November 4, 2021

মহৎ জাবৰ

 


“মহৎ জাবৰ”
লেখক: সৌমিত্র যোগী
প্রথম প্রকাশ: নৱেম্বৰ ২০১৭
প্রকাশক: আঁক-বাক

 

যিসকল পাঠকে সৌমিত্র যোগীৰ লেখা এবাৰ পঢ়িছে, তেওঁলোক নিশ্চয়কৈ তেওঁৰ লেখা পুনঃ পুনঃ পঢ়িবলৈ ইচ্ছুক বুলি মই বিশ্বাস কৰো । ময়ো তেনে এগৰাকী পাঠকেই । তেখেতৰ পৰিচয় নতুনকৈ জনোৱাটো অপ্রয়োজনীয় যেন বোধ কৰো । ‘মহৎ জাবৰ’ তেখেতৰ সর্বমুঠ ২৭ টা প্রৱন্ধৰ এখন সংকলন, যাক ক্রমে পাঁচোটা অধ্যায়ত বিভক্ত কৰা হৈছে- অৱতৰণিকা, সমস্যাৰ উৎসমুখ, ব্যক্তিগত অথবা নৈর্ব্যক্তিক, গল্প-সত্য আৰু দূৰত্ব ।

 

মুখবন্ধত লেখকে কৈছে যে কৌৰৱ-পাণ্ডৱৰ মাজত হোৱা কুৰুক্ষেত্রৰ যুদ্ধৰ দৰে নহ’লেও তেওঁৰেই গুৰুসম জ্যেষ্ঠজন আৰু শ্রদ্ধাস্পদ-স্নেহাস্পদ প্রিয়মানুহবোৰ সৈতে এখন যুদ্ধ তেওঁ নিজেই তৰি লৈছে, য’ত দ্বিধাগ্রস্ত পার্থও তেওঁ আৰু দিকদ্রষ্টা সাৰথিও তেওঁ নিজেই ।

তেখেতৰ কৃষ্ণই পার্থক কৈছে যে- “চাৰি শ্রেণীৰ মানুহেৰেই চিৰকাল সৃষ্টি বর্তি আছে । ব্রাক্ষ্মণ- যি সমাজৰ আন শ্রেণীৰপৰা নিলগৰ সুকীয়া কক্ষপথেৰে আত্মকেন্দ্রিক পৰিভ্রমণ কৰে; ক্ষুদ্র- যাৰ চিন্তা-চর্চা, বিবেক-বুদ্ধি, প্রাপ্তি-অপ্রাপ্তি ক্ষুদ্র হোৱাৰ লগতে নিজৰ কক্ষপথো ক্ষুদ্র; বৈশ্য- যি সময়-সুবিধা অনুসৰি সকলো বিক্রী কৰি দিয়াৰ লগতে নিজকো বিক্রী কৰি দিব পাৰে আৰু বাকী মানুহবোৰ হ’ল ক্ষত্রিয় যাৰ ধর্মই হ’ল যুদ্ধ কৰা, তেওঁলোকে বীৰ ক্ষত্রিয়ৰ দৰে যুদ্ধও কৰে আৰু জ্ঞানী ব্রাক্ষ্মণৰ দৰেও আচৰণ কৰে । তেখেতৰ অসহায় পার্থই কৈছে- তেওঁ জানে যে সম্ভাৱনাময় বীর্যৱান সকলো পুৰুষে ছদ্মবেশী চয়তানৰপৰা প্রশংসা নামৰ বিষফল খাই নিচাগ্রস্ত আৰু উন্মাদ হৈ আছে । তেওঁ এতিয়া নিজৰ মৃত্যু মাতি অনা বুলি জানিও সেইসকল পুৰুষক বিষমায়াৰপৰা মুক্ত কৰি আনিব নে তেওঁলোকক সেই বিষমায়াত মজি থাকিবলৈ দি নির্বীর্য আৰু নপুংসক হোৱা প্রত্যক্ষ কৰিবলৈ বাট চাব । তেতিয়া তেখেতৰ কৃষ্ণই কৈছে যে সমাজত দুই ৰকমৰ মানুহ থাকে । এবিধ আত্মকেন্দ্রিক যি নিজৰ পেটত বিষক্রিয়া নোহোৱালৈকে বিষকো অমৃত বুলিয়েই কয়; হৃদয়েৰে অসুৰ কিন্তু বাহিৰত দেৱতা যি এজাক নপুংসক তৈয়াৰ কৰাৰ মাজেৰে নিজৰ পুৰুষত্ব প্রতিষ্ঠা আৰু দীর্ঘদিনীয়া কৰিব খোজে । আনবিধ হ’ল যি নিজে চেতনাহীন, নির্জ্ঞান আৰু মৃত্যুদণ্ডৰে দণ্ডিত নোহোৱালৈকে বিষক বিষ আৰু অমৃতক অমৃত বুলিয়েই কয় আৰু ফুলত পৰা সকলো পতংগই যে পখিলা নহৈ বৰলো হ’ব পাৰে সেই কথা আনক শিকায় । এনে মানুহে বিষ খাবলৈ লোৱা মানুহক বাধা প্রদান কৰে যদিও সিদ্ধান্ত ল’ব নোৱাৰে । প্রকৃত ক্ষত্রিয়ই সিদ্ধান্ত ল’ব পাৰিব লাগিব যে সেই মানুহে জীয়াই থাকিলে সমাজৰ মংগল কৰিব নে দুগুণ ক্ষতি কৰিব । যি সেই সিদ্ধান্ত ল’ব পাৰে, তেওঁ তেন্তে প্রথমে নিজক সুৰক্ষিত কৰি চেতনাহীন মানুহক চেতনা দিয়াটোহে উচিত । চেতনা ফিৰি আহিলে তেনেজনে নিজেই নিজৰ উচিত বাটৰ সন্ধানত ওলাব । আকৌ তেখেতৰ পার্থৰ অসহায়তা হ’ল- তেওঁ শুভাকাংখীসকলৰ সকলো কথাই মানি লোৱা উচিত নে কাৰণ শুভাকাংখীয়ে তো প্রিয়জনৰ অন্যায় বা ক্ষতি বাঞ্ছা নকৰে । আৰু সকলো যদি সময়ৰ হাতত বুলি এৰি দিয়া যায়, সময়েও জানো সদায়ে সঠিক বিচাৰ কৰে ?”

লেখকে তৰি লোৱা এই যুদ্ধখনৰ উদ্দেশ্য হ’ল তেওঁ কেৱল জানিব খুজিছে- তেখেতৰ পার্থ ভুল নে কৃষ্ণ ?

 

লেখকৰ যি দুই-এখন কিতাপ পঢ়িছো, তাৰ মুখবন্ধ পঢ়িয়েই মন তৃপ্ত হয় আৰু ভিতৰচোৱা পঢ়িবলৈ লোভ জাগে । এই সংকলনৰ মুখবন্ধ পঢ়িও পাঠকে নিশ্চয়কৈ বুজি পাব লেখকে তৰি লোৱা যুদ্ধখনৰ কথা । লেখক নিজে গ্রন্থ উদ্যোগটোৰ সৈতে জড়িত বাবে কথাবোৰ সেইখন ক্ষেত্রক উদ্দেশ্যি কৈছে যদিও কথাবোৰ আজিৰ আমাৰ সমাজ, চৌপাশ, প্রায় আটাইবোৰ সামাজিক-ৰাজনৈতিক ক্ষেত্রতেই পূৰামাত্রই খাটে । সঁচা কথা নহয়জানো যে সমাজত এচাম মানুহে কেৱল তোষামোদ কৰে, এচামে সেই তোষামোদকে প্রশংসা বুলি জ্ঞান কৰে আৰু কোনোবাই ভুলৰ শুধৰণি কৰি দিবৰ ইচ্ছা কৰিলেও তেনেজনক শত্রুজ্ঞান কৰে, বেয়া পায় । লেখকৰ দৰেই হুবহু নহ’লেও সমাজৰ বহুজনৰে, যি বিষক বিষ বুলিয়েই ক’ব পাৰে, এনে সৰু-সুৰা যুদ্ধ এখন চলে নিজৰ মাজতেই । মোৰো চলে, (অৱশ্যেই সেয়া লেখকে কোৱাৰ দৰে বহুল ক্ষেত্র নহয়, মোৰ নিজা, তেনেই সৰু সৌৰজগতখনৰ ভিতৰতে) কিন্তু মই সিদ্ধান্ত একোটা লৈ, দায়িত্ব পালি দায়বদ্ধ হৈ প্রকৃত ক্ষত্রিয় হ’ব পৰা নাই ! গতিকে মই নিজকে লেখকৰ কৃষ্ণই কোৱা চেতনাহীন আৰু নির্জ্ঞান মানুহ ভাগত ৰাখিছোঁ । আগ্রহী পাঠকে পঢ়ি চাব পাৰে সংকলনখনি । নিজৰ চিনাকীটো নিজৰ ওচৰতে কিজানিবা আগতকৈ অলপ ফটফটীয়া হৈ পৰে কোনে জানে !

 

প্রথম অধ্যায়ৰ প্রথম প্রৱন্ধ “ভাষা এটাৰ কেনেকৈ মৃত্যু হয়?”ত লিখিছে যে বাঙালীসকলে যিদৰে বাউল গীতক প্রায় প্রতিগৰাকী সংগীতপ্রিয় মানুহৰ অন্তৰত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ল, সেই হিচাপে অসমীয়া শিল্পীয়ে কিন্তু লোকগীত গাবলৈ লজ্জাবোধ কৰে । অসমীয়া বহু মানুহেই নিজৰ সম্পদক সম্পদ বুলিয়েই নাজানে, আৰু সেই অজ্ঞতাৰ কাৰণেই অসমীয়া মানুহ নিজৰ থকাখিনিক লৈ হীনমন্যতাত ভুগে । তথাপিও কিন্তু আমি সেয়া লাজৰ কথা বুলি নাভাবো কাৰণ লাজৰ সঠিক ধাৰণাই আমাৰ নাই । আমি ইংৰাজী নজনাটো লাজৰ কথা বুলি ভাবো কিন্তু নিজৰ ভাষাটো শুদ্ধকৈ ক’ব-লিখিব নাজানিলে লাজ নাপাওঁ । আমাৰ লাজ লাগে যদি- আমি চাপৰ হওঁ, ক’লা বৰণৰ হওঁ, ঘৰ যদি কেঁচামাটিৰ হয়, গাড়ী নাথাকিলে, দামী মোবাইল নাথাকিলে অথবা ফে’চবুক-টুইটাৰত ফ’ল’ৱাৰৰ সংখ্যা কম হ’লে; কিন্তু আমাৰ ঘৰত যদি পঢ়িবলৈ এখন কিতাপ নাই, সৰুকৈ হ’লেও যদি পুথিভঁৰাল এটা নাই তেতিয়া পিছে আমি লাজ নাপাওঁ । আমাৰ লগতে স্যমন্তক মণি আছে কিন্তু আমি তাৰ উচিত ব্যৱহাৰ নাজানো । অসমীয়া ভাষাৰ বিপর্যয়ৰ কাৰণ হ’ল আমাৰ মানসিকতা । সাংবাদিক-লেখক, শিক্ষক-অধ্যাপক, টিভি-ৰেডিঅ’, চৰকাৰ-প্রশাসন সকলোৱে মিলি যে অসমীয়া ভাষাটোক মৃত্যুৰ মুখলৈ ঠেলি নি আছে সেই কথা উল্লেখ কৰি শেষত লেখকে কৈছে যে “অসমীয়া ভাষাটোৰ স্বাস্থ্য এতিয়া এগৰাকী প্রৌঢ়া মানুহৰ দৰে । বাহ্যিক দৃষ্টিত মুখত আবেলি বেলিৰ ৰং যদিও ভিতৰি ৰোগাক্রান্ত আৰু ৰোগবোৰ ডায়েবেটিছ অথবা কেঞ্চাৰৰ দৰে নীৰৱ ঘাতক । গতিকে এগৰাকী প্রৌঢ়া মানুহৰ সন্তান হিচাপে আমাৰ দায়িত্ব হ’ল তেখেতৰ বাহ্যিক চেহেৰা দেখি ভুল নকৰি নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু কিবা সমস্যা থাকিলে যাৱতীয় চিকিৎসা কৰোৱা ।”

একেদৰে আন এটা প্রৱন্ধ “জাতি আৰু ভাষাৰ পৰিচয় নোহোৱাকৈ আপোনাৰ পৰিচয় কি?”ত তেখেতে আৰম্ভণিতে উল্লেখ কৰিছে- “অসমীয়া মানুহৰ জাতীয় চৰিত্রৰ এটা ভাল দিশ হ’ল- বিপদৰ সময়ত সকলো কথা পাহৰি মানুহ হিলদ’ল ভাঙি ওলাই আহে, লগ হয় । বেয়া দিশ হ’ল, অসমীয়া মানুহৰ চকুৱে বিপদহে দেখে, বিপদৰ সম্ভাৱনা খুব কমেইহে দেখে ।” একে প্রৱন্ধতে তেওঁ উল্লেখ কৰিছে যে ছ’চিয়েল মেডিয়া ফে’চবুকৰ ‘অসমীয়া কথা-বতৰা’ গোটটোত ৬১ হেজাৰৰো অধিক লোক সংযুক্ত হৈ আছে, নিজৰ ভাষাৰ নিজৰ লিপিত লেখা-মেলা কৰিছে, যদিওবা ৯৯.৯ শতাংশই হয়তো সাহিত্য হোৱা নাই, তথাপিও সেইখিনি অসমীয়া ভাষা-সাহিত্যৰ প্রতি আগ্রহী মানুহেই, আৰু সেইখিনি মানুহে যদি তেওঁলোকৰ সাহিত্য চর্চা অধিক দায়বদ্ধতাৰে কৰে তেন্তে নিশ্চয়কৈ অসমীয়া ভাষা-সাহিত্য পুনৰ জীপাল হৈ উঠিব ।

এইখিনিতে ক’ব বিচাৰিম যে এই লেখাটো পঢ়ি মই নিজেই খুব লাজ পাইছো, কাৰণ- লেখকে উল্লেখ কৰা ‘অসমীয়া কথা-বতৰা’ গোটটোৰ ময়ো এগৰাকী সদস্য আছিলো, যি দুই-চাৰিটা লেখা দিছিলো গল্পৰ নামত ! কিন্তু অনুভৱ কৰো যে সেয়া লেখকে কোৱা সেই ৯৯.৯ শতাংশৰ ভিতৰতেই পৰে ! যদিওবা ‘সাহিত্য’ কথাটো সম্পূর্ণকৈ বুজিবলৈ অপাৰগ তথাপিও এটা কথা বুজিলো যে সেই ৬১ হেজাৰ লোকে (এইয়া ২০১৭ চনৰ কথা, এতিয়া হয়তো সংখ্যাটো বহু বেছি) কেৱল নিজৰ ভাষাটো চর্চা কৰিলেই নহ’ব, লগতে দায়বদ্ধও হ’ব লাগিব ।

প্রথম অধ্যায়ত অন্তর্ভুক্ত আনকেইটা প্রৱন্ধ ক্রমে- ‘শপতবাক্য’, ‘প্রকাশন উদ্যোগৰ ভুমিকা’ আৰু ‘গ্রন্থ উদ্যোগ নিঃশেষৰ চৰকাৰী নীতি’ ।

 

দ্বিতীয় অধ্যায়ৰ প্রথমটো প্রৱন্ধ- ‘মহৎ জাবৰ’ । লেখকে কোৱা এই মহৎ জাবৰখিনি হ’ল এনেকুৱা কিতাপ যিখিনি বিভিন্ন গ্রন্থমেলাৰপৰা উভতি অহা কেতিয়াও ক’তো একপীও বিক্রী নোহোৱা, বিভিন্ন লেখকে নিজৰ ধন ভাঙি অতি আশাৰে প্রকাশ কৰি উলিওৱা কিতাপ, যিখিনিক লেখকে আনে কৰাৰ দৰে পুৰি পেলাব নোৱাৰে, পেলাই দিবও নোৱাৰে বা পুৰণি বাতৰি কাকত কিনিবলৈ অহা মানুহৰ হাতত কেজি হিচাপত বিক্রী কৰি দিবও নোৱাৰে; কাৰণ সেয়া কৰিবলৈ বিবেকে তেওঁক অনুমতি নিদিয়ে । কিন্তু কথা হ’ল এই মহৎ জাবৰৰ সৃষ্টি কেনেকৈ হয় ? লেখকে যিখিনি কথা ব্যাখ্যা কৰিছে, পঢ়ুৱৈ হিচাপে মই নিজে কোনোটোকেই নাকচ কৰিব নোৱাৰিলো দেখোন । তেওঁ লগতে ইয়াকো উল্লেখ কৰিছে যে কাৰোবাক হতাশ কৰাৰ তেওঁৰ উদ্দেশ্য নহয়, মাত্র সকলোৱে যাতে বাস্তৱটো অনুধাৱন কৰিব পাৰে তাৰবাবেহে চেষ্টা কৰিছে; কাৰণ- “এখন ভাল কিতাপে লেখকজনক, প্রকাশকজনক উৎসাহিত কৰাৰ লগে লগে ভাষা-সাহিত্যলৈও এটা উৎসাহজনক পৰিৱেশ আনে । আনহাতে জন্মৰ লগে লগেই মৃত্যুৰ সম্ভাৱনা লৈ অহা কিতাপ একোখনে লেখক-পঢ়ুৱৈ আটাইৰে মনটোক হত্যা কৰে । ...নতুন লেখকসকলে অগ্রজসকলৰ পৰা কেৱল আখৰ লিখিবলৈ প্রেৰণা পালে কিন্তু পঢ়া-শুনা কৰিবলৈ, চিন্তা কৰিবলৈ নিশিকিলে ।” বিশেষকৈ নতুন লেখকসকলক উদেশ্যি লেখকে কৈছে যে বাস্তবটো নুবুজি যদি প্রতিষ্ঠা লাভৰ সহজ উপায় গ্রহণ কৰে তেন্তে তেওঁলোক খুব সহজেই হতাশ হ’ব আৰু খুব হেঁপাহৰ কিতাপ একোখন অলপদিনতে জাবৰত পৰিণত হ’ব । গতিকে কোনো প্রকাশনে প্রকাশ নকৰিলে বুলিয়েই তেনে প্রকাশনৰ ওপৰত খর্গগ্রস্ত নহৈ, প্রকাশ নকৰাৰ কাৰণটো অনুধাৱন কৰি নিজৰ সৃষ্টিকর্মক উন্নত কৰিবলৈহে চাব লাগে কাৰণ যি সঁচাই ভাল, সি ভালেই; দুদিন পলমকৈ হ’লেও সেই ভালে এদিন সুনাম-যশ নিজেই লৈ আহিব ।

এই অধ্যায়ৰ আন এটা প্রৱন্ধ- ‘সময়ৰ বোৱঁতী নদী আৰু জাবৰে কৰা জাঁজি’, য’ত সময় হৈছে নদী আৰু সাহিত্যৰ বেয়াবোৰ জাঁজি । সময়ে বেয়াবোৰ উটুৱাই নিয়ে থিকেই; কিন্তু এতিয়া সময়ে গতি সলাইছে, নদীত বালিচৰ পৰিছে আৰু গৰা খহিছে । খহনীয়াক মন নকৰিলে এদিন যে থিয় হৈ থাকিবলৈও ভেটিৰ মাটিকণ নাথাকিব সেয়া লেখকে সোঁৱৰাই দিছে ।

সেইদৰে ‘ভালৰ প্রতিক্রিয়া আৰু বেয়াৰ অতিক্রিয়া’ প্রৱন্ধত লেখা কথাখিনি পঢ়ুৱৈ হিচাপে খুবেই ভাল লাগিল- আমি যদি বেয়াখিনিক গৰিহণা দি থকাতকৈ ভালখিনিক তুলি ধৰোঁ, তেন্তে বেয়াখিনি নিজেই এদিন দুর্বল হৈ পৰিব । আৰু আমি তাকে নকৰাৰ কাৰণটো হ’ল- ভাল কথাবোৰত উত্তেজনা নাথাকে, সেয়ে তাৰ প্রতি আমাৰ প্রতিক্রিয়াও কম ! কিন্তু বেয়া কথাবোৰত উত্তেজনা থকাৰ বাবেই আমাৰ প্রতিক্রিয়াও ক্ষিপ্র ! তেনেবোৰ কাৰণৰ বাবেই জুবিনে খুটাত বগোৱা কথাটোৱে যিমান ক্ষিপ্রতাৰে প্রচাৰ পায়, সেই হিচাপে ভাল কর্মবোৰে নাপায় । লেখকে নিজকো সাঙুৰি কৈছে যে ভাল কথা এটা লিখিবলৈ তেওঁৰ যিদৰে কেতিয়াবা এলাহ জাগে; একেদৰে সকলো, সেয়া “গান-চিনেমা-সাহিত্য, ঘটনা-দুর্ঘটনা-বাতৰি আদিৰ শ্রোতা-দর্শক-পঢ়ুৱৈ সকলো একেই, ভালটোত নিস্তেজ-নিৰুদ্বেগ; বেয়াটোত উত্তেজিত, আগ্রহী, গতিশীল আৰু কৌতূহলী ।” লেখকে নিজেই সান্নিধ্যলৈ অহা বহু লোকৰ কথা সোঁৱৰি উল্লেখ কৰিছে যে লাভালাভ নথকাকৈ নিঃস্বার্থ প্রশংসা কৰা মানুহ নিচেই কম । প্রৱন্ধটোত উল্লেখ কৰা, মোৰ ভাল লগা আন কিছু কথা হ’ল- “সঁচাকে যিটো ভাল, তাক ভাল বুলি ক’ব পাৰিব লাগে । সত্য-মিথ্যা ভালকৈ একো নজনাকৈয়ে তৎক্ষণাৎ বেয়া বুলি কৈ কাৰোবাৰ সততাক, কাৰোবাৰ ভাল মন এটাক, ভাল কাম কৰাৰ উদ্যম আৰু উৎসাহক নিঃশেষ কৰি পেলাব নালাগে । আমি যদি নিজেই সলনি হ’ব নোৱাৰোঁ, আনক, সমাজখনক কেনেকৈ সলনি হোৱাৰ আশা কৰিম ?” এই কথাখিনি তেওঁ ডঃ হীৰেন গোহাঁই ছাৰৰ দৰে অগ্রজ ব্যক্তিয়ে কৰা কিছু প্রতিক্রিয়াৰ প্রতি দুখ প্রকাশ কৰি লিখিছে আৰু লগতে কৈছে যে নতুন প্রজন্মৰ লেখকসকলৰপৰাও তেওঁ এনেধৰণৰ কথা আশা নকৰে ।

‘অসমীয়া কিতাপৰ পঢ়ুৱৈ’ প্রৱন্ধত লেখকে কোৱা সঁচা কথাকেইটাই পঢ়ুৱৈ হিচাপে মোৰো গালত চৰ এপাত পৰা যেন লাগিল । সেয়া হ’ল- “যিদৰে মূল্যৱান বস্তু থকা ঠাইৰ দুৱাৰ হেচুকিলেই খুলি যোৱা দুৱাৰ নহয় সেইদৰে সাহিত্য আৰু জ্ঞানৰ বিশাল ভাণ্ডাৰ থকা ঠাইৰ দুৱাৰো হেচুকিলেই খুলি নাযায়, তাৰবাবে বল প্রয়োগ কৰিব লাগিব । কিন্তু দুর্ভাগ্যৰ কথা যে অসমীয়া পঢ়ুৱৈয়ে থেলিবলগীয়া দুৱাৰ দেখিলে সেইফালে মূৰ কৰাটো বাদেই চকুও নিদিয়ে, যাৰবাবে পঢ়ুৱৈসকল বিশাল প্রাপ্তিৰপৰা বঞ্চিত হয় ।” মই ভাবো আমি পঢ়ুৱৈসকলে এই কথাটো মন কৰিবলগীয়া । অৱশ্যে লেখকে কেৱল পঢ়ুৱৈসকলকে দায়ী কৰা নাই, একে সময়তে কাকত-আলোচনী, অন্য গণ মাধ্যমকো জগৰীয়া কৰিছে যিয়ে নেকি মানুহৰ ৰুচি-অভিৰুচি সলনি কৰিছে, লেখাৰ মানৰ ওপৰত গুৰত্ব নিদি সংখ্যাৰ ওপৰত গুৰুত্ব দি আগ্রহীৰ মনত অনীহাক থিতাপি ল’বলৈ সহজ কৰি দিছে । গতিকে এই সকলো মাধ্যমে নিজৰ ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কি কৰা উচিত সেয়া উপলব্ধি কৰিব লাগে । লেখকে ইয়াকো কৈছে যে এই ক্ষেত্রত পঢ়ুৱৈ সকলো সমানে দায়বদ্ধ, তেওঁলোকৰো দায়িত্ব আছে । প্রৱন্ধটিত উল্লেখ কৰাৰ দৰে গ্রন্থ উদ্যোগৰ মূল চালিকাশক্তি হ’ল পঢ়ুৱৈ, আকৌ পঢ়ুৱৈৰ মানসিক ভেঁটি গঢ় লয় কাকত-আলোচনীত পঢ়া লেখাবোৰৰ মাজেৰে, ইয়াৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যতো নির্ভৰশীল । গতিকে এই উদ্যোগটোৰ সৈতে জড়িত সকলোৱে ভাল পঢ়ুৱৈক পঠনৰ সমল যোগান ধৰি পঢ়ুৱৈ সৃষ্টি কৰাটো কিমান গধুৰ দায়িত্ব সেয়া বুজি পোৱা উচিত বুলি লেখকে উল্লেখ কৰিছে ।

দ্বিতীয় অধ্যায়ৰ আনকেইটা প্রৱন্ধ ক্রমে- ‘লেখক আছে লেখক নাই’, ‘ৰাজধর্ম’, ‘পঢ়ুৱৈৰ আস্থা’ আৰু ‘বিতৰণ ব্যৱস্থাটো যথেষ্ট প্রত্যাহ্বানমূলক’ । ‘ৰাজধর্ম’ত লেখকে কৈছে যে “ৰাজধর্ম পালন কৰাটো ইমান সহজ নহয়, তাৰবাবে বহুত ধৈর্য আৰু মানসিক শক্তিৰ প্রয়োজন, সেয়ে যেয়ে-সেয়ে কোনোবা ৰজা হ’ব নোৱাৰে । আজিৰ দিনত ৰজা নাই যদিও সমাজত এনে কিছুমান নির্বাচিত আসন আছে য’ত বিশেষ কিছুমান লোকক হে সাধাৰণ প্রজাৰ স্বার্থ সুৰক্ষাৰ বাবে বহিবলৈ দিয়া হয় । কিন্তু তেনে লোকেই যদি সেই ধর্ম পালন নকৰে তেন্তে কোনে কৰিব ? দায়িত্ববোধেই যদি ৰাজধর্ম হয়, আমি প্রত্যেকেই তাক পালন কৰা উচিত নহয়নে ?” লেখকে যদিও কেৱল গ্রন্থ উদ্যোগৰ ক্ষেত্রখনৰ কথাহে সাঙুৰি উপৰোক্ত কথাষাৰ উল্লেখ কৰিছে, কিন্তু চকু ফুৰাই চালে সেয়া আমাৰ চৌপাশৰ আন আন ক্ষেত্রতো দেখা পোৱাটো মিছা নহয় ।

 

তৃতীয় অধ্যায়ৰ প্রথম প্রৱন্ধ- ‘জ্বলন্ত জাহাজৰ মাজত দেউতাকৰ বাবে অপেক্ষাৰত কাচাবিয়াংকা আৰু মানৰ ধাৰণা’ত লেখকে ‘আঁক-বাক’ সৃষ্টিৰ বীজ অংকুৰিত হোৱাৰপৰা এই প্রকাশনৰ প্রথমখন কিতাপ, হাৱার্ড ফাষ্টৰ ‘পীকস্কিল’ৰ অনুবাদ (যি এই প্রৱন্ধৰ লেখকৰ নিজা অনুবাদ গ্রন্থ) প্রকাশ হোৱালৈকে যাত্রাৰ আভাস এটা দিছে । লেখকে উল্লেখ কৰিছে যে ‘আঁক-বাক’ৰ সৃষ্টিৰ মূল কাৰণটো আছিল- ‘আঁক-বাক’ক এটা ব্রেণ্ড হিচাপে প্রতিষ্ঠা কৰা । পঢ়ুৱৈয়ে কাকো চকু মুদি আস্থাত ল’ব নোৱাৰা আজিৰ পৰিৱেশত, তেওঁলোকৰ সন্মুখত ‘আঁক-বাক’ক এটা ভৰসা, এটা আস্থাৰ অনুষ্ঠান হিচাপে গঢ় দিয়া । এগৰাকী পঢ়ুৱৈ হিচাপে, যদিওবা পঢ়া কিতাপৰ সংখ্যা তেনেই নগণ্য, তথাপিও ক’ব পাৰোঁ যে ‘আঁক-বাক’ৰ সেই প্রচেষ্টা সফল হৈছে; সেয়ে কিজানি যিকোনো গ্রন্থমেলালৈ গ’লে ‘আঁক-বাক’ৰ বিপনীত সোমাই কিতাপ এখন ক্রয় কৰিবলৈ আপুনি মন যায় ।

একে অধ্যায়ৰ আন এটা প্রৱন্ধ ‘একমাত্র নীতিটোৱেই হ’ল- সাহিত্যহীন গল্পবোৰ নির্দ্বিধাই নাকচ কৰা’ত লিখিছে যে আজিৰ সময়ত সৰহ সংখ্যক গল্পকাৰৰেই ব্যক্তিগত অহংকাৰ, দম্ভ আৰু ইগ’ৰ গুৰুত্ব বেছি । সঁচা কথাবোৰ ক’লে বেয়া পায়, কওঁতাজনক শত্রুজ্ঞান কৰে । শেষত লেখকে অনুৰোধ কৰিছে যে- “গল্পকাৰসকলে ব্যক্তিগত ভাবনাৰ পৰা উর্দ্ধলৈ গৈ সাহিত্যৰ সামগ্রিক সমৃদ্ধিৰ স্বার্থত দায়বদ্ধতাৰে সৃষ্টিত নিমজ্জিত হওক । পঢ়ুৱৈসকলেও ভাল আৰু বেয়াৰ পার্থক্য বুজি ভাষা-সাহিত্যৰ সমৃদ্ধিৰ স্বার্থত ভাল গ্রন্থ আৰু লেখকক উৎসাহিত কৰা উচিত ।”

এই অধ্যায়ৰ আনকেইটা প্রৱন্ধ হ’ল- ‘চিন্তাৰ ন-আলিৰে ৰুচিশীল পৃথিৱীলৈ...’ আৰু ‘আঁক-বাকৰ পৰা কিতাপ প্রকাশ পাবলৈ কি কৰিব লাগে ?’

 

চতুর্থ অধ্যায়ৰ প্রৱন্ধকেইটা হ’ল- ‘বিষয়ঃ বছৰৰ গল্প’, ‘ভালৰ বেয়া অথবা বেয়াৰ ভাল’, ‘খৰাংপীড়িত বর্ষ’, ‘আপুনি বেতাল’, ‘আপুনি ভালপোৱা গল্পবোৰ’, ‘বৰ বিৰিখৰ ছাঁ’, ‘আত্মনিষ্কৃতিৰ বিনাশী বাট’ আৰু ‘ঘোঁৰাৰ শিং গজাটোৱেই বেমাৰ’ । প্রথমটো বাদ দি বাকী আটাইকেইটা ২০১০-২০১৬ লৈকে প্রকাশিত ‘বছৰৰ গল্প’ৰ সম্পাদকীয় ।

‘বিষয়ঃ বছৰৰ গল্প’ত লেখকে ‘বছৰৰ গল্প’ প্রকাশ কৰিবলৈ যাওঁতে তেওঁৰ বিৰুদ্ধে হোৱা ষড়যন্ত্র, গল্প অন্তর্ভুক্তি নকৰাৰ বাবে একাংশ লেখকৰ পৰা পোৱা অযুক্তিকৰ কথাৰ গালি-বদনাম, কুৎসা-ৰটনা কৰি ব্যক্তিগত ক্ষোভ উজৰাৰ কথা উল্লেখ কৰি দুখ প্রকাশ কৰিছে । লগতে ইয়াকো কৈছে যে অত’বোৰ প্রত্যাহ্বানৰ পিছতো ‘বছৰৰ গল্প' উলিয়াই থকাৰ কাৰণটো হ’ল এজন দায়বদ্ধ প্রকাশক হিচাপে, ‘বছৰৰ গল্প’ৰ সম্পাদক হিচাপে পঢ়ুৱৈৰ হাতত এখন ধুনীয়া কিতাপ তুলি দিয়াটো তেওঁৰ দায়িত্ব ।

‘বছৰৰ গল্প’ৰ সম্পাদকীয় কেইটাৰ ভিতৰত ‘খৰাংপীড়িত বর্ষ’ৰ কথাখিনি মই মাজে মাজে পাগুলিয়াই থাকো- তেতিয়া, যেতিয়া মনলৈ কিবা এটা লিখো নেকি বুলি ভাব আহে । কিছু সময় ভাবিবলৈ ল’লেই পুনৰ নিজৰ ওচৰতে লাজ পাওঁ ! গল্প লিখা বা লিখিবলৈ চেষ্টা কৰা আজিৰ প্রজন্মৰ প্রত্যেকেই কথাখিনি পঢ়া উচিত বুলি ভাবোঁ ।

এই প্রৱন্ধতে উল্লেখিত লেখকৰ মাত্র এটা কথাত হে মোৰ অলপ খোকোজা লাগি থাকিল- “গল্প এটা পঢ়ি উঠি আপুনি যদি গল্পটো কাৰোবাক হুবহু ক’ব পাৰে, অর্থাৎ যিটো গল্পৰ স্বাদ শ্রোতা এজনেও পঠন অবিহনেই লাভ কৰিব পাৰে, সি কেনেকৈ ভাল গল্প হ’ব পাৰে ?” ‘নোৱাৰে নেকি’ বুলি নিজকে বহুবাৰ সুধি চাইছোঁ । কেতিয়াবা পাৰে যেনো লাগে, আকৌ কেতিয়াবা উত্তৰ নাপায় পুনৰ প্রশ্নটোলৈকে উভতি আহোঁ ! প্রশ্নটোৰ উত্তৰ হিচাপে লেখকে লিখিছে- “পোনপটীয়া কথা যে তেনে এটা গল্প কাহিনী হিচাপে হয়তো মনোগ্রাহী, কিন্তু ভাষা আৰু উপস্থাপন শৈলীৰ চমৎকাৰিত্ব তাত নাথাকিল । শিল্পগুণৰ ব্যতিৰেকেও গল্প হ’ব পাৰে জানো ?” পুনৰ এটা প্রশ্ন ! মোৰো নিজকে পুনৰ সেই একেই প্রশ্ন- ‘নোৱাৰে নেকি?’ লেখাটো পঢ়িও মোৰ খোকোজাৰ গাঁঠিবোৰ সম্পূর্ণকৈ মুকলি নহ’ল, সেয়া হয়তো মোৰ চিন্তাৰ দৈনতা যাৰবাবে মই গাঁঠিবোৰ খুলিবলৈ অপাৰগ । কিন্তু চেষ্টা চলি থাকিব । মোৰ দৰেই যদি কাৰোবাৰ এইখিনিত খোকোজা লাগে, কিবা এটা উত্তৰ নিজকে দিয়াৰ আগতে সম্পূর্ণ প্রৱন্ধটো পঢ়া উচিত ।

 

পঞ্চম অধ্যায়ৰ দুটা প্রৱন্ধ- ‘ঠুনুকা প্রতিভা’ আৰু ‘লেখকৰ ভাগ্য’ । ‘ঠুনুকা প্রতিভা’ পঢ়ি মই পঢ়ুৱৈ হিচাপে পুনৰবাৰ লাজ পাইছিলোঁ ! লেখকে উল্লেখ কৰা প্রশান্ত কুমাৰ দাসৰ ‘দ্য ডাউনটাউন’ গল্পটো আৰু অৰূপ কুমাৰ নাথৰ ‘সাউদ আৰু অন্যান্য’ গল্পখন ময়ো পঢ়া নাই । এই লেখাটো পঢ়াৰ পিছতে অৱশ্যে সেয়া পঢ়িবলৈ বিচাৰিও যোগাৰ কৰিব পৰা নাই । এতিয়া সেয়ে আগন্তুক গ্রন্থমেলালৈ বাট চাই আছো । কিন্তু লেখকে কোৱা সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেকট্র’ন’ খন যে পঢ়িছো, সেই কথাটোৱে মোৰ লাজটো অলপমান কম কৰিছে বুলি নিজকে মনাই লৈছিলোঁ ।

‘লেখকৰ ভাগ্য’ প্রৱন্ধত লেখকে কোৱা শেষৰ কথাকেইটা- “এজন লেখক হিচাপে মই মোৰ নিজৰ ভুলবোৰ শুধৰণি কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি থাকোঁ । কিন্তু কিছু লেখকৰ দেখা পাওঁ, তেওঁলোকে নিজৰ বিফলতা বা অপ্রাপ্তিৰ বাবে হাহাকাৰ কৰি ধাকে, হুমুনিয়াহ কাঢ়ি থাকে, কিন্তু কোনোদিনে আত্মসমালোচনা কৰা দেখিবলে নাপাওঁ । তেওঁলোকে হুমুনিয়াহ কাঢ়ি কাঢ়ি যিবোৰ মানুহক দোষী সাব্যস্ত কৰি থাকে, ক’বলৈ মন যায় যে আপুনি ভুলকৈ ভাবি আছে । আপুনি ভুল ব্যাখ্যা কৰি আছে । আপোনাৰ গতি কোনেও ৰুদ্ধ কৰা নাই । আপুনি নিজেই নিজৰ গতিৰোধক । আপুনি নিজেই আপোনাৰ প্রতিভা আৰু সম্ভাৱনাৰ হত্যাকাৰী । অলপ চকু মেলি পোহৰৰ ফালে চাওক । সত্যৰ পোহৰ দেখি চকুৰ নিমিষ পেলাই নিদিব, সত্যবোৰ হেৰাই থাকিব । সত্যবোৰ হেৰাই গ’লে আপুনি কেৱল মিথ্যা আৰু ভুৱাৰ সৈতেই বাট বুলিব লাগিব । সেই বাটেৰে কেৱল যাত্রা সম্ভৱ, গন্তব্য স্থান পোৱাটো সম্ভৱ নহয় ।”

একবাৰেই সঁচা কথা নহয় নে ? কেৱল সাহিত্য বুলিয়েই নহয়, সকলো ক্ষেত্রতেই কথাবোৰ প্রযোজ্য । আমি আত্মসমালোচনা নকৰো । লেখকৰ যিমানবোৰ লেখা পঢ়িছো, প্রতিবাৰেই লাগে নতুন বাট এটা দেখিছো, প্রতিবাৰেই নিজৰ গালত যেতিয়া চৰ এটা পৰা যেন অনুভৱ হৈছে, নিজকে পঢ়ি চাইছো, ভুলবোৰ দেখিছো, ভাবিবলৈ বাধ্য হৈছো । কোনো সময়ত ভাব হৈছে লেখকৰ কোনো এটা লেখাৰ প্রতিটো কথাই যেন ইয়াতে তুলি দিম । মোৰ নিজৰ কথাৰে ক’বলৈ গ’লে লেখকৰ কথাৰ যি সুষমা, ভাব-অনুভৱ, উদ্দেশ্য সেয়া নাথাকিব যেন ভয়ত মোৰ ভাললগা কথাবোৰ হুবহু তুলি দিছো । লেখকৰ স্পষ্টবাদীতাৰপৰা তেওঁৰ নিজৰ দায়িত্বৰ কথা কিমান আন্তৰিকতাৰে, কিমান নিঃস্বার্থভাৱে চিন্তা কৰে সেয়া বুজা যায় । মোৰ এগৰাকী ভ্রাতৃসম প্রিয় ব্যক্তিৰ বহু কথা-চিন্তা এই লেখকৰ সৈতে মিলে । কেতিয়াবা দুয়োজনৰে কথাবোৰ লৈ মই ভাবি ভাবি ঘণ্টাজুৰি বহি থাকো । আৰু ভাবিবলৈ বাধ্য কৰোৱাব পৰা কথাবোৰ মোৰ বাবে ‘ভাল কথা’ !

কিতাপ পঢ়িবলৈ লোৱা খুব বেছি দিন হোৱা নাই । নিজে যেতিয়াৰপৰা দুটকা আর্জিব পৰা হৈছো তেতিয়াৰেপৰা আন নহ’লেও কিতাপৰ নামত দুটকামান সাঁচি ৰাখো, গ্রন্থমেলা হোৱালৈ বাট চাওঁ । কিন্তু মোৰ দৰে পঢ়ুৱৈ কেতিয়াবা বিমোৰত পৰে- আচলতে আমি কোনবোৰ কিতাপ পঢ়িব লাগে ? সেয়া আমাক কোনে দেখুৱাই দিব ? সেই সমস্যাৰপৰা ‘আকঁ-বাক’ প্রকাশনে যোগ্য ব্যক্তিৰ পৰিচালনাত আমাৰ দৰে পঢ়ুৱৈক যথেষ্ট উপকৃত কৰিছে ।

এই কিতাপখন আচলতে কি লেখক, কি পঢ়ুৱৈ- সকলোৱে পঢ়া উচিত । পঢ়ি উঠি আত্মসমালোচনা কৰা উচিত । কিতাপখন পঢ়ি মই যি বুজিলো- সেয়া হ’ল লেখকে নিজেই সৃষ্টি কৰি লোৱা যুদ্ধখনৰ পার্থও ভুল নহয়, কৃষ্ণও ভুল নহয় । কিয় নহয়, সেয়া জানিবলৈ কিতাপখন পঢ়ক । পঢ়ি আপুনি কেতিয়াও হতাশ নহয়, আমনি নাপায় । বৰঞ্চ বহু ভাল কিবা বিচাৰি পোৱাৰ আনন্দত মন ভৰি থাকিব । লোভ জাগিব আৰু পঢ়িবলৈ ! আৰু হয়তো এনেকৈয়ে আমি এদিন দায়বদ্ধ পঢ়ুৱৈ হিচাপে নিজৰ দায়িত্ব কিঞ্চিৎ হ’লেও পালন কৰিব পাৰিম ।

No comments:

Post a Comment