দলঙৰ ঘৰ
লেখকঃ ব্রজেন ডেকা
প্রথম প্রকাশঃ নৱেম্বৰ, ২০১৭
আঁক-বাক
কিতাপখন লেখক ব্রজেন ডেকাৰ মই পঢ়া প্রথম উপন্যাস । সাধাৰণতে
কোনো কিতাপৰ বিষয়ে একো নাজানিলে কিতাপ ক্রয় কৰো কিতাপখনৰ আগকথা পঢ়ি, বিশেষকৈ যদি সেয়া
আজিকালি পঢ়িবলৈ সাহস নোহোৱা ডাঙৰ কলেৱৰৰ উপন্যাস হয় । পিছে এইখন কিতাপ ক্রয় কৰিছিলোঁ
শেষৰ বেটুপাতত থকা কথাখিনি পঢ়ি- “জন্মৰ পৰা মৃত্যুলৈ আমি জীৱনৰ দলং
খনেৰে পাৰ হৈ যাওঁ । দলং পাৰ হৈ যাবৰ বাবে । তাত ঘৰ সাজিব নোৱাৰি । জীৱন অনিত্য,
নশ্বৰ বুলি জানিও মানুহে হাবিয়াস কৰে জীৱনৰ দলঙত ঘৰ সাজিবলৈ । এই হাবিয়াসবোৰেৰে,
সপোনবোৰেৰে জীৱনৰ দলং খনেৰে পাৰ হৈ যোৱাসকলে কত কাহিনী ৰচিছে, অনাগত দিনত আৰু কত
কাহিনী ৰচিব । দলংখন সাক্ষী হৈ ৰ’ব সেই কাহিনীবোৰৰ ।”
বাটচ’ৰাত লেখকে লিখিছে- “... ...সময় অনাদি নহয়
। সময়ৰ আদি আছে । সুদূৰ অতীতৰ এটা মুহূর্তৰ পৰা সময়ৰ আৰম্ভণি হৈছে । সময় হয়তো
অনন্তও নহয় । স্থান আকৌ কাল নিৰপেক্ষ বা কালাতীত হ’ব নোৱাৰে, যিদৰে কালো স্থানাতীত
বা স্থান নিৰপেক্ষ হ’ব নোৱাৰে । এই আদি আৰু অন্তৰ মাজতে সৃষ্টিখনৰ কাহিনী । স্থান
আৰু কাল আছে বাবেই জড় আৰু জীৱৰ সৃষ্টি সম্ভৱ হৈছে । এদিন কিজানি সৃষ্টিখনৰ লগতে
স্থান আৰু কালৰো অন্ত পৰিব, কিন্তু জীৱৰ শূন্যৰ পৰা এশ বছৰীয়া জীৱনৰ তুলনাত এই
মহাবিশ্বৰ জীৱন অকল্পনীয়ভাৱে দীঘল বা মহাবিশ্বৰ জীৱনৰ তুলনাত আমাৰ জীৱন
অকল্পনীয়ভাৱে চুটি । ইমান চুটি যে, মহাবিশ্বৰ ক’ৰবাত কেতিয়াবা পৃথিৱী নামৰ গ্রহত
মানুহ নামৰ প্রজাতি এটা সৃষ্টি হৈছিল বুলি মাত্র এটা বাক্যতে হয়তো মানুহৰ ইতিহাস
বিবৃত হ’ব, নাইবা সেই ইতিহাস কালৰ সোঁতত হেৰাই যাব । এই সর্বগ্রাসী বিশালতাৰ মাজত
এজন ব্যক্তিৰ তুচ্ছ ইতিহাসৰ স্থান ক’ত ? ... ...মোৰ বাবে পৃথিৱীখন সঁচা । সপোনবোৰ
সঁচা, দিঠকটো সঁচা, দুখ, সুখ, যন্ত্রণা, ভালপোৱাবোৰ সঁচা । খন্তেকীয়া হ’লেও,
আগ-গুৰি নাথাকিলেও, অসম্পূর্ণ, অপঁইতা হ’লেও অলীক হ’লেও, দ্বিধা, দ্বন্দ আৰু
শংকাৰে আচ্ছন্ন হ’লেও অস্তিত্বটো সঁচা । অনিশ্চয়তাৰ মাজতে খন্তেকলৈ হ’লেও মই আছোঁ
। মই আছোঁ বাবেই মোৰ আৰু মহাবিশ্বৰ অস্তিত্বৰ উমান পাইছোঁ । এই অস্তিত্বটোৱেই,
‘থকাটোৱেই’ মোক আৰু এই মহাবিশ্বখনকো সাকাৰ কৰিছে, সার্থক কৰিছে । অস্তিত্বই হ’ল
অস্তিত্বৰ একমাত্র আৰু পর্যাপ্ত অর্থ ।... ...মহাবিশ্বত আকৌ একোৰেই অন্ত নপৰে ।
অন্তবোৰ ৰূপান্তৰ মাত্র । থকা আৰু নথকাৰ মাজৰ লহমাৰ দলঙল ঘৰ সজাৰ আমাৰ হাবিয়াসৰ
কাহিনী এয়া ।... ...এই কাহিনী অসম্পূর্ণতাৰ আক্ষেপ আৰু পৰিপূর্ণতাৰ আশ্বাসৰ ।”
ইমানৰ পিছতো কেনেকৈ নপঢ়াকৈ থাকো জীৱনৰ দলঙত ঘৰ
সজাৰ সেই হাবিয়াসৰ কাহিনী ?!
শাওণা, ফেদেলা আৰু গোবৰ, বানে উটুৱাই নিয়া
তিনিটা গাঁৱলীয়া মানুহ যি এদিন মহানগৰীৰ ব্যস্ত এক এলেকাত বায়বীয় অৱয়ৱ হৈ ভাঁহি
ফুৰিছে । সিহঁত নিজেই আচৰিত হৈছে নিজৰ অস্তিত্বক লৈ । নৈ এখনে নিজৰ গতিপথ সাজি
লওঁতে সিহঁতৰ গাঁওখনকে পৃথিৱীৰপৰা মচি পেলাইছিল, লগতে তাহাঁতকো ! তেনে সময়ত গোবৰ
আৰু ফেদেলা হৈ পৰিছে সোধোঁতা আৰু শাওণা উত্তৰ দিওঁতা । কাহিনীৰ কোনোখিনি মোৰ বাবে
সিহঁতৰ দৰেই সৰল, বুঢ়ী আইৰ সাধুৰ দৰেই সহজ আছিল বুজিবলৈ- “টেমা এটাত সোমাই থকা
পৰুৱা এটাই টেমাটোক সম্পূর্ণকৈ জানিব নোৱাৰে, কাৰণ সি টেমাটো বাহিৰৰপৰা কেতিয়াও
দেখা নাপায় ।” সিহঁতৰ দৰে মোৰো তেনেকুৱা এটা অৱস্থাই হৈছে কিতাপখন পঢ়ি গৈ থাকোঁতে
।
গাঁৱৰপৰা বিচ্ছিন্ন হৈ শাওণাহঁত ওপঙি চহৰ
পাইছেহি যদিও সিহঁতৰ বাবে গাঁওখন তেতিয়াও জীৱন্ত বাস্তৱ আৰু চকুৰ আগতে থকা
মহানগৰখন অবাস্তৱ । কাৰণ- “কিবা এটা নোহোৱা হৈ যোৱাৰ পাছতো তাৰ স্মৃতি থাকি যায় ।
কিন্তু কিবা এটাৰ বাস্তৱ অস্তিত্ব লোপ পাই স্মৃতি হ’বলৈও কিছু সময় লাগে । স্মৃতিত
পৰিণত নোহোৱালৈ নোহোৱা হোৱাটো থকা যেনেই লাগে । কিবা এটা বাস্তৱৰ পৰা মচি তাক
স্মৃতিত সঞ্চয় কৰিবলৈও কিছুসময় লাগে । স্মৃতিত সঞ্চয় নোহোৱালৈ নোহোৱা হোৱাটো থকা
যেন লাগে ।”
গাঁওবোৰ এদিন নোহোৱা হয়, চহৰে মূৰ দাঙি উঠে ।
সেই চহৰৰে তিনিটা মানুহ জেচি, বিপ্লৱ আৰু আনোৱাৰ । চহৰবোৰ গাঁৱৰ দৰে সহজ-সৰল নহয় ।
আলাসত ওপঙি আহি শাওণা, গোবৰ আৰু ফেদেলা জেচিহঁতৰ চহৰ পাইছেহি আৰু সিহঁতৰ জীৱনৰ
সৈতে সাঙুৰ খাই পৰিছে । চহৰ যেন পদার্থবিজ্ঞানৰ দৰেই জটিল, যিখিনি ফেদেলাৰ দৰে
মোৰো বুজি পাবলৈ অসুবিধা হৈছিল- “অপৰিমেয় ঘনত্বৰ আৰু অপৰিমেয় ক্ষুদ্র কণা এটাৰ
ভিতৰতে সমস্ত ব্রক্ষ্মাণ্ডখন সোমাই আছিল । পৃথিৱীখনক চাৰিওফালৰপৰা চেপি সৰু কৰি আনি এটা
মার্বলৰ সমান কৰি পেলালে পৃথিৱীখনৰ সমস্তখিনি অতি ঘনকৈ মার্বলটোৰ সমান ঠাইত সোমাই
পৰিব । ...মানুহৰ বুদ্ধি, বোধ আৰু কল্পনাৰে ব্রক্ষ্মাণ্ডখনৰ আয়োজনক বুজি পাব
নোৱাৰি ।”
উপন্যাসৰ তৃতীয় খণ্ডত এটা লোৰ অণুৱে নিজৰ
কাহিনী কৈছে, মহাবিস্ফোৰণত ছিন্ন-ভিন্ন হৈ পৰা তৰা এটাৰ কাহিনী কৈছে । বিস্ফোৰণৰ
ফলত তৰাটোৰ সমস্তখিনি মহাকাশত সিঁচৰিত হৈ পৰিল । আৰু সেই তৰাটোৰপৰা বিচ্ছিন্ন হৈ
লোৰ অণুটো মুক্ত হৈ মহাকাশত বিয়পি পৰিল কিন্তু তৰাটো ঢুকাল । ...আৰু এটা অনিয়মীয়া
কাৰবাৰৰ বাবে সৃষ্টিয়ে পাতনি মেলিছিল । ...এই অণুটো আছিল ফেদেলাহঁতৰ গাঁৱত বানে উটুৱাই
নিয়া মানুহ এজনীৰ দেহত । ...অণুটো নিজৰ লগৰীৰপৰা বিচ্ছিন্ন হৈ পৰিছিল । অণুটোৱে
আশা কৰে এদিন বোঁৱতী পানীয়েই তাৰ লগৰীক তাৰ ওচৰলৈ বোৱাই আনিব, কাৰণ পানীয়েই
পৃথিৱীখনৰ চৰিত্র সলনি কৰিলে । অণুটোৰ মতে তাৰ জগতত ঘটা ঘটনাৰ কোনো দর্শক বা
সাক্ষী নথকাৰ বাবে সেই কাহিনী কেতিয়াও বর্ণিত নহয় । যিহেতু অণুটোৰ কাহিনীটো প্রেমৰ
কাহিনী, সেয়ে সি তাক কৈ যোৱাৰ হেঁপাহ কৰিছে । ...কথাবোৰ “ব্লেক্ হ’ল”ৰ দৰেই জটিল-
ব্রক্ষ্মাণ্ড সৃষ্টিৰপৰা এটি মানৱ-প্রাণ সৃষ্টিলৈকে; বুজিও যেন বুজি পোৱা নাযায়
কথাবোৰ ! লেখকে গোটেই মহাকাশখন, সৃষ্টি-ধ্বংসৰ স্থিতিক যেন দুখিলামান কাগজতে
বর্ণনা কৰি থৈছে যিবোৰ বুজি পাবলৈ মোৰ দৰে পাঠক অপাৰগ- “এটা সময়ৰ পাছত পৃথিৱীখন যে
আছিল, সূর্যটো যে আছিল বা ব্রক্ষ্মাণ্ডখন যে আছিল তাকো থিৰাং কৰাৰ কোনো উপায়
নাথাকিব । কেইহাজাৰমান কোটি বছৰৰ পাছত সূর্যটো ৰঙা দৈত্য হৈ পৃথিৱীখন গ্রাস কৰিব ।
পৃথিৱীখন গলি গৈ বাঢ়ি অহা সূর্যৰ অংশ হৈ পৰিব আৰু পৃথিৱীখনৰ অন্ত পৰিব । তাৰ পাছত
সূর্যটো বগা বাওনা হৈ তাৰ জীৱন সামৰিব । প্রচণ্ড গতিত মহাশূন্যত বিয়পি গৈ থকা
ব্রক্ষ্মাণ্ডখনৰ কেনেকৈ অন্ত পৰিব ?” ...নাজানো, অথচ বুজিবলৈ মন যায়, পাগুলিয়াই
থাকিবলৈ মন যায় ।
জেচিয়ে নিজকে কেতিয়াবা একুৰিয়ামৰ মাছবোৰৰ দৰে
ভাবে- “একুৰিয়ামৰ মাছবোৰৰ হেনো কথাবোৰ দুই ছেকেণ্ডৰ বাবেহে মনত থাকে । মাছটো
একুৰিয়ামৰ এমূৰৰ পৰা আনটো মূৰলৈ গৈ যেতিয়া ঘূৰি আহে তেতিয়ালৈ একুৰিয়ামটোৰ আগৰ সকলো
স্মৃতি তাৰ মগজুৰ পৰা মচ খাই যায় আৰু একুৰিয়ামটো তাৰ বাবে একেবাৰে নতুন হৈ পৰে ।
সেয়েহে তাৰ কেতিয়াও আমনি নালাগে ।”
কাহিনীবোৰ পঢ়ি গৈ থাকোঁতে ক’ৰবাত মোৰো নিজকে
সেই মাছবোৰৰ দৰে অনুভৱ হৈছে । কাহিনীবোৰৰ মাজতে শাওণাই শুনিবলৈ পাইছে বিজ্ঞান আৰু
প্রযুক্তিৰ মাজত হোৱা অঁৰিয়াঅঁৰিৰ কাহিনী । বিজ্ঞানে কয়- “নতুন নতুন বস্তু সাজি
বজাৰত বেচি টকা ঘটাৰ উদ্দেশ্য তাৰ নহয়, চাৰিআলিত পকেটৰপৰা সামগ্রী উলিয়াই ৰাইজক
আচৰিত কৰিবলৈ সি কোনো যাদুকৰ বা ফেৰীৱালা নহয় । লাভ অর্জন কৰা বিজ্ঞানৰ উদ্দেশ্য
নহয়, মহাবিশ্বক জানিবলৈ-বুজিবলৈ চেষ্টা কৰাহে । কিন্তু প্রযুক্তিয়ে বিজ্ঞানৰ
উদঘাটনখিনিৰে নিতৌ নতুন সামগ্রী সৃষ্টি কৰিছে যিবোৰ মানুহৰ উপযোগিতা, উপকাৰিতাৰ
বাবে ব্যৱহাৰ নকৰি বেচি লাভ কৰাত আগ্রহী । প্রযুক্তিয়ে পৃথিৱীৰ সম্পদৰ লুণ্ঠন কৰি
পৃথিৱীক ৰুগীয়া কৰি পেলাইছে । মানুহে চাৰি দেৱালৰ মাজত আৱদ্ধ হৈ বিজ্ঞানে কৰা
কামবোৰ দেখা নাই, দেখিছে কেৱল প্রযুক্তিয়ে তৈয়াৰ কৰা সামগ্রীবোৰহে আৰু তাকে
বিজ্ঞান বুলি ভাবি ভুল কৰিছে ।” ইয়াৰ পিছতেই আকৌ আৰম্ভ হৈছে সাম্যবাদ আৰু
পুঁজিবাদৰ মাজত মীমাংসাহীন বিতর্ক । সেইখিনি পঢ়ুৱৈয়ে মন দি পঢ়িবলগীয়া, ভাবিবলগীয়া
বুলি ভাবো । সেই বিতর্কৰ কেতিয়াবা মীমাংসা হ’বনে ? এই ওৰ নপৰা কোলাহ’লৰ কেতিয়াবা
ওৰ পৰিবনে ? তাকেই শাওণা, ফেদেলা আৰু গোবৰে ভাবিছে !
বুজিও নুবুজাৰ দৰে, নুবুজিও বুজাৰ দৰে
কাহিনীটো(বোৰ) পঢ়িলোঁ ! সম্পূর্ণকৈ বুজিবলৈ পুনৰবাৰ পঢ়িব লাগিব । শাওণাৰ কথা কিছু বুজিলোঁ_
“দেখাত বিচ্ছিন্ন যেন লগা কাহিনীবোৰ আচলতে এটা অবিচ্ছিন্ন সামগ্রিক কাহিনীৰেই অংশ
মাত্র” ...যিদৰে ফেদেলাই জানিব পাৰিছে যে জেচি তাৰ বহু পিৰীৰ পাছৰ বংশধৰ । শাওণাই
কোৱা কথাবোৰ মোৰ ভাল লাগিল- “জ্ঞানে যদি বেমেজালি বঢ়ায়, তেন্তে নজনাটো একো বেয়া
নহয় । ...পাহৰিবলগীয়াখিনি মনত ৰখাত আমাৰ মনটো বৰ পাকৈত ।” কোনোবাখিনিত কিয়বা মোৰ
নিজকে গোবৰৰ দৰেই বিফল যেনো লাগিল !
জেচিয়ে যেতিয়া আত্মহত্যা কৰা মানুহে নিজৰ
পছন্দেৰে মৰে বুলিছিল, আনোৱাৰে কৈছিল- “সিহঁতে কেনেকৈ মৰিব সেইটোৰ সিদ্ধান্ত নলয়,
জীয়াই নথকাৰহে সিদ্ধান্ত লয় । মৃত্যু জীৱনবিৰোধী নহয় । মৃত্যু জীৱনৰ পৰিণতিহে ।”
জেচিয়ে আনোৱাৰক সুধিছিল গৰু এটা বা গছ এজোপাৰ দৰে মানুহ কিয় পাৰিপার্শ্বিকতাৰ সৈতে
একাত্ম হ’ব নোৱাৰে ? এই বিচ্ছিন্নতাৰ অন্ত মৃত্যুৱেহে আনে নেকি ? আনোৱাৰে উত্তৰত
কৈছিল- “...যি কাৰণত মানুহ গৰু এটাতকৈ বেলেগ, সেই একেটা কাৰণতে মানুহ
পাৰিপার্শ্বিকতাৰপৰা বিচ্ছিন্ন; গৰুটো তাৰ সুকীয়া সত্তাটোৰ সম্পর্কে মানুহৰ দৰে
সচেতন নহয় । মানুহে সচেতন হৈ থাকিবলগীয়া হোৱাৰ বাবেই কেতিয়াও এটা পৰিপূর্ণ আশ্রয়ৰ
ভৰসা বিচাৰি নাপায় । ‘মই’টো আৰু মইটোৱে কঢ়িয়াই অনা ইগ’টোৱে আমাক
বিশ্বব্রক্ষ্মাণ্ডখনৰ সামগ্রিকতাৰ এটা অবিচ্ছেদ্য অংশ বুলি অনুভৱ কৰিবলৈ নিদিয়ে ।
এই ‘মই’টো আৰু তাৰপৰা উৎপন্ন হোৱা ইগ’টো এটা সাৰমর্মহীন ফোঁপোলা বস্তু । আমি আমাৰ
চেতনাত সেই শূন্যতা অনুভৱ কৰোঁ আৰু তেতিয়াই ক’ৰবাত পৰিপূর্ণ আশ্রয়ৰ ভৰসা বিচাৰোঁ ।
কিন্তু আমি নিজেই সেই আশ্রয় বিচাৰি পোৱাৰ বাটত হেঙাৰ হৈ থিয় হওঁ ।”
জেচিৰ উপন্যাসখনো সম্পূর্ণ নহ’ল বিজ্ঞাপনটোও
বনোৱা নহ’ল ...বিপ্লৱ অসময়ত নিজৰ কাহিনীটো সম্পূর্ণ নোহোৱাকৈয়ে গুচি গ’ল, উর্মিৰ
গর্ভত তাৰ সন্তানটো বঢ়াৰ সমান্তৰালকৈ তাৰ দেহত কেন্সাৰ কোষবোৰ বাঢ়িল !
গাঁৱৰ সেই তিনিটা ওপঙি থকা অস্তিত্ব, চহৰৰ এই
আটাইকেইটা মানুহ, সিহঁত আটাইবোৰে আশা কৰাৰ দৰেই শেষত এটি কেঁচুৱাৰ নির্মাণ
সম্পূর্ণ হৈছে । কিন্তু গোবৰ স্ফূর্তিত পগলা হোৱাৰ সলনি নির্বিকাৰ । তাৰ কাৰণ
হিচাপে ফেদেলাক কৈছে- “...সফলতা আহে অলেখ বিফলতাৰ কান্ধত উঠি । সফলতাৰ বাবে
বিফলতাৰ সাৰথি নহ’লে নহয় । বহু বিফলতাই তুলি ধৰা বাবেহে সফলতাটোক সহজে দেখা পাওঁ ।
আচলতে সফলতাৰ বাবে উত্রাৱল হোৱা আৰু বিফলতাৰ বাবে ভাগি পৰা দুয়োটাই মোৰ দোষ ।
সফলতা বা বিফলতা বুলি বিচাৰ কৰাৰ সলনি যিটো ঘটিছে সেইটোক ঠিক তেনেকৈ গ্রহণ কৰিলেই
ভাল ।”
অৱশেষত উর্মিয়ে জন্ম দিয়া বিপ্লৱৰ সন্তানৰ
মাজেৰে জেচিৰ তেজত থকা লোৰ অণুটোৱে হাজাৰ কোটি বছৰীয়া অপেক্ষাৰ অন্তত তাৰ লগৰীক
বিচাৰি পাইছে । যি কথা শাওণাই গোবৰ আৰু ফেদেলাক শুনাবলৈ ব্যগ্র হৈ উঠিছে । পঢ়ুৱৈয়ে
নিশ্চয় বুজি পাব যে এই অণুটোৱেই সেই অণুটো যি নিজৰ প্রেমৰ কাহিনীটো কৈ যাব
বিচাৰিছিল । সি এতিয়া নিজৰ কাহিনীটো নিজে ক’ব পাৰিব । শাওণাই অনুভৱ কৰিছে “সেই
কেঁচুৱাটি সমস্তৰেই এটা স্বতন্ত্র স্বয়ংসম্পূর্ণ প্রকাশ ।”
এঘাৰটা খণ্ডৰ, ৩৬৬ পৃষ্ঠাৰ উপন্যাসখন পঢ়ি ময়ো
একুৰিয়ামৰ মাছ এটাৰ দৰে হৈ পৰিছো কোনো খিনিত । সেয়ে প্রকাশ কৰিবলৈ অপাৰগ কিতাপখন
পঢ়ি হোৱা বহু অনুভৱ, বুজি পোৱা অনেক কথা । কাৰণ প্রতিটো খণ্ডতেই ভাবিবলৈ বাধ্য
হৈছো, এচোৱা ভাবি ভাবি উত্তৰ বিচাৰোতে আন এচোৱাৰ কথাখিনি পাহৰি পুনৰ পঢ়িব লগা হৈছে
।
কিতাপখনৰ কথাবোৰ জটিল যদিও ভাল পালো পঢ়ি ।
ক’ৰবাত কোনোবাখিনি কথা হয়তো পঢ়িবলৈ মন নোযোৱা ধৰণৰ, ভাৱ হয়- এহ্ এনেকৈ নেলেখিলেও
তো হ’লহেঁতেন ! কিছুমান কথা বহু ঠাইত ‘ৰিপিট্’ হৈছে । কিন্তু সেইখিনিয়ে কিতাপখনৰ ভাললগাখিনি
ম্লান কৰিব নোৱাৰে । লেখক পৰিচিতি নাই কিতাপখনত । লেখক হয়তো পদার্থবিজ্ঞানৰ মানুহ
! অন্য এটা কথা যে কিছুমান “নাম” থকা প্রকাশনৰপৰা বানান ভুলৰ দৰে কথাবোৰ মানি ল’বলৈ
মন নোযোৱা ধৰণৰ ।
যি কি নহওক, বিপ্লৱ নিজে অসম্পূর্ণ কাহিনী হৈ
গুচি গ’ল । জেচিয়ে নিজৰ অসম্পূর্ণ কাহিনীটোৰ আভাস পাইছে, যাক সম্পূর্ণ নকৰাকৈ সি
এৰিব নোৱাৰে । জেচিৰ কাষত নিশা থাকিল, একেবাৰে শেষলৈকে থকাৰ আশ্বাসৰ সৈতে ।
...লেখকে কোৱাৰ দৰেই “এই কাহিনী অসম্পূর্ণতাৰ
আক্ষেপ আৰু পৰিপূর্ণতাৰ আশ্বাসৰ ।” এই কাহিনী গাঁৱৰ দৰে সহজ, চহৰৰ দৰে জটিল; আইতাৰ
সাধুকথাৰ দৰে সৰল, মহাকাশৰ দৰে পাকলগা । যি নহওক, কাহিনীবোৰৰ মাজেৰে ঘূৰি ঘূৰি এক
অনন্য সোৱাদ পোৱা গ’ল । আগ্রহী পাঠকে সেই সোৱাদ ল’ব পাৰে ।
No comments:
Post a Comment