November 29, 2021

আন এখন মহাজগতৰ আংশিক বৃত্তান্ত

 


আন এখন মহাজগতৰ আংশিক বৃত্তান্ত
লেখক: সৌমিত্র যোগী
প্রথম প্রকাশ: নৱেম্বৰ, ২০১৬, আঁক-বাক


লেখক সৌমিত্র যোগীৰ ২৫ টা ব্যংগ লেখাৰ এখনি সংকলন “আন এখন মহাজগতৰ আংশিক বৃত্তান্ত” । গ্রন্থখনিত সন্নিৱিষ্ট লেখাসমূহ সাদিনৰ ‘ধেমালি নহয়’ আৰু নিয়মীয়া বার্তাৰ ‘পাদটীকা’ত পূর্বে ২০১৩ ৰপৰা ২০১৬ চনলৈকে প্রকাশিত ।

পূর্বতে লেখকৰ অন্য গ্রন্থৰ কথা লিখোতে উল্লেখ কৰিছিলো যে তেখেতে মুখবন্ধত যিকেইটা কথা লিখে সেয়া পঢ়িয়েই মন ভৰি যায়, লগতে কিতাপৰ ভিতৰছোৱাত কি আছে সেয়া পঢ়িবলৈ লোভ ওপজে !

এই সংকলনখনৰ ‘আৰম্ভণিতে’ লেখকে সপোনৰ কথা উল্লেখ কৰি কৈছে যে কার্ল গুস্তাভ য়ুঙৰ দৰে মনোবিজ্ঞানীয়ে আগবঢ়োৱা সপোনৰ ব্যাখ্যাবোৰ তেওঁ পঢ়া নাই, কাৰণ- “কিছুমান কথা জনাৰ পাছত ৰহস্যটো নাইকিয়া হৈ যায়, আৰু ৰহস্য নাথাকিলে মাদকতা হেৰাই যায়।” লেখকে নিজে দেখা সপোন এটাৰ কথা কোৱাৰ আগতে তেওঁ জনা অন্য এটা সপোনৰ কথা কৈছে- মানুহ এজনে সপোনত দেখিলে যে ধানৰ কঠীয়া থোৱা টোম এটাত একটোম হীৰা আছে । তেওঁ বহু সময় টোমটো দাঙিবলৈ চেষ্টা কৰিলে যদিও তাক লৰচৰ কৰিবকে নোৱাৰি শেষত সিদ্ধান্ত ল’লে যে গোটেই টোমটো নহ’লেও তাৰপৰা যিখিনি সম্ভৱ তাকে উলি্যাই নিব । উলিয়াবলৈ দুৱাৰ বিচাৰি থাকোঁতেই তেওঁ আমাৰ হাতৰ তর্জনী আঙুলিটোৰ দৰে চাবী এটা পালে । চাবীটোৰে তেওঁ টোমৰ তলাটো খুলিবলৈ বহু চেষ্টা কৰিও খুলিব নোৱাৰি সেয়া চোৰক ঠগিবলৈ কৰা মিছা-তলা বুজি পালে আৰু আন তলা বিচাৰি গোটেই টোমটো পিটিকি পিটিকি চাওঁতে এপাকত ঢিলা ঠাই এডোখৰ পাই তাতে তলাটো আছে বুলি জোৰকৈ টিপি দিলে । টোমটো খোল খাবলৈ লওঁতেই তেওঁ পেটত কষ্ট পাই সাৰ পাই গ’ল আৰু বুজি পালে যে তেওঁ খেপিয়াই থকা অলৰ-অচৰ হীৰাৰ টোমটো তেওঁৰ প্রকাণ্ড পেটটো, মিছা-তলাটো তেওঁৰ নিজৰে নাভিটো আৰু চাবীটো তেওঁৰ নিজৰে তর্জনী আঙুলিটো ।

তাৰপিছতে লেখকে নিজে দেখা সপোন এটাৰ কথা কৈছে- এদিন সপোনত তেওঁক ঋষি বিশ্বামিত্রই সাপৰ মণি এটা দি ক’লে যে তেওঁৰ বাহিৰ ফুৰিবলৈ লাগিছে গতিকে লেখকে যেন মণিটো নিজৰ লগত ৰাখে আৰু মন কৰে যেন সেইটো হাতত থকা অৱস্থাত যিকোনো বস্তু স্পর্শ নকৰে বা বেয়া ঠাইলৈ নাযায় কাৰণ মণিটোত চুৱা লাগিলে তাৰ সকলো গুণ নষ্ট হৈ যাব । সেইবুলি কৈ যোৱা ঋষিজন মাহৰ পিছতো উভতি নাহিলত লেখক চিন্তাত পৰিল কাৰণ মণিটো য’তে ত’তে থ’ব নোৱাৰি আৰু ঋষিবৰৰ যি খং, খঙতে কিবা অভিশাপ দি দিলে কি হ’ব ! তেনেতে এদিন ঋষিবৰে লেখকক ফোন কৰি ক’লে যে তেওঁ উভতি নোযোৱালৈকে যেন মণিটো লেখকে নিজৰ লগতে ৰাখে । তেওঁ বুজিছে যে সেইটো লগত ৰাখি লেখক ব’ৰ হৈছে, গতিকে ব’ৰদমটো নোহোৱা কৰিবলৈ মণিটো এবাৰ মূৰত লৈ চাবলৈ ক’লে আৰু লগতে সাৱধান কৰি দিলে যে বেছি সময় যেন মণিটো মূৰত নাৰাখে । লেখকেও ৰৈ থাকিব নোৱাৰি তাকে কৰিলত মহাদেৱৰ দৰে তৃতীয় চকু এটা তেওঁৰ কপালতো গজিল আৰু তেওঁ কোনেও নেদেখা কিছুমান অদ্ভুত নতুন নতুন কাণ্ড-কাৰখানা দেখিবলৈ পালে । অলপ সময় মণিটো মূৰত ৰাখি তেওঁ আঁতৰাই থয়, আকৌ দিয়ে; পুনৰ মূৰত দিয়ে, পুনৰ আঁতৰাই থয় । তেনে কৰি থাকোঁতেই এটা সময়ত তেওঁ সাৰ পায় । সাৰ পায় তেওঁ অনুভৱ কৰিলে যে কথাবোৰ আনৰ কাৰণে অলপ নতুন, অলপ কাল্পনিক, অলপ সপোন যেন লাগিব হয়; কিন্তু তেওঁ সঁচা কথাবোৰকে দেখিছে, ই তেওঁ নিজে দেখা এখন বেলেগ পৃথিৱী ।

গতিকে ‘আৰম্ভণিতে’ পঢ়িয়েই অনুমান কৰিব পাৰি লেখকে মহাদেৱৰ তৃতীয় চকুৰে সপোনত দেখা পৃথিৱীখনৰ কথা কেনেকুৱা হ’ব পাৰে । সেই পৃথিৱীখনৰ কথাবোৰ পঢ়িলে পাঠকে বুজিব যে সেয়া একেবাৰেই সঁচা । লেখকৰ ব্যংগ লেখা আগতে পঢ়া নাছিলো, পিছে এইয়া পঢ়ি অনুভৱ হৈছে এতিয়া পালেই যেন গো-গ্রাসে গিলি পেলাম ! লেখকৰ লেখাবোৰ পঢ়ি অনুভৱ হয় কোনোটো কথা নিজে অনুভৱ কৰিছো অথচ প্রকাশ কৰিবলৈ অপাৰগ, কোনোটোৱে নিজৰ ভুল উপলব্ধি কৰোৱাই, কোনোটোৱে ভাবিবলৈ বাধ্য কৰোৱাই যে কথাবোৰ হয় নে নহয় । তেখেতৰ লেখাবোৰ পঢ়িলে অনুভৱ কৰিব পাৰি তেওঁৰ জ্ঞান-অধয়্যনৰ পৰিসৰ, বুজিব পাৰি চৌপাশৰ পৰিৱেশটোকো কিমান নিখুট আৰু সূক্ষ্মভাৱে পঢ়িব পাৰে । সঁচাকৈয়ে মহাদেৱৰ তৃতীয় চকুৰ দৃষ্টিৰে তেওঁ কথাবোৰ দেখিছে । ব্যংগ ধনুৰে যি একোপাত সঁচা, তীক্ষ্ণ কাঁড় তেওঁ এৰিছে, সেয়া যে কেতিয়াও লক্ষ্যভ্রস্ত নহয় সেইটো ঠিক ।

প্রথমটো লেখা ‘আন এখন মহাজগতৰ আংশিক বৃত্তান্ত’ত লেখকে সূর্য নোহোৱা সৌৰজগত এখনৰ কথা কৈছে যিখন তেওঁ আৱিষ্কাৰ কৰিছেহে মাত্র, অধ্যয়ন কৰিবলৈ বাকী আছে । এইখন জগতৰ সূর্য নাই গতিকে সৌৰজগতো নাই আৰু সেয়ে তেওঁ ইয়াক মহাজগত বুলি কৈছে । যিহেতু ‘ধাৰণা বস্তুটো আপেক্ষিক আৰু আৰোপিত’ গতিকে বিশ্বব্রক্ষ্মাণ্ডৰ সমস্তকহে আমি মহাজগত বুলি ক’ব পাৰিম, বেলেগ কিবা এটাক নোৱাৰিম তেনেকুৱা কথা নাই । মহা মানে বিশাল বুলি নধৰি এনেকৈয়ো ক’ব পাৰি যে মহানসকলৰ জগতখনেই মহাজগত । মাত্র মাহীৰ গিৰীয়েক মহাৰ জগতখন বুলি নাভাবিলেই হ’ল । লেখকে আৱিষ্কাৰ কৰা মহাজগতত সূর্য নথকাৰ দৰে, নক্ষত্র নামৰ কোনো জিনিচো নাই, আছে মাত্র বিভিন্ন প্রকাৰৰ তৰা আৰু তাৰে কিছুমান তৰা ওচৰৰপৰা সৰু দেখি, আঁতৰৰপৰা ডাঙৰ যেন দেখি । এই তৰাবোৰ ৰাজনীতি, সংস্কৃতি, সাহিত্য, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্রৰ । এই মহাজগতত ইমানেই বেছি তৰাৰ পয়োভৰ যে ইয়াক মহাজগত নকৈ তাৰকাৰাজ্য বুলি ক’ব পাৰি আৰু ইয়াত সুর্য নাথাকিলেও জোন কিন্তু বহুজনী আছে । সেইদৰে পপীয়া তৰা, নেজাল তৰা, সপ্তর্ষিমণ্ডলো আছে; চন্দ্রগ্রহণ-সূর্যগ্রহণ হোৱাৰ দৰেই এই মহাজগততো গ্রহণ-বর্জনৰ ঘটনা-পৰিঘটনা ঘটে ।

লেখাটো প্রধানকৈ সাহিত্যৰ ক্ষেত্রখনত বাঢ়ি যোৱা (ছ’চিয়েল মিডিয়াৰ লেখা-মেলা কৰা ‘লেখক’ৰ সংখ্যাটোকে তেওঁ বুজাইছে) লেখকৰ সংখ্যাটোক লৈয়েই কথাখিনি লিখিছে । তেওঁ কৈছে যে নিলিখালৈকে এজন মানুহ পাঠক বা পঢ়ুৱৈ হৈ থাকে আৰু লিখিবলৈ আৰম্ভ কৰাৰ লগে লগেই লেখক হৈ পৰে আৰু লেটাৰ অৱস্থা পোৱা মাত্রকে যিদৰে পখিলাজনী নোহোৱা হৈ যায় লেখক হোৱা মাত্রকে পাঠকজনো নোহোৱা হৈ যায় । এই বিষয়টোত তেওঁ বহুকেইটা লেখা আগে-পিছেও লিখিছে । লেখকৰ সংখ্যা যিদৰে বাঢ়িছে সেই হিচাপে পাঠকৰ সংখ্যা নবঢ়াটো বা উচ্চমানৰ সাহিত্যৰ সৃষ্টি নোহোৱাটোৱে যে নিজৰ ভাষাটোৰ অনিষ্ট কৰিব আৰু লিখিবলৈ লোৱাৰ আগতে, লিখাৰ সমান্তৰালকৈ  যে অধ্যয়নৰো প্রয়োজন সেই কথাকে উপলব্ধি কৰোৱাব বিচাৰিছে ।

গ্রন্থখনিত সন্নিৱিষ্ট আন আন লেখাসমূহ হ’ল- ৰামৰাজ্য আৰু কুৰুক্ষেত্র, ভাষ্য পৰিৱর্তন, হীৰাখচিত ৰাজমুকুট, স্মৰাদেশ, ভালৰ কাৰণে, ক কা কা কি, নিজৰ বিষয়ে, অর্ধং ত্যজতি পণ্ডিতঃ, সাধু সভ্যতা, কাউৰী পৰাৰ পাছত, সকলো জীৱই সমালোচক, খর্গ শৃংখলা, পুৰুষসকলক মানুহে ইমান বেয়া পায় কিয়?, আধাডোখৰ আকাশ পুৰুষসকলৰ বাবে, দলঙৰ সিপাৰৰ হাঁহ পোৱালি, সর্বজান্তা সৰৱজান আৰু ক’লা মেকুৰী, জাত জাতি জাতি লাও, আমি সকলোৱে গান্ধীবাদী, দুকলহ পানীৰে গা নোধোৱে কোঁৱৰে, খেল-ধেমালি, আস- এই পীতবর্ণ সুগোল ধৰা, সাহিত্য বস্তুটোৱেই অলপ বেলেগ, সৃষ্টিৰ যন্ত্রণা আৰু ইনবক্সৰ প্রেতাত্মা, আৰু পূজা বুলি ।

‘সাধু সভ্যতা’ৰ আৰম্ভণিতে তেওঁ লিখিছে- “মোৰ মূৰৰ ভিতৰত এজোপা গছ আছে । কল্পনাত গজি উঠা । সেইজোপা গছৰে ওপৰত বাস কৰে প্রাচীন দৈত্য বেতালে আৰু তলত এজন সাধুৱে । গছজোপাৰ চৌপাশে আৰু কিছু মানুহৰ বসতি, তাৰে ভিতৰত মই, প্রখ্যাত ৰজা বিক্রমাদিত্য আৰু এজন মূর্খয়ে প্রধান বাসিন্দা ।” এই বিক্রম-বেতালক লগত লৈ লেখকে মাজে মাজে সাধুকথা কয় । এই লেখাত লেখকে কোৱাৰ দৰে সভ্যতা কি সকলোৱে বুজি পায়, কিন্তু ‘সাধু’ বহু অর্থবিশিষ্ট আৰু সেয়া তেওঁ স্পষ্টকৈ জনায়ো দিছে । লেখাটোৰ শেষত বিক্রমাদিত্যক লেখকে সুধিছে যে চৰকাৰে বছৰি গছপুলি ৰুৱে, ২০১২ চনত কেৱল যোৰহাট জিলাতে বিভিন্ন শিক্ষানুষ্ঠানত প্রায় তিনি লাখ গছপুলি ৰোৱা হৈছিল । ইয়াৰ পাছতো গছ নাই কিয় ? উত্তৰত বিক্রমাদিত্যই কৈছে যে- “পুলিবোৰ ৰোৱাৰ পাছত উদঙীয়া ছাগলীয়ে তাৰ নকৈ অহা পাতবোৰ খাই পেলায় । তাৰ পাছত পুলিবোৰ আৰু কোনোদিন গছ হ’ব নোৱাৰে ।”

‘সকলো জীৱই এজন সমালোচক’ পঢ়ি ময়ো কিছু সময় কনফিউজাই থাকিলো যে গোলাপ ফুলৰ গুটি থাকে নে নাথাকে ? কিন্তু সৰুতে (মানে স্কুলত পঢ়ি থাকোতে) নিজে কৰা ফুলনিখনত গোলাপ ফুলৰ পাহিবোৰ সৰি যোৱাৰ পিছত সেয়া গুটি হোৱা দেখা মনত পৰে, ডাল কলম কৰিও নতুন গোলাপ গছ ৰোৱা মনত পৰে । অলপ ভাবি নিজকে সৈমান নিয়ালো যে গোলাপ ফুলৰ গুটি থাকে, যদিওবা মই গুটিৰপৰা গছ হোৱা দেখা নাই বা নিজে গুটি ৰুই গছ গজাবলৈ চেষ্টা কৰি চোৱা নাই । আপুনি পিছে জানে নে নাজানে, গোলাপ ফুলৰ গুটি থাকে নে নাথাকে ?

মোৰ ব্যক্তিগত অনুভৱ যে লেখকে খুব মার্জিত ভাষাৰে কটাক্ষ কৰিব জানে, লাগিলে সেয়া কোনোবা ৰাজনৈতিক নেতা, শিক্ষাবিদ, বুদ্ধিজীৱী, লেখক-সমালোচক বা আমাৰ দৰে সাধাৰণ পাঠকেই হওক । ‘অর্ধং ত্যজতি পণ্ডিত’ লেখাত তেওঁ বুদ্ধিজীৱীসকলকে, বিশেষকৈ ইন্টাৰনেটে সৃষ্টি কৰা সকলৰ কথা উল্লেখ কৰি কৈছে যে কিছুমান ছোৱালীয়ে আধা কাপোৰ এৰাটো তেওঁ বুজে কিন্তু পণ্ডিত লোকে বাক্য আৰু প্রসংগ এৰাৰ কাৰণ তেওঁ নাজানে । শেষত তেওঁ সংস্কৃত শ্লোকটোৰ অর্থ- “পণ্ডিতে আধা এৰেই” অর্থটোক এনেকৈয়ো বুজাবি পাৰি বুলি কৈছে যে- “আধা-আধি জানিয়েই পণ্ডিত হ’ব পাৰি । আগতে পণ্ডিত বুলি কৈছিল, তেনে লোককে আজিকালি বুদ্ধিজীৱী বুলি কয় হেনো ।” একে লেখাতে তেওঁ উল্লেখ কৰিছে যে ফে’চবুকত কোনো এগৰাকী স্তম্ভ লেখকক অনুৰাগীসকলে অনুৰোধ কৰিলে জীৱনৰ অর্থ সন্দর্ভত লিখিবলৈ । লেখকে সেই লেখা লিখিলে আৰু জ্যাঁ-পল ছার্ত্রৰ এটা উদ্ধৃতি দি ক’লে যে- ভাগ্য ভাল, দশম-দ্বাদশ শ্রেণীৰ ল’ৰা-ছোৱালীয়ে পঢ়িব লগাকৈ পাঠ্যপুথিত ছার্ত্রৰ একো পাঠ নাই ।” এই লেখাৰ লেখকে কৈছে যে স্তম্ভ লেখকজনে উদ্ধৃত কৰা বাক্যটোৰ অর্থ হ’ল- “মানুহ এক ব্যৱহাৰ-অযোগ্য অনুৰাগ । আমি জীয়াই থকাৰ কোনো অর্থ নাই আৰু মৰাৰো ।” আচলতে ছার্ত্রৰ দৰে দার্শনিকে মানুহৰ গোটেই সত্ত্বাটোক স্বাধীন বুলি কৈছিল আৰু তাকে ক’বলৈ যাওঁতে তেওঁ আগে-পিছে কোনবোৰ প্রসংগ কেনেদৰে ব্যাখ্যা কৰিছে সেয়া নজনাকৈ তাক দ্বাদশ শ্রেণীৰ ল’ৰা-ছোৱালীৰ বাবে দুর্বোধ্য বুলি ৰায়দান কৰি আতংক সৃষ্টি কৰি দিয়াটো অনুচিত । তেনেদৰে কোনো উদ্ধৃতিৰ কেৱল এটা বাক্য পাঠ্যপুথিত দি বাকী প্রসংগ সংগতিবোৰ এৰি দিলে দেখোন মহাত্মা গান্ধী বা ঋষি অৰবিন্দৰ বাক্যয়ো ভয় খুৱাই মাৰিব বুলি লেখকে কৈছে ।

লেখকৰ আটাইবোৰ কথাই মোৰ ভাল লগা আৰু ইয়াত মই পঢ়া কিতাপৰ ভাল লগা কথাবোৰহে লিখি থ’ব বিচাৰিছো বুলি উল্লেখ কৰি থৈছো । গোটেই লেখাবোৰ ইয়াতে লিখি থ’বলৈও যিহেতু নোৱাৰি সেয়ে কোনো এটা মাত্র বাক্য পঢ়ি যাতে কোনোবা পাঠক ভীতিগ্রস্ত নহয় তাৰবাবে এই লেখাটো পঢ়ি ময়ো আনবোৰ লেখাৰ উদ্ধৃতি তুলি দিয়াৰপৰা নিজকে বিৰত ৰাখিছো । আগ্রহী পাঠকে নিশ্চয় সম্পূর্ণ কিতাপখন পঢ়িব ।  

এটা কথা সঁচা যে প্রতিটো লেখাতেই পাঠকে হাস্যৰস পোৱাৰ লগতে একো একোটা সত্য কথাও দেখা পাব । সেয়া হয়তো কাৰোবাৰ বাবে তিতা হ’ব পাৰে আৰু আন কাৰোবাৰ বাবে মিঠা । মিঠা পালে আনন্দ লাগিব আৰু তিতা পালে খং উঠিব । গ্রন্থখন পঢ়িলে পাঠকে গম পাব আত্মসন্মান নাথাকিলে কিয় ভাল, গম পাব লেখকে ফাঁচি বজাৰত কিয় প্লাজো বা কেটছ্যুট বিচাৰি ফুৰিছিল, কিয় আমেৰিকা-গ্রেট ব্রিটেইন-চীন আদি দেশে খেল খেলে আৰু ভাৰতৰ দৰে দেশে খেল-ধেমালিত অংশ লয়, কিয় পূজা বুলি লেখকে নিজৰ নোমাল ভৰি দুখন আনে বেয়া দেখিলেও মুকলিকৈ ৰখাৰ কথা ভাবিছে, কিয় নিজকে তেওঁ তিনি তৰপীয়া গান্ধীবাদী বুলি কৈছে, প্রেতাত্মা কিয় লেখক এজনৰ বাবে উপকাৰী উপাদান অথবা লেখকে হাঁহ কণীৰ কুহুমটোক কিয় ‘পীতবর্ণ সুগোল ধৰা’ বুলি কৈছে, কি প্রসংগত লেখকে কৈছে যে মানুহ এজন পায়খানাত বহি থকা সময়ত যদি ৮.২ প্রাবল্যৰ ভূমিকম্প আহি পৃথিৱীখন ৪ মিনিটমান কঁপাই থাকে তেন্তে বহি থকাজন ওলাই অহাটো বেছি জৰুৰী অথচ কৰি থকা কামটোও জৰুৰী আৰু গুৰুত্বপূর্ণ । এই আটাইবোৰ উৰহীৰ উৰ বিচাৰিবলৈ হ’লে গ্রন্থখন পঢ়িব লাগিব আৰু সেয়া পঢ়ি পাঠকে হাস্যৰস পাণ কৰিবলৈ পোৱাৰ লগতে লেখকে মহাদেৱৰ তৃতীয় চকুৰ দৃষ্টিৰে দেখা বেলেগ পৃথিৱীখনো যে দেখা পাব সেয়া ধুৰূপ ।

 

 

 

 

No comments:

Post a Comment