ঐ ৰাধা
লেখকঃ অশোক কুমাৰ নাথ
প্রথম সংস্কৰণঃ অক্টোবৰ,
২০১৪
আলিবাট
কোনোবা এখন কিতাপ মানুহে কেতিয়া পঢ়ে ? আমি কেনেকুৱা কিতাপ পঢ়িব লাগে ? সকলোৰে বাবে হয়তো প্রশ্নকেইটাৰ
উত্তৰ ভিন ভিন হ’ব, যিহেতু সকলোৰে ৰুচি
ভিন ভিন । প্রথম
বাহিৰা কিতাপ বুলিলে আমি পঢ়িছিলোঁ ‘টিংকল’
। তাৰ পিছে পিছে আহিল মৌচাক, নতুন আৱিষ্কাৰ, অকণিৰ অগ্রদূত ইত্যাদি । যিবোৰ মোক যোগান ধৰিছিল দেউতাই
। তাৰ পিছত স্কুলৰ বিভিন্ন প্রতিযোগিতাত
প্রাইজ হিচাপে লাভ কৰা কিতাপবোৰ আছিল মই পঢ়া বাহিৰা কিতাপ । যাৰ ভিতৰত বিশেষ এখন হ’ল আর্নেষ্ট হেমিংৱে’ৰ “To whom the bell
rings”ৰ অসমীয়া অনুবাদ “দেৱ দুন্দুভি বাজে কাৰ
বাবে” । স্কুলৰ
পঢ়া শেষ হোৱাত জীৱ-পদার্থ-ৰসায়ন
মিলি মগজু কাবু কৰি ৰাখিল ৫ টা বছৰ, বিজ্ঞানৰ নামত । তেতিয়া কেইজনমান গল্পকাৰৰ গল্পৰ
মোহত
‘বিস্ময়’ আলোচনীখন পঢ়া হৈছিল মাজে মাজে । ভার্ছিটিৰ হোষ্টেলৰ লাইব্রেৰীটোৱে
প্রথম কিতাপৰ মোহটো অলপ বেছি হোৱাত উদগণি দিলে । সেয়াই আৰম্ভণি । পকেট খৰচৰপৰা দুই-এটকা ৰাহি হ’লে কেতিয়াবা কিতাপ একোখন ক্রয় কৰিব পৰা হ’লোঁ । …আৰু তাৰ দুটামান বছৰৰ পাছৰপৰা কিতাপৰ বাবে দুটকামান আচুতীয়াকৈ সাচি ৰাখিব পৰা
হ’লোঁ । গ্রন্থমেলালৈ
বাট চাওঁ,
কেতিয়াবা ‘বনলতা’ত এপাক সোমাই
আহোঁ নতুবা প্রযুক্তিয়ে দিয়া ‘অনলাইন বজাৰ’খনত বিচাৰি চাওঁ ।
কিতাপ পঢ়ো, সেইবুলি
‘বুক ৱর্ম’ বা ‘কিতাবী কীৰা’
বা ‘কিতাপৰ পোক’ নহয় । আমি কেনেকুৱা কিতাপ পঢ়িব
লাগে তাৰ উত্তৰটো ময়ো নাজানো । পিছে মই কেনেকুৱা কিতাপ পঢ়ো- কোনো লেখকৰ কিবা লেখা
পঢ়ি ভাল পালে পুনৰ একে লেখকৰ লেখা, ক’ৰবাত কোনো কিতাপৰ বিষয়ে চর্চা হ’লে (সকলো
নহয়, কিছুমান), জীৱনৰ কথা থকা কিতাপ (‘জীৱন’ শব্দটোৰ প্রতিয়েই মোৰ অলপ দুর্বলতা
!), নিজৰ ভাল লগা বিজ্ঞান বিষয়ক কথা থাকিলে, কোনোবাই যদি কয় ‘অমুক’ কিতাপখন পঢ়িবা,
কিছুমান কিতাপ দেখিলেই কিবা এটা আকর্ষণ জাগে পঢ়িবলৈ, বৰ বেছিকৈ চর্চিত নোহোৱা কোনো
লেখকৰ (কেতিয়াবা) নতুন কিতাপ ছপা হ’লে, জানিবলৈ ইচ্ছা থকা কিছুমান কথা থাকিলে...
ইত্যাদি ইত্যাদি ।
সৌমিত্র যোগীৰ ‘মহৎ জাবৰ’ পঢ়ি নিজৰ ওচৰতে লাজ
পোৱাৰ কথা লিখিছিলো । মহৎ জাবৰ পঢ়াৰ পিছৰেপৰা “অৰূপ কুমাৰ নাথ”ৰ “সাউদৰ পুতেক আৰু
অন্যান্য” পঢ়িবলৈ বিচাৰি ফুৰিও নাপালো । সেয়া বিচাৰি ফুৰোতেই গ্রন্থমেলাৰ
“আঁক-বাক”ৰ বিপনীত দেখিলো অশোক কুমাৰ নাথৰ “ঐ ৰাধা” । আৰু বিচাৰি ফুৰা বস্তু পোৱাৰ
আনন্দতে মোৰ অলপ খেলিমেলি লাগিল ! পিছে খেলিমেলিৰ উৰ বিচাৰি পাওঁ মানে “ঐ ৰাধা”
আহি মোৰ অন্যান্য কিতাপৰ মাজত নিজৰ ঠাই উলিয়াই বহিলেই ।
“ঐ ৰাধা” অশোক কুমাৰ নাথৰ ১৫ টি গল্পৰ সংকলন ।
অক্টোবৰ, ২০১৪ ৰ পিছত দ্বিতীয় সংস্কৰণ প্রকাশ পাইছে নৱেম্বৰ, ২০১৮ ত । মই ক্রয় কৰা
কিতাপখনৰ বেটুপাত সামান্য ফটা, কাগজবোৰেও সামান্য হালধীয়া বৰণ লৈছেগৈ । বুজিব পাৰি
যে কোনোবা ডাঙৰ ডাঙৰ কিতাপৰ হেঁচাত চাগৈ চেপেটা লাগি পৰি আছিল । (পিছত অন্য এখন
বিপনীত দেখিছিলো নতুন বেটুপাতৰ সৈতে । নতুন সংস্কৰণ চাগৈ, চোৱা নহ’ল । কিতাপখন পঢ়ি
উঠি, নতুন সংস্কৰণ ওলাইছে বুলি ভাবি থাকি কিন্তু খুব ভাল লাগি থাকিল মনটো ।)
সংকলনৰ প্রথম গল্পটো “বুঢ়া কেঁচুৱা” । নায়ক
পেছাত ইঞ্জিনিয়াৰ, মাক-দেউতাকৰ একমাত্র ল’ৰা । ঘৰত বিয়া পাতিবলৈ কৈ থকাৰে পৰা
নায়কে ৰাস্তাই-ঘাটে লগ পোৱা প্রতিগৰাকী ছোৱালীকে ধুনীয়া দেখিছে । এদিন সপোনত দেখিছে ডাক্তৰে নায়কক কৈছে “কংগ্রেচুলেশ্যন !
আপুনি প্রে’গনেণ্ট্; আপুনি মাক হ’বলৈ ওলাইছে ।” ভয়তে চিঞৰ-বাখৰ আৰু শেষত লাজ লাজকৈ
হ’লেও মাক-দেউতাকৰ লগত শুবলৈ গৈছে, মাকক সাৱটি শুই থাকোতে পাইছে মাকৰ চাদৰৰ
চিৰ-চিনাকী গোন্ধটো; সেয়া হেৰুৱাৰ আশংকাত, মাকৰ মমতাৰপৰা বঞ্চিত হোৱাৰ ভয়ত মাকৰ
হাতখনকে জোৰকৈ সাৱটি লৈছে, মাক-দেউতাকৰ মাজত শুই থকা সুখী নায়কে মনতে ভাবিছে “মই
ডাঙৰ হ’লেহে বিয়া কৰাম ।”
এইটো একেবাৰে সঁচা কথা যে বিয়াৰ পিছত
মাক-পুতেকৰ সম্পর্কটো সম্পূর্ণ আগৰ দৰে হৈ নাথাকে । সামান্য হ’লেও কিবা এটা
ব্যৱধান আহি পৰে । সুখৰ মাজতো নিশ্চয় মাতৃগৰাকী ক’ৰবাত এচিকুট হ’লেও দুখী হয় ।
সেয়া মাতৃৰ অবিহনে অন্য কোনোৱে অনুভৱ কৰিব নোৱাৰিব কেতিয়াও ! হয়তো গল্পৰ নায়কৰ
দৰেই এনে বুঢ়া-কেঁচুৱাও বহুজন আছে !
যি নহওক “বুঢ়া কেঁচুৱা” পঢ়ি ময়ো বুঢ়া কেঁচুৱা
হৈ উচুপি থাকিলো অলপ সময় । লেখকৰ সার্থকতাও নিশ্চয় তাতেই ।
দ্বিতীয়টো গল্প “পাইলট”ৰ নায়কৰ সপোন আছিল
পাইলট হোৱাৰ । জীৱনে সেয়া নিদিলেও এখন শব্দহীন জাহাজৰ তেওঁ এজন পাইলট আৰু দুয়ো
সপোন দেখিছে নিজৰ সন্তানক পাইলট কৰাৰ ।
তৃতীয় গল্প “তেজীমলা”ত নায়কে আই চি ইউ ৰ
বাহিৰত তেজীমলাৰ বাবে বাট চাই ফেঁকুৰি আছে অথচ তেজীমলাৰ তেওঁ কোন হয়, সেই প্রশ্নৰ
সঠিক উত্তৰ এটা তেতিয়াও তেওঁৰ ওচৰত নাই ।
“কান্দুৰী”ৰ নায়কে পত্নীৰ কথাই কথাই কান্দি
থকা স্বভাৱক সৰু ছোৱালীৰ কাৰবাৰ বুলি ভাবে । নায়কে কোৱা পুৰুষৰ গোপনীয় কথা এটা-
“এজন পুৰুষ যিমানেই জয়ী নহওক কিয়, জিকি জিকি শেষত তেওঁ হাৰি যায় পত্নীৰ ওচৰত ।” শেষত
কিন্তু সেই কান্দুৰী পত্নীৰ মানুহজনেই কান্দিছে ! কিয় ?
“আছে নেকি ? ভগা টিনা-লোহা-প্লাষ্টিক”ত নায়ক
অৰূপে নিজৰেই পত্নী ম’নাক দ্বিতীয় বিবাহ কৰাইছে, ম’নাই অৰূপৰ ভৰি চুই ক্ষমা কৰি
দিবলৈ কৈছে আৰু অৰূপে কান্দিছে । ম’নাৰ মৃদু ধমক খাই অৰূপে ভাবিছে- “সেই
মুহূর্তবোৰেই বেবেৰিবাং যেতিয়া মানুহে সেই বিশেষ মুহূর্তবোৰত থিয় হৈ সিদ্ধান্ত ল’ব
নোৱাৰে যে তেওঁ আচলতে হাঁহিব লাগে নে কান্দিব লাগে ।” কিন্তু এই বেবেৰিবাং
মুহূর্তটোৰ সৃষ্টি কিয় আৰু কেনেকৈ হ’ল ? কিয় এই বলিয়ালি ?
“জেলেপি”ত পত্নী প্রতিভাই গিৰীয়েকক ডায়েবটিচ
থকাৰ বাবে জেলেপি খাবলৈ মানা কৰিছে । নাখাওঁ
বুলি প্রতিজ্ঞা কৰি থোৱাৰ পিছতো খোৱাৰ বাবে প্রতিভাই অভিমান কৰিছে আৰু গিৰীয়েকে
পত্নীক বুজাইছে যে- জ্ঞানী মানুহে প্রতিজ্ঞা, বৰ, অভিশাপ এইবোৰৰপৰা দূৰত থাকে ।
এইবোৰৰ বাবেই শ্রীকৃষ্ণ ব্যাধৰ শৰত মৰিল, অভিমন্যু আৰু কর্ণক আমি হেৰুৱালো,
কুৰুক্ষেত্র সমৰৰ বাবেও কিজানি ভীষ্মৰ প্রতিজ্ঞাবোৰেই দায়ী । লগতে জেমি টেইলৰৰ
উক্তিও দিছে যে- “যিজনে নিজৰ মত কেতিয়াও সলনি কৰিবলৈ নিবিচাৰে, তেওঁৰ মনটো বন্ধ
পিতনিৰ দৰে, য’ত কেৱল সাপৰহে বংশবৃদ্ধি হয় ।” এখন জেলেপি খাবৰ বাবেই অ’তবোৰ যুক্তি
। কিন্তু শেষত প্রতিভাৰ চকুত চকুপানী দেখি ৰাতি এক বাজি কুৰি মিনিটত গভীৰভাৱে
উপলব্ধি কৰিছে যে অলপ আগতে খোৱা জেলেপিখনেই তেওঁৰ জীৱনৰ শেষৰখন জেলেপি !
“অভিলাষ”ত ভদ্রেশ্বৰৰ দাঁত এটা সৰাৰ বাবেই
পত্নী ৰূপালীয়ে কান্দিছে । আৰু মাকৰ প্রতিটোপাল চকুপানীৰ আঁৰত ৰাজুৱে বিচাৰি পাইছে
দেউতাকৰ প্রতি মাকৰ প্রেম-ভালপোৱাৰ প্রমাণ । ৰাজুৱে আত্মচৈতন্যৰ উপলব্ধিৰে
টোকাবহীত লিখিছে- “কি সুন্দৰ এই চকুপানী ! এই পৃথিৱীত প্রতিটোপাল চকুপানীৰ আঁৰত
লুকাই থাকে একোটাহঁত সত্য, যি সত্যৰ গাত আঁউজি এই পৃথিৱীখন আজিও পৃথিৱী হৈ আছে ।” মাকৰ
চকুপানীৰ কথা ভাবি ৰাজুৰ চকুতো চকুপানী বিৰিঙিছে, ডাঙৰ হোৱাৰ পিছত সেয়া তাৰ প্রথম
চকুপানী । সেই উপলব্ধিৰ শেষত ৰাজুৱে নিজৰ টোকাবহীত লিখি ৰখা ভেৰলেইনৰ উক্তি এটাৰ
তৃতীয় শাৰীটো কলমেৰে কাটি পেলাইছে- “ঈশ্বৰত মোৰ বিশ্বাস নাই । চিন্তাক মই ঘিণ কৰোঁ
আৰু পৰিহাৰ কৰি চলোঁ । আৰু প্রেম_ সেই প্রাচীন অসত্য কাহিনী, তাৰ কথা নোকোৱাই
বেছি ভাল ।”
“ভাগৰ”ত বিপিনে নিজৰ ‘ভাগৰ’খিনি পত্নী অনিমাই
গম নোপোৱাকৈ বুকুৰ ভিতৰতে লুকুৱাই ৰাখে- “যিদৰে প্রত্যেক মানুহেই নিজৰ নিজৰ
ভাগৰবোৰ নিজৰ ভিতৰতে ক’ৰবাত লুকুৱাই ৰাখে আনে গম নোপোৱাকৈ । নিজৰ এই ভাগৰখিনিৰ কথা
নিজৰ বাহিৰে আনে কি বুজিব ?” এনেকুৱা সময়ত আকাশলৈ চাই বিপিনে অনুভৱ কৰে মানুহ নামৰ
প্রাণীবিধ কিমান অকলশৰীয়া ! ...এদিন হঠাতে অনিমা হেৰাই গৈছে, বিপিনে কান্দিছে ।
অকলশৰীয়া বিপিনে ভাবিছে- “অর্থহীন জীৱন ! গৈ গৈ তুমি ভাগৰি পৰিবা, কিন্তু একো
নেদেখা, একো নোপোৱা । এই যে তুমি গৈ আছা, গৈ থাকোঁতেও তুমি হেৰুৱাবা তোমাৰ অতি
আপোনজনক, প্রিয়জনক । আৰু সেই হেৰুৱা প্রিয়জনক বিচাৰি বিচাৰি এদিন তুমি নিজেই হেৰাই
যাবা । একো নাই, শূন্য !” ...সেই শূন্যতাই হেঁচা মাৰি ধৰাত বিপিনে হুকহুকাই
কান্দিছে ।
“মহাকর্ষণ”ত নাতিয়েক বাপুকণে ককাক নৰেশ্বৰক
বুজাইছে মাধ্যাকর্ষণৰ কথা । পোনতে নৰেশ্বৰে আমনি পাইছিল যদিও পিছত সেয়া বুজি পাই পৃথিৱীৰ
কেন্দ্রৰ ওপৰত ভীষণ খং কৰিছে । কাৰণ পৃথিৱীৰ কেন্দ্রই টানি থকাৰ বাবেই গাঁৱৰ বলেন
গছৰপৰা পৰি মৰিল আৰু তাহানিতে ঘৈণীয়েক জেতুকীক মৰমতে খোৱা চুমাবোৰকো নিশ্চয়
পৃথিৱীয়ে নিজৰ কেন্দ্রলৈ টানি আছিল । ...আৰু এদিন পুহেশ্বৰী ঘৰলৈ অহাত নৰেশ্বৰ
ভয়তে বাটলৈ ওলাই পলাইছে, কাৰণ নৰেশ্বৰে নতুনকৈ বাপুকণৰপৰা জানিছে যে মহাকর্ষণ
শক্তি বোলাটোৰ বাবে বিশ্বব্রক্ষ্মাণ্ডৰ সকলো বস্তুৱেই পৰস্পৰে পৰস্পৰক আকর্ষণ কৰে
। এই গল্পত পাঠকে পাব অন্য এক ৰস, আমোদ... যি বেচ্ সোৱাদলগা ।
শেষৰটো গল্প “আলহী” । নব্বৈ বছৰীয়া মানুহ এজনে
নিজৰ আত্মজীৱনী লিখি আছে । ১০০ ভাগৰ ৯০ ভাগ ইতিমধ্যে লিখা হ’ল । পত্নী ৰূপমাৰ সৈতে
৩০ বছৰীয়া বিচ্ছেদৰ জীৱন পাৰ কৰি তেওঁ অনুভৱ কৰিছে আপোন শব্দটো বৰ যন্ত্রণাদায়ক ।
বৃত্তৰ কেন্দ্রৰ দৰেই আজি তেওঁ অকলশৰীয়া । সেই মানুহজনকে নিবলৈ আহি মৃত্যুৱে তেওঁক
২৪ ঘণ্টাৰ সময় দিছে আত্মজীৱনীখন লিখি শেষ কৰিবলৈ । মৃত্যুৱে তেওঁক শেষবাৰৰ বাবে
ৰূপমাক লগ কৰাৰ বাবে সময় দিব বুলি কোৱাত, আনন্দত তীব্র বেগেৰে কলম চলাইছে
আত্মজীৱনী লিখি শেষ কৰিবলৈ । আনন্দৰ আতিশয্যত মৃত্যুক টোপনি আহিছে যদি তেওঁৰ
বিছনাখনতে শুই ল’ব পাৰিব বুলিও কৈছে ।
প্রতিটো গল্পতে আছে চকুপানী । কিন্তু সেয়া
দুখৰ নহয় । ক’ৰবাত দুখ আছে যদিও সেয়া দুজন ব্যক্তিৰ পৰস্পৰৰ প্রতি থকা
মৰম-ভালপোৱাৰ স্বাক্ষৰ মাথোঁ । লেখকে সকলোতে সুন্দৰৰ সন্ধান কৰিছে, সুন্দৰতাকেই
দেখিছে । সৰু সৰু মান-অভিমানৰ কথাবোৰে কাৰোবাক কন্দুৱাইছে, খং তুলিছে কিন্তু
অৱশেষত সেয়াও ভালপোৱাৰেই প্রকাশ হৈ উঠিছে । গল্পৰ কাহিনীবোৰ নতুন নহয়, সাংঘাটিক
কিবাও নহয় কিন্তু সেয়া আমাৰ সকলোৰে চিনাকী, আমাৰ আদৰৰ মানুহবোৰক লৈয়েই... সেয়ে
প্রতিটো গল্পই আপোন যেন লাগে । লেখক
সংবেদনশীল মানুহ ! বুজে দ্রাৰিদ্যতা, অসহায়তা, মানুহৰ প্রতি ৰাখে সহমর্মিতা ।
পাইলট, তেজীমলা আদি গল্প তাৰেই উদাহৰণ । “ঘৰ”ত প্রকাশ পাইছে এখন পৰিপূর্ণ ঘৰত কেৱল
মানুহেই যে নাথাকে; ঘৰ এখনৰ প্রতি, ঘৰৰ প্রতিটো প্রাণীৰ কেনে এক মায়া থাকে ।
“নলীয়া কটাৰী” গল্পটো বিশেষভাৱে ভাল লাগিল ।
এফালে খর্গেশ্বৰৰ মৃত পত্নী নন্দিতাৰ একমাত্র নলীয়া কটাৰীখনৰ প্রতি মৰম, আনফালে
সেইখন হেৰুৱাৰ অজুহাতত কাৰোবাৰ পুৰস্কাৰৰ প্রতি লোভ । নলীয়া কটাৰীয়ে নো কি
পুৰস্কাৰ দিব পাৰে ? জানিবলৈ মন নাযায় নে ?
“ৰাধা” গল্পৰ ৰাধানো কোন জানিবলৈ উৎসুকতা জগা
নাই নে ? ৰাধা কিন্তু কোনো মানৱী অথবা দেৱী নহয় । তেন্তে কোন হয় ? জানিবলৈ কিতাপখন
পঢ়িব পাৰে । হয়তো কোনো এটা গল্প আপোনাৰ নিজৰো হ’ব পাৰে বা আপোনাৰ সমুখতে থকাও হ’ব
পাৰে । এটা গল্প পঢ়ি কোনোৱেই যে বাকীকেইটা নপঢ়াকৈ থাকিব নোৱাৰে সেয়া নিশ্চিত ।
মোৰ অনুভৱ হ’ল লেখক নিজেও অলপ অলপ কান্দুৰা
বিধৰ । হাঃ হাঃ ... ! অৱশ্যে মোৰ মনত খু-দুৱনি এটা, প্রশ্নবোধক এটা থাকিল- লেখকৰ
সহধর্মিনী “চিনাকী”ত কোৱা ঢেকীয়াজুলিৰ প্রিয়া নে “জলা মিকচাৰ”ত কোৱা তেজপুৰৰ পখী ?
কোনোবা এগৰাকী নিশ্চয় হয় । নে নহয় ?
এনে গল্পকাৰৰ গল্পৰ কথা কিয়বা আলোচনা নহয়
নাজানো । হয়তোবা আমাৰ দৰে পঢ়ুৱৈয়ে সেয়া মন নকৰো । ভাবিছিলো ভুল কৰিলো । কিন্তু নহয়
। ভুল হয় যদিও সেয়া ধুনীয়া ভুল । ভুলতে হ’লেও কিতাপখন ক্রয় কৰি আনি পঢ়াৰ বাবে
নিজকে ধন্যবাদ এটা দি থলোঁ খেলিমেলিতে কৰি পেলোৱা
ভুলটোৰ বাবে !
সংকলনখনৰ দ্বিতীয় সংস্কৰণ- নৱেম্বৰ, ২০১৮ ত উল্লেখ থকা অনুসৰি
লেখক বর্তমান গুৱাহাটী দূৰদর্শন কেন্দ্রত এগৰাকী অনুষ্ঠান পৰিৱেশক হিচাপে কর্মৰত ।
তেখেতৰ স্বৰচিত কবিতাৰ এলবাম- “চিঠি উৰি যায় তৰাৰ দেশলৈ”, প্রকাশিত ৰস-ৰচনা আৰু গল্প
সংকলনখন হ’ল “পলুৱাই নিলেহে পুৰুষ বুলি ভাবিব মই” ।
No comments:
Post a Comment