ভাল খবৰ (ৰচনা সংকলন)
লেখক: সৌৰভ কুমাৰ চলিহা
প্রথম প্রকাশ: ১৯৯৮
লয়ার্ছ বুক ষ্টল, গুৱাহাটী
“ভাল খবৰ” হ’ল সৌৰভ কুমাৰ চলিহাৰ সর্বমুঠ বাৰটা
লেখাৰ এখনি সংকলন । আটাইকেইটি লেখা ১৯৯৬-১৯৯৮ চনলৈ বিভিন্ন আলোচনীত প্রকাশিত ।
কোনো কোনোটো লেখা গল্প বুলি ভাব হয় যদিও লেখকে স্পষ্টীকৰণ হিচাপে লিখিছে যে- “এই
কিতাপখনৰ কোনোখন ৰচনাই গল্প নহয়, কিন্তু কেইখনমান ৰচনা আলোচনীত ভুলকৈ ‘গল্প’ বুলি
ছপা হৈছে ।”
সংকলনখনৰ প্রথম লেখাটো হ’ল ‘ভাল খবৰ’ যিটো
পহিলা জানুৱাৰী, ১৯৯৮ চনত ‘আমাৰ অসম’ত প্রকাশ হৈছিল । লেখাটিত তেওঁ ক’ৰবাত পঢ়িবলৈ
পোৱা, আমেৰিকাৰ প্রাক্তন বিচাৰপতি আর্ল্ ৱেৰেনৰ উক্তি এটাৰ কথা উল্লেখ কৰিছে- “মই
বাতৰি-কাকতৰ সদায় ক্রীড়া পৃষ্ঠাটো পঢ়ো । ক্রীড়া পৃষ্ঠাত পোৱা যায় মানুহৰ সফলতাৰ
কৃতি । প্রথম পৃষ্ঠাটো মানুহৰ বিফলতাৰে ভৰা ।” লেখকে দুখ প্রকাশ কৰি কৈছে যে আমাৰ
অসমৰ বাতৰি-কাকতৰ প্রথম পৃষ্ঠা আৰু ক্রীড়া পৃষ্ঠা একাকাৰ; প্রথম পৃষ্ঠা একেবাৰে
বিষাক্ত পুতিগন্ধময় আৰু খেলৰ পৃষ্ঠাও বহুজাতিক বেপাৰীৰ বজাৰৰ দৰে; গতিকে ইয়াত ভাল
খবৰ মৰীচিকাৰ দৰে । ‘গৰীয়সী’ৰ সম্পাদক চন্দ্রপ্রসাদ শইকীয়াই হেনো কৈছিল যে অসমীয়া
বাতৰি-কাকতৰ পৃষ্ঠা এটা ফট’ষ্টেট কৰি বাহিৰৰ সভ্য দেশলৈ পঠিয়াই দিলে তেওঁলোকে অবাক
হৈ বুজিব যে পৃথিৱীৰ এখন দেশ আছে য’ত কেৱল ‘খক’ আছে- নামৰ খক, টকাৰ খক, ক্ষমতাৰ খক
যাৰবাবে সব কাম কৰিব পাৰি, তাৰ বাহিৰে কোনো নীতি-নিয়ম নাই, অনুশাসন নাই, মানৱ-সুলভ
কথা নাই । এই ‘ভাল খবৰ’ লিখিবলৈ ভাল খবৰ বিচাৰি ফুৰোঁতে পোৱা, লেখকে সাঁচি থোৱা
সাত বছৰীয়া পুৰণি বাতৰ-কাকতৰ টুকুৰা এটাৰ কথা লিখিছে, য’ত লিখা থকা ভাল খবৰটো হ’ল-
“পিতৃৰ অপকর্মৰ বাবে পুত্রৰ আত্মহত্যা” ! যদিওবা বাতৰিটো শোকৰ, শুভ-বার্তা নহয়
তথাপিও সেইদিনাৰ (২৫-১০-১৯৯০) সেই পৰিস্থিতিত সেইটোৱেই ‘ভাল খবৰ’ আছিল ।
‘ভাল খবৰ’ৰ অভাৱ আজিৰ বাতৰি-কাকতবোৰত একেই নহয়
নে ? এই ২৩ বছৰে ইয়াৰ অভাৱ কমিবলৈ চাই বাঢ়িহে আছে । লগতে হাত-উজান দিছে অনেক
নিউজ-চেনেলৰ ‘চিঞৰ-বাখৰ’ কৰি বাতৰি পৰিৱেশন কৰা প্রতিযোগিতাই । (এইখিনিতে, পূর্বতে
লিখা সৌমিত্র যোগীৰ ‘মহৎ জাবৰ’ কিতাপখনৰ- ভাল কথাবোৰ আমি কিয় আওকাণ কৰো, বেয়া
খবৰবোৰক কিয় বেছি গুৰুত্ব দিওঁ, সেই কথাটোও মনলৈ আহি আছে ।)
একে লেখাতে তেওঁ নীলছ বঃৰৰ কাহিনী এটা কৈ
কাহিনীটোৰ নীতি-কথাটো উল্লেখ কৰিছে এই বুলি- “আমি কোনোমতে দুপাত বিজ্ঞান পঢ়া
সবজান্তা পুঠি-খলিহনাই লোক-বিশ্বাসক অন্ধবিশ্বাস আৰু কুসংস্কাৰ বুলি উৰাই দিবলৈ
ইতস্ততঃ নকৰো, কিন্তু ডাঙৰ বিজ্ঞানীয়ে- যিসকলে প্রকৃতি-ৰহস্যৰ অন্তঃস্থললৈ সোমাই
গৈছে- বুজে যে আমাৰ ক্ষুদ্র মনৰ যুক্তিৰে সকলো ব্যাখ্যা কৰা নাযায়, সব কথাৰ ৰহস্য
আমি হয়তো ভেদ কৰিব নোৱাৰিবও পাৰো ।” মোৰ মতে কথাটো একেবাৰেই সঁচা । সকলো বিশ্বাসৰ
উৎপত্তিৰ আঁৰত একোটা নির্দিষ্ট কাৰণ থাকে, সেয়া আমি যুক্তিহীন বুলি ক’ব নোৱাৰো ।
কিছুমান সংস্কাৰ (সকলো নহয়) আমি নামানিলো বুলিয়েই সি অর্থহীন হৈ নাযায় । সকলো
ৰহস্যৰ উঁহ বিচাৰি ফুৰাটোও খুব এটা উচিত যেন নালাগে । সি ভাল কৰাতকৈ অথন্তৰ ঘটোৱাৰ
হে সম্ভাৱনা অধিক । আমাৰ দৰে সাধাৰণ মানুহে কিছুমান বিশ্বাসক কোনো সময়ত অস্বীকাৰেই
কৰো লাগে, সেয়া স্বীকাৰ কৰাসকলৰ বাবে বিশ্বাস হৈয়েই থাকিবলৈ দিয়াটো যুগুত... কাৰণ
সকলো কথা-বিশ্বাস-সংস্কাৰ যুক্তিৰ চালনিত চালিব নোৱাৰি ।
দ্বিতীয়টো লেখা ‘এখন নেদেখা ছবি’ত বোলছবি এখন
নির্মাণ কৰিবলৈ যাওঁতে নির্মাতাসকলে ‘অইনৰ প্রতি বিবেচনা আৰু সহৃদয়তা’ ৰখাটো জৰুৰী
বুলি উল্লেখ কৰি কৈছে যে দর্শকৰ মানসত আঘাট নকৰাৰ মানসিকতা থকা বোলছবিয়েহে দর্শকক
ধৰি ৰাখিব পাৰে । তাৰ উদাহৰণস্বৰূপে তেওঁ কেইবাখনো বোলছবিৰ কথা কৈছে । এখন এলফ্রেড
হিচককৰ হ’ৰৰ বোলছবি “ছাইক” । এই বোলছবিৰ বহুখিনি শ্বুটিং ৰঙীন ছবি হিচাপে কৰাৰ
পিছতো হেনো পুনৰ তাক ক’লা-বগাত শ্বুটিং কৰি ৰিলিজ দিয়া হৈছিল কাৰণ বোলছবিখনৰ এটা
দৃশ্যত ছোৱালী এজনীক হত্যা কৰাৰ সময়ত তেজৰ তীব্র ৰঙা ৰঙে তেওঁক বিচলিত কৰিছিল আৰু
সেয়ে ঠিৰাং কৰিছিল যে তেনে দৃশ্য দর্শকক দেখুওৱাটো উচিত নহ’ব, যিয়ে নেকি মূল
কাহিনীৰপৰা দর্শকৰ মনোযোগ বিচ্যুত কৰিব পাৰে । এইখিনি কথা উল্লেখ কৰি লেখকে কৈছে
যে “অন্যান্য উৎকর্ষৰ লগতে দর্শকৰ প্রতি এইখিনি বিবেচনাৰ বাবেই কিজানি ‘ছাইক’ আজি
এখন ‘ক্লাছিক’ বোলছবি ।” লেখকৰ এই কথাত মই এইকাৰণেই সহমত যে লেখাটো পঢ়া প্রায় এক
সপ্তাহমানৰ আগতে ‘ছাইক’ বোলছবিখন চাবলৈ সুবিধা পাইছিলো (লেখাটো পঢ়ি পুনৰ এবাৰ
চাইছিলো)। সেইদৰে অসমীয়া বোলছবি ‘অদাহ্য’ৰ পৰিচালক সান্ত্বনা বৰদলৈৰ এটি
সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি লেখকে কৈছে যে অইনৰ প্রতি বিবেচনা আৰু সহৃদয়তা থকাৰ
বাবেই অচিনা-অজানা ল’ৰা এজনৰ মেট্রিক পৰীক্ষাৰ কথা ভাবি অধিক খৰচ আৰু আহুকাল বোজা
পাতি লৈও সমগ্র ফিল্ম-ইউনিটৰ স্থানান্তৰণ কৰাৰ সিদ্ধান্ত ল’ব পাৰিছিল । এনে সমূহীয়া
সংবেদনশীলতা নিশ্চয়কৈ তেওঁলোকৰ কামতো প্রতিফলিত হয় আৰু ‘কিছুমান পুৰণিকলীয়া
সামাজিক অন্যায়ৰ প্রতি দর্শকক সচেতন কৰা’ৰ প্রয়াসেৰে নির্মিত ‘অদাহ্য’ বোলছবিখনে
সেয়ে ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সফল বোলছবি হিচাপে জিলিকি উঠিছিল । অর্থাৎ কোনো
আতিশয্য, কৃত্রিমতা, পক্ষাঘাতী মনোবৃত্তি নৰখাকৈও এখন বোলছবিয়ে টকা ঘটিব পাৰে,
দর্শকক বান্ধি ৰাখিব পাৰে, ‘ভাল’ বোলছবি হ’ব পাৰে যদিহে দর্শকৰ সংবেদনশীলতাৰ প্রতি
গুৰুত্ব দিয়া হয় ।
আন এটা লেখা ‘পৰাগলৈ বিদায়’ পঢ়ি কিছু সময়
ভাবুক হৈ পৰিছিলো ! পুৰণি কিতাপ কিছুমান ‘অনলাইন’ ক্রয় কৰিবলৈ সুবিধা পায় কেইবাখনো
কিতাপ লৈছিলো । তাৰে এখন পৰাগ কুমাৰ দাসৰ ‘ছাংলট-ফেনলা’, পঢ়িলো কিছুদিন আগতে । টুকুৰা-টুকুৰ
কথা কিছুমান ক’ৰবাত জোৰা লাগি লাগি গৈ থাকে । লেখাটো পঢ়ি বুজিলো যে দুয়োজন
ব্যক্তিৰ মাজত ভালেমান কথাত মতানৈক্য আছিল যদিও পৰস্পৰৰ প্রতি মৰম-আস্থা-শ্রদ্ধাও
সমানেই আছিল । সেই কাৰণে চলিহা দেৱক পৰাগ কুমাৰ দাসে তেতিয়াৰ ‘বুধবাৰ’ কাগজত
নিয়মীয়াকৈ নিজৰ যি ইচ্ছা তাকে লিখিবলৈ পূর্ণ স্বাধীনতা দিছিল, যদিওবা চলিহাদেৱে
সেই অনুৰোধ ৰাখিব পৰা নাছিল, যাৰবাবে নিজে দোষী বুলিও স্বীকাৰ কৰিছে । লেখাটোৰ
শেষত কোৱা কথা- “নিয়ম মানে নিয়ম, আৰু আইন মানে আইন- যি জাতিৰ কোনো নিয়ম-শৃংখলা
নাই, যি জাতিৰ মাজত আইনৰ প্রতি আনুগত্য নাই, কোনো অনুশাসন নাই, সেই জাতি স্বাধীন
হ’ব নোৱাৰে, সেই জাতি অইনে দখল কৰি ল’বই । পৰাগ দাসলৈ আমি এই বুলিয়েই বিদায়
দিওঁহঁক যে, তেওঁৰ সপোনৰ অসমক আমি পুনৰ ঘূৰাই আনিম বর্বৰতাৰপৰা সভ্যতালৈ ।” ...আৰু
এতিয়াৰ অসমৰ ছবিখন কি ? কিয়েইবা সলনি হৈছে ! আইনে কি বিচাৰ কৰিছিল ? কি কৰিছে ? লেখকে
কোৱাৰ দৰে সৰু সৰু অন্যায়-অনিয়মবোৰ চকু মুদি সহি যোৱাৰ ফলত ডাঙৰ ডাঙৰ অপৰাধ চকুৰ
আগতে ঘটিলেও আমি মুখ ঘুৰাই লোৱাৰ অভ্যাস হৈ যাব কাৰণ ক’বলৈ মুখ খুলিলেই জীৱন
অসহনীয় হৈ পৰিব, উদাহৰণ- পৰাগ কুমাৰ দাসৰ মৃত্যু ! ফলস্বৰূপে সম্পূর্ণ প্রশাসনিক,
সামাজিক আৰু মানসিক নৈৰাজ্য । আজিও নো এই অৱস্থাৰ কি উন্নতি হৈছে ? একেবাৰে ঠিক
কথা যে- আমি আজিও বালিত মূৰ গুজি, একো হোৱা নাই বুলি কৈ থকা ‘অসমীয়া’ৰ উটপখী ।
আটাইকেইটা লেখাৰ ভিতৰত মোৰ সবাটোকৈ ভাল লগা
লেখাটো হ’ল ‘উপাদান’ । লেখাটো আৰম্ভণি হৈছে হঠাতে হোৱা বিয়া এখনৰ কথাৰে- ছোৱালীৰ
ফাইনেল ইয়েৰৰ পৰীক্ষা, দৰা আমেৰিকাত থকা কম্পিউটাৰ ইঞ্জিনীয়াৰ, অসমলৈ আহোঁতেই
বিয়াখন পাতি যাবলৈ ইচ্ছুক যিহেতু আৰু ডেৰ বছৰলৈ পুনৰ অসমলৈ আহিব নোৱাৰিব । লেখাটো
আগুৱাইছে গল্পৰ বাবে প্লট বিচৰাৰপৰা বোলছবিৰ নায়ক বাছনি কৰালৈ । সামৰণিটো এনেকুৱা-
“প্রথম দৃষ্টিত হয়তো ভাব এটা, আইডিয়া এটা, প্লট এটা, ধাৰণা হৈছে বেছ আকর্ষণীয়, বেছ
সুন্দৰ উপাদান, হয়তো বহুদিন ধৰি মনত সেই ধাৰণা নিশ্চয় হৈ খেলি আছে, কিন্তু এদিন
তাক বিকাশ কৰিবলৈ গৈ হয়তো বুজিব পাৰিছো, নহয়, আচলতে আইডিয়াটো তিমান সম্ভাৱনাপূর্ণ
নহয়, তিমান কার্য্যকৰী নহয় ।” কেতিয়াবা নহয়নে এনেকুৱা ? হয় হয়, বহু সময়ত হয় ।
...আৰু কেতিয়াবা ইয়াৰ ওলোটাটোও হয় !
সংকলনখনৰ আনকেইটা লেখা হ’ল- ফেন্ ক্লাব,
উটপখী, এখন নেখেলা খেল, মে’নু, উমাচলপুৰৰ ডাকবাকচ, সম্পাদকলৈ চিঠি, সৃষ্টিৰ
নেপথ্যৰ কথা আৰু সাহিত্যৰ লঘু-গুৰু (‘মেগৰ্’ ভাষণ) ।
পূর্বতে ‘চিন্তাৰ বেগ কিমান’ খনৰ কথা লিখোতে
কৈছিলো যে লেখক স্পষ্টবাদী, বহু সময়ত আপোচ নকৰা বিধৰ যেন লাগে । তেওঁৰ প্রতিটো
লেখাতেই সেয়া প্রতিফলিত হোৱা দেখা যায় । এই সংকলনখনৰ লেখাকেইটা পঢ়িও সেয়াই অনুভৱ
কৰিলোঁ । পিছে এই লেখাকেইটাও তেওঁৰ ছদ্মনামৰ সলনি ‘সুৰেন্দ্র নাথ মেধি’ নামটোৰ
সৈতেহে বেছি খাপ খালেহেঁতেন যেন মোৰ অনুভৱ হয় ।
‘উটপখী’ লেখাটোত লেখকে উটপক্ষীবাদৰ কথা উল্লেখ
কৰি কৈছে যে অভিধানৰ মতে উটপক্ষীবাদ (Ostrichism) মানে হ’ল- ‘অপ্রিয় কথা উপেক্ষা
কৰাৰ বা তেনে কথাৰ মুখামুখি নোহোৱাৰ অভ্যাস বা নীতি ।’ কিন্তু কি প্রসংগত সেয়া
লেখকে কৈছে ? পঢ়ি চালে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে । সেইদৰে লেখকে ধাৰণা কৰাৰ
দৰে ২১ শতিকাৰ দ্বিতীয় দশকমানত ‘অসম আন্দোলন’ বা অসমৰ সন্ত্রাস-যুগ আদিৰ পটভূমিত
সঁচা আৰু সফল কথাসাহিত্য বা বোলছবি পঢ়ুৱৈ আৰু দর্শকে পাব নে/পাইছে নে ?
কিতাপখনৰ প্রথম প্রকাশৰ পিছত পুনৰ মুদ্রন
হৈছিল ২০০০ চনত আৰু প্রথম কেচাবন্ধা প্রকাশ হৈছে ২০১৮ চনত । এনে কিছুমান লেখা
পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ‘লয়ার্ছ’ৰ এই প্রচেষ্টা নিশ্চয়কৈ আদৰণীয় । লগতে
পঢ়ুৱৈ হিচাপে আশা কৰো যে ৯৫ পৃষ্ঠাৰ কিতাপ এখনৰ মূল্য যদি ১২০ টকা ধার্য্য কৰা হয়,
তেন্তে তাৰ কাগজৰ মান, বানান বিষয়ক কথাবোৰতো চকু দিয়াটো প্রয়োজনীয় ।
No comments:
Post a Comment