাৰিব কাৰণ তেওঁ কাহিনীৰ মাজৰ সত্যটো ধৰিব নোৱাৰে । তেওঁৰ কাহিনীয়ে কেতিয়াও
মানুহৰ মনত সুখ আনিব নোৱাৰিছিল, সকলোতে নিৰাশাৰ ছাঁ । “কিন্তু সত্যটো
হৈছেঃ জীৱন নিৰৱধি । কাহিনীৰ এদিন শেষ হ’বই । যদিও নহয়, নোহোৱাটোও ভাল কাহিনীৰ এটা
চাৰিত্রিক বৈশিষ্ট্য ।” মইনা পেহীৰ বয়স হৈছে । আবিয়ৈ হৈ যাতে ঘৰতে নাথাকে
সেয়ে ৪৫ বছৰীয়া বুঢ়া এটালৈ বিয়া দিছে । সিফালে মইনা পেহীৰ মাক, মৃদুলৰ আইতাকৰ এই
যাওঁ এই যাওঁ অৱস্থা । ডাক্তৰ মাতি আনি মকৰধ্বজ খোৱাইহে কোনোমতে ৰাখিছে, যাতে
বিয়াখন সুকলমে হৈ যায় একো অপায়-অমংগল নোহোৱাকে । ঘৰৰপৰা আঁতৰি থকা সৰু পুতেক
প্রশান্ত ঘৰলৈ অহাৰ বাবে তেওঁ যেনিবা সুস্থ হৈ উঠে । সেই মৰিব বুলি ভবা আইতা মইনা
পেহীৰ বিয়াৰ পিছতো ভালেমান দিন জীয়াই থাকিল ।
সেই
এল পেটার্ণৰ ঘৰখনৰ কাহিনীবোৰ শেষ হৈয়ো যেন শেষ নহ’ল । মৃদুলৰ দেউতাক মদাহী আছিল,
অন্য নাৰীৰ সৈতেও সম্পর্ক আছিল... সেই কথাবোৰে মৃদুলক লাজ দিছিল নেকি ? সপোনৰ পিছত
দৌৰিবলৈ গৈ মৃদুল কিয়বা উভতি আহিছিল । মইনা পেহীৰ ‘অপঘাট মৃত্যু’ৰ কাৰণ জনা নগ’ল ।
প্রশান্তদাই অনুলুপাক ঘৰখনৰ বোৱাৰী কৰি আনিলেনে ? অহল্যা জেঠায়ে হেৰাই পোৱা সোণৰ
আঙুঠিটো গৰাকীক ওভতাই দিব পাৰিলে নে ?
কথাবোৰ
মৌ-মাখিৰ দৰে ভুণভুণাই ঘৰখনত, মানুহৰ মাজত ঘূৰি ফুৰিছিল । পাবলোৱে কোৱাৰ
দৰে- “আচলতে সত্যটো হৈছে কিছুমান কথা নোকোৱাকৈয়ে থাকি যায় । এনেকৈয়ে জীৱন,
জীৱনৰ পিছত জীৱন ।”
হাতীমূৰা
মায়ঙৰ এখন ভিতৰুৱা গাঁও । গাঁৱৰ মানুহবোৰে এটা দশকৰ আগলৈকে আলফাৰ সৈতে কাৰোবাৰ
সম্পর্ক থাকিলে সেয়া বুকু ফুলাই জহ কৰি কৈছিল আৰু এতিয়া সেইবোৰেই কাল । আলফাৰ সৈতে
কিবা সম্পর্ক থকাৰ সন্দেহতে গাঁৱৰ হীৰেনক, দুই পুত্র, পত্নী আৰু মাক সবাকে গুলিয়াই
মাৰিছিল, আনকি বনকৰা বাইজনীকো । মামণিৰ দৰে আৰু কিমান জনী গাভৰুৰ দেহা চোৱা হ’ল
কোনেও নাজানিলে । এইয়া কেৱল উপন্যাসৰ কাহিনীয়েই নহয়, সেই সময়ৰ সন্ত্রাসজর্জৰ অসমৰ
দুখ আৰু বেদনাৰ জীয়া কাহিনী, দলিল । কোনো নদীৰে মানুহৰ কটা হাত-মূৰ উটি অহাটো মিছা
নহয় । এনে কিমান কাহিনী কিমান গাঁৱৰ মাটিত মিলি গ’ল চাগৈ নীৰৱে, সকলোৰে
অলক্ষিতে...!
পাবলোৰ
কথাবোৰ তো মিছা নাছিল- “আলফা আৰু ছালফাবোৰৰ মাজত কাজিয়া লাগি থাকিলে
সকলোতকৈ বেছি এই চৰকাৰখনৰে লাভ হ’ব । সিহঁতেই আৰম্ভ কৰিছে এই গুপ্তহত্যা । সিহঁতৰ
মাজত যুঁজ-বাগৰৰ ফিৰিঙতি ঢলা মানুহবোৰ সেইবোৰেই । ব্রিটিছ আৰু আমাৰ চৰকাৰৰ মাজত
এতিয়া একো প্রভেদ নাই । যিখন চৰকাৰ দিল্লীৰ হাতৰ পুতলা । সিহঁতৰ নীতি হৈছে শাসন
আৰু বিভাজন ।” সেই সময়ত এই কথাই সঁছা আছিল ! আমাৰ দৰে প্রজন্মৰ, যি অলপ
হ’লেও সেই সময়ক ওচৰৰপৰা দেখিছিল সকলোৱে স্বীকাৰ কৰিব এই কথা ।
আৰু
পাবলো ? তাৰ কাহিনী নাছিল নেকি ? নে সি কেৱল কাহিনীকাৰ হে হ’বলৈ আহিছিল ? আছিল,
পাবলোৰো কাহিনী এটা আৰম্ভ হৈছিল সেই বিয়া ঘৰতে । নাম আছিল অনামিকা, মুনবাৰ নন্দা,
বিয়া খাবলৈ আহিছিল । মইনা পেহীৰ বিয়াৰ আগতেই অনামিকাক ঘৰলৈ পঠিয়াই দিয়া হৈছিল ।
বিয়াৰ পিছত পাবলোও নিজৰ ঘৰলৈ ওভতি গ’ল, তাৰপিছত দিল্লী । সি পাহৰিছিল অনামিকাক,
কাৰণ সিহঁতৰ মাজত প্রেম নাছিল ! যি আছিল, সেয়া ‘আমাৰ কাহিনী ইয়াতেই সমাপ্ত’ বুলি
অনামিকাই পাবলোক বিয়াঘৰতে কৈছিল । ...আৰু সেই শেষ হোৱা কাহিনীটোক পুনৰাই জীয়াই
তুলিছিল মৃদুলে । পাবলোহঁতৰ ঘৰলৈ গৈ এদিন মৃদুলে তাক কৈছিল সেই বিয়াৰ ছমাহৰ পিছতে
অনামিকা মৰিল, গর্ভত থকা সন্তানটো নষ্ট কৰোৱাইছিল... ককায়েকে পেটত গুৰিয়াইছিল !
...আৰু সেই পাহৰি পেলোৱা কাহিনীটোৱেই এতিয়া ওৰেটো জীৱন পাবলোৰ মনত দৌৰি থাকিব ।
“আন্ধাৰত
জিলিকি উঠা জোনাকী পৰুৱাবোৰ তাই হাতৰ মুঠিত ধৰি ভাল পাইছিল । তাই সপোনৰ দৰে ।
আঙুলিৰ ফাঁকেৰে জিলিকি উঠা জোনাকী পৰুৱাৰ সেউজীয়া পোহৰৰ দৰে । জোনাকী পৰুৱাবোৰ
বোলে মানুহৰ আত্মা, অতৃপ্ত আশাৰ, সময়তকৈ আগতে মৃত্যু হোৱা মানুহৰ আত্মা ।
তাই
গুচি গৈছিল । সপোন এটাৰ দৰে ।
আমি
এৰি অহা ধূলিময় খোজৰ চিনত তাই আমাৰ কাহিনী লিখিছিল । সকলো সুখ আৰু সকলো দুখ সামৰি
। দেখাত ভৰিৰ খোজৰ দৰে এটা কাহিনী । পাঁচোটা আঙুলিৰ । পাঁচটা বিভিন্ন দিশেৰে আগবঢ়া
এটা সৰল কাহিনী । তাই ইমান সুখী আছিল ।
‘আমাৰ
কাহিনী ইয়াতেই শেষ’- খোজৰ চিন থৈ যোৱাৰ আগতে তাই কৈছিল । শুকান সৰাপাত গচকি তাই
গুচি গৈছিল ।
আচলতে
এয়া পাঁচটা কাহিনীৰ পাতনিহে ।”
...আৰু
এনেকৈয়ে পাঁচটা কাহিনীৰ পাতনিত এই কাহিনীটো শেষ হৈছে । কৰুণ, বিষাদসনা ! নহয়নে ? জোনাকী
পৰুৱাবোৰ দেখিলে আগতে মনত আনন্দ লাগিছিল । এতিয়া হয়তো কোনোবা পাকত বেজাৰ লাগিব ।
অনামিকাৰ দৰে আধৰুৱা সপোন একোটাৰ কথা ভাবি । ...পঢ়াৰ আগতে কিতাপখনৰ নামটো যিমান
ভাল লাগিছিল, পঢ়ি উঠি তাতোকৈ অলপ বেছি ভাল লাগিল । বিষাদসনা থাকিলেও ভাল লাগিল
“এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা” । ...এই যেন এজাক জোনাকী পৰুৱা উৰি ফুৰিছে
চৌপাশে... আধৰুৱা কাহিনী একোটাহঁত হৈ !
# লেখক আৰুণি কাশ্যপৰ বিষয়ে ইয়াতে চাব পাৰে- https://www.arunikashyap.com/