January 9, 2022

The Things You Can See Only When You Slow Down

 


The Things You Can See Only When You Slow Down
Auhor: Haemin Sunim
First published: 2012, Penguin Life

 

এইখনো এখন এবেগেতীয়া কিতাপ । অৱশ্যে এইখনৰ কলেৱৰটো অলপ শকত । উল্লেখ নকৰিলেও অনুমান কৰিব পৰা কথা যে- এইখনৰো ইতিমধ্যে ৩ মিলিয়ন কপী বিক্রী হৈছে । এই এবেগেতীয়া কিতাপবোৰৰ এটা ভাল কথা হ’ল- আমি মন গ’লেই ইহঁতক নিজৰ সৈতে লৈ ফুৰিব পাৰো, য’ত নেকি ভাল হ’লেও পকাবন্ধা অসমীয়া গধুৰ কিতাপ এখন লৈ ফুৰিবলৈ অসুবিধা । ‘পেপাৰ-বেক’ হ’লেও এই কিতাপবোৰ ইমান ধুনীয়াকৈ ছপা কৰোৱা হয়, কাগজৰ মানো ইমান বেছি ভাল যে আপোনা-আপুনি মৰম জাগে কিতাপবোৰলৈ, সেই হিচাপে কিছুমান অসমীয়া কিতাপৰ কাগজৰ মান বহু বেছি নিম্নমানৰ দিয়া দেখা যায় । অৱশ্যে বর্তমান ‘পেপাৰ-বেক’ ক’ভাৰৰ অসমীয়া কিতাপো যথেষ্ট ছপা হৈছে ।

বাৰু যি হওক, ‘The Things You Can See Only When You Slow Down কিতাপখন বহদিনৰ আগতে ইন্টাৰনেটত পঢ়িছিলোঁ । তেতিয়াপৰা কিতাপখন ক্রয় কৰাৰ কথা ভাবি আছিলো যদিও সেয়া হৈ উঠা নাছিল । অৱশেষত কোনোবা এটা জন্মদিনত নিজেই নিজক উপহাৰ দিছিলোঁ এই কিতাপখন । ভাল লগা কিতাপ কিছুমান মাজে মাজে সমুখত দেখি থাকিলে, মাজে মাজে চুই চালে, মন গ’লে কোনোবা দুখনমান পৃষ্ঠা লুটিয়াই ভাল লগা দুশাৰীমান পঢ়ি চালে কিবা এক আনন্দ লাগে মোৰ ! সেয়া মোবাইল বা কম্পিউটাৰত পঢ়া কিতাপ এখনৰ ক্ষেত্রত অনুভৱ নহয় ।

২৬৫ পৃষ্ঠাৰ কিতাপখনৰ লেখক Haemin Sunim এগৰাকী বৌদ্ধ ভিক্ষু । তেওঁৰ বিষয়ে সবিশেষ ইয়াত চাব পাৰে- https://en.wikipedia.org/wiki/Haemin_(sunim)

The Things You Can See Only When You Slow Down’- How to be Calm in a Busy World প্রথমে দক্ষিণ কুৰিয়াত প্রকাশ হৈছিল । আগকথাত লেখকে উল্লেখ কৰা অনুসৰি পূর্বৰ তেওঁৰ কলেজৰ শিক্ষক হিচাপে বা এজন বৌদ্ধ ভিক্ষু হিচাপে তেওঁ ছাত্র-ছাত্রীসকলক, বিভিন্ন লোকক জীৱন বিষয়ক বহু প্রশ্নৰ উত্তৰ দিবলগীয়া হৈছিল । পিছলৈ তেখেতে ই-মেইলত তেনে বহু প্রশ্নৰ উত্তৰ দিয়াৰ লগতে চ’চিয়েল মিডিয়া- ফে’চবুক, টুইটাৰ ইত্যাদিতো সেয়া কৰিবলৈ লয় । লাহে লাহে তেওঁৰ কথাবোৰ মানুহৰ মাজত বেচ্ জনপ্রিয় হৈ উঠে, তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যাও বহু বাঢ়ি যায় আৰু তেওঁ নাম পায়- ‘Healing Mentor’, যি নামেৰে তেওঁ দক্ষিণ কুৰিয়াত জনাজাত হৈ পৰে । তাৰ পিছতেই তেওঁৰ এই চুটি চুটি লেখা সমূহ কিতাপ আকাৰে প্রকাশ কৰিবলৈ প্রকাশক গোষ্ঠী কিছুমান আগবাঢ়ি আহে । পিছলৈ কিতাপখন চাইনীজ, জাপানীজ্, থাই, ফ্রেঞ্চ আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছে ।

জীৱনৰ বিভিন্ন দিশ সামৰি কিতাপখনত মুঠ ৮ টা অধ্যায় আছে- Rest, Mindfulness, Passion, Relationships, Love, Life, The Future, আৰু Spirituality. উপসংহাৰ হিচাপে লিখা হৈছে- Your original Face. তেওঁ নিজৰ জীৱনৰপৰা পোৱা কিছুমান হতাশা, কলেজৰ এজন নতুন প্রফেচ’ৰ হিচাপে সন্মুখীন হোৱা কিছুমান বিফলতাৰপৰা পোৱা অভিজ্ঞতাৰ ভিত্তিত লিখিছে মানুহে কিদৰে খং, হিংসা, কপটতা আদি ঋণাত্মক অনুভূতিৰ সৈতে শান্তভাৱে চিন্তাশীল হৈ সচেতনতাৰে মোকাবিলা কৰিব পাৰে । তেখেতে লিখিছে যে আজিৰ আধুনিক ব্যস্ত পৃথিৱীত অনাহকত খৰধৰ নকৰি লাহে ধীৰে খোজ পেলোৱাৰ মহত্ব কি, লিখিছে নিজৰ লগতে আনৰ প্রতিও কিদৰে সহানুভূতিশীল হৈ ভাল সম্পর্ক একোটা অব্যাহত ৰাখিব পাৰি । প্রতিটো অধ্যায় আৰম্ভ হৈছে একোটি চুটি ৰচনাৰে, তাৰ পিছত এলানি চুটি চুটি উপদেশৰ দৰে বার্তা; ইয়াৰ পিছতে পুনৰ এটি চুটি ৰচনা সদৃশ লেখা আৰু লেখাটিৰ পিছতে ধ্যানত বহি মন্ত্রৰ দৰে আওৰাব পৰা চুটি বার্তা । ধ্যান বা মেডিটেছ্যন কৰোঁতে মন মগজু শান্ত ৰাখিবলৈ, ধ্যানত একাত্ম হ’বলৈ যিদৰে মন্ত্র আওৰুৱা হয়; ঠিক তেনে অভিপ্রেতেৰে কিতাপখনৰ অধ্যায়বোৰৰ মাজে মাজে ৰঙীন ছবি কিছুমান দিয়া হৈছে যিবোৰে শান্তি শান্তি অনুভৱ এটা দিয়ে । ছবিবোৰৰ শান্ত-সমাহিত উপস্থিতিয়ে মন জুৰাই যায় । সেয়েহে কিতাপখন কেৱল পঢ়িলেই নহ’ব, পঢ়ি যাওঁতে অনুভৱো কৰি চাব লাগিব... কিতাপখনৰ লগতে নিজকো ।

লেখকে পঢ়ুৱৈসকলক উদ্দশ্যি পৰামর্শ দিছে যে তেওঁলোকে উপন্যাস পঢ়াৰ দৰে খৰধৰকৈ সম্পূর্ণ কিতাপখন পঢ়াৰ পৰিৱর্তে ধীৰে-সুস্থিৰে যেন প্রতিটো অধ্যায় পঢ়ে । পিছৰটো অধ্যায় পঢ়িবলৈ লোৱাৰ আগতে যেন পূর্বতে পঢ়া অধ্যায়টোৰ কথাবোৰ ভবা-চিন্তা কৰে, তেনেকৈ পঢ়িলেহে কিতাপৰ কথাবোৰৰ আচল গূঢ়ার্থবিলাক বুজিবলৈ সক্ষম হ’ব আৰু কিতাপখন পঢ়াৰ প্রকৃত আনন্দ উপভোগ কৰিব পাৰিব । অর্থাৎ- The Things You Can See Only When You Slow Down ! কিতাপৰ নামটোৱেই আচলতে বহুত কিবা কয় । কিতাপখন কেৱল চুই চালেই, এনেয়ে পাতবোৰ লুটিয়াই চালেই কিবা এক ভাল লগা অনুভৱ হয় । মাজে মাজে থকা সেই ৰঙীন ছবিবোৰতো চকু ছাট মৰা ৰঙৰ সমাহাৰ নাই, যি আছে সেয়া চালে চকু জুৰোৱা !

কিতাপখনৰ প্রথম অধ্যায় Rest-ত লেখকে নিজকে সোধা প্রশ্নটো হ’ল- “Is it the world that’s busy, or is it my mind?” আচলতে আমাৰ মনটোৱে য’ত মনোযোগ দিয়ে তাকেই আমি দেখো, তাকেই অনুভৱ কৰো । আমি মন নকৰা বস্তুবোৰ থাকিও অস্তিত্বহীন যেতিয়ালৈকে তাহাঁতক লৈ আমি মনোযোগী হৈ নুঠো । মোৰ এগৰাকী বান্ধৱী, যিয়ে ভাত খাবলৈ লওঁতে তাত কিবা নহয় কিবা পোক-পৰুৱা বা অন্য কিবা প্রায় সদায়েই পায়, আনে কিন্তু নাপায় । কথাটো আচলতে এইটো যে তাই ভাতকেইটা খোৱাতকৈ তাত কিবা পোক-পৰুৱা আছে নেকি সেইটোত বেছি মনোযোগ দিয়ে আৰু বিচাৰি বিচাৰি সেয়া উলিয়াই, লাগিলে তাই বেয়া পোৱা পাঁচফুৰণৰ এটাই মাত্র জিৰাগুটি নাথাকক কিয়, সেয়াও তাই বিচাৰি পায় আৰু তাত মনোযোগ দি থাকোতে খাবলৈ লোৱা ভাতকেইটা তৃপ্তিদায়ক হ’লেও তাই ভালকৈ খাব নোৱাৰে ! লেখকে তেখেতৰ বান্ধৱী এগৰাকী সৈতে হোৱা কথোপকথনৰ কথা কিছু উল্লেখ কৰিছে যে- “When we look at the outside world, we are looking at only a small part that interests us. The world we see is not the entire universe but a limited one that the mind cares about. However, to our mind, that small world is the entire universe. Our reality is not the infinitely stretching cosmos but the small part we choose to focus on. Reality exists because our mind exist. Without the mind, there would be no universe.” মানুহৰ মনটোৱেই সকলো ! আমি যদি আমাৰ মনটোক প্রয়োজনীয় কথাবোৰত মনোযোগী ৰাখো তেন্তে অপ্রয়োজনীয় কথাবোৰ নিজে নিজে বাদ পৰিব । এই ব্রক্ষ্মাণ্ডত ঘটি থকা প্রতিটো কথাকেই আমি যদি জানিবলৈ বিচাৰো তেন্তে সেই কথাবোৰৰ হেঁচাত আমি এদিন পাগল হ’ব লাগিব । আমি মনৰ চকুৰে দেখা পৃথিৱীখন সীমিত, মনটোক সেয়ে দৰকাৰী কথাবোৰত হে মনোযোগী হ’বলৈ ক’ব লাগে । যিকোনো কথাৰ/বস্তুৰ ভালখিনিত মনোযোগী হ’লে আমি ভালখিনি দেখিম আৰু বেয়াখিনিত মনোযোগী হ’লে বেয়াখিনিহে দেখিম । বৌদ্ধধর্মৰ জনপ্রিয় এষাৰ কথা লেখকে কৈছে যে বুদ্ধৰ দৃষ্টিত প্রতিজনেই বুদ্ধ আৰু এটা গাহৰিৰ দৃষ্টিত প্রতিজনেই গাহৰি হৈ ধৰা দিয়ে । গতিকে আমাৰ মনবোৰ যদি নেতিবাচক কথাৰে ভৰি থাকে তেন্তে আমি গোটেই পৃথিৱিখনকো তেনেকৈয়ে দেখিম আৰু আমাৰ মনবোৰ যদি হর্ষিত আৰু সহানুভূতিশীল হয় তেন্তে আমি আমাৰ চৌপাশৰ পৃথিৱীখনকো তেনেকৈয়ে দেখিম । সেয়েহে তেওঁ কৈছে যে যেতিয়া আমাক দুখ-হতাশা আদিয়ে বিহ্বল কৰি তুলে বা অতিমাত্রা ব্যস্ততাই হেঁচা মাৰি ধৰে তেতিয়া নিজকে অসহায় যেন অনুভৱ কৰিব নালাগে; কাৰণ যেতিয়া আমাৰ মনটোৱে জিৰণি লয়, আমাৰ পৃথিৱীখনেও লয় । সকলোবোৰ আমাৰ মনটোৰ ওপৰতেই নির্ভৰশীল ! মনটোকো সেয়ে জিৰণি দিব লাগে । এই অধ্যায়ৰ ভাল লগা মন্ত্র এটা- “What makes music beautiful is the distance between one note and another. What makes speech eloquent is the appropriate pause between words. From time to time we should take a breath and notice the silence between sounds.”

দ্বিতীয় অধ্যায় Mindfulness-ৰ আৰম্ভণিতে Befriend Your Emotions-ত লেখিছে যে আমি যদি মাছৰ টেংকি এটাত থকা বোকাবোৰ দুহাতেৰে তললৈ থেলি থাকো যাতে মাছকেইটা ভালকৈ দেখা পাওঁ, তেন্তে বোকাখিনি তললৈ যোৱাৰ সলনি ওপৰলৈ হে উঠি আহিব আৰু পানীবোৰো ঘোলা হৈ পৰিব, যাৰবাবে মাছকেইটা বেছিকৈ হে নেদেখা হ’ম । তাৰ সলনি যদি পানীখিনি নলৰোৱাকৈ স্থিৰ হৈ থাকিবলৈ দি আমি লক্ষ্য কৰি থাকো তেতিয়াই পানীখিনি পৰিষ্কাৰ হৈ পৰিব আৰু মাছকেইটাও ভালকৈ দেখা পাম । ঠিক একেদৰেই আমাৰ ঋণাত্মক চিন্তা-অনুভৱবোৰৰ ক্ষেত্রতো একেই কথা হয় । সেয়েহে নিজৰ খং-হিংসা-কপটতাৰ দৰে ঋণাত্মক অনুভৱবোৰকো জোৰ-জবৰদস্তি নাইকিয়া কৰিবলৈ বিচৰাৰ পৰিৱর্তে নীৰৱে লক্ষ্য কৰিব লাগে, তেতিয়া হে আমি সঠিক কথাটো বুজিব পাৰিম; যেতিয়াই সেয়া হ’ব তেতিয়াই সেই ঋণাত্মক অনুভৱখিনিও আকাশত দেখা খন্তেকীয়া ডাৱৰবোৰৰ দৰেই আঁতৰি যাব ।

কথাটো এনেকৈয়ো ভাবি চাব পাৰি নেকি যে খুব খং উঠি থকা মানুহ এজনক যদি আমি দাবী-ধমকি দি ঠাণ্ডা কৰিবলৈ যাওঁ তেন্তে তেওঁৰ বেছিকৈহে খং উঠিব । পৰিৱর্তে তেওঁক, তেওঁৰ আচৰণক যদি লক্ষ্য কৰো তেন্তে বুজিব পাৰিম যে তেওঁৰ নো কিয় খং উঠিছে আৰু তেতিয়াই তেওঁ খঙত কৰা আচৰণৰ বাবে আমাৰ নিজৰো খং উঠা বা দুখ লগা অনুভৱখিনি নোহোৱা হৈ তেওঁৰ প্রতি সহানুভূতি হে জাগিব । নহয় নে ?

এই অধ্যায়ৰ ভাল লগা মন্ত্রটো- “When the mind looks outward, it is swayed by the heavy winds of the world. But when the mind faces inward, we can find our center and rest in stillness.”

তৃতীয় অধ্যায় Passion–ত লেখিছে যে প্রত্যেক ব্যক্তিৰে নিজা কিছুমান ধ্যান-ধাৰণা, বিশ্বাস-অবিশ্বাস, মত-অভিমত থাকে । কেতিয়াবা দুজন ব্যক্তিৰ মাজত সেইখিনিৰ মিল নাথাকিবও পাৰে । আমি যদি আমাৰ সমুখৰ জনকো আমাৰখিনিহে শুদ্ধ বুলি ভাবিবলৈ বাধ্য কৰাব বিচাৰো তেন্তে সেয়া এক ৰকমৰ অহমিকাবোধ । সকলো সময়তে নিজকে শুদ্ধ বুলি ভবাটোৱে আমাৰ সমুখৰ জনৰ মনত আঘাট দিবও পাৰে । সেই সমুখৰ ব্যক্তিজনৰ ধ্যান-ধাৰণাখিনিকো উচিত সন্মান দিব জানিব লাগে, তেতিয়া হে দুজন ব্যক্তিৰ মাজত বন্ধুভাৱাপন্ন সম্পর্ক একোটা অটুত থাকিব; কাৰণ কেৱল শুদ্ধ হোৱাটোৱেই নহয়, সুখী হোৱাটোও জৰুৰী । এটা ভাল লগা মন্ত্র- “If someone looks perfect, then that is because you don’t know the person very well.”

চতুর্থ অধ্যায় Relationships-ত লেখিছে যে একুৰা জুইৰ খুব ওচৰত যদি আমি বহু সময়লৈকে বহি থাকো তেন্তে এটা সময়ত আমি তাৰ উত্তাপত জ্বলি যোৱাৰ সম্ভাৱনাও থাকে আৰু বহু দূৰৈতো যদি বহু তেন্তে তাৰ উত্তাপ একেবাৰেই নাপাম । ঠিক সেইদৰে মানুহৰ সম্পর্কবোৰৰ ক্ষেত্রতো একেই কথা খাটে । কোনো লোকৰ ব্যক্তি স্বাধীনতা আৰু তেওঁলোকৰ একান্তই ব্যক্তিগত কথাবোৰক সন্মান জনাই নির্দিষ্ট দূৰত্ব ৰাখি সমতা বজাই ৰাখিব পাৰিলেহে সম্পর্ক একোটা সুস্থ আৰু দীর্ঘদিনলৈ বর্তি থাকে । প্রতিজন ব্যক্তিয়ে ভিন ভিন পৰিৱেশৰ মাজেৰে পাৰ হৈ আহে; সেই হিচাপে মানুহৰ স্বভাৱ, আচাৰ-আচৰণ, ব্যক্তিত্ব, বিশ্বাস, ধ্যান-ধাৰণা আদিবোৰ গঢ় লয় । সেয়েহে নিজে বিচৰাৰ দৰেই সকলো হ’ব লাগিব বুলি গোঁৱাৰ স্বভাৱ নাৰাখি অমায়িক আৰু আনৰ প্রতি বিনয়ী হ’বলৈ শিকিব লাগে ।

কিতাপখনৰ বাকীকেইটা অধ্যায়তো এনেদৰেই জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত লেখকে পঢ়ুৱৈসকললৈ আগবঢ়াই দিছে জীৱনৰ পাঠ । আমি বহুতেই হয়তো জীৱনৰ বাটেৰে আগুৱাই যাওঁতে এই কথাবোৰ নিজেই উপলব্ধি কৰিছো । সেয়া নিজে বুজি হয়তো আপোনজনকো কেতিয়াবা কৈছো । কিন্তু সেই কথাবোৰেই কোনোবা সময়ত আমি পাহৰি যাওঁ । পাহৰিলেই আমি স্বার্থপৰৰ দৰে আচৰণ কৰো, খং-ঈর্ষা-হিংসা আদি অনুভৱে মনত ক্রিয়া কৰে আৰু আমি জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰাৰ পৰা নিজকে বঞ্চিত কৰো । তেনে সময়ত এই কথাবোৰ পুনৰবাৰ নিজকে সোঁৱৰাই দিবলৈকে এনে কিতাপবোৰৰ প্রয়োজন বুলি ভাবো ।

অৱশ্যে এইটো কথাও সঁচা যে ভাল বুলি জানিও সকলো কথা এজন মানুহে নিজৰ জীৱনত মানি চলিব নোৱাৰে । এই কিতাপখনৰ কথাবোৰো মাজে সময়ে মই পঢ়িয়েই থাকো, তথাপিও কিন্তু মোৰদ্বাৰা ইয়াত নকৰিবলৈ কোৱা কিছুমান কাম কেতিয়াবা নোহোৱাকৈ থকা নাই । কিতাপখনৰ আৰম্ভণিতে কোৱাৰ দৰে আমি যে নিজৰ ভুলটো ভুল বুলি চিনিব পাৰিছো সেই উপলব্ধিয়েই ভুলক শুধৰণি কৰাৰ প্রথম খোজ । হয়তো অনবৰতে আমি ভালবোৰ কৰিব, ভালবোৰ মানিব নোৱাৰিব পাৰো; কিন্তু অহৰহ চেষ্টা কৰি থাকিব লাগে যেতিয়ালৈকে সেয়া ভাল অভ্যাস একোটাৰ দৰে হৈ নুঠে । আমি সকলোৱে বুদ্ধ হ’ব নোৱাৰো; কিন্তু যিমানখিনিলৈকে পাৰি, প্রয়োজনীয় যেন লাগে সেয়া অনুসৰণ কৰিবলৈ চেষ্টা কৰিব লাগে । আমাৰ বেয়াখিনিও একেদিনাই নোহোৱা হৈ নাযায়, সেয়া প্রতি দিনে কৰা অলপ অলপ চেষ্টাৰদ্বাৰাহে সম্ভৱ ।

কিতাপখনৰ উপসংহাৰত লেখকে কোৱা কিছু কথা- Your Original Face: Only when we slow down can we finally see clearly our relationships, our thoughts, our pain. As we slow down, we are no longer tangled in them. We can step out and appreciate them for what they are. Wisdom is not something we have to strive to acquire. Rather, it arises naturally as we slow down and notice what is already there. As we notice more and more in the present moment, we come to a deeper realization that a silent observer is within us. In the primordial stillness, the silent observer witnesses everything inside and outside. Befriend the silent observer. Find out where it is, and what shape it has assumed. Do not try to imagine it as something you already know. Let all your thoughts and images merge back into silence and just sense the observer already there in silence. If you see the face of the silent observer, then you have found original face, from before you were born.”

কিতাপখন চালে অনুভৱ হোৱাৰ দৰে কিতাপখনত থকা ফটোৰ লেখকৰ মুখখনলৈ চালেও অনুভৱ কৰা যায় এক শান্ত-সমাহিত ব্যক্তিত্ব । ইন্টাৰনেটত উপলব্ধ কিতাপখন পঢ়াৰ পিছতো কি আকর্ষণত কিতাপখন ক্রয় কৰিলো, কিয় মাজে মাজে কিতাপখনৰ যিকোনো এটা পৃষ্ঠা মেলি পঢ়ি চাওঁ সেয়া ব্যাখ্যা কৰিবলৈ মই অপাৰগ । কিতাপখন লেখকে কোৱাৰ দৰে ধীৰে-সুস্থিৰে পঢ়া উচিত । ভাল লগা, বেয়া লগা সকলো এক স্বাভাৱিক প্রক্রিয়া, জোৰ-জবৰদস্তিত হোৱা যিকোনো কথাই বেছিদিনলৈ নাথাকে । দুয়োপাৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা বাট এটাৰে যদি আমি তীব্র বেগত পাৰ হৈ যাওঁ, সেই বাটৰ প্রকৃত সৌন্দর্য্য জানো উপভোগ কৰিবলৈ পাম ? নিশ্চয় নাপাওঁ । কিতাপখন এফালৰপৰা পঢ়ি যাব লাগিব বুলিও কথা নাই, মাজতে ধৰি যিকোনো এটা অধ্যায় পঢ়িব পাৰি । সাংঘাটিক ধৰণৰ কথাও নাই কিতাপখনত, সকলোবোৰ আমি নিজেই অনুভৱ কৰিব পৰা সৰু সৰু কথা । কিন্তু কেতিয়াবা নিজকে কোনো নির্জন দ্বীপৰ অকলশৰীয়া প্রাণী যেন লাগিলে, হতাশাই আৱৰি ধৰিলে নিজৰ বাবে নিজে থকাটোকে মনত পেলাই চাবলৈ পঢ়িব পৰা কিতাপ । জাৰৰ দিনত, জুই নুমাই যোৱাৰ পিছত গৰম ফুঁটছাইত কুঁচি-মুঁচি শুই কেতিয়াবা কুকুৰ-মেকুৰী একোটাই উম লৈ থকাৰ দৰে ময়ো মাজে মাজে এই কিতাপখনৰ উম লৈ থাকোঁ !

“Life is like jazz. Much of it is improvised; we can not control all the variables. We must live it with panache and flair, regardless of what it throws at us.” 

 

No comments:

Post a Comment